ভাষা বিলুপ্তিৰ কিছু ভয়াবহ তথ্য : উত্তৰ-পূৱ ভাৰতলৈ অশনি সংকেত – পংকজ বৰা

Institute for Endangered Languages নামৰ সংস্থাটোৱে শেহতীয়াভাৱে প্ৰকাশ কৰা গৱেষণাভিত্তিক প্ৰতিবেদনে এক ভয়াবহ বাৰ্তা বহন কৰিছে। ভাষাবিলুপ্তিৰ ফালৰ পৰা অতিশয় স্পৰ্শকাতৰ অঞ্চলসমূহৰ ভিতৰত পৃথিৱীৰ উত্তৰ-পূৱ ভাৰতকো এটা বিপদজনক অঞ্চল হিচাপে চিহ্নিত কৰিছে। ইউনেস্ক’ৰ দ্বাৰা প্ৰকাশিত Atlas of World’s Languages in Danger ত ভাৰতবৰ্ষৰ ১৯৬ টা ভাষাৰ নাম উল্লেখ কৰিছে। ইয়াৰে ৫ টা সম্পূৰ্ণ বিলুপ্ত হোৱা ভাষা আৰু ৪২ টা অতিশয় বিলুপ্তপ্ৰায়। সম্পূৰ্ণ বিলুপ্ত হোৱা ভাষাকেইটা হৈছে আহোম, এন্দ্ৰ’, চেংমেই, ৰাংকাছ্, আৰু ট’লছা। ইয়াৰে প্ৰথম তিনিটাই উত্তৰ-পূৱ ভাৰতৰ ভাষা। অতিশয় বিলুপ্তপ্ৰায় ভাষাকেইটাৰে উত্তৰ-পূৱ ভাৰতৰ ভাষাকেইটা হ’ল টাই ন’ৰা, টাই ৰং, ৰুগা, লাংগৰং, লামগং, ক’ইৰেং, টাৰাও,পুৰুম, আইমল, ট’ট’,না, ম্ৰা আৰু টাংগাম। ভাৰতবৰ্ষৰ ছটা অতিশয় বিপদাপন্ন ভাষাৰ ৪ টাই উত্তৰ-পূৱ ভাৰতৰ – মেচ, অ’টং, আইটং আৰু টাই ফাকে। ৬৩ টা নিতান্তই বিপদাপন্ন ভাষাৰ ৩১ টাই উত্তৰ-পূৱ ভাৰতৰ। এনে বৈজ্ঞানিক তথ্যই উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহ যে ভয়াবহ সংকতৰ পৰাহত পৰিছে তাক প্ৰতীয়মান কৰিছে।

chitra1

চিত্ৰ ১: Atlas of World’s Languages in Danger ত উল্লেখিত উত্তৰ-পূৱ ভাৰতৰ অতিশয় বিপদাপন্ন ভাষাসমূহ আৰু সেইবোৰৰ ভৌগোলিক বিস্তৃতি।

“National Geographic Society” শেহতীয়া ৰ-তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে। এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায় আৰু ৩.৭% ইতিমধ্যে বিলুপ্ত। বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চলসমূহ হ’ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা। আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে। শেহতীয়াভাৱে ভাৰতৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ব’ৱা (জ্যেষ্ঠ) Boa Sr. নামৰ এগৰাকী মহিলাৰৰ মৃত্যুৰ লগে লগে ব’ (Bo) নামৰ এটা ভাষা পৃথিৱীৰ পৰা নাইকিয়া হৈ গ’ল। ২০১০ চনত এইগৰাকী মহিলাৰ মৃত্যুৰ লগে লগে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা নোহোৱা হৈ গ’ল , ব’ (Bo) নাম ভাষাটো । কাৰণ সেই ভাষাটোত কথা ক’ব পৰা একমাত্ৰ ব্যক্তি আছিল এই গৰাকী মহিলা। এইদৰেই বিলুপ্ত হৈ গ’ল এটা হাজাৰ বছৰীয়া পুৰণি ভাষা। ইমানবোৰ নিৰাশাজনক তথ্যৰ বিপৰীতে সুখৰ কথা যে আগেয়ে ইউনেস্ক’ৰ দ্বাৰা প্ৰকাশিত Atlas of World’s Languages in Danger ত বিপদাপন্ন হিচাপে চিহ্নিত কৰি ৰখা আমাৰ ওচৰ চুবুৰীয়া খাছী ভাষাটো শেহতীয়া ভাৱে ৯,০০,০০০ লোকে ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেখেতসকলে বিপদমুক্ত বুলি ঘোষণা কৰিছে।

Chitra2

চিত্ৰ ২: Atlas of World’s Languages in Danger ত উল্লেখিত ভাৰতৰ নিতান্তই বিপদাপন্ন ৬২ টা ভাষাৰ ৩১ টা উত্তৰ-পূৱ ভাৰতৰ।

Michael E. Krauss নামৰ আলাস্কা বিশ্ববিদ্যালয় বিশ্বপ্ৰসিদ্ধ ভাষাবিদজনৰ বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব। এই তথ্য আমেৰিকাৰ চৰকাৰ, ইউনেস্ক’ আদিৰ দৰে সংস্থাইও মানি লৈছে। তেখেতৰ সূত্ৰ অনুসৰি এটা ভাষাক নিৰাপদ বুলি ক’ব পাৰি যদিহে ১০০ বছৰৰ পাচতো এটা ভাষা সেই ভাষিক গোষ্ঠীৰ কোনো শিশুৱে ব্যৱহাৰ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। দুৰ্ভাগ্যজনকভাৱে বৰ্তমানে ব্যৱহৃত ভাষাসমূহৰ ২০% মানহে এই গোটৰ ভিতৰত আছে। তুলনামূলকভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি এই গৱেষণাই অতি ভয়াবহ সংকেত বহন কৰিছে। এটা ভাষাৰ বিলু্প্তি মানে কেৱল ভাষাটোৱে শেষ হৈ নেযায়, তাৰ লগত সামাজিক, সাংস্কৃতিক, ঐতিহাসিক, থলুৱা-জ্ঞান (Ethnological knowledges) আদি বহুতো আনুসংগিক প্ৰসংগ জড়িত থাকে।

ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ গৱেষক সকলে ঠিৰাং কৰিছে। তাৰে ভিতৰত থোৰতে প্ৰধান কেইটামান কাৰণ হ’ল –

১) বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে। বহুক্ষেত্ৰত উমৈহতীয়া কায্যৰ সুচাৰু পৰিচালনাৰ বাবে কোনো উমৈহতীয়া ভাষাক প্ৰাধান্য দিয়া হয়। এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰণৰ সময়ত শক্তিশালী গোটটোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটটোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায়। ভাষাৰ ওপৰতো ইয়াৰ কুৰূপ প্ৰভাৱ পৰে। এইক্ষেত্ৰত উত্তৰ-পূৱৰ সৰু-সৰু জনজাতীয় ভাষাসমূহৰ ওপৰত অসমীয়া, ইংৰাজী, হিন্দী, বাংলা আদি ভাষাৰ কু-প্ৰভাৱ নুই কৰিব নোৱাৰি।

২) আগ্ৰাসী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুত্থাৰ ফলত অলপ নিশকতীয়া ভাষাসমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায়। উদাহৰণস্বৰূপে ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে উৰ্ডু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লওঁতে আজিৰ বাংলাদেশ বা পূৱ-পাকিস্তানৰ নাগৰিকসকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল।

৩) কেইবা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিওঁতে দিওঁতে নিজৰ ভাষাৰ স্বকীয়তা লোপ পায় বিলুপ্তিৰ দিশে গতি কৰে। উদাহৰণস্বৰূপে ইজিপ্তিয়ানসকলৰ স্বকীয় ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে। আন কেতবোৰ উদাহৰণ হৈছে Old Church Slavonic, Avestan, Coptic, Biblical Hebrew, Ge’ez আদি। এই ক্ষেত্ৰত ধৰ্মীয় আগ্ৰাসনো বিশেষভাৱে মন কৰিবলগীয়া।

৪) ভাষাৰ বিৱৰ্তন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱৰ্তন হৈ পুৰণা ৰূপটো বিলুপ্ত হয়। উদাহৰণ ইংৰাজী ভাষাৰ পুৰণা ৰূপ। অসমীয়া ভাষাৰ ক্ষেত্ৰতো আমি নিশ্চয় লক্ষ্য কৰোঁ যে শংকৰদেৱ-মাধৱদেবৰ দিনৰ ব্যৱহৃত ভাষা আজিৰ দিনত নিশ্চয় ব্যৱহাৰ নহয়।

৫) প্ৰযুক্তিগত উন্নতিৰ লগে লগে বহুক্ষেত্ৰতেই ৰাজনৈতিকভাৱে উদেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিস্থানসমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইণ্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনষ্ট কৰি কঁৰাল গ্ৰাসলৈ থেলি দিয়াত অৰিহনা যোগাইছে.

অসমীয়া ভাষালৈও অশনি সংকেত আহিব নেকি?

ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে। লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯। ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২ ৯৫৮, ৪ ৮৫৭, ১ ০৩৫, আৰু ৩ ৫৬৪। আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন। কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন। অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে। (গকুল গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)। উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে। ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনিয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে। স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি। আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে ১ ম ভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে।

“হিংলিছমীয়া” আৰু অসমীয়া ভাষাৰ খিচিৰি কথনশৈলী:

পৰিৱৰ্তন আৰু গতিশীলতাক কোনেও নুই কৰিব নোৱাৰে। কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয়। ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে সেই কথা আমাৰ উচ্চশিক্ষিতসকলেই পাহৰিবলৈ আৰম্ভ কৰিছে। এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উৰিয়া ভাষাৰ অপভ্ৰংশ বুলি ভাবি থকা বা প্ৰচাৰ চলাই থকাসকলে আৰু বেছি সুবিধা পায়। আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম। অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা কোঁহে কোঁহে উপলব্ধি কৰে যেতিয়া তেওঁলোকৰ কথন ভংগী দেখি সোধে “Are you from Bengal / Orissa? “। এনে উদাহৰণ নিশ্চয় বহু কমহে হ’ব যেতিয়া কোনো অসমীয়া ব্যক্তিৰ অসমীয়া কোৱা শুনি বাহিৰৰ কোনোবাই সুধিব “Are you from Assam ? ” অসমৰ বুলি গম পালেও কয় “OK, you are Assami” ( আচামী)। কাৰণ দুৰ্ভাগ্যজনকভাৱে অসম আৰু অসমীয়া ভাষাৰ সম্পৰ্কে কোনো জ্ঞানেই গৰিষ্ঠসংখ্যকৰ নাই। কিন্তু ইয়াৰ বাবে দায়ী বাহিৰৰ লোকসকল নিশ্চয় নহয়। তাৰ বাবে দায়ী মাতৃভাষা ক’বলৈ লাজপোৱা আধুনিক অসমীয়াসকল। জনা-বুজা লোকসকলে, অসমীয়া লোকসকলে জানি-শুনি মাতৃভাষা ব্যহাৰ নকৰি ভাষাটোক বাৰেভচহু “হিংলিছমীয়া” (হিন্দী + ইংলিছ+ অছমীয়া) ৰূপ হ’বলৈ কেনেকৈ এৰি দিব পাৰে? আমাৰ নিজৰ শিক্ষিত মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰণ জনতাই কি কৰিব? ত্ৰাহি মধুসুদন! এইক্ষেত্ৰত অতি সাংঘাটিক ভূমিকা হৈছে ইলেক্ট্ৰ’নিক গণমাধ্যমসমূহৰ; কাৰণ নতুন প্ৰজন্মৰ ওপৰত এইবোৰৰ প্ৰভাব বহু বেছি। অসমত হঠাতে উঠি অহা টিভি চেনেলসমূহ আৰু এফ এম ৰেডিঅ’সমূহত অসমীয়া ভাষাটোৰ বাৰেভচহু “হিংলিছমীয়া” ৰূপটোৰ বহুল প্ৰচাৰ হৈ থকাটো অতি দুখজনক ভাৱে প্ৰত্যক্ষ কৰি থকা হৈছে। তথাপিও সংশ্লিষ্ট মাধ্যমসমূহৰ লগত জড়িত গণ্য-মান্য ব্যক্তিসকলৰ উদাসীনতা অতিশয় হতাশাজনক।

ইউনিক’ডৰ দ্বাৰা প্ৰবঞ্চিত অসমীয়া ভাষা আৰু উদাসীন সমাজ:

তথ্য-প্ৰযুক্তিৰ অনবদ্য অৱদানেৰে মুখৰিত প্ৰতিযোগিতামুখৰ আজিৰ পৃথিৱীখনত ভাষা এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোৰ বহুল প্ৰচলন হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে। ইণ্টাৰনেট জগতত পৰ্য্যাপ্ত আধিপত্য নাথাকিলে ভাষা এটাক জীয়াই ৰখাত বা এক বিশ্বজনীন চিনাকি দিয়াটো অচিৰেই কঠিন হৈ পৰিব। এই ক্ষেত্ৰত সঠিক অৰ্থত এক গ্ৰহণযোগ্য ব্যৱস্থা হৈছে ইউনিক’ডত লেখা-মেলা কৰা। বিশ্বায়নৰ যুগত সহজলভ্য ইণ্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ পাছতো আমাৰ অসমীয়া ভাষাটোৰ আশাপ্রদভাৱে প্রসাৰ ঘটা নাই। নিকট ভবিষ্যতে ইয়েই আমাৰ স্থানীয় ভাষাৰ প্ৰচাৰৰ তথা ব্যৱহাৰ বাবে এইটোৱেই একমাত্ৰ পথ ৰূপে পৰিগণিত হ’ব। যিসময়ত আন ভাৰতীয় ভাষাই ইউনিক’ডৰ বিশ্বত দপদপাই আছে, সেই মুহূৰ্ততো অসমীয়া লিপিৰ বাবে সুকীয়া স্থান ইউনিক’ডত আজিকোপতি হোৱা নাই। ইউনিক’ড নামৰ সংস্থাটোৰ ভুল তথ্যৰ ইমান গুৰুত্বপূৰ্ণ বিষয়তো নীৰৱ/নিৰাসক্ত অসমৰ বুদ্ধিজীৱি সমাজ, জাতীয় সংগঠন, চৰকাৰ! যথা সময়ত সঠিক পদক্ষেপ নোলোৱাৰ বাবে বহুক্ষেত্ৰতেই অসমীয়া জাতিয়ে হা-হুমুনিয়াহ কাঢ়ি আহিছে। সময় থাকোঁতেই ভাষাটোক ৰক্ষা কৰিবলৈ অসমীয়া জাতি সজাগ হ’বৰ হ’ল।

অসমীয়া ভাষাৰ লগতে উত্তৰ-পূৱৰ আন সৰু-সৰু ভাষাসমূহৰ সংৰক্ষণ তথা সংবৰ্দ্ধনৰ বাবেও চিন্তা-চৰ্চা আৰু বিজ্ঞানসন্মত পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছে।

নিৰ্বাচিত তথ্যসূত্ৰ:
১) Linguistic Expert Warns of Language Extinction. Science Daily 4 Mar 2007: n. pag. Web. 23 Oct 2009.
২) Timmons Roberts, J. & Hite, Amy. From Modernization to Globalization: Perspectives on Development and Social Change, Wiley-Blackwell (2000)
৩) Harrison, K. David. (2007) When Languages Die: The Extinction of the World’s Languages and the Erosion of Human Knowledge. New York and London: Oxford University Press.
৪) http://travel.nationalgeographic.com/travel/enduring-voices/
৫) Living Tongues Institute For Endangered Languages: www.livingtongues.org/
৬) গকুল গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮

[তথ্য বুটলি সহজ ভাষাৰে বিষয়টোৰ ভয়াবহতাৰ থূলমূল আভাস দিয়াৰ চেষ্টা কৰিলোঁ। লোকপিয়লৰ উপৰোক্ত তথ্যসমূহৰ বাবে ড° অঞ্জল বৰা আৰু ব’ ভাষাৰ তথ্য যোগাৰ কৰি দিয়া বাবে এনাজৰী ডট্ কমৰ প্ৰতিস্থাপক সম্পাদক হিমজ্যোতি তালুকদাৰলৈ ধন্যবাদ।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments