লেটচ ফুটবল -(দেৱ প্ৰতীম)

পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ বুলিলে সকলোৰে মনলৈ মাথো এবিধ খেলেই মনলৈ আহে, হয় ফুটবল। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে ফুটবল খেলা হয়। গাঁৱে-ভুঁঞে ফুটবল খেলা হয়, ফুটবল বুলিকে প্ৰায় সকলো পাগল।
ভাৰতৰ দৰে ক্ৰীকেট বলিয়া দেশত ফুটবলৰ স্থান ক’ত বুলি প্ৰশ্ন তুলিলে মোৰ মাথো এটা কথাই মনলৈ আহে। ফুটবলক খেলপথাৰতকৈ আমি হৃদয়ত বেছিকৈ খেলো। কাৰণ ফিফা ৰেংকিঙত ভাৰতৰ স্থান ইমান ওপৰত নাই। কিন্তু ফুটবল বিশ্বকাপৰ সময়ত দেশত আনন্দৰ উৎসৱ বলে। সকলোৱে এটা প্ৰিয় দল বাচি লয় এই সময়ত। তাৰোপৰি কোনোবা দেশৰ বহুতো ‘দায়-হাৰ্ড-ফেন’ থাকেই। তাৰোপৰি বছৰি হোৱ বিভিন্ন দেশৰ লীগ মেচসমূহ আমি বহুতেই চাওঁ, যেনে: ইপিএল, লা-লীগা, বুণ্ডেছলীগা, ছিৰি-এ আদি বিভিন্ন লীগ আমাৰ নখ দৰ্পনত।
বহু দিনৰে শুনি আছিলো ভাৰততো এনে এটা লীগৰ আৰম্ভণি ঘটিব বুলি। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কেইমাহমান আগত ভাৰত ফুটবল লীগ ইণ্ডিয়ান চুপাৰ লীগ(আই.এছ.এল.)ৰ কথা ৰাজৱাকৈ ঘোষণা কৰা হ’ল। মুঠ দল আঠটা। দিল্লী, মুম্বাই, পুণে, কোচী, চেন্নাই, বেংগালুৰু, কলকাতা আৰু গুৱাহাটীয়ে ফ্ৰেন্সাইছ পোৱা মুঠ আঠটা দল। গুৱাহাটীৰ নামটো শুনি আই.এছ.এল.ক আপোন আপোন লাগিবলৈ ধৰিলে। কাৰণ আ.পি.এল.ত গুৱাহাটীৰ কোনো দল নাছিল। মানে এইবাৰ এটা দলক মনে প্ৰাণে সমৰ্থন কৰিব পাৰিম।
ফুটবলৰ বহুতো ৰথী মহাৰথীৰ আগমণ ঘটিছে এই লীগত। আলছেন্দ্ৰো দেল পীয়েৰো, কেপ ডি ভিলা আদিৰ দৰে খেলুৱৈৰ সমাগম ঘটিছে এই লীগত। দেশী-বিদেশী খেলুৱৈৰ সমাগমেৰে এই লীগ হ’ব নিশ্চয় আকৰ্ষণীয়। দলবিলাকৰ নামো আকৰ্ষণীয় কৰি তোলা হৈছে।
বলিউডৰ ষ্টাৰ জন আব্ৰাহম আৰু শ্বিলং লাজং ক্লাবে লাভ কৰিছিল গুৱাহাটীৰ আই.এছ.এল. ফ্ৰেন্সাইছ দলটো। দলৰ নাম পৰিল নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব। আঠখন ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলগীয়া এইটো একমাত্ৰ দল। দলৰ মূল বাণী “8 States. 1 United” । দলটোৰ জাৰ্ছীটোও আকৰ্ষণীয়। এডিডাছে নিৰ্মাণ কৰা জাৰ্ছীটোৰ বৰণ বগা, কান্ধত ক’লা ষ্ট্ৰীপ লাইনৰ(এডিডাছৰ তিনিডাল ষ্ট্ৰীপ লাইন) লগতে ৰগা অলপ বৰণ। এইছ.টি.চি.য়ে স্পনছৰ কৰা বাবে সন্মুখত লিখা থাকিব এইছ.টি.চি.। লগতে থাকিব সন্মুখত আঠটা তৰা, যি উত্তৰ পূবৰ আঠখন ৰাজ্যক বুজাইছে। কলাৰৰ ডিজাইনো সুন্দৰ আন দলকেইটাৰ জাৰ্ছীৰ তুলনাত। মুঠতে এটা আকৰ্ষণীয় জাৰ্ছী।
আজিৰপৰা আৰম্ভ হ’ব এই লীগ। প্ৰথম মেচখন হ’ব এটলিটেকো ডি কলকাতা আৰু পুণে এফ.চি.ৰ মাজত। নৰ্থ ইষ্ট ইউনাইটেডে আৰম্ভণী ঘটাব কাইলৈ কেৰালা ব্লাষ্টাৰৰ বিপক্ষে সৰুসজাই ষ্টেডিয়ামত। পশ্চিম বংগ, গোৱা, কেৰালা, উত্তৰ-পূব ভাৰত আদি দেশৰ বহু কাম ঠাইত ফুটবল জনপ্ৰিয়। তেনে অৱ্স্থাত আই এছ এলে ফুটবলক গোটেই দেশতে জনপ্ৰিয় কৰাত অগ্ৰণী ভুমিকা ল’ব পাৰে। চুকে-কোণে থকা প্ৰতিভাৱান খেলুৱৈসকলক সুযোগ দিব পাৰে। দক্ষ প্ৰশিক্ষকৰ প্ৰশিক্ষণত তেওঁলোকে দেখুৱাব পাৰিব চমক।
এতিয়া আমিও ক’ব পাৰিম ইপিএল, লা-লীগা আদিৰ দৰে আমাৰো আছে এটা ফুটবল লীগ। বেলগ লীগৰ বিভিন্ন দলসমূহৰ জাৰ্ছীৰ ওপৰিও আমি পিন্ধিব পাৰিম আমাৰ প্ৰিয় দলকেইটাৰ জাৰ্ছী। ই যাতে ক্ৰীকেটৰ জনপ্ৰিয়তাক অকণমান হ’লেও প্ৰতিদ্বন্দিতা দিব পাৰে তাকেই আশা কৰিলোঁ। সেয়ে আজিৰেপৰা ‘লেটচ ফুটবল’।
 
Dev pratim
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!