জীৱনৰ আন এটি নাম সংগীত -( দেৱপ্ৰতিম হাজৰিকা)

জীৱনৰ আন এটি নাম সংগীত
-দেৱপ্ৰতিম হাজৰিকা
সংগীত…কেতিয়া কেনেদৰে আমাৰ জীৱনত সোমায় পৰেহি ক’বই নোৱাৰো। সৰুকালত আইতা, আমাক মায়ে শুৱাবলৈ গোৱা “আমাৰে মইনা শুব এ”, “জোনবায়ে এ বেজী এটা দিয়া” ইত্যাদি নিচুকনি গীতৰ মাজেৰেই আমি কিজানি সোমাই পৰিছিলোঁ এই সংগীতৰ জগতত। এই নিচুকনি গীতৰ মাজেৰেই সোমাই পৰিছিলোঁ কল্পনাৰ এক অদ্ভুত পৃথিৱীত। কিজানি এই সংগীতৰ জৰিয়তেই মনত ঠাই পাইছিল কিছুমান সপোনৰ, যি সপোনৰ পাছে পাছে দৌৰি আমি আমাৰ শৈশৱ পাৰ কৰিলো। তেতিয়া বুজা নাছিলোঁ সংগীতৰ সাৰমৰ্ম, কিন্তু এখন পৃথিৱীৰ আৰম্ভণি এই গীতৰ মাজেৰেই |
সংগীতৰ কথা ক’বলৈ গ’লে প্ৰথম প্ৰশ্ন, “কিয় ভাল পোৱা এই সংগীত?” এই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এনেদৰে, “নিজান ৰাতিৰ নিস্তব্ধতা ফালি জিলিৰ হুমকি আন্ধাৰক- অকলশৰীয়া নহয় তই, আছোঁ আমি! ঠিক তেনেদৰে গীত বিলাকেও মনৰ নিসংগতা ফালি সেই জিলিয়ে আন্ধাৰক কোৱাৰ দৰেই মনটোক ক’ব পাৰে সেই একেই বাণী”…সেই বাবেই সংগীতৰ লগত মোৰ প্ৰেম, ভাল পাওঁ ইয়াক। হয় জীৱনত আমি বহু সময়ত অকলশৰীয়া হৈ পৰোঁ, তেনে সময়ত আমি আশ্ৰয় লওঁ এই সংগীতৰে। গানৰ তালে তালে, গানৰ সুৰেৰে প্ৰাণ আকৌ জাগি উঠে। বৰষুণে ধুই নিয়াৰ দৰেই মনটোক ধুই-পখালি আকৌ উজলাই তোলে |
আকৌ এটা প্ৰশ্ন। গানে কি আনে? সুখৰ সময়ত পৰিবেশ আৰু অধিক আনন্দময় কৰিবলৈ আমি আশ্ৰয় লওঁ সংগীতৰ, ইয়াৰ অবিহনে সেই আনন্দৰ সময়কণ আধৰুৱা। ঠিক তেনেদৰে আকৌ দুখৰ সময়তো আকৌ আশ্ৰয় লওঁ এই সংগীতৰেই। হতাশগ্ৰস্ত মনটোক আকৌ সতেজ কৰিবলৈ কোনো গানৰ এটা সুৰেই যথেষ্ট। সুখ-দুখ সকলো সময়তে সংগীতে আনে মনলৈ শান্তিৰ সংজ্ঞা। সতেজ বতাহৰ কোবত প্ৰাণ পাই উঠা গছবিলাকৰ দৰেই এই সংগীতে আনিব পাৰে মনলৈ এক সতেজ বতাহৰ এক প্ৰবাহ।
সংগীতৰ ভাষা সকলোৱে বুজি পায়। সংগীতে বহু কথাই আমাক ক’ব পাৰে। সময়ৰ হিচাপ আমি বিভিন্ন গীতৰ জৰিয়তেই পাওঁ। কোনো গানে আনিব পাৰে আমাৰ শৈশৱৰ সোণোৱালী স্মৃতি। আকৌ কোনো গীতৰ জৰিয়তে দেখা পাওঁ যৌৱনৰ বৰ্ণিল মূহুৰ্ত্তখিনি। সেই দৰে কোনো গীতৰ মাজেৰেই চিনা পৰিচয় ঘটে মৃত্যু নামৰ বিভীষিকাৰ সৈতে। উদাহৰণস্বৰূপে “মনলৈ উভতি আহে ল’ৰালি” গীতটি শুনিলে আমি তৎক্ষণাৎ লৰ মাৰিম সোণোৱালী শৈশৱৰ দিনবিলাকলৈ। ৰোমন্থন কৰিম জীৱনৰ আটাইতকৈ সুখৰ সময়বোৰ। কিন্তু যদি আমি “মৃত্যু আহে জীৱনলৈ, কাঢ়ি নিয়ে নিজৰে কোনোবাক….” গানটি শুনো তেতিয়া মনলৈ মৃত্যু নামৰ সত্যটো আহে আৰু নিজকে ইয়াৰ আগত তেনেই সৰু যেন লাগে। আকৌ যদি প্ৰেমৰ গীতবোৰ শুনো তেতিয়া আকৌ মনটো উলাহতে নাচি উঠে। এইদৰে সংগীতৰ তালে তালে যেন আমি জীৱনটো উপভোগ কৰোঁ, যেন সংগীতৰ মাজেৰেই আমি আগবাঢ়িব খোজো জীৱন নামৰ নাওখনিত।
আশ্ৰয় যেতিয়া হৈ পৰে সংগীত, মাথোঁ সংগীত (দুটি উদাহৰণ):
১) ভালপোৱা ছোৱালীজনী পাৰ হৈ গৈছে কাষেৰে, কিন্তু হায় মোৰ সাহস। মনৰ কথা ক’বলৈ লওঁতে যেন মুখত ফেভিকল লাগি ধৰেহি। তেতিয়া সংকল্প লওঁ কথাৰে ক’ব নোৱাৰিলে কি হ’ব, গানৰ মাজেৰে প্ৰকাশ কৰিম তাইৰ আগত মনৰ কথা। লোকৰ গান শুনি ভালপোৱা মনটোত তেতিয়া যেন জাগ্ৰত হয় মনৰ ভিতৰৰ সংগীতজ্ঞজন, কবিজন। আৰু ৰচনা হয় নানা গীত, কবিতাৰ। আৰু এদিন প্ৰকাশ হয় মনৰ কথা গীতৰ মাজেৰেই।
২) ঘৰৰ মানুহৰ গালি “হ’ল আৰু ৰাতিপুৱাই সেইটো লগাই হুলস্থুল লগাবলৈ।” কিন্তু সেইবোৰ শুনিবলৈ মোৰ সময় নাই। কি কৰিম এই গানৰ মাজতেই যে বিচাৰি পাওঁ জীৱনৰ অৰ্থ। যদি গানৰ কথা বুজি নোপোৱা লাগিবই অৰ্থহীন, চিঞৰ-বাখৰ। গানৰ অৰ্থ নুবুজা এই ঘৰত থকাৰ কোনো অৰ্থ নাই। নালাগে আশ্ৰয় এই ঘৰৰ, আশ্ৰয় দিব মোক সংগীতে।
সংগীতৰ নাই কোনো ধৰ্ম, নাই কোনো জাতি। সীমাৰ পৰিধি ভাঙি যুগ-যুগান্তৰে বান্ধি আহিছে প্ৰেমৰ মালাধাৰি, কৰি আহিছে বিশ্ববিজয়। গানেইতো আমাক বুজাই,
“যাযাবৰ সীমাবিহীন মন মোৰ
লুইতৰ দৰে বৈ যাম বহু দূৰ…”
এনেদৰেই চিৰদিন বিয়পিব সংগীতৰ অমৃত বাণী। সেই অমৃত বাণী বিয়পিব এটা আইপড, এম.পি.থ্ৰী. প্লেয়াৰৰ নতুবা মিউজিক চিষ্টেমৰ পৰা, যদি তেনেদৰে বিয়পিবলৈ অক্ষম তেন্তে বিয়পাম নিশ্চয় নিজৰ মনৰপৰা কাৰণ মনৰ শব্দই যেতিয়া প্ৰাণ পায়, ই ৰূপ লয় সংগীতৰ |
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments