লিমাৰিক : ধৰ্মজ্যোতি ভট্টাচাৰ্য

১.

অসমৰ অসম মিঞা বাংলাদেশী মূল

এন আৰ চিৰ কাৰ্যালয়ত তথ্য দিয়ে ভুল

সন্দেহযুক্ত নাগৰিক

সংখ্যাতো অধিক

এইখনেই ৰাজ্য আমাৰ সমস্যাবহুল৷

২.

হেৰা হেৰা অসমীয়া কিয় আছা চাই

ভেবা লাগি চাই থাকি একো লাভ নাই

জোৰ পুৰি হাত পালে

বহিৰাগত কেউ ফালে

চৰকাৰেও ঠগিলে আমাক অজলা পাই৷

৩.

বি.এড পঢ়িবলৈ তোমাৰ পকেট হ’বই লাগিব গৰম

পঢ়িব নোৱাৰে তেওঁলোকে যি আৰ্থিকভাৱে নৰম

হেল্ল’ অসম চৰকাৰ

তোমাৰ সু-দৃষ্টিৰ দৰকাৰ

অসম শিক্ষা বিভাগে কৰে মধ্যবিত্তক অৱহেলা পৰম৷

৪.

জাতীয় সংগঠনবোৰেই আজি শেষ কৰিব জাতি

নিজৰ মাজত খোৱা কামোৰা কৰে বিচাৰি মাটি-ভেটি

ধিক তোমালোকৰ নীতি

বন্ধক কৰিলা সংস্কৃতি

এনেকৈ থাকিলে তোমাৰ মাটিত আনে কৰিব খেতি৷

৫.

কপালত চন্দনৰ তিলক লগাই ওলাল মহাশয়

জেদ কেটেগৰীৰ নিৰাপত্তা লাগে মনত সংশয়

পোষ্টাৰত ফুলায় কমল

উজ্জ্বলি থাকে নয়ন

মনতে ভাৱে চাৰিওফালে বিৰাজ আনন্দময়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!