লীনা শৰ্মা আৰু অনুভৱ তুলসীৰ সৈতে কথোপকথন (সুব্ৰতা গোস্বামী)

সাহিত্য ডট অৰ্গৰ পঞ্চম বৰ্ষৰ ৭ম সংখ্যাটোৰ মূল বিষয়ৰ লগত সংগতি ৰাখি মনলৈ অহা কিছু প্ৰশ্নৰ উত্তৰ বিচাৰি আমি বৰ্তমান অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত লেখিকা-ঔপন্যাসিক-গল্পকাৰ লীনা শৰ্মা বাইদেউ আৰু বিশিষ্ট কবি-সাহিত্যিক অনুভৱ তুলসী ডাঙৰীয়াৰ কাষ চাপিছিলোঁ। অপাৰ ব্যস্ততাৰ মাজতো আমাক মতামতেৰে ধন্য কৰা দুয়োগৰাকী স্বনামধন্য ব্যক্তিৰ ওচৰত আমি কৃতজ্ঞ।

(সাহিত্য ডট অৰ্গৰ হৈ সাক্ষাৎ সংগ্ৰহ কৰিছে সুব্ৰতা গোস্বামীয়ে)

প্ৰশ্নসমূহঃ

১) আপুনি এগৰাকী প্ৰতিষ্ঠিত লেখক/গল্পকাৰ/কবি। লেখক/গল্পকাৰ/কবি হিচাপে আপোনাৰ অনুভৱ জনাব নেকি?

২) অসমীয়া গল্প সাহিত্য জগতত/কাব্য-সাহিত্যত নিজকে প্ৰতিষ্ঠা কৰাত আপুনি কাৰ অৱদান বেছি বুলি ভাবে? প্ৰকাশক, সমালোচক নে পাঠকৰ?

৩) অসমীয়া সাহিত্য তথা গ্ৰন্থৰ ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ ধাৰণা?

৪) আপুনি ভাবেনে অসমীয়া ভাষা বৰ্তমান মৃতপ্ৰায়?

৫) অসমীয়া গ্ৰন্থৰ বিক্ৰী সংখ্যা কমিছে বা অসমীয়া ভাষাৰ কিতাপ পঢ়া পাঠকৰ সংখ্যা কমিছে বুলি আপোনাৰ অনুভৱ হয় নেকি? যদি হয় ইয়াৰ প্ৰতিকাৰ ৰূপে আমি কি কৰা উচিত?

৬) যুৱ প্ৰজন্মৰ মাজত অসমীয়া গ্ৰন্থৰ পাঠকৰ অভাৱ বুলি আপুনি অনুভৱ কৰে নেকি?

৭) গ্ৰন্থমেলাক গ্ৰন্থ আন্দোলন বুলি ধৰিব পাৰিনে? অসমত এটা গ্ৰন্থ আন্দোলন সম্ভৱনে?

৮) সাহিত্য ডট্ অৰ্গলৈ আপুনি কিবা পৰামৰ্শ দিবনে?

 

লীনা শৰ্মা

leena sarmah

১/ মই আচলতে উপন্যাস লিখিবলৈ ভাল পাওঁ৷ কিন্তু পূজা আৰু বিহু আলোচনীৰ বাবে উপন্যাস লিখা সম্ভৱ নহয়৷ তাগিদা বহুতৰ পৰা আহে, সময় তাকৰ থাকে৷ সেয়ে গল্প লিখিবলগা হয়৷ এইয়া এক প্ৰকাৰ আপোচ৷

২/ অসমীয়া গল্প-সাহিত্যৰ ক্ষেত্ৰত পাঠকৰ অৱদান আটাইতকৈ বেছি৷ তাৰ পাছতেই সমালোচক৷ মই অৱশ্যে সাধাৰণ পাঠক তথা সমালোচকৰ কথা কৈছোঁ৷ প্ৰফেশ্যনেল আৰু খ্যাতিনামা সাহিত্যিকৰ কথা বুজোৱা নাই৷ প্ৰকাশকৰ ভূমিকা বৰ ক্ষীণ৷

৩/ অসমীয়া সাহিত্য আৰু গ্ৰন্থৰ ভৱিষ্যৎ সম্পৰ্কে মই বৰ আশাবাদী৷ ইমান সুন্দৰ গল্প,কবিতাৰ সৃষ্টি হৈ আছে৷ নতুন গল্পকাৰসকলে পৰীক্ষা-নিৰীক্ষা চলাইছে৷ চাৰিওফালে এক যেন আলোড়ন।

৪/ অসমীয়া ভাষা মৃতপ্ৰায় বুলি কেতিয়াও নাভাবোঁ৷ মোৰ আগৰ প্ৰশ্নৰ উত্তৰে হয়তো মোৰ আশাবাদিতা প্ৰকাশ কৰিছে৷ কিছুমান ওভতগোৰে নচা মানুহ সদায় থাকিব৷ কিন্তু ভাষা-সাহিত্যক ভাল পোৱা মানুহৰো অভাৱ নহয়৷

৫/ কিতাপৰ বিক্ৰী সংখ্যা কমিছে বুলি মই ভবা নাই৷ অৱশ্যে প্ৰকাশকে ভালকৈ ক’ব পাৰিব৷ মানদণ্ড থকা কিতাপ বিক্ৰী হ’বই৷ অলপ মাৰ্কেটিঙৰ প্ৰয়োজন৷

৬/ যুৱ-প্ৰজন্মৰ বহুতেই অসমীয়া পঢ়িবই নাজানে৷ এয়া তেওঁলোকৰ পিতৃ-মাতৃৰ দোষ৷ জাতি হিচাপে আমাৰ হীনমন্যতা বৰ বেছি৷ সেয়া কমাব লাগিব৷ হিন্দীভাষী লোকৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়িলেও হিন্দী ভাষাক কেতিয়াও অৱজ্ঞা নকৰে৷ অৱশ্যে, যুৱ-প্ৰজন্মৰ বহুতেই অসমীয়া কিতাপ পঢ়ে৷ সাহিত্য ভাল পোৱা মানুহে অসমীয়া,ইংৰাজী দুয়োটাই পঢ়ে৷ নপঢ়াখিনিয়ে বিশেষ পাৰ্থক্য আনিব নোৱাৰে৷

৭/ গ্ৰন্থমেলা গ্ৰন্থ আন্দোলনৰ এক অংশ৷ আসমত গ্ৰন্থ আন্দোলন নিজৰ গতিত চলি আছে৷ লেহেমীয়া যদিও,গতি ৰুদ্ধ হোৱা নাই আৰু নহয়৷ ইমানবোৰ কিতাপ প্ৰকাশ হৈছে,সাহিত্য চ’ৰাৰ বৈঠক বহিছে,আলোচনী চলি আছে৷ সমালোচনা সাহিত্য শক্তিশালী হ’লে এই আন্দোলনে পৰিপূৰ্ণতা লাভ কৰ

৮/ সাহিত্য ডট্ অৰ্গ এটা আন্দোলন ৷ প্ৰতিকূলতাক নেওচি চলি থাকিব বুলি বিশ্বাস কৰোঁ৷ নতুন মাধ্যম গ্ৰহণ কৰা বাবে পাঠকে অধিক সঁহাৰি আগবঢ়োৱা প্ৰয়োজন৷ বিশ্ব সাহিত্যত কি হৈ আছে, আৰু অধিক জনালে ভাল৷ অন্য ভাৰতীয় সাহিত্যৰ কিছুমান ভাল লিখনী অনুবাদ কৰি অৱগত কৰিলে সৌষ্ঠৱ বাঢ়িব৷ শুভেচ্ছা থাকিল৷

 

অনুভৱ তুলসী

anubhob tulsi

১/ প্ৰথম লেখিবলৈ লোৱা এজন ন-লেখাৰুৰ দৰেই মই প্ৰতিটো কবিতা লেখোঁ। মই কবি হিচাপে প্ৰতিষ্ঠিত হওঁ নে নহওঁ, সেই কথা লৈ চিন্তিত নহওঁ। কবিতা কিয় লিখিব লাগে, কিয় প্ৰকাশৰ বাবে উলিয়াই দিব লাগে, কিয় নষ্ট কৰি পেলাব লাগে, মই কবিতা লেখি থকা উচিতনে__এইবোৰ কথাই বহন কৰা এক ধৰণৰ অনিশ্চয়তাই অনবৰতে সন্তুষ্টি বা আত্মতৃপ্তি লাভকৰাৰপৰা মোক বিৰত ৰাখে। এটা নতুন কবিতা প্ৰকৃতাৰ্থত এক নৱীকৰণ, লেখকৰ আৰু লেখাটোৰো। প্ৰতিষ্ঠা, আত্মৰম্ভিতা– এইবোৰ ৰিপুৱে মোক আজিকোপতি আমনি দিয়া নাই– এইবোৰ কিবাকৈ প্ৰতিহত কৰি চলিছোঁ আৰু……

২/ দেড়কুৰি বছৰৰো অধিককাল মই কবিতা লেখি আছোঁ। মই অসমীয়া ভাষাত লেখোঁ– সেয়ে এই ভাষাৰ কবিতা চেতনা, পৰম্পৰা, ঐতিহ্যৰ প্ৰতি মই সততে শ্ৰদ্ধাশীল। কেইগৰাকীমান অগ্ৰজ কবিৰ চেনেহ-মৰমে মোক সূচনাকালতে আত্মবিশ্বাসী কৰি তুলিছিল। কবিতা লেখোঁ, লেখিব পাৰোঁ বাবেই আহিছিল সেই মৰম-চেনেহ। সেইসকল শ্ৰদ্ধেয়ৰ অৱদান সিমানলৈকে। মোৰ সৃজনীশক্তিক কিমানদূৰ সক্ৰিয়, বলিষ্ঠ, শক্তিমন্ত, উচ্চপৰ্যায়লৈ নিব পাৰিছোঁ বা পৰা নাই– সেইকথা জানিবলৈকে কবিতা লিখি আহিছোঁ। সহৃদয় পাঠক, সমালোচক, আলোচনী সম্পাদক আৰু প্ৰকাশক সকলৰ থাকিবলগীয়া অৱদান আছে বুলিয়েই ভাবোঁ।

৩/ ভাষা এক জীৱন্ত সুঁতি; ভাষা-সাহিত্য নিয়ত আৰু নিৰন্তৰ বিকাশশীল। ভাষা এটাৰ প্ৰয়োগ থকালৈকে সি জীয়াই থাকে। সাহিত্য যেতিয়ালৈকে লেখা হৈ থাকে, প্ৰকাশ যেতিয়ালৈকে চলি থাকে, পাঠকে পঢ়ে আৰু জনসাধাৰণে ভাৱ-প্ৰকাশৰ বাবে ব্যৱহাৰ কৰে তেতিয়ালৈকে ই জীৱন্ত হৈ থাকে। বৈদ্যুতিন মাধ্যমসমূহে গ্ৰন্থলৈ এক প্ৰত্যাহবান আনিছে বুলি আমাৰ ধাৰণা হয়। গ্ৰন্থৰ স্থিতি জনমানসত আৰু ই বেছ সুদৃঢ়। বৈদুতিন মাধ্যম সমূহৰ শক্তি, স্থায়িত্ব পৰীক্ষা নকৰাকৈ এনে ভাৱ পোষণ কৰাটো ঠিক কথা নহয়।

 

৪/ নাভাবোঁ। মই নিজে অসমীয়াত ভাৱ বিনিময় কৰোঁ, লেখোঁ,পঢ়োঁ- অসমীয়া ভাষা এতিয়া সক্ৰিয় ৰূপত বৰ্তি আছে। সাহিত্য-সংস্কৃতিৰ মাজেৰে ভাষাটোৰ বিকাশ হৈয়েই আছে। যিদিনা মানুহে এই ভাষা ক’বলৈ এৰিব, লেখিবলৈ এৰিব, সিদিনাৰ পৰাহে ইয়াৰ মৃত্যুযাত্ৰা আৰম্ভ হ’ব।

 

৫/ অসমীয়া কিতাপৰ বিক্ৰী কমিছে,পদে-প্ৰমাণে মই একো ক’ব নোৱাৰোঁ। বছৰি বছৰি প্ৰকাশকসকলে বুজন সংখ্যক কিতাপ প্ৰকাশ কৰিয়েই আছে–তাৰ মানে হ’ল এই যে, ক্ৰেতাই সেইবোৰ নিশ্চয় কিনিছে। প্ৰকাশকসকলে লোকচান ভৰিবলৈ কিতাপ নছপায়__ সকলোৱে জনা কথা।

 

৬/ এই কথাটোৰ সপক্ষে বা বিপক্ষে তথ্য দিব নোৱাৰোঁ। কিতাপ পঢ়া মানুহৰ সংখ্যা প্ৰাপ্তবয়স্কসকলৰ মাজতনো কিমান! অৱধাৰিত ভাৱে এই প্ৰশ্নটোও আহে আৰু অনুমানৰ ওপৰত উত্তৰ দিয়া-দিয়ি চলি থাকে। প্ৰকৃত ছবিখন পোৱা নাযায়। যুৱপ্ৰজন্মৰ জগতখন সম্প্ৰসাৰিত আৰু সাংঘাতিক ধৰণে অভিনৱ। তাৰপিচতো, কিতাপ পঢ়া আৰু নপঢ়া লোক যুৱসমাজত আছে। সম্প্ৰতি অসমত একাধিক ভাষাত কিতাপ প্ৰকাশ হয়, যুৱসমাজে সাদৰে সেয়া গ্ৰহণ কৰে। যুৱ সমাজত একাধিক ভাষাত কিতাপ পঢ়িব পৰা পাঠকো আছে। যুৱসমাজত লেখকৰ সংখ্যাটোও উৎসাহজনক। সেইফালৰ পৰা যুৱসমাজক জগৰীয়া কৰিব পৰা নাযায়।

 

৭/ গ্ৰন্থমেলাক গ্ৰন্থ আন্দোলন বুলিব পাৰি জানো! প্ৰকাশকসকলে প্ৰকাশ কৰা কিতাপৰ গ্ৰন্থমেলা এক হস্ৰকালীন বজাৰ, আৰু প্ৰচাৰ। বিজ্ঞাপন বুলিও ক’ব পাৰি। বিজ্ঞানসন্মত পদ্ধতিৰে, সভ্যতাৰ বিকাশৰ অনুকূলে পাঠকৰ ৰুচি গঢ়ি তুলিবলৈ কৰা গ্ৰন্থৰ প্ৰয়াসহে গ্ৰন্থ আন্দোলনৰ কৰ্মসূচী হ’ব পাৰে। পুথিভঁৰালৰ প্ৰসাৰ, জনসচেতনতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ গ্ৰন্থ আন্দোলনৰ অংগ হ’ব পাৰে। গ্ৰন্থ আন্দোলন আহিব লাগে জনতাৰ ফালৰপৰা চেতনা ৰূপত। বণিক শ্ৰেণী বা চৰকাৰী পক্ষৰ পৰা নহয়।

 

৮/ সাহিত্য ডট অৰ্গৰ কৰ্মসূচী সুনিৰ্দিষ্ট হওক। সেৱা আৰু বৃত্তিৰ মাজত সমতা থাকক। ইয়াৰ দীৰ্ঘজীৱনৰ বাবে সকলোৱে সাধ্যানুসাৰে অৰিহণা আগবঢ়াওক। কিম্ অধিকম্ ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!