লাইন অফ ফায়াৰ (Line of Fire ) (মূল : সতীশ ধল, অসমীয়া অনুবাদ : প্ৰতিভূ দত্ত)

onubad xahitya সঁচা কথা ক’বলৈ গ’লে বিবেক প্ৰধানক কোনো পধ্যেই সুখী বুলিব নোৱাৰি। শতাব্দী ৰেলগাড়ীৰ দৰে অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত অভ্যন্তৰেও প্ৰধানৰ উত্তেজিত তথা ক্ষুন্ন হৈ থকা স্নায়ুক ক্ষান্ত কৰিব পৰা নাই। পদোন্নতি লাভ কৰি কৰি এতিয়া প্ৰধানে প্ৰকল্প সঞ্চালক (Project Manager)ৰ পদবী লাভ কৰিছে। ইমানৰ পাছতো তেওঁ হেনো অফিছৰ কামত ভ্ৰমণ কৰোঁতে বিমান যাত্ৰা কৰিব নোৱাৰে। বিমান ভ্ৰমণৰ সৈতে জড়িত মৰ্য্যদাৰ বাবে নহয় প্ৰধানে বিমানৰে ভ্ৰমণ কৰিবলৈ বিচাৰিছিল কাৰণ তেনে কৰিলে তেওঁ যথেষ্ট সময় ৰাহি কৰিব পাৰিলে হয়। প্ৰকল্প সঞ্চালক হিচাপে তেওঁৰ দায়িত্ব অনেক। পাছে প্ৰধানৰ বৰমূৰীয়াই এইবোৰ কথা বুজি নাপায় ! তেনে ক্ষেত্ৰত প্ৰধান বাৰু ক্ষুন্ন নোহোৱাকৈ কেনেকৈ থাকে ?
শতাব্দী ৰেলগাড়ী চলিবলৈ ধৰিলে। লেপটপটো খুলি লৈ প্ৰধানে কিছু কাম কৰিবলৈ যত্ন কৰিলে। প্ৰকল্প সঞ্চালক হিচাপে প্ৰধানে সময়ৰ মূল্য বুজি পায়।
‘‘চাৰ আপুনি কম্পিউটাৰ বিশেষজ্ঞ নেকি ?’’, প্ৰধানৰ সন্মুখত বহি থকা মানুহজনে প্ৰধানৰ কোলাত থকা লেপটপটোলৈ চাই চাই বেছ সম্ভ্ৰমেৰে প্ৰশ্ন কৰিলে। কম্পিউটাৰৰ পৰা মূৰ তুলি প্ৰধানে প্ৰশ্ন কৰোঁতাৰ ফালে লক্ষ্য কৰিলে। নিজৰ লেপটপটো বেছ আলফুলে মোহাৰি হয়ভৰ জনোৱাৰ দৰে প্ৰধানে হাঁহি এটা মাৰিলে।
‘‘চাৰ আপোনালোকে আমাৰ দেশখনত কিমান যে উন্নতি আনি দিলে ! আজি সকলোতে আপোনালোকৰ বাবেই কামকাজবোৰ কিমান সহজ হৈ গ’ল ! চাৰ, আপোনালোক সঁচাই ধন্যবাদৰ পাত্ৰ !’’, সন্মুখত বহি থকা মানুহজনে বেছ আন্তৰিকতাৰে কথাখিনি ক’লে।
‘‘ধন্যবাদ !’’ প্ৰধানে হাঁহি মাৰি হয়ভৰ জনালে। এনে ধৰণৰ প্ৰশংসা শুনিলে প্ৰধানৰ খুবেই ভাল লাগে। এইবাৰ প্ৰধানে সন্মুখৰ মানুহজনলৈ ভালদৰে লক্ষ্য কৰিলে। খেলুৱৈসুলভ অৱয়বেৰে সাধাৰণ সাজপাৰৰ এজন যুৱক। শতাব্দীৰ দৰে অভিজাত ৰেলগাড়ীৰ ২য় শ্ৰেণীৰ শীততাপ নিয়ন্ত্ৰিত কক্ষত এনে ধৰণৰ যাত্ৰী সাধাৰণতে দেখা নাযায়। প্ৰধানে মনতে ভাবিলে, ‘‘বোধহয় ৰেলবিভাগত কৰ্মৰত কোনো খেলুৱৈ ! হয়তো বক্সাৰ বা তেনে কোনো খেলৰ লগত জড়িত। বিনামূলীয়া পাছ থাকে তেনে খেলুৱৈৰ লগত !’’
‘‘চাৰ আপোনালোকৰ কথা মই প্ৰায়ে ভাবোঁ। আপোনালোকে আচৰিত ধৰণৰ কাম কৰিব পাৰে। এটা অফিছত বহি বহি আপোনালোকে কম্পিউটাৰত সৰু সৰু কিবা কিবি লিখি দিয়ে আৰু বাহিৰত সাংঘাতিক ডাঙৰ কিবা এটা হৈ যায়! সঁচাই আচৰিত দেই!’’, সন্মুখত বহি থকা খেলুৱৈসুলভ অৱয়বৰ মানুহজনে প্ৰধানক উদ্দেশ্যি কলে।
প্ৰধানে বেঁকা হাঁহি এটা মাৰিলে। বিবেক প্ৰধানে সন্মুখত বহি থকা খেলুৱৈসুলভ অৱয়বৰ মানুহজনৰ অজ্ঞতাত খং কৰাতকৈ তেওঁক বুজাই দিয়াটোহে কৰ্তব্য বুলি গণ্য কৰিলে। ‘‘আচলতে কি জানে? কথাবোৰ ইমান সহজ নহয়। আমি কম্পিউটাৰত কিবা কিবি এনেয়ে লিখি নিদিওঁ। সেই যে কিবা লিখোঁ তাৰ আঁৰত বহু দীঘল প্ৰক্ৰিয়া থাকে। যথেষ্ট চিন্তাচৰ্চাৰ প্ৰয়োজন !’’
এবাৰ প্ৰধানে ভাবিলে Software Development Life cycleৰ সমস্ত প্ৰক্ৰিয়াটোকে বুজাই দিব। পিছে তেনে নকৰি প্ৰধানে মাথো কলে, ‘‘গোটেই প্ৰক্ৰিয়াটো বেছ জটিল, খুবেই জটিল !’’
‘‘হয় হয় বুজিছোঁ ! খুবেই জটিল হ’ব ! আমি সেইবোৰ বুজিকে নাপাম। আপোনালোকে সেইবাবে যথেষ্ট ভাল দৰমহা পাই চাগৈ !’’
আলোচনা বিবেক প্ৰধানে যিদৰে আগবাঢ়িব বুলি ভাবিছিল তাতকৈ বেলেগ দিশলৈ গতি কৰা দেখি ইমান সময়ে নম্ৰভাবে কথা বতৰা পাতি থকা প্ৰধানৰ সুৰত অকণমান ৰূক্ষতা আহি গ’ল, ‘‘সকলোৱে মাথো টকাৰ কথাকে কয়! আমি কিমান কষ্ট কৰোঁ সেইখিনি কোনেও নেদেখে ! কঠোৰ পৰিশ্ৰমৰ প্ৰতি ভাৰতীয়সকলৰ এটা সংকীৰ্ণ মনোভাৱ আছে। এইটো ঠিক যে আমি শীততাপ নিয়ন্ত্ৰিত কক্ষত কাম কৰোঁ। কিন্তু আমাৰ মন-মস্তিষ্কৰ ওপৰ যি কচৰৎ হয়, যি চাপ পৰে সেইয়া অবৰ্ণনীয় !’’
বিবেক প্ৰধানে কৈ গ’ল, ‘‘মই এটা সৰু উদাহৰণ দিওঁ। এই ৰেলগাড়ীখনৰ কথাকে ধৰক। আপুনি দুটা ষ্টেচনৰ মাজত এটা টিকট কৰিব খুজিছে। তেনেদৰে টিকট কৰিবলৈ ভাৰতত কেইবাহাজাৰ বুকিং কাউন্টাৰ আছে। ঘৰৰ পৰা বহি বহি অনলাইনো কৰিব পাৰে। চিন্তা কৰি চাওক এটা single database, একে সময়তে হাজাৰ হাজাৰ লেনদেন, data integrity, locking, data security আৰু কত কি? এনে ধৰণৰ designing and coding কেনেকৈ কৰা হয় আপুনি বুজি পায় নে?’’
প্ৰধানৰ কথা শুনি সন্মুখত বহি থকা মানুহজনৰ মুখ মেল খাই গ’ল। প্ৰধানে স্পষ্টকৈ মন কৰিব পাৰিলে মানুহজনৰ চকুত ফুটি উঠা আশ্চৰ্য্য।
মানুহজনে প্ৰশ্ন কৰিলে, ‘‘আপুনি এনে ধৰণৰ designing and coding কৰে ?’’
‘‘আগতে কৰিছিলোঁ যদিও’’, বুলি কৈ প্ৰধানে অকণমান ৰৈ দি পুনৰ কলে, ‘‘এতিয়া পিছে মই প্ৰকল্প সঞ্চালক!’’
‘‘অঁ অঁ!’’ প্ৰধানৰ কথা শুনি মানুহজনে যেন সকাহ পালে। ‘‘তাৰ মানে এতিয়া আপোনাৰ জীৱন আগতকৈ বেছ সহজ হ’ল।’’
এনে ধৰণৰ অযুক্তিকৰ কথা শুনিলে প্ৰায়ে প্ৰধানৰ খং উঠে, ‘‘ক’ত সহজ হ’ল ? জখলাৰে যিমানে ওপৰলৈ বগাই যোৱা যায় জীৱন সিমানেই জটিল হৈ পৰে। দায়িত্বই সদায়ে অধিক কাম আনি দিয়ে! ক’বলৈ গ’লে designing and coding যথেষ্ট সহজ আছিল। এতিয়া মই সেইবোৰ কৰিব নালাগে। এতিয়া মই designing and coding কৰোৱাব লাগে। সময়মতে আৰু নিৰ্ধাৰিত মানদণ্ড অনুসাৰে। এইয়া যথেষ্ট জটিল কাম।
প্ৰধানে কৈ ক্ষোভেৰেই গ’ল, ‘‘কামৰ হেঁচাৰ কথা আৰু কি ক’ম ? এফালে গ্ৰাহকৰ হেঁচা আন ফালে ওপৰৱালাৰ হেঁচা। তাৰমাজত আমি কেনে দৰে কাম কৰো সেইয়া আন কোনেও বুজিব নোৱাৰিব!’’
ইমানখিনি কোৱাৰ পাছত প্ৰধানে অনুমান কৰিলে এইবোৰ কথাৰ বাবে এজন অচিনাকি যুৱকৰ আগত সংযম হেৰুৱাটো সমুচিত হোৱা নাই। গোটেই আলোচনাতো সামৰিবলৈকে বুলি প্ৰধানে ক’লে, ‘‘ডেকা ল’ৰা তুমি নুবুজিবা Line of Fireত থিয় হোৱাৰ অৰ্থ কি !’’
প্ৰধানৰ কথা শুনি সন্মুখত বহি থকা খেলুৱৈসুলভ অৱয়বৰ যুৱকজনে চকু দুটা মুদি দিলে। প্ৰধানে ভাবিলে যুৱকজনে হয়তো Line of Fire মানে কি বুজিবলৈ যত্ন কৰিছে।
কিছু সময়ৰ পাছত হঠাতে প্ৰধানক আচৰিত কৰি খেলুৱৈসুলভ অৱয়বৰ যুৱকজনে চকু দুটা মুদি মুদিয়ে কলে, ‘‘চাৰ মই Line of Fireত থিয় হোৱাৰ অৰ্থ বুজি পাওঁ।’’
তাৰ পাছত চকু দুটা মুদি মুদিয়ে যুৱকজনে কৈ গ’ল, ‘‘চাৰ, আমি ৩০জন আছিলোঁ। আমাৰ ওপৰতে সেই নিশা Point 4875 দখল কৰাৰ দায়িত্ব আছিল। শত্ৰুৱে ওপৰৰ পৰা অহৰ্নিশে গুলী বৰ্ষণ কৰি আছিল। আমাৰ কোনেও নাজানিছিলোঁ পাছৰ গুলীটো কোন ফালৰ পৰা আহিব বা কাৰ বুকুলৈ বুলি আহিব। পুৱা যেতিয়া আমি Point 4875 ত্ৰিৰংগা উৰুৱাইছিলোঁ তেতিয়া ৩০জনৰ মাথো ৪জনহে জীৱিত আছিলোঁ।’’
কঁপা কঁপা মাতেৰে প্ৰকল্প সঞ্চালক বিবেক প্ৰধানে সুধিলে, ‘‘আপুনি এজন….?’’
‘‘মোৰ নাম চুবেদাৰ সুশান্ত, 13 J&K Rifles। সেই নিশা মই কাৰ্গিলৰ Peak 4875ত আছিলোঁ। মোক সেনাৰ ফালৰ পৰা কোৱা হৈছিল যে মোৰ term শেষ হৈছে আৰু মই ইচ্ছা কৰিলে soft assignment ল’ব পাৰিম। কিন্তু চাৰ আপুনিয়ে কওকচোন কোনোবাই মাথোঁ নিজৰ জীৱন সহজ হ’ব বুলিয়ে জানো নিজৰ কৰ্তব্য বাদ দিব পাৰিব? চাৰ, যিদিনা পুৱা আমি Peak 4875 দখল কৰিছিলোঁ আমাৰ এজন জোৱান গুলীবিদ্ধ হৈ বৰফত পৰি আছিল। শত্ৰুৱে অতি সহজেই তেওঁলৈ গুলীয়াব পৰা অৱস্থাত আছিল। আমি বাংকাৰ এটাত লুকাই আছিলোঁ। সেই জোৱানজনক উদ্ধাৰ কৰি অনাৰ দায়িত্ব মোৰ ওপৰত আছিল। কিন্তু মোৰ কেপ্টেইন চাহাবে মোক যাবলৈ নিদিলে। কাৰণ মোৰ জীৱনৰ প্ৰতি আশংকা আছিল। মোৰ সলনি চাহাব নিজেই গ’ল। যাবৰ সময়ত তেওঁ আমাক কৈছিল যে যিদিনা তেওঁ Gentleman Cadet হিচাপে প্ৰথম শপত লৈছিল সেইদিনা হেনো তেওঁক কোৱা হৈছিল দেশৰ সুৰক্ষা আৰু কল্যাণ প্ৰথমে, তাৰ পাছত তেওঁৰ অধীনত থকা জোৱান সকলৰ সুৰক্ষা আৰু কল্যাণ আৰু সৰ্বশেষত তেখেতৰ সুৰক্ষা আৰু কল্যাণ।’’
অকণমান ৰৈ আকাশৰ ফালে চোৱাৰ দৰে কৰি 13 J&K Riflesৰ চুবেদাৰ সুশান্তে কৈ গ’ল, ‘‘শত্ৰুৰ গুলীবৰ্ষণৰ পৰা আঁৰ কৰি আহত জোৱানজনক ওভতাই আনোঁতে কেপ্তেইন চাহাবৰ শৰীৰ গুলীৰে চিৰাচিৰ হৈ গ’ল। সেইদিনাৰে পৰা মই চকু মুদি থকা বা চকু মেলি থকা সকলো সময়তে কেপ্তেইন চাহাবৰ গুলিৰে চিৰাচিৰ হৈ যোৱা শৰীৰটো দেখা পাওঁ। মোৰ বাবে অহা গুলিবোৰ তেখেতে লৈ ল’লে।’’
প্ৰকল্প সঞ্চালক বিবেক প্ৰধানৰ ফালে চাই 13 J&K Riflesৰ চুবেদাৰ সুশান্তে কৈ গ’ল, ‘‘চাৰ, মই Line of Fire মানে কি বুজি পাওঁ। মই Line of Fire দেখিছোঁ !’’
ভালেমান সময়ৰ বাবে প্ৰকল্প সঞ্চালক বিবেক প্ৰধান নিশ্চুপ হৈ ৰ’ল। ভাবিবকে নোৱাৰা হ’ল কি উত্তৰ দিব, কি ক’ব। হঠাতে মনত পৰি কোলাত থকা লেপটপটো বন্ধ কৰি দিলে। সন্মুখত বহি থকা 13 J&K Riflesৰ চুবেদাৰ সুশান্তৰ সন্মুখত নিজৰ কোলাত লেপটপ এটা লৈ থকা কাৰ্য্যটো প্ৰকল্প সঞ্চালক বিবেক প্ৰধানৰ বাবে অক্ষমণীয় অপৰাধ যেন লাগিল।
শতাব্দী ৰেলগাড়ীখন আহি গন্তব্য স্থলত উপনীত হ’ল। নিজৰ বাকচটো লৈ 13 J&K Riflesৰ চুবেদাৰ সুশান্ত নামিবলৈ সাজু হ’ল।
‘‘চাৰ আপোনাক লগ পাই ভাল লাগিল।’’ 13 J&K Riflesৰ চুবেদাৰ সুশান্তে বিবেক প্ৰধানক সম্বোধি অভিবাদন জনালে।
কঁপা কঁপা হাতেৰে বিবেক প্ৰধানে কৰমৰ্দন কৰিলে। Peak 4875ত ত্ৰিৰংগা উত্তোলন কৰা হাতখনত ধৰা লগে লগে বিবেক প্ৰধানৰ শৰীৰ মাজলৈ যেন বিদ্যুৎ প্ৰবাহিত হ’ল।
প্ৰকল্প সঞ্চালক বিবেক প্ৰধানে জাপ মাৰি থিয় হৈ 13 J&K Riflesৰ চুবেদাৰ সুশান্তক এটা চেল্যুট মাৰি দিলে।

টোকা :
Peak 4875 দখলৰ সময়ত কেপ্টেইন বিক্ৰম বাত্ৰাই এজন আহত জোৱানক বচাবলৈ গৈ সৰ্বোচ্চ বলিদান দিছিল। পৰবৰ্তী কালত তেখেতক পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল।

 (সতীশ ধলৰ মূল গল্পটো দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ ৱেবছাইটত প্ৰকাশ পাইছিল। )

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

ভাল লাগিল প্ৰতিভু দা।‌”লাইন অৱ ফায়াৰ” কি সেয়া বুজিবলৈ দেশৰ সীমাঞ্চলতকৈ উত্তম ঠাই আৰু কি হব পাৰে?! এই ‘মেটাফৰ্‌’ টো ইয়াৰ পৰাইটো লোৱা হৈছে! কেপ্টেইন্‌ বিক্ৰম বাত্ৰাক শত শত প্ৰণাম।‌