লিচু এনচেফেলাইটিচ – সম্ভাৱনা আৰু সাৱধানতা ( ভগৎ লাল দত্ত)


এতিয়া নানা তৰহৰ ৰসাল ফলৰ বতৰ। এই বতৰৰ ফলবোৰৰ ভিতৰত এক অন্যতম ফল হৈছে, লিচু। কঁঠালৰ নিচিনা খহুৱা বাকলিৰ তৰপটোৰ ভিতৰৰ মঙহাল ৰসাল মাখনকণৰ সোৱাদ, যিয়ে এবাৰ মুখত দিছে, তেওঁ হয়তো পাহৰিব নোৱাৰিব! দুৰ্ভাগ্যক্ৰমে ট্ৰেফিক চিগনেলত বা অইন ঠাইত বাটৰ কাষত ৰৈ থকা চলন্ত বেপাৰীৰ পৰা লিচু কিনি খোৱাৰ সময়ত মুখ বিকট খাই যোৱা অভিজ্ঞতা হোৱা সকলেও হয়তো তেওঁলোকৰ অভিজ্ঞতা পাহৰিব নোৱাৰে। আৰু লিচু ব্যৱহাৰিকভাৱে নেদেখা/নোপোৱা সকলৰ বাবে “প্ৰাণ লিচি …. হয়ে যাক লিচুগিরি” বোলাবিধৰ নিচিনাবোৰ আছেই নহয় …. !
এনচেফেলাইটিচ (Encephalitis, এনকেফেলাইটিচ বুলিও কোৱা হয় ) নামৰ ৰোগটোৰ কথা শুনিছে নহয়? ই হৈছে একপ্ৰকাৰৰ মস্তিষ্কৰ প্ৰদাহ (মস্তিষ্ক জ্বৰ)। ইয়াত আক্ৰান্ত হ’লে মস্তিষ্কৰ কোষসমুহ ফুলি উঠি নষ্ট হ’বলৈ ধৰে৷ পৰৱৰ্তী পৰ্যায়ত মস্তিষ্কৰ ভিতৰত ৰক্তক্ষৰণ হয়। ই বহু পৰিমাণে ঘাতক, প্ৰাণহানিৰ হাৰ যথেষ্ট বেছি। ইয়াৰ চকুত পৰিব পৰা বাহ্যিক লক্ষণ হিচাপে তীব্ৰ জ্বৰ, বমি, জিকাৰ খাই উঠা আদি দেখা যায় যদিও অন্যান্য আনুসংগিক লক্ষণ সমূহ আক্ৰান্ত লোকৰ বয়স আৰু ৰোগ প্ৰতিৰোধ অৱস্থা ভেদে যথেষ্ট বহল হ’ব পাৰে[১]। সাধাৰণতে অসমত দেখা দিয়া এনচেফেলাইটিচ, পশুৰ পৰা মানুহলৈ সঞ্চাৰিত হ’ব পৰা কেইবিধমান ভাইৰাচৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ। অৱশ্যে ভেঁকুৰ নাইবা অন্য পৰজীৱীৰ সংক্ৰমণৰ ফলতো মস্তিষ্ক জ্বৰ হ’ব পাৰে। অসমত সততে হোৱা এনচেফেলাইটিচৰ ভিতৰত জাপানী এনচেফেলাইটিছেই বেছি বুলি পূৰ্বানুমান কৰা হয় যদিও অন্য প্ৰকাৰৰ এনচেফেলাইটিচৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি (মূলতঃ তথ্য আৰু বিস্তৃত অধ্যয়ণৰ উপলব্ধতাৰ অভাৱ)। জাপানী এনচেফেলাইটিচৰ ভাইৰাচক কিউলেক্স জাতৰ মহে সিহঁতৰ পশুধামৰ পৰা মানৱধামলৈ বিস্তাৰণ ঘটায়, মানুহৰ পৰা মানুহলৈ সাধাৰণতে সংক্ৰমণ হোৱাৰ কথা জনা নাযায়। বিভিন্ন কাৰকৰ বাবে হ’ব পৰা মস্তিষ্কৰ জ্বৰৰ সামূহিক নামহে এনচেফেলাইটিচ, ৰোগৰ উপসৰ্গ আৰু লক্ষণবোৰৰ মাজত মিল থকা যেন হ’লেও কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিদান প্ৰণালী বেলেগ বেলেগ হ’ব পাৰে। জাপানী এনচেফেলাইটিচৰ প্ৰতিকাৰ হিচাপে মহৰ প্ৰাদুভাৰ্ৱ হ্ৰাস কৰা, পশুধন (বিশেষকৈ গাহৰি আৰু ঘোঁৰা) নিবাস মানুহ থকা ঘৰৰ পৰা নিলগাই সজা আৰু সিহঁতকো মহৰ আক্ৰমণৰ পৰা বচাই ৰখাৰ ব্যৱস্থা কৰা আদি পদক্ষেপ লোৱা হয়। এইবোৰ যথেষ্ট ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। তদুপৰি আজিকালি এনচেফেলাইটিছৰ টীকাও উপলব্ধ। (এই বিষয়ে বহলাই পঢ়িবলৈ অনুগ্ৰহ কৰি তলত দিয়া প্ৰসংগ সূত্ৰ [১] আৰু তাত উল্লেখিত আনুষংগিক সংযোগসমূহ অনুসৰণ কৰে যেন।)
যোৱা নব্বৈৰ দশকৰ শেহৰ ফালৰ পৰা ভিয়েটনাম, চীন আদিত কোনো বিশেষ বাখ্যা নথকাকৈ লিচুৰ বতৰত (মে’-জুলাই), শিশুৰ মাজত এনচেফেলাইটিচৰ ঘটনা বৃদ্ধি পোৱাটো নজৰলৈ আহে। পিছলৈ পেৰিচৰ পাষ্ট্যুৰ ইন্সটিটিউট (Institut Pasteur)ৰ এদল গৱেষকৰ নেতৃত্বৰ এক গৱেষণাত ভিয়েটনামৰ এক লিচু উৎপাদন প্ৰধান অঞ্চলত লিচুৰ উৎপাদন আৰু শিশুৰ মাজত মস্তিষ্ক জ্বৰৰ ঘটনাৰ মাজত পাৰিসাংখ্যিকভাৱে তাৎপৰ্যপূৰ্ণ পাৰস্পৰিক সম্পৰ্কৰ কথা প্ৰকাশ পায় [২]। লিচুৰ উৎপাদন উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱাৰ লগত সামঞ্জস্য ৰাখি ২০১১ চনত বিহাৰ ৰাজ্যৰ মুজ্জাফৰপুৰ আৰু ইয়াৰ চুবুৰীয়া জিলা কেইখনমানতো শিশুৰ মাজত এনচেফেলাইটিচৰ প্ৰাদুভাৰ্ৱ লক্ষ্য কৰা হৈছিল। এইবছৰ (২০১৪) পশ্চিম বংগৰ ফলমূল তথা অন্যান্য কৃষিজাত সামগ্ৰীৰ উৎপাদনৰ বাবে নাম থকা মালদহ জিলাত (মালদহী আমৰ বাবে বিখ্যাত) লিচুৰ উৎপাদন প্ৰচুৰ পৰিমাণে হৈছে। প্ৰায় সমান্তৰালভাৱে এই অঞ্চলত (৮ জুন, ২০১৪ তাৰিখলৈকে) মস্তিষ্ক জ্বৰত ভুগি আঠটি শিশুৰ প্ৰাণহানি হোৱা আৰু অতি কমেও ছয়টি শিশু আক্ৰান্ত হৈ থকা বুলি বাতৰি প্ৰকাশ পাইছে [৩]। সংবাদ মাধ্যমত চিকিৎসকৰ উদ্ধৃতি দি ওলোৱা বাতৰিত এয়া ”লিচু এনচেফেলাইটিচ” বুলি কোৱা হৈছে।
লিচু এনচেফেলাইটিচ নামটো শুনি লিচু প্ৰেম বাদ দিবলৈ সাত জাঁপ মাৰিব লগীয়া অৱস্থা এতিয়ালৈকে হোৱা নাই। এই ৰোগ এতিয়ালৈকে লিচু উৎপাদন প্ৰধান অঞ্চলবোৰৰ বাহিৰত হোৱাৰ ঘটনাৰ কথা জনা যোৱা নাই। কিন্তু লিচু উৎপাদনৰ লগত জড়িত থকা এই মস্তিষ্ক জ্বৰৰ কাৰণ সমূহো এতিয়ালৈকে স্পষ্ট নহয়। অসম, বিহাৰ আদিকে ধৰি ভাৰতৰ অনেক ৰাজ্যতে প্ৰাদুৰ্ভাৱ থকা জাপানী এনচেফেলাইটিচৰ ৰোগ বিস্তাৰণ প্ৰণালীৰ বিষয়ে যি দৰে জনা গৈছে, লিচু জনিত এনচেফেলাইটিচৰ বিষয়ে জানিব পৰা হোৱা নাই। ভিয়েটনামৰ পৰিঘটনাটো এতিয়ালৈকে চিনাক্ত নোহোৱা এক অজ্ঞাত ভাইৰাচৰ দ্বাৰা হোৱা বুলি ধাৰণা লোৱা হৈছে যদিও তাৰো নিশ্চিতি হোৱা নাই। ২০১১ চনৰ বিহাৰৰ ঘটনাটোৰ বিষয়েও গ্ৰহণযোগ্য একো সিদ্ধান্ত হোৱা নাই। প্ৰথম অৱস্থাত মুজ্জাফৰপুৰৰ ৰোগ বিধক জাপানী এনচেফেলাইটিচ বুলিয়েই ভবা হৈছিল যদিও পৰৱৰ্তী সময়ত বিতং অধ্যয়ণত জাপানী এনচেফেলাইটিচৰ উপস্থিতি নঞাৰ্থক বুলি পৰিগণিত হয় [৪]।
পৰৱৰ্তী সময়ত প্ৰকাশিত সম্ভাৱ্য কাৰকৰ বিষয়ে দুখন গৱেষণা পত্ৰই দুটা বেলেগ, বেলেগ সম্ভাৱ্য বাখ্যা দাঙি ধৰিছে আৰু দুয়োটাই প্ৰমাণিত হ’বলৈ বাকী। প্ৰথমটো অধ্যয়ণে বাদুলি জাতীয় প্ৰাণী এই ৰোগৰ উৎস হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰিছে [৫]। লিচুৰ বতৰত বাদুলিৰ উৎপাত অতিশয় বৃদ্ধি পায় আৰু ফলাহাৰী বাদুলিৰ দেহত এনচেফেলাইটিচ সৃষ্টি কৰিব পৰা বিষাণুৰ উপস্থিতিৰ কথা জনা যায় [৬,৭]। বীজাণুবাহী বাদুলিয়ে মুখ দিয়া তলসৰা ফল খাই বিহাৰৰ শিশুবোৰ আক্ৰান্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। বিহাৰৰ লিচু এনচেফেলাইটিচৰ ঘটনাৰ কেইবাবছৰো আগতেই (২০০১-২০০৭) ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশত তাল গুৰ পগাবলৈ তাল ৰস সংগ্ৰহৰ বাবে পতা টেকেলিত বাদুলিয়ে জুঠা কৰা তাল ৰসৰ পৰা মানুহৰ গালৈ এনচেফেলাইটিচ সংক্ৰমিত হোৱাৰ ঘটনাৰ অধ্যয়ণ হৈছে [৮-১০]। বাংলাদেশত ধৰা পৰা এইবিধ এনচেফেলাইটিচৰ কাৰক ১৯৯৯ চনত মালয়েছিয়াৰ নিপাহ (Nipah) নামৰ ঠাইৰ পৰা চিনাক্ত হোৱা এনচেফেলাইটিচ ভাইৰাচ, যাৰ নাম দিয়া হৈছিল, নিপাহ ভাইৰাচ (Nipah virus)। নিপাহ ভাইৰাচৰ বাবে বাংলাদেশৰ পৰা বেছি দূৰ নোহোৱা ভাৰতৰ শিলিগুৰি অঞ্চলতো মানুহ মস্তিষ্ক জ্বৰত আক্ৰান্ত হোৱাৰ তথ্য আছে [১১]। নিপাহ ভাইৰাচ এনচেফেলাইটিচৰ সংক্ৰমণ মানুহৰ পৰা মানুহলৈও বিস্তাৰিত হ’ব পাৰে [১২,১৩], যিটো সাধাৰণতে ভাৰতত প্ৰাদুৰ্ভাৱ থকা জাপানী এনচেফেলাইটিচ আদিৰ ক্ষেত্ৰত দেখা নাযায়।
২০১১ চনৰ বিহাৰৰ লিচু এনচেফেলাইটিচৰ দ্বিতীয় সম্ভাৱ্য কাৰণ হিচাপে শেহতীয়াকৈ কেঁচা লিচুত থকা এবিধ বিহ জাতীয় পদাৰ্থ (toxin)ৰ কথা কোৱা হৈছে [১৪]। এই বিহ জাতীয় পদাৰ্থবিধ কেঁচা লিচুত শৰ্কৰা পুষ্টিহীনতাত ভোগা শিশুক ৰোগগ্ৰস্ত কৰিব পৰা পৰিমাণত মজুত থাকে। পকা অৱস্থাত পিছে ইয়াৰ পৰিমাণ হ্ৰাস পায়। কেৱল লিচুতেই নহয়, লিচু (বৈ. নাম Litchi sinensis)ৰ সমগোত্ৰীয় আন এবিধ ফল (আকী, ackee, বৈ. নাম. Blighia sapida)ৰ পৰাও পশ্চিম ভাৰতীয় দ্বীপপুঞ্জৰ জামাইকাত ১৫ বছৰৰ তলৰ শিশু-কিশোৰৰ এনচেফেলাইটিচ সদৃশ জামাইকা বমি ৰোগ [Jamaican vomiting sickness (JVS) বা toxic hypoglycaemic syndrome] হয়। শৰীৰত শৰ্কৰাৰ পৰিমাণ কম থকা অৱস্থাত (বিশেষকৈ শৰ্কৰা পুষ্টিহীনতাত ভোগা নাইবা ৰাতি পুৱাই একো নোখোৱা অৱস্থাত) নপকা এনে জাতীয় ফলত থকা বিহে মস্তিষ্কৰ প্ৰদাহৰ লেখীয়া উপসৰ্গ ঘটাব পাৰে। মুজ্জাফৰপুৰৰ ঘটনাটো লগত সেই অঞ্চলৰ সামগ্ৰিক আৰ্থ-সামাজিক আৰু পৰিপৌষ্টিক কাৰণ সমূহৰ লগতে ঘটনাৰ শীৰ্ষ সময় (পুৱাৰ ভাগ) আদি মিলাই চালে শৰ্কৰা-পৰিপুষ্টিহীনতাত ভোগা নিম্নবৰ্গৰ লোকৰ লৰা-ছোৱালীয়ে উৎপাদন উভৈনদী হৈ পৰা ভালদৰে নপকা লিচু একেবাৰে খালী পেটতে ৰাতিপুৱাই খাই ইয়াৰ বিষক্ৰিয়াত ভোগাৰ সম্ভাৱণা নুই কৰিব নোৱাৰি। কেঁচা লিচু বিষক্ৰিয়াৰ সম্ভাৱনাৰ প্ৰস্তাৱ দিয়া গৱেষক সকলে বিহাৰ চৰকাৰলৈ প্ৰকল্প (hypothesis)টো পৰীক্ষণীয় হোৱা হেতুকে এই বছৰৰ লিচুৰ বতৰতে তাৰ সত্যাপনৰ প্ৰস্তাৱ দিছে বুলি জনা গৈছে। বিহাৰ চৰকাৰৰ সঁহাৰি নাইবা এই প্ৰস্তাৱৰ পৰৱৰ্তী পদক্ষেপৰ কথা এতিয়াই জানিব পৰা হোৱা নাই।
অসমৰ ফালে এতিয়ালৈকে এই ৰোগ ধৰা পৰাৰ খবৰ নাই যদিও সাৱধান হোৱাই ভাল। মুজ্জাফৰপুৰৰ ঘটনাটোৰ কাৰক যি বুলিয়েই সত্যাপিত নহওক কিয়। সম্ভাৱ্য দুয়োটা কাৰণৰ এটাও দলিয়াই পেলাব পৰা বিধৰ নহয়। বাংলাদেশত ধৰা পৰা নিপাহ ভাইৰাচ এনচেফেলাইটিচ ভাৰতৰ শিলিগুৰি অঞ্চলত কেইবাবছৰো আগতেই ধৰা পৰিছিল। এতিয়াৰ মালদহ জিলাও বাংলাদেশৰ লগত লাগিয়ে আছে। গতিকে মালদহৰ সাম্প্ৰতিক এনচেফেলাইটিচ প্ৰাদুৰ্ভাৱৰ লগত বাংলাদেশ আৰু শিলিগুৰিৰ ঘটনাৰ সম্পৰ্ক থকাৰ সম্ভাৱনা পূৰামাত্ৰাই আছে। অসমলৈও বৰ এটা দূৰ নহয়। মালয়েছিয়াৰ পৰা যদি বাংলাদেশলৈ আহিব পাৰে তেন্তে অসম নাইবা ভাৰতৰ অইন অঞ্চললৈও ই বিস্তাৰিত হ’ব পাৰে।
লিচু এনচেফেলাইটিচৰ পৰা আঁতৰি থাকিবলৈ প্ৰাথমিক সাৱধানতা হিচাপে, বাদুলিয়ে চেলেকা/কামোৰ মৰা তলসৰা ফল খোৱাৰ পৰা আঁতৰি থাকক। কেৱল তলসৰা লিচু বুলিয়েই নহয়, বাৰীৰ কলথোকাৰ যি কেইটা কলত বাদুলিয়ে মুখ দিয়াৰ চিন দেখিছে (দাঁতৰ দাগ দেখিবই) সেইকেইটা যিমান মোক খা, মোক খা কৈ পকি থাকিলেও নাখাব। আন ফলৰ ক্ষেত্ৰটো একেই কথা। লিচু বজাৰৰ পৰা কিনিলে থোকত লাগি নথকা কেইটা পৰাপক্ষত নিকিনিব। থোকত থাকিলেও বাদুলি বা চৰায়ে খোৱাৰ চিন থকা ফল নিকিনিব। সুদা পেটতে ফলমূল (বিশেষকৈ ল’ৰা-ছোৱালীয়ে) নোখোৱাই ভাল। ”খালী পেটে জল, ভৰা পেটে ফল” জাতীয় কথা এষাৰ নাই জানো? এনেয়েও প্ৰতিৰোধ নিৰাময়তকৈ ভাল যিহেতু সাৱধান হৈ প্ৰতিৰোধ কৰোঁ আহক।
====================================================================
প্ৰসংগ সূত্ৰ: ( বৈদ্যুতিন তথ্য আহৰণৰ তাৰিখ, ৮ জুন ২০১৪, মধ্য ইউৰোপীয় গ্ৰীষ্মকালীন মান সময় ১৫:৩০-১৬:৩০)
———–
[১] অসমীয়া ৱিকিপিডিয়াত এনচেফেলাইটিচ বিষয়ক নিবন্ধ ( http://as.wikipedia.org/wiki/Encephalitis )
[২] Paireau, Juliette, et al. “Litchi–associated Acute Encephalitis in Children, Northern Vietnam, 2004–2009.” Emerging infectious diseases 18.11 (2012): 1817
[৩] Sampath, Pavitra “West Bengal litchi virus – kills eight childern, leaves six more in serious condition”, The Health Site, June 8, 2014 ( http://goo.gl/a5adYm )
[৪] http://en.wikipedia.org/wiki/List_of_mystery_diseases
[৫] Dinesh, D. S., et al. “Possible factors causing Acute Encephalitis Syndrome outbreak in Bihar, India.” Int. J. Curr. Microbiol. App. Sci 2.12 (2013): 531-538.
[৬] Cui, Jie, et al. “Detection of Japanese encephalitis virus antibodies in bats in southern China.” American Journal of Tropical Medicine and Hygiene 78.6 (2008): 1007-1011.
[৭] Fraser, Graeme C., et al. “Encephalitis caused by a Lyssavirus in fruit bats in Australia.” Emerging infectious diseases 2.4 (1996): 327.
[৮] Hsu, Vincent P., et al. “Nipah virus encephalitis reemergence, Bangladesh.” Emerging infectious diseases 10.12 (2004).
[৯] Luby, Stephen P., et al. “Foodborne transmission of Nipah virus, Bangladesh.” Emerging infectious diseases 12.12 (2006): 1888.
[১০] Luby, Stephen P., et al. “Recurrent zoonotic transmission of Nipah virus into humans, Bangladesh, 2001–2007.” Emerging infectious diseases 15.8 (2009): 1229.
[১১] Chadha, Mandeep S., et al. “Nipah virus-associated encephalitis outbreak, Siliguri, India.” Emerging infectious diseases 12.2 (2006).
[১২] Gurley, Emily S., et al. “Person-to-person transmission of Nipah virus in a Bangladeshi community.” Emerging infectious diseases 13.7 (2007).
[১৩] Homaira, Nusrat, et al. “Nipah virus outbreak with person-to-person transmission in a district of Bangladesh, 2007.” Epidemiology and infection 138.11 (2010): 1630-1636.
[১৪] John, T. Jacob and Das Mukul, “Acute encephalitis syndrome in children in Muzaffarpur: hypothesis of toxic origin”, Current Science, Vol 106, No 9, 10 May 2014

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!