অসমীয়া ভাষাত ঋণশব্দৰ ব্যৱহাৰ আৰু প্ৰয়োগ -(ড° অঞ্জল বৰা)

অসমীয়া ভাষাত ঋণশব্দৰ ব্যৱহাৰ আৰু প্ৰয়োগ:
-অঞ্জল বৰা
(টোকা: কেইদিনমানৰ পৰা অ.ক.ব গোটত বহু সদস্যই কিছুমান ইংৰাজী শব্দৰ অসমীয়া প্ৰতিশব্দ সৃষ্টি কৰাৰ নামত কিছুমান ‘পোষ্ট’ দি থকা দেখা পাইছোঁ৷ মন্তব্যত আমি কিছুমান কথা কৈ থাকিলেও বিষয়টো স্পষ্ট হ’বৰ কাৰণে এই লেখাটো তৈয়াৰ কৰিলোঁ৷ বিষয়টো ইয়াত মোৰ গৱেষণা-পত্ৰখনৰ পৰা কম কথাৰে ইয়াত উল্লেখ কৰিম৷ আশা কৰোঁ বিষয়টো স্পষ্ট হ’ব৷)
ভাষা এটাৰ মাজত বিভিন্ন ধৰণৰ শব্দ থাকে৷ এই শব্দভাণ্ডাৰৰ তালিকাখন অতি দীঘলীয়া৷ তাৰ ভিতৰৰ এটা অংশ হ’ল আমাৰ ঋণশব্দসমূহ৷ ভাষা এটাৰ সমৃদ্ধি এই ন ন শব্দভাণ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ যি ভাষাৰ শব্দভাণ্ডাৰ চহকী তেনে ভাষাই যিকোনো ভাব প্ৰকাশ কৰিব পাৰে আৰু ভাষাটোৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰি ভাষাটো মধুৰ কৰি তোলে৷ আনহাতে ভাষা এটাৰ পৰিবৰ্তনৰ মূল কাৰণ হৈছে আন ভাষাৰ পৰা কৰা শব্দৰ ধাৰ৷ ভাষাৰ কথিত আৰু লিখিত দুয়ো ৰূপতে ঋণশব্দই প্ৰভাৱ বিস্তাৰ কৰে৷ সকলো জীৱিত ভাষাই হৈছে পৰিৱৰ্তনশীল বা পৰিৱৰ্তনমুখি৷ ভাষাৰ পৰিৱৰ্তনে সাধাৰণতে ভাষাটোৰ ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব, অৰ্থতত্ত্ব সকলো ক্ষেত্ৰতে প্ৰভাৱ বিস্তাৰ কৰে৷ যেতিয়া দুটা ভাষা বা উপভাষা একে ঠাইতে ওচৰা-উচৰিকৈ প্ৰচলিত হয় তেতিয়া দুইটা ভাষাৰ মাজত কিছুমান শব্দৰ আদান-প্ৰদান হয়৷ এই ক্ষেত্ৰত শক্তিশালী ভাষাটোৰ শব্দই আনটো ভাষাত অধিক প্ৰভাৱ বিস্তাৰ কৰে আৰু এখন সুকীয়া আসন গ্ৰহণ কৰি সেই ভাষাৰ মাজত সোমাই পৰে৷ এই ক্ষেত্ৰত ভাষা দুটাৰ মাজত সাংস্কৃতিক, ৰাজনৈতিক আৰু ভৌগোলিক আদান-প্ৰদানে অধিক প্ৰভাৱ পেলায়৷
কোনো জনগোষ্ঠীৰ আন ভাষাৰ পৰা শব্দ ধাৰ কৰাৰ অন্তৰালত দুটা অভিপ্ৰায় বা উদ্দেশ্য নিহিত থাকে : সন্মানজনিত অভিপ্ৰায় (Prestige motive)আৰু অভাৱ পূৰণৰ অভিপ্ৰায় (Need filling motive)৷ আনহাতে এটা ভাষাৰ মাজত তিনি প্ৰকাৰৰ ঋণশব্দ প্ৰয়োগ হোৱা দেখা যায়-
(ক) মৌলিক ঋণশব্দ (Loan Word): যেনে- অফিচ, স্কুল, ইঞ্জিনিয়াৰ, কোম্পানী, আদালত আদি৷
(খ) অনুবাদ ঋণশব্দ (Translated Loan Word): যেনে- Musician-সঙ্গীতজ্ঞ, Love poem-প্ৰেম-কবিতা আদি৷
(গ) মিশ্ৰিত ঋণশব্দ (Hybrid Loan Word): যেনে- স্কুলঘৰ, হাৱাপানী, কাকতৱালা আদি৷
অসমীয়া ভাষালৈ ঋণশব্দৰ আগমন:
অসমীয়া ভাষালৈ এই ঋণশব্দৰ আগমন এদিনতে হোৱা নাই৷ প্ৰায় ৩০০ বছৰৰ আগতে ইংৰাজসকলে ভাৰতবৰ্ষত বেহা-বেপাৰ কৰিবলৈ আহি গোটেই ভাৰতবৰ্ষত নিজৰ আধিপত্য বিস্তাৰ কৰে৷ ইয়াৰ সমান্তৰালভাৱে ১৫০০-১৬০০ চনৰ ভিতৰত পটুৰ্গীজবিলাকেও বেহা-বেপাৰৰ মাধ্যমেৰে ভাৰতবৰ্ষৰ লগত সম্পৰ্ক স্থাপন কৰে৷ অসমৰ পটভূমিলৈ লক্ষ্য কৰিলে দেখা যায় যে ইংৰাজৰ লগত অসমৰ সম্পৰ্ক হয় ১৮২৬ চনৰ ইষ্ট ইণ্ডিয়া কোম্পানিৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ মাধ্যমেৰে৷ অসমত প্ৰকৃত ইংৰাজৰ শাসন ১৮৩৮ চনৰ পৰা আৰম্ভ হ’লেও ইংৰাজৰ আধিপত্যই অসমীয়া ভাষা-সাহিত্যৰ মাজত এক পৰিবৰ্তনৰ সূচনা কৰে৷ ইংৰাজসকলে নিজৰ শাসন কাৰ্য পৰিচালনাৰ সুবিধাৰ বাবে আৰু অৰ্হতাসম্পন্ন অসমীয়া কৰ্মচাৰীৰ অভাৱত বঙ্গদেশৰ বঙালী আমোলাসকলক আমদানি কৰাত পূৰ্বৰে পৰা চলি থকা অসমীয়া ভাষাৰ ওপৰতো প্ৰভাৱ পৰে৷ অসমৰ স্কুল-আদালতৰ পৰা অসমীয়া ভাষাক আঁতৰাই ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে প্ৰায় ৩৬ বছৰ বঙালী ভাষা প্ৰচলন কৰাৰ ফলতো অসমীয়া ভাষা নানান দুৰ্যোগৰ সন্মুখীন হয়৷ ইয়াৰ পিছত খৃষ্টান মিছনেৰীসকলৰ আগমন আৰু ‘অৰুণোদয়’ৰ সৃষ্টিয়ে অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাত সহায় কৰিলে যদিও অসমীয়া ভাষাত ইংৰাজী, হিন্দী,পাৰ্চী, আৰবী আদি শব্দৰ সমাবেশ ঘটিল৷ ইংৰাজসকলৰ উপৰিও সময়ে সময়ে অসমত হোৱা মুছলমানৰ আক্ৰমণ (১৬৬০-১৬৬২ মিৰজুমলাৰ শেষ আক্ৰমণ) আৰু তাৰপিছত যুদ্ধবন্দী হৈ পিছত অসমত নিগাজিকৈ থকা অনেক মুছলমান ব্যক্তিৰ সংস্পৰ্শতো অসমীয়া ভাষাৰ মাজত অনেক উৰ্দু, পাৰ্চী শব্দৰ প্ৰভাৱ পৰিল৷ ইয়াৰ বাহিৰেও জিকিৰ আৰু জাৰীসমূহৰ যোগেদিও ইছলাম ধৰ্ম সম্পৰ্কীয় ভালেমান শব্দ অসমীয়া ভাষাত সোমাই পৰে৷ অৰুণোদইৰজড়িয়তে অসমীয়া লিখিত ভাষা-সাহিত্যৰ মাজত অনেক দেশী-বিদেশী শব্দৰ আগমন হয় যদিও ইয়াক প্ৰকৃতাৰ্থত সবল কৰি তোলে ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতা প্ৰৱাসী অসমীয়া ছাত্ৰসকলে প্ৰ্ৰকাশ কৰা “জোনাকী” আলোচনীয়ে৷ ইংৰাজী সাহিত্যৰ ব্যাপক অধ্যয়ন আৰু তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰৱাসী ভিন্ন ভাষাভাষী মানুহৰ প্ৰভাৱ পৰাৰ ফলত অনেক ঋণশব্দ ক্ৰমে ক্ৰমে জোনাকীৰ মাধ্যমেৰে অসমীয়া সাহিত্যৰ মাজত সোমাই পৰে৷
ঋণশব্দ ভাষা এটাৰ কাৰণে ক্ষতিকাৰকনে?
ঋণশব্দ ভাষা এটাৰ কাৰণে কেতিয়াও ক্ষতিকাৰক হ’ব নোৱাৰে৷ আমি আগতেই উল্লেখ কৰিছোঁ যে ভাষা এটাৰ সমৃদ্ধি এই ন ন শব্দভাণ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে৷ এই বিষয়ে আমাৰ নিজা মত দিয়াতকৈ অসমীয়া ভাষা-সাহিত্যৰ জনক বেজবৰুৱাই তেওঁৰ ‘অসমীয়া ভাষা আৰু সাহিত্য’ বিষয়ক প্ৰৱন্ধসমূহৰ অন্তৰ্গত ‘সামৰণি বক্তৃতা’ নামৰ প্ৰৱন্ধত বিদেশী ভাষাৰ সপক্ষে কি মত আগবঢ়াইছে তাকে উল্লেখ কৰিলোঁ৷ তেওঁ কৈছে “অসমীয়া ভাষাৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ গৈ আমাৰ বন্ধুসকল সদায় শঙ্কিত, পিছে কেনেবাকৈ বিদেশী শব্দ এটা আমাৰ লেখাৰ ভিতৰত সোমায়৷ এই বিষয়তো আমি বিশেষ ভয় খোৱাটো ভাল নহয়৷ আমি ভালকে পাওঁ বা বেয়াকে পাওঁ, বিদেশী শব্দ আমাৰ ভাষাৰ ভিতৰত সোমাবই৷ ই প্ৰাকৃতিক নিয়ম৷ সকলো ভাষাৰ ভিতৰতে ভালেমান বিদেশী শব্দ আছে আৰু সেই শব্দবোৰ লৈয়েই সেই সেই ভাষা চহকী৷ নতুনতে বিদেশী শব্দবোৰ কেনেবা কেনেবা লাগে কিন্তু দিনচেৰেক পুৰণি হলেই সেইবোৰ চিনাকিমুখীয়া ঘৰুৱা হৈ পৰি ভাষাৰ অঙ্গপ্ৰত্যঙ্গৰ ভিতৰত ঠাই লৈ ভাষা-শৰীৰৰ পুষ্টি সাধন কৰে৷…কালক্ৰমত কত বিদেশী শব্দ সংস্কৃতৰ ভিতৰত সোমাই তাৰ সৈতে মিলি গৈছে তাৰ লেখ কোনে ৰাখিছে? সৰহ নালাগে, যাক আমি খাচ অসমীয়া শব্দ বোলোঁ, সিনো কিমান খাচ বিৰ দি চাই নিলেই ওলাই পৰিব (বেজবৰুৱা ৰচনাৱলী দ্বিতীয় খণ্ড, অসমীয়া ভাষা আৰু সাহিত্য, পৃ.-১৭৫০)৷” আনহাতে আন এঠাইত তেওঁ মত আগবঢ়াইছে যে “কোনোটো ভাব, কোনোটো চিন্তা আমাৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিলে সহজে বুজা বিদেশী ভাষাৰ শব্দ ধাৰকৈ আনি সেই কাৰ্য্যৰ নিমিত্তে তাৰ সহায় ল’লে ভাষাৰ মঙ্গলৰ বাহিৰে অমঙ্গল নহয় আৰু ভাষাৰ জাতো নাযায়৷ আজিকালি পৃথিৱীৰ ভিতৰত সকলো ভাষাতকৈ উন্নত ভাষা ইংৰাজী ভাষাত কত দেশৰ শব্দ সোমাই তাক চহকী কৰিছে তাৰ অন্ত নাই৷”
অসমীয়া ভাষাত ঋণশব্দ:
অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ঋণশব্দৰ তালিকাখন ইমান দীঘল যে আমি তালিকা তালিকাভুক্ত কৰিবলৈ এখন বেলেগ অভিধানৰ সৃষ্টি কৰিব লাগিব৷ এনে পৰিপেক্ষিততেডঃ বিশ্বজিত দাসে “অভিধান : অসমীয়া ভাষাৰ বিদেশী শব্দ” নামে এখন অভিধান সংকলন কৰিছিল৷ গ্ৰন্থখন ‘আঁক-বাক’প্ৰকাশনৰ৷ অসমীয়া ভাষাত ব্যৱহৃত ঋণশব্দ বা ধাৰ কৰা শব্দসমূহক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়৷
(ক) অন্য নব্য ভাৰতীয় আৰ্য ভাষাৰ পৰা অহা শব্দসমূহ৷(Words coming from N.I.A Language)৷ যেনে- বাংলা, তামিল, হিন্দী আদি ভাষাসমূহৰ পৰা৷
(খ) বিদেশী শব্দ(Foreign Words)৷ যেনে- পাৰ্চী, আৰবী, পৰ্তুগীজ, ইংৰাজী, ওলন্দাজ, জাৰ্মান,ফৰাছী, স্পেনিছ ইত্যাদি৷
আমি সততে ইংৰাজী শব্দবোৰ চিনি পাওঁ বাবে সেইবোৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সততে প্ৰতিবাদ কৰোঁ৷ কিন্তু ইংৰাজীৰ বাহিৰেও অন্য দেশী-বিদেশী ভাষাৰ কিমান শব্দ আমাৰ ভাষাত মিলি গৈছে তাক বিচাৰি উলিওৱা আজি সম্ভৱ নহয়৷ সেই শব্দবোৰক আমি অসমীয়া শব্দৰ অভিধানত ঠাই দিছোঁ আৰু নিজৰ কৰি গ্ৰহণ কৰিছোঁ৷ যিদৰে আমি এজনী ছোৱালী বেলেগৰ ঘৰ এখনৰ পৰা বিয়া কৰি আনি নিজৰ পৰিয়ালৰ ভিতৰত ঠাই দি নিজৰ কৰি লওঁ সেইদৰে৷ কিন্তু আমি কেতিযাও তেওঁৰ নাম পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰোঁ৷ কিন্তু সেই ন-বোৱাৰীৰ উপাধিৰ পিছ্ত যেনেকৈ নতুন ঘৰখনত উপাধি লাগি যায় সেইদৰেই আমি গ্ৰহণ কৰা বিদেশীশব্দসমূহৰ পিছতো কিন্তু আমাৰ নিজৰ ভাষাৰ ব্যাকৰণীকৰূপসমূহহে আমি ব্যৱহাৰ কৰোঁ৷ যেনে- টেবুলখন, মোবাইলটোলৈ ইত্যাদি৷
বহুতো ব্যক্তিয়ে সততে অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগৰ নামত বা বিশ্বদৰবাৰলৈ লৈ যোৱাৰ প্ৰসঙ্গ টানি আনি ভাষাটোত ব্যৱহাৰ কৰা ‘ঋণশব্দ’সমূহৰ অনুবাদ কৰিলেই ভাষাটো ৰক্ষা পৰিব বুলি এটা ভুল ধাৰণা লৈ থাকে৷ লগতে কিছুমান অযুক্তিৰে গোটেই বিষয়টো বিতৰ্কৰ মাজলৈ লৈ যায়৷ কিন্তু এইটো শুদ্ধ নহয়৷ অৱশ্যে বেজবৰুৱাৰ দৰে Hybrid (এধাকেচেলুৱা), Honour (এহাশুধীয়াভাৱে), Disappointed (ব্যৰ্থমনোৰথ), Serious (হাঁহিশূন্য), Bed tea (পালেং চাহ) আদিৰ দৰে নতুন শব্দ সৃষ্টি কৰিব পাৰে তেন্তে সেইয়া ভাষাটোৰ বাবে উপযুক্তই হ’ব বুলি ক’ব পাৰি৷ কিন্তু মোবাইল,চফ্টৱেৰ, মাউচ আদিৰ দৰে শব্দসমূহ যিবিলাক বৰ্তমান অসমীয়া ভাষাৰ মাজত বহুলভাৱে ব্যৱহাৰ হৈ নিজৰ কৰি লোৱা হৈছে তাক পুনৰ প্ৰতিশব্দ সৃষ্টি কৰাৰ কোনো অৰ্থ নাই৷ এই ক্ষেত্ৰত ফে’চবুকৰ দৰে শব্দক অসমীয়া কৰিবলৈ চেষ্টা কৰা বিষয়টো নিশ্চয়কৈ শক্তিৰ অপচয় বুলিহে ক’ব পাৰি৷ যিদৰে আমি অসমীয়া ‘গোলাপ চন্দ্ৰ বৰপূজাৰী’ক ইংৰাজীত ‘Rose Moon Great-Worshipper’ নাম দি লিখিব নোৱাৰোঁ একেদৰে ইংৰাজীৰ কিছুমান শব্দকো আমি অনুবাদ কৰিব নোৱাওঁ৷ কিন্তু কি কৰিব পাৰিম আৰু কি কৰিব নোৱাৰিম তাক নিৰ্ধাৰণ কৰাৰ দায়িত্বও নিজৰ৷
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!