লগন-(অনামিকা বৰুৱা)

গ্ৰন্থ আলোচনাঃ লগন

অনামিকা বৰুৱা


উপন্যাসঃ লগন

ঔপন্যাসিকাঃ বিপাশা খেৰকাটাৰী

প্ৰথম সংস্কৰণঃ নৱেম্বৰ, ২০১০

প্ৰকাশকঃ বনলতা, ডিব্ৰুগড়

মূল্যঃ ১২০.০০ টকা

লগন এখন সামাজিক উপন্যাস। জীৱন-যৌৱনৰ সুন্দৰ মুহূৰ্তবোৰ জীৱিকাৰ তাড়নাত উত্সৰ্গ কৰি জীয়াই থকাৰ মাজতে এখন নিকা সমাজৰ সপোন দেখা এজাক যৌৱনোজ্জ্বল ডেকা-গাভৰুৰ সংগ্ৰামৰ কাহিনী এয়া। বৰ্তমানৰ নৱ-প্ৰজন্মৰ জীৱন যুদ্ধৰ এক অবিকল প্ৰতিচ্ছবি আঁকি দেখুৱাইছে ঔপন্যাসিকাই। চৰকাৰী চাকৰি বিচৰাৰ নামত জীৱনটো নষ্ট নকৰি বহুজাতিক কোম্পানীৰ অধীনত মেডিকেল ছেলচ ৰিপ্ৰেজেণ্টেটিভ নামৰ অন্তহীন সংগ্ৰামেৰে ভৰি থকা জীৱিকা গ্ৰহণ কৰি জীয়াই থকাৰ সংগ্ৰাম কৰা উচ্চ শিক্ষাৰে শিক্ষিত উত্পল, নন্দিতা, হিমাংশু, অৰূপ, মৃদুল, শ্যামল, দীপাংকৰহঁতৰ সুখ-দুখ, হাঁহি-কান্দোন, সাফল্য, ব্যৰ্থতা, ক্ষোভ-হুমুনিয়াহ, স্বপ্ন, প্ৰতিবাদ, সংকল্প আদি উন্মোচন কৰাই উপন্যাসখনৰ মুখ্য উদ্দেশ্য।

এক অগতানুগতিক বিষয়বস্তুৰে অসমীয়া সাহিত্যত এইখন এক অভিনৱ সংযোজন। পাঠকে উপন্যাসৰ পাতে পাতে জীৱনক চুই যোৱা বিভিন্ন ৰঙৰ সমাহাৰ পাব। আজিৰ পৰা প্ৰায় এশ তেইছ বছৰ আগৰ সেই নিৰ্দিষ্ট দিনটোক কোনেও পাহৰিব নোৱাৰে। বিশেষকৈ শ্ৰমিক শ্ৰেণীটোৱে। শ্ৰমিক শ্ৰেণীটোৱে সেইদিনা আমেৰিকাৰ চিকাগো চহৰত মধ্যযুগীয় বৰ্বৰতাৰ বিৰুদ্ধে এক আলোকোজ্বল জয় অৰ্জন কৰিছিল। গোটেই পৃথিৱীৰ শ্ৰমিক আন্দোলনৰ ইতিহাসত এই ঘটনা কেতিয়াও পাহৰণিৰ গৰ্ভত হেৰাই যাব নোৱাৰে-সেয়ে ‘এক মে’ দিনটো আজিও বিশ্বৰ সমূহ শ্ৰমিক শ্ৰেণীৰ বাবে এটা উত্সৱৰ দিন। কেৱল শ্ৰমৰ সময় লাঘবেই সেই আন্দোলনৰ মূলমন্ত্ৰ নাছিল। সেই উদ্দেশ্যৰ আঁৰত আছিল প্ৰতিজন শ্ৰমিকৰ জীৱন বিকাশ। য’ত জড়িত হৈ আছিল আৱেগ-অনুভূতি, শিল্প-কলা, আত্মীয়ৰ সান্নিধ্য, মৰম-চেনেহ আৰু আছিল প্ৰতিটো সুন্দৰতাক স্পৰ্শ কৰাৰ এক অদম্য হেঁপাহ। সেই হেঁপাহ পূৰাব নোৱাৰি সৃষ্টি হোৱা যন্ত্ৰণাই আছিল সেই আন্দোলনৰ মূল শক্তি। সেই শক্তিৰেই পৰাজিত হৈছিল মালিক শ্ৰেণী আৰু ৰাষ্ট্ৰশক্তিৰ মিলিত হিংস্ৰ আক্ৰমণ। শ্ৰমিক শক্তিয়ে জয় গান গাইছিল।

তত্সত্ত্বেও কিন্তু ভাৰতত আজিও উত্পীড়ন, অনিশ্চয়তা, অসন্মান আৰু উদ্বেগৰ অন্ধকাৰত শ্ৰমিক শ্ৰেণী জীয়াই আছে। চৰকাৰ আৰু কোম্পানীৰ ওচৰত ন্যায্য দাবী তুলি আজিও ইউনিয়নৰ সংগ্ৰাম অব্যাহত আছে। শ্ৰমিক শ্ৰেণী অসহনীয় অত্যাচাৰৰ বলি হৈয়ে আছে। মালিক আৰু গ্ৰাহকৰ মাজৰ এটা শোষিত শ্ৰেণী। এহাতে শ্ৰমিক শ্ৰেণীৰ হাড়ভঙা খাটনিৰে মালিক শ্ৰেণীৰ আকাশ চুই যোৱা ঊৰ্ধতা আৰু আনহাতে শ্ৰমিক শ্ৰেণীৰ নিৰাশাৰে ভৰপূৰ অসহায় জীৱন-যাপন। একবিংশ শতিকাৰ আধুনিক পৃথিৱীত ভৰি দিও মানুহে নিজকে মানুহ বুলি সাব্যস্ত কৰিবৰ বাবে দিনে ৰাতিয়ে সংগ্ৰাম কৰিব লগা হৈছে।

উপন্যাসখনৰ মূল চৰিত্ৰ নন্দিতা। তিনিবছৰীয়া পুত্ৰ ৰাহুল আৰু স্বামী বেদান্তৰ সৈতে সৰু নন্দিতাৰ সংসাৰখন। কিন্তু সংসাৰৰ জোৰা মাৰিবলৈকে এদিন নন্দিতাই চাকৰিত যোগ দিছিল বহুজাতিক কোম্পানীৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে। এহাতে চাকৰিৰ প্ৰয়োজনীয়তা, আনহাতে কণমান ৰাহুলক সময় দিব নোৱাৰাৰ অক্ষমতা। উপাৰ্জন আৰু সংসাৰৰ টনা আঁজোৰাত বিধ্বস্ত হৈ ভাগৰি পৰে নন্দিতা। তাৰ মাজতে আছে চাকৰি জীৱনৰ তিক্ততা।

– এজন ভাল ডাক্তৰ হিচাপে সমাজত প্ৰতিষ্ঠিত হোৱাটো সহজ। কিন্তু এজন চৰিত্ৰৱান পুৰুষ হিচাপে জীৱনত প্ৰতিষ্ঠিত হ’ব পৰাটো খুবেই কঠিন। সকলো আপোনাৰ দৰে নহয়। নিশা এঘাৰ বজাতো আপোনাক দেখা কৰিবলৈ ভয় নকৰোঁ। কিন্তু তেওঁৰ দৰে ডাক্তৰক…. আহোঁ ডাক্তৰ। ক্ষোভিত ডাৱৰ এচপৰা কঢ়িয়াই নন্দিতা কোঠাটোৰ পৰা ওলাই আহিল…. (পৃ>৭)

– যুঁজি যুঁজি ভাগৰি পৰে নন্দিতা। ৰাহুলৰ আব্দাৰ পূৰাব নোৱাৰি অসহায়বোধ কৰে। বেজাৰত ওলাই আহিব ধৰা চকুপানীবোৰে দুচকুৰ ভিতৰতে ছটফটায়। সেইটো মুহূৰ্ততে তাইৰ ভিতৰৰ নন্দিতাই কৈ উঠে-”চকুপানীৰে ইমান আবেগিক হৈ পৰিলে নচলিব নন্দিতা। পানী বাঢ়িবলৈ ধৰা নৈখনৰ মাজডোখৰ গৈ পাইছগৈ তই। সাঁতোৰ নন্দিতা, সাঁতোৰ… নহ’লে ডুবিবি।…. (পৃ>১১)

– অপমানৰ খুন্দাটো সহিব পৰা নাই অৰূপে। ডাঃ প্ৰদীপ দাসৰ কথাকেইষাৰে যেন প্ৰচণ্ড ধুমুহাৰ ৰূপ লৈ হোঁ-হোঁৱাই তাৰ অন্তৰত প্ৰৱেশ কৰিছে। গাত সৰি পৰা কৃষ্ণচূড়া কেইপাহৰ সৈতে যেন তাৰ জীৱনটোক তাৰ তুলনা কৰিবলৈ বৰ মন গৈছে। শোষণৰ ৰাজত্বত মানৱতাৰ অস্তিত্ব ক’ত? টকাই মানুহক বলিষ্ঠ কৰে। বলে শোষণক। শোষণে মহটিয়াই নিয়ে মানৱতাক। মানৱতাই জানো আজিকালি জীয়া মানুহৰ দৰে উশাহ ল’ব পাৰে?… (পৃ>১৪-১৫)

– শাৰীৰিক অসুস্থতাৰ বাবেই চাকৰি হেৰুৱায় শ্যামলদাই। মৃদুলৰ বাবে অপেক্ষা কৰোঁতে কৰোঁতে সময়বোৰ দীঘলীয়া হৈ যায় মৌনতাৰ। দীঘলীয়া সময়ৰ দুৰ্বহতা কমাবলৈ হাতত কলম তুলি লয় মৌনতাই। মৃদুলৰ স’তে যুক্তিৰে তৰ্ক কৰে।

– দুনীৰ্তিৰ গল্পবোৰ লুকুৱাই ৰখাৰ স্বাৰ্থত যে নিশাটোৰ ভিতৰতে লাখ লাখ টকা হাতবদল হয় সেয়া আজিকালি সকলোৱে জানে। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া বা মন্ত্ৰীৰ ঘৰত ডিনাৰ পাৰ্টিত সুৰাসক্ত হোৱা নাইবা মাজনিশা মন্ত্ৰীৰ ৰঙা লাইট জ্বলা গাড়ীৰ পৰা নমা সাংবাদিকৰ কথাও শুনিছোঁ নাইবা অৰ্থলোভত ভুলক শুদ্ধ আৰু শুদ্ধক ভুল সজাই ৰসাল বাতৰি পৰিৱেশন কৰা সাংবাদিকো বহুত দেখিছোঁ। কিন্তু সেই বুলি পৰাগ দাসৰ নিচিনা নিৰ্ভীক, নিষ্ঠাৱান, দুৰ্নীতিমুক্ত সৎ সাংবাদিকো শেষ হৈ যোৱা নাই। ৰাইজৰ প্ৰতি দায়বদ্ধতা আৰু সমাজ সংশোধনৰ সুদৃঢ় মানসিকতাৰে সমৃদ্ধ আজিও বহুত পৰাগ দাস আমাৰ মাজত জীয়াই আছে আৰু তেওঁলোকৰ মাজতেই জীয়াই আছে আমাৰ বিশ্বাস আৰু আস্থা… (পৃ>৮৯)

জীৱন আগবাঢ়ে তাৰ নিজস্ব গতিৰে। নন্দিতাই কোম্পানীৰ কামৰ বাবে মুম্বাইলৈ যায়। কিন্তু উভতি অহাৰ পাছত হিচাপত আউল লাগে নন্দিতাৰ। বেদান্তই হত্যা কৰে নন্দিতাৰ বিশ্বাসৰ। শ্ৰেয়াই যৌৱনৰ ভুল কৰে। চিঙি যায় নন্দিতাৰ মৰমৰ বান্ধোন।… জুৰি, জেচিকা, ডাঃ ৰেড্ডি, নয়না অঞ্জন, তনুশ্ৰী, চাটাৰ্জী, বিজিত দা, ভৰালী আৰু অজস্ৰ চৰিত্ৰৰ সুখ-দুখৰ প্ৰতিবিম্বই ভুমুকি মাৰিছে ‘লগন’ত।

Life in a learning process and making decisions is how we learn. If we never faced any big decisions, we’d never learn any big lessons… পঢ়ি চাবচোন ‘লগন’। নিশ্চয় উপভোগ কৰিব পাৰিব জীৱন সংগ্ৰামৰ এক অপূৰ্ব চানেকি।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!