মাজুৰ মজা (উজ্জ্বল ফুকন)

“বিয়া বাৰু পাতি এনেকৈ হেলমেটৰ ফাঁকেৰে জুপি থকা ভাল নেদেখি।” ভাল ৰাজটোৱে মনৰ ভিতৰৰপৰা ৰাজক সকিয়াই দিলে।
“ধৰি ল মানে সেই আগতে বীজগণিতত যে ‘x’টো ধৰে সেই তেনেকৈ ধৰাৰ কথা কৈছোঁ। কিন্তু আজিও মই নুবুজিলোঁ সকলোৱে সৰুতে ‘x’ টোকে কিয় ধৰে? বাৰু তই ধৰিব পৰা হ’লি যদি মই বাকীখিনি কওঁ ” বেয়া ৰাজটোৱে ভাল ৰাজটোৰ ফালে কেৰাহিকৈ চাই ক’লে।
“মূৰ চোবোৱা, কাৰ মূৰটো ধৰিম। ক সোনকালে যি কৱ।” ভাল ৰাজটোৱে উত্তৰ দিলে।
“ধৰি ল তই আজি উপবাসত আছ’ কিন্তু সেইবুলি আমিষ মেনু এখন চোৱাত একো বাধা নাই। চা চা একো নাই” বেয়া ৰাজে ভাল ৰাজক ক’লে।
ৰাজে আকৌ চাওঁ নাচাওঁকৈ ল’ৰা ছোৱালী হালক চালে।
“এই বয়সত ইটোৱে সিটোৰ বাহিৰে কাকো দেখা নাপাই বুলি শুনিছিলোঁহে আজি নিজে দেখা পালো। প্ৰেম সঁচাকৈ অন্ধ।” ভাল ৰাজটোৱে আকৌ মাত দিলে ভিতৰৰ পৰা।
“প্ৰেম হে অন্ধ । প্ৰেমিক আৰু প্ৰেমিকাতো অন্ধ নহয়। আৰু এনে সময়ত মোৰ দৰে দৰ্শকবোৰৰ চকুত মেগ্নিফাইং গ্লাছ লাগি যায়।” বেয়া ৰাজটোৱে হাঁহি হাঁহি উত্তৰ দিলে।
ৰাজে সিহঁতৰ কথা মন দিবলৈ বাদ দি কাষৰ আন আন মানুহলৈ চালে। বাইকত থকাবোৰৰ হেলমেটবোৰ নিজে নিজে ওপৰলৈ উঠি ঘটনাটোৰ ফালে বেঁকা হৈ আছে। চাপৰ বোৰে বাইকত আছে যদিও পৃষ্ঠভাগ বতাহত আছে। সিহঁত ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত থিয় হৈ যিমান পাৰে ডিঙি মেলি দিছে।
কিন্তু প্ৰেমিক প্ৰেমিকাৰ কাৰো প্ৰতি ভ্ৰূক্ষেপ নাই । ট্ৰেফিক চিগনেলটোত হাহাকাৰ অৱস্থা। গ্ৰীণ চিগনেল হোৱাৰ পিছটো আগৰ বাইক কেইখন আগবাঢ়িব খোজা নাই। চকুবোৰে যেন প্ৰেমিক-প্ৰেমিকাহালৰ ওপৰত গেট-টুগেদাৰ পাতি বহি লৈছে।
কাষত থকা চাইকেল আৰোহী এজনে ৰাজৰ ফালে চাই তাক অতিক্ৰম কৰি আগলৈ চাব ধৰিলে। ৰাজেও তেতিয়াহে মন কৰিলে পথালিকৈ থকা শাৰীটো। চাইকেল এখনৰ কাষত বাইকত সি। তাৰ কাষত এখন মাৰুটি চুইফট, তাৰপিছত এখন হোণ্ডা চিটি আৰু শেষত এখন অ’ডি। ৰাজৰ এনে লাগিল যেন বেঙ্গালোৰৰ
সমাজ ব্যৱস্থাটো প্ৰতিনিধিত্ব কৰিছে প্ৰত্যেকেই। ঘেগেলা চাইকেলখন লৈ দৰিদ্ৰ শ্ৰেণীটোৰ কাষত সি নিম্ন মধ্যবিত্ত শ্ৰেণীটো, চুইফটখনে মধ্যবিত্ত, হোণ্ডা চিটি খনে উচ্চ মধ্যবিত্ত আৰু অ’ডিখনে যেন উচ্চ শ্ৰেণীটোক প্ৰতিনিধিত্ব কৰিছে।
“অ’ জান, খোজকাঢ়ি যোৱা কেইটা কোন ভাগত পৰিব”- বেয়া ৰাজটোৱে ভিতৰৰ পৰা ইতিকিঙৰ সুৰত সুধিলে।
“সিহঁত সকলোৰে ওপৰত। কাৰণ সিহঁতৰ যিকোনো গাড়ী কিনাৰ সামৰ্থ্য আছে কিন্তু কিনিবলৈ মন নাই। দেহা ঠিক ৰাখিবলৈ খোজ কাঢ়ে” ভাল ৰাজে গহীনাই ক’লে।
ৰাজেও বাইকৰ তেলৰ টেঙ্কিটোত মাৰোৱাৰী মহাজনৰ দৰে বহি থকা পেটটো চাই ভাবিলে “ই পিছৰ শাৰীটো ঠিকেই কৈছে। বাইক লোৱাৰ আগতে তাৰ পেটটো পিঠিৰ লগত প্ৰেমত মতলীয়া হৈ আছিল”।
ট্ৰেফিক পুলিচৰ চিঞৰ বাখৰ দেখি ৰাজৰ এটাই ভাল লাগে – সকলোৱে এই ঘটনাবোৰ সমানে উপভোগ কৰে। আৰু ট্ৰেফিকে বেংগালোৰত কাকো ৰেহাই নিদিয়ে।
চিগনেল এৰি এইবাৰ ট্ৰেফিক পুলিচজন ল’ৰা-ছোৱালীহালৰ ফালে আগবাঢ়িল। কোনোবা এখন গাড়ীৰ পৰা গান এটা ভাহি আহিল। গাড়ীৰ মালিকে চাগৈ জানি বুজিয়েই সকলোৱে শুনাকৈ অলপ ভলিউমটো বঢ়াই দিছে।
“য়ে লড়কা হায়ে আল্লা কেইচা হে দিৱানা। কিটনা মুচকিল হে দেখৌ ওচকৌ চমঝানা” গানটো শুনি সকলোৰে মুখত ক’ব নোৱাৰাকৈয়ে হাঁহি বিৰিঙি উঠিল।
ইতিমধ্যে ল’ৰাটোৱে ট্ৰেফিক পুলিচজন সিহঁতৰ ফালে আহি থকা দেখি ছোৱালীজনীৰ হাতত ধৰি সি দৌৰ দিলে। ছোৱালীজনীৰ দৌৰত কান্ধত ওলমি থকা বেগটোৰ পৰা কিতাপ এখন পৰি গ’ল।
সিহঁতৰ আৰু তেতিয়া কিতাপখন বুটলিবলৈ সময় নাই। কামদেৱৰ আগত আকৌ এবাৰ পৰাজয়ৰ মুখ দেখিলে সৰস্বতীয়ে।
পে-পু-পা-পা শব্দেৰে ইতিমধ্যে চিগনেলটো মুখৰিত হৈ পৰিল। সকলো যেন একো একোটা হৰ্ণৱ গোস্বামী। নিজৰ নিজৰ কামবোৰ চাগৈ সকলোৰে একেলগে মনলৈ আহিল। ৰাজৰ বহুদিনৰ মূৰত ৰূপালীম হলৰ আগবেলাৰ শ্ব’টো মনলৈ দৌৰি আহিল।
আগবেলাৰ সেই নিষিদ্ধ শ্ব’ শেষ হ’লে মানুহবোৰ যেনেকৈ ততাতৈয়াকৈ সেই খিনিৰ পৰা নোহোৱা হয় ঠিক তেনেধৰণৰ পৰিৱেশ ট্ৰেফিক চিগনেলটোত। মন কৰিবলগীয়া যে তেতিয়াৰ দিনত ইংৰাজী চিনেমা বুলিলেই প্ৰায়ভাগেই সন্দেহৰ চকুৰে চাইছিল।
কিন্তু বাহিৰৰ মেক-আপ চাই ভিতৰটো ভাল বা বেয়া বুলি ক’ব নাপায়। সেয়া ইঞ্জিনীয়াৰিঙৰ বন্ধু এজনে যোৰহাটৰ শংকৰ হলৰ ৰহস্য ভাঙি আৰু দৃঢ় কৰিছিল। কিমান সঁচা সেয়া হয়তো বন্ধু বিধানেহে জানিব। কিন্তু তাৰ কথা কোৱাৰ ধৰণটোত সিহঁত গোটেই বন্ধুবৰ্গই বিশ্বাস কৰিছিল।
“শঙ্কৰ হলৰ ‘জয় হনুমান’ পোষ্টাৰ দেখি ভুল নকৰিবি। ভিতৰত কোনোবা দক্ষিণৰ হিৰোইনে লঙ্কাকাণ্ড কৰি থাকিব।” বিধানে গহীনাই কৈছিল। সি যোৰহাটৰে ল’ৰা। সি বোলে তেনে হনুমান বহুবাৰ দেখিছে।
সিহঁতৰ হোষ্টেললৈ কেতিয়াবা বিধান আহিলে পুৰণা অসমীয়া চিৰিয়েল এখনৰ ডাইল’গ এটাৰে সিহঁতে তাক সম্ভাষণ জনাইছিল “অঔৰ হনুমান লাঔ”।
“এনেকুৱা কামদেৱ আকৌ আহিব আৰু কামিনীও হয়তো আকৌ ওলাব। কিন্তু অফিচৰ কামবোৰ তয়েই কৰিব লাগিব।” ভিতৰৰ পৰা ভাল ৰাজটোৱে মনত পেলাই দিলে।
“কামিনী নে লিঅনি?” এইটো বেয়া ৰাজৰ মাত।
“চুপ থাক দুয়োটা। অফিচ পাবগৈ লাগে সোনকালে” ৰাজে ধমক দি ভাল বেয়া দুয়োটাকে মনে মনে থাকিব ক’লে।
অফিচ সোমাই দেখিলে কেইটামানৰ ফুচফুচীয়া মেল চলি আছে। সিও বুজা নুবুজাৰ ভাৱ এটাৰে আড্ডাত যোগ দিলে।
“ক্যা ফুকন, ৱি, দ্য মি’ডল ক্লাছ পি’পল। ৱি ৱ’ণ্ট গেট এনিথিং দিছ টাইম এজ ৱেল।” নিতীশে তালৈ চাই ক’লে।
“মি’ডল ক্লাছ মিনচ ‘মেংগ’ পি’পল’ মিনচ ‘আম আদমী’। ৱ’ টৌ আজ কল বহত চমক ৰহা হে” ৰাজে নিতীশলৈ চাই ক’লে।
“নহি য়াৰ, ৱ’ লৌগ টো হড়তাল কৰতে হে। য়হা পে কৌন চুনেগা হামাৰি বাত। লৌৱাৰ ক্লাছ মিনচ ফ্ৰেচাৰ্চ এণ্ড আপাৰ ক্লাছ মিনচ টপ মেনেজমেণ্ট আৰ গেটিং গুড হাইক” এইটো অশ্বিনৰ মাত।
“অঔৰ হামলৌগ জৌ মি’ডল মে হে ৱৌ চেণ্ডৱিছ বনকে ৰহ গয়ে। দৌনৌ তৰফ চে পিচতে ৰৌহৌগে। ফ্ৰেচাৰ বৌলেগা ‘ভায়া। থৌড়া হেল্প কৰৌ। আই এম নিউ টু দিচ টেক’নলজী’। অঔৰ মেনেজাৰ বৌলেগা ‘এজ এ চিনিঅ’ৰ দিচ ইজ ইয়ৰ দে’ টু দে’ জব। টু বি এ পাৰ্ফমাৰ ইউ হেভ টু ৱাক অন দ’ ৱাটাৰ” ৰাজে ক’লে।

“চালে কৌ উচি পানী মে ডুবৌ দেনা চাহিয়ে। য়ে মিড’ল ক্লাছ চালে কিচমত মে লিখা হে চায়দ” সিং জী গৰজি উঠিল। সতিন্দৰ সিং। লুধিয়ানাৰ ল’ৰা।
হঠাৎ দূৰৰ পৰা মেনেজাৰৰ মাত শুনি সকলো লাহে লাহে নিজৰ নিজৰ ঠাইলৈ আগবাঢ়িল।
“হম হে কুত্তা ৱৌ হে কমিনা। দেখ্না ৱৌ কমিনা আজ চে ৱান-টু -ৱান চুৰু কৰেগা” সিং জীয়ে যাওঁতে লাহেকৈ কৈ গ’ল।
ৰাজেও আগৰ দুটা বছৰৰ ৱান-টু-ৱান বোৰ মনত পেলাই এইবাৰো বিশেষ একো আশা কৰা নাছিল। মধ্যবিত্ত মানে মাজৰ মানুহখিনিৰ দুখ সকলোতে একেই নেকি বাৰু? কিন্তু দুখ নে ই এক প্ৰকাৰৰ সুখ? কিবা এটা পাবলৈ দৌৰি ফুৰাটো আৰু এদিন সেই বিচৰা বস্তুটো পোৱাটোৱেই সুখ নহয় জানো।
পৰিয়ালবোৰতো দেখা যাই মাজৰটো কোনোৱে গম নোপোৱাকৈয়ে ডাঙৰ হয়। সি সৰুটোতকৈ মৰম কম পায় আৰু ডাঙৰটোতকৈ দায়িত্ব কম পায়। মনে মনে সি মাজেদি ওলাই যায়। কথাবোৰ মনৰ ভিতৰতে ভাবি থাকোঁতেই হোষ্টেলৰ দিনৰ সেই বিখ্যাত ‘গেট-টুগেদাৰ’ টো মনলৈ দৌৰি আহিল।
“ছেকেণ্ড ক্লাছ গেট-টুগেদাৰ” মানে মাজে মাজে সৰকি যোৱাবোৰৰ গেট-টুগেদাৰ। সেয়া আছিল গেট-টুগেদাৰৰ বতৰ। “চৰ্টমেন গেট-টুগেদাৰ”, “ব্লেক-বডী গেট-টুগেদাৰ”, “ব্যৰ্থ প্ৰেমিক গেট-টুগেদাৰ” আদি। ‘ব্লেক-বডী গেট-টুগেদাৰ’ত নয়নৰ ডাইলগটো আকৌ এবাৰ শুনা যেন লগিল “মই ক’লা হে, ভাস্কৰ কু-কু-লালা”। আৰু ভাস্কৰৰ উত্তৰ “তোৰ ল’ৰাটো ইমান ক’লা হ’ব যে দিনতে টৰ্চ মাৰি চাব লাগিব”। তাৰ মাজত বহুতে “ব্লেক-বডী” গেট-টুগেদাৰৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল। সিহঁতৰ মতে সিহঁত ক’লা নহয় মিঠা বৰণীয়া। ব্লেক-বডী গেট-টুগেদাৰৰ কমিটিয়ে হোষ্টেলৰ নটিছ-বৰ্ডত বিজ্ঞাপন দিছিল এনেদৰে “Man should be Dark, Tall and Handsome. Be confident with the first word “Dark”. Do join “Black Body Get together”। সাধাৰণতে এই গেট-টুগেদাৰবোৰ জীমৰ ৰূমটোত হৈছিল। ‘ব্লেক-বডী গেট টুগেদাৰ’ৰ ৰাতি জীমৰ ৰূমটোত লাইট জ্বলোৱা হোৱা নাছিল। অংশগ্ৰহণকাৰী সকলে নিজৰ মুখত টৰ্চ মাৰি পৰিচয় দিছিল। বেকগ্ৰাউণ্ডত এটা বিশেষ অসমীয়া গানৰ মাত্ৰ দুটা শাৰী অহৰহ বাজি আছিল ” মই এন্ধাৰৰ ৰজা। ৰজা যা যা। খা গজা, পাবি মজা।”
“ছেকেণ্ড ক্লাছ গেট টুগেদাৰ”ও কোনোগুণে কম নাছিল। সিহঁতৰ ড্ৰেছ ক’ড আছিল হাফ পেণ্ট, গেঞ্জী আৰু ডিঙিত টাই।
“কলেজৰ যিমান বোৰ কাম হয় সকলোবোৰ আমি কৰোঁ। ফাৰ্ষ্ট ক্লাছ কেইটা মনে মনে বহি থাকে। আৰু শেষত আমাৰ একো পাত্তা নাই।” মানসৰ গৰগৰীয়া মাতটো ভাহি অহা যেন লাগিল।
“কডিং বা ৱৰ্কচপত আমি কোনোগুণে কম নহয় হে। ৰিজাল্ট দিয়াৰ দিনে ছোৱালীবোৰে আমাক কিয় পত্নীচৰাৰ দৰে ব্যৱহাৰ কৰে।” এয়া ভাগৱতী। নলবাৰীৰ ল’ৰা।
“পত্নীচৰা?” কেইবাটাইও একেলগে সুধিলে। এই গোটেইকেইটা উজনিৰ। নগাঁওৰ ফালৰ এটাই বুজাই দিলে “পঁইতাচোৰাৰ কথা কৈছে”।
“ভাগ্যৱতী, তই সেই ছোৱালীবোৰক পাত্তা নিদিবি। সিহঁত নিজেই একোজনী পত্নীচৰা” সিদ্ধাৰ্থই ভাগৱতীক সদায় ভাগ্যৱতী বুলি কয়।
“কলেজ ৱিক চা, কোনে সকলোতেকৈ ভাল পাৰফৰ্ম কৰে” ৰূপমে সকলোলৈ চাই সোধে।
“ছেকেণ্ড ক্লাছ” সকলোৱে একেলগে চিঞৰি উঠে।
“১০০ মিটাৰৰ পৰা মাৰাথনলৈ কোনে দৌৰে? ফুটবল ক্ৰিকেট ভলীবল সকলোতে কোনে ভাগ লয়?” ৰূপমে আকৌ সোধে।
“ছেকেণ্ড ক্লাছ” আকৌ সকলোৰে টেঁটুফলা চিঞৰ।
“আমাৰ ১৫টা ছেকেণ্ড ক্লাছৰ কেইটাৰ গাৰ্লফ্ৰেণ্ড আছে? আমাৰ ছোৱালীক পাত্তা দিবলৈয়ে সময় নাই। আৰু মিনাক্ষীক মই তাইৰ মনৰ কথা সুধিলে কয় “পঢ়া শুনাত মন দিয়া।” মানে মোৰ ৰিজাল্ট বেয়া কাৰণে মোৰ কথা নাভাবে। মোৰ কি নাই?” গোস্বামীয়ে ওপৰৰ পৰা তললৈ হাত দুখনেৰে দেখুৱাই সকলোকে সুধিলে।
“ফাৰ্ষ্ট ক্লাছ নাই” শালৈৰ নিষ্ঠুৰ উত্তৰ।
“কিন্তু আমি সিহঁততকৈ বহুত বেছি এঞ্জয় কৰিছোঁ হোষ্টেল লাইফ। ৰাতি সিহঁতে যেতিয়া পঢ়ি থাকে আৰু আমাৰ পাৰ্টি চলি থাকে। সিহঁতে পৰীক্ষাৰ আগতে যেতিয়া ৰিভিজন দিয়ে তেতিয়া আমাৰ কম্বাইন ষ্টাডি আৰম্ভ হয়। পৰীক্ষাৰ আগদিনাৰ টেনশ্যনত নতুন কিবা এটা শিকাৰ মজা সিহঁতে ক’ত পাব।
“থ্ৰী ছিয়েৰ্চ টু ছেকেণ্ড ক্লাছ” ৰূপমে চিঞৰি উঠিল।
“ছেকেণ্ড ক্লাছ জিন্দাবাদ” সকলোৰে লগত ৰাজেও চিঞৰি উঠিল।
সকলোৱে নিজৰ কিউবিকেলৰ পৰা ৰাজক চালে।
“ৰাজ….”
“ৰাজ, আৰ ইউ অকে?” মনলৈ শালৈৰ মুখখন আহি আছিল যদিও মাতটো কিবা শালৈৰ মাতটোৰ লগত মিলা নাই।
এইবাৰ কোনোবাই পিঠিত হেঁচি আকৌ মাতিলে “ৰাজ, কেন ৱি হেভ এ ৱান-টু-ৱান মিটিং নাও?”
ৰাজে এইবাৰহে মন কৰিলে তাৰ কাষত মেনেজাৰটো ৰৈ আছে।
“ইয়েছ। ন’ প্ৰব্লেম” ৰাজে থতমত খাই উত্তৰ দিলে।
মিটিং ৰূমত দুয়োটা মুখামুখিকৈ বহিল। মেনেজাৰে আৰম্ভ কৰিলে “হেই ৰাজ, এজ ইউ ন’….”
“এক্সকিউজ মি, মে’ আই…..” ৰাজে মেনেজাৰলৈ চাই ক’লে।
“ইয়েছ প্লীজ” মেনেজাৰে ক’লে।
“”আই এম ডুইং গুড। বাট আউৰ কম্পেনী ইজ ন’ট ডুইং ৱেল। হুৱাটেভাৰ আই এম ডুইং ইজ অ’কে এজ এ চিনিঅ’ৰ ৰিচ’ৰ্চ বাট আই নিড টু ৱাক অন দ’ ৱাটাৰ টু বি এ পাৰ্ফমাৰ। এম আই ৰাইট?” ৰাজে সুধিলে মেনেজাৰক।
“এবচলিউটলী, হাউ ডু ইউ ন’ দেট?” মেনেজাৰে যেন এক ডাঙৰ সকাহ পালে।
“দিছ ইজ কল্ড এক্স্পেৰিন্স। লাষ্ট থ্ৰী ইয়েৰ্চ আই এম লিচেনিং টু দিজ লাইনচ ” ৰাজে গহীনকৈ ক’লে।
“অ’কে, নাও আই হেভ অ কুৱেশ্যন ফৰ ইউ” ৰাজে মেনেজাৰৰ মৰহি যোৱা মুখখনলৈ চাই ক’লে।
“ইয়েছ” মেনেজাৰে অলপ ৰূঢ় ভাবে ক’লে।
“ৱি প্ৰণাউন্স 21 এজ টুৱেণ্টি ৱান, 31 এজ থাৰ্টি ৱান, দেন হুৱাই ইজন’ট 11 প্ৰণাউন্সড এজ ৱানটি ৱান” ৰাজে সুধিলে।
“ইয়েছ। ক’জ, ইটছ অলৰেডি ডিফাইণ্ড!” মেনেজাৰে গহীনাই ক’লে।
“ইয়েছ। ইটছ অলৰেডি ডিফাইণ্ড। চেম এজ আউৰ ৱান টু ৱান মিটিং। ৱি কাণ্ট আৰ্গ্যু দি ডিছিচন। চ’ আই এম অ’কে হুৱাটেভাৰ ইউ ডিফাইন। থেঙ্ক ইউ।” ৰাজে মেনেজাৰৰ ফালে চাই ক’লে আৰু লাহেকৈ উঠিল।
“থেঙ্ক ইউ। ৰাজ” মেনেজাৰে এক নিৰুপায় ভাৱ দেখুৱাই উত্তৰ দিলে।
“এনেও প্ৰজেক্টটো সলনি কৰিব লগা হৈ আছে। যোৱাৰ আগতে অলপ এই গেলা মানুহবোৰৰ চুলি চাই খোপা বান্ধি থৈ যাব লাগে। কেতিয়াবা হুৱাটছপৰ মেছেজ কিছুমানে ভাল কাম দিয়ে।” ৰাজে মিটিং ৰূমটোৰ পৰা ওলাই আহি ভাবিলে।
“চুলি চাই খোপা নহয় অ’ চুঙা চাই সোপা” মনৰ ভিতৰত তিনপাট্টি খেলি বহি থকা ভাল আৰু বেয়া ৰাজ দুয়োটাই প্ৰায় একেলগে চিঞৰি উঠিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments