মাত্ৰুভূমি: নাৰীবিহীন এটা জাতি (সুজাতা হাতীবৰুৱা)


220px-Matrubhoomi_posterদুহেজাৰ তিনি চনৰে এই হিন্দী বোলছবিখন চাইছিলো এমাহৰ আগতে । বিষয়-বস্তু আছিল স্ত্ৰী ভ্ৰূণ হত্যাৰ পৰা হ’বপৰা প্ৰভাৱ । এক ধৰণৰ কাল্পনিক ভৱিষ্যতৰ চিত্ৰায়ণেৰে স্ত্ৰী ভ্ৰূণ হত্যাৰ ভয়াবহতাৰ কথা দেখুওৱা হৈছে । ছবিৰ কাহিনী আৰম্ভ হৈছে বৰ্তমান সময়ৰ বিহাৰৰ এটা পৰিয়ালত সন্তান জন্ম হোৱাৰ সময়খিনিৰে । আটায়ে উৎকন্ঠাৰে বাট চাই থকা সন্তানটি কন্যা সন্তান বুলি গম পোৱাৰ লগে লগেই সকলোৰে উৎসাহ মাটি হৈ গ’ল ।মাকৰ প্ৰসৱ বেদনাক ভেঙুচালি কৰি সদ্যভূমিষ্ঠ সন্তানটিক নিজ দেউতাকেই গাখীৰত ডুবাই পৃথিৱীৰ পৰা বিদায় দিলে । বাতৰিত পঢ়িবলৈ পাই থকা এনে খবৰ সঁচাকৈ কিমান ভয়ানক হ’ব পাৰে সেয়া দৃশ্যকেইটাৰে অনুমান কৰিব পাৰি । সেয়া আৰম্ভণি । তাৰ পাছত বছৰৰ পাছত বছৰ কন্যাসন্তানৰ বধ্যভূমিত পৰিণত হোৱা সেই গাঁওখনৰ আৰু ওচৰ-পাজৰৰ গাঁওবোৰলৈ কেমেৰা ঘূৰি আহে দুহেজাৰ পঞ্চাছ চনত । ইতিমধ্যেই গাঁওবোৰৰ পৰা সম্পূৰ্ণৰূপে মহিলা নোহোৱা হৈছে । কন্যা সন্তানৰ লগতে বয়সীয়াল মহিলাসকলো কিয় নোহোৱা হ’ল তাৰ একো কাৰণ নেদেখুৱালেও ল’ৰা সন্তানৰ আশাত অধিক সন্তান জন্ম দি পুষ্টিহীনতাত ভুগি মৃত্যু হোৱা বুলি ধৰি লবও পাৰি । সম্পূৰ্ণ পুৰুষেৰে পূৰ্ণ গাওঁবোৰত এতিয়া যুৱ প্ৰজন্ম প্ৰাকৃতিক দাবী মতেই নাৰী সান্নিধ্যৰ বাবে আকুল । হয়তো নাৰীৰ অস্বাভাৱিক শূণ্যতাই কিছু কিছুৰ মাজত অস্বাভাৱিক যৌন লালসাৰ জন্ম দিয়ে আৰু ঘটে আনকি পশুগমনৰ দৰে ঘটনাও । বিয়াৰ বাবে উপযুক্ত পাত্ৰীৰ অভাৱত বৰলা জীৱন কটোৱা কাৰোবাৰ বাবে কন্যা বিচাৰি বাপেকহঁতে লাখ টকা খৰচ কৰিবলৈও তেতিয়া কুণ্ঠাবোধ কৰা নাই । ঘটিছে নাৰী কিনা -বেচা কাৰবাৰ, টকাৰ লোভত কোনোবাই নিজৰ কিশোৰ পুতেককে ছোৱালী সজাই বিয়া দিয়াৰ চেচ্টা চলাইছে । সম্পূৰ্ণ গাঁৱৰ পৰিবেশত এই নিষ্ঠুৰ সত্যবোৰক কিছু হাস্যৰসৰ মাজেৰে বিশ্বাসযোগ্যভাৱে দেখুওৱা হৈছে । তাৰ পাছতকাহিনী কেন্দ্ৰীভূত হয় দেউতাক আৰু এটা বনকৰা ল’ৰাৰ সৈতে বাস কৰা পাঁচজন বৰলা ভাই-ককাইৰ ওপৰত । এই পাঁচজন ভাই-ককাইৰ বাবে অশেষ চেচ্টা কৰিও দেউতাকে বোৱাৰী যোগাৰ কৰিব পৰা নাছিল। ইফালে ডাঙৰ পুতেক কেইজনৰ পৰা তাৰ বাবেই কটু কথাৰে আক্ৰান্ত দেউতাকে এদিন হাততে সৰগ ঢুকি পালে পৰিয়ালৰ পূজাৰীয়ে আনি দিয়া ওচৰৰ গাঁও এখনৰ কল্কি নামৰ যুৱতী এগৰাকীৰ খবৰেৰে । নাৰীৰ নাটনিলৈ চাই পাঁচোজন পুত্ৰৰ বাবে বিবাহৰ প্ৰস্তাৱ টকাৰ প্ৰলোভনেৰে আগবঢ়োৱাত কল্কিৰ দেউতাক মান্তি হয় । ফলত ফুলৰ দৰে কোমল সদ্যযৌৱনপ্ৰাপ্ত ছোৱালীজনী নিজৰ ইচ্ছাৰ বিৰুদ্ধেই পাঁচলাখ টকাত বিক্ৰী হৈ পাঁচজনৰ পত্নী হয়গৈ । পিছে কল্কিৰ ভাগ্য মহাভাৰতৰ দ্ৰৌপদীতকৈ বেয়া আছিল । কাৰণ কেৱল উপভোগৰ দ্ৰব্য হিচাপে খোজ পেলোৱা ঘৰখনত তাই প্ৰথম চিকাৰ হ’ব লগা হ’ল স্বয়ং শহুৰেকৰ । মাকৰ মমতাহীন পুতেকহঁতৰো হয়তো হৃদয়বোৰ শিলতকৈও কঠোৰ হৈ পৰিছিল একমাত্ৰ সৰু ল’ৰাটোৰ বাহিৰে ।
শহুৰেক, চাৰিজনকৈ স্বামী নামৰ আন চাৰিজন পুৰুষৰ বিকৃত যৌন কামনাৰ বলি হোৱা কল্কিয়ে অকণমান জীয়াই থকাৰ বাট বিচাৰি পাইছিল আটাইতকৈ সৰু পতিজন আৰু বনকৰা কিশোৰটোৰ সংগত । কণিষ্ঠতম পতিয়েহে তাইৰ শৰীৰৰ ঊৰ্ধত গৈ মনটোক চুইছিল আৰু একমাত্ৰ বন্ধুৰ দৰে ব্যৱহাৰ কৰিছিল । এই সৰু পতিজনৰ প্ৰতি কল্কিৰ সহজাত মৰমেই তাৰ মৃত্যুৰ কাৰণ হৈ পৰিল । নিজৰ ঈৰ্ষাকাতৰ ককায়েকহঁতৰ হাততে তাৰ প্ৰাণ গ’ল । ফলত একমাত্ৰ আশ্ৰয়টোও তাই হেৰুৱালে । পলাই যাবলৈ চেচ্টা কৰোতে ধৰা পৰি আৰু এই ক্ষেত্ৰত সহায় কৰা দলিত সম্পদায়ৰ বনকৰা ল’ৰাটোকো মাৰি পেলোৱাৰ পাছত কল্কিয়ে গোহালিত এটা বন্দী জীৱন কটাবলগা হয়। পিছে তাতো শাৰীৰিক অত্যাচাৰ নহয় । বৰং এইবাৰ আৰু যোগ হয় বনকৰা মৃত ল’ৰাটোৰ প্ৰতিশোধ পৰায়ণ খুৰাক দুটাৰ লুকাই চুৰকৈ কৰা শোষণ । অচেতন কল্কিৰ ওপৰত শাৰীৰিক শোষণ কৰাটোকে সিহঁতে ভতিজাকৰ মৃত্যুৰ প্ৰতিশোধ লোৱা বুলি ভাবিবলৈ লয় । তাৰ পাছত গৰ্ভৱতী বুলি গম পোৱাৰ পাছত কল্কিৰ গোহালিৰ পৰা ঘৰলৈ আগমন,ঘটনাৰ পাকচক্ৰত পৰি গাঁওখনৰ আটাইবোৰ পুৰুষৰেই কল্কিৰ বাবে ইজনৰ সিজনৰ আক্ৰমণত নিহত, কল্কিৰ এজনী কন্যা সন্তানৰ জন্ম । ছবিৰ শেহৰছোৱা অলপ নাটকীয়ভাৱে ঘটনাবহুলযদিও যিটো মেচেজ দিব বিচৰা হৈছিল তাত পৰিচালক সফল হোৱা বুলিয়েই ক’ব লাগিব । কেৱল স্ত্ৰী ভ্ৰূণ হত্যাই নহয় বৰঞ্চ ছবিখনত অসহায় নাৰীৰ ওপৰত পুৰুষে চলোৱা শাৰীৰিক মানসিক অত্যাচাৰকো দেখুওৱা হৈছে । খুব কম পুৰুষহে দেখা গৈছে যি নাৰীৰ মনৰ ভিতৰখন চাব বিচাৰে । ছবিখনত আনকি কল্কিৰ দেউতাকেও তাইৰ কষ্টক বুজিবৰ চেচ্টা কৰা নাই ।শহুৰেকে চলোৱা অত্যাচাৰৰ কথা কৈ দেউতাকক মাতি আনোতে দেউতাকে আৰু এক লাখ টকা শহুৰেকৰ হাতৰ পৰা লৈ তাইক ন্যায় পোৱা বুলি আশ্বস্ত কৰিছে । গোহালিত সঁচাকৈয়ে জন্তুৰ দৰে ব্যৱহাৰ কৰা দৃশ্যবোৰেও গা-মন জোকাৰি তোলে ।কেৱল নাৰী নথকা বাবেই পুৰুষসকল ইমান নিষ্ঠুৰ হৈ উঠে নেকি? নাৰীসকলেই বাৰু পুৰুষসকলৰ জান্তৱ মনবোৰ দমাই ৰাখে নেকি?

সি যি নহওক, শেহৰ ফালে কল্কিয়ে পুৰুষ নিঃশেষ হৈ যোৱা ঠাইখনত জন্ম পোৱা কন্যা শিশুটোক আলফুলে তুলি লোৱাৰ পৰাই অনুমান কৰিব পাৰি এক নতুন সময়ৰ আৰম্ভণিৰ । কল্কিৰ অৱতাৰ লৈ ভগৱানে দুষ্টক দমন কৰিবহি বুলি হিন্দু ধৰ্মশাস্ত্ৰত কোৱা আছে । অৱশ্যে ছবিখনত কিন্তু কল্কি চৰিত্ৰটো শক্তিশালী প্ৰতিবাদী ৰূপত প্ৰতিফলিত ন হ’ল । সময়ে সময়ে মূৰ দাঙি উঠিবৰ চেচ্টা কৰিলেও চৰিত্ৰটোক নাৰী অৱদমনৰ প্ৰতীক যেনহে দেখা গ’ল বেছিকৈ । তথাপিও এক নিষ্ঠুৰ প্ৰথাৰ ভৱিষ্যতৰ কাল্পনিক ফলাফল চিত্ৰায়িত কৰি এই প্ৰথাৰ বিৰুদ্ধ মানুহক সচেতন কৰি তোলাৰ প্ৰয়াসৰ বাবে ছবিখনৰ লগত জড়িত সকলোৱে ধন্যবাদৰ পাত্ৰ । ছবিখনৰ কাহিনীৰ লেখক তথা পৰিচালক মনীষ ঝাৰ মতে সেয়া হৈছে তেঁওৰ জীৱনৰ সৰু কালৰ বাস্তৱ অভিজ্ঞতা । অভিনয়ৰ সাৱলীলতালৈ চাই ছবিৰ সৰহসংখ্যক মূল চৰিত্ৰৰ অভিনেতাই থিয়েটাৰ শিল্পী যেনেই লাগিল । কল্কিৰ চৰিত্ৰত টিউলিপ যোশীক মাজে -মাজে জঠৰ যেন লাগিলেও সেয়া চৰিত্ৰটোৱে দাবী কৰা নিষ্পাপতাও হ’ব পাৰে । আন প্ৰান্তত এতিয়াও চলি থকা স্ত্ৰী ভ্ৰূণ হত্যা অসম তথা উত্তৰ পূৱ ভাৰতৰ আন কেইখন ৰাজ্যৰ প্ৰচলিত প্ৰথা নহয় যদিও শেহতীয়া তথ্যমতেও ভাৰতৰ আন প্ৰান্তৰ লগতে উত্তৰ-পূৱ ভাৰততো পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা কম । অৱশ্যে দেশৰ গড় অনুপাতৰ ক্ষেত্ৰত বাকী সাতখন ৰাজ্যৰ অৱস্থা উন্নত যদিও চিকিমত পুৰুষ নাৰীৰ পাৰ্থক্য চকুত লগাকৈ বেছি । এসময়ত যৌতুক প্ৰথা অসমত নাই বুলি গৌৰৱ কৰি থাকোতেই কোন পাকত ই আহি সোমাই কিমানজনী বোৱাৰীৰ প্ৰাণ ল’লেহি বা লৈ আছে হিচাপ নাই । কণ্যা ভ্ৰূণ হত্যাৰ দৰে প্ৰথাও যাতে আমাৰ ঠাইবোৰত ঘটিবলৈ নলয় তাৰ বাবে সমাজৰ মানুহ হিচাপে সকলোৱে সচেতন হৈ থকাৰ প্ৰয়োজন আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!