সংকটকালত মাধ্যম বিতৰ্ক (পংকজ ঠাকুৰীয়া)

(১)

শিক্ষা ব্যৱস্থাত মাধ্যম এটা গুৰুত্বপূৰ্ণ বিষয়। ছাত্ৰই কি মাধ্যমত শিক্ষা ল’ব বা কোনটো স্তৰত কি মাধ্যমত শিক্ষা লব সেয়াই নিৰ্ধাৰণ কৰে ছাত্ৰজনৰ পৰা ভৱিষ্যতে সমাজ, দেশ বা গাঁওখনে কেনেধৰণৰ সম্ভাৱনা আশা কৰিব পাৰে। অসমত যোৱা দুটা দশকৰ পৰা বহু সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয় গাঁৱে-চহৰে গঢ়ি উঠা দেখা গৈছে। আনহাতে চৰকাৰীভাৱেও ইংৰাজী মাধ্যমত বিদ্যালয় খোলাৰ চিন্তা চৰ্চা আৰম্ভ হোৱা দেখা গৈছে। গতিকে এই বিষয়ত এটা সুষ্ঠ নিৰ্মোহ আলোচনা সময়ৰ আহ্বান। অসমৰ বুদ্ধিজীৱী, শিক্ষাবিদ, গৱেষক সকলোৱে বিষয়টোৰ ওপৰত আলোচনা বা গৱেষণাৰ বাবে আগবাঢ়ি অহাটো অত্যন্ত জৰুৰী আৰু তেওঁলোকে চৰকাৰখনক উচিত সিদ্ধান্ত লবলৈ বাধ্য কৰিব লাগিব। ফে’চবুক বুলি সামাজিক মাধ্যমৰ ‘অসমীয়াত কথা-বতৰা’ নামৰ গোটটোত এই বিষয়ৰ কেইটামান আলোচনাত ভাগ লৈছিলোঁ। প্ৰায় ১০০০০ সদস্যৰ গোটটোত ভাল ভাল আলোচনা হৈছিল আৰু তাত কিছুমান বিপৰীতমুখী চিন্তাধাৰা দেখা গৈছিল। তাৰে আধাৰত এই লেখা যুগুত কৰা হৈছে। সহায় লোৱা প্ৰাসংগিক ইংৰাজী গৱেষণাপত্ৰ আৰু প্ৰবন্ধবোৰৰ নাম তৰ্জমা নকৰাকৈ তুলি দিছো যাতে তৰ্জমা কৰিলে ভাৱৰ সালসলনি। নহয় লিখনিটো জাতীয়তাবাদী দৃষ্টিভংগীৰপৰা আঁতৰত ৰাখি সম্পূৰ্ণ বস্তুবাদী কৰি ৰখাৰ চেষ্টা কৰিছোঁ।

দ্বান্দ্বিক দৃষ্টিভংগী ১


ক) স্থিতাৱস্থাৰ লগত সহাৱস্থান আৰু মধ্যবিত্তৰ নিজকে নিৰাপদ দূৰত্বত ৰাখিবৰ বাবে স্থিতাৱস্থাৰ সুযোগ গ্ৰহণ তথা সামাজিক বাতানুকুল পৰিৱেশ এটাৰ মাজত নিজকে ধৰি ৰখাৰ মানসিকতা।
খ) বৈপ্লৱিক চিন্তাধাৰাৰে আবেগবৰ্জিত বস্তুনিষ্ঠ ধাৰণাৰে জ্ঞানৰ সাৰ্বজনীনতাৰ প্ৰতিষ্ঠা।

অলপ বিতংকৈ কওঁ:
তীব্ৰ গতিত পৰিৱৰ্তিত গোলকীকৃত বিশ্ব বা পৰিৱৰ্তিত পৰিৱেশে ইয়াৰ লগত খাপ খাবলৈ বা সমতা বজাই ৰাখিবলৈ ইংৰাজীতে (ইংৰাজী শিক্ষা নহয়; প্ৰাক-প্ৰাথমিকৰ পৰাই ইংৰাজী মাধ্যমত শিক্ষাৰ কথা কৈছোঁ) শিক্ষা লাভ কৰাটো প্ৰায় বাধ্যতামূলক বুলি আমাৰ মাজত এটা পথ নিৰ্দেশনা আঁকি দিয়া হৈছে। কোনে, কেতিয়া, কেনেদৰে আৰু কিহৰ স্বাৰ্থত আঁকি দিলে সেয়া বহু দীঘল আলোচনা। উন্নতি বা প্ৰগতিৰ ধাৰণা সদায় আপেক্ষিক। জিকমিক ভমকাফুলীয়া অতীতৰ হঠাৎ (বা ক্ৰমশ?) হোৱা পৰিৱৰ্তন আৰু তাৰ লগত হোৱা সংযোগবিহীনতাই (গোলকীয় ভাষাত Generation gap) তথা সামাজিক ৰাজনৈতিক নৈৰাশ্যই (আদৰ্শবিহীন ৰাজনীতি, অতীতত শংকৰদেৱৰ স্থানত ৰাইজে ৰখা নেতাৰ অধঃপতন তথা বিশ্বাসঘাতকতা) সমসাময়িক মধ্যবিত্তৰ মনত ভবিষ্যত সম্পৰ্কে শংকা আৰু সন্দেহৰ বীজ সিঁচি দিলে। বীজৰ পৰা পুলি হ’ল যি আমাৰ মানসিকতাত শিপা মেলি এডাল বৃক্ষ হ’বলৈ গৈ আছে। সমাজ জীৱনত ই এনেদৰে প্ৰক্ষেপিত হৈছে বা সপোন দেখুওৱা হৈছে যে এই বটবৃক্ষৰ ছাঁতে অসমীয়া মধ্যবিত্তই অনাগত উজ্জল ভৱিষ্যতৰ সেউজীয়া বতাহজাকৰ পৰশত প্ৰাণ পাই উঠিব। প্ৰাথমিক শিক্ষা লাভ কৰা সময়তে সমান্তৰালভাৱে উচ্চ শিক্ষিতৰ প্ৰাথমিক গন্তব্যস্থান তথা ব্যুৎপত্তিলাভৰ (বৈষয়িক? মানসিক?) সপোনপুৰী হিচাপে ডাঙৰ চহৰসমূহক শিক্ষাৰ্থীসকলৰ মানসপথত বেনাৰ হিচাপে লিখি দিয়া হ’ল। অসমীয়া মধ্যবিত্তৰ জানো ভুল আছিল? বিধ্বস্ত অৰ্থনীতি (বিশেষকৈ গ্ৰামীন), চৌদিশে বৈপ্লৱিক চিন্তাৰ নামত বাৰুদৰ গোন্ধ, জনগোষ্ঠীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ (সন্দেহ আছে) নামত আদৰ্শবিহীন সশস্ত্ৰ পন্থা, ক্ৰমভংগুৰ সাতামপুৰুষীয়া জনগোষ্ঠীয় ঐক্য, ক্ষয়িঞ্চু মানৱ অধিকাৰ, বৈপ্লৱিক চিন্তাধাৰাক সন্দেহৰ চকুৰে চাবলৈ গঢ় লৈ উঠা অভ্যাস (এবাৰ সাপে খুঁটিলে…. আমাক আকৌ বহুবাৰ খুঁটি থৈছে), শ্ৰমজীৱী খেতিয়ক বনুৱাক সমাজ-জীৱনত তলৰ খাপৰ বুলি গঢ় লৈ উঠা মানসিকতা, ৰাজহুৱা উদ্যোগীকৰণৰ নামত একোখন চৰকাৰী অৰ্থহৰণ ভাওনা….সকলো দেখি শুনি সকলো মধ্যবিত্তই নিজৰ সন্তানক এটা উজ্বল ভবিষ্যতেদি আগুৱাই নিবৰ চেষ্টা নকৰি যদি হাত সাৱটি বহি থাকে তেন্তে সেয়া প্ৰচণ্ড মূৰ্খামি হে হব। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ তথৈবচ অৱস্থা সকলোৱে একেমুখে মানি লোৱা সত্য। ইংৰাজী কথনৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ খোকোজাই অনাগত দিনত একোটা ভাল চাকৰি পোৱাৰ ক্ষেত্ৰত বিধি পথালি দিব বুলি একোটা প্ৰাকধাৰণা গঢ়ি উঠাত আচৰিত হ’বলগীয়া একো নাই। গতিকে ইংৰাজী মাধ্যমতে মাত্ৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়াটো পৰিৱেশ প্ৰদত্ত বা সাময়িক সমাজব্যৱস্থাৰ অবৈধ প্ৰজননৰ ফল বুলি আমি মানি লব লাগিব।
এইখিনিতে অইন এটা বিপৰীতমুখী চিন্তাইও (খ) মূৰ ডাঙি উঠে। জ্ঞানৰ সাৰ্বজনীনতা আৰু তাৰ আধাৰত প্ৰায় চিৰসেউজ (পৃথিৱীৰ বহু ঠাইৰ তুলনাত মাত্ৰ এক কি দুই মাহহে গছৰ পাত নাথাকে) বৃহৎ অসম ভুমিত জন্মলাভ কৰা এটা ব্যতিক্ৰমী বৈপ্লৱিক চিন্তা। প্ৰশ্ন উঠে জ্ঞানৰ সাৰ্বজনীনতা আৰু মাধ্যমৰ মাজত সম্পৰ্ক কি? জ্ঞান লাভ আৰু মাধ্যমৰ সম্পৰ্ক কি? কেনেকৈ বৈপ্লৱিক? ওপৰোক্ত কথাখিনি বুজিবলৈ আগতেই কৈ অহা প্ৰগতিৰ আপেক্ষিক ধাৰণা বুজিব লাগিব তথা প্ৰগতিক একমাত্ৰিক (one-dimensional) স্থূল বা সংকীৰ্ণতাৰ পৰা উদ্ধাৰ কৰি আনি বহুমাত্ৰিক (multidimensional) দৃষ্টিৰে চাব লাগিব। অৰ্থনীতিক বাদ দি সমাজনীতি দৰ্শন মিছা। প্ৰগতিৰ আপেক্ষিকতা আৰু বহুমাত্ৰিকতা কি? কথাবোৰ অলপ সহজকৈ ক’বলৈ চেষ্টা কৰা হ’ল।

আপেক্ষিকতা:
১. উচ্চ জি. ডি. পি ৰ এখন দেশ য’ত ১০% নাগৰিকৰ ধনে নিৰ্ণয় কৰে দেশৰ জি. ডি. পি. আৰু বাকী ৯০% নাগৰিকৰ না জল না থল অৱস্থা (ভূপেন হাজৰিকাৰ ভাষাত অট্টালিকাৰ শাৰীৰ তলত থকা গৃহহীন নৰ-নাৰী )।
২. ৯০% জনগণৰ ধনে নিৰ্ণয় কৰে দেশৰ অৰ্থনীতি।
বহুমাত্ৰিকতা:
১. আমাৰ গাঁৱৰ দহজন ল’ৰাই উচ্চশিক্ষা লাভ কৰি বিদেশী বহুজাতিক কোম্পানীত চাকৰি কৰি গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে।
২. আমাৰ গাঁৱৰ ১০০% লোকেই পঢ়িব লিখিব জানে তথা চৰকাৰী বেচৰকাৰী সকলো নিয়ম কানুন বা দৈনন্দিন জীৱন যাপনৰ দৰকাৰী কথাবোৰ নিজে পঢ়িব পাৰে তথা শিক্ষা ব্যৱস্থাই তেওঁলোকক নব্য-উদ্ভাৱনকাৰী চিন্তাৰে (innovative) পৰম্পৰাগত জীৱন শৈলীক নতুন মাত্ৰা প্ৰদানত সহায় কৰিছে।
একেবাৰে সহজ ভাষাত আমাৰ মাজৰ প্ৰচলিত মূল সংকীৰ্ণ ধাৰণা এই যে শিক্ষা লাভৰ প্ৰধান উদ্দেশ্যৰ একমাত্ৰিক চাকৰীমুখী ৰূপ আৰু ব্যক্তিগত লক্ষ্যকেন্দ্ৰিকতা। কল্পনা কৰক ৰাজ্যখনৰ ১০০% মানুহে ডেকাৰ পৰা বুঢ়ালৈ নিজৰ কথিত মাধ্যমত পঢ়িব লিখিব জানে তথা দৈনন্দিন জীৱনৰ মৌলিক লাগতিয়াল সকলো কথা নিজে পঢ়ি লব পাৰে তথা অফিচে কাছাৰীয়ে কাৰো ওচৰত হাত পাতিব নালাগে। সামগ্ৰিক উন্নয়নৰ ই প্ৰাথমিক স্তৱক। অমৰ্ত্য সেনৰ মতে “Poverty is not only about economic conditions and growth; expansion of human capabilities is a more basic locus of poverty and more basic objective of development. Dominant-language medium education for indigenous children curtails the development of their capabilities and perpetuates poverty”. ভূমিৰ লগত বিচ্ছিন্ন শিক্ষা ব্যৱস্থা আৰু জীৱনৰ মৌলিক প্ৰয়োজন সম্পৰ্কে সজাগ শিক্ষা ব্যৱস্থাই কেনেদৰে জটিল বৈজ্ঞানিক বিষয়তো সহায় কৰে সেই সম্পৰ্কে এটা সৰু উদাহৰণ হিচাপে বিখ্যাত বিজ্ঞানী পওল চি. কেনফিল্ডৰ Nature Physics ত প্ৰকাশিত “A cook’s tale” প্ৰবন্ধটো পঢ়িব পাৰে

এতিয়া বৈপ্লৱিক চিন্তাৰ কথা কওঁ। বিপ্লৱে সমাজ ব্যৱস্থা, অৰ্থনীতি, সংস্কৃতি আদি সকলো বিষয়ৰ তুমুল পৰিৱৰ্তন আনে। যদি প্ৰচলিত বা পৰিৱেশ প্ৰদত্ত চিন্তাধাৰাৰ বিপৰীতে তথা ব্যক্তিগত উন্নতিয়ে প্ৰগতি বুলি সংকীৰ্ণ ভাৱধাৰাৰ (ধৰা হওক আমাৰ ৰাজ্যৰ পৰা বছৰি ৫০০ জন অভিযন্তাক ভাৰতৰ অইন চহৰত চাকৰি কৰিব পঠাইছোঁ আৰু সেয়াই আমাৰ উন্নতিৰ মাপকাঠি) পৰা আঁতৰি বৃহত্তৰ ক্ষেত্ৰখনত মাতৃভাষাত শিক্ষা দি সৰ্বসাধাৰণক শিক্ষিত কৰিবলৈ আগবাঢ়োঁ, তেন্তে সেয়া প্ৰচলিত (আজি কেইবছৰমানৰ পৰা) সমাজব্যৱস্থাৰ বিকল্পৰ সন্ধান হব। কিন্তু সেই চিন্তাধাৰাই সমাজ ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰিব নে সেয়া দ্বিতীয় ভাগত আলোচনা কৰা হৈছে।

 

(২)

 

দ্বান্দ্বিক দৃষ্টিভংগী ২
ক) ব্যক্তিগতভাবে প্ৰতিষ্ঠা কৰা বা কেন্দ্ৰীয় চৰকাৰৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে আমাৰ পুৰণিকলীয়া শিক্ষা ব্যৱস্থাক আঁতৰাই সময়োপযোগী উন্নত প্ৰযুক্তি পৰিচালিত শিক্ষাৰ প্ৰচলন কৰিছে আৰু অসম তথা দেশৰে শিক্ষা ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে।
খ) দেশীয় দ্বিভাষীয় (তৃভাষীয়) শিক্ষা ব্যৱস্থাই মূলবিচ্ছিন্ন নোহোৱাকৈ সামগ্ৰিক, সামাজিক তথা ব্যক্তিসত্তা উৎকৰ্ষ সাধনৰ যোগেদি বিকাশৰ বাবে একমাত্ৰ পথ।

বিতংকৈ কওঁ:
নগৰত পুৱাতে উঠি বিদ্যালয়ৰ বাছ বা গাঁৱত ৰিক্সাত উঠি জোতা-মোজা, পৰিপাটী সাজ পিন্ধি পিঠিত কিতাপ পত্ৰৰ মোনা লৈ আমাৰ নতুন প্ৰজন্মই ভৱিষ্যতলৈ যোৱাটো এটা মনোমোহা দৃশ্য। বিদ্যালয়ত সুন্দৰ পৰিৱেশত দেশ বিদেশৰ নানা কথা জানিব পাৰিছে আৰু মাত্ৰ দুটামান শ্ৰেণী পাৰ হৈয়ে আজিৰ যুগত অতি দৰকাৰী (survival for the fittest) ইংৰাজীতে সলসলীয়াকৈ কথা কব পাৰিছে। প্ৰাকপ্ৰাথমিক ( LKG, UKG) স্তৰৰ পৰাই কেৱল বিদ্যালয়তে শিক্ষা লাভক সামৰি নথৈ অভিভাৱককো সাঙুৰি ঘৰুৱা কাম (ঘৰৰ কাম নহয়, বিদ্যালয়ৰ পৰা ঘৰত কৰিবলৈ দিয়া কাম, যাৰ ঘৰুৱা কামৰ লগত কোনো সম্বন্ধ নাই) আদিৰ দ্বাৰা শিক্ষা লাভক এটা নতুন মাত্ৰা প্ৰদান কৰা হৈছে। কণমাণি অৱস্থাতেই সমসাময়িক শিক্ষাত অতি দৰকাৰী কম্পিউটাৰ আদি সন্নিবিষ্ট কৰি বৰ্তমান পৃথিৱীৰ লগত খোজত খোজ মিলাই যাবলৈ এটা শক্তিশালী শিক্ষণ প্ৰণালীৰে আগুৱাই নিয়া হৈছে। ইয়াত প্ৰধান কথাটো হৈছে পৰম্পৰাগত আওপুৰণি জ্ঞানৰ পৰা দূৰৈত ৰাখি উন্নত দেশৰ নানান কথা শিশু অৱস্থাতেই শিকাৰ সুযোগ পাইছে। আজিকালিৰ ল’ৰা-ছোৱালীহঁতক সুশৃংখল শিক্ষণ প্ৰণালীৰ মাজত আবদ্ধ কৰি ৰখা হৈছে আৰু অভিভাৱক তথা শিক্ষকসকলৰ একাণপতীয়া যত্নত ল’ৰা-ছোৱালীবোৰে অদৰকাৰী অইন কামত (ঘৰৰ কাম) মন দিবলৈ সময় নাপায়। অসমীয়া মাধ্যমৰ মধ্যমীয়া বা তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলে ১০-১১ শ্ৰেণীলৈকে ইংৰাজী সাহিত্যৰ কিতাপখনত শাৰীবোৰৰ তলত আঁচ মাৰি তাত অসমীয়া প্ৰতিশব্দ লিখি জোটাই জোটাই পঢ়াৰ বিপৰীতে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে সৰুতেই ভালকৈ পঢ়াই নহয় কথা কোৱাটো পাৰ্গত হৈ পৰে। আজিৰ বিশ্বায়নৰ যুগত সেয়ে এই ছাত্ৰ ছাত্ৰীসকল বেছি সফল হয়।

এতিয়া খ) ই কি কয় চাওঁ আহক:
যি সময়ত সকলোৰে বাবে শিক্ষাৰ ঢোল বজাইও (The Right of Children to Free and Compulsory Education Act or Right to Education Act (RTE) 2009) বিদ্যালয় এৰি যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চৰকাৰে কমাব পৰা নাই সেই সময়ত ইংৰাজী মাধ্যমৰ ৬৪০০ খন বিদ্যালয় চৰকাৰীভাৱে খোলাটো টোঘলকী সিদ্ধান্ত হব নে ইউট’পিয়ান সপোন সেয়া অকল্পনীয়। অসমৰ একোজন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰই গড়ে ২.৫ ঘন্টা বিদ্যালয়ত কটায় য’ত সৰ্বভাৰতীয় হাৰ হ’ল ৫.৫ ৰ পৰা ৬.৫ ঘন্টা। ২০০৫ চনতে লক্ষ্য কৰি লোৱা সাৰ্বজনীন শিক্ষা অভিযান আজিও লক্ষ্যত উপনীত হব পৰা নাই। ২০০৭ চনৰ ১৮ জুনত প্ৰধানমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে অহা ৪ বছৰত অসমত বিনা শিক্ষাৰে এজনো শিশু নাথাকিব। তাৰ বিপৰীতে ৮.৩% আৰু ১৫.২% ছাত্ৰই প্ৰাথমিক আৰু মাধ্যমিক স্তৰত বিদ্যালয় এৰি যোৱা বুলি কেগে (CAG) কৈছে। ‘কেগ’ৰ মতে- “Despite incurring an expenditure of Rs 12,631.47 crore (department of elementary education Rs 9,851.50 crore and Sarba Siksha Abhiyan Mission, Assam Rs 2,779.97 crore) during 2006-2011 on elementary education, there was a declining trend in enrollment and high dropout rate of students in the state.”। আমাৰ নীতি নিৰ্ধাৰক সকলে কিবা ভুল কৰি আছে নেকি? তেন্তে এই সময়ত নীতি নিৰ্ধাৰক সকলৰ দায়িত্ব কি হব লাগিছিল আৰু কৰিবলৈ গৈ আছে কি?
এটা উদ্ধৃতি দিওঁ- “Any credible educator will agree that schools should build on the experience and knowledge that children bring to the classroom, and instruction should also promote children’s abilities and talents. Whether we do it intentionally or inadvertently, when we destroy children’s language and rupture their relationship with parents and grandparents, we are contradicting the very essence of education.”। জীৱনৰ অভিজ্ঞতাৰে সকলো শিকিব পৰাটো অতি কঠিন কাম। সংঘবদ্ধ আনুস্থানিক শিক্ষাৰ প্ৰয়োজনীয়তা তাতেই। আনুস্থানিক শিক্ষাক শিক্ষক আৰু ছাত্ৰৰ মাজত সমন্বয়ৰ মাজেৰে গঢ়িবলৈ যাওঁতে সাধাৰণতে যি মাধ্যমত শিশুৱে অভিভাৱকৰ লগত কথা বতৰাত ভাগ নলয় তেনে মাধ্যমত শিক্ষা দিয়াৰ চেষ্টা কৰিলে তাৰ ফল বিয়োগাত্মক হব। মাত্ৰ বিদেশী মাধ্যমতে শিক্ষা লোৱা শিশুৰ (MOL) শিক্ষা লাভৰ প্ৰথম আৰু প্ৰধান আহিলা হ’ল শিক্ষক আৰু কিতাপ। শিক্ষকে যি কয় সেয়াই সত্য আৰু কিতাপত থকা কথাই সত্য। তাৰ যোগেদি শিশু অৱস্থাতেই বিশ্লেষণকাৰী কৌশল (analytical skills) আৰু নৱউদ্ভাৱনকাৰী চিন্তাক (innovative thinking) চিৰদিনৰ বাবে কবৰ দিয়া হয়। আজিকালি কৰা গৱেষণাবোৰ আৰু গৱেষণাজাত জ্ঞান তথা গৱেষণাৰ বিষয় সম্পৰ্কে কৰা এটা জনপ্ৰিয় মন্তব্য হ’ল যে কৰ দাতাসকলৰ টকাৰে সাধাৰণ ৰাইজৰ বাবে অদৰকাৰী কিছুমান বিষয়ত গৱেষণা কৰা হৈ আছে। কিন্তু তাতো যদি মই মাধ্যমক অলপ জগৰীয়া কৰোঁ বেয়া নাপাব। এই যে বিশ্লেষণকাৰী চিন্তা যাৰ মূল হ’ল বাকচটোৰ বাহিৰত (out of the box) চিন্তা কৰাৰ সামৰ্থ- সেয়াই এটা গৱেষণাৰ মূল। জ্ঞানৰ প্ৰয়োগ কেনেকৈ সাধাৰণ জীৱনত কৰা হব সেয়াই নিৰ্ধাৰণ কৰে জাতি এটাৰ ভবিষ্যত। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষা সৰুতে দিব বিচৰা (বিজ্ঞান মানে যন্ত্ৰপাতি, কম্পিউটাৰ বুলিয়েই শিকোৱা হৈছে) এই শিশু সকলক কিন্তু বৈজ্ঞানিক আৰু যুক্তিবাদী মানসিকতা শিকোৱাৰ বিপৰীতে কেনেদৰে পৰিবৰ্তিত বিশ্বত নিজকে সমতুল কৰি আপোচ কৰি চলিব পাৰি তাৰ দিশত আগবঢ়াই দিয়া হৈছে। ফলত আঁঠুৱা লগাব নজনা কাৰিকৰী অভিযন্তা বা ভাত ৰান্ধিব নজনা আই. আই. টি.ত পঢ়া অভিযন্তা দেখাৰ সৌভাগ্য হৈছিল। এতিয়া সেই অভিযন্তাজনক আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বস্তু- ধৰা হওক প্ৰেচাৰ কুকাৰ এটা উন্নত প্ৰযুক্তিৰে সাজিব কোৱা হ’ল বা মহ খেদিবলৈ উন্নত প্ৰযুক্তিৰ চিন্তা কৰিবলৈ দিয়া হ’ল তেন্তে কেনেদৰে কৰিব? এই আপোচ কৰাৰ মানসিকতাই গঢ়ি তুলিছে প্ৰবল ব্যক্তিবাদী মানসিকতা যিয়ে সমাজ-জীৱনক প্ৰচণ্ড আঘাত কৰিছে। ক্ৰমবৰ্ধিত দুৰ্নীতিৰো ই এটা ডাঙৰ কাৰণ (যদিও মুখ্য কাৰণ নহয়)। আপোচ কৰা এই মানসিকতা দুয়ো মাধ্যমৰ ছাত্ৰৰ আছে কিন্তু উৎস বেলেগ।

চিন্তা কৰাৰ মাধ্যম সদায় মাতৃভাষা। কোনোবাই আপত্তি কৰিব পাৰে কিন্তু মোৰ ক্ষেত্ৰত সেয়াই হয়। ইংৰাজী জনাটো যোগাযোগৰ বাবে দৰকাৰী কিন্তু যিকোনো জটিল সমস্যাৰ কথা চিন্তা কৰিবলৈ তথা নৱউদ্ভাৱনকাৰী চিন্তা কৰিবলৈ নিজৰ মাতৃভাষাত আটাইতকৈ সহজ হয় (সংকটকালত ভগৱান বা মাকৰ নাম মনত অহাদি)। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল কম বয়সতে বিদেশী বা অনামাতৃভাষিক ভাষা এটাত প্ৰাথমিকৰ পৰা শিক্ষা লাভ কৰিবলৈ গৈ ছাত্ৰ এজনে মাতৃভাষাত শিক্ষা লাভ কৰা ছাত্ৰজনতকৈ দহ গুণ বেছি কষ্ট কৰিবলগীয়া হয়। এই ক্ষেত্ৰত অভিভাৱক আৰু শিক্ষকসকলে বহু কষ্ট কৰিব লাগে তথা ছাত্ৰজনৰ মন সকলো সময়তে কেৱল আনুষ্ঠানিক শিক্ষাৰ পুথি বা ঘৰুৱা শিক্ষকৰ লগতে থাকিব লগীয়া হয়। ফলত তেওঁ হেৰুৱাই পেলায় অনানুষ্ঠানিক শিক্ষাৰ সকলো উৎস। বিদ্যালয়সমূহতো (ব্যক্তিগত হওক বা চৰকাৰী ) পৰিপূৰক কোনো ব্যৱস্থা নাই। আটাইতকৈ আচৰিত কথা এটা দেখা যায় যে তথাকথিত ভাষাত আধুনিক বুলি কোৱা (শব্দটো ভুলকৈ ব্যৱহাৰ হৈছে ) শিক্ষা ব্যৱস্থাত আজিকালি আভিযান্ত্ৰিক আৰু ব্যৱস্থাপনা পাঠ্যক্ৰম আদিত যোগাযোগৰ কৌশলৰ (communication skill) ওপৰত বহু গুৰুত্ব দিয়া হয়। কিন্তু বিশ্লেষণকাৰী কৌশল আৰু নৱউদ্ভাৱনকাৰী চিন্তাক প্ৰয়োজনীয় গুৰুত্ব দিয়া নহয়। এতিয়া আপোনালোকে এটা প্ৰশ্ন কৰিব পাৰে যে ইংৰাজী মাধ্যমৰ ছাত্ৰ এজনৰ বিশ্লেষণকাৰী কৌশল আৰু নৱউদ্ভাৱনকাৰী চিন্তা নাথাকে নেকি? মা-দেউতাই যি কৈছিল সেয়াই সঁচা আৰু তাৰ ওপৰত একো নাই বুলি ধাৰণা লৈ থকা বয়সত বিদেশী ভাষাত ভূমিবিচ্ছিন্ন শিক্ষা ব্যৱস্থাৰে এজন শিশুক প্ৰশিক্ষণ (শিক্ষা?) দিবলৈ গলে ছপা আখৰেই তেওঁৰ বাবে সত্য হৈ পৰিব। তাৰোপৰি সৰুৰে পৰা বিদেশী ভাষাত শিক্ষা লাভ কৰাৰ বাবে কৰিব লগীয়া কষ্ট আদিয়ে শিকাৰ সলনি কাম চলোৱা মানসিকতা গঢ়াত সহায় কৰিব। ইউনেস্ক’ই কৈছে যে যি শিশু অৱস্থাতে L2 অৰ্থাৎ যিটো মাধ্যমত (ভাষাত) শিশুৱে কথা নকয় বা যোগাযোগৰ মাধ্যম নহয় সেই মাধ্যমত শিক্ষা দিবলৈ যোৱাটোক সাঁতুৰিব নজনাজনক সাঁতুৰ শিকিবলৈ দ পানীত জুবুৰিয়াই দিয়াৰ লগত ৰিজাব পাৰি। সমসুবিধাৰ বিদ্যালয়ত মাতৃভাষা (L1) আৰু বিদেশী ভাষা (L2) যেতিয়া শিক্ষা দিয়াৰ মাধ্যম (MOL-Medium of Learning) হয়, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণ কেনে হয় সেয়া দলঙেৰে পাৰ হোৱা আৰু এডাল বাঁহৰ সাঁকোৰে বোৱতী নৈ পাৰ হোৱাৰ লগত ৰিজোৱা দেখা যায়। শিক্ষা (Education) শব্দটোৰ মূল হৈছে Educare নামৰ এটা শব্দ যাৰ অৰ্থ হৈছে “I lead from inside to outside”। ভিতৰৰ পৰা বাহিৰলৈ। অৰ্থাৎ ছাত্ৰৰ অন্তৰ্নিহিত ব্যুৎপত্তিক আনুস্থানিকীকৰণ কৰি সংঘবদ্ধ পদ্ধতিৰে (institutionalization of inherent talent and experience) আগবঢ়াই নিয়া আৰু জীৱনৰ অভিজ্ঞতাক পদে পদে লাভ কৰা শিক্ষা ব্যৱস্থাৰে বিশ্লেষণ কৰি জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰা। গতিকে শিশু অৱস্থাতে যদি মূল বিচ্ছিন্ন শিক্ষা (প্ৰশিক্ষণ) ব্যৱস্থাৰে আগবাঢ়িবলৈ দিয়া হয় তেন্তে আমি গঢ়ি তুলিম এচাম ডিগ্ৰীধাৰী যিয়ে নৱউদ্ভাৱনকাৰী চিন্তাৰে বৰ্তমানৰ নৈৰাশ্যজৰ্জৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন নিবিচাৰি তাৰ লগত সহাৱস্থান কৰিব। সহজ কথাত আমি কিছুমান পৰজীৱীৰ জন্ম দিম যিয়ে কেৱল ছপা আখৰৰ আঙুলিত ধৰি কাম চলোৱা মানসিকতাৰে জাতিধ্বংসৰ অগ্নিত ঘিঁউ ঢালি থাকিব; নিবনুৱা সমস্যা যাৰ বৈধ সন্তান। আপুনি যদি এতিয়া মোক ক’ব পাৰে যে নিৱনুৱা সমস্যা অসমীয়া মাধ্যমৰ অবৈধ সন্তান নেকি? বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু পৰিবেশজাত এই প্ৰশ্নৰ বিনিময় কৰিব লাগিব অইন এটা প্ৰশ্নৰে। অসমীয়া মাধ্যমে যদি সৃষ্টি কৰিছে এই নিবনুৱা সমস্যা, তেন্তে তাৰ প্ৰতিকাৰ মাধ্যমৰ বিকল্পৰ সন্ধান নে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক ইংৰাজীত পাকৈত কৰা আৰু প্ৰচলিত শিক্ষা ব্যৱস্থাৰ সংশোধন?
যদিও আলোচনাটো বস্তুনিষ্ঠ কৰি ৰাখিবলৈ বিছাৰিছোঁ তথাপি জাতীয়তাবাদী শিবিৰৰ বাবে গুৰুত্বপূৰ্ণ কথা এটা কওঁ। কোনো কোনো শিক্ষাবিদে বিদেশী ভাষাত প্ৰাথমিকৰ পৰা শিক্ষা লাভক বিয়োগাত্মক শিক্ষা ব্যৱস্থা বুলিও কব বিচাৰে। বিদেশী ভাষাত শিকাৰ ফলত বিদেশী ভাষাৰ লগত মাতৃভাষা যোগ নহয় বৰঞ্চ বিয়োগহে হয়। এনে বহু লোকক ম‌ই নিজে লগ পাইছোঁ যিয়ে নিজৰ ভাষাটো লিখিব বা পঢ়িব নোৱাৰে আৰু তাকে লৈ এসময়ত বিলাপ (শব্দটো লিখিছোঁ কাৰণ মোৰেই তেনে বন্ধু এজনে “বিলাপ”ৰ অৰ্থ “বিলাই” দিয়া বুলি কৈছিল) কৰে। এতিয়া আকৌ ওলোটা কথা এটা কওঁ। ইটালীৰ SISSA ত ১২ মহীয়া শিশুৰ ওপৰত কৰা এটা গৱেষণাই কৈছে যে শিশু অৱস্থাত দ্বিভাষিক শিশুৱে যিমান সহজে শিকিব পাৰে একভাষিক শিশুৱে নোৱাৰে। আনহাতে দ্বিভাষিক শিশুৱে দুটা ভাষা সমান্তৰালভাৱেও শিকি যাব পাৰে। অন্যহাতে প্ৰাপ্তবয়স্ক লোকৰ মগজুৰ অনুবীক্ষণ ছবিৰ পৰীক্ষাইও কৈছে যে মগজুৰ যি অংশই ভাষা আৰু তাৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে সেয়া দ্বিভাষিকৰ ক্ষেত্ৰত একেটা অংশতে থাকে। গতিকে যদি মোক জনায় যে আপোনালোকে ঘৰত অসমীয়া কয়, বিদ্যালয়ত ইংৰাজীত শিকাত আপত্তি কি? মই আকৌ ওলোটাই ক’ম- অসমীয়াতে শিকি তাৰ লগতে ইংৰাজী ভাষা শিকাত আপত্তি ক’ত?

 

(৩)

দ্বন্দ্ব ৩

ক) ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে দেশ বিদেশৰ নানা উন্নত শিক্ষা পদ্ধতিৰে বহুকেইজন উচ্চ শিক্ষিত গুণী-জ্ঞাণী ব্যক্তি আমাৰ সমাজত গঢ়ি তুলিছে যিয়ে জাতিটোক সমসাময়িক বিশ্বৰ লগত ফেৰ মাৰিব পৰাকৈ আগবঢ়াই নিব বুলি আশা কৰিব পাৰি।

খ) দেশৰ ধৰণীস্বৰূপ ৯০% শ্ৰমিক আৰু বনুৱাকে আদি কৰি ইংৰাজী নজনাসকলক বহুক্ষেত্ৰত অকামিলা কৰি মানসিক হীনমান্যতাৰ দিশে ঠেলি দিয়া হৈছে। উপযুক্ত কৌশলী শ্ৰমদল গঠন নকৰিলে দেশ এখন উন্নতিৰ দিশত আগবাঢ়িব নোৱাৰে আৰু তাৰ বাবে সৰ্বসধাৰণৰ শিক্ষ অত্যন্ত জৰুৰী।
অলপ বিতংকৈ কওঁ:
ইংৰাজী নজনাৰ বাবে ভোগা হীনমন্যতাৰ ছবি এখন অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজত স্পষ্ট ৰূপত দেখা যায়। অসমীয়া মাধ্যমত পঢ়া ছাত্ৰৰ বিশেষকৈ কথিত ইংৰাজীৰ ক্ষেত্ৰত অসুবিধাৰ প্ৰমাণৰ অভাৱ নাই। আমাৰ সমাজ ব্যৱস্থাত বা চাকৰিৰ বজাৰখনত এনে ব্যক্তিসকলক এলাগী কৰাৰ এটা প্ৰৱণতাও দেখা গৈছে আৰু ই এটা ডাঙৰ মহামাৰী হৈ পৰিছে। ইংৰাজী নজনা এই সম্পদ (ব্যক্তি বা নাগৰিক) সকলৰ ৰাষ্ট্ৰ নিৰ্মাণত কোনো ভূমিকা নাথাকিব নেকি? এই ৯০% খেতিয়ক, শ্ৰমিক, সাধাৰণ কৰ্মচাৰী আদিক হীন কৰি দেখুওৱাৰ প্ৰৱণতাই তেওঁলোককো কেৱল ইংৰাজী জনাতেই বৌদ্ধিক উন্নতিৰ সীমা বুলি ভবাই তুলিছে। ফলত ইংৰাজী শিকিবলৈ সাধাৰণ মানুহৰ মাজত এটা ধাৰণা জন্ম হয় যে ইংৰাজী মাধ্যমত পঢ়িলেহে ইংৰাজী শিকিব পাৰিব আৰু জীৱনত সফল হ’ব পাৰিব। যদি ইংৰাজী মাধ্যমত পঢ়ি দেশৰ ৫% ছাত্ৰই ভাল চাকৰি একোটা কৰি আমালৈ সুফল কঢ়িয়াই অনাকেই আমাৰ সফলতা বুলি আমি ভাবি থাকোঁ তেন্তে সেয়া এখন মূৰ্খৰ পৃথিৱী হব।

 

অসম কৃষি ভিত্তিক ৰাজ্য। অৱশ্যে অসমেই নহয় পৃথিৱীৰ প্ৰায় সকলো দেশেই কৃষি ভিত্তিক। কৃষক আৰু শ্ৰমিকক বাদ দি এখন দেশ বা ৰাজ্যৰ উন্নতি আশা কৰা ভুল। এচাম মেধাবী লোকে বহিঃৰাজ্যত (আনুমানিক ৫%) ভাল চাকৰি কৰি (আনুমানিক ০.৫%) ৰাজ্যখনৰ উন্নতিত অৰিহণা যোগাইছে সঁচা কথা কিন্তু এই কৃষক-শ্ৰমিকসকলক ইংৰাজী ভাষাৰ আধিপত্যৰে সমাজ-জীৱনত হেয় কৰাৰ ফলত বহু পূৰাব নোৱাৰা ক্ষতি কৰিছে। পৰম্পৰাগত জ্ঞানক কবৰ দি আমদানি কৰা জ্ঞানকে উৎকৃষ্ট বুলি চলোৱা প্ৰচাৰৰ বাবে ১৭ বাৰ মোগলক পৰাভূত কৰা এটা বৃহৎ জ্ঞানৰ ভাণ্ডাৰ আমি হেৰুৱাই পেলাইছোঁ বা হেৰুৱাবলৈ গৈ আছোঁ। বহুজাতিক কোম্পানীৰ চাকৰি কোনো বেয়া কথা নহয়। কিন্তু অসমৰ কথা বাদ দি সমগ্ৰ ভাৰততে বহু বিদেশী বহুজাতিকৰ এখন বজাৰহে আছে। মৌলিক গৱেষণা বা প্ৰযুক্তিৰ উন্নয়নত ভাৰতীয়ক সংযুক্ত কৰাৰ পৰা তেওঁলোক বিৰত থাকে। আনহাতে বহুজাতিকৰ এই বজাৰখনক সাম্ৰাজ্যবাদৰ নতুন ৰূপ হিচাপেও চাব পাৰি। যদি এই চাকৰিৰ বজাৰখন ভালকৈ লক্ষ্য কৰা হয় দেখা যায় যে তেওঁলোকক প্ৰায় সকলোতে প্ৰশিক্ষিত লোকৰহে দৰকাৰ, শিক্ষিত নহয়। শিক্ষিত আৰু প্ৰশিক্ষিত দুয়োটা একে নহয়। মৌলিক আৰু বিশ্লেষণকাৰী চিন্তাৰে এই কোম্পানীসমূহত থাকিব পৰাটো কঠিন কাম বুলি বহু বন্ধুৰ পৰা শুনিছোঁ। আনহাতে আমাৰ ৰাজ্যখনতো ঘৰুৱা উদ্যোগসমূহৰ পতনৰ মূল কাৰণটো মৌলিক চিন্তাৰ অভাৱ আৰু আপোচৰ মনোভাৱ বুলি চিনাক্ত কৰিব পাৰি। এই বিষয়ে ড° হীৰেণ গোঁহাই চাৰে অসমীয়া ভাষা সাহিত্য সন্মিলনীৰ উদ্বোধনী ভাষণত উল্লেখ কৰিছে। আমাৰ অসমৰ পৰিৱেশৰ লগত খাপ খোৱা মৌলিক চিন্তা কৰিবলৈ এজন অভিযন্তাক বাধ্য কৰিব লাগিলে আমাৰ দৈনন্দিন জীৱন সম্পৰ্কে শিক্ষা দিব লাগিব, তাকো শিশু অৱস্থাৰ পৰা। নহলে আমি প্ৰযুক্তি আমদানি আৰু অশিক্ষিত কিন্তু প্ৰশিক্ষিত লোকৰ ৰপ্তানি কৰা দেশ হিচাপে ৰৈ যাম। আনহাতে আমি পাহৰি যাওঁ যে বহু ক্ষেত্ৰত বিদেশৰ প্ৰযুক্তি এটা আমাৰ বাবে জোৰ জুলুমকৈ প্ৰয়োগ কৰিলে আমাৰ উপকাৰ চাৰি অপকাৰহে বেছি হব। গতিকে দেশখনৰ বা ৰাজ্যখনৰ উন্নতিৰ প্ৰাথমিক স্তৱক হ’ল মৌলিক চিন্তা আৰু তাক প্ৰযুক্তিলৈ ৰূপান্তৰ। তাতোকৈ ডাঙৰ কথাটো হ’ল প্ৰযুক্তিক সাধাৰণ মানুহৰ কাষলৈ নিয়াটো। য’ত ৯০ % মানুহে ইংৰাজীত ভালকৈ কথা এটাও বুজি নাপায়, তাত ইংৰাজী ভাষাৰ সহায় পুথি এখন আগবঢ়াই কি হ’ব ? দুটা উপায় আছে সকলোৱে ইংৰাজী শিকা আৰু আনটো সকলোবোৰ অসমীয়াকৰণ কৰা। অ ক ব ৰ ৰাইজে নিজেই বুজি পাব কোনটো সহজ হব। দ্বিতীয়টো অসম্ভৱ বুলি যিসকলে ভাবিছে তেওঁলোকৰ বাবে লিখনিৰ শেষৰফালে মই ভাবি পোৱা উপায় এটা আগবঢ়াইছোঁ।

 

(৪)

নতুন চিন্তা কিছুমান কৰোঁ আহক।

ক) অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ কথিত ইংৰাজীৰ দুৰ্বলতাক দূৰ কৰাৰ উপায় কি? ইংৰাজী মাধ্যমৰ বিদ্যালয় নে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ভাল ইংৰাজী শিক্ষা? আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়, বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহত ইংৰাজী শিক্ষা দিয়া হয় লিখিত ৰূপত আৰু পাঠ পঢ়িবলৈ দিয়া হয়। আনহাতে ভাষা এটা ক’বলৈ শিকা হয় অভ্যাসৰ দ্বাৰাহে। মোৰ দেউতাই ভাল ইংৰাজী লিখে। কিন্তু ইংৰাজীত ভালকৈ কথা ক’ব নোৱাৰে। গতিকে আমি নতুনকৈ ভাবিবৰ হ’ল যে কেনেদৰে ইংৰাজী শিক্ষা দিম বা অসমীয়া মাধ্যমৰ ছাত্ৰক সলসলীয়াকৈ ক’বলৈ শিকাম। এটা নক্সা তৈয়াৰ কৰি তলত তুলি দিছোঁ।

খ) শিক্ষাব্যৱস্থাৰ সংকট: সৰুতে প্ৰাথমিক শ্ৰেণীত থাকোঁতে হাতৰ কাম বুলি বিষয় একোটা পাইছিলোঁ। আজিকালি আছেনে নাই নাজানো। হাতৰ কামৰ যোগেদি শিক্ষাব্যৱস্থাক লগত জনজীৱনৰ সম্পৰ্ক স্থাপনৰ এটা ভাল উপায় আছিল। আনহাতে শিক্ষাৰ প্ৰয়োগিক দিশ সম্পৰ্কে এটা উচিত পদক্ষেপ আছিল। যদি শিক্ষাব্যৱস্থাক জনজীৱনৰ লগত জড়িত কৰিব লাগে আৰু আমাৰ জনজীৱনৰ কৌশলক (মানদণ্ড) উন্নত কৰাৰ বাবে দক্ষ ব্যক্তি সৃষ্টি কৰিব লাগে তেন্তে এই হাতৰ কামক আমি শিক্ষাব্যৱস্থাৰ লগত সাঙুৰি ৰাখিব লাগিব। এতিয়া সময়ৰ লগত খোজ মিলাবলৈ আমি এই হাতৰ কাম কেনেকৈ সলাব পাৰিম সেয়া চিন্তা কৰিব লাগিব। আমাৰ শিক্ষা ব্যৱস্থাত আমি শিকি আছোঁ কিন্তু কি শিকি আছোঁ আৰু কিয় শিকি আছোঁ তাৰ কোনো ধাৰণা আমাৰ নাই। আনহাতে আমাৰ পৰীক্ষা পদ্ধতিত আমি কিমান নাজানো সেয়া বিচাৰ কৰি কেইটামান নম্বৰেৰে আমাক তুলাচনীত জোখা হয়। এটা সৰু প্ৰশ্ন উঠে: ধৰা হওক বেজবৰুৱাদেৱৰ মাখিয়ে মিঠৈ খোৱা কাহিনীটো পাঠ্যপুথিত আছে আৰু পৰীক্ষাত কাহিনীটো নিজৰ ভাষাত বৰ্ণনা কৰিবলৈ কোৱা হৈছে। লগতে কাহিনীটোৰ পৰা কি শিকিলা বুলি প্ৰশ্ন কৰি ১০ নম্বৰ দিয়া আছে। এজন ছাত্ৰই সুন্দৰ ভাষাত কাহিনীটো লিখি বৰ্ণনা কৰিলে আৰু আন এজনে সেই কাহিনীটোৰ লগত তেওঁৰ গাঁৱত হোৱা তেনে ঘটনা এটাকো সাঙুৰি বৰ্ণনা কৰিলে। নম্বৰৰ তুলাচনীত দ্বিতীয় ছাত্ৰজনে নিশ্চয় কম ওজন পাব। কিন্তু তেওঁ পাঠ্যপুথিৰ জ্ঞানক নিজৰ জীৱনৰ লগত ৰিজাব পাৰিছে। মই ভাবো শিক্ষা ব্যৱস্থা তেওঁৰ ক্ষেত্ৰতহে সফল হৈছে।

এতিয়া আহোঁ আকৌ হাতৰ কামৰ ক্ষেত্ৰত। আমাৰ ৰাজ্যত সৰহ সংখ্যকেই মাধ্যমিক স্তৰৰ পৰাই বিদ্যালয় এৰে বা উচ্চ মাধ্যমিকৰ পৰা। গতিকে তেওঁলোকক জীৱন যুঁজৰ লাগতিয়াল বহু কথা সেই সময়তে দিব নোৱাৰিলে তেওঁলোক আমাৰ সমাজত পংগু অংগ হৈ ৰৈ যাব। আনহাতে আমি যিমানেই উন্নত প্ৰযুক্তিগত কৌশল আৱিষ্কাৰ নকৰোঁ কিয় তাক জনসাধাৰণলৈ আগবঢ়াব নোৱাৰিলে সকলো মিছা হব। ‘Technology Transfer’ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত আজিকালি সঘনে ব্যৱহাৰ হোৱা এটা শব্দ। ‘কাউঞ্চিল অৱ চাইণ্টিফিক এণ্ড ইন্দাষ্ট্ৰীয়াল ৰিছাৰ্চ’ৰ ডাইৰেক্টৰ বিশেষকৈ মাশ্বেলকাৰ আৰু ব্ৰহ্মচাৰীদেৱে এইক্ষেত্ৰত অধিক গুৰুত্ব দিয়া ওচৰৰ পৰা দেখিছিলোঁ। এতিয়া মূল কথা হৈছে তেওঁলোকক মানে জনসাধাৰণক কেনেকৈ জনাম কথাবোৰ।
মই ভাবো চতুৰ্থ, সপ্তম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত একোটা প্ৰকল্প প্ৰতিটো বিষয়ত থাকিব লাগে। অন্যথা চতুৰ্থ শ্ৰেণীত মাত্ৰ এটা বিষয় ছাত্ৰজনে নিৰ্বাচন কৰি সেই বিষয়ত প্ৰকল্প কৰিব পাৰে আৰু মাধ্যমিকত তিনিটা শ্ৰেণীৰ প্ৰতিটোতে একোটা বিষয়ৰ ওপৰত ছাত্ৰজনে প্ৰকল্প কৰিব পাৰে। আনহাতে প্ৰকল্প নিৰ্বাচনৰ ক্ষেত্ৰত ছাত্ৰজনক সম্পূৰ্ণ স্বাধীনতা দিয়া উচিত যাতে তেওঁ শিকা বিষয়সমূ্হে দৈনন্দিন জীৱনত কেনেকৈ সহায় কৰিব সেয়া ছাত্ৰজনে নিজে গম পায় বা এটা ধাৰণা কৰিব পাৰে। আনহাতে অষ্টম, নৱম আৰু দশম শ্ৰেণীত মাধ্যমিকৰ দৰে ব্যৱস্থা কৰিব পাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰকল্পক একোটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা উচিত। আনহাতে আমি পঢ়া সময়ত চলাৰ দৰে কেবল A, B , C আৰু D বুলি কামত নহা গ্ৰেড একোটা দি থোৱা উচিত নহব।

প্ৰকল্পৰ ওপৰিও হাতৰ কাম বা কৰ্মঅভিজ্ঞতাৰ প্ৰতিটো শ্ৰেণীতে একোটা সম্পূৰ্ণ বিষয় থকা উচিত। শিক্ষাব্যৱস্থাই নিবনুৱা সমস্যা সমাধানৰ পথ হ’ব লাগিলে এই বিষয়সমূহৰ অন্তৰ্ভুক্তি একান্তই জৰুৰী।

আনহাতে আমাৰ ৰাজ্যত চলা বৃত্তিমূখী শিক্ষাৰো উন্নতিৰ দৰকাৰ। ITI আদিত শিক্ষা দিয়াৰ মাধ্যম সম্পূৰ্ণৰূপে অসমীয়া কৰা উচিত। তেহে প্ৰযুক্তিক ৰাইজৰ দুৱাৰদলিলৈ নিব পৰা যাব।

প্ৰযুক্তিৰ অসমীয়াকৰণ কৰাৰ কথা কলে আমি সকলোৱে একেমুখে ক’ম যে এয়া অসম্ভব কথা। আমাৰ উচ্চ শিক্ষাত বিজ্ঞানক সদায় বিজ্ঞান বা অভিযন্তাসকলে তেওঁলোকৰ আভিযান্ত্ৰিক জ্ঞানক পাঠ্যপুথিতে আবদ্ধ কৰি ৰাখে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষা ব্যৱস্থাত একোটা ২ বা ৩ মাহৰ প্ৰকল্প ৰাখিব লাগে য’ত তেওঁলোকে একোটা প্ৰযুক্তিক সাধাৰণ ৰাইজে বুজি পোৱাকৈ সাধাৰণ মানুহৰ ভাষাত একোখন সৰু প্ৰতিবেদন লিখিব লাগিব। আনহাতে প্ৰতিখন বিজ্ঞান আৰু আভিযান্ত্ৰিক মহাবিদ্যালয়ত একোখন আলোচনী ৩ বা ৪ মাহৰ অন্তৰত প্ৰকাশ হব লাগে য’ত এই প্ৰযুক্তি সমূ্হৰ পৰা নিৰ্বাচিত প্ৰযুক্তিসমূহ আলোচনা কৰা হয়।

গ) কৌশলী শ্ৰমিকৰ অবিহনে এটা শক্তিশালী পৰিকাঠামো গঢ়ি তোলা সম্ভৱ নহয়। আমাৰ শাসন ব্যৱস্থাত মূলতঃ মধ্যবিত্তীয় ধ্যান ধাৰণাই বেছি গুৰুত্ব পায়। সেই ধাৰণাৰেই কব বিচাৰোঁ। ধৰা হওক আপোনাৰ জীৱনৰ সমস্ত পৰিশ্ৰমেৰে এটা আটকধুনীয়া ঘৰ সজাবলৈ আগবাঢ়িছে। এতিয়া আপোনাৰ মনৰ জোখাৰে গঢ়ি তুলিবলৈ কৌশলী ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, ৰংসনা লোক, ধুনীয়াকৈ পৰ্দাকেইখন চিলাই দিব পৰা লোক ক’ত পাব? গতিকে আমাৰ মাজত তেনে লোকৰ সৃষ্টি কৰিব লাগিব। আমাৰ অসমখন মাছ-পুঠিৰে ভৰপুৰ আছিল কিন্তু আজিকালি নাইকিয়া হৈছে। কাৰণ হৈছে মাছমৰীয়াসকলৰ মাছ সম্পৰ্কে জ্ঞান নথকা আৰু বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰা। গাঁও অঞ্চলৰ ক্ৰয়ক্ষমতা নাবাঢ়িলে এম. বি. এ. কৰিও বস্তু বেছিবলৈ ঘূৰি ফুৰিব লাগিব। গতিকে কৌশলী লোক গঢ়ি তেওলোকৰ জীৱনধাৰণ উন্নত কৰি লগতে তেওলোকৰ ক্ৰয়ক্ষমতা বৃদ্ধি নকৰিলে সকলো মিছা হব। গতিকে সকলোতে আমাক কৌশলী লোক লাগে। কেনেকৈ গঢ়া হব কৌশলী লোক? তলত কেইটামান উপায় আগবঢ়াইছোঁ:
১) প্ৰতিটো কৌশলীবিদ্যাৰ বাবে প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰা হওক। প্ৰমাণপত্ৰ অবিহনে তেনে কৌশলী কাম (পকা, কাঠ, চাইকেল মেৰামতি, গাড়ী মেৰামতি, ৰাজহুৱা বাহনৰ চালক, ব্যৱসায়িকভাৱে মৎস উৎপাদন আৰু মাছমৰীয়া, পোহনীয়া জন্তু পালন আদি) কৰাৰ ওপৰত বাৰণ কৰা হওক।
২) প্ৰমাণপত্ৰ পোৱাৰ বাবে ৬ মাহৰ পৰা ১ বছৰলৈকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হওক। এতিয়ালৈকে যিসকলে কৰি আছে বা তেনে বৃত্তিত জড়িত তেওঁলোককো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হওক।
৩) প্ৰশিক্ষণৰ বাবে প্ৰতি জিলাত ৪ বা ৫ খন প্ৰশিক্ষণৰ অনুষ্ঠান গঢ়ি তোলা হওক।
৪) প্ৰশিক্ষিত লোকসকলৰ মজুৰী চৰকাৰে নিৰ্ধাৰণ কৰক। এই নৈৰাশ্যজৰ্জৰ পৰিস্থিতিত দুটকীয়া চাউলে বা মধ্যাহ্ন ভোজনে বিদ্যালয়লৈ শিশুক আনিব নোৱাৰে। তেওঁলোকৰ জীৱন ধাৰণৰ উন্নতিৰ অবিহনে দেশৰ উন্নতি মিছা। এইখিনিতে উল্লেখ কৰোঁ যে গ্ৰাম্য নিয়োগৰ আঁচনিসমূহৰ মূল লক্ষ্য গাঁও অঞ্চলৰ ক্ৰয় ক্ষমতা বৃদ্ধি।
৫) প্ৰশিক্ষণ ল’বৰ বাবে নিম্নতম শিক্ষা অৰ্হতা পঞ্চম বা সপ্তম শ্ৰেণী উত্তীৰ্ণ ৰখা উচিত যাতে বিদ্যালয় এৰি যোৱাসকলেও ভাগ লব পাৰে। আনহাতে দুখীয়া (জাতিভিত্তিক নহয়) প্ৰশিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা থকা উচিত।
৬) অনুষ্ঠানসমূহত বিশেষ কৌশলৰ বিষয়ে শিকোৱাৰ উপৰি সমাজ-জীৱনত কেনেকৈ শৃঙ্খলা বজাই ৰাখিব লাগে শিকোৱা উচিত।

শেষত আকৌ কওঁ- মই কোনো বিশেষজ্ঞ নহয়। কিন্তু নিজৰ মনৰ ভিতৰত উদ্ভৱ হোৱা চিন্তাবোৰ ৰাইজৰ মাজলৈ আগবঢ়াইছোঁ। বিশ্বায়নৰ যুগত সাম্ৰাজ্যবাদী বতাহৰ কোবাল সোঁতত নিজে নিজকে বিচাৰি পাবলৈ কেৱল যুক্তি আৰু বিজ্ঞানেহে পোহৰৰ বাট দেখুৱাব পাৰিব। গতিকে আমি এই বিষয়েও বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়োঁ আহক।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক