মাজুলী – বৰ্ণিল বিকাশ বৰা

হঠাতে গধূলি হ’ল৷ চিপ চিপ বৰষুণজাকত তিতি গাঁৱৰ মাজেৰে বাট লৈছিলো৷ বতৰটো গাজি-গুমৰি আহিছে, ৰাতিলৈ ভয়ংকৰ দূৰ্যোগ নামি অহাৰ সম্ভাৱনা প্ৰৱল! বোকাৰ ওপৰৰ বাঁহপাতবোৰত ভৰি দিওতেই পিৰিককৈ পিছলি গ’লো৷ আজি তেৰ দিন হ’ল, বেলিৰ মুখ দেখা নাই, গৰু ছাগলী কেইটা জুপুকা মাৰিছে৷ গোটেইখন পেনপেনীয়া বোকা, ধুতিখন আঁঠুৰ ওপৰলৈ ভালকৈ গুজি ললো৷ কেৰাচিন অকণমান জোগাৰ কৰিব নোৱাৰিলে ৰাতিটো আন্ধাৰতে যাব৷ খোজবোৰ যিমান পাৰো খৰকৈ আগবঢ়ালো, কেউফালে আন্ধাৰ হৈ আহিছে, আবেলিতেই পানীয়ে পিৰালি চুলেহি, ঘৰখনত তাই অকলে থাকিবলৈ ভয় কৰে৷ যোৱাৰাতি মৌ চাপৰিৰ মথাউৰিটো চিগিল বুলিয়েই ওলাইছিল, কণপিতৌহ’ত গৈ খা-খবৰ লৈ অহাতহে উশাহ ঘূৰিল৷ ৰাইজে দিনে ৰাতিয়ে পৰ দিছে, ভলুকা বাঁহৰ গোজ পুতি মথাউৰিটো ৰাখিবলৈ দহো বন কাটি কৰি ৰাইজে কষ্ট কৰিছে৷ কালি চৰকাৰী গাড়ী এখন গাঁৱৰ মূৰলৈকে আহিল, চাউল তেল আহিব বুলি কৈছে, দীঘল কেমেৰা লৈ পানীৰে বগা পথাৰখনৰ ফটো তুলিলে৷ পটলুং তিতিব বুলি ইমুৰৰ পৰাই ফিৰি গ’ল, গাওঁবুঢ়াই শুনি গোঁজৰণি মাৰিলে, বোলে লাট চাহাবৰ পুতেকহঁতে ইলেকচনৰ সময়ত গোটেইখন বাগৰি ফুৰিলে এতিয়া মুখ দেখিবলৈ নাই, আহক এইবাৰ জেওঁৰা গোটেইখন উঠাম হাইজাহঁতৰ পিঠিত৷

কাকতি ভৰিতে পৰিল – গাওঁবুঢ়া দেউতা আপুনি চিঞৰ বাখৰখন নকৰিব, এম এল এ চাৰৰ কাণত পৰিলেগৈ আদবাটৰ পৰাই চাউল নিমখ কেইটাও ঘূৰি যাব৷ হাইস্কুলখন জৰাগুৰিৰ ৰাইজে দখল দিলেহি, ৰাতিলৈ মথাউৰিয়ে কি বিহু দেখুৱাই ঠিক নাই, আমিবোৰেও টালি টোপোলা বন্ধাই ভাল৷

-“হোৰৌ বাঘৰ বুকুত যোৱা, আপদীয়া বচনবোৰ মুখলৈ নানিবি, হৰি গুৰু প্ৰসন্ন হ’লে লুইত উভতিব”- গাওঁবুঢ়া দেউতাই ভেকাহি মাৰি উঠিল৷ হৰকান্তক কৈ তেল তিনি আঙুল যোগাৰ কৰিলো, মানুহজনী এন্ধাৰে ৰখাটো কম বিপদৰ কথাটো এই প্ৰলয়ৰ দিনত৷ বেচেৰীলৈ দুখ লাগে মোৰ, মাহ হালধিৰ গোন্ধ যোৱাই নাই গাৰ পৰা, ব’হাগত অগ্নিক সাক্ষী কৰি ঘৰ সুমুৱাইছিলো, ঘৰখন থান থিত লগাবলৈ নাপালেই, বান আহি বৰঘৰ পালেহি৷ কোবাকুবিকৈ খোজ ল’লো, ফেৰফেৰীয়া বতাহ এজাকে কোবাই গ’ল মোক৷ ৰমলা খুড়ীদেউহঁতৰ বাৰীখন দ’, ঘৰৰ ভিতৰত আঠুঅনীয়া পানী৷ ৰাষ্টাতে চালি এখন দি চৌকাত জুই দিয়াৰ যোগাৰ কৰিছে, ল’ৰা ছোৱালী দুটাৰ মুখত ভাত এগৰাহ দিয়াৰ সংগ্ৰাম৷

ঘৰ পালোহি৷ পদূলিত চপচপীয়া পানী, বাৰাণ্ডাত লেম্পটো ধিমিক-ধামাক কৈ জ্বলি আছে, এধান মান পোহৰতে তাইৰ শিৰৰ সেন্দূৰী আলিটো জিলিকি আছিল৷ বৰ ভয় খাইছিল তাই, ৰাঙলী গৰু জনীয়ে এৰাল চিঙি বাঁহনিত সোমালগৈ বোলে, তাইনো মানুহজনীয়ে সাত সন্ধিয়া কেনেকৈ বিচাৰি যায়৷ মই আহি পোৱালৈ ৰাঙলী হেৰাল, বতৰটো গাজি গুমৰি আহিছে, এই কাল সন্ধিয়া মানুহজনীক এৰি কোন সতে ৰাঙলীক বিচাৰি যাওঁ! তাই বোলে – শুনিছে মই নামঘৰলৈ চাকি এগছি আগ কৰোগৈ, বুঢ়াডাঙৰীয়াই ৰাঙলীক ঘূৰাই আনিব, আপুনি পানীৰ মাজত মোক এৰি নাযাব, পানীওঁ আগতকৈ চাৰি আঙুলমান উঠিল৷ নাৰিকলৰ বাকলি ফুৱাই ফুৱাই চাউল দুটামান সিজাই থৈছো, এমুঠি খাই লওক৷ নিশালৈ ভেটিটো প্ৰভূ ঈশ্বৰে ৰাখিবনে বাৰু?”- বৰ ভয় খাইছে বেচেৰীয়ে, বাঁহৰ চাং খনতে বহি তাইৰ মুখত ভাত এগৰাহ গুজি দিলো মই৷

কণপিতৌহঁতৰ ঘৰৰ ফালে দেখোন চিঞৰ বাখৰ লাগিছে, পদূলিলৈ ওলাই কাণ ঠিয় কৰিলো.. পদূলিৰ চপচপীয়া পানী এতিয়া মোৰ সৰু গাঁঠি পাৰ হ’ল, বুকুখন চিৰিংকৈ মাৰিল৷ ৰাতুলহঁত গৈ মৌ চাপৰিৰ পৰা আহিলগৈ হেনো, পানী ইটোপাৰে সোঁ-সোঁৱাই বাঢ়িছে, ৰাতিলৈ যদি নেৰানেপেৰা বৰষুণ এজাক আহে মথাউৰিটো ৰখা টান হ’ব৷ মই সৰগ পৰা মানুহৰ দৰে জথৰ হ’লো কথাবোৰ শুনি৷

ল’ৰাহঁতে চিঞৰ বাখৰ লগাইছে, গাওঁবুঢ়া দেউতাহঁতো এইফালে আহিব ধৰিছে, গাওঁবুঢ়া দেউতাই বোলে- “টালি টোপোলা বান্ধ, ল’-ছালী সোপা নামঘৰৰলৈকে লৈ ব’ল, নামঘৰৰ ভেটিটো ওখ৷ পোনাকণহঁতৰ চুবুৰীটো মিলাই দহখন মান বঠি নাও আছে, কিন্তু বিপদ আহিলে দহখন নাওৰে ৰাইজখনে কৰিব কি? পুৰঠ চাই ভীম কল কাটি ল’ৰাহঁতে ভূৰ দুই চাৰিখন বনাই থ’, প্ৰভূ ঈশ্বৰক খাটিছো গাওঁখন ৰক্ষা কৰক এই সংকটৰ পৰা৷”

ধাৰাষাৰ বৰষুণ আৰম্ভ হ’ল, মেচি দা খন কঁকালত গুজি বাৰাণ্ডাৰ চাং খনতে দুইয়োটা থৰ লাগিলো, দূৰণিৰ পৰা মানুহৰ চিঞৰবোৰ ভাঁহি আহিছে, কুকুৰবোৰে বৰভয়লগাকৈ ৰাউচি জুৰিছে, ভয়তে কোঙা হৈ তাই মোৰ বুকুত সোমালহি৷ এঘাৰমান বাজিছিল চাগে, মানুহৰ হিয়াভগা চিঞৰ, তাই মোক খামুচি ধৰিল, মই ঠিকেই শুনিছোনে ! ! ! কণপিতৌৰ চিঞৰ সেইটো, ওলাই আহ ঐ ওলাই আহ, লুইতৰ গাত কালিকা লাগিছে, মৌ চাপৰিৰ মথাউৰি চিগিল! ! !

মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হ’ল৷ মানুহজনী থৰ থৰকৈ কঁপিবলৈ ধৰিলে, মোৰ মাতটো কঁপিছিল যদিওঁ যিমান পাৰো মনটো টান কৰি তাইক ক’লো- চিন্তা নকৰিবি, বিপদ আহিছে যেতিয়া যুঁজ দিবই লাগিব, সাহস নেহেৰুৱাবি, শেষ উশাহ থকালৈকে প্ৰাণ বচাব লাগিব৷ বৰষুণ বতাহে ওন্দোলাই আহিছে, বিজুলীৰ পোহৰত গোটেই পথাৰখন সাগৰৰ দৰে জিলিকিছে৷ ধুমুহা বতাহে কালৰাত্ৰি নমাই আনিলে, কাৰো মাত কোনেওঁ নুশুনি, তাইৰ হাতখন খামুচি চাঙৰ পৰা তললৈ ভৰি দি মোৰ গা চেঁচা পৰি আহিল৷ হঠাতে ইমান পানী, মুহূৰ্তৰ ভিতৰতে পানী আঁঠুৰ ওপৰ পালেহি, বাঁহৰ গোজডালেৰে খেপিয়াই খেপিয়াই ৰাষ্টা উঠিলোহি৷ মুৰত তাইৰ সৰু বাকচটো, সম্পত্তি বুলিবলৈ যি আছে ইয়াতে আছে৷ পথৰ ওপৰেৰে পানী নৈ বোৱাদি বৈছে, মানুহটোকে ঠেলি নিব খোজে৷

তাইক এহাতে খামুচি লগত লৈ মানুহৰ পিছে পিছে আগবাঢ়িছো, কান্দোনত তিৰোতাবোৰে গগণ ফালিছে, কাৰোবাৰ ল’ৰা ছোৱালী হাতৰ পৰা এৰাই হাততে হেৰাইছে৷ নামঘৰৰ বাটচৰালৈ বেছিদূৰ নাই, পথটো এইখিনিতে ওখ যদিও ইয়াতে আঠুঅনীয়া পানী বাগৰিছে৷ গোটেই ৰাইজখন আহি ইয়াতে জুম বান্ধিছেহি, খোজ আগবঢ়ালো৷ তলত প্ৰচণ্ড সোঁত৷ হঠাত যেন মোৰ ভৰিৰ তলৰ মাটি নোহোৱা হ’ল, হোঁ-হোঁৱাই সোতে মোক ঠেলি লৈ গ’ল, চকুৰ আগতে কণপিতৌৰ গোটেই পৰিয়ালটো মোৰ আগৰ পৰা পানীয়ে টানি লৈ গ’ল৷ চকুৰ পচাৰতে মানুহজনী ককবকাবলৈ ধৰিলে, এখন হাতেৰে তাইক খামুচি বলিয়া বানৰ লগত যুঁজ দিছো, বতাহ বৰষুণ গাজনিয়ে কঁপনি তুলিছে, তাই মোৰ কাষলৈ আহিব বিচাৰিছে, মোক যেন কিবা ক’ব খুজিছে, কালে টনাদি মোক পানীৰ প্ৰচণ্ড সোঁতে টানি লৈ গ’ল, বিজুলীৰ পোহৰত শেষবাৰৰ বাবে তাইৰ চিকুণ মুখখন আৰু মোৰ সেন্দূৰী আলিটো জিলিকি উঠিল, পলকতে তাই হেৰাই গ’ল, চিঞৰি চিঞৰি মোৰ মাত নোলোৱা হ’ল! পানী আৰু পানী, লুইতে কালৰূপ ধাৰণ কৰিছে, সাঁতুৰি সাঁতুৰি মোৰ হাত ভৰি নচলা হ’ল, পানীয়ে মোক ক’লৈ আনিছে নাজানো, মোৰ মগজুৱে কাম নকৰা হ’ল৷

মানুহৰ চিঞৰ বাখৰত চকু মেলিলো, মিচিং গাঁৱৰ চাঙত মই মৰাশ পৰাদি পৰি আছে৷ যোৱাৰাতিৰ সপোনটো ফলিয়াইছে, নাই সপোন নহয়, সপোন নহয়, চিঞৰি চিঞৰি কান্দিলো, কাল নিশাটোৱে মোক শেষ কৰি পেলালে৷ মোৰ কলিজাৰ এফাল মানুহজনী হাতৰ পৰাই হেৰাই গ’ল বলীয়া বানত৷ নিয়তিয়ে মোক ক্ষণিকতে কঙাল কৰিলে৷ ক’ত পাম তাইক, ক’ত পাম৷

কেনেকৈ দিন গৈছে মই নাজানো, মই জীয়া মানুহ নে মৰাশ কেতিয়াবা নিজকে চিকুটি চাওঁ৷ সেই ৰাতিটোত মোৰ মাটি ভেটি, মোৰ হিয়াৰ আমঠু মানুহজনী, তাই আহি নতুনকৈ সজোৱা আমাৰ সৰু সংসাৰ খন, আমাৰ এধানি এধানি সুখবোৰ জাহ গ’ল৷ তাইৰ অসহায় মুখখনে মোক জীয়াই জীয়াই মাৰিছে, মই ভবাই নাছিলে সেই ৰাতিটোৱেই আমাৰ শেষ ৰাতি, তাই মোৰ মুখত গুজি দিয়া সেই ভাত গৰাহেই মোৰ শেষৰ গৰাহ সুখৰ ভাত৷ মই কোঙা হৈ পৰিলো, সেই চিঞৰবোৰৰ ভয়াবহতাত, মানুহজনীৰ মুখখনৰ মমতাত মই দোভাগ নিশা চিঞৰি চিঞৰি কান্দো৷

আজি সাত বছৰ হ’ল তাই আৰু মই হেৰাই যোৱা৷ বছেৰেকীয়া আজি তাইৰ আৰু মোৰ সপোনৰ৷ চকুলোৰ বাহিৰে আজি মোৰ একোৱেই নাই তাইৰ বাবে, সকলো বলীয়া বানে কাঢ়ি লৈ গ’ল৷ তাইৰ জীৱটো জিৰণি ল’ব বুলি ৰোৱা কৃষ্ণচূড়াৰ পুলিটো এইবাৰ ৰঙা হৈ ফুলিছে৷ মানুহজনীৰ শিৰৰ সেন্দূৰী আলিটোলৈ বৰ মনত পৰিছে! তাই বা ক’ত আছেগৈ! !

উভতি আহচোন, আমি আকৌ এখন ঘৰ সাজিম৷ ৷
■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক