পুৰুষৰ অপ্ৰজননশীলতা (Male infertility) – ডা০ ভূপেন শইকীয়া

আগকথা: –

এক জটিল অথচ লাগতিয়াল বিষয়ৰ ওপৰত কিছু কথা এজন চিকিৎসক হিচাবে আজি লিখিবলৈ মনস্থ কৰিছোঁ৷ ২০১০ চনৰ লিখিত ‘চিকিৎসকৰ দিনলিপি’ (দ্ৰষ্টব্য -সাহিত্য ডট অৰ্গ ১৪মাৰ্চ ২০১৪) আৰু শেহতীয়াকৈ ‘জীৱন এক প্ৰহেলিকা’ (দ্ৰষ্টব্য -২৭জুন ২০১৭ অসমীয়াত কথা বতৰা) — মোৰ এই দুই লিখনিৰ মাধ্যমেৰে মানৱ জীৱনৰ এক ভীষণ জটিল আৰু গুৰুতৰ সমস্যাক তেনেই কাষৰ পৰা নিৰীক্ষণ কৰিবলৈ আৰু এক সুত্ৰধাৰৰ ভূমিকাত অৱতীৰ্ণ হবলৈ বাধ্য হৈছোঁ৷ এই নিবন্ধটো লিখিবলৈ লওঁতে মনত পৰিছে মোৰ কিশোৰ কালৰ কথা – কিদৰে মোৰ মাৰ সহকৰ্মী শিক্ষয়ত্ৰী এগৰাকীৰ স্বামীয়ে আহি আমাৰ ঘৰৰ বেৰৰ পৰা জেঠি পোৱালি ধৰি নিছিল৷ মাৰ পৰা গম পালোঁ কবিৰাজে হেনো তাৰ পৰা ঔষধ প্ৰস্তুত কৰি সন্তান নোহোৱাৰ চিকিৎসা কৰিব৷ পিছে মই জনালৈকে চিকিৎসাৰ সুফল দেখা নগ’ল৷ এইদৰে কিমান শিক্ষিত, অৰ্ধশিক্ষিত, অশিক্ষিত দম্পতীয়ে বেজ-কবিৰাজ-সাধু-সন্যাসী- ভুৱা ডাক্তৰ আৰু জ্যোতিষী আদিৰ কবলত পৰি হাবাথুৰি খাইছে তাৰ সীমা সংখ্যা নাই৷ বহুত দম্পতীয়ে লজ্জাবশত: নাইবা খৰচান্ত হোৱাৰ ভয়ত বিশেষজ্ঞ চিকিৎসকৰ কাষ নাচাপে আৰু এচামে ভাগ্যক ধিয়াই নিজৰ কপালকে দোষ দিয়ে৷
পুৰুষৰ অপ্ৰজননশীলতাই কি বুজায়?
এহাল বিবাহিত দম্পতীৰ বাবে সন্তান জন্ম দিয়াটো এক স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু কিছুমান দম্পতীৰ বাবে গৰ্ভধাৰণ আৰু সন্তান জন্ম দিয়াটো বহু যতনৰ পিছতো সম্ভৱপৰ হৈ নুঠে৷ গৰ্ভধাৰণ সম্ভৱপৰ নোহোৱাৰ কাৰণ (বা কাৰণসমূহ) বিচাৰি ওলিয়াবলৈ চিকিৎসকে পতি আৰু পত্নী উভয়কে খৰচি মাৰি পৰীক্ষা কৰাৰ আৱশ্যক৷ মহিলাৰ ক্ষেত্ৰত এনে অনুসন্ধান প্ৰক্ৰিয়া কিছু জটিল আৰু দীঘলীয়া৷ কিন্তু পুৰুষৰ ক্ষেত্ৰত অনুসন্ধান প্ৰক্ৰিয়া সহজ আৰু খৰতকীয়া৷ পুৰুষৰ শুক্ৰাণু বা বীৰ্য্য পৰীক্ষা কৰিলেই পুৰুষৰ প্ৰজনন ক্ষমতাৰ অৱস্থিতি অনুধাৱন কৰিব পাৰি৷ গতিকে পুৰুষৰ অপ্ৰজননশীলতা তেতিয়াই চিনাক্ত হয় যেতিয়া দম্পতীহালৰ দুয়োজনকে পৰীক্ষা কৰাৰ পিছত পুৰুষৰ শুক্ৰাণুত অস্বাভাৱিকতা পোৱা যায়৷ আকৌ শুক্ৰাণুৰ অস্বাভাৱিকতা গুণগত, সংখ্যাগত বা এই দুয়ো দিশতে হব পাৰে৷ আজিৰ আলোচনাত মাথো পুৰুষৰ প্ৰজনন অক্ষমতাৰ ওপৰত আলোকপাত কৰা হব৷


সংখ্যাগত তথ্যই কি কয়?
পুৰুষৰ অপ্ৰজননশীলতা এক বিশ্বজনীন সমস্যা৷ নানান ঠাইত এই বিষয়ৰ ওপৰত গৱেষণা অবিৰত চলি আছে৷
• প্ৰকাশিত তথ্যমতে ১০০জন প্ৰজনন অক্ষম পুৰুষৰ ভিতৰত এজনে বীৰ্য্য নিৰ্গত কৰিবলৈ অসমৰ্থ৷
• তথ্যমতে ২০জন প্ৰজনন অক্ষম পুৰুষৰ ভিতৰত এজনৰ শুক্ৰাণু নিম্ন মানদণ্ডৰ৷
• প্ৰতি পাঁচ যোৰা সন্তানহীন দম্পতীৰ ভিতৰত এযোৰাৰ সন্তানহীনতাৰ বাবে দায়ী হ’ল পুৰুষ৷
পুৰুষৰ প্ৰজনন প্ৰণালীৰ বৰ্ণনা:
পুৰুষৰ প্ৰজনন প্ৰণালীৰ ভিতৰত অন্তৰ্ভুক্ত হয় এযোৰা অণ্ডাশয়, তাৰ লগত সংলগ্ন ইপিডিডাইমিচ, ভাচ ডিফাৰেঞ্চ, চেমিনেল ভেচিকল, ইজেকুলেটৰি ডাক্ট, ইউৰেথ্ৰা আৰু শেষত পুৰুষাংগ৷ মস্তিষ্কৰ ভিতৰত অৱস্থিত পিটুউটৰি গ্ৰন্থি আৰু হাইপোথেলামাচে পুৰুষৰ হৰমোন আৰু শুক্ৰাণু উৎপাদন নিয়ন্ত্ৰিত কৰে৷ পিটুউটৰিৰ পৰা নিৰ্গত হোৱা দুই হৰমোনে (ফলিকুল ষ্টিমুলেটিং হৰমোন আৰু লুটিনাইজিং হৰমোন) অণ্ডাশয়ৰ ওপৰত প্ৰভাৱ বিস্তাৰিত কৰে৷
ডিম্বাকৃতিৰ অণ্ডাশয় মানৱ শৰীৰৰ নিম্নাংশত অৱস্থিত৷ ইয়াক স্ক্ৰটামে আৱৰি ৰাখে৷ অণ্ডাশয়ত টেষ্ট’ষ্টেৰন নামৰ হৰমোনৰ উৎপাদন হয়৷ অণ্ডাশয় হ’ল বীৰ্য্যৰো উৎপাদনস্থলী৷ শুক্ৰাণুক পৰিপক্ব হবলৈ ৭০দিন সময় লাগে৷ পৰিপক্ব শুক্ৰাণুৱেহে স্ত্ৰীৰ ডিম্বানুৰ লগহৈ গৰ্ভাৱস্থাৰ সৃষ্টি কৰিব পাৰে৷ অণ্ডাশয়ত উৎপন্ন হোৱা শুক্ৰাণুৱে প্ৰায় ১০দিন সময় ইপিডিডাইমিচত থাকি শক্তি আহৰণ কৰে যাতে ই ক্ষিপ্ৰতাৰে দৌৰিব পাৰে৷ যৌন চৰমাৱস্থাত মাংসপেশীৰ সংকোচনৰ মাধ্যমত অণ্ডাশয়ৰ পৰা কিছু ৰসৰ সৈতে বীৰ্য্য ভাচ ডিফাৰেঞ্চ নলীলৈ আহে৷ তাৰ পিছত চেমিনেল ভেচিকল আৰু প্ৰষ্টটেৰ পৰা নিৰ্গত হোৱা ৰসে যোগ দিয়ে৷ এই সকলোৰ মিশ্ৰণ ইউৰেথ্ৰা আৰু পুৰুষৰ জনন অংগৰ অগ্ৰভাগেদি নিৰ্গত হয় আৰু স্ত্ৰীৰ যোনিৰ ভিতৰেদি অগ্ৰসৰ হৈ স্ত্ৰীৰ ডিম্বানুৰ সন্ধানত চেকুৰ দিয়ে৷
প্ৰতি মিলিলিটাৰ বীৰ্য্য ৰসত ২০নিযুতৰ পৰা ৩০০নিযুত শুক্ৰাণু থাকে৷ ১৫নিযুতৰ কম হলে সেই অৱস্থাক অলিগ’স্পাৰ্মিয়া (Oligospermia) বোলে৷ শুক্ৰাণু ৫নিযুতৰ কম হলে অলিগ’স্পাৰ্মিয়াক গুৰুতৰ বুলি গণ্য কৰা হয়৷ বীৰ্য্য ৰসত শুক্ৰাণুৰ অনুপস্থিতিক এযুস্পাৰ্মিয়া (Azoospermia) বোলে৷ আকৌ শুক্ৰাণুৰ সক্ৰিয়তাৰে দৌৰাৰ ক্ষমতাক চাৰিটা শ্ৰেণীত বিভক্ত কৰা হৈছে৷
শুক্ৰাণুৰ সংখ্যা আৰু গুণমান অৱনমিত হোৱাৰ কাৰণ কি কি?
• ইলেকট্ৰমেগনেটিক ফ্ৰিকুৱন্সি আৰু ৰেডিঅ’ফ্ৰিকুৱন্সি ইলেকট্ৰমেগনেটিক ৱেভৰ প্ৰভাৱ – ম’বাইল ফোন, লেপটপ আৰু ৱাই-ফাইৰ সৰঞ্জামৰ পৰা নিৰ্গত হোৱা এই তৰংগসমূহে বীৰ্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ শুক্ৰাণুৰ ডি এন এৰ ক্ষতিসাধন কৰাৰ ফলত এনে হয়৷ সেয়ে ম’বাইল ফোন পেণ্টৰ জেপত আৰু লেপটপ কোলাত লৈ কাম নকৰিব৷
• ধুম্ৰপাণৰ ফলত বা আনে সেৱন কৰা পৰিবেশত থকাৰ ফলত বীৰ্য্যৰ মান অৱনমিত হয়৷
• মদ্যপাণৰ ফলত টেষ্টষ্টেৰন হৰমোনৰ উৎপাদন কমে, যৌনাংগ শিথিল হয় আৰু বীৰ্য্যৰ উৎপাদন অৱনমিত হয়৷
• এনাবলিক ষ্টেৰইডৰ বিপদজনক পাৰ্শ্বক্ৰিয়া – বহু যুৱকে শৰীৰৰ ওজন বঢ়াবলৈ বা মাংসপেশী সুগঢ়ি দেখুৱাবলৈ নিজাববীয়াকৈ বা আনৰ কথা শুনি এনাবলিক ষ্টেৰইড বেজী লবলৈ আৰম্ভ কৰে৷ ইয়াৰ দ্বাৰা হব পৰা সাংঘাতিক পাৰ্শ্বক্ৰিয়া হ’ল অণ্ডাশয়ৰ সংকোচন আৰু বীৰ্য্যৰ উৎপাদন হ্ৰাস হোৱা৷
• ড্ৰাগছৰ অপকাৰিতা – কোকেইন, মেৰিজুৱেনা আদিৰ সেৱনে বীৰ্য্যৰ উৎপাদন হ্ৰাস কৰে৷
• পেষ্টিচাইড আৰু হৰমোনযুক্ত খাদ্য – কিছুমান ডায়েৰী প্ৰডাক্ট, মাংস, ফল-মূল-পাচলি আৰু ৰঙীন শীতল পানীয় আদিয়ে মানৱ দেহৰ হৰমোন প্ৰণালীত বিৰূপ প্ৰভাৱ পেলায়৷
• প্লাষ্টিকৰ বটল, গিলাচ আদিত গৰম পানী সেৱন কৰিলে জেণ্ঠক্ৰম নামৰ ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱত মানুহৰ হৰমোন প্ৰণালী ক্ষতিগ্ৰস্ত হয়৷
• অণ্ডাশয়ত বৰ্ধিত উত্তাপৰ কুপৰিণাম – আজিকালিৰ নতুন জীৱন শৈলী অনুকৰণ কৰা বহুলোক
হট বাথ, চাউনা (Sauna ), হট মাছাজ আদিত অভ্যস্ত হৈ পৰিছে৷ টাইটকৈ পিন্ধা অন্তৰ্বাসেও (জাঙিয়া) উত্তাপ সৃষ্টি কৰে৷ প্ৰকৃতিয়ে অণ্ডাশয়ৰ স্থান দিলে পেটৰ (Abdomen) বা দেহৰ গৰমহৈ থকা অংশৰ বাহিৰত৷ বেচি উত্তাপে বীৰ্য্যৰ ক্ষতিসাধন কৰে৷
• সকলো ধৰণৰ ষ্ট্ৰেচ, মানসিক অস্থিৰতা হৰমোন প্ৰণালীৰ বাবে অহিতকাৰী আৰু বীৰ্য্যৰ উৎপাদনত বাধক৷
• মেদবহুলতা- অতিশয় শকত লোকসকলৰ প্ৰজনন ক্ষমতা হ্ৰাস পায়৷ হৰমোনৰ অসন্তুলনৰ ফলত বীৰ্য্যৰ উৎপাদনত বিজুতিয়ে দেখা দিয়ে৷
• এক্সৰেৰ বিকিৰণে বীৰ্য্যৰ উৎপাদনত স্থায়ীভাবে ক্ষতিসাধন কৰিব পাৰে৷
• লীড বা আন গধুৰ ধাতু, কল-কাৰখানাৰ ৰাসায়নিক দ্ৰব্য, জাইলিন, কীটনাশক, কিছুমান ৰঙত ব্যৱহাৰ হোৱা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ বীৰ্য্য উৎপাদনৰ বাবে হানিকাৰক হব পাৰে৷
পুৰুষ অপ্ৰজননশীলতাৰ শাৰীৰিক কাৰক কিছুমান:
অণ্ডাশয়ৰ স্থানৰ বিচ্যুতি / Undescended testicles – অণ্ডাশয়ৰ স্বাভাৱিক স্থানৰ পৰিবৰ্তে এটা বা দুয়োটা অণ্ডাশয়েই উদৰস্থিত হব পাৰে৷
ভেৰিক’চিল -ভেৰিক’চিল হ’ল অণ্ডাশয়ৰ চৌদিশৰ ভেনাচ তেজৰ নলী ফুলি উঠা অৱস্থা যাৰ ফলত অণ্ডাশয়ৰ উত্তাপ বৃদ্ধি পায় আৰু বীৰ্য্যৰ উৎপাদন কমিব ধৰে৷
সংক্ৰমণ – বীৰ্য্যৰ উৎপাদন বিঘ্নিত কৰাকৈ নানান যৌনব্যাধি এইচআইভি আদিৰ সংক্ৰমণ অণ্ডাশয় নাইবা ইপিডিডাইমিচত হব পাৰে৷
শুক্ৰাণু বিনাশী এণ্টিবডি- কেতিয়াবা এনে অনিষ্টকাৰী এণ্টিবডি শৰীৰৰ সুৰক্ষা প্ৰণালীত থাকিব পাৰে৷
টিউমাৰ, কেঞ্চাৰ আদি – এনে ৰোগ হলে শুক্ৰাণুৰ বিজুতি ঘটে৷ –
ৰেট্ৰগ্ৰেড ইজেকুলচন – যৌন উত্তেজনাৰ চৰম মুহূৰ্তত বীৰ্য্যৰস মূত্ৰাশয়ত নিৰ্গত হোৱা অৱস্থাত গৰ্ভধাৰণ সম্ভৱপৰ নহয়৷ ৰাজহাঁড়ৰ আঘাত, ডায়েবেটিজ, কিছুমান দৰবৰ অপকাৰিতা, জননেন্দ্ৰিয়–প্ৰষ্টেটৰ শল্য চিকিৎসাৰ বিজুতি আদিৰ ফলত এনে হব পাৰে৷
ভেচেক্টমী অপাৰেচন – ইয়াৰ ফলত বীৰ্য্যৰস সংগমৰ সময়ত স্ত্ৰীৰ যোনিলৈ আহিব নোৱাৰে৷
হৰমোনৰ বিজুতি-কেৱল পুৰুষ হৰমোন টেষটষ্টেৰনেই নহয় হাইপোথেলামাচ, পিটুইটৰি, থাইৰয়েড, এড্ৰিনেল গ্ৰন্থিৰ বিজুতি ঘটিলে প্ৰজনন প্ৰক্ৰিয়া বাধাগ্ৰষ্ট হব পাৰে৷
Erectile dysfunction (ED) হ’ল এনে এটা অৱস্থা য’ত পুৰুষে লিংগৰ শিথিলতাৰ বাবে স্ত্ৰীৰ সৈতে সংগমত মিলিত হবলৈ অক্ষম৷ ৪০ৰপৰা৭০বছৰ বয়সৰ অৰ্ধেক পুৰষৰ এনে অৱস্থাই দেখা দিয়ে৷
সানমিহলি কাৰক – জন্মগত ক্ৰমজমৰ বিসংগতি থকা ৰোগ যেনে ক্লেইনফ্লেটাৰচ চিনড্ৰম, কেমোথেৰাপি, চিলিয়াক ডিজিজ, অস্ত্ৰোপচাৰৰ বিজুতি আদি৷
পুৰুষৰ অপ্ৰজননশীলতাক কেনেকৈ চিনাক্ত কৰিব?
বহু প্ৰজনন অক্ষম পুৰুষৰ যৌন সংগম দেখাত স্বাভাৱিক৷ যৌনাংগ সঠিককৈ স্ফিটও হয় আৰু বীৰ্য্যস্খলনো দেখাত স্বাভাৱিক৷ কিন্তু গৰ্ভধাৰণ নহয়গৈ৷ কাৰণ খালি চকুৰে দেখাত স্বাভাৱিক যেন লগা বীৰ্য্য ৰস গুণগত আৰু সংখ্যাগত দিশৰ পৰা সঠিক নহবও পাৰে সেয়ে তাক লেবৰেটৰীত পৰীক্ষা কৰাৰ প্ৰয়োজন৷ প্ৰয়োজনসাপেক্ষে কৰিবলগীয়া আন কিছুমান পৰীক্ষা হ’ল – স্ক্ৰটেল আলট্ৰাচাউণ্ড, ট্ৰান্সৰেক্টেল আলট্ৰাচাউণ্ড, টেষ্টষ্টেৰন আৰু আন হৰমোনৰ পৰিমাণ পৰীক্ষা কৰা, সংগমৰ পিছৰ প্ৰসাবৰ পৰীক্ষা কৰা, জেনেটিক বিসংগতি নিৰূপণ কৰা, টেষ্টিকুলাৰা বায়স্পি আদি৷
অপ্ৰজননশীলতাৰ কি দৰে চিকিৎসা কৰা হয়?
পোনতে অক্ষমতাৰ কাৰণ চিনাক্ত কৰিব লাগিব৷ থোৰতে চিকিৎসা ব্যৱস্থা এনেধৰণৰ হব:
অস্ত্ৰোপচাৰ – ভেৰিক’চিলৰ ৰোগী, ভেচেক্টমী কৰা লোকৰ পুনৰ নলীৰ সংযোগ কৰা ইত্যাদি৷
সংক্ৰমণৰ কাৰণ চিনাক্ত কৰি যথোপযুক্ত এণ্টিায়টিক ব্যৱহাৰ কৰা৷
প্ৰয়োজন অনুসৰি হৰমোনৰ যোগান ধৰা৷
শেহতীয়া সংযোজন হ’ল Assisted Reproductive Technology (ART) যাৰ দ্বাৰা পুৰুষৰ শুক্ৰাণু স্বাভাৱিক বা যন্ত্ৰৰ সহায়ত সংগ্ৰহ কৰি স্ত্ৰীৰ যোনিয়েদি সংস্থাপিত কৰি গৰ্ভধাৰণ কৰোৱা হয়৷
বীৰ্য্যৰ উন্নয়ন কৰিব পৰা কিছুমান তত্ত্বৰ নাম –
এনথ্ৰচায়ানিন, আলফা লিপইক এচিড, এল-আৰ্জিনিন, এষ্টাজেনথিন, বিটা কেৰটিন, বায়’টিন, এল এচিটাইল কাৰ্নিটিন, কো’বালামিন, কোএনজাইম কিউ ১০, ফলিক এচিড, গ্লোটাথিয়ন, লাইকোপেন, মেজনেচিয়াম, পেণ্টস্কিফাইলিন, চেলেনিয়াম, জিংক, ভিটামিন- এ, চি, ই আৰু ভিটামিন-ডি৷
মোখনিত কমযে “গৰ্ভধাৰণৰ ইটো সিটো “ নামৰ লিখনিত (দ্ৰষ্ট্ৰব্য অসমীয়াত কথা বতৰা ৩০মে ২০১৫) সন্তানইচ্ছুক দম্পতীৰ বাবে অনেক পৰামৰ্শ ইতিমধ্যে আগবঢ়াইছোঁ৷ সময়ত এই নিবন্ধত বাদ পৰি ৰোৱা লাগতিয়াল কথা যোগ দিয়াৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈ বিদায় ললোঁ৷ ■■

One thought on “পুৰুষৰ অপ্ৰজননশীলতা (Male infertility) – ডা০ ভূপেন শইকীয়া

  • January 2, 2019 at 11:13 am
    Permalink

    পঢ়ি ভাল লাগিল, কিন্তু Azoospermia, oligospermia আদি নিৰ্মুলৰ কোনো বিধান নিদিয়াৰ বাবে দুঃখিত হ’লো । আশা কৰোঁ পৰৱৰ্তী লিখনিত বা তেনে লেখা সংপৃক্ত কোনো কিতাপৰ বিশেষৰ নাম জনালে সূখী হ’ম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!