মানস কলিতাৰ সাক্ষাৎকাৰ-(ধ্ৰুৱজ্যোতি শৰ্ম্মা, দীপু মেধী)

তেখেতৰ বিষয়ে দুআষাৰ- ভ্ৰাম্যমানত সংযোজন হবলৈ গৈ আছে অহাটো নাট্যবৰ্ষত এটি নতুন নাট্যদল ৰাজমুকুট থিয়েটাৰ। পাঠাশালাৰ বনগাওঁৰ এই নাট্যদলটোৰ উদিয়মান প্ৰযোজক মাননীয় মানস কুমাৰ কলিতা। এক ব্যতিক্ৰমী নাট্যদল অসমবাসীক উপহাৰ দিবলৈ সাজু কলিতা দেৱৰ মনৰ কথা জানো আহক এই সাক্ষাৎকাৰটোৰ যোগেদি

সাক্ষাৎগ্ৰহণকাৰীঃ ধ্ৰুৱজ্যোতি শৰ্ম্মা, সহযোগীঃ দীপু মেধী

প্ৰস্তাৱনাসৰ্বপ্ৰথমে ইন্টাৰনেটৰ মাধ্যমৰে সমগ্ৰ বিশ্বৰ ভাষিক অসমীয়াৰ মাজত জনপ্ৰিয় হোৱা তথা ইউ জি চিৰ দ্বাৰা মান্যতা প্ৰাপ্য মাহেকীয়া অসমীয়া ই-আলোচনী- ‘সাহিত্য ডট অৰ্গ’ৰ তৰফৰ পৰা আপোনাক শাৰদীয় ওলগ জনালোঁ।

সাহিত্য.অৰ্গঃ সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাট সমূহে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰাৰ লগতে এক সামাজিক বাৰ্তা দিয়াৰ ক্ষেত্ৰত কৰবাত যেন বিজুতি ঘটি আছে। এই ক্ষেত্ৰত প্ৰযোজক সকলে কেনেধৰণৰ পদক্ষেপ লোৱাটো কামনা কৰে?

মা.কঃ সময়ৰ পৰিৱৰ্তন আৰু ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজকসকলে নাট নিৰ্বাচন কৰে। দৰ্শকৰ ৰুচি অনুযায়ী প্ৰযোজক সকলে এক সমূহীয়া আলোচনাৰ মাধ্যমেৰে নাট নিৰ্বাচন কৰা উচিত।

সাহিত্য.অৰ্গঃ এইটো ঠিক যে ভ্ৰাম্যমান থিয়েটাৰে বহুতকে সংস্থাপন দি নিবনুৱা সমস্যা লাঘৱ কৰাত কিছু হ’লেও সহায়ক হৈছে। কিন্তু প্ৰত্যেকজন শিল্পীয়ে প্ৰাপ্য অনুযায়ী মাননি পাই আছে নে? তাৰকা শিল্পীৰ মাত্ৰাধিক মাননিৰ বোজা আন শিল্পী সকলৰ লগতে প্ৰযোজকৰ বাবে প্ৰত্যাহ্বান হিচাপে থিয় দিছে নেকি?

মা.কঃ নিশ্চয়। কিন্তু এইক্ষেত্ৰত ভ্ৰাম্যমানৰ প্ৰযোজক সকলে একত্ৰিত হৈ আলোচনাৰ মেজলৈ আহিলে সমস্যাৰ সমাধান ওলাব।

সাহিত্য.অৰ্গঃ ভ্ৰাম্যমান থিয়েটাৰৰ লগতে আন পেচাদাৰী নাট প্ৰচাৰৰ মাধ্যমসমূহ মানে যাত্ৰাপাৰ্টি আৰু পুতলানাচ আদিয়ে নিজৰ সুনাম বৰ্তাই ৰাখিবলৈ কোন-কোন বিশেষ দিশৰ প্ৰতি অধিক মনোনিৱেশ কৰাটো উচিত?

মা.কঃ সময় গতিশীল। সময়ৰ লগত আমি খোজ মিলাবই লাগিব। প্ৰতিটো দিশত নতুন চিন্তাৰে প্ৰতিটো ঐতিহ্য অক্ষুন্ন ৰাখি আগবঢ়া উচিত বুলি মই ভাবোঁ।

সাহিত্য.অৰ্গঃ ভ্ৰাম্যমান থিয়েটাৰৰ অভিনয়, নাট ৰচনা আদি কৰি বিভিন্ন কাৰকৰী দিশৰ প্ৰশিক্ষণ দিবলৈ এক প্ৰতিষ্ঠানৰ অভাৱ অনুভৱ কৰেনে? এইক্ষেত্ৰত প্ৰযোজক সকলৰ লগতে প্ৰতিষ্ঠিত শিল্পী সকলে কেনে ধৰণৰ পদক্ষেপ লোৱাটো বিচাৰে?

মা.কঃ এনে প্ৰতিষ্ঠান দুই-এখন হৈছে বুলি শুনিছোঁ যদিও সকলোৰে উপযুক্ত সঁহাৰি পালে তেনে প্ৰতিষ্ঠান গঢ় লৈ উঠিব।

সাহিত্য.অৰ্গঃ সমগ্ৰ অসমবাসীৰ অতিকে মৰমৰ এই অনুষ্ঠানটো কিবা কাৰণত দৰ্শক ৰাইজৰ লগত দূৰত্ব বৃদ্ধি পাইছে নেকি? কিয়নো বহু সময়ত সচেতন দৰ্শকে বিভিন্ন মাধ্যমত নাটক আৰু অভিনয়ৰ মানদণ্ড নিম্নগামী হোৱা বুলি আক্ষেপ কৰা দেখা যায়। কিন্তু এই দিশ সমূহ বছৰৰ পিচত বছৰ আলোচিত হোৱাৰ পিছতো উন্নত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ যোগাত্মক পদক্ষেপ লোৱা চকুত নপৰে। ইয়াৰ অন্তৰ্নিহিত কাৰণ আপোনাৰ মতে কি?

মা.কঃ নহয়। আচলতে দূৰত্ব বৃদ্ধি পাইছে ভ্ৰাম্যমানৰ ভিতৰ চ’ৰাত। যোগাত্মক পদক্ষেপ তেতিয়াহে ল’ব পৰা যাব যেতিয়া সকলোৱে একত্ৰিত হৈ কাম কৰিব।

সাহিত্য.অৰ্গঃ অভিযোগ আছে যে ভ্ৰাম্যমান থিয়েটাৰে আধুনিকতাৰ গৰাহত পৰি নিজস্বতা হেৰুৱাইছে৷ ব্যৱসায়িক মনোবৃত্তিৰ বাবেই নৃত্য-নাটিকা প্ৰায় নোহোৱাই হৈ গৈছে৷ ৰেকৰ্ডিং সংগীতৰ বাবে সংগীত শিল্পীসকলৰ প্ৰয়োজন কমিছে৷ সচেতন মহলৰ প্ৰশ্ন যে এই বিবৰ্তনে ভ্ৰাম্যমান থিয়েটাৰক আৰু অধিক নিম্নগামী কৰিব নেকি! এই বিষয়ে আপোনাৰ কব লগা?

মা.কঃ আধুনিকতাৰ প্ৰভাৱ সকলোতে পৰিছে। নাটকৰ ক্ষেত্ৰত স্বকীয়তা অটুট ৰাখি কিছু আধুনিকতা গ্ৰহণ কৰাটো আমি বিচাৰোঁ।

সাহিত্য.অৰ্গঃ ভ্ৰাম্যমান থিয়েটাৰো গ্লেমাৰৰ গৰাহত পৰিছে৷ ই ভ্ৰাম্যমানৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে?

মা.কঃ গ্লেমাৰ দৰ্শকে বিচাৰে। ব্যৱসায়িক দিশত গ্লেমাৰে যথেষ্ট প্ৰভাৱ পেলাইছে। এটা বছৰত ব্যৱসায় ভাল হবলৈ গ্লেমাৰৰ প্ৰয়োজন নথকা নহয়।

সাহিত্য.অৰ্গঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে দৰ্শকৰ প্ৰকৃতিও সলনি হৈছে নেকি! ই ভ্ৰাম্যমানৰ ক্ষেত্ৰখনত কিদৰে প্ৰভাৱ পেলাইছে?

মা.কঃ নিশ্চয় হৈছে। দৰ্শকৰ ৰুচি-অভিৰুচিৰ প্ৰতি প্ৰযোজকসকল দায়ৱদ্ধ।

সাহিত্য.অৰ্গঃ মাননীয় অচ্যুত লহকৰ ডাঙৰীয়া, যাক ভ্ৰাম্যমানৰ জনক বুলি কোৱাৰ পিছতো আজিৰ দিনত অৱহেলিত৷ অভিযোগ-প্ৰতি অভিযোগক যদি একাষৰীয়াকৈ ৰাখোঁ, এই ক্ষেত্ৰত চৰকাৰৰ, প্ৰযোজকসকলৰ আৰু অন্যান্য শিল্পীসকলৰ কৰণীয় কি বুলি আপুনি ভাৱে?

মা.কঃ অচ্যুত লহকৰদেৱে শিল্পীক মৰিবলৈ নিদিও বুলি ভ্ৰাম্যমান থিয়েটাৰ খুলিছিল। এই ক্ষেত্ৰত প্ৰযোজক, শিল্পীসকলৰ তেওঁৰ প্ৰতি কৰণীয় যথেষ্টখিনি আছে। লগতে চৰকাৰে তেওঁৰ প্ৰতি কিবা এটা কৰাৰ প্ৰয়োজনীয়তা আছে।

সাহিত্য.অৰ্গঃ প্ৰায়ে দেখা যায় যে অঘোষিত আৰু অপ্ৰকাশ্যভাৱে ভ্ৰাম্যমানৰ জগতখনত দুটা ফৈদৰ সৃষ্টি হৈছে৷ অভিনয় শিল্পীসকলৰ ক্ষেত্ৰত মঞ্চাভিনয় শিল্পী আৰু ৰূপালী পৰ্দাৰপৰা অহা অভিনয় শিল্পীৰ মাজত, সামাজিক মূল্যবোধৰ বাবে নাট ৰচনা কৰা নাট্যকাৰ আৰু বানিজ্যিক উদ্দেশ্যৰে নাট ৰচনা কৰা নাট্যকাৰৰ মাজত, কষ্টেৰে উপাৰ্জিত ধনেৰে এঢাপ এঢাপকৈ আগবাঢ়ি যোৱা প্ৰযোজকসকল আৰু ক’লা ধনক বগা কৰিবলৈ আহি একেবাৰতে চমক দিয়া প্ৰযোজকসকলৰ মাজত, আনকি সংগীত শিল্পীসকলৰ মাজতো এই দুটা ফৈদ দেখা গৈছে৷ এই বিভাজনে ভ্ৰাম্যমানৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে বুলি আপুনি ভাৱে? ইয়াক প্ৰতিহত কৰাৰ কিবা উপায়?

মা.কঃ প্ৰভাৱ যথেষ্টখিনি পৰিছে। কিন্তু সকলোবোৰ ব্যক্তিগত কথা। মই ভাবোঁ সকলোৱে যদি ভ্ৰাম্যমান থিয়েটাৰপ্ৰেমী তেতিয়াহ’লে ইয়াক প্ৰতিহত কৰাৰ ব্যৱস্থা কৰা উচিত।

সাহিত্য.অৰ্গঃ আপুনি কেৱল দৰ্শক হৈ থকা সময়ৰ ভ্ৰাম্যমান আৰু আজিৰ ভ্ৰাম্যমানৰ পাৰ্থক্য কি? এই পাৰ্থক্য আপোনাৰ দৃষ্টিত যোগাত্মক নে ঋণাত্মক?

মা.কঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভ্ৰাম্যমান থিয়েটাৰো পৰিৱৰ্তন হৈছে। কিন্তু মই ভাবোঁ এই পৰিৱৰ্তন বাঞ্চনীয়।

সাহিত্য.অৰ্গঃ ভ্ৰাম্যমান থিয়েটাৰে আজিকালি সামাজিক দায়ৱদ্ধতা পালনত ব্যৰ্থ হৈছে নেকি? আপুনি কি কব?

মা.কঃ মই তেনেকৈ নাভাবোঁ। ভ্ৰাম্যমান থিয়েটাৰৰ উদ্দেশ্যয়েই হ’ল সামাজিক দায়ৱদ্ধতা। কিছু পৰিৱৰ্তনে ভ্ৰাম্যমানৰ ওপৰত প্ৰভাৱ পেলাইছে যদিও ভ্ৰাম্যমান থিয়েটাৰৰ সমাদৰ এতিয়াও কমি যোৱা নাই।

সাহিত্য.অৰ্গঃ আমাৰ সকলোৰে অতিকে মৰমৰ অনুষ্ঠান- ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি আপোনাৰ আন্তৰিক বাৰ্তা?

মা.কঃ ভ্ৰাম্যমান থিয়েটাৰ আমাৰ হিয়াৰ আমঠু। অসম গৌৰৱ। আমি অসমীয়া হিচাপে ভ্ৰাম্যমান জীয়াই ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। নৱ প্ৰজন্মই ভ্ৰাম্যমানৰ অতীত তথা ইয়াৰ ওপৰত অধ্যয়ন কৰা উচিত। ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয়তা সৰ্বজনবিদিত। এই মাধ্যমটিক আমাৰ মাজত জীয়াই ৰাখিবলৈ আমাৰ সকলোৰে একত্ৰিত সহায়-সহযোগিতাৰ প্ৰয়োজন আছে।

শেষত, সমগ্ৰ ‘সাহিত্য ডট অৰ্গ’ৰ সদস্যৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ‌ আপোনাৰ বহু মূল্যবান সময় উলিয়াই আমাক ‘মনৰ কথা’ জানিবলৈ সুযোগ দিয়া বাবে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments