এভাৰেষ্টৰ শিখৰত বিশ মিনিট অতিবাহিত কৰা মনীষ ডেকাৰ সৈতে সাক্ষাৎকাৰ (আবিদ আজাদ্)

Abid Azad-Interview

(“You never conquer the mountain; you only conquer yourself”.)

“এভাৰেষ্ট আৰোহণ হৈছে মানুহৰ পৌৰষত্বৰ চিন”। অসমৰ তৰুণ শইকীয়া আৰু মনীষ ডেকাই এই কঠিন সত্য প্ৰমাণ কৰি পৰ্বতাৰোহণৰ ‘বাইবেল’ত অসমৰ নাম চিৰদিনৰ বাবে জিলিকাই তুলিলে। এভাৰেষ্ট জয় কৰা বিশ্বৰ আন আন দেশ বা ভাৰতৰ আন আন ৰাজ্যৰ পৰ্বতাৰোহীৰ সন্মুখত আমিও এতিয়া গৰ্বৰে ক’ব পৰা হ’লোঁ- আমি অসমীয়াও বিশ্বৰ শিখৰ জয় কৰিছোঁ। এয়া কম সুখানুভূতিৰ কথা জানো! এই গৌৰৱৰ ভাগ সদস্যসকলৰ মাজত কিঞ্চিত ভগাই দিয়াৰ প্ৰয়াসেৰে এভাৰেষ্ট বিজয়ী দ্বিতীয়জন অসমীয়া শ্ৰী মনীষ ডেকাৰ সৈতে যোগাযোগ কৰিছিলোঁ। শ্ৰী ডেকাৰ সাক্ষাৎকাৰ লোৱাৰ এটা মূল কাৰণ এইটোও আছিল যে- তেওঁ এজন অ-পেছাদাৰী পৰ্বতাৰোহী। ব্যৱসায়-বৃত্তিৰ অন্তহীন ব্যস্ততাৰ মাজতো সময় উলিয়াই পৰ্বতাৰোহণৰ দৰে চূড়ান্ত কঠিন কাৰ্য-কলাপত নিজকে নিয়োজিত কৰিব পৰাটো আমাৰ দৰে কাম-কাজী লোকৰ বাবেও হয়তো এক প্ৰেৰণাৰ উৎস হ’ব পাৰে। যোৱা ৯ আগষ্ট ২০১৪ তাৰিখে এই সাক্ষাৎকাৰ ল’বলৈ তেওঁৰ গীতানগৰস্থিত আবাসস্থলীলৈ গৈছিলোঁ। ফোন ৰিচিভ কৰিবলৈও সময় নথকা ব্যস্ততাৰ মাজত আমাক সেইকণ সময় উলিয়াই দিয়া বাবে তেওঁক অশেষ ধন্যবাদ জনালোঁ। (সাক্ষাৎকাৰত মোক সংগ দিছিলে অৱনীকান্ত মিশ্ৰ ভাগৱতীয়ে।)

প্ৰশ্নঃ আমি জনাত আপুনি কোনো পেছাদাৰী পৰ্বতাৰোহী নহয়। কিন্তু পৰ্বতাৰোহণৰ জগতত আপুনি ইতিহাস ৰচি পেলালে। পৰ্বতাৰোহণৰ দৰে কঠিন কাৰ্যকলাপৰ প্ৰতি আপুনি কিদৰে আকৃষ্ট হ’ল?

ডেকা: – আচলতে মই কাৰাটেৰহে খেলুৱৈ আছিলোঁ। সৰুৰ পৰাই মোৰ কাৰাটে মোৰ চখ। ইয়াৰ প্ৰতি থকা চখৰ বাবেই মই এটা সময়ত মাৰ্চিয়েল আৰ্টছ সম্পৰ্কে ভালেখিনি গভীৰ ষ্টাডী কৰিছিলোঁ। ভাৰতৰ বাহিৰলৈও গৈছিলোঁ খেলিবলৈ। ১৯৯২-৯৩ চনত ছিংগাপুৰ আৰু বেংককলৈ আৰু ২০০৩ চনত জাপানৰ ওছাকা আৰু আমেৰিকালৈও কাৰাটে খেলিবলৈ গৈছিলোঁ। জাপানলৈ যাওঁতে তাত কাৰাটে সম্পৰ্কে যথেষ্ট শিকিছিলোঁ আৰু ট্ৰেইনিঙো লৈছিলোঁ। অলপ উচ্চস্তৰীয় ট্ৰেইনিং-শাৰীৰিক লগতে আধ্যাত্মিকো।

প্ৰশ্নঃ আপুনি পুৰস্কাৰো লাভ কৰিছিল?
ডেকাঃ হয়। অসমভিত্তিত আয়োজিত খেলবোৰত বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত খেলি পুৰস্কাৰ পাইছিলোঁ।

প্ৰশ্নঃ কাৰাটেৰ দৰে খালী হাতেৰে খেলা খেলৰপৰা আপোনাৰ হাবিয়াস ‘বিলে’, ‘হাৰনেছ’, ‘কেৰিবিনা’, ‘ক্ৰেম্পোন’ আদি পদে পদে ব্যৱহাৰ হোৱা পৰ্বতাৰোহণলৈ কি দৰে ঢাপলি মেলিলে?

ডেকা: আচলতে কাৰাটে খেলৰ উপৰিও ট্ৰেকিং কৰি মই বৰ ভাল পাইছিলোঁ। ফুটবলো খেলি ভাল পাইছিলোঁ। সৰুতে ট্ৰেকিং কৰিবলৈ গৈ পাহাৰ-পৰ্বত আদি বগাই ফুৰিছিলোঁ লগৰবোৰৰ লগত। পাহাৰ-পৰ্বত বগোৱাটো মোৰ ল’ৰালিৰ চখ। গুৱাহাটীৰ কিছুমান পাহাৰ আগতে বন্ধু-বৰ্গৰ সৈতে এনেই বগাইছিলোঁ। ভাল লাগিছিল।

প্ৰশ্নঃ পৰ্বতাৰোহণৰ প্ৰশিক্ষণ ক’ত কেনেকৈ ল’লে? প্ৰশিক্ষণ নোলোৱাকৈ জানো মাউন্ট এভাৰেষ্ট আৰোহণ কৰা সম্ভৱ?

ডেকা: পৰ্বতাৰোহণৰ প্ৰাথমিক প্ৰশিক্ষণ মই লওঁ মানালিৰ Western Himalayan Mountaneering Institute (WHMI) ত। তাৰপাছত সৰু-সুৰা পৰ্বতাৰোহণ শিবিৰ কিছুমানত অংশ ল’বলৈ ধৰিলোঁ মাজে মাজে। এনেকৈয়ে লাহে লাহে মোৰ মনত এক অদম্য ইচ্ছা জাগিছিল- পৃথিৱীৰ আটাইতকৈ ওখ শৃংগলৈ আৰোহণ কৰাৰ।

প্ৰশ্নঃ মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ পূৰ্বে আপুনি আৰু ক’ত ক’ত পৰ্বতাৰোহণ কৰিছিল?

ডেকা: ২০০৮ ত নেপালৰ আইলেণ্ড পিক (উচ্চতা- ৬১৮৯ মিটাৰ), ২০১০ ত উত্তৰাখণ্ডৰ উত্তৰ কাচিত (উচ্চতা- ৭১০০ মিটাৰ) আৰু ২০১২ ত হিমাচল প্ৰদেশৰ পাপচুৰা শৃঙ্গত (উচ্চতা- ৬৪৫১ মিটাৰ)।

প্ৰশ্নঃ ভাৰতত আৰু নেপালত মাউন্টেনিয়াৰিং কৰাৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখিছে?

ডেকা: ভাৰতত ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো মাউন্টেনিয়াৰিং কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ হ’লে আই,এম,এফৰ (Indian Mountaneering Institute-ৰ) পৰা অনুমতি ল’বলগীয়া হয়। আমাৰ ইয়াত অলপ লেহেমীয়া কাৰবাৰ। অনুমতি পাবলৈ বহু সময় লাগি যায়। তাৰোপৰি সেই দিনবোৰততো আমাক কোনেও চিনিও পোৱা নাছিল! নেপালত তেনে নহয়। তাত খুব সোনকালেই হৈ যায় এইবোৰ। নেপালৰ মূল ৰয়েল্টি আচলতে মাউন্টেনিয়াৰিঙৰ পৰাই আহে। সেয়ে ভাৰতৰ বাহিৰত পৰ্বতাৰোহণ কৰি ভাল পাইছিলোঁ।

প্ৰশ্নঃ মাউন্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ এজন আৰোহীৰ কিমান ধনৰ প্ৰয়োজন বাৰু?

ডেকা: অতি কমেও ১৮ ৰ পৰা ২০ লাখলৈ টকাৰ প্ৰয়োজন।

প্ৰশ্নঃ ২০ লাখ!!! অৰ্থাৎ মাউন্ট এভাৰেষ্ট আৰোহণো একপ্ৰকাৰ ধনীলোকৰ হে চখ্ তেন্তে!! আপুনি এই খৰচ নিজে বহন কৰিছিল নে?

ডেকা: টকাৰতো প্ৰয়োজন হ’বই। যাৱতীয় আহিলা-পাতিতেই খৰচ হৈ প্ৰায় ৩-৪ লাখ টকা। নেপাল চৰকাৰক ৰয়েল্টি হিচাপে দিব লাগে ৫০০ মাৰ্কিন ডলাৰ (~ত্ৰিশ হাজাৰ টকা)। আমাৰ ক্ষেত্ৰত অৱশ্যে এক্সপিডিশ্বনটো Manipur Mountaineering and Trekking Association (MMTA)-এ আয়োজন কৰা বাবে আৰু ইয়াৰ ফাণ্ডৰ যোগান নৰ্থ-ইষ্ট কাউঞ্চিলে (NEC) ধৰা বাবে আমি নিজৰ পৰা মুঠ খৰচৰ ১০% হে দিব লগীয়া হৈছিল। মণিপুৰ চৰকাৰেও যথেষ্ট সহায় কৰিছিল।

প্ৰশ্নঃ এই অভিযানৰ সৈতে আপুনি কেনেকৈ জড়িত হৈ পৰিল?

ডেকা: যদিও আমাৰ এভাৰেষ্ট অভিযান ২০১৩-ৰ মে’ মাহত সমাপন হৈছিল, ইয়াৰ প্ৰাৰম্ভিক প্ৰস্তুতি কিন্তু ২০১২ ৰ পৰাই আৰম্ভ হৈছিল। MMTA-এ উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ক্লাইম্বাৰ সকলক লৈ এভাৰেষ্ট আৰোহনৰ প্ৰাক-প্ৰস্তুতি স্বৰূপে ছিকিম আৰু হিমাচলত দুটাকৈ হিমালয় অভিযান আয়োজিত কৰিছিল।

এই অভিযানৰ অন্তৰ্গত হিমাচলৰ পাপচুৰা পৰ্বত শৃঙ্গ আৰোহনত ময়ো যোগদান কৰিছিলোঁ। এইদৰেই মই MMTA-ৰ দ্বাৰা অয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মাউন্ট এভাৰেষ্ট আৰোহন অভিযানত জড়িত হৈ পৰিছিলোঁ। তাৰ পিছত সৰু-সুৰা কিছুমান ট্ৰেকিং আৰু মাউন্টেনিয়েৰিঙত ভাগ লৈ নিজকে প্ৰস্তুত কৰি আছিলোঁ।

প্ৰশ্নঃ ২০০৩ চনত “দ্য গাৰজিয়ান” কাকতত দিয়া এক সাক্ষাৎকাৰত টেনজিং নৰগেৰ পুত্ৰ জেমলিং নৰগেই মাউন্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱা একশ্ৰেণী অভিজ্ঞতাহীন ধনী পৰ্যটকৰ পৰ্বতাৰোহণ পন্থাত অসন্তুষ্ট হৈ কৈছিল – “এই পৰ্বত (মাউন্ট এভাৰেষ্ট) বগাবলৈ আপুনি নিজৰ ভৰি দুখন ব্যৱহাৰ কৰিবই লাগিব। তাৰ বাহিৰে উপায় নাই। কিন্তু সেই দুঃসাহসিক অভিযানৰ স্পিৰিট এতিয়া আৰু তাত নাই। হেৰাই গৈছে। ভৰিত কেনেদৰে ক্ৰেম্পন পিন্ধিব লাগে তাকো নজনা লোকে এতিয়া তাত বগাবলৈ ধৰিছে। তেওঁলোকে বগাইছে কাৰণ তাৰ বিনিময়ত তেওঁলোকে কাৰোবাক ৬৫,০০০ ডলাৰ দিছে। এয়া দেখদেখ স্বাৰ্থপৰ কাৰবাৰ। ই আনৰ জীৱন বিপদসংকুল কৰি পেলায়।” ডেকা ডাঙৰীয়া, এই যে ধনৰ সহায়ত মাউন্ট এভাৰেষ্ট আৰোহণৰ ৰেকৰ্ড কৰা প্ৰৱণতাৰ কথা শুনা যায়, কিমান দূৰ সত্য? আপুনি নিজে গৈ কি দেখিলে ?

ডেকাঃ নিজে এভাৰেষ্ট আৰোহণ কৰি নাহিলে হয়তো ময়ো এই কথাবোৰ বিশ্বাস কৰিলোহেঁতেন। জেমলিং নৰগেই কিয়বা তেনেকে কৈছিলে মই নাজানো। যিহেতু মই নিজে দেখি আহিলোঁ, এই কথাখিনি মই এতিয়া বিশ্বাস কৰিব নোৱাৰোঁ।

প্ৰশ্নঃ টকাৰ বিনিময়ত শ্বেৰপাই কোনো কোনো পৰ্বতাৰোহীক টানি-তুলি নি এভাৰেষ্ট শৃঙ্গ পহুচাই দিয়ে বুলি শুনিবলৈ পোৱা কথাবোৰ তেন্তে সঁচা নহয়?

ডেকা: শ্বেৰপাই ডাঙি লৈ যোৱা কথাটো একেবাৰে মিছা। অসম্ভৱ তেনে কৰাটো। সবৰে নিজৰ প্ৰাণৰ মোহ থাকে। এভাৰেষ্ট বগোৱা ইমান সহজ নহয়। পদে পদে বিপদ থাকে। অকণমান ইফাল-সিফাল হ’লেই হাজাৰ ফুট তলত পৰি মানুহ মৰি থাকিব।

প্ৰশ্নঃ এভাৰেষ্ট আৰোহণত আচলতে কি হয়, তাৰ প্ৰেক্টিকেল অভিজ্ঞতাবোৰ অলপ বিষদকৈ জনাওকছোন।

ডেকা: চাওঁক- এভাৰেষ্ট আৰোহণ এনেকুৱা নহয় যে- নেপাল গ’লো আৰু এভাৰেষ্ট শৃঙ্গত উঠিলোঁ। এক অতি কষ্টকৰ দীঘলীয়া প্ৰস্তুতিৰ প্ৰয়োজন নিজকে শাৰীৰিক আৰু মানসিক ভাবে প্ৰস্তুত কৰি তুলিবলৈ। কেৱল সেয়াই নহয়- অসীম ধৈৰ্যৰো আৱশ্যক। সাগৰপৃষ্ঠৰ পৰা ১৭৬০০ ফুট উচ্চতাত অৱস্থিত এভাৰেষ্ট বেচ্ কেম্পৰ পৰা ২৯০২৮ ফুট উচ্চতাত অৱস্থিত শিখৰলৈ বগাবলৈ মৃত্যুৰ দেওনা স্বৰূপ চাৰিটাকৈ কেম্প বগাই পাৰ কৰিব লগীয়া হয়। কেম্প-১ ৰ উচ্চতা ১৯৯০০ ফুট, কেম্প-২ ৰ উচ্চতা ২১৩০০ ফুট, কেম্প-৩ ৰ উচ্চতা ২৩০০০ ফুট আৰু কেম্প-৪ ৰ উচ্চতা ২৬০০০ ফুট। এক্লাইমেটিজিং (Acclimatizing) পৰ্বত আমি প্ৰতিটো কেম্পলৈ বগাই গৈ পুনৰ বেচকেম্পলৈ নামি আহিব লাগে। অৰ্থাৎ মুঠ ৪X২=৮ বাৰ পৰ্বত উঠা-নমা কৰা হয়।

এভাৰেষ্ট আৰোহণ পৰ্বৰ পূৰ্বে আমি আখৰা কৰিব লগীয়া হয়। এই আখৰা পৰ্বটোকে এক্লাইমেটিজিং পৰ্ব বুলি কোৱা হয়। সকলো ক্লাইম্বাৰে প্ৰথমে এক্লাইমেটিজিং কৰি লয়। এক্লাইমেটিজিং নকৰাকৈ এভাৰেষ্টত পোনে পোনে আৰোহণ কৰিবলৈ গ’লে হৃদযন্ত্ৰ বন্ধ হৈ মানুহ বাটতে মৰি থাকিব।

কেৱল সেয়াই নহয়। কাঠমাণ্ডুৰ পৰা ফ্লাইটেৰে লুকলা এয়াৰপোৰ্ট পোৱাৰ পাছত বেচ্ কেম্প নোপোৱালৈ প্ৰায় এসপ্তাহ সময় আমি এই ওখ-চাপৰ দীঘলীয়া বাটচোৱা ট্ৰেকিং কৰিয়ে যাবলগীয়া হয়। টালি-টোপোলাবোৰ য়াকৰ পিঠিত দিয়া যায়। লুকলাৰ পিছতে পোৱা যায় ফাকদিং। তাৰপিছত নামচে বজাৰ। নামচে হৈছে শ্বেৰপা সকলৰ ৰাজধানী। তাত প্ৰয়োজনীয় বস্তু কিছুমান কিনিব পোৱা যায়। অজস্ৰ ট্যুৰিষ্ট আহে এইবোৰ ঠাই চাবলৈ। বিখ্যাত ‘সাগৰমাথা নেচ্যনেল পাৰ্ক’ এই নামচে পোৱাৰ ঠিক আগতে পোৱা যায়। শ্বেৰপা সকলৰ পৰম্পৰাগত ঘৰ, বৌদ্ধ মোম্পা এইবোৰ চাবলৈ ট্যুৰিষ্ট সকলে ছিজনত ভিৰ কৰেহি। আমি তাত এৰাতি থাকিছিলোঁ। তাৰপিছত টেংবুচে, ডিংবুচে, লোবুচে, গোৰেকশ্বেপ আৰু শেষত বেচকেম্প পাওঁ। সকলো ঠাইতে এৰাতিৰ বাবে জিৰণি লোৱা হয়।

বেচ্ কেম্পত আমি প্ৰায় দুসপ্তাহ ধৰি বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাও- বিশেষকৈ এক্লাইমেটিজিং কৰোঁ। আমি তাত সৰু সৰু তম্বু টানি কেম্প পাতি আছিলোঁ। সবৰে নিজা নিজা তম্বু। কেম্পৰ ভিতৰতে খোৱা লোৱা কৰিব পৰা যায়। শ্বেৰপা সকলে আমাক সহায় কৰি দিয়ে। পানী আদি গৰম কৰিবলৈ বাৰ্ণাৰ ষ্টোভ ব্যৱহাৰ কৰা হয়।

আমি থকা এই অঞ্চলটো খুম্বু পৰ্বতাঞ্চল- এভাৰেষ্টৰ পশ্চিম ফাল। খুম্বু আইচবাৰ্গ অকনমান ওপৰত অৱস্থিত। বহু পৰ্বতাৰোহী আৰু শ্বেৰপাৰ মৰ্ত্যূ এই খুম্বু আইচবাৰ্গৰ পৰা হোৱা আইছফলৰ বাবে হয়। খুবেই বিপদজনক। সাৱধান হৈ থাকিবলগীয়া হয়। বেচকেম্পৰ পৰা কেম্প-১ লৈ ক্লাইম্ব কৰোঁতে ‘খুম্বু আইছফল’ৰ ওপৰেৰে যাবলগীয়া হয়। শ্বেৰপা সকলে এই আইছফলৰ ওপৰত আৰু বৰফৰ প্ৰকাণ্ড ফাঁটবোৰৰ ওপৰত আগতীয়াকৈ জখলা পাৰি ৰাখে। তাৰোপৰি জোঙা-ঢাৰ বৰফৰ টুকুৰাবোৰো আঁতৰাই, যিমান পাৰি পথচোৱা সুচল কৰা হয়। এই কামবোৰ পৰ্বতাৰোহণৰ ছিজন আৰম্ভ হোৱাৰ ঠিক আগে আগে নেপাল চৰকাৰৰ তৰফৰ পৰা এটি বিশেষ শ্বেৰপা দলৰ দ্বাৰা কৰোৱা হয়। এওঁলোক অতি অভিজ্ঞ আৰু এভাৰেষ্ট বগোৱাত অতি নিপুণ শ্বেৰপা। এওঁলোকক সেয়ে ‘ডক্টৰ শ্বেৰপা’ বুলি কোৱা হয়।

এভাৰেষ্টৰ জলবায়ু সম্পুৰ্ণ ভিন্ন। চাপ কম। সকলো সময়তে উষ্ণতা মাইনাছ ডিগ্ৰীত থাকে। -২০ ডিগ্ৰীৰ পৰা -৩০/৩৫ ডিগ্ৰীলৈ। সময়ত তাতোকৈ কম হৈ -৬০ ডিগ্ৰীলৈ নামিব পাৰে। কেতিয়া তুষাৰ বতাহ বলে, কেতিয়া তীব্ৰ বেগী জেট্ ষ্ট্ৰীম আহে আৰু কেতিয়া হিম্ প্ৰপাত হ’ব পাৰে আগতীয়াকৈ জনাটো সহজ নহয়। এইবোৰৰ যিকোনো এটাই প্ৰাণ নিব পাৰে। জেট-ষ্ট্ৰীমৰ বেগ কেতিয়াবা ইমান বেচি হ’ব পাৰে যে ই জেট্ উৰাজাহাজ এখনো উৰুৱাই নিব পাৰে। আমি তাত ‘ভাৰতীয় বতৰ বিভাগ’ৰ দ্বাৰা বতৰৰ তথ্য সংগ্ৰহ কৰিছিলোঁ। বিদেশী পৰ্বতাৰোহী দল কিছুমানে ‘নাছা’ৰ বতৰ বিভাগৰ সৈতে চুক্তি কৰে- এভাৰেষ্টৰ বতৰৰ তথ্য লাভ কৰিবলৈ। সেয়া কিন্তু বহু খৰচী। ন-দহ লাখ টকা দিবলগীয়া হয় নাছাক। অৱশ্যে তথ্যও একেবাৰে নিখুঁত হয়।

প্ৰশ্নঃ  ১৯৫৩ চনত এডমণ্ড হিলাৰীহঁতে আপোনালোকে যোৱা পথেৰেই গৈছিল চাগৈ? তেতিয়াৰ পৰিস্থিতিতো বহু দুৰূহ আছিল। পৰ্বতাৰোহণৰ সা-সৰঞ্জামো মান্ধাতাকলীয়া আছিল!

ডেকা: সেই সময়ত লুক্লালৈ ফ্লাইটৰ ব্যৱস্থা নাছিল। সেয়ে তেওঁলোক কাঠমাণ্ডুৰ পৰাই ট্ৰেকিং কৰিবলগীয়া হৈছিল। তেওঁলোক আহিছিল এটা ডাঙৰ বৃটিছ পৰ্বতাৰোহী দলৰ সৈতে। এডমণ্ড হিলাৰী নিউজিলেণ্ডৰ বাসিন্দা আছিল যদিও, সেই সময়ত নিউজিলেণ্ড বৃটিছৰ অধীনস্হ আছিল। আচলতে তেওঁলোকৰ দলটোৰ আন এজন সদস্যই হে হিলাৰীৰ পূৰ্বে শৃঙ্গলৈ যাত্ৰা কৰিছিল। কিন্তু কেম্প চাৰিৰ পৰা তেওঁ ঘূৰি আহিবলৈ বাধ্য হোৱাত হিলাৰীৰ পাল পৰিল। শ্বেৰপা টেনজিং নৰগেক লগত লৈ হিলাৰী উঠি গ’ল ওপৰলৈ। কেম্প চাৰি পাৰ হোৱাৰ পিছত এটা ভব্য পাথৰৰ চটা পোৱা যায়- প্ৰায় ৪০ ফুট আকাৰৰ। হিলাৰী আৰু টেনজিঙেই প্ৰথম পৰ্বতাৰোহী যি প্ৰথমবাৰৰ বাবে সেই ঠাইত ঠিয় হৈছিল। এই উলম্ব পাথৰ চটাক “হিলাৰী ষ্টেপ” বুলি কোৱা হয়। উচ্চতা প্ৰায় ২৮৭০০ ফুট। তাৰ পৰা শৃঙ্গ আৰু মাথোন ৩০০ ফুটমানহে ওপৰত। কিন্তু সেই উচ্চতাত বতৰ ইমানেই অনিশ্চিত আৰু ঠুনুকা হয় যে তাৰ পৰাও বহু পৰ্বতাৰোহী ঘূৰি আহিবলগীয়া হৈ যাব পাৰে।

প্ৰশ্নঃ শ্বেৰপাসকলৰ সহায় নোহোৱাকৈ এভাৰেষ্ট আৰোহণ কৰাটো অকল্পনীয়। টেনজিং নোহোৱাকৈ হিলাৰীও হয়তো নোৱাৰিলেহেঁতেন সেই বিশ্ব ৰেক’ৰ্ড গঢ়িব!

ডেকা: শ্বেৰপাসকল তাৰে ভূমিপুত্ৰ। নিজৰ ঠাই সম্পৰ্কে আনতকৈ তেওঁলোক নিশ্চয় বেছি অৱগত। তেওঁলোকে পৰ্বতক দেৱতা জ্ঞান কৰে। পৰ্বাতাৰোহণৰ পূৰ্বে পৰ্বতৰ দেৱতাক পূজা কৰা হয়। আমি যেতিয়া দিল্লীৰ পৰা গৈ কাঠমাণ্ডু পাইছিলোঁ তাত সামূহিকভাৱে পূজা অনুষ্ঠিত কৰা হৈছিল-আমাৰ অভিযান সফল হোৱাৰ কামনাৰে। আমি কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰ, বৌদ্ধ মনেষ্ট্ৰি আদিতো সেৱা আগবঢ়াইছিলোঁ।

প্ৰশ্নঃ কিন্তু তাততো নাস্তিক পৰ্বতাৰোহীও যায়!

ডেকা: নাস্তিক!!!… সব আস্তিক হৈ যায় তাত। যেতিয়া মৃত্যু আহি চকুৰ সন্মূখত দোলা দি থাকে সব আস্তিক হৈ যায়। (হাঁহিৰে জনায়। আমিও হাঁহিলো।)

চাওঁক, শ্বেৰপাসকল তাৰে স্থানীয় বাসিন্দা আৰু আজন্ম পৰ্বতাৰোহী যদিও, তেওঁলোকৰ পক্ষেও এভাৰেষ্ট বগোৱা ইমান ইমান সহজ নহয়। বিশেষকৈ এভাৰেষ্ট শৃঙ্গলৈ আৰোহন কৰা। মোৰ শ্বেৰপাজনৰেই এভাৰেষ্ট শৃঙ্গ বগোৱাৰ পূৰ্ব অভিজ্ঞতা নাছিল। আমাৰ ফাইনেল পৰ্বত অৰ্থাৎ মে’ৰ ১৮ তাৰিখে আমি যেতিয়া কেম্প-৪ পাইছিলোঁ- বতৰ বেয়া হৈ পৰিছিল আৰু অন্য কিছু সমস্যাই দেখা দিছিল। শিখৰ পাবলৈ মাথো এক হাজাৰ মিটাৰ মান বাকী থকা অৱস্থাত মোৰ শ্বেৰপাজনে ক’ল যে তেওঁ হেনো আৰু ওপৰলৈ বগাব নোৱাৰে। তেওঁ ক’লে- “মোৰ মৰিবৰ ইচ্ছা নাই”। শ্বেৰপাৰ সহায় নোহোৱাকে সেই উচ্চতাত একো কৰিব নোৱাৰি। মোৰো স্বাস্থ্য দুৰ্বল হৈ পৰিছিল। উপায়হীন হৈ আমি ২৬,০০০ ফুট ওপৰৰ পৰা পুনৰ বেচ্ কেম্পলৈ ঘূৰি আহিবলৈ বাধ্য হ’লো।

প্ৰশ্নঃ আপোনালোকৰ দলৰ বাকী কেইজন?

ডেকা: আমাৰ দলত মুঠ ১৬ জন সদস্য আছিল। তাৰে তিনিজনৰ ভিতৰ এজন বেচ কেম্প মেনেজাৰ, এজন টীম লিডাৰ আৰু এজন চিকিৎসক আছিল। আমাৰ টীমৰ তেৰজনহে আচলতে প্ৰকৃত পৰ্বতাৰোহী অছিল। মোক এৰি বাকী দহজন প্ৰথম প্ৰচেষ্টাতে সফল হ’ল। অসমৰ তৰুণ শইকীয়াও তাৰে মাজত এজন আছিল। তেওঁলোকে এভাৰেষ্টৰ শিখৰ পদাৰ্পন কৰি ঘূৰি আহিল। কিন্তু দুজন সদস্যক এক্লাইমেটিজিং পৰ্বতে ৰেছকিউ কৰিবলগীয়া হৈছিল অসুস্থ হৈ পৰা বাবে।

প্ৰশ্নঃ তাৰমানে আপোনালোক ১৩ জন ক্লাইম্বাৰৰ ভিতৰত আপোনাক বাদ দি বাকী দহ জনে ২০১৩ চনৰ ১৮ মে’ তাৰিখে এভাৰেষ্ট আৰোহণ কৰিলে। বেচ কেম্পলৈ ঘূৰি আহি আপুনি কি কৰিলে?

ডেকা: বেয়া লাগিছিল। ওজনো ভালেখিনি কমি গৈছিল। মই ঘৰত যোগাযোগ কৰিলোঁ ৱাইৰলেছৰ সহায়ত। ঘৰৰ মানুহে যথেষ্ট সাহস আৰু অনুপ্ৰেৰণা যোগালে। পত্নীয়েও সাহস দিলে। মনোবল ঘূৰি আহিল আৰু পুনৰাই এভাৰেষ্ট আৰোহন কৰাৰ সিদ্ধান্ত ল’লোঁ। C-4 ৰ পৰা বিফল হৈ নামি আহি পুনৰ উঠিবলৈ যোৱাৰ উদাহৰণ প্ৰায় বিৰল। মানুহ সম্পূৰ্ণ ৰূপে ভাগি পৰে। সেই উচ্চতাত য’ত বায়ুৰ চাপ কম, অক্সিজেন নাথাকে, তাত মানুহৰ পাচন ক্ৰিয়া অকামিলা হৈ পৰে, নাৰ্ভবোৰ দুৰ্বল হৈ যায় বাবে স্মৃতি শক্তিও কমি আহিবলৈ ধৰে। একমাত্ৰ উইল-পাৱাৰেহে সেয়া সম্ভৱ কৰিব পাৰে।

প্ৰশ্নঃ এসময়ৰ মাৰ্চিয়েল আৰ্টছৰ গভীৰ অধ্যয়ন আৰু কঠোৰ প্ৰশিক্ষণৰ পৰা লাভ কৰা ধৈৰ্য্য-সহ্য গুণেই হয়তো আপোনাক উইল-পাৱাৰে দৃঢ় হোৱাত অৰিহণা যোগাইছিল!

ডেকা: হয়তো হ’ব পাৰে। তৰোপৰি, দ্বিতীয় প্ৰচেষ্টাৰ যাৱতীয় খৰচ সম্পূৰ্ণ নিজা। এইবোৰ অতিৰিক্ত খৰচ। আমাৰ লিডাৰ ড° সুৰজিৎ সিঙে মোৰ প্ৰবল ইচ্ছা আৰু মনোবল দেখি দ্বিতীয়ববাৰৰ প্ৰচেষ্টাত সন্মতি দিলে। শ্বেৰপা সলনি কৰা হ’ল। বিচাৰি-খুচৰি আনৰ ব্যৱহাৰ নোহোৱা অক্সিজেন চিলিণ্ডাৰ জোগাৰ কৰা গ’ল। আমাৰ শ্বেৰপাজনে প্ৰতি চিলিণ্ডাৰত ৫০০ ডলাৰকৈ দামত দুটা চিলিণ্ডাৰ সংগ্ৰহ কৰিলে। তলত যি চিলিণ্ডাৰ ডেৰশ দুশ ডলাৰত পোৱা যায়; সেয়া ওপৰত দুগুণ-তিনিগুণ দামত কিনিব লগীয়া হয়। সেই সময়ত খৰচৰ কথা মনলৈ নাহে। যি প্ৰকাৰেই নহওঁক, কেনেকৈ অভিযান সম্পূৰ্ণ কৰিব পৰা যায় সেয়াই মূৰত অহা-যোৱা কৰে।

প্ৰশ্নঃ ইমান ওপৰতো চিলিণ্ডাৰ কিনিব পোৱা যায়?

ডেকা: সেইবোৰ অব্যৱহৃত চিলিণ্ডাৰ। কিছুমান ক্লাইম্বাৰৰ অতিৰিক্তকৈ নিয়া অক্সিজেন চিলিণ্ডাৰবোৰ ব্যৱহাৰ নোহোৱাকৈ থাকি যায়। তাৰোপৰি যিসকল ক্লাইম্বাৰ অসফল হৈ ঘূৰি আহে, তেওঁলোকৰো কিছুমানে ওপৰতে চিলিণ্ডাৰবোৰ এৰি আহে বা কম দামত বেছি থৈ যায়। কাম হৈ যোৱাৰ পিছত কোনে সেই অতিৰিক্ত ভাৰি চিলিণ্ডাৰবোৰ পিঠিত কঢ়িয়াই লৈ আহিব তললৈ! দেহৰ বোজাবোৰ কমাই জীৱনটো বচাই সোনকালে তললৈ নামি অহাই প্ৰধান উদ্দেশ্য সবৰে।

প্ৰশ্নঃ আপোনালোকে তাত থকা সময়ছোৱাত আপোনালোকৰ উপৰিও আন পৰ্বতাৰোহী সকলোতো তাত আছিল ?

ডেকা: হয়। সেই সময়খিনিয়ে এভাৰেষ্ট বগোৱা সময়। আপোনালোকে লক্ষ্য কৰিব- এপ্ৰিল আৰু মে’ মাহৰ প্ৰথম-দ্বিতীয় সপ্তাহৰ সময়ছোৱাতহে এভাৰেষ্ট ক্লাইম্বিং কৰা হয়। মাৰ্চ মাহলৈ তাত অতিপাত ঠাণ্ডা। শীতত -৬০ ডিগ্ৰীলৈও নামি যায় তাপমান। আনহাতে জুনৰ পৰা বৰষূণ দিবলৈ আৰম্ভ কৰে। মেঘেৰে আচ্ছন্ন হৈ পৰে এভাৰেষ্ট। গতিকে গোটেইখন পিছল হৈ পৰে। মে’ৰ প্ৰথম-দ্বিতীয় সপ্তাহৰ সেই সময়াছোৱাত আপুনি যদি বেচ কেম্পৰ পৰা পৰ্বতৰ ওপৰলৈ চায়- লানি নিচিগাকৈ ৰং-বিৰংগী পোচাকৰ অজস্ৰ পৰ্বতাৰোহী দেখিব ওপৰত। কোনোবাই শিখৰলৈ বগাই আছে, কোনোবাই এক্লামেটিজেচন কৰি আছে। দৃশ্যটো দেখিবলৈ চকুৰোৱা হৈ পৰে- যেন ফুটুকা-ফুটুকী বেলুন হে!

মে’ মাহ পৰ্বতাৰোহণৰ বাবে উপযুক্ত হোৱাৰ আন এটা কাৰণ আছে। এইবাৰ মই আপোনালোকক সুধোঁ—কাৰণটো বাৰু কি ক’ব পাৰিব নে?

প্ৰশ্নঃ …আমি দেখোন ধাৰণাই কৰিব পৰা নাই। আপুনিয়ে জনাওঁকচোন।

ডেকা: মে’ মাহৰ শেষৰ পৰা বংগোপসাগৰৰ ফালৰ পৰা দক্ষিণ-পশ্চিম মৌচুমী বতাহ বলিবলৈ আৰম্ভ কৰে। তীব্ৰ বেগেৰে অহা এই বতাহৰ জাকবোৰ চিধাই আহি হিমালয়ত কোব মাৰে। এই বতাহৰ কোব কেতিয়াবা ইমানেই বেচি হৈ যে বোয়িং বিমান এখনো উৰুৱাই নিব পাৰে। কিন্তু মে’ মাহৰ প্ৰথম দুটা সপ্তাহত মৌচুমী আহি নাপায়। এই অতি কম সময়চোৱাৰ অপেক্ষাত এভাৰেষ্ট আৰোহন কৰিবলৈ বিচৰা বিশ্বৰ সমস্ত পৰ্বতাৰোহী ব্যাকুল হৈ ৰৈ থাকে।

প্ৰশ্নঃ অৱশেষত আপুনি ২০১৩ চনৰ ২৪ মে’ তাৰিখে এভাৰেষ্ট জয় কৰিলে। দ্বিতীয় প্ৰচেষ্টাত আপুনি কেনেকৈ আগবাঢ়িলে?

ডেকা: দ্বিতীয় প্ৰচেষ্টাত মই আৰু মোৰ শ্বেৰপা মাথোন। আমি কেম্প ১, ২ আৰু ৩ অতিক্ৰমি পুনৰ কেম্প- ৪ পালোঁ। কেম্প চাৰি অৱস্থিত ‘ছাউথ কোল’ত। এভাৰেষ্ট শৃঙ্গৰ ওচৰা-উচৰিকৈ আছে বিশ্বৰ চতুৰ্থ সৰ্বোচ্চ শৃঙ্গ লোটছে। এই লোটছে আৰু এভাৰেষ্ট শৃঙ্গৰ মাজৰ বিপদসংকুল গিৰিপথচোৱাকে ‘ছাউথ কোল’ বুলি কোৱা হয়। ইয়াক “ডেথ জোন” বুলিও কোৱা হয়। কেম্প-৪ ৰ পৰা অলপ ওপৰত মজিয়াৰ দৰে সৰু সমতল ঠাই এডোখৰ পোৱা যায়- যাক ‘বেলকনী’ বুলি কোৱা হয়। এই বেলকনীৰ পৰা শৃঙ্গৰ এচোৱা দেখিবলৈ পোৱা যায়। শৃঙ্গটো ওচৰৰ পৰা দেখি আত্মবল যথেষ্ট বৃদ্ধি হয়।

কেম্প-৩ ৰ পৰা আহি কেম্প-৪ গৈ পাওঁতে দহ ঘন্টামান লাগিছিল। চাৰি ঘন্টামন তাত জিৰণি লৈ সন্ধিয়া সাতমান বজাত পিকলৈ বুলি খোজ দিছিলোঁ। ‘বেলকনী’, ‘ছাউথ ছামিট’, ‘কৰ্ণিক ট্ৰেভাৰ্ছ’, ‘হিলাৰী ষ্টেপ’ আদি এটা এটা বাধা অতিক্ৰমি অৱশেষত আমি এভাৰেষ্ট শৃংগ পদাৰ্পন কৰিলোঁ পুৱা পাঁছ বজাত।

প্ৰশ্নঃ শৃঙ্গটোৰ আকাৰ কেনেকুৱা? জোঙা নে ভোটা?

ডেকা: দহ বৰ্গফুট মান বহল হ’ব শৃঙ্গটো। অলপ এঢলীয়া। সোঁমাজত অকমান ওখকৈ বৰফৰে বেদীৰ দৰে বনোৱা আছে। কোনেও তাত ভৰি নিদিয়ে। সকলোৱে সেৱা কৰে তাক। মইও কৰিছিলোঁ।

প্ৰশ্নঃ পৃথিৱীৰ আটাইতকৈ ওখ ঠাইত ঠিয় হৈ আপোনাৰ কি অনুভৱ হৈছিল?

ডেকা: চকুৰে পানী ওলাই আহিছিল। জীৱনৰ এটা লক্ষ্য পূৰণ হোৱাত আনন্দ লাগিছিল।

প্ৰশ্নঃ কিমান সময় আছিল তাত? আৰু কি কৰিলে তাত?

ডেকা: প্ৰায় বিছ মিনিট সময় আছিলোঁ তাত। তাৰপৰা চাৰিওফালে কেৱল শৃঙ্গ আৰু শৃঙ্গ। লোটছে, নুপ্ৎচে আদিৰ দৰে পৃথিৱীৰ আটাইতকৈ ওখ শৃঙ্গবোৰ চকুৰ সন্মুখত দেখিছিলোঁ। মোৰ এফালে আছিল তিব্বত আৰু আনফালে নেপাল। তাৰ মাজত মই আৰু মোৰ শ্বেৰপাজন- মাথো দুজন মানুহ। এক বুজাব নোৱাৰা অনুভূতি। গামোচা লগত লৈ গৈছিলোঁ। ফটো উঠিলো তাত। শ্বেৰপাজনে ফটো মাৰি দিছিল। তাত বেছি সময় থাকিব নোৱাৰি। অক্সিজেন শেষ হৈ যোৱাৰ আশংকা থাকে। বতৰ প্ৰতিকূল হোৱাৰ ভয়। তাৰোপৰি সন্ধিয়া হোৱাৰ পূৰ্বে কেম্প-৪ পাব লাগিব।

প্ৰশ্নঃ আপোনাৰ জীৱনৰ ডাঙৰ সপোন পূৰ হ’ল? এতিয়া আপোনাৰ ইচ্ছা কি?

ডেকা: আমি ছাউথ ৰিড্‌জ হৈ এভাৰেষ্ট আৰোহন কৰিছিলোঁ। পিছলৈ ন’ৰ্থ ৰিড্‌জ হৈ অৰ্থাৎ তিব্বত হৈ আৰোহণ কৰাৰ মন আছে- যি পথেৰে ১৯২১ চনতেই জৰ্জ মেলোৰীয়ে চেষ্টা চলাইছিল। অৱশ্যে শৃঙ্গ পোৱাৰ আগতেই তেওঁৰ তাত মৃত্যু হৈছিল। আৰু মৃতদেহটো ১৯৯০ চনত পোৱা গৈছিল বৰফৰ তলত।

প্ৰশ্নঃ গ্লোবেল ৱাৰ্মিঙৰ কিবা প্ৰভাৱ পৰা দেখিলে নে এভাৰেষ্টত?

ডেকা: কিছু কিছু পৰিছে। আগতে বেচ কেম্প আছিল ১৬৯০০ ফুট ওপৰত আৰু এতিয়া বেচকেম্পটো অৱস্থিত ১৭৬০০ ফুটত। হিলাৰীহঁত যেতিয়া আহিছিল তেতিয়া বেচকেম্প আছিল গোৰেকশ্বেপত, ১৬৯০০ ফুটত। এতিয়া প্ৰায় ৭০০ ফুট ওপৰত উঠি গ’ল বেচকেম্প। তাৰোপৰি শুনামতে, এভাৰেষ্ট শৃঙ্গ প্ৰতি বছৰে দুই ছেন্টিমিটাৰকৈ উঠি গৈ থাকে হেনো। হয়তো ভূগৰ্ভৰ প্লেটবোৰৰ গতিৰ বাবে।

প্ৰশ্নঃ মাউণ্ট এভাৰেষ্টৰ ওপৰত পৰ্বতাৰোহীৰ দ্বাৰা প্ৰতি বছৰে হোৱা ‘অত্যাচাৰ’ দেখি ২০০৩ চনত ছাৰ এদমণ্ড হিলাৰীয়ে নেপাল চৰকাৰক আহ্বান জনাইছিল- “give the mountain a rest for a few years.” প্ৰথম মহিলা পৰ্বতাৰোহী জাপানৰ জুংকো তাবেইলেও আহ্বান জনাইছিল- “Everest has become too crowded. It needs a rest now.” কিন্তু চৰকাৰ আৰু তাৰ স্থানীয় শ্বেৰপাসকলে পৰ্বতাৰোহীৰ সংখ্যা কমাটো নিবিচাৰে। সেয়াই তেওঁলোকৰ জীৱিকা আৰু উপাৰ্জনৰ একমাত্ৰ উৎস। সাত-আঠজনীয়া সদস্যৰ পৰ্বতাৰোহী দল এটাই ৰয়েল্টি হিচাপে নেপাল চৰকাৰক তেতিয়াতেই ৭০ হাজাৰ ডলাৰ (প্ৰায় ৪০ লাখ টকা) দিবলগীয়া হৈছিল। এভাৰেষ্টৰ ভাগৰ লাগিলেও চৰকাৰে এনে বৃহৎ অংকৰ উপাৰ্জনৰ পৰা বঞ্চিত হ’ব নিবিচাৰে।

যি নহওঁক, আপুনি মাউণ্ট এভাৰেষ্ট আৰোহণৰ অভিজ্ঞতাখিনি স্থায়িত্ব কৰিবলৈ কিবা পৰিকল্পনা কৰিছে নেকি?

ডেকা: মোৰ অভিযানক লৈ এখন কিতাপ লিখি আছোঁ। সম্ভৱতঃ অহা অক্টোবৰ-নৱেম্বৰত সমাপ্ত হৈ যাব লাগে। [পাঠকসকল জনাওঁ যে- তেওঁৰ কিতাপ ইতিমধ্যে প্ৰকাশ হৈ বজাৰত ওলাইছে। – লিখক]

প্ৰশ্নঃ কি নাম হ’ব কিতাপখনৰ? আমি সঁচাকৈ খুবেই উৎসুক আপোনাৰ কিতাপখন পঢ়িবলৈ। এনেকুৱা কিতাপ অসমীয়া ভাষাত হয়তো এয়াই প্ৰথম হ’ব!!

ডেকা: কিতাপখনৰ নাম কি ৰাখিম এতিয়ালৈ ঠিক নিশ্চিত হোৱা নাই। “এভাৰেষ্টত বিশ মিনিট” বুলি কিবা এটা ৰখাৰ কথা মনলৈ আহি আছে। হোমেন বৰগোহাঞি ছাৰক অনুৰোধ কৰাৰ লগে লগে তেওঁ এটি পাতনি প্ৰস্তুত কৰি দিছে। পৰ্বতাৰোহণৰ সম্পৰ্কে তেওঁ পাতনিত লিখিছে যে- পৰ্বতাৰোহণ হৈছে মানুহৰ পৌৰষত্বৰ চিন।

প্ৰশ্নঃ খুবেই সুন্দৰ আৰু আকৰ্ষনীয় হ’ব কিতাপৰ নামটো- “এভাৰেষ্টত বিছ মিনিট”!! এইবোৰৰ উপৰিও আহৰি সময়ত আপুনি কি কৰি ভাল পায়।

ডেকা: আহৰি সময় বুলিবলৈ মোৰ নাইয়েই। মোৰ কন্সট্ৰাকচনৰ কাম কৰোঁ। তাতেই ব্যস্ত হৈ থাকিব লগীয়া হয়। তথাপি এডভেঞ্চাৰ আৰু পৰ্বতাৰোহণৰ ওপৰত লিখা কিতাপবোৰ পঢ়ি ভাল পাওঁ। ল’ৰা-ছোৱালী হালৰ সৈতে খেলা-ধুলা কৰি আহৰি সময় কটাওঁ। সিহঁতৰ লগত বহি কেতিয়াবা সিহঁতে চাই ভাল পোৱা চিনেমাবোৰ চাওঁ।

প্ৰশ্নঃ ঘৰত আপোনাৰ কোন কোন আছে?

ডেকা: ল’ৰা-ছোৱালীহাল আৰু পত্নী। ল’ৰা ক্লাছ এইটত আৰু ছোৱালী ক্লাছ নাইনত পঢ়ি আছে। পত্নী ছাৰাহ এন,জি,অ’ এখনৰ সৈতে জড়িত।

প্ৰশ্নঃ পৰ্বতাৰোহণৰ প্ৰতি আগ্ৰহী অসমৰ নৱপ্ৰজন্মৰ হৈ আপুনি কিবা কৰিব বিচাৰেনে?

ডেকা: মোক ব্ৰিটিছ সকলৰ দুঃসাহসিক মনে খুবেই আকৰ্ষিত কৰে। এতিয়ালৈ মাউন্ট এভাৰেষ্ট আৰোহণ কৰা আটাইতকৈ বেছি পৰ্বতাৰোহী তেওঁলোকেই। অসমৰ ল’ৰা-ছোৱালীক মই তাকেই ক’ব বিচাৰোঁ। কেম্পবোৰত মই এইবোৰ কথা কওঁ। আজি-কালিৰ ল’ৰা ছোৱালীয়ে প্ৰকৃতিক ভাল পাবলৈ পাহৰি পেলাইছে। কিন্তু ব্ৰিটিছসকলে আমাৰ ঘৰৰ ওচৰত আহি মাউণ্ট এভাৰেষ্ট বগাই ফুৰিছে। ল’ৰা-ছোৱালীবোৰে যে কেৱল পৰ্বতাৰোহণ বা ট্ৰেকিঙেই কৰিব লাগিব সেয়া মই কোৱা নাই। মোৰ ল’ৰা-ছোৱালীহালৰে পৰ্বতাৰোহণ বা ট্ৰেকিং আদিৰ প্ৰতি আগ্ৰহ নাই। সেয়ে সিহঁতক মই বেলেগ আন খেল খেলিবলৈ দিওঁ। কি খেলি ভাল পাই সিহঁতে এদিন নিজেই ঠিক কৰি ল’ব। কিন্তু আজিৰ ল’ৰা-ছোৱালীবোৰে ভাৰ্চুৱেল পৃথিৱীখনৰ পৰা ওলাই আহি প্ৰকৃতিৰ বুকুলৈ যাবই লাগিব।

প্ৰশ্নঃ ডেকা ডাঙৰীয়া, আপোনাৰ সৈতে কথা পাতি, আপোনাৰ পৰিশীলত জীৱন আৰু চিন্তাধাৰাৰ সৈতে পৰিচিত হৈ নথৈ আনন্দিত হ’লোঁ। আশাকৰোঁ পাঠক ৰাইজেও আপোনাৰ অভিজ্ঞতাৰ পৰা উপকৃত আৰু আনন্দিত হ’ব। ধন্যবাদ।

ডেকা: ধন্যবাদ।

[টোকাঃ এই সাক্ষাৎকাৰটি প্ৰস্তুত কৰোঁতে আগতীয়াকৈ যথেষ্ট অধ্যয়ন কৰিব লগীয়া হৈছিল- পৰ্বতাৰোহণৰ বিষয়ে। Vertical Limit নামৰ চিনেমাখৰ স্মৃতিয়েও প্ৰশ্নবোৰ প্ৰস্তুত কৰোঁতে এটি ধাৰণা দিয়াত সহায় কৰিছিল। হয়তো পৰ্বতাৰোহণৰ প্ৰতি থকা মোৰ আগ্ৰহেও কিছু সহায় কৰিছিল। পাঠকে এই সাক্ষাৎকাৰৰ পৰা যদি অকণো উপকৃত হয়, কষ্ট সফল হোৱা বুলি ভাবিম। ভুল দেখিলে আঙুলিয়াই দিয়ে যেন। – আবিদ।]

আজি ২২/১২/২০১৪ তাৰিখে গুৱাহাটি প্ৰেছ ক্লাবত মনীষ ডেকাৰ কিতাপ “এভাৰেষ্টত বিশ মিনিট” কিতাপখন উন্মোচন কৰে শ্ৰী হোমেন বৰগোঁহাঞিয়ে।

Top of Form

Bottom of Form

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!