মানুহে মানুহৰ বাবে : মনীষা হালৈ

অস্তগামী সূৰুজৰ ৰাঙলী আভাই গোটেই মহানগৰী খন পোহৰাই তুলিছে৷ বহাগ মাহ৷ চাৰিওফালে মন উতলা কৰা সেউজীয়া পৰিবেশ৷ নবযৌবনা প্ৰকৃতিৰ বুকুত প্ৰেমৰ উকমুকনি…৷ কৃষ্ণচূড়াৰ ৰঙা ৰঙা ফুলে জালুকবাৰীৰ বুকুত ৰহণ সানিছে৷ এনেকুৱা এটা সুন্দৰ পৰিবেশৰ মাজত নয়না হোষ্টেলৰ চাদত বহি আছে৷ এই সুন্দৰ পৰিবেশেও তাইৰ মনত আনন্দ দিব পৰা নাই৷ একো এটাই ভাল নালাগে তাইৰ আজিকালি৷ বৰ নিসংগ অনুভৱ কৰে নিজকে৷ বিষাদৰ ধুমুহা এজাকত বৰ বেয়াকৈ বিধ্বস্ত হৈছিল তাই৷ হোষ্টেলৰ চাদত বহি এৰি অহা দিনৰ স্মৃতিবোৰকে ৰোমন্থন কৰে তাই৷ তেতিয়া বৰ অসহায় বোধ হয় তাইৰ নিজৰেই৷ এনেকুৱা নাছিল তাই কেতিয়াও৷ কেতিয়াও দুখক প্ৰশ্ৰয় নিদিয়া ছোৱালীজনী আজি দুখৰ ওচৰত বৰ বেয়াকৈ পৰাজিত৷ কিয় বাৰু এনেকুৱা হয় মানুহৰ ….? কিয় বাৰু সুখৰ দিনবোৰ ইমান খন্তেকীয়া….? তাই বাৰু কৰবাত ভুল কৰিছিল নেকি …? মনত অজুত প্ৰশ্ন জাগি উঠে তাইৰ৷ অথচ কেতিয়াও উত্তৰ বিচাৰি নাপায় …॥

মনটো অলপ ভাল লাগক বুলিয়েই তাই জালুকবাৰীলৈ ওলাই আহিল৷ অকলে কৰবাত বহিব মন গল তাইৰ৷ সেয়েহে বালাজী মন্দিৰলৈ যোৱাটো ঠিক কৰি ট্ৰেকাৰ এখনত উঠিল৷ ব্যস্ত মহানগৰ…., ব্যস্ত জনপথ৷ কোনেও কাৰো ফালেই চাবলৈ আহৰি নাই৷ সকলো যেন একো একোটা যন্ত্ৰ৷ এইবোৰে তাইৰ মনটো আৰু বেছিকৈহে অস্থিৰ কৰি তুলিলে৷ মানুহ কম থকা বাবে ট্ৰেকাৰখন অলপ সময় ষ্টপেজত ৰল৷ এনেতে হঠাৎ তাইৰ চকু এগৰাকী বুঢ়ী মানুহৰ ওপৰত পৰিল৷ তাত প্ৰায়েই তাই লক্ষ্য কৰে বহুকেইজন আশ্ৰয়হীন লোক ৰাস্তাৰ কাষত ফুটপাথত বহি থকে৷ কিছুমানে অহা যোৱা কৰা মানুহৰ পৰা পইচা বিচাৰে৷ দয়াবান কিছু সংখ্যক লোকে দুই এটকা এটা দলিয়াই দিয়ে৷ এয়াই তেওঁলোকৰ জীৱন৷ এইবোৰ দেখি নয়নাৰ মনটো বিষাদেৰে ভৰি পৰে৷ আজি ও সেই একেই অবস্থাত এই বুঢ়ী মানুহজনীক দেখিলে৷ আইতা গৰাকীৰ ককাল একেবাৰে হাউলি পৰিছিল৷ পিন্ধনত এখন ফটা কাপোৰ কিবাকৈ বুকুৰ পৰা আঠুলৈ মেৰিয়াই থোৱা৷ চুলিবিলাক আউলি বাউলী৷ হাত ভৰিবোৰ অনবৰতে কপি থকা৷ তাই লক্ষ্য কৰিলে যে আইতা গৰাকী ৰাস্তাৰ দাতিত শুই আছে আৰু এনে লগে যেনে তেওঁ মুখেৰে কিবা বৰবৰাই আছে৷ হঠাতে আইতা গৰাকী থিয় হৈ ৰাস্তাটো পাৰ হৈ আহিল আৰু ৰাস্তাৰ কাষতে থকা সৰু চাহ দোকান এখনত সোমাল৷ তাত মাইকী মানুহ এজনীয়ে চাহ আৰু পিঠা বিক্ৰী কৰি আছিল৷ আইতা গৰাকীয়ে কপি কপি মানুহজনীৰ ওচৰলৈ গৈ হাতেৰে পিঠাৰ ফালে দেখুৱাই দিলে৷ হয়টো এখন পিঠা আৰু একাপ চাহ বিচাৰিছে৷ কিন্তুু মানুহ জানো ইমান দয়াবান থাকে …? বিনা পইচাত কিয় খাব দিব ….? নাই বুলি ধমক এটা দিলে আইতাজনীক৷ তেতিয়া আইতাজনীয়ে হাতত থকা এটকিয়া নে দুটকীয়া এটা আগবঢ়াই দিলে কিন্তুু মানুহজনী অলপো লৰচৰ নকৰিলে৷ তাই গোটেই দৃশ্যতো হতবাক হৈ চাই আছিল৷ তাইৰ বুকুখন এক অজান শোকে খুন্দা মাৰি ধৰিলে৷ তাই আৰু ৰৈ থাকিব নোৱাৰি গাড়ীৰ পৰা নামি দি মানুহজনীৰ ওচৰলৈ আহিল আৰু আইতাগৰাকীক চাহ আৰু পিঠা দিব দি কলে যে পইচা তাই দিব৷ নয়নাৰ কথাত মানুহজনীয়ে আইতা গৰাকীক চাহ আৰু পিঠা খাবলৈ দিলে৷ তেতিয়া আইতা গৰাকীয়ে নয়নাৰ ফালে কৃতজ্ঞতাৰ চাৱনিৰে চালে৷ নয়নাই তলমুৰ কৰিলে৷ তাইৰ আইতা গৰাকীৰ বিষয়ে জানিবলৈ বৰ মন গল৷ সেই উদ্দেশ্যে তাই আইতা গৰাকীক বাচ ষ্টপেজলৈ নি বেঞ্চ এখনত বহুৱাই ললে৷ আৰু সুধিলে যে তেওঁৰ ঘৰ কত? কোন কোন আছে? তেওঁৰ কিয় এনেকুৱা অবস্থা হল…? নয়নাৰ কথাবোৰ শুনি আইতা গৰাকী তাইৰ পিনে ৰহল লাগি চাই থাকিল৷ হয়টো জীৱনত প্ৰথম বাৰৰ বাবে কাৰোবাৰ পৰা এষাৰি মৰমৰ মাত পাইছে৷ অলপ সময় মনে মনে থাকি আইতা গৰাকী সৰু কেচুৱা এটাৰ দৰে উচুপি উঠিল৷ নয়নাই কি কৰিব একো ভাবি নাপালে৷ অলপ সময় নিস্তব্ধতা………। তাৰ পিছত আইতা গৰাকী লাহে লাহে নয়নাৰ সন্মুখত মেলি ধৰিলে দুখৰ পৃষ্ঠা …..।

এসময়ত তেওঁৰ বৰ সুখৰ সংসাৰ আছিল৷ এজন লৰা, এজনী ছোৱালী আৰু গিৰীয়েকৰ সৈতে সুখৰ সংসাৰ৷ সৰু চাকৰি এটা কৰি গিৰিয়েকে ঘৰখন চলাই আছিল৷ কিন্তুু হঠাতে অচিন ৰোগত আক্ৰান্ত হৈ গিৰিয়েক ঢুকাই থাকিল৷ তাৰ পিছত তেওঁ বহুত কষ্ট কৰি লৰা ছোৱালী দুটাক ডাঙৰ দীঘল কৰি উচ্চ শিক্ষাও দিয়ালে…৷ লৰা ছোৱালী দুয়োৰে চাকৰি ও হল৷ কিন্তুু বিয়া বাৰু কৰাই বিদেশত গুচি গল৷ আৰু মাকক পাহৰিলে । মাকৰ যি অকন সা সম্পত্তি আছিল তাকো বেলেগে কাঢ়ি ললে আৰু আজি তেওঁৰ এই অবস্থা হল…। কথাখিনি কৈ মানুহজনী বুকুত চপৰিয়াই চপৰিয়াই কান্দিব ধৰিলে৷ গোটেই কথাখিনি শুনি নয়নাই কি কৰিব একো ভাবি নাপালে৷ তাইৰ সচাকৈয়ে আচৰিত লাগিল …৷ মানুহ বাৰু ইমান নিষ্ঠুৰ, ইমান স্বাৰ্থপৰ কেনেকৈ হব পাৰে …..? যিজনী মাতৃৰ বাবেই আজি তেওঁলোকে এই পৃথিৱীৰ মুখ দেখিলে সেইজনী মাতৃক ইমান অপমান ….? সচাকৈ মানবতা বোলা বস্তুটো নহোৱা হৈ গল নেকি …..? নেদেখাকৈয়ে সেই লৰা ছোৱালী দুটালৈ তাইৰ ঘিণ লাগিল৷ মানুহজনীৰ কথাবোৰ শুনি তাইৰ নিজৰ দুখবোৰ তুচ্ছ যেন লাগিল….কিমান যন্ত্ৰণা কিমান অপমান সহ্য কৰিছে এই মানুহজনীয়ে …৷ এই মানুহজনীৰ নিচিনাকৈ আৰু বা কিমান মানুহৰ এনেকুৱা অৱস্থা হৈ পথৰ ভিক্ষাৰী হব লগা হৈছে ..? এনেকুৱা কিমান মানুহৰ খাবলৈ এমুঠি ভাত থাকিবলৈ এটা ঘৰ নাই……৷ আমি সচাকৈ এনেকুৱা এখন দেশত আছো যত এফালে এজনে বিলাসী গাড়ীত উঠি বিলাসী জীৱন যাপন কৰে আৰু আনফালে এজনে ভোকত কলমলাই ৰাস্তাৰ দাতিত শুই থাকে…, হায়! এয়াই আমাৰ শাসন ব্যৱস্থা৷ কেতিয়াবা বাৰু সলনি হবনে এইবোৰ …..? আইতা গৰাকীৰ দৰে মানুহবোৰে বাৰু কেতিয়াবা পাবনে ন্যায় …? কথাবোৰ ভাবি ভাবি নয়নাৰ মনটো বিদ্ৰোহী হৈ উঠিল ..৷ তাইৰ এনেকুৱা মানুহবোৰৰ বাবে কিবা এটা কৰিব মন গল….৷ তাই মনতে ঠিক কৰিলে যে কাইলৈ আইতাগৰাকীক তাই এখন বৃদ্ধাশ্ৰমত থোৱাৰ ব্যৱস্থা কৰিব৷ লগতে অসহায় নিৰাশ্ৰয় মানুহবোৰৰ বাবে নিস্বাৰ্থভাবে কাম কৰাৰ চেষ্টা চলাব৷ কথাবোৰ ভাবি তাইৰ মনটো অলপ মুকলি মুকলি যেন লাগিল …৷ আইতাগৰাকীৰ পৰা বিদায় লৈ তাই হোষ্টেললৈ যাবলৈ ওলাল ….৷ বাহিৰত তেতিয়া ভীষণ এন্ধাৰ … লগতে দুই এটোপাল বৰষুণ পৰিব ধৰিছে …..৷ তেতিয়াই ডক্টৰ ভূপেন হাজৰিকা দেবৰ সেই প্ৰসিদ্ধ গানটো তাইৰ মনত পৰি গল…., “ মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে …….৷ সচাকৈ মানুহে মানুহৰ বাবে ভবাৰ সময় আহি পৰিছে …, নহলে মানবতা বোলা শব্দটোই এদিন পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিব ….৷ লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি আহিল …৷ তাই সেই বৰষুণ জাকত তিতি তিতিয়েই হোষ্টেললৈ বুলি খোজ দিলে…….. তাইৰ এনেকুৱা লাগিল যেন বৰষুণজাকতেই হৃদয়ৰ সমস্ত দুখবোৰ ও একাকাৰ হৈ গল…………..৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments