মেৰীকম (সুস্মিতা দাস)
এজনী ছোৱালীয়ে জীৱন কালত চাৰিটা ভূমিকা প্ৰধানতঃ পালন কৰিব লগা হয়, জীয়ৰী, প্ৰেয়সী, পত্নী আৰু মাতৃ। প্ৰতিটো স্তৰতে নিজকে যোগ্য বুলি প্ৰতিপন্ন কৰাটো একেবাৰে মুখৰ কথা নহয়। প্ৰতিটো সম্পৰ্কৰ লগত জড়িত মানুহখিনিৰ আবেগ–অনুভুতিখিনিক সন্মান সহকাৰে গ্ৰহণ কৰি নিজৰ অস্তিত্ব বজাই ৰখাটো যে কিমান কঠিন কাম, হয়তো সেই কথা এগৰাকী নাৰী, যিয়ে এই চাৰিওটা পৰ্য্যায় পাৰ কৰিছে, তেওঁতকৈ ভালকৈ আৰু কোনোৱে বুজি নাপাব।
বিয়া…. এজনী ছোৱালীৰ জীৱনলৈ অহা আটাইতকৈ বৈচিত্ৰপূৰ্ণ ঘটনা, এটা সপোন যাক প্ৰতিজনী ছোৱালী শৈশৱৰে পৰা চেতন বা অৱচেতন মনত সংগোপনে লালন পালন কৰে বৰ মৰমেৰে, আগ্ৰহেৰে আৰু বহু হেঁপাহেৰে। চিত্ৰাই মাহীয়ে হেনো খুব ভাল গান গাইছিল, কলেজত হেনো শ্ৰেষ্ঠ সংগীত প্ৰতিযোগী আছিল তিনি বছৰ। কিন্তু মাহীৰ লগত চিনাকি হোৱা দিনৰে পৰা মাহীক কেতিয়াও গীত গোৱা শুনা নাই। দেখা নাপালোঁ মাহীৰ ঘৰত কোনো হাৰমনিয়াম বা তানপুৰা। কৰবী বৌয়ে হেনো খুব ভাল সত্ৰীয়া নাচিছিল। বিদেশতো হেনো অনুষ্ঠান পৰিৱেশন কৰিছিল। কিন্তু এইবোৰ শুনা কথা, ফটোবোৰহে দেখিছোঁ, বৌক নচা নেদেখিলোঁ আজিলৈ। অথচ বৌ অথবা মাহীৰ দুচকুত দেখা নাপালোঁ কাহানিও ক্ষণিক দুখৰ ছাঁ। অতীতক সাৱটিয়েই তেওঁলোক সুখী। স্বামীৰ পৰিচয়ৰ মাজতেই বিচাৰি লৈছে আত্মসন্তুষ্টি। হয়তো আমিবোৰ অভ্যস্ত এনেকুৱা শৈলীত….
যোৱাকালি মেৰীকম চালোঁ, হাউচফুল থিয়েটাৰত। আগতেও পঢ়িছোঁ মেৰীকমৰ কাহিনী। কিন্তু ছৱিখনৰ চিত্ৰনাট্যই শিহৰিত কৰি তুলিলে। কি অপূৰ্ব উপস্থাপন। বিবাহ বাধা হৈ নাথাকিল এইগৰাকী নাৰীৰ জীৱনত। কোনোটো সম্পৰ্কক অৱহেলা কৰা নাই, অনাদৰ কৰা নাই। জয়–পৰাজয়, উত্থান–পতন, খ্যাতি–অপমান সকলোকে শিৰোধাৰ্য্য কৰি আগবাঢ়ি গৈছে মাথোঁ আগলৈ। অসুস্থ সন্তান, অৰ্থনৈতিক দুৰৱস্থা, সীমিত সা–সুবিধা কোনো পৰিস্থিতিয়েই তেওঁক পথভ্ৰষ্ট কৰিব পৰা নাই। সাধাৰণ ছোৱালীৰ অসাধাৰণ কাহিনী। তাতোকৈ ডাঙৰ কথা, মেৰীকম আৰু আমিবোৰ একে ভৌগলিক পৰিসীমাৰ অন্তৰ্গত। বহুতে কৈছে, ” ভাগ মিলখা ভাগ” বেছি ভাল হৈছিল। হ’ব পাৰে। দ্বিমত নাই। কিন্তু মিলখা সিং আৰু মেৰীকমৰ জীৱন প্ৰজ্ঞাৰ মাজত আকাশ–পাতাল প্ৰভেদ আছে বুলি অনুভৱ কৰোঁ। পুৰুষ এজনৰ বয়সন্ধি কাল পাৰ হোৱাৰ পিছত হয়তো বিশেষ কোনো শাৰিৰীক পৰিৱৰ্তন নহয়। কিন্তু এগৰাকী নাৰীৰ বিবাহৰ পিছত, বিশেষকৈ মাতৃ হোৱাৰ পিছত বহুতো পৰিৱৰ্তন আহে। শাৰিৰীকভাৱেও, মানসিকভাৱেও। সেইখিনি পাৰ কৰি, এৰি থৈ অহা জীৱনলৈ প্ৰত্যাৱৰ্তন কৰাটো সহজ কথা নহয়। ক’বলৈ হয়তো বহুত সহজ, কিন্তু কৰিবলৈ বহুতো বাটকুৰি বাই যাব লাগিব। এইখিনিতে অনলাৰৰ মানসিক দৃঢ়তা, নিৰাপত্তাৰ ছায়া, যিয়ে মেৰীকমক প্ৰেৰণা যোগাইছিল সেয়াও অনুপ্ৰেৰণাৰ শ্ৰোত হৈ ৰ’ব বহুতৰ বাবে।
বোলছৱিখনে হয়তো বহুতকে অনুপ্ৰাণিত কৰিব নিজক ভাল পাবলৈ শ্ৰদ্ধা কৰিবলৈ। হয়তো কৰবী বৌ অথবা চিত্ৰা মাহীয়ে নিজকে এবাৰ বিচাৰি চাব। সপোন দেখিবলৈ সচাঁকৈয়ে কোনো টেক্স দিব নালাগে। কিন্তু সপোন পূৰণ কৰিবলৈ…..? জুইত পুৰিলেহে সোণৰ বৰণ চিকচিকিয়া হয়…. ভাগ্যক, পৰিস্থিতিক ধিয়ালে নিয়তি সলনি নহয়, আপোনাৰ কৰ্মই আপোনাৰ গতিপথ সলনি কৰিব। বহুতে অভিযোগ কৰে, স্বামীৰ পৰা প্ৰয়োজনীয় সঁহাৰি নাপায়। কিন্তু নিজকে ভাল পালে, নিজৰ পৰিচয়ৰ লগত একাত্ম হ’লে, কোনো বাধা বাধা হৈ নৰয়।
মণিপুৰৰ এগৰাকী গাভৰুয়ে শিকালে সচাঁকৈয়ে “sky is the limit”। পূৰ্ণিমা আৰু মেৰীকমৰ বাবে হয়তো তথাকথিত “মেইনলেণ্ড ইণ্ডিয়া” ৰ ভূগোলৰ নিম্নতম জ্ঞান নোহোৱা কোনোবাজনে আৰু কেতিয়াও নুসুধিব” গুৱাহাটী / ইম্ফল / কহিমা / আইজল / ইটানগৰ কাহা পে হ্যে?”