মাথোঁ কবিতাৰ বাবে – মূল কবিঃ সুনীল গঙ্গোপাধ্যায় – অসমীয়া অনুবাদঃ ছা-হা-বা হাৰ্টি

মাথোঁ কবিতাৰ বাবে – মূল কবিঃ সুনীল গঙ্গোপাধ্যায়
~~~~~~~~~~~~~~~~~~~~~~
মাথোঁ কবিতাৰ বাবে এই জন্ম, মাথোঁ কবিতাৰ
বাবে কিছু খেলা, মাথোঁ কবিতাৰ বাবে অকলে হিম সন্ধিয়া
পৃথিৱী অতিক্ৰম কৰি অহা, মাথোঁ কবিতাৰ বাবে
পলকতে মুখশ্ৰীৰ শান্তি দেখা;
মাথোঁ কবিতাৰ বাবে তুমি নাৰী, মাথোঁ
কবিতাৰ বাবে অত ৰক্তপাত, বৰষুণ নদীত প্ৰপাত
মাথোঁ কবিতাৰ বাবে আৰু দীৰ্ঘদিন জীয়াই থাকিবলৈ লোভ হয় l
মানুহৰ দৰে ক্ষোভময় জীয়াই থকা, মাথোঁ কবিতাৰ
বাবে মই অমৰত্ব তাচ্ছিল্য কৰিছো ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!