মাতৃভাষা (ড° সমাদৃতা গোস্বামী)

অসমীয়া মাধ্যমত পঢ়া বেছিভাগ ল’ৰা ছোৱালীৰে এটা ডাঙৰ অসুবিধা হ’ল ইংৰাজীত ভাৱ প্ৰকাশ৷ যি ধৰণেৰে ভাবে, যিটো কথা সজাই পৰাই নম্ৰতাৰে অসমীয়াত প্ৰকাশ কৰিব পাৰে সেয়া ইংৰাজী ভাষাত ক’ব নোৱাৰে৷ আত্ম প্ৰচেষ্টা অথবা অভিভাৱকৰ সজাগতা নহ’লে অসমীয়া মাধ্যমত পঢ়া ল’ৰা ছোৱালীয়ে ইংৰাজী ভাষাত কথা সলসলীয়াকৈ ক’ব নোৱাৰে৷ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় বিলাকত ইংৰাজী ভাষা সলসলীয়াকৈ কোৱাৰ ওপৰত অকনো গুৰুত্ব দিয়া দেখা নাযায়৷

ইংৰাজী মাধ্যমত পঢ়া ল’ৰা ছোৱালীৰ এনে অসুবিধা নাথাকে৷ সেইকাৰণেই আজিকালি অভিভাৱকে সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই৷ যুগৰ লগত খোজ মিলাই আগবাঢ়িবলৈকে, সন্তানে যাতে যিকোনো বিষয়ৰ ওপৰতে ইংৰাজীত ক’ব পাৰে আৰু ভৱিষ্যতে অসুবিধা নোহোৱাকৈ নিজক প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ কাৰণেই অভিভাৱকৰ এই চেষ্টা৷

চৰকাৰী অসমীয়া মাধ্যমত কোনেও সন্তানক পঢ়ুৱাবলৈ ইচ্ছা নকৰে, অসমীয়া মাধ্যমত পঢ়ুৱালেও অতি বেছি ব্যক্তিগত বিদ্যালয় যেনে জাতীয় বিদ্যালয় অথবা শংকৰদেৱ শিশু নিকেতন আদিত পঢ়ুৱাই৷

আজিকালি ল’ৰা ছোৱালীৰ মুখত অসমীয়া ভাষা এক নতুন ৰূপত শুনিবলৈ পোৱা যায়৷ ঘৰত অসমীয়া ভাষাতে কথা পাতিলেও অসমীয়া ব্যাকৰণৰ সীমিত ধাৰণাহে থাকে৷ সন্তানক ইংৰাজী মাধ্যমৰ পাঠ্যপুথি পঢ়ুৱাই পঢ়ুৱাই অভিভাৱকেও অসমীয়া ব্যাকৰণ, শুদ্ধ অসমীয়া ভাষা/ উচ্চাৰণ পাহৰি পেলালে৷
“মানসী“ হ’ল মান্‌চি, “সুৰজ“ হ’ল চুৰজ, নীলাক্ষি হ’ল নীলাক্সি, জয়ন্ত হ’ল জয়ন্ত্‌৷

এনেকৈয়ে এদিন অসম হ’ব অচম৷

ভাষা এটা হ’ল এটা নিৰ্দিষ্ট পৰিসৰৰ মানুহখিনিক একতাৰে বান্ধি ৰখাৰ মাধ্যম৷
অসমত বিভিন্ন জনগোষ্ঠী, ধৰ্মৰ মানুহ আছে আৰু সেইদৰে বিভিন্ন ভাষাও আছে৷ অসমত মূল ভাষা হ’ল অসমীয়া ভাষা৷ এই অসমীয়া ভাষায়েই অসমৰ মানুহক একতাৰ দোলেৰে বান্ধি ৰাখিছে৷ ইতিহাসেই ইয়াৰ উদাহৰণ৷ চাওলুং চুকাফাই নিজস্ব ভাষা-সংস্কৃতিক এৰি অসমৰ ভাষা-সংস্কৃতিৰ মাজত নিজকে বিলীন নকৰা হ’লে বৃহত্তৰ অসমীয়া জাতি কেতিয়াও গঠন নহ’লহেতেন৷ আহোমে নিজৰ ভাষা এৰি অসমীয়া ভাষাক নিজৰ কৰি অতীজৰে পৰা এই উপত্যকাত বাস কৰা মানুহৰ লগত বিবাহৰ যোগেদি সম্পৰ্ক স্থাপন কৰি ছশ বছৰ অসম শাসন কৰিলে৷ এয়া সাধাৰণ কথা নহয়৷

একেদৰে অসমলৈ অহা ইছলাম ধৰ্মৰ লোকখিনিৰো মাতৃভাষা অসমীয়া হৈ পৰিল৷

নিৰ্দিষ্ট জনগোষ্ঠীৰ নিজস্ব ভাষা এটা জীয়াই ৰখাটো সকলোৰে দায়িত্ব যদিও সমগ্ৰ জাতিৰ স্বাৰ্থত নিজৰ ভাষা পৰিত্যাগ কৰাটো কিমান দৰকাৰী সেয়া আহোম ৰজাই প্ৰতিষ্ঠা কৰি গ’ল৷

অসমীয়া ভাষাৰ বৰ্তমান দুৰ্যোগৰ দিন৷ নিজস্ব ভাষা অবিহনে জাতি এটাৰ মানুহৰ মাজত একতা সম্ভৱ জানো?

’অসমীয়া’ৰ সংজ্ঞা আজিও নিৰ্ধাৰণ নহ’ল৷
নিজস্ব পৰিচয়ৰ স্পষ্ট বাখ্যা অবিহনে নিজৰ অধিকাৰ সাব্যস্ত কৰাটো সম্ভৱ নহয়৷ দেশ এখন বা ৰাজ্য এখনৰ সামগ্ৰিক উন্নতিৰ বাবে প্ৰথমে দেশবাসীৰ বা ৰাজ্যবাসীৰ মাজত মিলাপ্ৰীতিৰ প্ৰয়োজন৷ যেতিয়ালৈকে অসমৰ ৰাইজে অসমত বাস কৰা মিছিং সকলক মিছিং, বড়ো সকলক বড়ো, কাৰ্বি সকলক কাৰ্বি, মুছলমান সকলক মুছলমান, বাংলাভাষীসকলক বেংগলী, আহোম সকলক আহোম আদি বুলিয়েই ভাবি থাকিব তেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা অসম্ভৱ৷

অসমীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱা বিষয়টো বাৰু বৰ্তমান একাষৰীয়াকৈ থ’লো৷

অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ আমাৰ কৰ্তব্য কি?

অসমীয়া ভাষা ক’লেই অথবা ডিঙিত গামোছা ল’লেই কোনো অসমীয়া হৈ নাযায় সেয়া সঁচা কথা, কিন্তু যি ভাষাই এটা জাতিক একত্ৰিত কৰি ৰাখিছিল, আৰু ভৱিষ্যতেও ৰাখিব, তেনে এক স্বকীয় ভাষাক জীয়াই ৰখাটো আমাৰ সকলোৰে দায়িত্ব৷

এসময়ত বঙালী ভাষাৰ আগ্ৰাসনৰ পৰা অসমীয়া ভাষাৰ স্বকীয়তাক জীয়াই ৰাখিবলৈ কৰা অসমীয়াৰ আপ্ৰাণ চেষ্টাই সফলতাৰ বাট বুলিছিল৷

অসমীয়া ভাষাক ৰক্ষা কৰিবলৈ ইংৰাজী মাধ্যমত পঢ়া তথা ভালকৈ অসমীয়াকে ক’ব নোৱাৰা আজিৰ প্ৰজন্মই কিমান আগভাগ ল’ব তাত সন্দেহ আছে৷

আমাৰ অজ্ঞাতেই আজি আমি দহটা শব্দৰ এটা অসমীয়া ভাষাৰ বাক্যত ছটা ইংৰাজী শব্দ কৈ অসমীয়া শব্দবোৰ পাহৰি পেলালো৷ খুব কম সংখ্যক অসমীয়া মানুহেহে অসমীয়া বাতৰি কাকত/ আলোচনী পঢ়ে আৰু দুখৰ বিষয় এইবোৰতো শব্দ, বানান আৰু বাক্যৰ বহুত ভুল দেখা যায়৷

নতুন প্ৰজন্ম প্ৰতিষ্ঠিত হওঁতে হওঁতেই আধাটো জীৱন পাৰ হয়৷ সকলোৰে মাজত চাকৰিমূখী মানসিকতা৷ ভাল চাকৰিৰ বাবে ভাল নম্বৰৰ প্ৰয়োজন বেছি, জ্ঞানৰ প্ৰয়োজন কম হ’ল৷ বাণিজ্য কৰিবলৈ মূলধনৰ অভাৱ৷ স্নাতক ডিগ্ৰী থকা খিনিয়ে মেট্ৰিক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যোগ্যতাৰ চাকৰি কৰে৷ স্নাতকোত্তৰ, পি এইচ ডি কৰা খিনিয়ে স্নাতক উত্তীৰ্ণ যোগ্যতাৰ চাকৰি নাইবা কোনো বিদ্যালয়-মহাবিদ্যালয়ত কম দৰমহাত অস্থায়ী চাকৰি কৰি থাকে৷
অভিযান্ত্ৰিক উত্তীৰ্ণ কৰা খিনিৰো সেই একেই, ক’ৰবাত এনেই মূৰটো গুজি স্থায়ী
চাকৰিৰ বাবে চেষ্টা কৰি থাকে৷
নিজক প্ৰতিষ্ঠিত কৰাৰ প্ৰচেষ্টাতে ডাক্তৰী পঢ়া খিনিৰো বয়স পয়ত্ৰিশ চল্লিশ হয়গৈ৷

( ইয়াৰ মাজত যি কম বয়সতে সু-প্ৰতিষ্ঠিত তেওঁলোকৰ বেছিভাগেই আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰে কেৱল নিজৰ জীৱন উপভোগ কৰে৷ )

জীয়াই থকাৰ এই সংগ্ৰামৰ মাজত, অসমীয়া ভাষা ৰক্ষা কৰিবলৈ জনোৱা আহ্বান কিবা সেই ভোকত থকা মানুহক ধৰ্মৰ বাণী শুনোৱা নিচিনা কথা৷

ইফালে সমসাময়িক সোঁতত সকলোৱে নিজকে এৰি দি প্ৰযুক্তিবিদ্যাৰ স’তে সমানে খোজ মিলোৱাত ব্যস্ত৷ আজি অসমৰ মানুহে ঘনাই ঘনাই যিমান ফেচবুক চাই, তাৰ আধা সময়ো অসমীয়া কিতাপ এখন পঢ়াত খৰচ নকৰে৷ সকলোৰে মাজত ধৈৰ্যৰ অভাৱ৷

এনেদৰে চলি থাকিলে অলপ দিনৰ পিছতে যে অসমীয়া ভাষা হেৰাই যাব সেয়া নিৰ্ঘাত৷

এসময়ত নেফাত (বৰ্তমান অৰুনাচল প্ৰদেশ) আৰু কিছু ঠাই বিশেষে বিদ্যালয় বিলাকত চৰকাৰে হিন্দী মাধ্যমৰ প্ৰচলন কৰাৰ বিৰোধিতা কৰি ইন্দিৰা মিৰিয়ে অসমীয়া ভাষা আৰু জনগোষ্ঠীয় ভাষাৰ প্ৰচলনৰ সপক্ষে মাত মাতিছিল৷ কিন্তু সকলো ফুটুকাৰ ফেন হ’ল৷ যি অসমীয়া ভাষাই পাহাৰ- ভৈয়ামৰ লোকক এসময়ত একত্ৰিত কৰি ৰাখিছিল, সেই ভাষাৰ প্ৰচলন নোহোৱাৰ ফলতেই এই মানুহখিনিৰ মাজত সংঘৰ্ষ আৰম্ভ হ’ল৷

মাধৱ কন্দলীয়ে ৰামায়ন খন সাধাৰণ মানুহৰ মাজত প্ৰচলন কৰোঁতে সংস্কৃতৰ সলনি সেইসময়ৰ অসমৰ কথিত ভাষাহে ব্যৱহাৰ কৰিছিল৷ শংকৰ মাধৱ অথবা আজান ফকীৰে কথিত ভাষাৰে আধ্যাত্মিকতাৰ জ্ঞান নিবিলোৱা হ’লে সাধাৰণ মানুহে জ্ঞান লাভৰ পৰা বঞ্চিত নহ’লহেতেন জানো?

অলপ দিনৰ আগলৈকে (আমাৰ দেউতা/ শিক্ষাগুৰু সকল স্নাতক হোৱা দিনবোৰ) শিক্ষিত অসমীয়াক চাকৰি হেনো ঘৰত আহি যাঁচিছিল৷ অলপ শিক্ষিত হ’লেই মানুহবোৰ কম বয়সতে প্ৰতিষ্ঠিত হৈছিল৷ সেয়ে হয়তো ৰাজহুৱা সমস্যাৰ প্ৰতি সজাগো আছিল আৰু সমস্যা সমাধানত সময়ো দিব পাৰিছিল৷

আজিকালি কেৱল সামাজিক মাধ্যমতে
আস্ফালন কৰিয়েই যেন মানুহৰ দায়িত্ব শেষ৷
তাৰ মাজতে অসমীয়া ভাষাৰ প্ৰসাৰৰ কাৰণে কোনো কোনোৱে লোৱা পৰিকল্পনা প্ৰশংসাৰ যোগ্য৷
উদাহৰণ স্বৰূপে “অসমীয়াত কথা বতৰা“ গোটে গুগলত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিকৰণৰ বাবে লোৱা প্ৰচেষ্টা, বিভিন্ন গোটত অসমীয়া কবিতা, গল্প, প্ৰবন্ধ, নিবন্ধ লিখিব পৰা সুবিধা, অসমীয়া ই-আলোচনী ইত্যাদি৷

অনলাইন যোগেৰে লোৱা এনে প্ৰচেষ্টা অসমীয়া ভাষাক জীয়াই ৰখাত সহায়ক হ’ব বুলি আমি আশাবাদী৷

কিন্তু এয়াই জানো পৰ্যাপ্ত?

বুঢ়া শালিকাই হেনো মাত নলয়৷
সৰুৰে পৰাই অসমীয়া বানানত “ন“, “ণ“, “চ“, “ছ“, “ত“, “ট“ আদিয়ে বৰ বিপাঙত পেলাই৷
নিজে চেষ্টা নকৰিলে এইবোৰৰ ব্যৱহাৰৰ ভুল সঘনে হয়৷
ইফালে বিভক্তিৰ ব্যৱহাৰো মানুহে পাহৰি পেলালে৷
“মই আজি গোলাঘাটলৈ যাম“ বুলি খুব কম সংখ্যক অসমীয়াইহে কয়৷
“মই আজি গোলাঘাট যাম“ কৈ বিভক্তিৰ ব্যৱহাৰ অসমীয়াই পাহৰিলে৷

ভাষা এটানো কি? বুজি পালেই হ’ল বুলি কোনো কোনোৱে এইবোৰ ভুল আওকান কৰে আৰু সেই কাৰণেই আজি অসমীয়া ভাষাত ইংৰাজী, বঙালী আৰু হিন্দী ভাষাৰ আগ্ৰাসন৷ অসমৰ বাহিৰৰ মানুহে নাজানে যে অসমীয়া এটা স্বকীয় ভাষা৷ তেওঁলোকৰ মতে এই ভাষা বঙালী ভাষাৰ পৰা উদ্ভৱ৷

সৰুৰে পৰাই যদি অসমীয়া ল’ৰা ছোৱালীয়ে শুদ্ধ অসমীয়া ভাষাত কথা পতাৰ, শুদ্ধ অসমীয়াত লিখাৰ আৰু অসমীয়া বুৰঞ্জী জনাৰ সুযোগ পায়, তেতিয়া নিশ্চয় অসমীয়া ভাষা প্ৰত্যেক অসমীয়াৰে বুকুত বাস কৰিব৷

বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বিলাকত যদি এনে সুবিধা ল’বলৈ ছাত্ৰ-ছাত্ৰীক চৰকাৰে বাধ্য কৰে তেন্তে বাধ্য হৈ সকলোৱে শুদ্ধ অসমীয়া ভাষা শিকিব৷

ইয়াৰ উপৰিও অসমত বৰ্তমান প্ৰচলিত অসমীয়া বাতৰি কাকত/ আলোচনী বিলাকে যদি শুদ্ধ অসমীয়া ভাষাৰ কথন, ব্যাকৰণ আৰু অসমীয়া বুৰঞ্জীৰ ওপৰত এটা শিতান আৰম্ভ কৰি বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে উপলব্ধ কৰে তেন্তে যি মাধ্যমতে নপঢ়ক লাগে, সৰুৰে পৰাই অসমীয়া ল’ৰা ছোৱালীয়ে অসমীয়া পঢ়িবলৈ সুবিধা পাব৷
ব্যক্তিগত ভাবে এজন মানুহে কেৱল নিজৰ সন্তানকহে এনে শিক্ষা দিব পাৰে৷ অতি বেছি নিজৰ ঠাইখনৰ বিদ্যালয়ত এনে শিক্ষাৰ বাবে সজাগতা বৃদ্ধি কৰিব পাৰে৷

এনে প্ৰচেষ্টাৰ বিষয়ে উত্থাপন কৰিলেই সকলো অসমীয়াৰে সমৰ্থন পোৱা যায় কিন্তু দুখৰ বিষয় প্ৰয়োগৰ ক্ষেত্ৰত কোনোৱেই সক্ৰিয়তাৰে আগবাঢ়ি নাহে৷ কিয় নাহে সেয়া ইতিমধ্যেই আগত উল্লেখ কৰা হৈছে৷ (সকলোৱেই নিজৰ জগতত ব্যস্ত হ’বলৈ বাধ্য)

ব্যক্তিগত ভাৱে লোৱা এনে প্ৰচেষ্টাৰ আৰম্ভণি অনলাইন যোগেদিও আৰম্ভ কৰিব পাৰি৷ কোনো গোটত এনে শিক্ষাৰ প্ৰসাৰ কৰি পাছত সেইবিলাক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ত মুকলি কৰি দিলেই হ’ল৷
এনে প্ৰচেষ্টাৰ বাবে প্ৰয়োজন হয় সকলোৰে সক্ৰিয় সহযোগিতাৰ৷

(এই বিষয়ত প্ৰায় চল্লিশ জন মান বিশিষ্ট ব্যক্তিৰ ফেচবুকৰ জৰিয়তে মতামত লোৱা হ’ল৷ বৰ্তমান এই বিষয়টো “অসমীয়া কথা বতৰা গোটৰ“ বাইশ হাজাৰ সদস্যৰ মাজত আলোচনাৰ বাবে মুকলি কৰি দিয়া হ’ল৷
সকলোৰে মতামত আৰু সক্ৰিয় সহায় সহযোগিতাইহে এই প্ৰচেষ্টাক পূৰ্নতা দিব৷

এই লেখাটোৰ জৰিয়তে আমাৰ মতামতহে প্ৰকাশ কৰিলো৷ কোনো প্ৰচেষ্টা নিজাববীয়াকৈ আৰম্ভ কৰা হোৱা নাই কিয়নো এই প্ৰচেষ্টা সকলোৱে নিজেই আৰম্ভ কৰিব লাগিব৷

মই নিজে অসমীয়া মাধ্যমত পঢ়িছিলো যদিও এই লেখাটি মই শুদ্ধ অসমীয়াত লিখিব পাৰিলো বুলি মোৰ নিজৰ ওপৰত বিশ্বাস নাই৷ মোৰ দৰে অৱস্থা বহুতো অসমীয়াৰে হয় চাগে৷

আমাৰ আত্মবিশ্বাস কিদৰে ঘূৰি আহিব? )

2 thoughts on “মাতৃভাষা (ড° সমাদৃতা গোস্বামী)

  • November 18, 2015 at 8:49 am
    Permalink

    বহুত ভাল লাগিল এই লেখাটো ৷
    অসমীয়া মাধ্যমৰ বিদ্যালয়ত বৰ্তমান উপযুক্ত ইংৰাজী শিক্ষকৰ অভাৱ যেন লাগে (শতকৰা ১০% বাদ দি) ৷ অসমীয়া ভূলকৈ কলে ইয়াৰ ইংৰাজী অনুবাদো ভূল হব ৷ আপুনি দিয়া উদাহৰণটোৱেই চাব পাৰে—-
    মই গোলাঘাট যাম ৷
    I will go Golaghat.
    আনহাতে
    মই গোলাঘাটলৈ যাম ৷
    I will go to Golaghat.

    এনেকোৱাকৈ অসমীয়া ভূলকৈ উচ্ছাৰন কৰিলেও ইংৰাজী কোৱাত অসুবিধাৰ সৃষ্টি হয় ৷

    Reply
  • November 18, 2015 at 11:15 pm
    Permalink

    Comment text..বহুত ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!