অসমত উৎপন্ন হোৱা কিছুমান শাক-পাচলিৰ ঔষধি গুণ -(অঞ্জনা তামুলী)

অসমত উৎপন্ন হোৱা কিছুমান শাক-পাচলিৰ ঔষধি গুণ

-অঞ্জনা তামুলী


অসমৰ প্ৰতি ঠাইতে উৎপন্ন হয় প্ৰচুৰ শাক-পাচলি যিবোৰ আমি বহুতে খাওঁ আৰু বহুতে নাখাওঁ। তাৰে কেইবিধমানৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে জনা উচিত বুলি ভাৱো। সেয়ে এই লেখা আপোনালোকলৈ আগবঢ়ালোঁ।

১) লাই শাক : এই শাক সাধাৰণতে ভাজি খোৱা হয়। এই শাকে ভোক বঢ়ায় আৰু শাকবিধ ছালৰ বাবে উপকাৰী। তাৰোপৰি মধুমেহ, ক্ৰিমি আৰু কফ উপশম কৰে। লাই শাক কেইবা প্ৰকাৰো পোৱা যায়। যেনে – সৰু লাই, বৰ লাই, ভোট লাই, চীনা লাই আদি।

২) লফা শাক : লফা শাকৰ লগত অসমীয়া মানুহে সাধাৰণতে মাছৰ জোল বনাই খায়। বহুতো লোকে চুকা বা পালেং শাকৰ লগতো একেলগে মিহলি কৰি আঞ্জা ৰান্ধে। এই শাক শৰীৰৰ বাবে শক্তি কাৰক।

৩) পালেং শাক : অতি সোৱাদযুক্ত আৰু শক্তিদায়ক এই শাকৰ জোল বা চুপ কৰি খালে ৰক্ত চফা হয় আৰু ছাল নিমজ হয়। চালাড কৰিও এই শাক খোৱা যায়। এই শাকে নিম্নৰক্তচাপ দুৰ কৰে।

৪) চুকা শাক : চুকা শাক আৰু জীয়া মাছৰ টেঙা আঞ্জা অসমীয়া মানুহৰ এক অতি প্ৰিয় খাদ্য। বহুতে এই শাকক টেঙা পালেং বুলিও কয়। পেটৰ বায়ুৰোগ আৰু অৰুচিত এই শাক উপকাৰী ।

৫) ঢেঁকীয়া শাক : ঢেঁকীয়া শাক ওখ মাটিত বা হাবি-জংঘলত বনৰীয়াকৈ হয়। এই শাক শুকানকৈ ভাজি বা সৰু মাছৰ লগত টেঙা আঞ্জা কৰি খোৱা হয় । অসমীয়াত এষাৰ কথা আছে- “ঔ টেঙা ঢেঁকীয়া শাক, জিভাৰ পানী পৰি থাক।” এই শাক পেট পৰিষ্কাৰক। তদুপৰি এই শাক খালে যৌন বৃদ্ধিত সহায় কৰে বুলিও প্ৰমাণ পোৱা গৈছে।

৬) নৰসিংহ : নৰসিংহক যদিও শাক বুলি কোৱা হয় ইয়াক আন শাকৰ দৰে খেতি কৰা নহয়। ই এজোপা ঔষধি গছ। ইয়াৰ পাতখিনিয়ে হৈছে শাক। এই শাকৰ জোল খালে তেজ পৰিষ্কাৰ হয়। এই শাক পেট কামোৰণিতো উপকাৰী। অসমীয়া মানুহে সাধাৰণতে মাছৰ সৈতে এই শাক খায়। ভাৰতৰ দক্ষিণৰ ৰাজ্য সমূহত এই শাক অতি জনপ্ৰিয় খাদ্য। তেওঁলোকে দাইল, আঞ্জা, ভাজি সকলোতে ইয়াক ব্যৱহাৰ কৰে।

৭) খুতৰা শাক : খুতৰা শাকো অসমীয়া মানুহৰ বাবে এবিধ তৃপ্তিৰ শাক । এই শাক গুবৰুৱা সাৰুৱা মাটিত নিজে নিজে হয়। এই শাকে ভোক বঢ়ায় আৰু অজীৰ্ণত ই উপকাৰী।

৮) ব্ৰাহ্মী শাক : এই শাক ভাজি বা আঞ্জা কৰি খালে আয়ুস বৃদ্ধি, স্মৃতি শক্তি বৃদ্ধি হয় বুলি কোৱা হয়। ইয়াৰ উপৰিও স্নায়বিক দুৰ্বলতা , ধাতু দুৰ্বলতা , ৰক্তপিত্ত আৰু কাহ আৰোগ্য হয়। এই শাক গৰুৰ ঘিউৰে ভাজি খালে বেছি উপকাৰ পোৱা যায়।

৯) মানিমুনি : এই শাকত প্ৰচুৰ “চি” ভিটামিন থাকে। সকলোধৰণৰ পেটৰ গোলমালত এই শাক উপকাৰী । তদুপৰি এই শাক স্নায়ুৰ মহৌষধ বুলি কোৱা হয়। এই শাকৰ ৰস স্মৃতিবৰ্ধক, আয়ুস বৃদ্ধিকাৰক আৰু কুষ্ঠৰোগৰ বাবেও উপকাৰী। মানিমুনি শাক দুবিধ, এবিধ বৰ মানিমুনি আৰু আনবিধ সৰু মানিমুনি।

১০) মেথিশাক : মেথিশাক পাঁচফোৰণ দি ভাজি নতুবা পিঠাগুৰি, বুটগুৰি, পিঁয়াজ, আদা আৰু শাক কুটি পানীৰে গুলি বড় কৰি খাব পাৰি। এই শাক বহুমূত্ৰ, অৰ্শ , কোষ্ঠকাঠিন্য, পেটৰ বায়ুৰোগ, ৰক্তহীনতাৰ বাবে অতি উপকাৰী।

১১) ভেদাইলতা : ভেদাইলতাৰ পাত আৰু ঠানি মানুহে আঞ্জা কৰি খায়। মচমচীয়াকৈ বড় ভাজিও খাব পাৰি। এই শাক অতি বলকাৰক । তদুপৰি আঁঠুৰ বিষ, বাত বিষ আদিতো এই শাকৰ পাত থেতেলিয়াই লগাব পাৰি। এই শাক নিয়মিত খালে কফ, অৰ্শ আৰু বাত বেমাৰ আৰোগ্য হয়। যিকোনো ৰক্তৰ বাবেও এই শাক উপকাৰী ।

১২) মৰিচাশাক : মৰিচা শাক দুই ধৰণৰ পোৱা যায়- ৰঙা আৰু সেউজীয়া। দুয়োবিধ শাকেই শৰীৰ গঠন আৰু দৃষ্টিশক্তিৰ বাবে অতি উপকাৰী। এই শাক ভাজি , সিজাই বা আঞ্জা কৰি খাব পাৰি। অৱশ্যে সিজাই খালেহে প্ৰকৃত উপকাৰ পোৱা হয়।

১৩) জিলমিল বা ভতুৱা শাক : এই শাকো দুই ধৰণৰ। এবিধ ৰঙা আৰু আনবিধ সেউজীয়া বৰণৰ। এই শাক ভাজি খোৱাৰ লগতে জীয়ামাছ, বিলাহি আদিৰ সতে আঞ্জা কৰি খাবলৈও ভাল। এই শাক খালে পেটৰ বায়ুৰোগ, কোষ্ঠকাঠিন্য , পিত্ত , অৰ্শ আদি বেমাৰ ভাল হয়। জেঠী বা কুমজেলেকুৱাই কামুৰিলেও এই শাকৰ আঞ্জা খালে বিষ নষ্ট হয় । তদুপৰি এই শাকে তিৰোতাৰ বগাস্ৰাৱ বেমাৰ দুৰ কৰে।

১৪) বাবৰি শাক : বাবৰি শাকৰ লগত আদা বটা, পিঁয়াজ বটা আদি দি কাৱৈ মাছ বা আন জীয়া মাছৰ আঞ্জা বনাই খায়। এই শাক হাঁহকণী বা কুকুৰা কণীৰে ভজিলে খাবলৈ অতি উত্তম হয়। এই শাক শুক্ৰবৃদ্ধিকাৰক।

১৫) মূলাশাক : মূলাৰ কুমলীয়া শাক খাবলৈ অতি সোৱাদ। এই শাক উষ্ণবীৰ্য্য , ৰুচিকাৰক আৰু চকুৰ যিকোনো বেমাৰত ই হিতাকাৰী। অৰ্শৰ বেমাৰত শুকান মূলাশাকৰ ফুল ছাগলীৰ মাংসৰ লগত ৰান্ধি খালে উপকাৰ পোৱা যায়।

১৬) সৰিয়হ শাক : এই শাক তেলত ভাজি খায়। পঞ্জাৱ, হাৰিয়ানাৰ ফালে মাখনত ভজা সৰিয়হৰ শাক তেওঁলোকৰ অতি প্ৰিয় । এই শাক বায়ু, পিত্ত আৰু কফনাশক। দৃষ্টি শক্তিৰ বাবে এই শাক উপকাৰী। এই শাক খাই থাকিলে ফিটা পেলু নাশ হয় ।

১৭) কলমৌ শাক : এই শাক সেমেকা বা দ‘মাটিত বেছিকৈ হয়। এই শাক শুক্ৰবৃদ্ধিকাৰক আৰু মহিলাৰ স্তনৰ গাখীৰ বৃদ্ধি কৰে। এই শাকৰ ৰস গাখীৰৰ সৈতে মিহলি কৰি খালে নিদ্ৰাহীনতা দূৰ হয়।

১৮) কচুশাক : অসমীয়া বেছিভাগ মানুহৰে এই শাক অতি প্ৰিয়। বহুতে অৱশ্যে এই শাক খালে খজুৱায় বুলি খাবলৈ ভয় কৰে। প্ৰসৱৰ পিছত এই শাকৰ জালুকীয়া আঞ্জা খাবলৈ দিয়া হয়। কুঢ়ি, ৰৌ মাছ আদি মাছৰ মূৰৰ সতে এই শাকৰ আঞ্জা খাবলৈ বৰ ভাল। এই শাক তেজ পৰিষ্কাৰকাৰক আৰু ৰক্তবৰ্ধক।

১৯) পদিনা শাক : গাঢ় সেউজীয়া ৰঙৰ পদিনাৰ পাত আৰু কুমলীয়া শিপা অসমীয়া মানুহে কুজি থেকেৰা, টেটেলি বা কলি আমৰ সৈতে পতাত পিহি চা্টনি বনাই খায়। এই শাকে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰে। অৰুচি নাশৰ বাবেও এই শাক অতি উপকাৰী।

২০) দোৰোণ শাক : এই শাকৰ পাত, ফুল, শিপা সকলোবোৰেই বিভিন্ন ৰোগৰ বাবে অতি উপকাৰী বাবে ইয়াক দৰবৰ গছ বুলিও কোৱা হয়। এই শাক অজীৰ্ণ ৰোগৰ বাবে অতি উপকাৰী। দোৰোণ ফুল অৰ্শ, কৃমি ৰোগত উপকাৰী। এই শাকৰ ফুল সৰ্পবিষৰ এটি উৎকৃষ্ট দৰব বুলি বহুতে কয়।

২১) মহানিম : মহানিম পাত শুকুৱাই ভাজি খোৱা হয় । ইয়াৰ পাতৰ ৰসে খজুৱতি উপশম কৰে। এই শাকে বসন্ত, গ্ৰহনী আৰু কৃমি প্ৰতিৰোধ কৰে।

২২) মধু শোলেং : এই শাক খাবলৈ অতি সোৱাদ। ইয়াৰ পাতে অতিসাৰ ৰোগ আৰোগ্য কৰে।

২৩) শুকলতি : শুকলতি পাতে প্ৰসৱৰ ঘা শুকুৱাই। এই শাক কলপাতত মেৰিয়াই লগত জালুক, নহৰু, আদা একেলগ কৰি জুইত সেকি পিটিকা কৰি খাব পাৰি। কাঁৱৈ, মাগুৰ , শিঙি আদিৰ মাছৰ লগত ইয়াৰ জালুকীয়া জোল বৰ তৃপ্তিৰ হয় ।

২৪) দুপৰ টেঙা : দুপৰ টেঙাৰ পাতৰ ৰসে কাহ দূৰ কৰে। ই জণ্ডিচ ৰোগীৰ বাবেও উপকাৰী ।

২৫) চিৰতা শাক : চিৰতা শাক বা ইয়াৰ শুকান ঠাৰি পানীত তিয়াই খালে মেলৰীয়া, সন্নিপাত জ্বৰ, গ্ৰহনী, কৃমি আদি ভাল হয় । ইয়াক তেজ পৰিষ্কাৰক হিচাপেই ব্যৱহাৰ কৰে। মধুমেহ ৰোগীৰ বাবেও এই শাক অতি উপকাৰী ।

ইয়াৰোপৰি আমি ঘৰতে পোৱা বহু শাক আছে যিবোৰে আমাৰ শৰীৰৰ কিবা নহয় কিবা উপকাৰ তথা পুষ্টি সাধন কৰে । যেনে- মাটিকাঁদুৰি, টেঙেচী টেঙা, লাইজাবৰি, বাহক তিতা, হেলচী , নেফাফু, পিৰালি পালেং , মান ধনিয়া , পূৰৈ , মৰাপাট, কেহেৰাজ আদি বহুতো শাক আছে । আজিকালি আভিজাত্যৰ প্ৰকোপত পৰি আমাৰ ঘৰুৱা শাকৰ প্ৰতি বেছি ভাগ মানুহৰে অনীহা হোৱা দেখা গৈছে।

উৎস : ডঃ সুনীল কুমাৰ শইকীয়াৰ “অসমীয়া পৰম্পৰাগত খাদ্য” ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments