তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰীৰ সৈতে এটি সাক্ষাৎকাৰ


অজৈৱ ৰসায়ন বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা ব্যৱহাৰিক উৎকৃষ্ট বৰঙণিৰ বাবে বিজ্ঞ মহলত অধ্যাপক মিহিৰ কান্তি চৌধুৰী সুপ্ৰসিদ্ধ। ১৯৭৩ চনত তেখেতে ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, খৰগপুৰ (IITkgp) ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে, আৰু ইয়াৰ পাছত অধিক গৱেষণাৰ বাবে জাৰ্মানীলৈ যায়। জাৰ্মানীৰ পৰা উভটি ১৯৭৬ চনত তেখেতে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU) ত চাকৰি জীৱন আৰম্ভ কৰে। ১৯৯৬ চনত তেখেতে ভাৰতীয় প্ৰযুক্তি-বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (IITg) ত ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে আৰু পিছলৈ সেই প্ৰতিষ্ঠানৰে ক্ৰমে Dean, Students’ Affairs আৰু Dean, Research and Development পদত অধিষ্ঠিত হয়। ২০০৭ চনত তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে যোগদান কৰে।

বৰ্তমানলৈকে তেখেতৰ প্ৰায় ১৪০ খন গৱেষণা-পত্ৰ প্ৰকাশিত হৈছে আৰু তেখেতৰ উদ্ভাৱনসমূহৰ বাবে সৰ্বমুঠ ১০ টা পেটেণ্ট লাভ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC), বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC), বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR) আদিকে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় পৰিষদ আৰু সমিতিৰ জুৰি বা সদস্যৰূপে তেখেত কৰ্মৰত। ১৯৮৮ চনত Fellow of the Indian Academy of Sciences (FASc) আৰু ১৯৯১ চনত Fellow of the National Science Academy (FNA) হিচাপে তেখেত নিৰ্বাচিত হয়। ১৯৮৯ চনত তেখেতে ভাৰতৰ বিজ্ঞান জগতৰ সৰ্বোচ্চ বঁটা “শান্তিস্বৰূপ ভাটনাগৰ বঁটা” লাভ কৰে।

তেখেতৰ ৱেবপেজ: http://www.tezu.ernet.in/vision/det_vc_mkc.htm

তেখেতৰ কাৰ্যকালত তেজপুৰ বিশ্ববিদ্যালয়ে আন্তঃগাঁথনি আৰু শৈক্ষিক দুয়োটা দিশেৰে বহু উন্নতি কৰিবলৈ সক্ষম হৈছে। তেখেতৰ কৰ্ম-পদ্ধতি আৰু বিভিন্ন ক্ষেত্ৰত তেখেতৰ দৃষ্টিভংগীৰ সম্পৰ্কে জানিবলৈ যোৱা ২৫ জুলাই ২০১৪ তাৰিখে তেখেতৰ সৈতে সাহিত্য ডট্‌ অৰ্গৰ হৈ এটি কথোপকথনত মিলিত হৈছিলোঁ। তলত সেই কথোপকথনৰ সম্পূৰ্ণ অংশ পাঠকৰ বাবে আগবঢ়োৱা হ’ল।

চাৰ, আপুনি শৈশৱ কটাইছিল? আপোনাৰ সেই সময়ৰ শিক্ষাৰ পৰিবেশ কেনেকুৱা আছিল?

► মেট্ৰিকলৈকে মোৰ শৈশৱ মই অসমতে কটাইছোঁ।

আমাৰ সেই সয়মত কঠোৰ অনুশাসন আছিল। বিদ্যালয়ত যিসকল শিক্ষক-শিক্ষয়িত্ৰী আছিল, তেওঁলোক খুব জ্ঞানী আছিল; তেওঁলোকৰ পৰা আমি যিখিনি শিকিছোঁ সেইখিনি আমাৰ পাছৰ জীৱনত বহুত কামত আহিছে।

ৰসায়ন বিজ্ঞানৰ গৱেষণাৰ প্ৰতি আপুনি কিয় আকৰ্ষিত ?

► কাৰণটো হ’ল, মই বিষয়টো ভাল পাওঁ আৰু ৰসায়ন বিজ্ঞান বেলেগ বিষয়ৰ লগত খুব প্ৰবলভাৱে সংযুক্ত। ৰসায়ন বিজ্ঞান মোটামুটি সকলো বিষয়তে লাগে, মানে কোনো কোনো বিশেষ ধৰণেৰে।

আপুনি বিদ্যায়তনিক ক্ষেত্ৰত বহু সফলতা অৰ্জন কৰিছে তাৰ উপৰি, বহুকেইখন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ প্ৰশাসনিক ক্ষেত্ৰত কৰা আপোনাৰ কামকাজবোৰ আদৰ্শত পৰিণত হৈছে আনহাতে আপুনি বহুকেইখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমিতিৰ কাৰ্যবাহী সদস্যও এই সমূহ কাম আপুনি কেনেকৈ একেলগে সুশৃঙ্খলিত ভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছে? আমি জানিবলৈ পাওঁ, আপুনি সপ্তাহৰ ছটা দিনত এঘাৰ ঘণ্টাকৈ অফিছত কাম কৰে আপোনাৰ কৰ্মপদ্ধতিৰ বিষয়ে অলপ বহলাই নেকি?

► প্ৰথম কথা হ’ল, ব্যক্তি হিচাপে নিজে নিয়মানুৱৰ্তী হ’ব লাগিব। মোৰ যি লক্ষ্য আছে সেয়া খুব ভালকৈ চিন্তা কৰি লক্ষ্যটো নিৰ্ধাৰণ কৰিব লাগিব। আৰু মই যি দায়িত্ব লৈছোঁ সেই দায়িত্বটো মই ভালকৈ বুজিব লাগিব। বিশেষকৈ, যিকোনো দায়িত্ব লোৱাৰ আগতে যেতিয়া দায়িত্ব আহে, যেতিয়া প্ৰস্তাৱ আহে, তেতিয়া ডাঙৰ হওক সৰু হওক এটা প্ৰস্তাৱ পটককৈ ল’ব নালাগে। চিন্তা কৰিব লাগে যে যি কামৰ কাৰণে মোক প্ৰস্তাৱটো দিয়া হৈছে, আদৰণি জনোৱা হৈছে, সেইটো মই কৰিব পাৰিম নে নাই। যেতিয়া গম পোৱা গ’ল যে মই পাৰিম কৰিব, তেতিয়া আৰম্ভ হৈ গ’ল যাত্ৰা। যে কামটো কৰিবই লাগিব, সফলতা আনিব লাগিব। তাতে কোনোধৰণৰ যুক্তি-তৰ্ক বা excuse যিটোক কয়, সেইটোৰ মোৰ জীৱনত কোনো স্থান নাই। কৰিব লাগিব, মানে কৰিব লাগিব; কৰিম; কৰিম বুলি লৈছোঁ কৰিম; অৱশ্যেই সৎভাৱে।

বিদ্যায়তনিক ক্ষেত্ৰত আগতে মই যেতিয়া এনেকুৱা প্ৰশাসনিক দায়িত্ব লোৱা নাই, কিন্তু যেতিয়াই অলপ প্ৰশাসনিক কাম কৰিব লগীয়া হৈছিল, তেতিয়াও মই time management টো খুব ভাল দৰে কৰিছিলোঁ। দিনটোৰ যি কেইঘণ্টা মই কাম কৰিম, তাৰ ভিতৰত কেইঘণ্টা মই গৱেষণা, কেইঘণ্টা আনক পঢ়ুৱাম, আৰু কেইঘণ্টা প্ৰশাসনিক কাম কৰিম সেইয়া ঠিক কৰি লৈছিলোঁ। এইটো জীৱনত বহু প্ৰয়োজনীয়। Time management মই সদায় গুৰুত্ব দিছোঁ। এতিয়া, academic administration যিটোক কয়, বিদ্যায়তনিক প্ৰশাসন, সেইটোত মোৰ বহুত বেছি সময় যায়, গৱেষণাত আজিকালি মই সিমান সময় দিব নোৱাৰোঁ। যিহেতু মই বিদ্যায়তনিক-ক্ষেত্ৰ ভাল পাওঁ, যিহেতু ভগৱানৰ আশীৰ্বাদত মোৰ ভাল ভাল প্ৰতিষ্ঠানত পঢ়াৰ সুযোগ হৈছে, দেশত, বিদেশত, ভাল ভাল অধ্যাপকক লগ পাইছোঁ, সেইবাবে মোৰ এটা জ্ঞানৰ ভাণ্ডাৰ হৈছে। মই এইটো ক’ব বিচৰা নাই যে জগতৰ সকলো কথা জানো, কিছুমান জানিব পাৰিছোঁ। সেইটোৰ লগত মোৰ নিজৰ অধ্যৱসায়— এই দুটা লগাই, আৰু ভগৱানৰ আশীৰ্বাদটো আছেই, এনেদৰে মই আগবাঢ়ি আছোঁ।

Academic administration বা মেনেজমেণ্টৰ বাবে মই কোনো ৰীতিমত প্ৰশিক্ষণ লোৱা নাই। মই common sense, সাধাৰণ জ্ঞান প্ৰয়োগ কৰোঁ। Sincerity-ত মই খুব বিশ্বাস কৰোঁ, আৰু সততা। মোৰ কেতিয়াবা কিবা দোষ-ত্ৰুটী হ’ব পাৰে, সেইটো শাশ্বত, কিন্তু নিৰ্মিত নহয়। সেইটোৱেই মূলমন্ত্ৰ। মই যেতিয়া কাম কৰোঁ হৃদয়েৰে কাম কৰোঁ। প্ৰশাসনিক কামেই হওক, ছাত্ৰ-ছাত্ৰীৰ নিয়মানুৱৰ্তীতাৰ কামেই হওক। বাহ্যিকভাৱে মই বহুত কাঢ়া, কিন্তু ভিতৰত এজন বেলেগ মানুহ। এই দুটা মিলাই কাম কৰিব লাগে। আৰু শিক্ষাৰ ক্ষেত্ৰত কি হয়, বিশেষকৈ এনেকুৱা প্ৰতিষ্ঠানত, আমাৰ দ্বাদশ পৰ্যায় উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি পি.এইছ.ডি, পোষ্ট-পি.এইছ.ডি.লৈকে ছাত্ৰ-ছাত্ৰী আছে। বিভিন্ন বয়সৰ ল’ৰা-ছোৱালী থাকে। আমাৰ কেম্পাছত প্ৰায় ৪৫% ছোৱালী আছে আৰু ৫৫-৫৬% ল’ৰা। সকলো হোষ্টেলতে থাকে, কেম্পাছৰ ভিতৰত। সেইবাবে স্বাভাৱিকভাৱে মই খুব দৃঢ়ভাৱে নিয়মানুৱৰ্তীতা বজাই ৰাখিবলৈ দিয়াৰ চেষ্টা কৰিব লাগে। মোৰ সহকৰ্মী আছে, তেওঁলোক সকলো ভাল; মোৰ কথা তেওঁলোকে শুনে, আৰু মইয়ো ভাল কথা কোৱাৰ চেষ্টা কৰোঁ। এইদৰে আমি সবেই মিলি গঢ়ি তুলিছোঁ। মেনেজমেণ্টৰ কাৰণে কোনো পাঠ্যপুথি পঢ়ি লাভ হয় বা মোৰ লাভ হৈছে, সেইটো মই ক’ব বিচৰা নাই। মই পঢ়োঁ, কিন্তু তেনেকুৱা প্ৰশিক্ষণ লৈ আহি তাৰ পাছত মই কৰি আছোঁ সেইটো নহয়, self-trained.

চাৰ, গৱেষণাৰ বাবে আপুনি কেইবছৰমান জাৰ্মানীত কটাইছিল সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে অলপ কওকচোন

► সেই সময়ত মই, জাৰ্মানী মানে পশ্চিম জাৰ্মানীত আছিলোঁ। এতিয়াতো United Germany হৈ গ’ল। Experimental science আৰু নতুন আৱিষ্কাৰৰ কাৰণে পশ্চিম জাৰ্মানীৰ বিশেষ চিনাকি আছে। মই তেওঁলোকৰ পৰা সেইটো কেনেকৈ তেওঁলোকে লাভ কৰে জনাৰ চেষ্টা কৰিছিলোঁ। মই তাত দ্বিতীয়বাৰ ডক্টৰেট কৰিছোঁ। ডক্টৰেট কৰাৰ কাৰণ হ’ল, ডক্টৰেট কৰোঁতে যি পদ্ধতিত হয়, সেই পদ্ধতিৰে গ’লে গম পোৱা যাব যে কি কি ষ্টে’প কেনেকৈ কেনেকৈ পাৰফৰ্ম কৰি অৱশেষত তেওঁলোকে সিদ্ধি লাভ কৰে। সেইটো জানিবৰ কাৰণেই মই দ্বিতীয়বাৰ ডক্টৰেট কৰিলো। মোৰ খুব বিশেষ লাভ হৈছে তাৰ পৰা। আৰু মই এটা সন্মানীয় ফে’লশ্বিপো পাইছিলোঁ, Alexander von Humboldt Fellowship বুলি, এইটো বিশ্বত নাম কৰা ফেল’শ্বিপ। সেইটোতো মোৰ ভাগ্যৰ কথা। মোৰ শিক্ষাত তাৰ শিক্ষাৰ পৰা এটা বিৰাট বৰঙণি আহিছে, যে মানুহে শিক্ষাত কেনেকৈ পদ্ধতিগতভাৱে আগবাঢ়ে, নিজা নিজা ক্ষেত্ৰত। আৰু এটা বস্তুৰে মই বিশেষকৈ উপকৃত হৈছোঁ, সেইটো হৈছে patriotism, নিজৰ দেশক ভাল পোৱা, স্বদেশপ্ৰেম। এইটো এটা বিৰাট বস্তু, মই তালৈ গৈ গম পালোঁ। মোৰ জীৱনত সেইটো এটা বিৰাট লাভ হৈছে। আজিও সেইটো মোৰ মনত আছে।

চাৰ, ভাৰতৰ শিক্ষাব্যৱস্থা আৰু তাৰ শিক্ষাব্যৱস্থাত কেনেকুৱা ধৰণৰ পাৰ্থক্য আপুনি দেখা পাইছিল?

► মোটামুটি একোটা মিল আছে; কিন্তু তেওঁলোকৰ পাঠ্যক্ৰম, তেওঁলোকৰ পঢ়ুওৱাৰ পদ্ধতি, পৰীক্ষা-পদ্ধতি, পৰীক্ষণ-প্ৰণালী আমাতকৈ বেলেগ। এটা সাংঘাতিক পাৰ্থক্য যে আছে সেইটো নহয়, কিন্তু এটা বস্তুতেই পাৰ্থক্য আছে— তাৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক দুয়োটা শ্ৰেণীয়েই বিৰাট sincere আৰু পৰীক্ষামূলক কাম তেওঁলোকে নিজে হাতে কৰি খুব ভাল পায়। এই ভাৱধাৰাটো আমাৰ ইয়াতে অলপ কম দেখিছোঁ। মই আই.আই.টি.ত নিজেও পঢ়িছোঁ, ইয়ালৈ (তেজপুৰ বিশ্ববিদ্যালয়লৈ) অহাৰ আগতে আই.আই.টি.ত পঢ়ালোঁও। আমাৰ ইয়াত এটা স্বভাৱ আছে যে সুযোগ পালেই পটককৈ কম্পিউটাৰৰ ওচৰত বহিবগৈ। মই কম্পিউটাৰৰ ওচৰত বহাটো বেয়া বুলি কোৱা নাই; কিন্তু কম্পিউটাৰটো হ’ল soft science; hard science যিটো হয়— কম্পিউটাৰটো কেনেকৈ সাজিব লাগে, কি কি বস্তু লাগে— এনেকুৱা কাম ছাত্ৰক দিলে অলপ হাত সাৰিবলৈ বিচাৰে। মোৰ নিজৰ ছাত্ৰ-ছাত্ৰী আছিল, মই দেখিছোঁ। এইটো এটা বিৰাট পাৰ্থক্য।

মৌলিক অধ্যয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বহুত পিছ পৰি আছে মানদণ্ড আৰু সংখ্যা দুয়োটা দিশেৰে প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আমেৰিকা, জাপান, নৰৱে, চীন আদি দেশতকৈ ১০ পৰা ৫০ গুণ পৰ্যন্ত পিছ পৰা আনহাতে, World Intellectual Property Organization- ২০১২ চনত প্ৰকাশ কৰা এক তথ্য অনুসৰি ভাৰতে ২০১১ চনত দেশত উৎপাদিত মুঠ ৪২,২৯১ বিধ সামগ্ৰীৰ বাবেহে পেটেণ্টৰ আৱেদন জনাইছিল কিন্তু একে বছৰতে চীন আৰু আমেৰিকাই আৱেদন জনাইছিল ক্ৰমে ৫২৬,৪১২ আৰু ৫০৩,৫৮২ বিধ সামগ্ৰীৰ বাবে এইধৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ কিয় পিছ পৰি আছে আৰু কিয় অতি সীমিত সংখ্যকহে ইয়াৰ বাবে আগ্ৰহী হয় বুলি আপুনি ভাৱে?

► আপুনি যিটো কৈছে সেইটো ঠিক। আনকি আপুনি যদি কোৰিয়াৰ লগত আমাক তুলনা কৰে, কোৰিয়াও আমাতকৈ বহুত আগবাঢ়ি আছে। কাৰণটো হ’ল পেটেণ্টৰ কালছাৰটো আমাৰ দেশত আগতে তেনেকৈ নাছিল, বিশেষকৈ বিশ্ববিদ্যালয়-পদ্ধতি বা আই.আই.টি. এনেকুৱা প্ৰতিষ্ঠানত। CSIR Lab বা DRDO Lab বা ISRO Lab আদিত পেটেণ্টৰ কালছাৰটো আগতেও আছিল, যদিও সিমান জোৰ দিয়া হোৱা নাছিল। বিশ্ববিদ্যালয় বা আই.আই.টি.ৰ দৰে প্ৰতিষ্ঠানত এইটো একেবাৰে কম আছিল। আগৰ সময়ত আমি পেটেণ্ট কৰিবলৈ গ’লে সেয়া বহুত খৰচী আছিল। মই যেতিয়া নেহু, শ্বিলঙত কেৰিয়াৰ আৰম্ভ কৰিলোঁ মোৰ সদায় এটা অভিপ্ৰায় আছিল যে মই পেটেণ্ট কৰিম। মোৰ বস্তু যদি বজাৰলৈ যায়, মানুহৰ উপকাৰ হ’ব লাগে। যেতিয়া মই কামটোৰ বাবে আগবাঢ়িলোঁ বহুত খৰচ হ’ল। তাৰ পাছলৈ কি হ’ল, এই কথাবিলাক চৰকাৰ, প্ৰশাসনে গম পাই সেইটো এতিয়া বহুত সহজ কৰি দিছে। আমি নিজে ধন পৰিশোধ নকৰাকৈয়ো DST, TIFAC আদিৰ জৰিয়তে যাব পাৰোঁ। যেনেকৈ আমাৰ বিশ্ববিদ্যালয়ত এটা IPR cell-য়েই আছে। এইটো এটা কাৰণ। আৰু মৌলিক কাৰণটো হৈছে আমি পেটেণ্টৰ মৰ্মটো ভালকৈ বুজি পোৱা নাই। আৰু এটা মানসিক বাধা আছে। মানুহৰ এটা ধাৰণা আছে যে আমি যদি পেটেণ্টৰ চিন্তালৈ যাওঁ তেন্তে আমাৰ publicationত পলম হৈ যাব পাৰে, বা publicationত বহুত পলম হ’ব, বা নহ’বও পাৰে। এই কথাটো যে সঁচা নহয় সেয়া ইমান পৰিষ্কাৰভাৱে কৈ দিয়া হোৱা নাই বা আমি বুজিবলৈ চেষ্টা কৰা নাই। যি হওক, মই কাকো দোষ দিব বিচৰা নাই, কিন্তু কথাটো অস্পষ্ট আছিল, অপৰিষ্কাৰ আছিল। মই এটা কাম কৰি, গৱেষণা কৰি কিবা এটা উলিয়ালোঁ, সেইটো বস্তুতে পেটেণ্টো ল’ব পাৰোঁ, paper ও ল’ব পাৰোঁ। এটাই পাৰ্থক্য হ’ল যে আগতে পেটেণ্টটো জমা দি দিয়াতো উচিত। তিনি মাহতো paper লিখোঁতে, ব্যাখ্যা কৰোঁতে কেতিয়াবা লাগি যায়। পেটেণ্ট জমা দি তিনি মাহৰ পাছত আমি পেপাৰ চাবমিট কৰিব পাৰোঁ, খালি ৰেফাৰেন্সটো দিব লাগিব “Patent filed for”। পেটেণ্ট গ্ৰাণ্ট হৈ আহোঁতে বাৰু অলপ সময় লাগে। মোৰ নিজা কেইটামান পেটেণ্ট আছে, মোৰ ইউ.এছ. পেটেণ্ট আছে, মোৰ পেটেণ্ট licensed হৈছে। Licensed মানে বজাৰলৈ গৈছে। এইটো খুব কষ্টসাধ্য বস্তু, কিন্তু সকলোতকৈ ডাঙৰ কথা যিটো আছিল সেইটো হ’ল আমাৰ এই কালছাৰটো নাছিল। এতিয়াও খুব বাঢ়িছে বুলি কিন্তু মই নকওঁ। এতিয়া আপুনি যিটো পৰিসংখ্যা মোক দেখুৱালে, সেইটো সঁচা। এতিয়াও যিটো অহা নাই সেইটোৰ কাৰণে আমাৰ সেই জাগৰণটো আনিব লাগিব। যি কথা মই আগতে ক’লোঁ, সেইটো পুনৰ কওঁ— পেটেণ্ট কৰিলেই যে আমি গৱেষণা পত্ৰ প্ৰকাশ কৰিব নোৱাৰোঁ এইটো একেবাৰে মনৰ পৰা দূৰ কৰিব লাগিব, এইটো একেবাৰে মিছা।

চাৰ, আপোনাৰ বৰ্তমানলৈকে মুঠ টা পেটেণ্ট আছে

► এতিয়া বোধহয় আঠটাতকৈ বেছি হ’ব নেকি। যি হওক, আঠটা বা দহটা…

চাৰ আপোনাৰ এইখিনি কথাক লৈ আমি অতি গৌৰৱ কৰোঁ, ইমানখিনি কৃতিত্বৰ অধিকাৰী হৈ অসমত অৱস্থিত কোনো উচ্চশিক্ষা প্ৰতিষ্ঠানত বৰ্তমান কৰ্মৰত হিচাপে সম্ভৱতঃ কেৱল আপুনিয়েই আছে

এটা কথা জানিব বিচাৰিছোঁ, এনে উদ্ভাৱনসমূহ আপোনাৰ প্ৰচেষ্টাত আকষ্মিকভাৱে সংযোগ ঘটিছে নে আপুনি পৰিকল্পিতভাৱে কৰি যোৱা কাম একোটাৰ ফলাফল হিচাপে লাভ কৰিছে?

► মই অলপ আগতে আপোনাক এটা কথা কৈছোঁৱেই। মই যেতিয়া বহুত সৰু আছিলোঁ, সৰু মানে বিদ্যায়তনিকভাৱে বহুত সৰু আছিলোঁ, তেতিয়াৰ পৰা মোৰ এটা ইচ্ছা আছিল যে মই কিবা এটা কৰিম, এনেকুৱা এটা কৰিম যিটো বহুত মানুহৰ কামত লাগিব। আৰু মোৰ নামো হ’ব, আৰু হ’ব পাৰে মই দুটা পইছাও পাম; এইখিনি পৰোক্ষ কথা। কিন্তু মূল ইচ্ছাটো আছিল— যদি মই কিবা এটা কৰিব পাৰোঁ…। সেইটো সময়ত টেবুল লেম্প আছিল, লেণ্টাৰ্ণ। এইবোৰ দেখি ভাবিছিলোঁ, প্ৰত্যেক মানুহেইতো এইটো ব্যৱহাৰ কৰিব লাগে, জানিব লাগে। পৰীক্ষাগাৰবোৰত বুনচেন বাৰ্ণাৰ বুলি এটা বস্তু ব্যৱহাৰ কৰে, এতিয়াও কৰে। বুনচেন চাহাবৰ নামত এইটো। তেতিয়া মই ভাবিছিলোঁ, তেওঁৰ কেনেকুৱা বুদ্ধি আছিল, তেওঁ সেইটো সাজিছে আৰু আমি এতিয়া ব্যৱহাৰ কৰিব লগা হৈছে। এই লেম্পটোৰ নামেই হৈ গ’ল বুনচেন বাৰ্ণাৰ! এই কথাবোৰ মনতে খেলি অলপ আলোড়ন হৈ আছিল যে কি কৰা যায়, কেনেকুৱা আৱিষ্কাৰ কৰা যায়। তাৰ পিছত যেতিয়া মই গৱেষণা আৰম্ভ কৰিলোঁ, প্ৰথমতেতো প্ৰশিক্ষণ। গাইড আছিল, মোটামুটিভাবে গাইডৰ কথাই মানিব লাগিব। তাৰ পাছত যেতিয়া মই স্বাধীন হ’লোঁ, independent researcher যিটো কয়, তেতিয়া মই প্ৰতিটো কাম কৰোঁতে সদায় মনত ৰাখিছিলোঁ— এইটো কাম কিবা ব্যৱহাৰিক ক্ষেত্ৰলৈ যাব নেকি, পঠিয়াব পাৰোঁনে নাই। এইধৰণেই হ’লগৈ আৰু।

লগত কঠোৰ পৰিশ্ৰম আছেই

► কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই। যিকোনো লাইনত। আপুনি যে এই কামটো কৰি আছে, ইয়াৰ পৰা আপুনি ডিব্ৰুগড়লৈ যাব বা বেলেগ ঠাইলৈ যাব, গৈ হয়তো আপুনি আধা পে’জ পাব। কঠোৰ পৰিশ্ৰম সকলোতে লাগিব, কোনো চমুপথ নাই। একমাত্ৰ, খুব বেছি যদি ব্যতিক্ৰমিভাৱে ভাগ্যৱান হয়, যিনেকি সঁচাকৈয়ে বহুত বহুত বহুতেই ব্যতিক্ৰম, তেওঁক এৰি দিলে সবেই পৰিশ্ৰম কৰিব লাগিব। আজি বিশ্বকাপ হৈ গ’ল, কিমান পৰিশ্ৰম তেওঁলোকে কৰিছে। দিনে-ৰাতিয়ে পৰিশ্ৰম কৰাৰ পিছতো ভাল ভাল দল হাৰি গ’ল, তাৰ পিছত কোনোবা জিকিল। প্ৰত্যেকটো লাইনত বিৰাট পৰিশ্ৰম কৰিব লাগে, সততা থাকিব লাগে, আৰু এটা কথা, খুব চিন্তা কৰিব লাগে। গৱেষণাত এটা বস্তু লৈ কেৱল পঢ়িলেই নহ’ব, সেইটো চিন্তা কৰিব লাগে। কি হৈছে, কেনেকৈ ইয়াতকৈ উন্নত কৰিব পাৰি, ইয়াৰ ওপৰত ভিত্তি কৰি কেনেকৈ আৰু এটা বস্তু পোৱা যায়। সেইবাবে অলপ ফাল্টু কথা-বতৰা কমকৈ ক’ব লাগে। যিটো ক’ব লাগে সেইটোৱেই ক’ব, যিটো ক’ব নালাগে চুপচাপ থাকক, চিন্তা কৰক। সফল ব্যক্তিৰ এইসমূহ কিচুমান চাবিকাঠী। বহুত পঢ়িব লাগে। কেতিয়াও ভাবিব নালাগে, তেওঁ কিবা এটা publish কৰিছে, অ’ হ’ তেওঁ কি জানে! সেইটো কেতিয়াও ভাবিব নালাগে। পঢ়ি চাওক কি লিখিছে, ভাল নালাগিলে আপুনি এৰি দিব। দেখা গৈছে যে চিৰিয়াছলি পঢ়িলে প্ৰতিটো লেখাৰ পৰা কিবা নহয় কিবা এটা শিকা যায়। আৰু ভাল ভাল মানুহে যেতিয়া বক্তৃতা দিয়ে, সেইয়া যিকোনো বিষয়তেই হওক, ৰসায়নতে যে হ’ব লাগিব তেনেকুৱা কথা নাই, তেওঁলোকৰ বক্তৃতা শুনিব লাগে। এটা বস্তু মোৰ হবীৰ নিচিনা আছিল, এতিয়াও আছে, কিন্তু ইমান নিয়মীয়া নহয়। Auto-biography, আত্মজীৱনী। আত্মজীৱনী পঢ়ি মই বহুত অনুপ্ৰেৰণা পাইছোঁ। সফল ব্যক্তি, ধৰক ন’বেল বঁটা পাইছে, কেনেকৈ কেনেকৈ কোন স্তৰত তেওঁলোকে কিমান পৰিশ্ৰম কৰিব লগা হৈছে, তেতিয়া গম পোৱা যায় যে পৰিশ্ৰম কৰিব লাগে, পৰিশ্ৰমৰ কোনো বিকল্পই নাই।

আপুনি, ২০০৭ চনৰ পৰা বৰ্তমানলৈকে বছৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈ আছে আপোনাৰ দিনত বিশ্ববিদ্যালয়খনত অধ্যয়নৰ বাবে এক সুশৃঙ্খলিত পৰিবেশ গঢ় লৈ উঠিছে কৰ্মশালা, বিভিন্ন অনুষ্ঠান আদি আয়োজন কৰিব পৰাকৈয়ো ইয়াত সম্পূৰ্ণ সুবিধা গঢ়ি তোলা হৈছে এই শৈক্ষিক পৰিৱেশ তথা ইয়াৰ দৃষ্টিনন্দন ৰূপে দেখি, অসমতে অৱস্থিত বিশ্ববিদ্যালয় এখনত এনে পৰিৱেশ আছে বুলি সকলো মানুহেই প্ৰথমে আচৰিত হৈ পৰে ইয়ালৈ অহা বিদেশৰ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ভাৰতৰ বহুজন গন্যমান্য বিজ্ঞানীয়েও এনে ভাৱ প্ৰকাশ কৰিছিল এনে পৰিৱেশ, এনে সুবিধাসমূহ বিশ্ববিদ্যায়লৈ অধ্যয়নৰ বাবে অহা সমূহ ছাত্ৰছাত্ৰীয়ে সূচাৰুৰূপে গ্ৰহণ কৰি নিজৰ কামত ব্যৱহাৰ কৰিছেনে? নে তেওঁলোকে এই সুবিধাসমূহ পাই অধিক আৰামী হৈ পৰিছে? আপুনি কি বুলি ভাবে?

► বেছিভাগেই কৰিছে। এক সংখ্যক আছে, তেওঁলোকে বোধহয় ভাবিছে যে সকলো ঠাইত এইটোৱেই হয়। কাৰণ তেওঁলোকে বেলেগ বিশ্ববিদ্যালয় দেখা নাই। ইয়াতকৈ ভাল বা ইয়াতকৈ বেয়া, সেইটো তেওঁলোকে দেখা নাই। বাৰে বাৰে আমি তেওঁলোকক সোঁৱৰাই থাকোঁ। এই বিশ্ববিদ্যালয়ত কিন্তু প্ৰথম এটা কথা মনত ৰাখিব লাগিব, এইখন এখন বিশেষ ধৰণৰ বিশ্ববিদ্যালয়। ইয়াৰ জন্ম, জন্মটোৱেই অলপ বেলেগ ধৰণৰ। অসম আন্দোলনৰ পৰা আহিল। অসম আন্দোলনৰ পৰা আহিল —এই কথাতো আমি মনত ৰাখিব লাগে। কিমান আমাৰ তেতিয়াৰ ল’ৰা-ছোৱালী— তেওঁলোকৰ জীৱন নষ্ট হৈছে, পঢ়া-শুনা ক্ষতি হৈছে, চাকৰি-বাকৰি গ’ল, পঢ়া-শুনা কৰিব পৰা নাই…, মই সংক্ষেপে কৈছোঁ। এইবোৰ কৰাৰ পাছত এইটো এটা ফলাফল। আৰু বহুতো বেলেগ বেলেগ কথা আছে, মই সেইবোৰ ক’বলৈ বিচৰা নাই। মোৰ মনত সদায় এইটো আছিল। যেতিয়া মই উপাচাৰ্য হিচাপে ইয়ালৈ আহিলোঁ তেতিয়া বস্তুটো মোৰ মনত জাগৰিত হৈ আহিল। মই চিন্তা কৰিলোঁ, তেওঁলোকে ইমান কৰিছে, আমি তেওঁলোকক বিনিময়ত কি দিব পাৰোঁ? পোনপটীয়াকৈতো দিব নোৱাৰোঁ, আওপকীয়াকৈ আমি কি দিব পাৰোঁ? আমাৰ কৰ্মৰ জৰিয়তে? মই ভাবিলোঁ, এই বিশ্ববিদ্যালয় যিহেতু অসম আন্দোলনৰ এটা ফল, মই চেষ্টা কৰোঁ এই বিশ্ববিদ্যালয়খন এখন আদৰ্শ বিশ্ববিদ্যালয় কৰিব পাৰোঁ নে নাই। তাৰ কাৰণে বহুত পইছাও লাগে, চৰকাৰে বহুত পইছা দিয়ো আছে, কিন্তু পইছা অনাটো বহুত কষ্ট। আপোনালোকে বস্তুবোৰ দেখি নাভাবিব যে পইছা বৰষুণৰ পানীৰ দৰে আহি আছে, struggle কৰিব লাগে। আজিও মোৰ কেই কোটিমান টকাৰ ডীল আছে, সেইটো আহে যায়, আহে যায়, গৈ থাকে…, মই ভাঙি ক’বলৈ বিচৰা নাই। কথাহ’ল, মোৰ লক্ষ্য যিটো সেইটো আৰম্ভণিৰ পৰা স্পষ্ট আছিল যে মই কি কৰিবলৈ আহিছোঁ। আৰু মোৰ মনত এইটো আছিল, যিহেতু মই অৱসৰ লৈ ইয়ালৈ অহা নাই, মোৰ চাকৰি আছে, মই ইতিমধ্য আই.আই.টি. গুৱাহাটীৰ প্ৰফেচৰ- গতিকে যদি মই কৰিব নোৱাৰোঁ, ঠিক আছে, বেয়া লাগিব, মই গুচি যাম, ইয়াত থকাৰ মোৰ কোনো মানে নাই। যি mission লৈ আহিলোঁ, যি vision মনত আছে, সেইটো যদি মই কৰিবই নোৱাৰিলোঁ, তেতিয়া মই গুচি যাম। এইটো ভাবি মই কৰি গ’লোঁ। এতিয়া আপোনালোকে বিচাৰ কৰিব, ভাল-বেয়া মই ক’বলৈ বিচৰা নাই। মই এইটো ক’ম, মই বহুত চেষ্টা কৰিছোঁ, মোৰ সহকৰ্মী সবেই মোক সহায় কৰি আছে, তেওঁলোকে কথা মানে। আপুনি পুৰা-পুৰি কেম্পাছ ঘূৰিলে গম পাব, আপুনি সম্পূৰ্ণ নিয়মানুৱৰ্তীতা দেখা পাব। সাধাৰণতে কাকো দেখিবলৈ নাপাব যি চিগাৰেট হুপি আছে, লুকাই-চুৰকৈ কৰি আছে সেইটো ব্যক্তিগত কথা, সেইটো আমি ধৰিব নালাগে। বা পান খোৱা মানুহ। আমাৰ কিন্তু বহুত পান খোৱা মানুহ আছে, গোটেই অসমতে এইটো সাধাৰণ কথা। কিন্তু আপুনি পানৰ পিক ইয়াত য’তে ত’তে সাধাৰণতে নাপাব। সকলো কিন্তু আমাৰেই মানুহ। এইবোৰ সবৰে মজ্জাগত হৈ গৈছে যে এইটো কৰিব নালাগে, এইটো বেয়া কাম। এইয়েই হ’ল কথা। সামুহিকভাৱে আমাৰ ছাত্ৰ-ছাত্ৰীক ভাল বুলি মই ক’ম। খুৱ নিয়মানুৱৰ্তী। আৰু নিয়মানুৱৰ্তী হোৱাৰ কিছুমান কাৰণো আছে, আমাৰ নিৰ্দিষ্ট সময়ত পৰীক্ষা হয়, নিৰ্দিষ্ট সময়ত ফলাফল ওলায়। আমি placement ৰ খুব চেষ্টা কৰোঁ। ১০০% যে দিব পাৰোঁ, সেইটো দাবী কৰা নাই, কিন্তু আমি চেষ্টা কৰোঁ ১০০%। আমাৰো অলপ অশান্তি নথকা নহয়। কিন্তু মই ক’ম যে মই ভগৱানৰ ওচৰত কৃতজ্ঞ, আমি বহুত শান্তিত আছোঁ, যি কামৰ বাবে আহিছোঁ, কাম কৰি আছোঁ আৰু বেছিভাগ ল’ৰা-ছোৱালীয়েই নিজৰ কাম কৰি আছে। সেইকাৰণেই, আপুনি গম পাব, প্ৰতিবছৰে নামভৰ্ত্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে, ভাল ভাল ছাত্ৰ-ছাত্ৰী আহিব বিচাৰিছে। এইসমূহে কিছুমান বাৰ্তা দিয়ে, তাৰ পৰা নিশ্চয় গম পাব বিশ্ববিদ্যলয়খনে কিছুমান ভাল কাম কৰি আছে। কিন্তু এইটো ৰাইজে ক’ব, মই ক’ব নোৱাৰিম যে মই খুৱ ভাল কৰি আছোঁ, মই এইটোৱেই ক’ম আকৌ— মই আৰু মোৰ সহকৰ্মী আমি সকলো মিলি চেষ্টা কৰি আছোঁ, ভাল-বেয়া আপোনালোকে ক’ব।

বিশ্ববিদ্যালয়খনকলৈ আপোনাৰ আৰু কি কি পৰিকল্পনা আছে?

► তেজপুৰ বিশ্ববিদ্যালয়ৰ এতিয়াও, infrastructure যিটো লাগে, পঢ়া-শুনাৰ কাৰণে, আজি-কালিতো আপুনি গছৰ তলত বহি পঢ়িব নোৱাৰিব, পৰীক্ষাগাৰ লাগিব, পুথিভঁৰাল লাগে, কম্পিউটাৰ কেন্দ্ৰ লাগে, কম্পিউটাৰ লাগে, আন সা-সঁজুলি লাগে, ৰিনিউ কৰিব লাগে, আজি কিনি দুবছৰ-আঢ়ৈবছৰৰ পাছত আকৌ কিনিব লাগে, বিল্ডিং লাগিব, পানী লাগিব, ২৪ ঘণ্টা বিজুলী দিব লাগিব। কাৰণ কিছুমান গৱেষণা হয়— বিশেষকৈ জীৱবিজ্ঞানৰ গৱেষণাত এক ঘণ্টা দুঘণ্টাৰ বাবে যদি কাৰেণ্ট গুছি যায় তেন্তে তেওঁলোকৰ হয়তো পাঁচ-চাৰি-দহ বছৰৰ কাম নষ্ট হৈ যাব পাৰে। আমাৰ গোটেই infrastructure. infrastructure বুলি কওঁতে মই অকল ভৱন বুলি কোৱা নাই, ইয়াৰ কিছু কাম কৰিবলগীয়া আছে। অহা বছৰৰ ভিতৰত যদি আমি দুটা হোষ্টেল উলিয়াব নোৱাৰোঁ তেন্তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বঢ়াবই নোৱাৰিম। মোৰ হিচাপত আৰু ৩৫-৪০% মান কাম কৰিবলগীয়া আছে। যিহেতু এই বিশ্ববিদ্যালয়ত নিযুক্তিৰ সুবিধা থকা ক’ৰ্চ পঢ়ুওৱাৰ চেষ্টা কৰোঁ, সেইবাবে আমাৰ strategy টো অলপ বেলেগ। পৰীক্ষাগাৰ খুব ভাল হ’ব লাগিব, তাতে ৰাসায়নিক বস্তু ভাল দিব লাগিব, শিক্ষক ভাল হ’ব লাগিব, তেওঁলোকক বাহিৰৰ পৰা ট্ৰেইনিং দি আনিব লাগিব।

আমি innovation চেণ্টাৰ খুলিছোঁ। উদ্ধৱ ভৰালী, খুৱ নাম কৰা উদ্ভাৱক, তেওঁ আমাৰ ডাইৰেক্টৰ। তেওঁ আমাৰ ইয়ালৈ প্ৰতি সপ্তাহে আহে। তেওঁ বৈত

Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

“……… প্ৰাইভেট পাৰ্টিক কনট্ৰেক্টৰ হিচাপে ধৰিব নালাগে, পাৰ্টনাৰ হিচাপে ধৰিব লাগে। তেতিয়া এটা সন্মান থাকে, শ্ৰদ্ধা থাকে আৰু এটা involvement থাকে। তেতিয়াই ভাব আহিব যে মই অকল পইছাৰ বাবে কাম কৰা নাই…….” এজন ব্যৱসায়ী হিচাবে এনেধৰণৰ কথা আজিলৈকে অসমৰ কোনো এখন চৰকাৰী-অৰ্ধচৰকাৰী অনুষ্ঠানৰ মুৰব্বীৰ পৰা শুনা নাছিলো , আজিহে প্ৰথম উপাৰ্চাৰ্য্য মহোদয়ৰ পৰা শুনিলো । এইষাৰ ধনাত্মক কথাৰ বাবে ধন্যবাদ ।

“……… এই বিশ্ববিদ্যালয়লৈকে চাওক, এই বিশ্ববিদ্যালয় ইয়ালৈ অহাৰ কাৰণে ৫০ জন মানুহ বা ১০০ জন মানুহে ৰান্ধনীঘৰৰ কাম পাইছে, বেলেগে কিবা সহায়কাৰী কাম পাইছে, অফিছত ভাল ভাল কাম পাইছে। গতিকে এই বিশ্ববিদ্যালয় যদি ইয়ালৈ নাহি এই পইছাখিনি বেলেগ ঠাইলৈ গ’লহেঁতেন, এই বিকাশ ইয়াত নহ’লহেঁতেন………….” এইষাৰ কথাৰ আমি পোনপটীয়াকৈ ফল ভোগ কৰি আছো ।

এনে এটা বহুমুলীয়া সাক্ষাতকাৰ পঢ়িবলৈ সুযোগ দিয়াৰ বাবে সম্পাদকলৈ ধন্যবাদ থাকিল ।

দেৱব্ৰত গগৈ , গুৱাহাটী ।

7 years ago

ভাল লাগিল সাক্ষাৎকাৰটি পঢ়ি৷ চাৰৰ পৰিকল্পনাসমূহ বাস্তৱায়িত হওক তাৰ কামনা কৰিলো৷

Sujata Hati Baruah
7 years ago

তেখেতৰ সৈতে দুবাৰেই কথা হ’বলৈ সুযোগ পাইছিলো National Law University and Judicial Academy, Assamত কাম কৰি থাকোতে। এবাৰ তেখেতৰ অফিচ কোঠাত আৰু এবাৰ গুৱাহাটীত।ছাত্রৰ লগতে শিক্ষকৰো শৈক্ষিক আৰু পেচাগত বিকাশক লৈ তেখেত সজাগ আৰু সহমৰ্মী আছিল যেন বোধ হৈছিল।সাক্ষাৎকাৰটোৰ পৰা বহু কথা শিকিবলগা আছে। সাক্ষাৎগ্ৰহণকাৰী মহন্তদেৱলৈ ধন্যবাদ।

PRANJIT BORUAH
7 years ago

সঁচাকৈয়ে সাক্ষাৎকাৰ টো পঢ়ি যথেষ্ট ভাল লাগিল । যথেষ্ট উৎসাহ পালোঁ । তেজপুৰ বিশ্ববিদ্যালয় যোৱা
নাই কিন্ত্ত বিশ্ববিদ্যালয় খনৰ নিয়মানুৱৰ্তীতা পৰিস্কাৰ পৰিচ্ছনতাৰ কথা শুনি আছো । এজন দক্ষ পৰিচালকৰ নেতৃত্বতহে এইয়া সম্ভৱ । যিটো সাক্ষাৎকাৰটো পঢ়িলেই সহজে অনুমেয় হয় । সাক্ষাৎকাৰটো অতি সুন্দৰকৈ উপস্থাপন কৰি আমাক পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে পংকজ দালৈ অশেষ ধন্যবাদ জনালো …!