‘মিখলাট’, আৰু ‘কার্টুজা’ৰ সতে ইজৰাইলত যুদ্ধৰ চৌত্রিছটা দিনৰ চাক্ষুস অভিজ্ঞতা- মিখলাট ( ৰঞ্জু শৰ্মা)

মিখলাট

আৰবীয়ান দেশসমূহৰ সৈতে ইজৰাইলৰ নিয়মিত যুদ্ধ কোনো নতুন কথা নহয়। আমি ইজৰাইলত থকা সময়ছোৱাত তাৰ স্থানীয় লোকসমূহৰ মুখত প্রায়েই শুনিছিলো তেওঁলোকৰ পুর্বৰ যুদ্ধৰ ইতিহাস। পিছে কাহানিও সপোনতো ভৱা নাছিলো সেই ভয়ংকৰ যুদ্ধৰ সতে কেতিয়াবা আমিও সহবাস কৰিব লগীয়া হব, নতুবা মাটিৰ তলৰ বাংকাৰত কটাব লগীয়া হব বহু নিদ্রাহীন বিভিষীকাময় নিশা। যিয়েই নহওক সেই দেশসমুহৰ মাজত থকা অসিনঞ্চুতা ১৯৪৮ৰ পৰা আজিপর্যন্ত একেদৰেই চলি আছে। তাৰ মাজতে বহুবাৰ শান্তি আলোচনা কৰা হৈছে আৰু বহুবাৰ তাক ভংগ ও কৰা হৈছে। ইজৰাইলী মিলিটেৰী ফোর্চ সমগ্র বিশ্বৰ ভিতৰতে শক্তিশালী বুলি কলেও চাগে ভুল কৰা নহব। এক কথাত কবলৈ গলে মিলিটেৰী বিভাগটো তেওলোকৰ প্রধান সম্পদ। সেয়েহে হাইস্কুলৰ পিছতেই ল’ৰা ছোৱালী নির্বিশেষে সকলোৱে তিনি বছৰ কাল মিলিটেৰী সেৱা আগবঢ়োৱাটো বাধ্যতামুলক। তদুপৰি এই দেশৰ অস্ত্রভৰালো আমেৰিকান অনুদানেৰে পুষ্ট। অৱশ্যে ইজৰাইলৰ সতে শত্রুতা অব্যহত ৰাখিবলৈ লেবানন, পেলেস্টাইন আদি দেশসমূহক ইৰান, ইৰাক আদি অইন আৰবীয়ান দেশসমূহে ও যথেষ্ট অৰিহনা যোগাই আহিছে।
২০০৬ চনৰ জুলাই মাহত ইজৰাইল আৰু লেবাননৰ হিজবুল্লা পেৰামিলিটেৰী ফোর্চৰ মাজত আকৌ এখন যুদ্ধৰ সুত্রপাত হয় যাক বিখ্যাত ২০০৬ইজৰাইল-হিজবুল্লা যুদ্ধ বুলিও কোৱা হয়। ২০০৬ চনৰ ১২ জুলাইৰ দিনা হিজবুল্লা বাহিনীয়ে ইজৰাইলৰ সীমান্তবর্তী এলেকাত ৰকেট নিক্ষেপ কৰি প্রায় তিনিজন সৈনিকৰ প্রাণ লয় আৰু কেইবাজনকো অপহৰণ কৰি লৈ যায় । বিনিময়ত ইজৰাইলত বন্দী হৈ থকা তেওলোকৰ যুদ্ধবন্দী কিছুমানৰ মুক্তি দাবী কৰে। এনেকৈয়ে এখন ৩৪ দিনীয়া যুদ্ধৰ সুত্রপাত হয় প্রথমে হিজবুল্লা বাহিনীৰ তৰফৰ পৰা আৰু ইজৰাইলী মিলিটেৰী ফোর্চে ও তাৰ উচিত প্রত্যুত্তৰ দিয়ে।
এই সমগ্র ঘটনাসমূ্হ যদিও আজিৰপৰা প্রায় দহবছৰ আগৰ, ২০০৬ চনৰ ১২ জুলাইৰ পৰা ১৪ আগষ্টলৈ নেৰানেপেৰাকৈ চলা এই যুদ্ধৰ প্রটিতো ক্ষণ, প্রটিতো মুহুর্ত্তৰ চাক্ষুস অভিজ্ঞতা আৰু সেই যুদ্ধৰ বিভিষীকাত জীয়াই অহা প্রটিতো পল আমাৰ মন মস্তিস্কত আজিও সেউজীয়া হৈ আছে।
২০০৬ চনৰ জুলাই মাহৰ বাৰ তাৰিখৰ হাইফা চহৰৰ এটি তেনেই সাধাৰণ সুন্দৰ ৰাতিপুৱা। আনদিনাৰ নিছিনাকৈ ৮ মান বজাত মানস ইউনিভাৰর্ছিটিলে ওলাই যোৱাৰ পিছত ঘৰৰ সন্মুখতে থকা পাইন গছৰ তলতে বহি মই ৰ’দ লৈ আছো।..হঠাৎ গুৰুম গুৰুমকৈ অহা কানতাল মৰা শব্দ দুটিয়ে মই বহি থকা থাইডোখৰ যেন কপাই থৈ গ’ল। তীব্র গতিত অহা তৰংগ এটাই যেন কানদুখনৰ মাজেৰে বগাই গৈ মোৰ মস্তিস্কত সজোৰে আঘাট কৰি গল…… পিছ মুহুর্ততে আমাৰ ঘৰৰটোৰ ঠিক তলৰ স্ট্রিটটোৰ পৰা মানুহৰ খেলি মেলি কোলাহল কিছুমান ভাহি আহিল…। লগে লগে সমগ্র ঠাইডোখৰ পোৰা বাৰুদৰ গোন্ধেৰে ছানি ধৰিলে। ঘটনাৰ আকস্মিক পৰিবর্তনত মই যেন নিজৰ হিতাহিত জ্ঞান হেৰুৱাই পেলালো।..চাৰিওফালৰ কোলাহলবোৰ লাহে লাহে ডাঙৰ হৈ আহিল….দৌৰাদৌৰিৰ দুপ দুপ শব্দৰ লগে লগে দীঘল দীঘল চাইৰেনৰ শব্দই চাৰিওফালৰ পৰিবেশবেষটো ভয়ার্ত কৰি তুলিলে… ৰাস্তা পদূলীবোৰ মুহুর্তৰ ভিতৰতে মিলিটেৰীৰ গাড়ীৰে ভৰি পৰিল.. মাত্র কেইটিমান মুহুর্ত আৰু তাৰ পিছতেই ভিতৰত হাইফাৰ সেই মনোৰম ৰাতিপুৱাটো যেন এটা বিভীষিকালৈ পৰিবর্তন হৈ পৰিল।… মই মাথো এটি শিলাপ্রস্ত সদৃশ হৈ থকা থাইতে থিয় হৈ থাকিলো….আমাৰ চুবুৰীয়া চিনাকী মানুহবোৰ ও ইতিমধ্যে দৌৰিবলৈ আৰম্ভ কৰিলে। মোলে চাই কিছুমানে এফাললৈ দেখুৱাইছে আৰু হিব্রু ভাষাত কিবা কিবি কৈ যেন বহুত বুজাবলৈ চেষ্টা কৰিছে। সকলোৰে মুখত সেই এটাই শব্দ.. ‘মিখলাট’… ‘মিখলাট’…আৰু ‘মিখলাট’।..কি এই মিখলাট ?কি তাৰ অর্থ , সেই মুহুর্তত মই একো বুজা নাই….. এজনে মোক প্রায় টানি নিয়াদিয়ে মিখলাটলৈ লৈ যাব ধৰিলে। মই মানসৰ মোবাইলত, লেবৰ নাম্বাৰত চাৰিওফালে ফোন লগাই ও কাৰো সতে সংযোগ কৰিব পৰা নাই। ইতিমধ্যে হাইফা চহৰৰ ভিতৰত যোগাযোগৰ সকলো ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল।…..
দুচকুলোৰে ধাৰাসাৰ চকুলো বোওৱাৰ বাহিৰে মোৰ অইন একো উপায় নাছিল…হঠাৎ যেন মোৰ চেতনাই কাম কৰা আৰম্ভ কৰি দিলে,….ভাবিলো ইয়াত এনেকৈ ঠিয় হৈ থকাতো মুঠেই নিৰাপদ নহয়। কথাবোৰ চিন্তা কৰি মই আমাৰ ৰুমলৈ দৌৰ মাৰিলো….তিনি মিনিটমানৰ ভিতৰতে এটা সৰু বেকপেকত আমাৰ পাছপোর্ট, ভিছা পেপাৰ, চার্টিফিকেটৰ ফাইল আৰু লগত থকা আমেৰিকান ড’লাৰ আৰু ইজৰাইলী চেকেল কেইটা ভৰাই লৈ মানসৰ লেবৰ ফাললৈ দৌৰিবলৈ আৰম্ভ কৰিলো।… এনেতে আগফালৰ পৰা মানস আৰু তেওৰ লগৰ আন দুজন ভাৰতীয় বন্ধু উধাতু খাই দৌৰি আহি ওলালহি । আমি থকা স্ট্রীটটোৰ নাম আছিল ‘হা টেকনিয়ন’ স্ট্রীট। আৰু আমাৰ ঘৰটোৰ ঠিক তলতে থকা স্ট্রীটটোৰ এটা দুমহলীয়া ঘৰত হিজবুল্লা বাহিনীৰ আক্রমনৰ মিশাইল আহি পৰিছিল। সৌভাগ্যক্রমে কোনো মানুহৰ প্রাণ হানি হোৱা নাছিল যদিও মানসে লেবতে কথাবোৰ শুনি যথেষ্ট ভয় খাই আহিছিল। ইতিমধ্যে হাইফা ৰেলৱে স্টেচন, ব্রেড ফেক্টৰী, আৰু ৰিফেইনাৰীৰ ওচৰে পাজৰে প্রচন্ড মিশাইল বর্শন আৰম্ভ হৈ গৈছিল। হাইফা ৰেলৱে ষ্টেচনত ন জন মানুহৰ প্রাণ হানি হোৱাৰ লগতে আন বহুত থাইত যথেষ্ট হানি বিঘিনি হোৱা খবৰবোৰ মিশাইলবোৰতকৈও বেগেৰে যেন চাৰিওফালে বিয়পি পৰিছিল। অৱশেষত দৌৰা দৌৰি কৰি ফুৰা মানুহবোৰৰ পিছে পিছে আমি ও দৌৰিবলৈ আৰম্ভ কৰিলো ‘মিখলাট, অভিমুখে।

মানুহবোৰক অনুসৰন কৰি কৰি আমি যেতিয়া ‘মিখলাট’ নামৰ সেই ৰহস্যময়ী থাইডোখৰ পালো তেতিয়াহে আমাৰ চকু কপালত উঠিল। সৰু ল’ৰা ছোৱালীৰ পার্কখনৰ চুক এটাৰফালে এটা আকনমাণি গাত আৰু সেই গাতটোৰ ভিতৰলৈ সোমাই যাবলৈ পকাৰ খটখটী ,মানে সেইবোৰ মাটিৰ তলত লুকাই থকা একো একোটা বাংকাৰ যাক হীব্রু ভাষাত ‘মিখলাট’ বুলি কোৱা হয়। মিখলাটবোৰ মাটিৰ তলত থকা সুসজ্জিত একোটা প্রকান্ড কোঠা যি বাহিৰৰ যিকোনো আক্রমনৰ পৰা সম্পূর্ণ সুৰক্ষিত আনকি কিছুমান মিখলাট এনেকুৱা টেকন’ল’জীৰে নির্মিত যে তাত কোনো ‘কেমিকেল ৱেপন’ ও আঘাট হানিব নোৱাৰে। ইজৰাইলৰ প্রটিতো বাট পথতেই আধা কিলোমিটাৰ মানৰ ব্যৱধানত তেনেকুৱা বাংকাৰৰ ব্যৱস্থা আছে। লাহে লাহে আমি গম পাইছিলো যে কেৱল পথসমূহতেই নহয় চৰকাৰী কার্য্যালয়, চিকিৎসালয়, বেংক, বিদ্যালয়, মহাবিদ্যালয়, প্রটিতো বেচৰকাৰী প্রতিস্থান আনকি মানুহৰ ব্যক্তিগত ঘৰ কিছুমানতো জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰিবলৈ এনেকুৱা গোপনীয় মিখলাটৰ ব্যৱস্থা আছে। অইন সময়ত এই সমুহ বন্ধ কৰি থোৱা হয় আৰু এনেকৈ থোৱা হয় যাতে কোনেও বুজি পাব নোৱাৰে যে সদায় অহা যোৱা কৰি থকা সেই ৰাস্তা সমূহৰ নাইবা ওপৰৰ পৰা দেখাত ধুনীয়া ফুলনী যেন লগা ঠাইডোখৰৰ আনকি আমি সদায় দেখি থকা বিশাল ডাম্পিঙ গ্রাউন্ডখনৰ তলিখন দৰাচলতে একো একোটা প্রকান্ড বাংকাৰ । বেছিভাগ বাংকাৰতেই মানুহৰ নিত্য ব্যৱহাৰৰ বাবে প্রায় সকলোবোৰ সুবিধাই ৰখা হয় যাতে প্রয়োজনত মানুহ এজন বাহিৰলৈ ওলাই নহাকৈ ও কেইবাদিনো থাকিব পাৰে। আমি গৈ সোমোৱা মিখলাটটো ও আছিল অত্যাধুনিক প্রযুক্তিৰে নির্মিত। মানুহ আশ্রয় ল’ব পৰা কোঠাটো মাটিৰ পৰা দুটা মহল তলত আছিল আৰু কোঠাটোৰ প্রটিখন দেৱালো আছিল তিনিতৰপীয়া যাতে ঠিক সেই বাংকাৰটোৰ ওপৰত মিসাইল পৰিলেও তাৰ শ্বক তৰংগই তলৰ মিখলাটত কোনো অপকাৰ কৰিব নোৱাৰে। সেই বাংকাৰটোত প্রায় পঞ্চাছজন মান মানুহ অতি সহজে আশ্রয় ল’ব পৰাৰ ব্যৱস্থা আছিল।
ইতিমধ্যে ইজৰাইলী নিউজ চেনেল সমুহ যুদ্ধৰ প্রটিতো মুহুর্ত্তৰ খবৰ দিবলৈ তৎপৰ হৈ উঠিল। প্রায় আধাঘন্টামান সময় ধৰি এক ৰুদ্ধস্বাস অৱস্থাত আমি সেই বাংকাৰটোত আৱদ্ধ হৈ থাকিলো। প্রটি আধাঘন্টাৰ মুৰে মুৰে সেনাবাহিনীৰ বিষয়া আহি মিখলাটসমুহ পৰীক্ষা কৰে আৰু সকলোকে নির্ভয় দিবলৈ পার্য্যমানে চেষ্টা কৰে । বিশেষকৈ আমাৰ নিচিনা বিদেশী মানুহখিনিয়ে যাতে কোনো অসুবিধা নাপায় তেওলোকে তাৰ বিশেষভাৱে ধ্যান ৰাখি্ছিল। একমাত্র সেনাবাহিনীৰ বিষয়াখিনিয়েই নহয় যুদ্ধৰ প্রথমদিনাখনৰ পৰা অন্তিম দিনাখনলৈ প্রটিতো মুহুর্ত্তত তেওলোকৰ স্থানীয় লোক সকলে যিটো সহ্রদয়তাৰে আমাৰ যত্ন লৈছিল সেইটো আমাৰ বাবে আজীৱণ স্মৰণীয় এক মিঠা আভিজ্ঞতা।
ইজৰাইলী নিউজ চেনেলসমূহত খবৰবোৰ যিমানেই শুনিছো, মিসাইল পৰি ধংস হোৱা চিনাকী ঠাইবোৰ দেখিছো, সিমানেই মনবোৰ গধুৰ হৈ গৈ আছে। তাৰ লগে লগে বাঢ়ি আহিছে মুত্যুভয়। মনত হাজাৰটা প্রশ্ন..কিমানদিন?..কিমান সময়?..কেনেকৈ ..ইত্যাদি ইত্যাদি। ঘনে ঘনে ভাহি অহা মিশাইলৰ শব্দ আৰু তাৰ লগে লগে মিখলাটৰ টিভিত তাৰ আপদেট দেখি দেখি গা মন শিয়ৰি উঠিবলৈ ধৰিলে। তেনেতে এজন সেনাবাহিনীৰ বিষয়া আহি আমাক এটা নতুন খবৰ দিলেহি। নাগৰিকৰ প্রতিৰক্ষাৰ ক্ষেত্রত তেওলোকৰ দেশে কোনো আপোচ নকৰে। সেয়েহে তেওলোকৰ প্রতিৰক্ষা বিভাগৰ এটা বিশেষ ‘ৰেডাৰ’ ব্যৱস্থা লগে লগে সক্রিয় কৰি দিয়া হল। এই ব্যৱস্থাই ইমান সক্রিয়তাৰে কাম কৰিব যে হিজবুল্লা বাহিনীৰ মিসাইল ইজৰাইলৰ ৰেডাৰ চিষ্টেমৰ ভিতৰত প্রবেশ কৰা মাত্রকে ই অট’মেটিক চিগনেলৰ সৃষ্টি কৰিব আৰু সমগ্র চহৰখনত দিঘলীয়া চাইৰেন বাজি উঠিব। তাৰ ফলত নাগৰিক সকলে ২০ চেকেন্ড আগতীয়াকৈ মিসাইল পৰাৰ আগজাননী পাই যাব আৰু সেই ২০ চেকেন্ডৰ ভিতৰত নিকটবর্ত্তী মিখলাটলৈ দৌৰি যাবলৈ সময় পাব। লগতে তেও এইটোও খবৰ দিলে যে এই ৰেডাৰ চিষ্টেমৰ লগতে আন এটা ব্যৱস্থাও সক্রিয় কৰা হৈছে যিয়ে লেবাননৰ পৰা অহা মিসাইলৰ বেছিভাগেই হাইফাৰ মেডিটেৰিনিয়ান সাগৰলৈ ডাইভার্ট কৰি দিব পাৰিব আৰু তাৰ ফলস্বৰুপে ক্ষয় ক্ষতিৰ পৰিমান ও যথেষ্ট পৰিমাণত নিয়ত্রণ কৰিব পৰা হব।
নিষ্পলক নেত্রে আমি সেনাবিষয়াজনৰ কথাবোৰ শুণি থাকিলো। মনলৈ শিপাই অহা ভয়বোৰ অলপ হলেও শাম কাটি আহিল। মানুহজনৰ নির্ভয় হোৱাতকৈও বেছি আমি অভিভুত হলো। অভিভুত হলো তেওলোকৰ তৎপৰতা দেখি, তেওলোকৰ প্রযুক্তি আৰু তাৰ সময়োপযোগী ব্যৱহাৰ দেখি, অভিভুত হলো নাগৰিকৰ সুৰক্ষাৰ প্রতি দেশখনে লোৱা নিৰন্ধ্র সুৰক্ষা ব্যৱস্থালৈ লক্ষ্য কৰি। প্রতিজন নাগৰিকৰ প্রাণ তেওলোকৰ বাবে কিমান মুল্যৱান তাক মর্মে মর্মে উপলব্ধি কৰিলো। লগতে সেই বিপদৰ মাজতো কিছুমান খেলিমেলি প্রশ্ন ই মনটোৰ ভিতৰত অগাদেৱা কৰি থাকিল। আমাৰ ভাৰতবর্ষৰ যিকোনো এখন চহৰত যদি তেনেকুৱা এটা জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ভাৰত চৰকাৰৰ তৎপৰতা কেনেকুৱা ধৰণৰ হব বাৰু? সাধাৰণ নাগৰিকে পাৰিবনে নিজকে সুৰক্ষিত অনুভৱ কৰিব? আধুনিক প্রযুক্তিবোৰৰ কিমানখিনি সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ কামত ব্যৱহাৰ হব বাৰু?….ভাবিলো উত্তৰ বিচাৰিবলৈ গৈ নিৰাশ হোৱাতকৈ চিন্তাবোৰ বাদ দিয়াই ভাল।
মিসাইলৰ শব্দতকৈয়ো এইবাৰ ৰেডাৰ চিষ্টেমৰ দীঘল দীঘল উকিবোৰ বেছি ভয়লগা হৈ আহিল।…প্রায় দহ পোন্ধৰ মিনিটমানৰ অন্তৰে অন্তৰে গা মন সিৰ সিৰাই তোলা উকিবোৰ ভাহি আহিবলৈ ধৰিলে..যেন সংকেটধ্বনি বজাই আহি আছে মৃত্যু। চাইৰেণৰ সেই শব্দবোৰ আমাৰ মন মগজুত এনেকৈ সোমাই গৈছিল যে আজি পর্য্যন্ত তেনেকুৱা শব্দবোৰে মনত শিহৰণ তুলি যায়গৈ। লগে লগে সেই সমস্ত ঘটনাৰাজি যেন চকুৰ আগলৈ টানি লৈ আহে।
যুদ্ধ আৰম্ভ হোৱাৰ দিনাখন প্রায় গোটেই দিনটো আমি মিখলাটতেই থাকিলো।… লগতে আন এটি ভাৰতীয় পৰিয়াল আৰু কিছুমান স্থানীয় নাগৰিক। বিশেষকৈ শিশু আৰু বয়সস্থ লোকসকলক বাহিৰলৈ যাবলৈ দিয়া নহল। সন্ধিয়ালৈ পৰিস্থিতিটো আমাৰ বাবেও অলপ অচৰপ সহজ হৈ অহিবলৈ ধৰিলে। অৱশ্যে তাৰ লগে লগে চাইৰেণৰ শব্দ অনুসৰণ কৰি ২০ ছেকেন্ডৰ ভিতৰত ওচৰৰ মিখলাটলৈ দৌৰা কুছ-কাৱাজো চলি থাকিল। মিখলাটৰ ভিতৰত যথেষ্ট নিৰাপদ অনুভৱ হৈছিল যদিও প্রতিবাৰেই ২০ ছেকেন্ডৰ ভিতৰত আমি মিখলাট গৈ পাব পৰা নাছিলো। ইতিমধ্যে ওচৰৰে কোনোবাখিনিত মিছাইল পৰাৰ ধুম ধাৰাম শব্দ আহি কাণত লাগিছিলহি। তেনেকুৱা পৰিস্থিতিত আমাক মাটিত দীঘল দি শুই দিবলৈ নির্দেশ দি থোৱা আছিল। এনেকৈ সম্পূর্ণ তিনিটা দিন আমি মিখলাটত সোমাই থাকিলো। দিনটো এবাৰ দুবাৰ ঘৰলৈ আহি কিছুমান খোৱাবস্তু গোটাই নিও আৰু ৰাতিবোৰ সকলোৱে মিলি মিখলাটত কটাও।..লাহে লাহে সেই ভয়ৰ বাতাবৰণৰ লগত আমিবোৰ যেন অভ্যস্ত হৈ আহিলো।…ৰেডাৰৰ চাইৰেণ আৰু মিসাইলৰ শব্দবোৰ ও লাহে লাহে কম ভয়লগা হৈ আহিছিল। ইতিমধ্যে নিউজ চেনেলবোৰৰ যোগেদি খবৰ পাইছিলো ইজৰাইল সেনাবাহিনীয়ে কেনেকৈ লেবাননৰ ওপৰত ভয়ংকৰ প্রত্যাক্রমন আৰম্ভ কৰি দিছে। আমাৰ তুলনাত লেবানন বাসীৰ অৱস্থা আছিল বহূগুণে ভয়লগা তথা কৰুণ।…তাত থকা বহুখিনি বিদেশী নাগৰিকক জাহাজেৰৈ নিজৰ নিজৰ দেশলৈ পঠিয়াই দিয়াৰো ব্যৱস্থা লোৱা হৈছিল…।
হাইফা ইজৰাইলৰ প্রধান চহৰ হোৱা হেতুকে হিজবুল্লা বাহিনীয়ে ইয়াকেই আক্রমনৰ মুল লক্ষ্য হিচাপে লয়। তাৰ লগতে হাইফাৰ উত্তৰ দিশৰ ইজৰাইল আৰু লেবাননৰ বর্ডাৰৰ চহৰসমুহ যেনে লাহাৰিয়া, কিৰায়ত আদি সমুহতো আক্রমন আৰম্ভ হৈ গৈছিল।

 

‘মিখলাট’, আৰু ‘কার্টুজা’ৰ সতে ইজৰাইলত যুদ্ধৰ চৌত্রিছটা দিনৰ চাক্ষুস অভিজ্ঞতা…..

চৌত্রিছদিন ধৰি নেৰানেপেৰাকৈ চলিবলগীয়া যুদ্ধখনে তেতিয়াললৈ মাথো পাঁচটা দিন অতিক্রম কৰিছিল। সেই পাঁচটা দিনৰ প্রটিতো মুহুর্ত্তই আমাৰ বাবে কঢ়িয়াই আনিছিল নতুন ৰহস্য, নতুন নতুন খবৰ, আৰু লগতে বহুত শংকা। তাৰ মাজতে দীঘল দীঘল চাইৰেণৰ সংকেটত মিখলাটলৈ অহৰহ দৌৰাদৌৰি চলি আছিল। ইজৰাইলী নিউজ চেনেল ফ’ক্স আৰু স্কাই নিউজে যুদ্ধৰ প্রটিতো মুহুর্তৰ বাতৰি অকনো হীনদেঢ়ী নোহোৱাকৈ, অকনো অতিৰঞ্জিত নকৰাকৈ, জনসাধাৰণৰ মাজলৈ লৈ আহিছিল। আচৰিত কথা সেই সময়ছোৱাত পৰিবেশন কৰা নিউজবোৰত কেতিয়াও কোনো ৰাজনৈতিক দলৰ যুদ্ধখনক লৈ কৰা তর্ক-বিতর্ক বা মত-অভিমতক লৈ হোৱা বাক-বিতন্দা দেখুওৱা হোৱা নাছিল। নতুবা পৰিস্থিতিৰ আৰ লৈ কোনো সুবিধাভোগীয়েও সুবিধা আদায় কৰা নাছিল। দুয়োপক্ষতে হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ, জনহানিৰ হিচাপ, আনকি লেবাননৰ অংশত ইজৰাইলী সেনাই কিমান নির্মমতাৰে প্রত্যাক্রমন চলাইছিল আদিকৈ প্রতিটো বাতৰি অকনো লুকধাক নকৰাকৈ সাধাৰণ নাগৰিকক দেখুওৱা হৈছিল। তাতোকৈ আচৰিত কথা আছিল যে যুদ্ধৰ সমস্ত সময়ছোৱাত ইজৰাইলত কোনো এবিধ বস্তুৰে মুল্য এক চেকেলৰো(সেই সময়ত ইজৰাইলী এক চেকেল আমাৰ ১০ টকাৰ সমান আছিল) বঢ়া-টুটা হোৱা নাছিল। যদিও যুদ্ধৰ বাবদ ইজৰাইল আৰু লেবানন দুয়োখন ঠাইৰেই যথেষ্ট পৰিমাণত অর্থনৈতিক ক্ষয়-ক্ষতি হৈছিল তথাপি তাৰ প্রভাৱ সাধাৰণ নাগৰিকে ভোগ কৰিব লগা হোৱা নাছিল। সেইফালৰ পৰা চাবলৈ গলে এবাৰ ভাৱকচোন আমাৰ ইয়াত হোলী- দিপাৱলী বুলিয়েই মাছ-মাংসৰ দাম বছৰে কিমান শতাংশকৈ বাঢ়ে?..প্রাকৃতিক বিপদাপন্ন পৰিস্থিতিৰ সময়ৰ কথা নকলোৱেই যেনিবা।..

লাহে লাহে আমি খবৰ পাইছিলো হিজবুল্লা বাহিনীয়ে ব্যৱহাৰ কৰা মিছাইলবিধৰ নাম আছিল ‘কার্টুজা’(Katyushas)যাৰ ৰেঞ্জ আছিল ২০ কিলোমিটাৰৰ পৰা ৭২ কিলোমিটাৰৰ ভিতৰত আৰু শক্তি আছিল এনেকুৱা যে পাঁচ-ছয় মহলীয়া ঘৰ এটা নিমিষতে ধংস কৰি দিব পাৰে। লেবানন বোর্ডাৰৰ পৰা হাইফা চহৰৰ দুৰত্ব মাত্র ৩০ কিলোমিটাৰ আৰু সেয়েহে হিজবুল্লা বাহিনীৰ কার্টুজাৰ বাবে ই আছিল অনাসায়ে ঢুকি পাব পৰা সহজ টার্গেট।

ইতিমধ্যে হাইফাৰ সকলো অনুস্থান প্রতিস্থান অনির্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছিল। মানসে গৱেষনা কৰি থকা হাইফাৰ ‘টেকনিয়ন ইন্সটিটিউট অ’ৱ টেকন’ল’জী’ ও তেতিয়ালৈ বন্ধ হৈ গৈছিল। সেয়েহে নালাগে আনকি সৰু ডাঙৰ সকলো ধৰণৰ বজাৰ সামৰো গোটেই দিনজুৰি বন্ধ কৰি থোৱা হৈছিল। সন্ধিয়া হোৱাৰ লগে লগে ৰাতিটোৰ বাবে হিজবুল্লা বাহিনীৰ কার্টুজাৰ আক্রমন বন্ধ হৈ গৈছিল আৰু সেইখিনি সময়তে তিনিঘন্টা মান সময়ৰ বাবে দোকান বজাৰসমূহ খুলি দিয়া হৈছিল।

ইজৰাইলী প্রতিৰক্ষা বাহিনীয়ে সেই সময়ত শত্রুপক্ষৰ স্থিতি আৰু গতিবিধিৰ বুজ লবলৈ এনে একপ্রকাৰৰ ডিটেকচন ব্যৱস্থা ব্যৱহাৰ কৰিছিল যিয়ে ৰাতিৰ অন্ধকাৰত লেবাননৰ পৰা অহা ৰকেটসমুহৰ পোহৰ অনুকৰন কৰি তাৰ উৎপত্তিস্থলৰ ঠিকণা উলিয়াই দিব পাৰিছিল। এই ব্যৱস্থাই ইজৰাইলী সেনাক হিজবুল্লাৰ ঘাটিসমুহ চিনাক্ত কৰি তাক ধংস কৰিবলৈ যথেষ্ট সহায় কৰিছিল।…প্রথম অৱস্থাত হিজবুল্লাৰ সেনাই কথাতো বুজি পোৱা নাছিল আৰু সেয়েহে দিন ৰাতি একেৰাহে ৰকেট বর্ষন কৰি আছিল। পিছলৈ যেতিয়া তেওলোকে ইজৰাইলী সেনাৰ সেই তৎপৰতা বুজি উঠিল, হিজবুল্লা বাহিনীয়ে হাইফাৰ ওপৰত ৰাতি ৰাতি আক্রমণ কৰাটো বন্ধ কৰি দিলে। ৰাতিপুৱা প্রায় সাত মান বজাৰ পৰা লেবাননৰ পৰা ৰকেট বর্ষণৰ অহৰহ ধুম-ধাম শব্দ আৰম্ভ হৈ গৈছিল আৰু সন্ধিয়া ঠিক সাতমান বজাত হাইফা চহৰ ক্রমান্বয়ে শান্ত হৈ আহিছিল। পিছলৈ এনেকুৱা হ’ল যে প্রায় গোটেই দিনটো মিখলাটত সোমাই থকা চহৰখন যেন সন্ধিয়াৰ লগে লগে প্রাণ পাই উঠে, ভয়ে ভয়ে হলেও বাহিৰৰ মুকলি বতাহত অকণমান উশাহ লয়। মানুহবোৰ অন্তত: ৰাতিটোৰ বাবে মিখলাটলৈ নগৈ নিজৰ ঘৰটোত মুৰ গুজি থাকিব পৰা হল । এতিয়া মনত পৰে সেই তিনি ঘন্টামানৰ ভিতৰত দৌৰি দৌৰি লাগতীয়াল বস্তুখিনি পাৰেমানে যোগাৰ কৰি আকৌ যে কেনেকৈ দৌৰি দৌৰি ঘৰ সোমাইছিলো। মিছা কলে কি হব প্রথম অৱস্থাত ভয় লগা কথাবোৰ পিছলৈ অলপ অলপ মজাও লগা হৈছিল।
দিনবোৰ এটা এটাকৈ গৈ আছিল তেনেদৰে….। হাইফা চহৰ ইতিমধ্যে প্রায় খালী হৈ আহিছিল..বহুখিনি মানুহ নিৰাপদ দুৰত্বলৈ গুছি গৈছিল। বাকী আমাৰ নিছিনাকৈ যিখিনি মানুহ ৰৈ গৈছিলো সকলোৱে যেন কর্মবিহীন দিন আৰু নিদ্রাবিহীন ৰাতি বোৰ পাৰ কৰি ভাগৰি পৰিছিলো। তেনতে ভাৰতীয় দুতবাসৰ পৰা এটি অকনমান সকাহপুর্ণ খবৰ আহিল। মানসৰ লগত একে ইনস্টিটিউটত কাম কৰা এজন ভাৰতীয় বন্ধুৱে হাইফাত থকা ভাৰতীয় সকলৰ এখন তালিকা ভাৰতীয় দুতবাসলৈ পঠিয়ালে আৰু সেইখনৰ ভিত্তিত তেওলোকে আমাক হাইফাৰ পৰা নিৰাপদ দুৰত্বলৈ আতৰাই নি ৰেহ’ব’ট নামৰ অইন এখন ইজৰাইলী চহৰত ৰখোৱাৰ ব্যৱস্থা কৰি দিব বুলি কলে। ৰেহ’ব’ট হিজবুল্লাৰ কার্টুজা ৰেঞ্জৰ বাহিৰত পৰা এখন অতি মনোৰম চহৰ। এই চহৰতেই ‘ৱাইজমেন ইন্সষ্টিটিউট অৱ টেকল’ল’জী’ নামৰ এখন নামী গৱেষনাস্থল আছে আৰু সেইসময়ত ইয়াৰ লগত গৱেষনা সংক্রান্তত বহুকেইজন ভাৰতীয় লোকো ও জড়িত হৈ আছিল। ভাৰতীয় দুতবাসৰ তৰফৰ পৰা যুদ্ধ সমাপ্ত নোহোৱা পর্যন্ত এই অনুস্থানটোত আমাৰ থকাৰ ব্যৱস্থা কৰা হল। অৱশেষত এদিন সন্ধিয়া হিজবুল্লাই ৰকেটবর্ষন বিৰতি দিয়াৰ ঠিক পিছতেই আমি আটাইকেইজন ভাৰতীয় লোক মিলি হাইফাৰ পৰা ৰাতিৰ ভিতৰতেই ৰেহ’ব’টলৈ গুছি আহিলো। সেই সময়ত তাত থকা ভাৰতীয় বন্ধুসকল আৰু তাৰ লগতে ৱাইজমেনৰ কর্তৃপক্ষৰ পৰা তাৎক্ষণিক ভাৱে আমি যিমানখিনি সহায় পাইছিলো সি আমাৰ বাবে সদায় অৱিস্মৰণীয় অভিজ্ঞতা হৈ ৰব।

হাইফাৰ পৰিস্থিতিত তেতিয়ালৈকে কোনো শুধৰণি অহা নাছিল। দুয়োপক্ষই পূর্ণগতিত নিজৰ নিজৰ আক্রমণ- প্রত্যাক্রমণ চলাই গৈছিল। দুয়োপক্ষৰে বৃহৎ পৰিমাণৰ ধন-জনৰ হানি হৈছিল। আনকি তিনিবছৰীয়া সামৰিক প্রশিক্ষণ সমাপ্ত কৰা টেকনিয়নৰ কেইবাজনও ছাত্র-ছাত্রীকো ও যুদ্ধত সহায় কৰিবলৈ মাতি নিয়া হৈছিল। পৰিস্থিতিৰ গতিশীলতালৈ চাই প্রায় দহদিনমান সময় ৰেহ’ব’টত থকাৰ পিছত আমি কেইজনমানে পুণৰ হাইফালৈ ঘুৰি অহাটোকে ঠিক কৰিলো আৰু এদিন সন্ধিয়া ৰকেট বিৰতিৰ সুযোগ লৈ ৰেহ’ব’টৰ পৰা আহি আমি পুণৰ হাইফা চহৰত ভৰি দিলো। আমাৰ লগত যোৱা সৰু সৰু ল’ৰা–ছোৱালী থকা আন কেইটিমান ভাৰতীয় পৰিয়ালক যুদ্ধ সমাপ্তি ঘোষনা নোহোৱালৈকে ৰেহ’ব’ট’তে এৰি থৈ অহা হল।

এইবাৰ টেকনিয়ন ইউনিভাৰছিটিয়ে(য’ত মানসে গৱেষণা কৰিছিল) আমাৰ সুৰক্ষাৰ ব্যৱস্থা ললে। আমি অহাৰ পিছদিনাই তেওলোকে আমাক ইউনিভাৰছিটিৰ কেম্পাছত থকা বিশেষ কোৱার্টাৰলৈ স্থানান্তৰ কৰিলে য’ত প্রটিতো ঘৰতে প্রাইভেট বাংকাৰৰ ব্যৱস্থা আছিল। মনটো অলপ হলেও ভয়মুক্ত হ’ল অন্তত: চাইৰেনৰ শব্দত দুৰৈৰ মিখলাটলৈ নগৈ মাথো ঢাকোন এখন খুলি নিজৰ ঘৰটোৰ মজিয়াত সোমায় গলেই নিৰাপদ হব পৰা হল।… ইতিমধ্যে লাহে লাহে মানুহবোৰে ৰাতি ৰাতি ইউনিভাৰচিটিৰ কাম কৰাও আৰম্ভ কৰি দিলে। মানসেও মোক ঘৰতে এৰি নির্ভয়ে লেবলৈ গৈ কাম কৰিব পৰা হ’ল।…. এনেকৈ এমাহদিন ধৰি যুদ্ধৰ বিভিষীকাৰ মাজেৰে পাৰ হৈ আহি আহি লাহে লাহে মানুহবোৰ ও যেন সেইমতেই অভ্যস্ত্ হৈ উঠিল।… মনৰ আতংক ,ভয়, উত্তেজনাবোৰ ও লাহে লাহে তিস্মিত হৈ আহিবলৈ ধৰিলে…চাইৰেনৰ শব্দত গৈ মিখলাট সোমোৱা,..ৰাতি দৌৰি দৌৰি বজাৰলৈ যোৱা, ৰাতিৰ ভিতৰতে ডাক্তৰ ওচৰলৈ, ফার্মাচীলৈ যোৱা, কাপোৰ ধোৱা, আদি কামবোৰ যেন আমাৰ বাবে অতি সহজ হৈ আহিল। আমিবোৰ একপ্রকাৰ যেন পৰিস্থিতিৰ লগত সহবাহ কৰিবলৈ আৰম্ভ কৰি দিলো।…

অৱশেষত শিহৰণকাৰী ৩৪টা দিনৰ পিছত, চৰকাৰী হিচাপ অনুসুৰি প্রায় ৩,৯৭০ টা কার্টুজা হিজবুল্লা বাহিনীৰ ঘাটিৰ পৰা হাইফাত আহি পৰাৰ পিছত , ৪৪ জন সাধাৰণ নাগৰিক আৰু প্রায় ১১৮জন ইজৰাইলী সৈনিকৰ প্রাণহানি হোৱাৰ পিছত আগষ্ট মাহৰ ১৪ তাৰিখে দুয়োপক্ষৰ মাজত শান্তি আলোচনাৰ ফলস্বৰুপে যুদ্ধবিৰতি ঘোষণা কৰা হ’ল। এনে লাগিল এটা যেন বিভিষীকাময় সপোনৰ অন্ত পৰিল। মুক্ত আকাশৰ তলত মুক্ত বতাহে হাইফাবাসীক আকৌ এবাৰ সকাহ দিলে ….।

ইজৰাইলী জনসাধাৰণৰ বাবে এনেকুৱা যুদ্ধ তেওলোকৰ প্রায় নিয়মিত অভ্যাস। তেওলোকৰ প্রত্যেকজন নাগৰিকে হয়তো তেওলোকৰ জীৱণকালত দুবাৰ তিনিবাৰ পর্য্যন্ত তেনেকুৱা যুদ্ধ দেখিছে নাইবা কিছুমান নাগৰিকে সেই যুদ্ধত অংশ লব লগা ও হৈছে, কিন্তু আমাৰ বাবে ই আছিল এক নতুন অভিজ্ঞতা, এক নতুন অনুভৱ আৰু লগতে বহুখিনি নতুন শিক্ষা যি হয়তো বহু কম মানুহৰ জীৱণত ঘটিবলৈ পায়। এইহেন অভিজ্ঞতা লাভ কৰাটো আমাৰ বাবে একপ্রকাৰ সৌভাগ্যই বুলি কব খোজো। নাজানো ভাৰতবর্ষৰ সীমান্তবর্ত্তী এলেকাসমুহত এই অহৰহ যুদ্ধৰ কুছ-কাৱাজৰ মাজেৰে জীৱণ কটাই থাকিবলগীয়া লোকসকলৰ অনুভুতি কেনেকুৱা , তথাপি সেই সময়ত ইজৰাইলী নাগৰিক সকলৰ পৰা নতুবা তেওলোকৰ সেনাবাহিনীৰ তৰফৰ পৰা আমি যেনেধৰণৰ সহায় –সুবিধা পাইছিলো তাৰ ঋণ হয়তো আমি কোনোদিনে পৰিশোধ কৰিব নোৱাৰিম…। কেৱল আমি বিদেশী নাগৰিক বুলিয়েই নহয় তেওলোকৰ চৰকাৰে তেওলোকৰ প্রত্যেকজন নাগৰিকৰ প্রতি ষি দায়বদ্ধতা তথা তৎপৰতা দেখুৱালে সি সচাকৈয়ে অনুকৰণীয় ।….
ফটোসমূহত হাইফা চহৰৰ মনোৰম দৃশ্য….

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!