মিজোসকলৰপৰা শিকিবলগীয়া কেইটিমান কথা – অৰুণজ্যোতি দাস

আমাৰ দেশৰ ভিতৰতে সবাতোকৈ বেছি সাক্ষৰতাৰ হাৰ থকা ৰাজ্যখন হ’ল মিজোৰাম। যদিও একালত এই প্ৰদেশতো উগ্ৰবাদীৰ সন্ত্ৰাসে আমনি কৰিছিল, তথাপি আজি মিজোৰাম হৈছে ভাৰতৰ ভিতৰতে আটাইতকৈ শান্তিপূৰ্ণ ঠাই। জলবায়ুৰ ফালৰপৰাও চাবলৈ গ’লে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ ভিতৰত আটাইতকৈ বেছি মিজো‌ৰামকেই সৰ্বোত্তম বুলিব পাৰি, কিয়নো ইয়াত বছৰৰ সকলো সময়তেই নাতিশীতোষ্ণ উষ্ণতাই বিৰাজ কৰে। কৰ্মসূত্ৰে যো‌ৱা চাৰি বছৰে মিজোৰামৰ এখন সীমান্ত‌ৱৰ্তী চহৰত থাকি মিজোসকলৰ সতে চিনা-পৰিচয় হো‌ৱাৰ সুযোগ আমি পাইছিলোঁ। সেই অভিজ্ঞতাৰে আমি ইয়াৰ শান্তিপূৰ্ণ পৰি‌ৱেশৰ উপাদানসমূহ এনেদৰে বিচাৰি পাইছোঁ।
ক) মিজোৰাম এখন মহিলা-প্ৰধান ৰাজ্য হো‌ৱা হেতুকে ইয়াৰ দোকান-পোহাৰ, বজাৰ–সমাৰত, কাৰ্যালয়সমূহতো মহিলাই আগভাগ লো‌ৱা দেখা যায়। ইয়ে নাৰী সবলীকৰণত অৰিহণা যোগাইছে আৰু নাৰীৰ সমাধিকাৰ পথ সুচল কৰিছে। ইয়াত আলৰ-বুঢ়ী আইতাগৰাকীয়েও পিঠিত টুকুৰি লৈ পাহাৰ বগাই বস্তু আনি বজাৰত বেচে। আৰু ৰাতি-বিয়লিও এগৰাকী ছোৱালীয়ে অকলশৰে ঘুৰি ফুৰিবলৈ শংকাবোধ কৰিবলগীয়া নহয়।
খ) চাফ-চিকুণতাৰ ফালৰপৰা চাবলৈ গ’লে সাধাৰণতে ইয়াৰ প্ৰায় সকলো মানুহেই পৰিষ্কাৰ-পৰিচ্ছন্নতাক গুৰুত্ব দিয়ে। নিজৰ ঘৰ-দু‌ৱাৰ চাফা কৰি ৰখাৰ উপৰিও সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ৰাস্তা-বজাৰ আদি চাফা কৰি ৰখাত সকলো‌ৱেই মন দিয়ে। ইয়াৰ চিটি বাচত বহি বাহিৰলৈ কমলা-টেঙাৰ বাকলিটোও মিজোসকলে নেপেলায় তথা আনকো নেপেলাবলৈ অনুৰোধ কৰে। অস্থায়ী দোকানী সকলে সন্ধ্যা দোকান সামৰাৰ সময়ত নিজৰ এলেকাৰ চৌদিশ চাফা কৰি যো‌ৱাটো ইয়াৰ ধৰা-বন্ধা নিয়মৰ নিচিনা।
গ) ইয়াত প্ৰতি দেওবাৰে প্ৰতিজন মিজো লোকেই পৰিয়াল সহিত গীৰ্জালৈ গৈ ঈশ্বৰ উপাসনা কৰাটো প্ৰায় বাধ্যতামূলক। মাংস-বেপাৰীয়েই হওঁক অথবা উচ্চ-পদস্থ চাকৰিয়ালেই হওঁক ,সকলো‌ৱেই গীৰ্জাত সমানে সমানে বহি প্ৰাৰ্থনা-সংগীত গায়। দুখীয়াজনেও সিদিনা সুন্দৰ পোছাক পৰিধান কৰে আৰু মাৰ্জিতভা‌ৱে সাজি-কাচি আহে। এই ৰীতিয়ে তেওঁলোকৰ সমাজত এক মিলা-মিচা তথা সম্প্ৰীতিৰ ভা‌ৱ বজাই ৰাখে। তদুপৰি সামাজিক বহুখিনি কাম-কাজত গীৰ্জাৰ ফালৰপৰা সকলো ধৰণৰ অৰিহণা আগবঢ়ো‌ৱা হয়। দুখীয়া-নিচলাক গীৰ্জাৰ ফালৰপৰা আৰ্থিক সাহাৰ্যও দিয়া হয়।
ঘ) মিজোৰামৰ সমাজত এক সুন্দৰ সংস্কাৰ দেখা যায় যে কাৰ্যালয়েই হওক অথবা গীৰ্জাতেই হওক মাহেকে পষেকে অন্ততঃ এদিনৰ বাবে ‘সামাজিক চাফাই অভিযান’ পালন কৰে। সেইদিনা সকলো‌ৱেই হাতে হাতে দা-কোৰ লৈ সমিলমিলে চাফাই কাম কাজ কৰে।
ঙ) মিজোসকলে সৌজন্যতাবোধ বাৰুকৈয়ে উপলব্ধি কৰে। আপোনাক প্ৰথমবাৰ লগ পালে ‘চিবাই’(নমস্কাৰ) কৰিব ,যাবৰ সময়ত ‘মাংথা’(বিদায়/শুভ ৰাত্ৰি) বুলি ক’ব আৰু সাধাৰণ এটা সৰু কামত হ’লেও আপোনাক ‘কা লম এ’(ধন্যবাদ) বুলি ক’বলৈ নাপাহৰে। দোকানত বস্তু এটা কিনিলেও অথবা টেক্সীত বহি গ’লেও আপোনাক তেওঁলোকে ধন্যবাদ জনাব।
চ) মিজোৰামৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহত সাধাৰণতে দুৰ্নীতিৰ প্ৰভা‌ৱ প্ৰায় নাই বুলিব পাৰি। কিন্তু আজিকালি অনা-মিজোসকলেহে এই কু-কৰ্ম মিজোসকলক শিকাই-বুজাই দি সমাজখন দূষিত কৰিবলৈ আৰম্ভ কৰিছে।
ছ) মিজোসকলে সাধাৰণতে মিজোৰামত বসবাস কৰা অনা-মিজো লোকক কোনোপ্ৰকাৰৰ আমনি নিদিয়ে। ৰাতি-বিয়লিও এজন অনা-মিজো লোকে ইয়াৰ ৰাস্তাৰে হাঁহি-ধেমালি কৰি অহা-যো‌ৱা কৰিব পাৰে।
জ) ব্য‌ৱসায়-বাণিজ্যত সম্প্ৰতি অনা-মিজো লোকৰ প্ৰাধান্য ৰোধৰ বাবে বৰ্তমানে কে‌ৱল মিজো লোকক হে ব্য‌ৱসায়ৰ অনুজ্ঞা-পত্ৰ দিয়া আৰম্ভ কৰিছে আৰু বিনা অনুজ্ঞা-পত্ৰৰে ব্য‌ৱসায় চলো‌ৱাসকলক শাস্তি বিধানৰ ব্য‌ৱস্থা কৰিছে।
ঝ) মিজোসকল অত্যন্ত শান্তিপ্ৰিয় আৰু বিশ্বাসপৰায়ণ। নিজৰ চিনাকি মানুহৰ বাদেও আন যিকোনো মানুহকে সহজতে বিশ্বাস কৰে। আনকি টকা-পইচা বা আন গুৰুত্বপূৰ্ণ সা-সম্পত্তিৰ ক্ষেত্ৰতো যিকোনো লোককে ভৰসা কৰে।
ঞ) মিজোসকল সহায়কাৰী। একেলগে যো‌ৱা দহখন টেক্সীৰ যদি এখনৰো কিবা কাৰিকৰী বিজুতি ঘটে ,তেন্তে সেইখন সম্পূৰ্ণৰূপে ভাল নোহো‌ৱাপৰ্যন্ত আন নখন টেক্সী কেতিয়াও আগবাঢ়ি নাযায়। আপোনাক যিকোনো মুহূৰ্ততে সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈও মিজোসকল যেন প্ৰতিশ্ৰুতি বদ্ধ।
ট) মিজোৰামত ভিক্ষাৰী প্ৰায় নাই বুলিবই পাৰি। যি দুই একোজনে অত্যন্ত দুৰ্ভাগ্যৰ বলত যদি ভিক্ষা মাগিব লগা হৈছে,তেন্তে সেয়াও তেনেই ভদ্ৰ আৰু মাৰ্জিত ভা‌ৱে বিচাৰিছে (কোনো অনুনয়-বিনুনয় নকৰাকৈয়ে নিৰ্বাকভা‌ৱেই)। আমাৰ ৰাজ্যবোৰত হোৱাৰ দৰে মানুহৰ হাতে-ভাৰিয়ে ধৰি নহয়, অথবা অন্ধৰ ভেশচন ধৰি নহয়।
ঠ) ৰাস্তা ঠেক হো‌ৱা বাবে আইজলত কিছু ‘ট্ৰেফিক জাম’ হো‌ৱা দেখা যায়। কিন্তু হৰ্ণৰ বিকট শব্দ আৰু পৰিচালকৰ অযথা কোলাহল কেতিয়াও পোৱা নাযায়। নিৰ্দিষ্ট বাচ-আস্থানত ২ মিনিটৰ বাবে গাড়ী ৰখায় আৰু মানুহ উঠিলেও বা নুঠিলেও ২ মিনিটৰ পিচতে গাড়ী চলে।
আমি ভাবোঁ, প্ৰতিবেশী ৰাজ্য এখনৰ এনে সজ আদৰ্শৰ পৰা আমি শিক্ষা লো‌ৱা উচিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!