ম’বাইলত সাহিত্য ডট অৰ্গ

[vc_row][vc_column width=”1/1″][vc_column_text]Loading image

ৰাইজক জনাবলৈ পাই অতি সুখী হৈছো যে, এণ্ড্ৰইড ম’বাইল ফ’নত ‘সাহিত্য ডট্ অৰ্গ’ পঢ়িব পৰাকৈ এক নতুন ধৰণৰ এপ সাজি উলিয়াইছে ‘অসমীয়াত কথা-বতৰা’ ৰ এগৰাকী সক্ৰিয় সদস্য মৃদুল কুমাৰ শৰ্মাই। মাত্ৰ ১.৮১ এম.বি ৰ এই এপটো তলত দিয়া লিংক ত গৈ সকলোৱে ডাউনল’ড কৰিব পাৰিব আৰু নিজৰ ম’বাইলত এই এপটো সংস্থাপন কৰিব পাৰিব। এই এপৰ সহায়ত ‘সাহিত্য ডট্ অৰ্গ’ পঢ়িবলৈ আপোনাক ইণ্টাৰনেটৰ প্ৰয়োজন হ’ব। এই এপটোৰ বাবে স্প্লেছ্‌ ইমেজটো সাজি উলিয়াইছে ধনজিৎ কুমাৰ শৰ্মাই।

‘সাহিত্য ডট্ অৰ্গ’ হৈছে ইউনিক’ড মানক পদ্ধতিৰে অসমীয়া ভাষাত লিখা-মেলা কৰাৰ এখন মুকলি মঞ্চ, এক বৌদ্ধিক আন্দোলন৷ অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা হিচাবে ফে’চবুকৰ “অসমীয়াত কথা-বতৰা” গোটত প্ৰকাশিত লেখাসমূহৰ মাজৰ পৰা নিৰ্বাচিত লেখাৰ উপৰিও ইণ্টাৰনেটৰ বাহিৰৰ পৰাও অসমীয়া ভাষাৰ লেখা ইয়াত প্ৰকাশৰ ব্যৱস্থা কৰা হয়৷ প্ৰাৰম্ভিকভাৱে এক স্বতন্ত্ৰ অনুষ্ঠান/ৱেবচাইট হিচাপে প্ৰতিষ্ঠা হোৱা ‘সাহিত্য ডট্ অৰ্গ’ক পিছলৈ ‘ভাষা সাহিত্য সন্মিলনী, অসম’ নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াক সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে ঘোষণা কৰা হয়৷

ডাউনল’ড ৰ বাবে লিংক : ইয়াত ক্লিক কৰক (গুগুল প্লে’ ষ্ট’ৰ) ।

[/vc_column_text][/vc_column][/vc_row]

Don`t copy text!