অসমীয়া সাহিত্যত মহিলা ঔপন্যাসিকৰ অৱদান-এটি আলোকপাত -(তুষাৰ ৰাজ শৰ্মা)

অসমীয়া সাহিত্যত মহিলা ঔপন্যাসিকৰ অৱদান-এটি আলোকপাত
-তুষাৰ ৰাজ শৰ্মা
স্বাধীনতা লাভৰ আগতে মহিলা লেখকৰ সংখ্যা নিচেই কম আছিল যদিও, অসমীয়া উপন্যাসৰ জন্মলগ্নতে এগৰাকী মহিলাৰ নাম জড়িত হৈ আছে। তেওঁ আছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ জীয়ৰী পদ্মাৱতী দেৱী ফুকননী। উনবিংশ শতিকাৰ আশীৰ দশকত তেওঁ ৰচনা কৰা ‘সুধৰ্মাৰ উপাখ্যান’ প্ৰকৃত উপন্যাসৰ স্তৰলৈ উঠা নাই যদিও উপন্যাসৰ ওচৰ চপা পুঁথি। ইয়াৰ পাছত বিংশ শতিকাৰ প্ৰথমাৰ্ধত দুগৰাকী মহিলাই উপন্যাস ৰচনাত হাত দিছিল। প্ৰথমগৰাকী আছিল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ জীয়ৰী স্নেহলতা দেৱী আৰু আনগৰাকী আছিল চন্দ্ৰপ্ৰভা শইকীয়ানী। স্নেহলতা দেৱীৰ ‘বীণা’ আৰু চন্দ্ৰপ্ৰভাৰ ‘পিতৃভিঠা’ শতিকাটোৰ দ্বিতীয় আৰু তৃতীয় দশকৰ ৰচনা। দুয়োখনৰে কাহিনী বিন্যাস অত্যন্ত শিথিল আৰু ঘটনা-প্ৰৱাহো ঠায়ে ঠায়ে অস্বাভাৱিক।

পঞ্চাশৰ দশকত দুগৰাকী মহিলাই ঔপন্যাসিকাৰূপে আত্মপ্ৰকাশ কৰে: হিৰণ্ময়ী দেৱী আৰু শুচিব্ৰতা ৰায়চৌধুৰী। হিৰণ্ময়ী দেৱীৰ ‘জীৱন সংগ্ৰাম’ আৰু শুচিব্ৰতা ৰায়চৌধুৰীৰ ‘বা-মাৰলি’ এই সময়ছোৱাৰ দুখন উপন্যাস যদিও সাহিত্য কৰ্ম হিচাপে উপন্যাস দুখন দুৰ্বল।
ষাঠি আৰু সত্তৰৰ দশকত কেইবাগৰাকীও প্ৰতিভাশালী মহিলাৰ আবিৰ্ভাৱে অসমীয়া উপন্যাসক এক নতুন মাত্ৰা দান কৰে। তেওঁলোকৰ ভিতৰত নীলিমা দত্ত, নিৰুপমা বৰগোঁহাঞি আৰু মামনি ৰয়ছম গোস্বামীৰ নাম ততালিকে মনলৈ আহে। তেওঁলোকৰ সৈতে নাম ল’ব পাৰি প্ৰবীণা শইকীয়াৰো। নীলিমা দত্ত প্ৰগতিবাদী চিন্তাৰে অনুপ্ৰাণিত মহিলা, তেওঁৰ উপন্যাস ‘আকাশবন্তি’ত এইধৰণৰ চিন্তাৰ প্ৰতিফলন ঘটিছে যদিও তেওঁৰ পৰৱৰ্তী উপন্যাসকেইখন এই পৰ্যায়লৈ উন্নীত নহ’ল। নিৰুপমা বৰগোঁহাঞিয়ে নাৰীৰ মুক্তি আৰু অধিকাৰৰ বাবে মাত মাতি আহিছে, নাৰীবাদী চিন্তাই তেওঁৰ সৰহখিনি উপন্যাসতে প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। তেওঁৰ কেইখনমান উপন্যাস হ’ল ‘সেই নদী নিৰৱধি’, ‘ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ’, ‘অন্য জীৱন’ আৰু ‘অভিযাত্ৰী’।
 
 
অসমীয়া উপন্যাসক এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ বাবে মামণি ৰয়ছম গোস্বামীৰ নাম স্মৰণীয় হৈ ৰ’ব। সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ৰক্ষণশীলতাই মানুহক কিদৰে মায়া-মমতাহীন কৰি তোলে, দাৰিদ্ৰতাই পীড়া কৰা নাৰীৰ জীৱন কিদৰে দুৰ্বিষহ হৈ উঠে, অন্ধ পৰম্পৰাই বিধৱা নাৰীৰ আশা-আকাংক্ষা, কামনা-বাসনা কিদৰে ধূলিৰ লগত মিহলি কৰি দিয়ে তাৰ এক নিৰ্ভীক ছবি দাঙি ধৰা হৈছে মামণি ৰয়ছমৰ উপন্যাসত। মামণি ৰয়ছম গোস্বামীক অনেকে নাৰীবাদী লেখিকা বুলি কয়। কিন্তু নাৰীবাদী বুলি কোৱাতকৈ মানৱতাবাদী বুলি ক’লেহে লেখিকাগৰাকীৰ প্ৰতি সুবিচাৰ কৰা হ’ব। প্ৰবীণা শইকীয়াৰ উপন্যাস ৰোমান্টিকধৰ্মী। কাহিনীৰ শিথিলতাই তেওঁৰ উপন্যাসৰ কলাত্মক দিশটোও কিছু পৰিমাণে আঘাট কৰিছে।
আশী আৰু নব্বৈৰ দশকত আত্মপ্ৰকাশ কৰা মহিলা লেখকৰ ভিতৰত আছে স্বৰ্ণ বৰা, অৰূপা পটংগীয়া, পূৰৱী বৰমুদৈ, ৰীতা চৌধুৰী, মণিকুন্তলা ভট্টাচাৰ্য্য, অনুৰাধা শৰ্মা পূজাৰী, আৰু তিলোত্তমা মিশ্ৰ। জনজাতীয় জীৱনৰ পটভূমিত লিখা অসমীয়া উপন্যাসৰ ধাৰাটোৰ সমৃদ্ধিত সহায় কৰিছে স্বৰ্ণ বৰাৰ উপন্যাস কেইখনে। জনগোষ্ঠীকেইটাৰ সমাজ আৰু সংস্কৃতিৰ পৰিচয় উপন্যাসকেইখনত সজীৱ ৰূপত প্ৰকাশ পোৱাৰ লগতে প্ৰেম আৰু সংহতিৰ এটি বাণীও উপন্যাসকেইখনৰ মাজেদি প্ৰেৰণ কৰা হৈছে। অৰূপা পটংগীয়া কলিতাৰ উপন্যাসৰ প্ৰধান বৈশিষ্ট্য, নাৰীৰ মুক্তি আৰু সম অধিকাৰৰ লক্ষ্য আগত ৰাখি সুপৰিকল্পিত ভাৱে তেওঁ উপন্যাসৰ কাহিনী পৰিৱেশন কৰে। পুৰৱী বৰমুদৈৰ উপন্যাসত গভীৰ মানৱতাবাদী দৃষ্টিভংগীৰ স্পষ্ট প্ৰতিফলন ঘটিছিল।
 
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!