দৰঙৰ এক মনোৰম লোক উৎসৱ মহৌ খুন্দা: কন্দৰ্প কুমাৰ নাথ

(আঘোণৰ পূৰ্ণিমা তিথিত পালন কৰা মহৌখুন্দা উৎসৱৰ লগত সংগতি ৰাখি এই লেখাটো যুগুতাই আগবঢ়োৱা হ’ল ।)

অসম উত্তৰ-পূৱ ভাৰতৰ এনে এখন ৰাজ্য য’ত বিভিন্ন জাতি-জনজাতিৰে সমন্বয়ৰ এক অন্যতম নিদৰ্শন বহন কৰি আহিছে আৰু এই সমন্বয়ৰ অন্যতম উৎস হৈছে ইয়াৰ লোক সাংস্কৃতিক চেতনা।জন জীৱনৰ চিন্তা চেতনা আৰু সৃষ্টিশীলতাৰ আধাৰত গঢ় লৈ উঠা অসমৰ লোক সংস্কৃতিৰ বিশাল পথাৰখনত দৰঙৰ লোক-সংস্কৃতিৰ এক উল্লেখযোগ্য অৱদান আছে।সাধাৰণতে জনসাধাৰণৰ পৰম্পৰাগত জীৱন ধাৰণ পদ্ধতিৰ পটভূমিত লোক সংস্কৃতি গঢ় লৈ উঠাৰ দৰে দৰঙৰ জনসাধাৰণৰো পৰম্পৰাগত গ্ৰামীণ জীৱন ধাৰণ পদ্ধতিৰ মাজেৰে দৰঙৰ লোক সংস্কৃতি গঢ় লৈ উঠা পৰিলক্ষিত হৈছে।

লোক সংস্কৃতিৰ বিভিন্ন ৰূপ আৰু স্বকীয় বৈশিষ্ট্যলৈ লক্ষ্য ৰাখি বিভিন্ন গৰাকী পণ্ডিত , গৱেষকে লোক সংস্কৃতিক মূলতঃ চাৰিটা ভাগত ভাগ কৰিছে।

ক) মৌখিক সাহিত্য বা বাচিৰ কলা।
খ)সামাজিক লোকাচাৰ বা লোক প্ৰথা।
গ) ভৌতিক কলা বা বস্তু সংস্কৃতি ।
ঘ) লোক পৰিবেশ্য কলা।
সামাজিক লোকাচাৰ বা লোকপ্ৰথাৰ ক্ষেত্রত দৰঙ সংস্কৃতিৰ বৰপেৰা বুলি কলেও বঢ়াই কোৱা নহয়।বিভিন্ন উৎসৱ অনুষ্ঠান , খেল-ধেমালি , লোক-চিকিৎসা , লোক ধৰ্মেৰে দৰঙৰ লোক সংস্কৃতিৰ এই বৰপেৰাটো ঠাহ খাই আছে।

দৰঙৰ বৈশিষ্ট্যপূৰ্ণ লোক উৎসৱ সমূহৰ ভিতৰত এটি হৈছে মহৌ খুন্দা বা মহ খেদা বা মহহৌ উৎসৱ।আঘোণৰ পথাৰত কৃষিজীৱী গঞাই সোণগুটি চপোৱাৰ সমান্তৰালভাৱে আঘোণৰ পূৰ্ণিমা তিথিত এই মহ খেদা উৎসৱ অতীজৰে পৰা পালন কৰি আহিছে।এই মহ খেদা বা মহহৌ কৃষ্টিৰ উৎপত্তি সম্পৰ্কে দুই ধৰণৰ লোকবিশ্বাস জড়িত হৈ আছে।এক লোকবিশ্বাস মতে আঘোণৰ পূৰ্ণিমা তিথিত মহখেদা অনুষ্ঠান ৰূপায়ণ কৰিলে মহবোৰ শীতকালৰ সময়চোৱাৰ বাবে নোহোৱা হয়।‌ সেইবাবেই নিৰ্দিষ্ট এই তিথিত গঞা লোকে মহখেদা অনুষ্ঠান ৰূপায়ণ কৰি আহিছে।আন এক লোক বিশ্বাস অনুসৰি আঘোণৰ পকা ধানেৰে ভৰি থকা পথাৰখনক গঞা ৰাইজে একগোট হৈ হাতে হাতে টোকান লৈ বনৰীয়া ম’হৰ পৰা ৰক্ষা কৰিবলৈ এই আঘোণৰ পূৰ্ণিমাৰ‌ নিশা ওলাই যোৱা পৰম্পৰাৰ পৰাই এই মহৌ খুন্দা বা মহহৌ উৎসৱৰ উৎপত্তি বুলি বহুতে কব খোজে।পৰম্পৰা বা কৃষ্টিৰ উৎপত্তি যি কাৰণতেই নহওঁক কিয় , এই ধৰণৰ লোক কৃষ্টিয়ে যে আমাৰ অসমৰ লোক-সংস্কৃতিৰ ভৰালটো চহকী কৰি তুলিছে তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

মহৌ খুন্দা উৎসৱ প্ৰধানকৈ নামনি অসমৰ দৰং জিলাৰ লগতে কামৰূপ আৰু নলবাৰী জিলাৰো ঠাই বিশেষে পালন কৰি অহা এক মনোৰম লোক-উৎসৱ।এই উৎসৱৰ সৈতে যি মনোৰম লোক সাহিত্য বা লোক সংগীতৰ সৃষ্টি হৈছে সেইবোৰ নিজ নিজ অঞ্চলৰ উপ-ভাষা অনুসৰি বেলেগ বেলেগ হোৱা যায়।

দৰঙত প্ৰচলিত নীতি তথা পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰৰ আঘোণ মাহৰ পূৰ্ণিমা তিথিত  নিশাৰ ভাগত গাঁৱৰ চেমনীয়া তথা আদবয়সীয়া লোকসকলে  ঘৰে-ঘৰে ধূতি চোলা পিন্ধি , গৰম কাপোৰ পৰিধান কৰি মহখেদা অনুষ্ঠান ৰূপায়ণ কৰে।‌ দলটোৰ মাজৰ এজনক কলগছৰ ঠৰুৱাৰে কোনেও চিনি নোপোৱাকৈ গোটেই গা, হাত-ভৰি আবৃত কৰি ভালুকৰ ভাওঁ ৰূপায়ণ কৰিবলৈ কোৱা হয়।‌ দলটোৰ মাজৰ এগৰাকী প্ৰধান ব্যক্তিয়ে গৃহস্থৰ মংগল কামনা কৰি হৰিধ্বনিৰে  মহখেদা গীত আৰম্ভ কৰে আৰু বাকী সদস্যসকলে হাতত থকা টোকন (লাঠি) বোৰেৰে গৃহস্থৰ চোতালৰ মাটি খুন্দি খুন্দি  মাজে মাজে প্ৰধান ব্যক্তি (ওজা) গৰাকীক অনুসৰণ কৰি গীতত ভাগ লয়।গীতৰ মাজতে নিৰ্দেশনাত্মক গীতৰ ফাঁকিৰে ভালুকক লুকাই থকা নিৰ্দিষ্ট স্থানৰপৰা আহিবলৈ নিৰ্দেশনা দিয়া হয়।‌  লগে লগে ভালুকটোৱে সকলোৰে মাজত অৱস্থান কৰি ধেমেলীয়া অংগী-ভংগীৰে নৃত্যত ভাগ লয়।‌  নৃত্যৰ পৰিসমাপ্তিত ভালুকটোৱে পুনৰ আগৰ নিৰ্দিষ্ট স্থানলৈ প্ৰস্থান কৰে।‌

এইখিনিতে এটি উল্লেখযোগ্য দিশ হ’ল ভালুকটো  নিৰ্দিষ্ট স্থানত লুকাই থাকি নিৰ্দেশনা পোৱা মাত্ৰকে চোতালৰ মাজত থকা সদস্যসকলৰ মাজলৈ আহি নৃত্যত ভাগ লয় l এইক্ষেত্ৰত দৰঙীসকলৰ লোকবিশ্বাস নতুবা জনবিশ্বাস  অনুসৰি ভালুকটো লুকাই থকা ঠাইখিনি নিৰাপদ হ’ব লাগে।‌ সেইবাবে দুজন ব্যক্তিক ভালুকৰ নিৰাপত্তাৰ বাবে পহৰাদাৰ হিচাপে ৰখা হয় যাতে ভালুকৰ গাত থকা কলঠৰুৱাৰ শুকান পাতবোৰ ক’তো পৰি নাথাকে।‌ কাৰণ, লোকবিশ্বাস মতে ভালুকে গাত মেৰিয়াই লোৱা কলঠৰুৱাৰ শুকান পাত এৰিপলুৰ বাহত দিলে হেনো পলুবোৰে বেছিকৈ কণী পাৰে, কিন্তু ভালুকটোৰ (মানুহজনৰ)  শাৰীৰিক অনিষ্ট সাধন হয়।‌

জনবিশ্বাস অনুসৰি আঘোণৰ পূৰ্ণিমা তিথিত মহখেদা অনুস্থান ৰূপায়ণ কৰিলে মহবোৰ শীতকালৰ সময়চোৱাৰ বাবে নোহোৱা হয়।‌ সেইবাবেই নিৰ্দিষ্ট এই তিথিত গাঁৱৰ চেমনীয়াসকলে মহখেদা অনুষ্ঠান ৰূপায়ণ কৰা দেখা যায় ।‌

দৰঙৰ বিভিন্ন ঠাইত প্ৰচলিত মহৌখুন্দা গীতৰ কৃয়দাংশ তলত উল্লেখ কৰা হ’ল।‌

ওজাঃ শাৰী হৌৰে থুপুৰি হৌ
পালিসকলঃ হৌৰে মহ হৌ
ওঃ কণা কুঁজা একফাল হৌ
পাঃ হৌৰে ……………..
ওঃ কণা কুঁজা ধোঁৱা খোৱা
পাঃ হৌৰে…………..
ওঃ ওজা মাতো বেৰহেপ্পুৱা
পাঃ  হৌৰে………….
ওঃ ওজা মাতি পালো লাজ
পাঃ হৌৰে……..
ওঃ চাৰি বামুনৰ চাৰি কাজ
পাঃ হৌৰে………
ওঃ এক বামুনৰ হাৰিয়া পেট
পাঃ হৌৰে……..
ওঃ হাৰিয়া পেটত পৰিল পানী
পাঃ হৌৰে ………
ওঃ যমে মানহুই টানা টানি
পাঃ হৌৰে ……..
ওঃ এথেৰ ঘৰৰ হাঁহৰ বাহা
পাঃ হাইচোঁকা হাই ৰে
ওঃ ঝহমহকে ওলেই আহা
পাঃ হাই চোঁকা হাইৰে(ভালুক ওলাই আহিব)
ওঃ নাচেৰে নাচেৰে
পাঃ হাই চোঁকা…………..
ওঃ আমাৰ ভালুক নাচেৰে
পাঃ হাই……………
ওঃ আমাৰ ভালুকৰ দীঘল হাত
পাঃ হাই…..
ওঃ খুজি আনেই টাংখুৰ পাত
পাঃ হাই…….
ওঃ আমাৰ ভালুক অকৰা
পাঃ হাই…….
ওঃ ভাত খায় ঝকৰা
পাঃ হাই…….
ওঃ এথেৰ ঘৰৰ তুঁহৰ ধোঁৱা
পাঃ হাই……
ওঃ চলি কান্দেই কোঁহা কোঁহা
পাঃ হাই…….
ওঃ ঘৰৰ ঘন্নী বৌ
পাঃ হাই…….
ওজাঃ টকা আন্‌বি এক টৌ
পাঃ হাই…….
ওঃ টকাৰ নাই লেখা জোখা
পাঃ হাই…….
ওঃ দুৱাৰমুখত পাতিম খোখা
পাঃ হাই……
ওঃ আঘোণৰ পূৰ্ণিমা হ’ল
পাঃ হাই…..
ওঃ মহ খেদাৰ হুকুম হ’ল
পাঃ হাই……
ওঃ মহ গৈলা মহমহেই
পাঃ হাই………
ওঃ ভালুক গৈলা ঝহঝহেই
পাঃহাই……
ওঃ হৰিবোল হৰিবোল
পাঃ হৰি হৰি
ওঃ গিৰস্থৰ কুশলৰ্থে
পাঃ হৰি হৰি।‌
গীত পৰিবেশনৰ অন্তত গৃহস্থই সাধ্যানুসাৰে দান-দক্ষিণা দিয়াৰ পিছত দলটোৱে গৃহস্থক আশীৰ্বাদ দি বিদায় লয়।
এইধৰণে দৰং জিলাৰ গাওঁ অঞ্চলত আঘোণৰ পূৰ্ণিমা তিথিত এই মনোৰম লোক উৎসৱটি পালনৰ দ্বাৰা দৰঙী কলা-কৃষ্টিৰ বৰপেৰা চহকী কৰি আহিছে।এই আপুৰুগীয়া সংস্কৃতিবিধ নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আহি পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!