মনজ্যোৎস্না মহন্তৰ সৈতে অন্তৰংগ আলাপ

মনজ্যোৎস্না মহন্তৰ সৈতে সাহিত্য ডট্ অৰ্গৰ অন্তৰংগ আলাপ৷ সাক্ষাৎ গ্ৰহণ: মিতালী বৰ্মন


অন্তৰংগ আলাপটিৰ বাণীবদ্ধ ৰূপ

নমস্কাৰ বাইদেউ। আলোচনাৰ আৰম্ভণিতে আমাক ইমান সুন্দৰ এটি গীতেৰে আহ্লাদিত কৰা বাবে সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনালৈ ধন্যবাদ যাচিলোঁ। বাইদেউ, আপুনি অসমীয়া সংগীত জগতৰ এটি চিনাকি নাম। আপুনি এটা সাংগীতিক পৰিৱেশতে লালিত-পালিত; সংগীতৰ লগতে যেন আপোনাৰ উঠা-বহা। আমাৰ ই-আলোচনী সাহিত্য ডট অৰ্গৰ এইবাৰৰ মূল বিষয় হ’ল “সংগীত”। সংগীতৰ লগত জড়িত কথাকেতবোৰ আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম।

 

সাহিত্য ডট অৰ্গ: বাইদেউ, পোনতে আমি আপোনাৰ সাংগীতিক যাত্ৰাৰ বিষয়ে জানিব বিচাৰিম। সংগীতৰ আৰম্ভণি, ক’ত, কেনেকৈ আৰু কেতিয়া ?

মনজ্যোৎস্না মহন্ত: এইটো প্ৰশ্ন সুধিলে মোৰ আচলতে উত্তৰটো এনেকুৱা হ’ব যে মোৰ আৰম্ভণি ক’ত বুলি ক’লে মই ক’ব চাগে’ নোৱাৰিম। কাৰণ, মোৰ যিখন ঘৰত জন্ম সেইখন ঘৰ এখন সাংস্কৃতিক ঘৰ আৰু মোৰ মা নিকুঞ্জলতা মহন্ত, তেওঁ অহৰহ ঘৰত বৰগীতৰ চৰ্চা কৰি থাকে। বৰগীতৰ তেওঁ এগৰাকী একনিষ্ঠ সাধিকা আৰু মোৰ দেউতা কেশৱ মহন্ত আৰু মামা খগেন মহন্ত। খগেন মহন্ত আমাৰ ঘৰতে, বহু বছৰ আমাৰ লগতে আছিল। গতিকে তেৱোঁ আমাৰ এগৰাকী অভিভাৱকৰ দৰে। তেওঁ আৰু দেউতা, দুয়ো ঘৰতে মিলি গীতৰ সৃষ্টি কৰিছিল। আমাৰ মনত থকা দিনৰ পৰাই সেইধৰণৰ পৰিৱেশবোৰ আমি দেখি আহিছোঁ। মোৰ কিন্তু সৰুতে ৰাপ আছিল খেলা-ধূলাতহে। স্কুলৰ ক্লাচ VI/VII লৈ খেলিছোঁ, মই এথলিট আছিলোঁ। ডিচকাচ থ্ৰ’, জেভলিন থ্ৰ’ এইবিলাকত মোৰ খুব ৰাপ আছিল, খুব খেলিছিলোঁ। স্কুল টুৰ্ণামেণ্টত বেডমিণ্টন খেলিছিলোঁ, ভলি বল খেলিছিলোঁ। মুঠৰ ওপৰত স্কুলত মোৰ ৰাপ আছিল খেলতহে। কিন্তু ঘটনাটো এনেকুৱা হৈছিল যে, যিহেতু সাংস্কৃতিক পৰিয়াল এটাত সেই পৰিৱেশ মই অনবৰতে পাই আছিলোঁ সেই পৰিৱেশটোৰ কাৰণে ক’ব নোৱাৰাকৈয়ে আচলতে সংগীতে আমাক ঘেৰি ৰাখিছিল, ক’ব নোৱাৰাকৈ আমাৰ সংগীতৰ প্ৰতি এটা টান আছিল। পিচলৈ মই গম পাইছিলোঁ যে সংগীতহে আচলতে মোৰ নিচা। যদিও মই খেলিছিলোঁ, খেলাটো মোৰ নিচা কিন্তু সংগীত যে মোৰ passion সেইটি কাৰণতে চাগৈ পিছলৈ স্কুলত সংগীতক এটা বিষয় হিচাপে ল’লোঁ। মামাহঁতে সংগীত চৰ্চাৰ পিচত যেতিয়া কোঠালিটোৰ পৰা গুচি যায় হাৰম’নিয়ামখন নিজে নিজে গৈ চুইছিলোঁ, নিজেই শিকিছিলোঁ। আনুষ্ঠানিক শিক্ষাৰ জড়িয়তে মই সংগীতত সোমোৱা নাই, সংগীতৰ আনুষ্ঠানিক শিক্ষা মই সৰুতে লোৱা নাছিলোঁ। সংগীতৰ সকলো বাদ্য-যন্ত্ৰ আমাৰ ঘৰত আছিল। ক’ব নোৱাৰাকৈ হাৰমনিয়াম চুইছোঁ, বাদ্যযন্ত্ৰবোৰ দেখিছোঁ, চুইছোঁ, বজাবলৈ চেষ্টা কৰিছোঁ। তাত যি শব্দৰ সৃষ্টি হয় সেই শব্দবোৰ perfectly কাণখনত লাগিছে নে নাই সেইটো শুনিবলৈ চেষ্টা কৰিছোঁ। এইদৰে ক’ব নোৱাৰাকৈ সংগীতৰ মাজলৈ মই সোমাই গৈছোঁ। পিচলৈ মই সংগীতক লৈ serious হৈছোঁ, appreciationও পাইছোঁ মানুহৰ পৰা। ইয়াৰ মাজতে এইটো কথা ক’ব লাগিব, প্ৰথম মই খেলা-ধূলা কৰি আহি সন্ধিয়া যেতিয়া ঘৰৰ ভিতৰত গুণগুণোৱা যায় ঠিক তেনেকৈ গুণগুণাইছিলোঁ, এটা মোৰ খুব প্ৰিয় গান। মোৰ এগৰাকী প্ৰিয় সংগীত পৰিচালকৰ গান, ৰমেন বৰুৱাৰ গান। ৰমেন বৰুৱাৰ “পোহৰে কি জানে/ ৰাতিৰ কি বেদনা/ মৰমে নেজানে/ কিনো কাৰ ছলনা/ পোহৰে কি জানে/ ৰাতিৰ কি বেদনা” (গুণগুণাই)— এইগীতটো এনেই ভিতৰতে গুণগুণাই আছিলোঁ। মোৰ দেউতা বাৰান্দাত বহি আছিল। দেউতাই ঘপকৈ মোক মাত লগাইছিল, “কোন অ’ মা? সেইজনী জুৰ নেকি?” দেউতাই মোক ‘জুৰ’ বুলি মাতিছিল। “অ, দেউতা”—এনেকৈ কওঁতে দেউতাই ক’লে, “তয়ো দেখোন গান গাব পাৰ অ’। তোৰ মাতটোও ভাল লাগে।” সাধাৰণতে, সৰুতে প্ৰশংসা পালে সাংঘাতিক এটা উৎসাহ জাগে। দেউতাৰ পৰা প্ৰশংসা পাই, দেউতাই এনেকৈ কোৱাৰ লগে লগে মই ভাবিবলৈ ধৰিলোঁ— অ, ময়ো কিবা গান-চান গাব পাৰোঁ নেকি!—সেইখিনি সময়ৰ পৰাই এই ভাবটো সাংঘাতিকধৰণে তীব্ৰ হৈ মোৰ মনৰ মাজত জাগিছিল। ইতিমধ্যে মই কৈছোঁ, নিজে নিজে হাৰম’নিয়ামখন চুইছোঁ, নিজে নিজে তাৰ নোটবোৰ বজাইছোঁ আৰু এটা গান গোৱা আৰু এটা গান সৃষ্টি কৰা, সুৰ কৰা— মামাহঁতক দেখিছোঁ। অকল মামা বুলিয়ে নহয়, মামাৰ লগত অসমৰ বহুকেইগৰাকী বিশিষ্ট শিল্পীৰ তেতিয়া আমাৰ ঘৰলৈ আহ-যাহ আছিল। আমাৰ ঘৰখনক সংগীতৰ কাৰখানা বুলি কৈছিল। এটা সময়ত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্নজন আহিছিল আমাৰ ঘৰলৈ। এতিয়া মই কাৰোবাৰ নাম ল’লে কাৰোবাৰ নাম বাদ পৰি যাব। দেউতাৰ পৰা গান নিবলৈ প্ৰত্যেকেই আহিছিল বুলি ক’ব পাৰি। গান নিবলৈ আহোঁতে দেউতাৰ লগত বহিছিল, গান সৃষ্টি কৰিছিল। এগৰাকী আছিল যোৰহাটৰ, তেখেত চন্দ্ৰধৰ বৰুৱাৰ পৰিয়ালৰ এগৰাকী সদস্য অমিয়ধৰ বৰুৱা। তেখেতে দেউতাৰ বহু গীতৰ সুৰ কৰিছে। তেখেত আহে আৰু আমাৰ লগত চাৰি/পাঁচদিন থাকে, গানৰ সৃষ্টিৰ কাৰণে। আমি সৰুতে বুজি পোৱা নাছিলোঁ মামাৰ লগৰ মানুহবিলাক আমাৰ আচলতে তেজৰ সম্পৰ্কৰ হয় নে নহয়। সকলোকে মামা বুলি মাতোঁ, সকলোকে নিজৰ বুলি ভাবোঁ। দেখিছিলোঁ গান কেনেকৈ সৃষ্টি কৰে। দেউতাই লিখি থাকে। কেতিয়াবা এটা গানতে লাগি লাগি ৰাতি ১২ বাজি যায়। আমাক মায়ে শুবলৈ লৈ যায়, দেউতাহঁতে গান কৰিয়ে থাকে। এই যিটো পৰিবেশ সেইটোৰ কাৰণে নিজে নিজে গান সৃষ্টি কৰিবলৈ লৈছিলোঁ। গান সুৰো কৰিছিলোঁ মই অষ্টম শ্ৰেণীত থাকোঁতে। এনেকৈ ক’ব নোৱাৰাকৈ গানো গাইছোঁ, গান সৃষ্টিও কৰিছোঁ আৰু অৱশেষত আহি আহি দেখোন গানটোকে ধৰি ল’লোঁ। খেলটো মোৰ ক’ব নোৱাৰাকৈ বাদ পৰি গ’ল। গানে গালোঁ। পাছত কলেজ পালোঁ। কলেজত Best Singer হ’লোঁ একেৰাহে তিনিবাৰ। যেতিয়া সকলোৰে প্ৰশংসা লাভ কৰোঁ তেতিয়া ভাবোঁ— অ, গান গাব লাগে তাৰমানে মই! গানেই মোৰ সম্পদ আৰু এতিয়াটো দেখিছোঁ যে গানতে উপজি মই গানতে শেষ হৈ যাম।

সাহিত্য ডট অৰ্গ: এটা গীত গাবলৈ আপুনি পদ্ধতিগতভাৱে কি কি পৰ্য্যায়ৰ মাজেদি আগবাঢ়ি যায় ?

মনজ্যোৎস্না মহন্ত: গান এটা গাবলৈ… মই যিখন ক্ষেত্ৰত কাম কৰিছোঁ সেইখন হ’ল আধুনিক সৃজনশীল গীতৰ ক্ষেত্ৰ। আধুনিক সৃজনশীল গীত এটাৰ কথাটো ক’বলৈ গ’লে এনেকুৱা হয় যে তিনিটা কথা তাৰ লগত জড়িত হৈ থাকে। এটা হ’ল গীতৰ কথা, আনটো হ’ল গীতৰ সুৰ আৰু তৃতীয়টো হ’ল গায়ন অৰ্থাৎ গীতটো কেনেকৈ মই গাম। গীতৰ কথাৰ লগত সুৰ থাকে আৰু সেই সুৰ প্ৰক্ষেপন কৰিবলৈ এটা উপযুক্ত কণ্ঠ থাকে। এইকেইটা কথা যেতিয়া ৰজিতা খায়, ইটোৰ লগত সিটো খাপ খায়— তেতিয়া সেই গীতটো এটা সফল গীত হয়। পদ্ধতিগতভাবে বুলি কওঁতে প্ৰথমে গীতৰ কথাখিনি বুজি পাবলৈ চেষ্টা কৰোঁ, গীতৰ মাজেৰে কি ক’বলৈ বিচৰা হৈছে তাক হৃদয়ংগম কৰিবলৈ চেষ্টা কৰোঁ। আধুনিক গীতৰ শাস্ত্ৰীয় সংগীতৰ লগত পাৰ্থক্য আছে। শাস্ত্ৰীয় সংগীত হ’ল সুৰপ্ৰধান আৰু আধুনিক সৃজনশীল গীত এটা হ’ল কথাপ্ৰধান। আধুনিক গীতত কথা প্ৰথমে আহে। গতিকে, কথাখিনি মই সুৰেৰে কেনেকৈ প্ৰকাশ কৰিছোঁ, সুৰেৰে প্ৰকাশ কৰিবলৈ গৈ শ্ৰোতাৰ হৃদয়ত তাক মই ৰোপিত কৰিব পাৰিছোঁ নে নাই, শ্ৰোতাৰ হৃদয়ত গীতটোৱে ঠাই লৈছে নে নাই সেইটো খুব প্ৰয়োজনীয় কথা। সংগীতে যাতে তাক ঢাকি দিব নোৱাৰে, মোৰ উচ্চাৰণ যাতে সঠিকধৰণে হয় সেই দিশলৈ গুৰত্ব দিওঁ। গীতৰ শব্দবোৰত একোটা নিজস্ব ওজন থাকে। যেতিয়া শব্দ এটা উচ্চাৰণ কৰিম, তাৰ গভীৰতা বুজাবলৈ সুৰৰ মাজেৰে মই যিমানখিনি দিব লাগে সেই ওজনখিনি দিছোঁ নে নাই এইকেইটা কথাৰ প্ৰতি মই কাণ দিওঁ। লগতে গীতটোৰ সাংগীতিক দিশটো চাবই লাগিব। সুৰত গান গাব লাগিব। বেসুৰা হ’লে গীত এটা কেতিয়াও সফল নহয়। গতিকে সুৰ আৰু কথা এই দুয়োটা দিশকে খুব নিয়াৰিকৈ লৈ যাবলৈ চেষ্টা কৰোঁ। এইকেইটা পদ্ধতিগত কথালৈ মনযোগ দিয়া হয় আধুনিক সৃজনশীল গীতৰ ক্ষেত্ৰত।

সাহিত্য ডট অৰ্গ: বৰ্তমানৰ যুগটো টেকন’ল’জিৰ যু্গ। প্ৰতিযোগিতাও যথেষ্ট বৃদ্ধি পাইছে। সেইবোৰ দিশলৈ লক্ষ্য ৰাখি বৰ্তমানৰ যুগত সংগীতকে পেচা হিচাপে ল’ব পাৰি নে ?

মনজ্যোৎস্না মহন্ত: আমি যিসময়ত গান গাবলৈ আৰম্ভ কৰিছিলোঁ সেইসময়ত সংগীতক পেচা হিচাপে লোৱাটো অকণমান কঠিন আছিল, কষ্টৰ কথা আছিল। যিহেতু কৈছা ‘টেকন’লোজিৰ যুগ’ মাধ্যম বহুতো ওলাইছে। সংগীতক পেচা হিচাপে ল’বলৈ অকল মঞ্চলৈ গৈ গান গালেই পইচা আৰ্জিব পাৰিম, এনে নহয়। সকলো দিশতে সংগীতৰ যি প্ৰয়োজন সেইটোও বাঢ়িছে। গতিকে এগৰাকী সংগীত শিল্পীয়ে সংগীতক বিভিন্নধৰণে পেচা হিচাপে ল’ব পাৰে। ‘টেকন’লোজিৰ যুগ বুলি কওঁতে মোৰ এটা কথাও মনলৈ আহিছে, আজিকালি সংগীত বৰ সহজ হোৱা যেন লাগিছে। গান এটা গোৱাটো খুব সহজ কথা যেন হৈ পৰিছে। কাৰণ আমাৰ মডাৰ্ণ যিবোৰ টেকন’লোজি সেইবিলাকে কি কৰিছে, আমি সুৰত যদি গান নাগাওঁ সেইবোৰক সুৰলৈ লৈ আনিব পাৰে। Auto Tuner আছে। গতিকে কণ্ঠ বেসুৰা হ’লেও কোনো কথা নাই, সুৰীয়া কৰিয়ে দিয়ে। কিন্তু কণ্ঠ বেসুৰা নহ’বলৈ আগৰ শিল্পীসকলে যথেষ্ট সাধনা কৰিছিল। গতিকে টেকন’লোজিয়ে সাধনাৰ ওপৰত মাৰঘাট মাৰিছে যেন লাগে। কিন্তু পেচা কৰিব পাৰি নে নোৱাৰি বুলি সুধিলে ক’ব লাগিব যে পেচা কৰিব পাৰি। আমাৰ দিনত এনেকুৱা কথা এটা আছিল যে এগৰাকী সংগীত শিল্পী ভ্ৰমণ যাত্ৰাত গৈ আছিল। গৈ থাকোঁতে কাষৰে এগৰাকী অন্য যাত্ৰীৰ লগত পৰিচয় হ’ল। তাৰপাচত তেখেতক সুধিলে যে আপুনি কি কৰে? তেখেতে ক’লে যে মই গান গাওঁ। সহযাত্ৰীগৰাকীয়ে ক’লে যে- নাই, গানটো আপুনি গায়, কিন্তু কৰে কি? গানাতো আপ গা লেতে হ্যেয়, কৰতে হ্যে ক্যা? গতিকে “কৰতে হে ক্যা” কথাটোৰ মানে হ’ল গানক পেচা হিচাপে ল’ব নোৱাৰি। কিন্তু সেইকথাটো এতিয়া ভুল। এতিয়া পেচা হিচাপে ল’ব পাৰি।

সাহিত্য ডট অৰ্গ: সংগীত কেতিয়াৰ পৰা কেনেধৰণে আৰম্ভ কৰিব পাৰি ? এইক্ষেত্ৰত আপোনাৰ পৰামৰ্শ কেনেধৰণৰ?

মনজ্যোৎস্না মহন্ত: নশিকাৰুসকলৰ বাবে… প্ৰথম কথা হ’ল পৃথিৱীৰ যিকোনো বস্তু এটা শিকাৰ আগতে তাক ভালপাব লাগিব। কাৰোবাক জোৰকৈ গায়ক সজাব নোৱাৰি। নিজৰ জন্মগত কিবা এটা থাকিবই লাগিব। কিন্তু জন্মগত বিশেষত্বই গোটেই জীৱনটো তেওঁক লৈ নাযায়, গায়ক হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব। ন-শিকাৰুসকলে প্ৰথমতে সংগীতৰ যি স্বৰ, সেই সাতটা স্বৰ ভালকৈ চিনি পাব লাগিব আৰু তাৰ সাধনা কৰিব লাগিব। সাধনাইহে তেওঁক এজন সফল সংগীত শিল্পী কৰি তুলিব।
সাহিত্য ডট অৰ্গ: সংগীত যদিও অসমীয়াৰ হাড়ে-হিমজুৱে সোমাই আছে, তথাপি এতিয়ালৈকে সংগীতক শৈক্ষিক বিষয় হিচাপে লৈ ল’ৰা-ছোৱালীয়ে শিক্ষা লাভ কৰাটো অধিকাংশ অভিভাৱকে নিবিচাৰে। কিয়?
মনজ্যোৎস্না মহন্ত: academic levelত ক’ৰবাত ক’ৰবাত শৈক্ষিক বিষয় ইচাপে সংগীতৰ খুব চৰ্চা হৈছে। এতিয়া সংগীতক performing art হিচাপেও লোৱা হৈছে। যিসকল এই ক্ষেত্ৰত অনুৰাগী বা ইচ্ছুক, যিসকলে জানে তেওঁলোকে এইটো কৰিছে। যিসকলে নাই কৰা তেওঁলোকৰ বিষয়ে মই চাগে’ ক’ব নোৱাৰিম। কিন্তু এতিয়া performing artক এটা বিষয় হিচাপে মানুহে গ্ৰহণ কৰিছে। আছে, বহুত আছে ছাত্ৰ-ছাত্ৰী।

সাহিত্য ডট অৰ্গ: বাইদেউ আপোনাৰ প্ৰথম মঞ্চ, প্ৰথম অনাতাঁৰ আৰু প্ৰথম শ্ৰাব্য কেছেটৰ বিষয়ে আমাক জনাওকচোন!

মনজ্যোৎস্না মহন্ত: মোৰ প্ৰথম মঞ্চ আছিল যেতিয়া মই তাৰিণী চৰণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া। মই আগতে কৈছোঁ, সৰুতে মই খেলিছিলোঁহে। তেতিয়া মোৰ লগৰ সমনীয়াবিলাকে খুব জোকাইছিল যে গায়নৰ ঘৰৰ কুকুৰেও ৰাউচি জোৰে, কিন্তু তই কুকুৰো নহয়, তই গান নাগাৱ। এনেকৈ কৈ মোক লগৰবোৰে খুব ঠাট্টা কৰিছিল। কৈছিল যে তই কমেও এটা হ’লেও গান গা,খালি খেলিয়ে থাক। মই ক’লোঁ যে ঠিক আছে দে। স্কুলৰ যে বাৰ্ষিক প্ৰতিযোগিতাবোৰ হয় তাত গাই দে—এইবুলি ক’লে। ময়ো ক’লোঁ, ঠিক আছে দে গাই দিম। কিনো কথা আছে! গানটো আৰু মোৰ কাৰণে একো কথাই নহয়, মই এনেকৈ ভাবোঁ। কাৰণ ঘৰত মোৰ বাইদেৱে গানৰ প্ৰশিক্ষণ লয়, মোৰ দাদাই তবলা বজাইছিল, সাগৰ-কাকলি তেওঁলোকেতো গায়ে থকা শুনো, আৰু ময়ো এনেয়োতো ইফালে-সিফালে ঘূৰি-ফুৰিলে ঘৰত গুণগুণাই থাকোঁ, কিনো ডাঙৰ কথাটো! মঞ্চত কিন্তু কেতিয়াও উঠি পোৱা নাছিলোঁ। মই ভাবিলোঁ, কি আৰু সবে মঞ্চত উঠি উঠি গান গায়, এইটোনো কি ডাঙৰ কথা! মোৰ মামাই গান গায় মঞ্চত উঠি, মোৰ বাইদেৱে গান গায়, ময়ো পাৰিম। “গাম দে, গাম দে” এইবুলি লগৰ ছোৱালীকেইজনীক ক’লোঁ। স্কুলৰ প্ৰতিযোগিতাত যোগদান কৰি মঞ্চত উঠি দিলোঁ। গীত পৰিৱেশনৰ দিনা সিহঁতে আগত থিয় হৈ আছে, মই গান গাম বুলি। মঞ্চত উঠি দেখিলোঁ, সন্মুখত ইমান মানুহ! সন্মুখত স্কুলৰ প্ৰিন্সিপাল বাইদেউ বহি আছে, লগতে বহি আছে মোৰ সংগীতৰ শিক্ষাগুৰু গুনদা দাস কোঁৱৰ— যাক মই সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ, সংগীতৰ আনুষ্ঠানিক শিক্ষা তেখেতৰ পৰাই প্ৰথমে মই গ্ৰহণ কৰিছোঁ। তেখেত হাতত কলম এটা লৈ চশমা পিন্ধি চাই আছে। মানে তেখেত বিচাৰক। মোৰ আকৌ মুখত আছিল চুইংগাম এটা। খেলোঁতে চুইংগাম খোৱাৰ অভ্যাসটো গঢ়ি উঠিছিল আছিল। মুখত চুইংগামটো লৈ তেনেকৈয়ে উঠি দিলোঁ। গানটো গাবলৈ লৈছোঁ আকৌ “নদী মাথোঁ বয়/ কালকৈ নৰয়/ বাধা দি ৰাখিব কোনে”। নদী— বুলি চিঞৰটো মাৰিলোঁ, তাৰপাচত আৰু নদীখন বৈ যাবলৈ নাপালে। আগত বাইদেউহঁতক বহি থকা দেখি, নদী বুলি চিঞৰটো মৰাৰ পাচত ইমান নাৰ্ভাচ হ’লোঁ মই, মোৰ মুখৰ ভিতৰখন শুকাই গ’ল। মুখৰ ভিতৰত থকা চুইংগামটো দাঁতে দাঁতে লাগি ধৰিলে। তেতিয়া আৰু মই শব্দ ক’ব নোৱাৰা হৈ তাতে ৰৈ গ’লোঁ। ৰঙা-চিঙা পৰি কোনো ৰকম নমস্কাৰ এটা দি মঞ্চৰ পৰা আমি আহি জীৱনত গান নাগাওঁ বুলি কাণত ধৰিছোঁ। ধৰি কৈছোঁ, নাই মোৰ দ্বাৰা গান নহ’ব আৰু! বিফল, প্ৰথম মঞ্চ। কিন্তু পাচত আকৌ খুব আচৰিতধৰণে সেই গানটোৱে মই বোলছবিৰ বাবে গাবলৈ পালোঁ। “নদী মাথোঁ বয়/ কালকো নৰয়” গীতটো ‘দীপজ্যোতি’ নামৰ এখন চিনেমাত ৰমেন বৰুৱাৰ সংগীত পৰিচালনাত মই নেপথ্য কণ্ঠদান কৰিলোঁ। সেইকাৰণে মোৰ কেতিয়াবা আচৰিত লাগে, এইটো গানতে সৰুতে (ক্লাচ VI/VII) মই ফেইল মাৰিছিলোঁ, পিচলৈ সেই গানটোৱে মই বাণীবদ্ধ কৰিবলৈ সুযোগ পালোঁ।(গুণগুণাই) নদী মথোঁ বয়/ কালকো নৰয়/ বাধা দি ৰাখিব কোনে/ আছে সাগৰেৰে যাৰ ভালপোৱা/ সাগৰেৰে সি মিলিব জানে/ বাধা দি ৰাখিব কোনে”প্ৰথম অনাতাঁৰত গান গোৱা বুলিলে… তাত প্ৰথম যিটো আনুষ্ঠানিক পৰীক্ষা দিব লাগে, সেইধৰণৰ পৰীক্ষা নিদিয়াকৈ মই অনাতাঁৰ কেন্দ্ৰত গীত গাবলৈ সুযোগ পাইছিলোঁ। কেনেকৈ? মোৰ মামা খগেন মহন্তই সৰুতে আমাক এজাক শিশুক লৈ “মা আমি শদিয়ালৈ যাম এ”— এই গীতটো কৰিছিল। এই গীতটো কৰোঁতে মামাই লৈ যায় অকণিৰ মেললৈ। “উঠা উঠা উঠা, ব’লা ব’লা ব’লা”কৈ সোনকালে উঠাই আমাকো লগত লৈ যায়। আমিও গৈ অনাতাঁৰ কেন্দ্ৰতে তেতিয়াই গান গাইছোঁ “মা আমি শদিয়ালৈ যাম এ” আৰু সেই গানটো এতিয়া প্ৰতিটো প্ৰজন্মই গায়ে থাকে, আমিও শিকাই থাকোঁ। তেতিয়া ময়ো সৰু আছিলোঁ। মই তেতিয়াই অনাতাঁৰত গাইছোঁ। ১৯৮৬ চনত মই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অ’ডিচন পাচ কৰিছোঁ। অনাতাঁৰত মোৰ যিটো এককভাৱে গোৱা প্ৰথমটো  হ’ল ” পদুমেৰে ভৰা বিলৰে পানীতে দেখোঁ”। এই গীতটো অনাতাঁৰ কেন্দ্ৰ যোগে সাংঘাতিকভাবে জনপ্ৰিয় হৈছিল। (গুণগুণাই) পদুমেৰে ভৰা বিলৰে পানীতে দেখোঁ/ সোণালী কিৰণৰে শোভা/ সূৰুযে দিয়েহি চুমা”এই গীতটোৰ সুৰ আছিল জে.পি.দাসৰ। তেখেতৰে production আছিল তেতিয়া অনাতাঁৰ কেন্দ্ৰত। তেখেতে প্ৰথম শ্ৰাব্য কেছেট “প্ৰথমা”ত গীত গাবলৈ সুযোগ দিয়ে। তেতিয়া “কেছেটৰ যুগ” বুলি ক’ব লাগিব। “প্ৰথমা”ত গাইছিলোঁ তেখেতৰ সুৰাৰোপিত আন এটা গীত “দুহাতত জেতুকাৰ বোল ঐ চেনাই/ মন হ’ল পছোৱা বা” এই গানটো।(গুণগুণাই) “দুহাতত জেতুকাৰ বোল ঐ চেনাই/ মন হ’ল পছোৱা বা/ নাচে মন কেনেকৈ চা”

সাহিত্য ডট অৰ্গ: সম্প্ৰতি দেখা যায় অসমৰ থলুৱা সংগীতক কিছুসংখ্যক শিল্পীয়ে থলুৱা বাদ্য আৰু আধুনিক বাদ্যৰ সংগমেৰে অসমৰ বাহিৰৰ অৰ্থাৎ অনা-অসমীয়া ৰাইজৰ ওচৰলৈ নিবলৈ প্ৰয়াস কৰিছে। ইয়াক অসমৰ থলুৱা সংগীতৰ বাবে শুভ লক্ষণ বুলি ক’ব পাৰি নে? নে অসমীয়া থলুৱা সংগীতে থলুৱা আৰু আধুনিক বাদ্যৰ সংগমত নিজস্বতা হেৰুৱাইছে? আপুনি কি ভাবে?

মনজ্যোৎস্না মহন্ত: ও, কথাটো আচলতে ভাবিবলগীয়াও। থলুৱা সংগীতখিনিক মানে লোকসংগীতখিনিক যেতিয়া তাৰ নিৰ্দিষ্ট ৰূপত পৰিৱেশন কৰা যায় তেতিয়া তাৰ এটা বেলেগধৰণৰ মাদকতা থাকে। লোকসংগীতখিনিয়েইতো আচলতে আচল সংগীত, আচল সুৰ। কোৱা হয় যে folk songs are mother of all songs। গতিকে, সেইখিনি এটা জাতিৰ আচল বস্তু। সেইখিনিক তাৰ শুদ্ধ ৰূপত যেতিয়া পৰিৱেশন কৰা হয়, সঁচাকৈ তাৰ এটা অন্য মাদকতা থাকে। আনহাতে, কেতিয়াবা যুগৰ আহ্বানত কিছু কাম কৰিবলগীয়া হয়। সংগীত এখন এনে ক্ষেত্ৰ, য’ত খুব পৰীক্ষা-নিৰীক্ষা চলে। experiment হ’বই, তাক আমি বাধা দিব নোৱাৰোঁ। পৰীক্ষা-নিৰীক্ষা যেতিয়া সুস্থ হয়, তেতিয়া সি প্ৰতিষ্ঠা লাভ কৰে। কিন্তু যদি সি সুস্থ নহয় সি ক’ব নোৱাৰাকৈ এৰা পৰে। সাময়িক, অলপ সময়ৰ বাবে মানুহ খুব গা নচুৱাই থাকে সেইধৰণৰ সংগীতৰ লগত; কাৰণ যুগৰ আহ্বান থাকে। এতিয়া যিটো ধাৰা চলি আছে সেইটো fusion-ৰ ধাৰা। অকল সংগীত বুলিয়ে নহয় সকলোতে, আমি যদি খাদ্যবস্তু চাওঁ, তাতো fusion চলি আছে। পোচাক-পৰিচ্ছদলৈ যদি চাওঁ, তাতো দেখিম fusion-এ চলি আছে। চাৰিওপিনে fusion। গতিকে, fusion-ৰ যিটো ধাৰা চলি আছে তাৰ দ্বাৰা প্ৰভাৱান্বিত নিশ্চয় হ’ব। এইটো আচলতে বিশ্বায়নৰে এটা প্ৰভাৱ। সেইধৰণে লোকসংগীতক অন্যধৰণে পৰিৱেশন কৰি তাত আজিৰ যুগৰ ল’ৰা-ছোৱালীক আমোদ দিবলৈ এচাম শিল্পীয়ে কিছু কাম কৰি আছে। কিন্তু এইটোতো আমি ভয় খাবলগীয়া একো কথা নাই যে তাৰ কাৰণে শুদ্ধ ৰূপত যিখিনি হৈ আছিল সি একেবাৰে নোহোৱা হৈ যাব। কেতিয়াও নহয়, বিশুদ্ধ বস্তুখিনি সদায় বিশুদ্ধ হৈ থাকিব। তাৰ ওপৰত কিবা experiment চলি আছে যদিও সি লোকসংগীতৰ প্ৰকৃত ৰূপটোক কেতিয়াও আঘাত কৰিব নোৱাৰে।

সাহিত্য ডট অৰ্গ: অসমীয়া লোকসংগীতসমূহ আজি প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে। ইয়াৰ প্ৰধান তিনিটা কাৰণ কি কি বুলি আপুনি ভাবে? আপোনাৰ মতে এই লোকসংগীতসমূহ বচাই ৰাখিবলৈ কি কি কৰা উচিত?

মনজ্যোৎস্না মহন্ত: আগৰ প্ৰশ্নটোতে মই কৈছোঁ যে এচামে লোকসংগীতক বিশুদ্ধ ৰূপত সংৰক্ষণ কৰি ৰাখিবয়ে। শুদ্ধ বস্তুটো শুদ্ধ ৰূপত এচামে কৰিয়েই থাকিব আৰু সেইটো থাকিয়েই যাব, সেইটো কেতিয়াও লোপ নহয়। কিন্তু এইটো ঠিক যে সংৰক্ষণৰ কাৰণে চেষ্টা কৰিব লাগিব। এনেকৈ যদি যুগৰ আহ্বানত আমি উটি-ভাহি যাওঁ, তেতিয়া কিন্তু অকণমান ভয়ো থাকে তাৰ আচল ৰূপটো নাইকিয়া হৈ যাব নেকি বুলি। কিন্তু সংস্কৃতি এনেকুৱা এখন পথাৰ যি assimilation-ৰ বাটত খোজ দিয়ে। assimilation হয়েই। ক’ৰবাত কিছুমান নোহোৱা হৈ যায়। সংস্কৃতি সদায় একেধৰণে নাথাকে, পৰিবৰ্তন হ’বয়ে। কিন্তু পৰিবৰ্তনৰ মাজেদিও তাক বচাই ৰাখিব পাৰি। গতিকে, বচাই ৰাখিবৰ বাবে সচেতন যিসকল শিল্পী তেওঁলোকে নিশ্চয় চেষ্টা কৰিব।

সাহিত্য ডট অৰ্গ: আমাৰ সমাজত বৰ্তমান ভক্তিগীতখিনিহে জীয়াই আছে নেকি? আমাৰ যিবোৰ দেহবিচাৰৰ গীত আছিল বা ওজাপালি বা অন্যান্য লোকসংগীত আছিল সেইবোৰ লাহে লাহে চৰ্চাৰ অভাবত নাইকিয়া হৈ গৈছে নেকি?

মনজ্যোৎস্না মহন্ত: আচলতে আজিকালি আমাৰ সকলো কথা media প্ৰধান হৈ গৈছে। আমি বস্তুটো ৰেকৰ্ডেড ৰূপত নাপালে বাচি থকা নাই বুলি ভাবোঁ, নুশুনো দেখোন বুলি ভাবোঁ। কিন্তু আমি যদি তাক খুব গভীৰভাৱে অধ্যয়ন কৰিবলৈ যাওঁ বা যদি আমি practical field-লৈ গৈ চাওঁ, দেখিম যে অসমৰ ঠায়ে ঠায়ে ওজাপালি চলি আছে, চৰ্চা হৈ আছে। ইটো প্ৰজন্মৰ পাচত সিটো প্ৰজন্মই শিকি শিকি সেইবোৰ পৰিবেশন কৰি আছে। হয়তো আমি মঞ্চত দেখা নাই বা ইলেকট্ৰণিক মিডিয়াত দেখা নাই কিন্তু চৰ্চা হ’বলগীয়া ঠাইত হৈ আছে, কেতিয়াও শেষ হৈ যোৱা নাই। ৰেকৰ্ডেড হৈ থকা নাই। ৰেকৰ্ড মানে, ধৰা হ’ল, চি.ডি. এখন পোৱা নাই সেইবুলি আমি ভাবিব নোৱাৰোঁ যে এইবোৰ নোহোৱা হৈ গৈছে। ভয় খাবলগীয়া নাথাকে। original is always original। যিটো আমাৰ পৰম্পৰাগত সম্পদ, সি সদায় আমাৰ পৰম্পৰাগত হৈ থাকিব। তাক বাণিজ্যিক দিশলৈ লৈ যাবৰ কাৰণে, বাণিজ্যিক লাভালাভৰ দিশলৈ লৈ যাবৰ কাৰণে কিছুমানে experiment কৰিবৰ বাবে বিহু বিহু লগা ধৰণে তাত ঢোলৰ বাজানাৰ মাজত নেপালী গীত এটাৰ সুৰ এটা লৈ আনিছে বা কেতিয়াবা হিন্দী বোলছবিৰ গীত বিহু বুলি প্ৰচলন কৰি দিছিল। সাংঘাতিকধৰণে সমালোচনাও হৈছিল সেই গীতবোৰৰ আৰু সেইবোৰ নোহোৱা হৈ গৈছে, এতিয়া কাৰো মুখত শুনিবলৈ নাপাওঁ। সাময়িকভাবে, অকণমান সময়ৰ বাবে এটা সস্তীয়াধৰণৰ মনোৰঞ্জনৰ তেওঁলোকে সৃষ্টি কৰিছে। কিন্তু সি স্থায়ী কেতিয়াও হোৱা নাই আৰু স্থায়ী কেতিয়াও হ’ব নোৱাৰে। কাৰণ, জেঠীৰ নেজত যিটো প্ৰাণ থাকে সেইটোতো আচল প্ৰাণ নহয়। সি অলপ সময় ধৰফৰাই থাকে। আমিও ভাবোঁ যে সি বাচি আছে। কিন্তু অলপ সময় পাছতে সি মৰি যায়।

সাহিত্য ডট অৰ্গ: আধুনিক অসমীয়া গীতত পাশ্চাত্য বাদ্যযন্ত্ৰই বিৰূপ প্ৰভাৱ পেলাইছে- কথাটো আপুনি কিমান শতাংশ বিশ্বাস কৰে?

মনজ্যোৎস্না মহন্ত: সৃজনশীল আধুনিক গীতত এনেধৰণৰ blending হ’বয়ে। blending-টোৱে তাৰ মূল কথা। আধুনিক সৃজনশীল গীতৰ এটা নিৰ্দিষ্ট ৰূপ নাই। লোকসংগীতখিনি এটা সুকীয়া ঠাল, ভক্তিগীতখিনি আন এটা সুকীয়া ঠাল। সৃজনশীল গীতখিনি হ’ল যুগৰ আহ্বান, আধুনিক গান। সেইসময়খিনিত সংগীতত যিটো প্ৰভাৱ পৰি থাকে সেই প্ৰভাৱ পৰিবয়ে। কিন্তু আমি যেতিয়া ক’ম অসমীয়া আধুনিক সৃজনশীল গীত, তেতিয়া আমি তাৰ শিপাডাল বিচাৰিম। অসমীয়া সুৰৰ ভিত্তিত হৈছে নে নাই! জ্যোতিপ্ৰসাদ আগৰৱালাৰ সময়ত তেখেতে যেতিয়া ‘শোণিত কুঁৱৰী’ নাটকত “গছে গছে পাতি দিলে” গীতটো তেওঁ সৃষ্টি কৰিলে তেতিয়া তেৱোঁ সাংঘাতিকধৰণে সমালোচনাৰ সন্মুখীন হৈছে। তেওঁৰ গীত গাবলৈ দিয়া হোৱা নাই। তেওঁ দিনে-ৰাতি নোখোৱাকৈ থাকি অভিমান কৰি কৈছে যে মোৰ ‘শোণিত কুঁৱৰী’ নাটখন বাণ ষ্টেজত মঞ্চস্থ হ’বলৈ নিদিওঁ, যদি মোৰ এই নতুন গীত গাবলৈ দিয়া নহয়। ইতিমধ্যে সৌভাগ্যক্ৰমে প্ৰফুল্ল বৰুৱাই আধুনিক গীতৰ বাণীবদ্ধ ৰূপ কৰিছে, মানে ৰেকৰ্ড কৰিছে। গ্ৰামফ’ন ৰেকৰ্ড কৰা যিগৰাকী শিল্পী প্ৰফুল্ল বৰুৱা “ফুল ফুলিলে জোনায়ে হাঁহিলে/ বাঁহীয়ে ধৰিলে তান” (গুণগুণাই) এইবোৰ গান কৰিছিল তেওঁ। তেওঁ কলিকতাৰ পৰা আহি পাইছে। আহি পাই দেখিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অৱস্থা। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাক সমৰ্থন কৰি কৈছে যে এতিয়াহে আমাৰ অসমীয়া সংগীতৰ প্ৰাণ ঘূৰি আহিছে। কিন্তু তাৰ আগলৈকে বঙলুৱা সংগীতৰ প্ৰভাবটো আমাৰ অসমীয়া সংগীতত আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাই আৰম্ভণিতে যিটো নতুনত্ব আৰু পৰিৱৰ্তন আনিছে তাৰ জড়িয়তে সাংঘাতিকধৰণৰ বিপ্লৱ আনিছে, পৰিৱৰ্তন আনিছে আধুনিক সৃজনশীল গীতৰ ক্ষেত্ৰত। তেওঁ কিন্তু পাশ্চাত্য সংগীতৰ সাংঘাতিকধৰণে সমৰ্থন কৰিছে। পাশ্চাত্য সংগীতক যদি আমি অকণমান আধাৰ হিচাপে নলওঁ, তেতিয়াহ’লে কিন্তু আমি একো কৰিব নোৱাৰিম বুলি কৈছে। পাশ্চাত্য সংগীতক তেওঁ ‘নালাগে’ বুলি কোৱা নাই। তেওঁ কৈছে যে ‘কাৰেঙৰ লিগিৰী’ নাটখনৰ গীতত মই পাশ্চাত্যৰ সুৰ ঢালিছোঁ। কিন্তু এনেকৈ তাৰ পাখি কাটি দিছোঁ, সি আৰু উৰি যাব নোৱাৰে। এনেধৰণে blend কৰিছোঁ, এনেধৰণে তাক এটা মন্থিত ৰূপত অসমীয়া সুৰৰ ভিত্তিত সুৰটো তেওঁ তৈয়াৰ কৰিছে, তাৰ লগত blend কৰিছে, পাশ্চাত্য সংগীতৰ সুৰৰ অকণমান ঢালি দিছে। ঢালি দি তাক আৰু মধুৰ কৰি এইধৰণে এটা মন্থিত ৰূপত এটা নতুন ৰূপৰ সৃষ্টি কৰিছে য’ত ক’ব নোৱাৰি যে তাত তেওঁ পাশ্চাত্য সংগীত কৰিছে। নাই কৰা; পাশ্চাত্য সংগীতৰ যিখিনি ল’লে আমাৰ অসমীয়া সংগীতৰ বাধা নহয় বৰঞ্চ সি আৰু সুন্দৰৰূপত প্ৰস্ফুটিত হৈ উঠে সেইধৰণে তাৰ mixing-টো ইমান সুন্দৰধৰণে কৰিছে যে তাত অসমীয়াত্ব হেৰাই যোৱা নাই, নিজস্ব হেৰাই যোৱা নাই। গতিকে নিজৰ মাটিৰ খোপনিৰে যদি বিশ্বলৈ হাতখন মেলি দিয়া যায় তাত ভয় কৰিবলগীয়া একো নাথাকে। কিন্তু নিজৰ মাটিত যদি খোপনিয়ে নাই, নিজৰ শিপাডাল যদি চিনিয়ে নাপাই পাশ্চাত্য সংগীতৰ দৰে এনেই চিঞৰ-বাখৰ কৰি থাকোঁ, তেতিয়াতো সেয়া একো সংগীতেই নহ’ব। আৰু তাকতো আমি অসমীয়া সৃজনশীল সংগীতৰ ধাৰাত নেপেমলাম। সময় এটা এনেকুৱা বস্তু তাক একেবাৰে নিৰ্মোহভাবে এৰি পেলায়। সেইখিনি সময়ত হয়তো সি কিবা এটা প্ৰভাব বিস্তাৰ কৰিছে, আমি ভয় খাইছোঁ, আমাৰ বুকুখন কঁপিছে— ইয়ে ৰাম! বেয়াই হৈ গ’ল নেকি আমাৰ!! কিন্তু কেতিয়াও নহয়। সি একেবাৰে নোহোৱা হৈ যায়। তাত কিন্তু মোৰ বুকু ডাঠ যে আচল সংগীত হোৱা নাই এইটো, পাশ্চাত্য সংগীতৰ পৰা ধাৰ কৰি অসমীয়া শব্দ কিছুমান মাজত ভৰাই দি গান কৰিছে— আমি তাত কেৱল হাঁহিছোঁহে আৰু বৰ নিচিন্তমনে আছোঁ যে অতি সোনকালে ই জেঠী নেজত থকা প্ৰাণৰ দৰে নোহোৱা হৈ যাব।

সাহিত্য ডট অৰ্গ: পুৰণি অসমীয়া গীতসমূহ মনপৰশা আছিল। শুনিলে শুনি থাকিবলৈ মন গৈছিল। তাৰ তুলনাত আজিকালি খুব কম গানহে এনেকুৱা যিবোৰ শুনিলে শুনি থাকিবলৈ মন যায়। ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে?

মনজ্যোৎস্না মহন্ত: এতিয়া সকলোপিনে সহজতে আৰু খুব গা নচুৱাব পৰা ধৰণৰ সংগীতে খুব প্ৰাধান্য লাভ কৰিছে। এতিয়াৰ সংগীত খুব rhythm base। ছন্দত কেৱল নাচি থাকিব লাগে। এইধৰণৰ কথাবিলাককে গান বুলি ভাবিছে। কিন্তু আগৰ গানখিনি আছিল খুব melodious। melody প্ৰধান। আমাৰ এনেয়ো ভাৰতীয় যিটো সংগীতৰ কথা সেইটো খুব melody প্ৰধান। সেইকাৰণে পাশ্চাত্যই যেতিয়া প্ৰাশ্চৰ সুৰ শুনে তেওঁলোকে কিন্তু খুব চেষ্টা কৰে melody-টো গ্ৰহণ কৰিবলৈ। আমাৰ melody-টো তেওঁলোকে খুব ভালপায়। আমাৰ melody প্ৰধান, তেওঁলোকৰ ছন্দপ্ৰধান। কেৱল rhythm-ত কিছুমান সুৰৰ বা harmony প্ৰধান। harmony কৰি থাকে। মানে এটা নোটত একধৰণৰ গীত তেওঁলোকে নাগায়। harmony-টো ভাল পাইছে আজিৰ যুগৰ ল’ৰা-ছোৱালীয়ে আৰু সেইকাৰণে বোধহয় harmony-ৰ পিনে ঢাল খাইছে মনটো। কিন্তু লাহে লাহে আমি আকৌ দেখিছোঁ melody-ৰ পিনে ঘূৰি আহিছে, সি বৰকৈ তিষ্ঠি থকা নাই।

সাহিত্য ডট অৰ্গ: “বহুদিন শুনা নাই জীয়াশিলে কথা কোৱা” – আমিও বহুদিন শুনা নাই মনপৰশা শব্দৰে ভৰা এটি গীত। কেশৱ মহন্তদেৱৰ শব্দৰ যাদুত প্ৰাণঢালি গীত গাইছিল আপুনি। তেনে এগৰাকী গীতিকাৰৰ অভাৱ বৰ্তমানৰ অসমৰ সংগীত জগতখনত অনুভৱ কৰেনে?

মনজ্যোৎস্না মহন্ত: কৰোঁ কৰোঁ। অকল দেউতা বুলিয়ে নকওঁ মই সেইসময়ৰ প্ৰত্যেকগৰাকী গীতিকাৰ, তেওঁলোক প্ৰধানতঃ আচলতে কবি। মই কবি শব্দটো এইকাৰণে কৈছোঁ, তেওঁলোকৰ গীতত যিটো কাব্যিক আবেদন আছে, কবিতা কবিতা লগা যিবোৰ গান সেইবিলাকহে আচলতে গান।সাধাৰণতে আমাৰ এটা ভুল ধাৰণা যে গান মানে ভবা হয় যে তাৰ যিটো সুৰৰ গাঁঠনি সেই সুৰৰ গাঁঠনিটোত কিছুমান শব্দ দিলে সি গান হৈ যায়। অৰ্থাৎ সুৰেই প্ৰধান বস্তু বুলি সাধাৰণতে ভবা হয়। কিন্তু গান এটা অকল সুৰ নহয়, সুৰে গানৰ কথাক প্ৰকাশহে কৰে। গতিকে গানৰ কথা লিখিবলৈ আগৰ মানুহখিনি, দেউতাহঁতে… দেউতাহঁত গীতিকাৰে আছিল। দেউতাহঁত বুলি কৈছোঁ যদিও এইখিনিতে নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, তাৰ আগৰখিনিৰ নাম নল’লোঁৱে; দেউতাহঁতৰ সময়ৰ contemporary খিনিৰ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, হীৰেণ ভট্টাচাৰ্য (আৰু আছে নাম, মোৰ মনলৈ অহা নাই) এইসকল গীতিকাৰ মূলতঃ কবি। সেয়ে তেওঁলোকৰ গীতত ক’ব খোজা কথাটো, লাগিলে সি সৰুৱে হওঁক, তাত এটা বিৰাট বক্তব্য থাকে আৰু সাংঘাতিকধৰণে গভীৰভাবে তাক প্ৰকাশ কৰে। যি কথাই নকওক লাগিলে; দেউতাৰ এটা গান আছে (দেউতাৰ গানে পটকৈ মোৰ মনলৈ আহে বাবে কৈছোঁ) “এডাল দুবৰি বন” দুবৰি বনডালক লৈ লিখিছে, কিন্তু তাত এটা বক্তব্য আছে, কিবা এটা ক’ব খুজিছে। সৰু কথাই কওক। “এডাল দুবৰি বন/ তাৰো যে আছে এটা মন/ সিও যেন কয় কাণে কাণে” কি কয়? “মোৰো দৰে তোৰো হওক সেউজী জীৱন”। এই যে কৈ দিলে “মোৰো দৰে তোৰো হওক সেউজী জীৱন” ঘূৰি আকৌ মনটো দুবৰি বনডাললৈ গুচি যায়। দুবৰিবনডালৰ যিটো সতেজতা, সেই যে সেউজীয়া হওক… সি কিন্তু সৰু; চিৰন্তন হৈ যায় তাৰ ভাবটো। সৰু বস্তু হ’ব পাৰে কিন্তু তাৰো এটা উপস্থিতি আছে। এই যে গোটেই ভাববোৰ মনলৈ আহে আৰু এফালৰ পৰা ভাববোৰে নি নি এনেকুৱা বুকুখন গভীৰ কৰি পেলায়, বুকুখনত এনেকুৱা তোলপাৰ লগাই দিয়ে কথাটোৱে, হাহাকাৰ কৰি দিব পাৰে কথাখিনিয়ে। ভাবি ভাল লাগি যায়। গানটো গুণগুণাবলৈ মন যায় একেকোবে। সেইধৰণৰ যিটো গভীৰতা সেই গভীৰতা এজন গীতিকাৰেহে দিব পাৰে। সেইটো গীতিকাৰজনৰ এটা বিৰাট দক্ষতা। গতিকে মই আজি এটা সুৰ কৰিলোঁ কাৰণে ধুমধাম তাত কিছুমান শব্দ তাত লগাই দি এনেই জোনাক বুলি কৈ, আকাশ বুলি কৈ দিলেতো গান নহ’ব, নহয় জানো! তেনেকৈ নৱকান্ত বৰুৱাৰ এটা গানত তেওঁ কৈছে “মই এটি দিনৰ জোনাকী/ বহি আছোঁ শুকান ঘাঁহত/ ৰাতিৰ সপোন দেখি দেখি” প্ৰত্যেকটো শব্দই বেলেগধৰণৰ। তাৰ পাচত তেওঁৰ ব্যক্তিগত জীৱনটোলৈ গুচি যাবলৈ মন যায়— কিয় কৈছিল এইখিনি কথা, কিয় ভাবিছিল এজন কবিয়ে? “ৰাতিৰ সপোন দেখি দেখি” কম পোহৰৰ অস্তিত্বক লৈ তেওঁ যিটো গৌৰৱ কৰিছে যে “তুলসী তলত যদি অকলেও জ্বলি ৰয় কোমল মাটিৰ এটি চাকি” সিওতো পোহৰ দিয়ে, কিয় লাগিছে মোক ইমান বিৰাট সূৰ্যৰ পোহৰটো! এই যিটো গভীৰতা সেইটো যেতিয়া এবাৰ গীতটোত পোৱা যায় তাৰপাছত সেইবোৰ শব্দ কেতিয়াও মনৰ পৰা ওলাই নাযায়। কোৱা হয় যে কবিতা হ’ল স্মৰণীয় বাক্য। সঁচাকৈ স্মৰণীয়। এবাৰ যদি গানটো গোৱা হয় সি কেতিয়াও মনৰ পৰা ওলাই নাযায়। কিহৰ কাৰণে, নিৰ্বাচিত শব্দেৰে সি মনৰ ভাব এটা প্ৰকাশ কৰি আছে। মনলৈ এটা ভাব আহিছে সেই ভাবটোক প্ৰকাশ কৰিবলৈ তেওঁলোকৰ ইমান সাধনা, শব্দৰ লগত ইমান প্ৰেম তেওঁলোকৰ যে সেই শব্দৰ লগত অনবৰতে খেলি থাকে। খেলি থাকোঁতে থাকোঁতে ভাবটো প্ৰকাশ কৰিবলৈ যিটো উপযুক্ত শব্দ সেইটোহে আহি তেওঁলোকৰ আগত ধৰা দিয়ে। যিটো এনেই হ’ব নোৱাৰে, দিব নোৱাৰে। কাৰণ গভীৰতা নাথাকে বাকী সময়ত। সেইকাৰণে সেই গানটো মনত নাথাকে। ‘এ কি কৈছে কি কৈছে’ শব্দটো… এনেকৈ এহ্ বুলি কৈ ‘না না নি নি’ কৰিহে গাই থোৱা হয় বা যেতিয়া পৰিপক্কতা আহে তেতিয়া ভাবোঁ— ধেৎ তেৰি! এইটো গান গাব নোৱাৰিদেই! লাজ লাগে গানটো গাবলৈ, কিনো কৈছে ইয়াত, একো অৰ্থ নাই, নাগাওঁদেই!’ এইবুলি দ্বিতীয়বাৰ আৰু গানটো গাবলৈ মন নাযায়। ঠিক তেনেকৈ বহুতো গান আছে যিবোৰ এনেই গাই থাকিবলৈ মন যায়। সৰু কথাই কওঁক… মানে মই এইটো কোৱা নাই যে দেউতাহঁতে কিবা বিৰাট ডাঙৰ ডাঙৰ কথা কৈছিল, একেবাৰে সমাজখন পৰিবৰ্তন কৰিবলৈ সাংঘাতিকধৰণৰ কথা কিছুমান কৈছে এনেকুৱা নহয়। সৰু কথাই কৈ আছে, প্ৰাত্যহিক জীৱনৰ একেবাৰে সৰু কথা। “সৰুকৈ বকুল ফুললাহি/ সৰিছে বতাহত দেহি/ বুটলি আনোতা নাই ঐ/ তোৰনো নাই নে আহৰি ঐ/ মোৰো যে কঁকালত গাগৰি ঐ” (গুণগুণাই) —-এইটো গান যেতিয়া শুনিবা, কথাখিনি শুনিলে কেনেকুৱা লাগে? সৰু

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
7 years ago

thanks a lot

Anonymous
7 years ago

খুউব ভাল লাগিল।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক