মোৰ সপোনৰ অসম এক বাস্তৱ অসম (ড° লোচন শইকীয়া)

প্ৰয়াত ৰাষ্ট্ৰপতি ড. আব্দুল কালামে কৈছিল- সপোন দেখা যাক সাকাৰ ৰূপ দিব পাৰি৷

ময়ো সপোন দেখোঁ আমাৰ মানুহকলৈ৷ অসমৰ মানুহ৷ যি নিজৰ আইৰ দৰেই অসমক ভাল পায়, পাব বিচাৰে, পাবও লাগিব৷ আই তই মোক নিজৰ দেহৰ প্ৰতিটোপা তেজ দি গঢ়িলি৷ নিজে নুশুই মোক শুৱালি৷ নিজে নাখাই খুৱালি, তিল-তিলকৈ গঢ় দিলি৷ নিজে খুটি খাব পৰা কৰি তুলিলি৷ জীৱনৰ প্ৰতি মুহূৰ্ত্তত আই তইয়ে মোৰ ভৰষা৷ অকণমান শাৰীৰিক, মানসিক দুখতে আইৰ ওচৰলৈ ঢপলিয়াওঁ৷ আইয়ে চুই দিয়ে৷ দুখ নিজে নোহোৱা হৈ যায়৷ মাতৃত্বৰ মহানতাৰে উদ্ভাসিত আমাৰ সকলোৰে আচল মাতৃ আই অসম৷ আমি সকলোৱে কোৱা সোণৰ অসম৷ আমাক থাকিবলৈ ঠাই দিছে, পানী দিছে. আহাৰ দিছে, নিদ্ৰাৰ সুবিধা দিছে৷ আমাৰ শিপা ইয়াত৷

আমি বাৰু আইক সুধোঁনে মাতৃক মই কি দিছোঁ? প্ৰতিজন অসমীয়াই এই প্ৰশ্ন এবাৰ কৰি চাওক৷ ৰজা, প্ৰজা সকলোৱে এবাৰ নিজকে সুধি চাওক মই বাৰু আইক কষ্ট দিছোঁ নেকি বাৰু? সুদূৰ সিপাৰৰ চাও লুং চ্যুকাফাই আই বুলি গ্ৰহণ কৰি চিৰ যুগমীয়া ছশ বছৰৰ অহম ৰাজ্যৰ গৌৰৱ গাঁথা গাঠি থৈ গ’ল৷ শঙ্কৰদেৱ, মাধৱদেৱ আহিল৷ চাও লুং চ্যুকাফাৰ দৰেই আচাৰ-জাতিভেদ নোহোৱা কৰাৰ প্ৰয়াসেৰে জীবন পাত কৰি গল৷ সুদূৰ পাৰস্যৰ পৰা আহি আজান ফকীৰে মানুহৰ জয়গান গাই গ’ল৷

বৃটিছ আহিল৷ বহুত নিলে৷ বহুত দিলেও৷ ভাল-বেয়া দুয়োটা৷ বৃটিছ গ’ল৷ কৰি থৈ যোৱা ভালখিনি পাই ঠাইতে আমাৰ মানুহে চল-চাতুৰীৰে লৈ থ’লে৷ অসমৰ মানুহে বৃটিছৰ দেখি থকা ভালখিনি দেখিও, শিকি-বুজি ল’বলৈ টান পায়৷ ভাৰতীয় শাসন ব্যৱস্থা আহিল৷ জাপি দিয়া যিকোনো সিদ্ধান্তই সঠিক কেতিয়াও নহয়৷ ইতিহাসে পাত সলালে৷ ভাৰতৰ প্ৰতিখন নৈৰ বুকুৱেদি হিচাব কৰিব নোৱাৰা পানী বৈ গ’ল৷ অসমৰ ইতিহাসত লিখিব খোজা বহু কথা লিখা নহ’ল, বহুত নিবিচাৰিও লিখা হৈ গ’ল৷ ইতিহাসৰ মানচিত্ৰত অসম বুলি মনে ভবা অসমৰ মানচিত্ৰখন ভূমিপুত্ৰৰ নামতে অনেকবাৰ সলনি হ’ল৷ এতিয়া এটা জঁকা আছেগৈ৷

এতিয়াৰ অসমৰ ভৌগালিক পৰিসীমাত উত্তৰে অৰুণাচল প্ৰদেশ, পূবে ম্যানমাৰ, দক্ষিণে নাগাপাহাৰ, মিজোপাহাৰ, মেঘালয়, মণিপুৰ আৰু পশ্চিমে পশ্চিমবঙ্গ, বাংলাদেশক ৰাখি মুঠ মাটিকালি ৭৮, ৪৩৮ বৰ্গকিলোমিটাৰ৷ জনসংখ্যা ২০১১ লোকপিয়ল মতে ৩১, ২০৫, ৫৭৬ জন৷ প্ৰতি বৰ্গকিলোমিটাৰত ৩৯৮ জন৷ শিক্ষাৰ হাৰ ৭২.১৯ শতাংশ (২০১১ পিয়ল)৷ চৰকাৰী ভাষা অসমীয়া৷ তদুপৰি প্ৰচলিত ভাষা বাংলা, বড়ো, কাৰবি, ৰাভা, হাচং, মিচিং, দেউৰী ইত্যাদি৷ শিক্ষানুস্থানত চৰকাৰে জন গাঠনি হিচাবত ত্ৰিভাষিক মাধ্যম ব্যবহাৰ কৰে৷ ৰাজ্যিক ভাষা অসমীয়া যদিও সেইয়া কাৰ্য্যত পৰিণত নাই হোৱা৷ অসমীয়াই নিজেই নিলিখে৷ ইংৰাজীও যি লিখে কাক কম, যাক কম, সিয়ে লথিয়াব লেখীয়া৷

ভাৰতৰ অংগৰাজ্য স্বৰূপে ভাৰতীয় সংবিধানৰ আওতাত ৰাজ্যিক ৰাজনীতিক শাসন ব্যৱ্স্থা চলে৷ তাহানিৰ অসমৰ ভাৱাবেগৰে চিন্তা কৰিলে গঢ়িব খোজা অসমক ভাৰতৰ পৰা পৃথক কৰি ভাবিলে আউল লাগে৷ প্ৰায়েই সমান দৃষ্টিভঙ্গীৰে কেন্দ্ৰই নকৰা বিচাৰ-বিবেচনাবোৰে মনটো বিদ্ৰোহী কৰি তুলে৷ গণতান্ত্ৰিক দেশ হিচাবে ভোটাধিকাৰৰ ভিত্তিত চৰকাৰ গঠন হয় কাৰণে প্ৰতিতো চৰকাৰৰ কূট-কৌশল নিৰ্বাচনমুখী হোৱাৰ বাবে পুৰণা মদ নতুন বটলত ভৰোৱা সংস্কৰণ চলি আছে৷ চৰকাৰ আহে, চৰকাৰ যায়৷ শাসনত বহা কেইজনে চলে-বলে, কৌশলে চৰকাৰ বুলি অভিহিত কৰা শাসন ব্যৱস্থা এটা চলাই নিয়ে৷ শাসনত বহিবলৈ বিচৰা কেইজনে কোনোবা এটা দলৰ নামত ৰণ-কৌশল চলায়৷ ল’ৰা ৰজাৰ দিনত লালুকসোলা বৰফুকনে গদাপাণিৰ কুৱঁৰী জয়মতীৰ ওপৰত পাশবিক অত্যাচাৰ চলাইছিল৷ কোনো এজন প্ৰজাই মাত মাতিবলৈ সাহ গোটাব নোৱাৰিলে৷ মাথোন নীৰৱে প্ৰত্যক্ষ কৰিলে৷ এইয়া অসমৰে ইতিহাস৷ তেতিয়াৰ কথা সুকীয়া৷ তেতিয়া দুজনাৰ পৰা তিনিজনা ৰাজবিষয়াই পাতিব পৰা, ভাঙিব পৰা ৰাজতন্ত্ৰ আৰু এতিয়াৰ গণতন্ত্ৰৰ মাজত বহুত পাৰ্থক্য৷

আমাৰ হাতত এতিয়া ৰজা সলাব পৰা শক্তি প্ৰদান কৰা হৈছে৷ নিজে সতৰ্ক নহলে পাতিলোৱা ৰজাই নিজৰ বিষয়াবৰ্গৰ লগ হৈ দেশ শেষ কৰিব পাৰে৷ কৰিছেও৷ দুৰ্নীতিৰ অজস্ৰ উদাহৰণ এইখন অসমত৷ স্বয়ং ভাৰততেই এতিয়া অজোখ, অলেখ দুৰ্নীতি৷ অসমৰ ইতিহাসে আমাক অনেক উদাহৰণ দিছে য’ৰ পৰা আমাৰ ভুলবোৰ শুধৰাব লাগে৷ নিজৰ কৰণীয়খিনি কৰিব লাগে৷ বৃটিছৰ ‘ভাগ কৰি শাসন কৰা’ৰে ৰূপান্তৰ ভাৰতৰ গণতন্ত্ৰ৷ এই পাশৰ পৰা মুক্তি নাই৷ উপায় এটাই আছে৷ ভাৰতীয় সংবিধানৰ আওতাত থাকিও আমাৰ অসমক আমি গঢ় দিবলৈ আমি নিজৰ আইৰ প্ৰতি, প্ৰতি মূহূৰ্ত্তত সৎ হ’ব লাগিব৷ আমাৰ নিৰ্বাচিত কৰ্ম সুচাৰু ৰূপে কৰিব লাগিব৷ ভাৰতৰ লগত থাকিও আমি অনন্য অসম হ’ব পাৰিম৷ ব্যক্তিগত স্বাৰ্থই অসমৰ স্বাৰ্থৰ সন্মুখত ঠাই পাব নালাগিব৷ মোৰ কল্পনাৰ, সপোনৰ অসমখন মোৰ দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰিছোঁ৷

০০০০ ভূমি ০০০০
শাসন প্ৰণালীৰ অন্যতম শিতান ভূমি৷ ইয়াক মই বেলেগ ধৰণে চাব বিচাৰোঁ৷ আমাৰ বৰ্দ্ধিত জনসংখ্যাৰ আধাৰত প্ৰয়োজানুসাৰে ভূমিৰ ব্যৱহাৰ কিদৰে হৈছে তাৰ এটা সম্পূৰ্ণ সমীক্ষা লাগে৷ কৃষিভূমিৰ এনে তথ্য থকা সমীক্ষাৰ প্ৰতি আঙুলিয়াই দেখুৱাব পাৰোঁ আৰু সেইতো হৈছে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়য়ৰ অন্তৰ্গত Department of Agriculture & Cooperation Directorate of Economics & Statistics এ প্ৰকাশ কৰি উলিওৱা AGRICULTURAL STATISTICS AT A GLANCE 2014৷

অসমত প্ৰয়োজনীয় শস্য উত্পাদন হয়নে? আমাৰ দৈনিক প্ৰয়োজন কিমান? এইখিনি ক’ত উত্পন্ন হয়? কোনে উত্পাদন কৰে? ব্যৱসায় বাণিজ্য হিচাবে কিমান মানুহ কি কি, ক’ত আৰু কিমান কৃষিজাত সামগ্ৰীৰ লগত জড়িত? বিতৰণ প্ৰণালীত কি কি আসোঁৱাহ আছে? কৃষিত জড়িত প্ৰতিজন খেতিয়কৰ মাটিৰ পৰিমাণ কিমান? খেতি মাটিখিনিত বছৰত কেইটা খেতি কৰে? খেতিৰ বাবে পৰ্য্যাপ্ত পানী আছেনে? জলসিঁচা ব্যৱস্থা কেনেকুৱা আৰু কি কৰিব পাৰি? মানুহৰ স্বাস্থ্য ৰক্ষাৰ হেতু সকলো খাদ্য-শস্য উত্পাদন হয়নে? বজাৰ ব্যৱস্থাত বহুতো ত্ৰুটি আছে যিবোৰ খুটিনাতি মাৰি নোহোৱা কৰাৰ বাবে ব্যৱস্থা ল’ব লাগে৷

ভূমি কৰ-কাটল ব্যৱস্থাৰ মই পুণৰ নিৰীক্ষণ হোৱা বিচাৰোঁ৷ এই ভূমিৰ কৰ নীতিখিনি পুণৰাই সাল-সলনি কৰি আমূল সংস্কাৰ কৰা কথা মই ভাবোঁ৷ বনিক শ্ৰেণীৰ হাতত থকা চাহবগিচাবোৰৰ ভূমিৰ কৰ নীতি মই সলাব বিচাৰোঁ৷

এই ভূমিতে হাবিৰ পৰিমাণ, জলভূমিৰ পৰিমাণ, বহুবৰ্ষী খেতি, একবৰ্ষী খেতি, জলাহ ভূমি, মত্স্য উত্পাদন ভূমি আদি সোমাই আছে৷ জৈৱ বৈচিত্ৰতা ৰক্ষা কৰি ভূমি সংৰক্ষণো এটা বৰ জৰুৰী কাম৷ খেতিৰ উপযোগী মাটি খেতি নকৰি পেলাই ৰখাজনৰ বাবে সুকীয়া নিয়মৰো আৱশ্যক বুলি ভাবোঁ৷ খেতিৰ লগে-লগে দুগ্দ্ধ উত্পাদনৰ বাবে গৰু-ছাগলী, মহ পালন, কণী, মাংসাহাৰৰ বাবে হাঁহ-কুকুৰা পালন, পশুপালনৰ লগে-লগে পশুধনৰ বাবে খাদ্য উত্পাদন এইবোৰো আওতাৰ ভিতৰলৈ আহিব৷
বৰ্তমান কৃষি বিভাগ, পশুপালন বিভাগে এইবোৰ কৰিয়েই আছে৷ মই বিচাৰিম পুণৰ নিৰীক্ষণ হওক৷ আমাৰ চলিত ব্যৱস্থাত বহুত আসোঁৱাহ আছে৷

০০০০ শিক্ষা ব্যৱস্থা ০০০০
অসমৰ শিক্ষা ব্যৱস্থাত আমূল পৰিবৰ্ত্তনৰ প্ৰয়োজন আছে৷ শিক্ষা সকলোৰে কাৰণে উপলদ্ধ হৈ উঠা নাই৷ প্ৰয়োজন অনুসাৰে উচ্চ শিক্ষানুস্থান গঢ় লৈ উঠা নাই৷ অসমৰ এক বুজন পৰিমাণৰ ছাত্ৰ-ছাত্ৰী অসমৰ বাহিৰলৈ ওলাই যাবলৈ বাধ্য হয় উচ্চ শিক্ষাৰ বাবে৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কাৰিকৰী শিক্ষাৰ বাবে পৰ্য্যাপ্ত মহাবিদ্যালয় নাই৷ পৰিণতিত এক বিশাল অংকৰ ধন, সময় অসমৰ পৰা বাহিৰলৈ সোঁত বৈছে৷ আমাক প্ৰকৃততে প্ৰতিটো কাৰিকৰী বিভাগত কিমান স্নাতক, স্নাতকোত্তৰ আৰু উচ্চ ডিগ্ৰীধাৰীৰ প্ৰয়োজন সেই হিচাবো দৰকাৰ হৈ পৰিছে৷ শিক্ষাৰ অধিকাৰ সকলোৰে৷ কি পঢ়িব সেইয়া নিজৰ বিচাৰ্য্য৷ চাহিদা আৰু যোগানৰ সামঞ্জস্য নোহোৱা হৈ পৰা এই দিশত ফঁহিয়াই চাবলগীয়া বহু দিশ আছে৷

০০০০ বানপানী ০০০০
অসমৰ বাৰিষা মানেই নৈপৰীয়া মানুহৰ সন্ত্ৰাস আৰম্ভ হয়৷ বানপানীয়ে প্ৰতি বছৰে কিমান ক্ষতি কৰিলে, তাৰ খতিয়ন দি কেন্দ্ৰক কৰা সাহায্যৰ আবেদন মোৰ অকণমানো ভাল নালাগে৷ স্বাধীনোত্তৰ কালত এতিয়ালৈকে প্ৰতিতো চৰকাৰে কিমান ধন পালে, তাৰে কিমান কাম কৰিলে এটা হিচাব কৰিলে কেনে হয়! কৰা কামখিনিৰ স্থায়িত্ব কিমান তাৰ হিচাব এটাও লগতে দিব লাগিব৷ অসমৰ সকলো নৈৰ বুকু বাম হল৷ যিমান পানী নৈয়ে বহন কৰিব লাগে, সিমান নোৱাৰা হ’ল৷ ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য্য একে আছে, বহলতাহে বাঢ়িল৷ বানপানীৰ সমস্যাতো, আগফালৰ পৰা নুযুঁজি পিছপিনৰ পৰা যুঁজা মনোবৃত্তি এৰিবই লাগিব৷ পৃথিবীৰ উন্নত কাৰিকৰী কৌশল আমদানী কৰি হলেও চিৰস্থায়ী সমাধান এটা লাগিবই৷ এইটো বিষয়ত ভালেমান বিশেষজ্ঞ অসমৰ নিজৰে আছে৷ বাৰীৰ ঘাঁহে গোহালীৰ গৰুৰে ৰাশি যোৰা নাহে বোলে কথাষাৰ ভুল প্ৰতিপন্ন কৰিব পাৰিলে মংগল৷

০০০০ শক্তিখণ্ড ০০০০
বিজুলী (শক্তি)বিহীন দেশ এখনে কাহানিও উন্নতিৰ শিখৰলৈ যাব নোৱাৰে৷ মোৰ সপোনৰ অসমৰ এইটোৱেই প্ৰথম হাতত ল’বলগীয়া কাম৷ পৰ্য্যাপ্ত বিজুলী উত্পাদন৷ অসমক বোলে অতি বেছি শক্তি লগা সময়খিনিত ১২০০ কে ভি শক্তিৰ প্ৰয়োজন৷ ইয়াৰে ৭৫০ কে ভি আনৰ পৰা কিনিব লাগে৷ আশা দিছিল ২০১২ত হ’ব৷ এতিয়া কৈছে ২০১৫ ত হ’ব৷ হ’লে ভাল৷ প্ৰাকৃতিক গেছৰ বোলে অভাৱ৷ কিবা বিশ্বাস নোহোৱা কথা কয়৷ অসমত বিভিন্ন নৈ আছে৷ বছৰ জুৰি পানী বাগৰে৷ আগতে হাতত লোৱা কামকেইটা অযোগ্য সকলৰ পৰা কাঢ়ি যোগ্যজনক বাচনি কৰি অতি সোনকালেই সম্পূৰ্ণ কৰা আৰু কাম হাতত লৈ নকৰা কেইজনৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা লোৱা৷ শক্তি উত্পাদন আৰু বিতৰণৰ ক্ষেত্ৰতো কৃষি আৰু শিল্পউদ্যোগক আগভাগ দিয়াতো মোৰ চিন্তা৷

০০০০ যাতায়ত ০০০০
অসমৰ যাতাযত ব্যৱস্থাক এতিয়াও উন্নত বুলি ক’ব নোৱাৰি৷ ৰাষ্ট্ৰীয় পথটোৰ যি বিধ্বস্ত ৰূপ এইবোৰ দেখা মানুহে একোখন ৰাজ্য ও দেশো কিমান শোচনীয় ৰূপত চলি আছে, তাৰহে প্ৰদৰ্শন হয়৷
অসমৰ গড় কাপ্টানী বিভাগৰ অন্তৰ্গত আলিৰ দৈৰ্ঘ্য্য, কিলোমিটাৰত, অক্টোবৰ, ২০০৪
ৰাষ্টীয় ঘাই পথ ২৭৮৭.০০০
অসমৰ নিজা প্ৰাদেশিক পথ ৩২৮১.১৩১
জিলাসমূহৰ অন্য ঘাই পথ ২৬৩৬.৭১০
গাওঁৰ পথ ২৫১৪৮.৩০০
নগৰীয়া পথ ১২৫০.৭১০
(Source: Office of the Chief Engineer, P. W. D., (Roads), Assam )
যাতায়তৰ ব্যৱস্থা সম্পূৰ্ণ নোহোৱাকৈ উন্নতিৰ সোপান গঢ়িব পাৰি জানো! অসমৰ ভৌগালিক পৰিবেশত বাটৰ মাজত নৈ, জান, জুৰি অনেক৷ এই বিলাকৰ ওপৰত সজা, সাজিবলগীয়া দলঙৰ কামো অজস্ৰ৷ কিছু হৈছে, বহুত বাকী আছে৷ সম্পূৰ্ণ বিকাশ নোহোৱালৈকে যাতায়তৰ ক্ষেত্ৰত মই আপোচ কৰিব নিবিচাৰিম৷ জিলা ভিত্তিত মেপ আঁকি তন্নতন্নকৈ দেখুওৱা সমীক্ষা এটা গড় কাপ্টানী বিভাগ মোৰ সপোনৰ অন্তৰ্গত৷
জল পৰিবহনৰ ক্ষেত্ৰতো কৰিবলগীয়া অনেক আছে৷ অকল ব্ৰহ্মপুত্ৰ, বৰাকেই নহয়, অসমৰ আন নৈ সমূহতো যোগাযোগৰ ক্ষেত্ৰত জল পৰিবহন বিভাগে কৰিবলগীয়া ভালেমান কাম আছে৷ এই কামবোৰৰ প্ৰতিটোৱেই জনসাধাৰণক সুবিধাই আগবঢ়াব সেইয়াই নহয়, যোগাযোগৰ লগতে বহুখিনি কৰ্মও সৃষ্টি কৰিব৷ প্ৰতিখন নৈৰ দৈৰ্ঘ্য্য, প্ৰয়োজনীয় ঘাট, পাৰাপাৰ হোৱা গ্ৰাহক(অকল মানুহেই নহয়), মূল পথ সমূহৰ লগত যোগাযোগে সৃষ্টি কৰিব পৰা সম্ভাৱনাই ৰাজ্যৰ অৰ্থভাণ্ডাৰ চহকী হোৱাৰ ইংগিত দিয়ে৷ এইখিনিতেই কৈ ৰাখো, অসমৰ মাটি কোমল৷ ঘাটবোৰ সুচল, স্থায়ী হোৱাৰ দিশতো আগতেই মনত ৰাখি সেইমতে কাম হাতত লব লাগিব৷ এইয়া মোৰ সপোন৷ মোৰ সপোনৰ অসম৷ মোৰ স্বাধীনতা৷

০০০০ পৰ্য্যটন ০০০০
যাতায়তৰ সুব্যৱস্থাই অসম কেইবাখোজো আগবঢ়াই নিব পৰা পৰ্য্যটনৰ দিশতো উন্মোচন কৰিব বিচাৰোঁ৷ অসমৰ পৰ্য্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ অজস্ৰ উত্স আছে৷ জৈৱ বৈচিত্ৰতাৰে ভৰা অসমক বিভিন্ন দৃষ্টিকোণৰ পৰা চাই পৰ্য্যটনৰ আওতালৈ আনিবলৈ বৰ্ত্তমানলৈকে যিমান চৰকাৰ আহিল, তাৰ এটাইয়ো বিশিষ্ট ভূমিকা পালন কৰা নাই৷ আগৰে পৰা থকা কাজিৰঙা, নামেৰী, গিবন, ওৰাং, ভালুকপুং, মানস অভয়াৰণ্য, বিভিন্ন ধৰ্মাৱলম্বী মঠ-মন্দিৰ, দৌল-দেৱালয়, গীৰ্জা, মচজিদ এইবোৰক পৰ্য্যটনৰ দিশত আৰু উন্নতিৰ পৰ্য্যায়লৈ নিয়াৰ বাট খোলা আছে৷ চৰকাৰে প্ৰকাশ কৰা বিভিন্ন আঁচনি এতিয়াও সম্পূৰ্ণ ৰূপায়ণ নহ’ল৷ শিৱসাগৰৰ তলাতল ঘৰটোক লৈ অসমৰ পৰ্য্যটন বিভাগে কোনো স্পষ্টীকৰণো নিদিয়ে৷ কয় পোহৰ আৰু শব্দৰ পৰ্য্যটন৷ তলাতলঘৰৰ সুৰঙ্গ খান্দি পুণৰোদ্ধাৰ কৰি তালৈ কোনো বিদেশী নালাগে দেশীয় পৰ্য্যটকৰ মুকলি কৰা কামতো কেতিয়া শেষ হ’ব জনাৰ কোনো উপায় নাই৷ এনেবোৰ ক্ষেত্ৰত মই কঠোৰ হ’ব বিচাৰোঁ৷ হলা গছত বাগী কুঠাৰ মৰা ব্যৱস্থা নহয়, নতুনকৈ ভাবি আগৰে পৰা থকা শিৱসাগৰ, চৰাইদেউ, কাৰ্বি আংলঙৰ অনেক ঠাই, ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ জৈৱ-বৈচিত্ৰতা, জনগোষ্ঠীৰ সাংস্কৃতিক দিশ সামৰি জন-উত্সৱ, জাতীয় উত্সৱ, নৌকাবিহাৰ, ঐতিহাসিক সমল থকা অনেক ঠাই সকলো লগতলৈ পৰ্য্যটনক নতুন ৰূপ দিয়াৰ মই সপোনো দেখোঁ৷ নিজে কৰিব নোৱাৰো, কি হ’ল? অন্যভাগেও চিন্তা কৰি পাৰি৷ অনেক কৰ্ম সৃষ্টি, অনেক অৰ্থাগম এইবোৰ আমাৰ মানুহৰ বাবেই৷ যিখিনি আছে, সেইয়া কম, আৰু বহুত পাৰি৷

০০০০ সামাজিক বনানীকৰণ ০০০০
(সপোনৰ অন্য এক পট, ২৪ অক্টোবৰত দেখিছোঁ)
যাতায়তৰ সুবিধা কৰি প্ৰতিটো বাটৰ কাষে-কাষে মই গছ ৰুব বিচাৰিম৷ প্ৰতিটো বাট হ’ব অনন্য৷ প্ৰতিটো বাট এবিধ মাত্ৰ প্ৰজাতিৰে ৰোৱা গছ হ’ব, যি প্ৰতিখন ঠাইৰ পৰিচয় নিজেই দিব৷ গাওঁ-ভূই, নগৰ-চহৰ চুই যোৱা বাটৰ পৰিচৰ্য্যা নাগৰিকে নিজেই কৰিব, প্ৰতিৰক্ষাও কৰিব৷ একোখন জিলাৰ পৰিচয়ৰ ই এক সোপান হ’ব৷ আমাৰ হাঁওফাঁওৰ ৰূপ ধাৰণ কৰিব অসমৰ এই গছ-গছনিয়ে৷ পৰিবেশ সলনিৰ যি প্ৰতিকূল সমস্যাৰ কথা কৈ থকা হৈছে, তাক সলনি কৰাৰ অন্য ব্যৱস্থা অস্থায়ী হোৱাৰ বিপৰীতে ই হব অন্যতম স্থায়ী উদাহৰণ৷
মোৰ সপোনৰ অসম লিখনি দীঘল হোৱাৰ সন্দেহত স্বাস্থ্য, যোগাযোগ, শিল্পউদ্যোগ, বিজ্ঞান ও প্ৰযুক্তি, পৰিবেশ, সামাজিক সেৱাখণ্ড এইবোৰ আনলৈ এৰিলোঁ৷

অসম অসমীয়াৰ৷ অসমকলৈ লিখা লিখনি৷ ইয়াত মতামত থাকিবই৷ মই মতানৈক্য নিবিচাৰোঁ৷ সপোন মোৰ স্বাধীনতা৷ মই দেখা সপোনৰ সাকাৰ ৰূপ দিবলৈ মই ৰজা হব পাৰিলেহে চেষ্টা কৰিব পাৰিম৷ সেইটো ইচ্ছা মই সপোনতো নেদেখোঁ৷ অকবলৈ আগবঢ়াই দিয়া লিখনিয়ে ক্ষন্তেক চিন্তাৰ উদ্ৰেক কৰিব পাৰিলেও মোৰ চেষ্টা সফল বুলি ভাবিম৷ জয় মোৰ আই অসম৷ জয় ‘অসমীয়াত-কথা-বতৰা’৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

Good

1 year ago

Rachana likha mur hapunar varat