মৰিগাঁও জিলাত প্ৰচলিত কথিত অসমীয়া – মৰিগঞা লোকভাষাৰ বিষয়ে কিছুকথা : মনোজ কুমাৰ মহন্ত

-‘ক’ক(ত) যা?’

-‘মাছ মাই(ৰি)বা যাং। আ(ৰা)ইজে চাৱণ বিলত জেং মাইছি! যাৱা যিদি যাং যৌ। ‌’

– ‘আই…আহ ঔ !এনেহেন ঠাণ্ডাত ব’কা পানী ঘেলিবালিগি কুণি যাবা এ? ত’য়ে যাহ দে!’

– ‘হয় দে। গ’টেই আ(ৰা)ইজমাসা জেং মাৱিবা যাব পাই, ত’হে ম’ ঠাণ্ডা লাগিছি আক’… মৱিবা ধৱা (মৰিব ধৰা)  ত'(বা জেনী)!’

মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চলৰ দুগৰাকী লোকৰ মাজত নিজৰ কথিত অসমীয়াত কথোপকথনৰ একাংশ এয়া। বাক্যত ব্যৱহৃত শব্দৰ উচ্চাৰণ বন্ধনীৰ ভিতৰত দিয়া বৰ্ণৰ পৰিবৰ্তিত ৰূপ।

অসমীয়াৰ বিভিন্ন কথিত ৰূপ- গোৱালপৰীয়া, কামৰূপীয়া, নলবৰীয়া, বৰপেটীয়া উপভাষা আদিৰ দৰে মৰিগাঁও অঞ্চলত প্ৰচলিত এই কথিত অসমীয়াক মৰিগঞা উপভাষা হিচাপে জনা যায় বা কোৱা হয়। এই উপভাষাটোৰ ভিতৰতেই মৰিগঞা লোকভাষাৰ চহকী শব্দভাণ্ডাৰ পৰিলক্ষিত হয়৷ কিন্তু ভাষাবিদ সকলে এতিয়াও ইয়াৰ প্ৰতি উচিত দৃষ্টি দিয়া নাই বাবেই প্ৰচলিত ৰূপটোৰ লগত অসমবাসীৰ বৰকৈ পৰিচয় নাই বুলিব পাৰি। জিলাখনত পুৰণিকালৰ পৰা বসবাস কৰা প্ৰায় সকলো শ্ৰেণীৰ গ্ৰামীণ লোক আৰু তিৱা জনগোষ্ঠীৰ লোক সকলে বহুলভাৱে অসমীয়াৰ কথিত ৰূপটো ব্যৱহাৰ কৰি আহিছে। কিন্তু বৰ্তমান মৰিগাঁৱৰ নতুন প্ৰজন্মৰ লোকভাষাৰ প্ৰতি থকা হেয়জ্ঞান আৰু ঘৰুৱা কথা-বতৰাত লোকভাষাৰ চৰ্চাৰ অভাৱে ইয়াক বিলুপ্তিৰ দিশৰ ফালে লৈ গৈছে। তদুপৰি এতিয়াও ভাষাবিদ সকলৰ মৰিগঞা  উপভাষাৰ ভিতৰত বিদ্যমান লোকভাষাগত সম্পদবোৰক দিবলগা গুৰুত্বৰ অভাৱে ভাষাটোৰ প্ৰচলন সীমিত হৈ আহিছে। যদিও হালুৱা-হজুৱা, শ্ৰমিক, অশিক্ষিত বোলা লোক সকলেই মৰিগঞা কথিত ৰূপটো আজিও জীপাল কৰি ৰাখি আছে। সেয়ে বোধকৰোঁ শিক্ষিত (!) মৰিগঞা সকলৰ মুখতো নিবিচাৰিলেও অসঁচেতন মুহূৰ্তত লোকভাষাৰ প্ৰয়োগ দেখা যায়। সম্প্ৰতি প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ ড. অৰূপ নাথৰ গল্পত মৰিগঞা উপভাষা আৰু লোকভাষিক শব্দ প্ৰয়োগৰে ভাষাটোৰ পৰিচয় ডাঙি ধৰাৰ এক নিৰলস প্ৰচেষ্টা পৰিলক্ষিত হয়। আৰম্ভণিতে উনুকিয়াই থোৱা ভাল হ’ব এই লেখকৰ ভাষা সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন নাই। এনে পৰ্য্যায়ত লোকভাষাৰ বিষয়ে লিখিবলৈ যোৱাতো মৰসাহৰ বাহিৰে একো নহয়। তথাপি তাহানিৰ পৰা শুনি অহাৰ অভিজ্ঞতা, তাৰ প্ৰতি জন্ম হোৱা টান তথা মৰিগঞা লোকভাষাৰ সাধাৰণ পৰিচয় মূলক লেখাৰ এটাৰ স্বাৰ্থতহে এই লেখা প্ৰস্তুত কৰা হৈছে। সেয়ে লেখাত ভুল ভ্ৰান্তি নাই বুলিব বিচৰা নাই।

অসমীয়া ভাষাৰ বিভিন্ন কথিত ৰূপ সমূহৰ দৰেই মৰিগাঁও অঞ্চলত ব্যৱহৃত এই কথিত ৰূপটোৰ নিজা কিছু একক বৈশিষ্ট্য আছে। তাৰ অলপ আভাস দিবলৈ চেষ্টা কৰা হৈছে। প্ৰথমে শুনাত কামৰূপীয়া বা নলবৰীয়া আদি কথিত অসমীয়াৰ অপভ্ৰংশ যেন লাগিলেও এই ৰূপটোত আছে ভিন্নমাত্ৰাৰ উচ্চাৰণ, সুৰ, শব্দৰ পয়োভৰ। মৰিগঞা লোকভাষাত উচ্চাৰণত অসমীয়াৰ ‘ৰ’ একেবাৰে অনুপস্থিতি বা তাৰ ঠাইত শব্দভেদে ‘অ’ , ‘ই’ আৰু ‘ৱ’ ৰ উচ্চাৰণ কথিত ভাষাটোৰ অন্য এক বৈশিষ্ট্য। ইয়াত ব্যঞ্জন বৰ্ণ ‘শ, স, ষ’ ৰ উচ্চাৰণ কেৱল ‘স’ বুলি কৰা হয়। ‘খ’ৰ সলনি ‘স’ আৰু ‘ও’ বা ‘ো’ কাৰৰ পৰিবৰ্তে ‘ং’ /’ঙ’ ৰ উচ্চাৰণ মৰিগঞা লোকভাষাত সহজে দৃষ্টিগোচৰ হয়। যেনে :
তোৰ> ত’
চৰাই >চআই
বগৰী> বগ’ই
হুচৰি> হুচ’ই
গৰখীয়া> গ’খীয়া
পুৰণি > পুৱণি
গৰু> গঅ

পাখী> পাসী, পাসা
মুখ> মুস
দুখ> দুস

শংখ> সংস
শংকা>সংকা
ষাড়> সা

জোঁৱাই >জঙাই
যাওঁ      > যাং
খালো   >খালং
গলো    >গলং

তদুপৰি শব্দভেদে ‘প’ ঠাইত ‘ফ’ (যেনে: ভাপ> ভাফ, পেলা> ফেলা, খোপা> স’ফা) আৰু ‘ন’ৰ ঠাইত ‘ল’ (যেনে : নাঙল> লাঙন, নেজ>লেজ, চালনী>চানেলী, নোম > লুম) উচ্চাৰণ কৰা হয়। স্থানীয় গৱেষক নাৰায়ণ শইকীয়া দেৱে ইয়াক ধ্বনি বিপৰ্য্যয় বুলি কলেও এনেবোৰ উপাদানে ইয়াক অন্য লোকভাষাৰ পৰা নিলগাই ৰাখিছে। ‘ৰ’ ৰ অনুপস্থিতি আৰু তাৰ পাছৰ ‘পৰা’ পৰসৰ্গৰ অন্যৰূপ ‘পেআ’ , ‘পা’ আদিৰ প্ৰয়োগ লক্ষ্যনীয়।
উদাহৰণ :
-ক’পেআ আহিলি?(ক’ৰ পৰা আহিলি?)
-ঘৱপা আহিলং। (ঘৰৰ পৰা আহিলোঁ। )

কিছুমান শব্দ ক্ৰিয়াবাচক পৰসৰ্গৰ দৰে বহুল ভাৱে ব্যৱহাৰ হয়। যেনে: একা/আকা/কা, দে,না, দিয়ক আদি।
উদাহৰণ:
তই নগলি কা/একা/আকা ?
তই যাবি দে!
সি যাব না?
মই যাং দিয়ক/ খাং দিয়ক।

আনহাতে চতুৰ্থী বিভক্তি ‘লৈ’ৰ পৰিবৰ্তে গেলি/লেগি/লাগি প্ৰয়োগ কৰা হয়। যেনে: মদনক বজাৰক লাগি যাবা দি।
তক গেলি চলাটো আনিছং।

আনহাতে ‘লৈ’ৰ ঠাইত দ্বিতীয়াৰ ‘ক’ ব্যৱহাৰ কৰা হয়। উদাহৰণ:
তই ক’ক যা/যোৱা ?
ঘৰক যাবি না ?

বহুবচন নিৰ্দ্দেশ কৰিবলৈ শব্দৰ পিছত ভোৰ (বোৰ), গিলা, সপা, মাসা আদি যোগ দি বুজোৱা হয়। যেনে:  ছাগেলীভুৰ, চলিসপা, মানুহমাসা আদি।
সময়ক নিৰ্দিষ্ট কৰি বুজোৱা শব্দ
কিছু -ইতিয়া(এতিয়া), তিতিয়া(তেতিয়া), যিতিয়া (যেতিয়া), এথনি (অথনি), আওবেলি (অহাবাৰ), তেজবেলি (যোৱাবাৰ) আদি। অসমীয়াৰ আন আন পৰিচিত কথিত লোক ভাষাৰ দৰে মৰিগঞা লোকভাষাৰো নিজস্ব ঠাঁচৰ বহু শব্দ আছে। তাৰে কিছু দিবলৈ যত্ন কৰা হৈছে। লগতে সোঁফালে বন্ধনীৰ ভিতৰত মান্য অসমীয়াৰ শব্দটো দিয়া হৈছে।

পিৰিতি(ভ্ৰু)
ফাদনি(কৰঙণ)
ক’টি(পোকৰ)
ঠোঠ(ঠোট)
তালুকা(তালু)
চনা/পোৱালি (কেঁচুৱা/শিশু)
জঙাই (জোঁৱাই)
গভিয়া/চপনিয়া (ঘৰ জোঁৱাই)
চেঙেৰা (ডেকা)
মামৰিয়া (মাউৰা)
গেন্দাৰ (গড়)
পিপৰ (পৰুৱা)
গফলি/ফান (চোঁৱৰ)
তেমতিউ (ফেঁচু)
যমতকলা (বৰটোকোলা)
মাছলংকা (মাছৰোকা)
হুচিংকা (ঘৰচিৰিকা)
তেলভকুৱা/চলম (পইতাঁচোৰা)
চকৰি (পখিলা)
পকা/পক(পোক)
অচিৰিঙা (উঁইচিৰিঙা)
ঘুমেইখাইতী (গেদগেদী মাছ)
গৰকা/চেঙেলী(চেংমাছ)
ৰৌ মুনি/ৰৌ মুৱলি (শিঙৰা)
তেঙেৰা (শিঙৰা)
কৰোৱা (কাৱৈমাছ)
আতনা কঠাল (আতলাচ)
লৈটেঙা/ধুপুৰী (পৰামলখী)
মইন টেঙা(কোটকোৰা)
দাৰিয়া (জবা)
কাথিকুঁৰ/বেহাৰি (নয়নতৰা)
তুঁহফুল(নাৰ্জি)
আখুৰ নাৰি (আকাশীলতা)
ভেনজাৰি/ভিজাই (নৰসিংহ)
মেচকুৰি (নুনি)
নেওথনি (মাটি কাদুৰী)
ফালি (গামোছা)
ভাজনি (শিপিনী)
জকৰা ভাত(পঁইতাভাত)
খাইতেল (মিঠাতেল)
এদাং (আধামোন)
এপালা/এপলা (পাঁচসেৰ)
নিমনি (ভাতৰ মাৰ)
জুপজাপ (মুটামুটি হিচাপত)
দঙ/দোঙ (নিজৰা/খাল)
অবৰা (বেঙা)
মৰাহী (আঁউসী)
পুণি (পূৰ্ণিমাৰ জোন)
আটাহ পাৰ (চিঞৰ মাৰ)
যাই থাক (গৈ থাক)
লেলপা (লেৰেলি পৰা)
আদৰি সাদৰি খা(আঠমঙলা খোৱা)
বতৰ পৰা (বৰষুণ দিয়া)
নঞিলং (নোৱাৰিলোঁ)
নৰং/নেদং(নোৱাৰোঁ/নিদো)
নমাইলা (লৰ মাৰিলে )
ভাত জতাইছং (ভাত বাঢ়িছোঁ)
তিৰীবাৰী হ’ (গৃহস্থৰ মৃত্যু হওঁক)
হাগীবতিয়াই যা (কলেৰা হৈ মৰক)

ভাষাবিদ সকলে মেটমৰা শব্দৰ সম্ভাৰৰে ভৰপুৰ হৈ থকা লোকভাষাটোৰ ওপৰত পদ্ধতিগত ভাৱে অধ্যয়ন কৰিলে বিলুপ্ত হ’ব ধৰা কেইবাহাজাৰ অসমীয়া শব্দ বিচাৰি পোৱাৰ থল আছে। যিয়ে অসমীয়া ভাষা তথা সাহিত্যক সমৃদ্ধি কৰিব।

গৱেষক নাৰায়ণ শইকীয়াদেৱৰ মতে ৰাজনৈতিক, সামাজিক আৰু ভৌগোলিক অৱস্থিতি আদিৰ কাৰণত মৰিগাঁও অঞ্চল (এতিয়াৰ জিলা) আৰু ইয়াৰ কাষৰ অঞ্চলত কথিত ভাষাই গঢ় লৈ উঠে। বহুকাল জুৰি কছাৰী ৰজা তাৰপাছত ৰহা,বঘৰা, মায়ং,গোভা আদি পোৱালী ৰজাসকলে ৰাজত্ব কৰাৰ পাছতহে অঞ্চলটো আহোমৰ হাতলৈ যায়। ফলত ভিন্ন ৰাজনৈতিক -সামাজিক পৰিবেশৰ সংমিশ্ৰণত এটি সুকীয়া লোকভাষাৰ ঠাঁচ গঢ় লৈ উঠে। কালক্ৰমত নানা ধৰ্ম , জাতি উপজাতিৰ লোক আহি লোকভাষাত ন-ন উপাদানৰ যোগান ধৰিয়ে আছে। সামগ্ৰিক ভাৱে লোকভাষাটো একেৰূপৰ যদিও কৈৱৰ্ত্য, যোগী, কলিতা, অসমীয়া মুছলমান, ব্ৰাহ্মণ, মহন্ত আদি সম্প্ৰদায় ভেদে সুৰ, লয় আৰু শব্দ আদিৰ প্ৰচলন আছে। ইয়েই মূলতঃ লোকভাষাগত বৈশিষ্ট্য৷ মৰিগঞা লোকভাষাৰ শব্দত প্ৰাচীন অসমীয়া আৰু কামৰূপীৰ প্ৰভাৱ পৰিলক্ষিত হয়। কামৰূপীয়াত বৈষ্ণৱ পুথি, পদৰ শব্দ সম্ভাৰ মিল থকাৰ দৰে মৰিগঞা লোকভাষাতো কথা গুৰু চৰিত আদি পুথিৰ শব্দ সম্ভাৰ আৰু বৈয়াকৰনিক ৰূপ দেখা যায়। যেনে : আতা, আবু, আপি, চেৰি, হালি,কাঠি, লুম, পিপৰ, একা, লৰু আদি।

মান্য ভাষা এটাক ইয়াৰ লোকভাষা, আঞ্চলিক ভাষা (উপভাষা) আদিয়ে বহু পৰিমানে সমৃদ্ধ কৰে। অৰ্থাৎ লোকভাষাৰ বৈচিত্ৰ্যপূৰ্ণ ৰূপ আৰু শব্দ সম্ভাৰ, স্বকীয় উপাদানে মূলভাষাৰ ভেটি মজবুত কৰি তোলে। বিভিন্ন লোকভাষা সমূহৰ বৈশিষ্ট্য সমূহ অধ্যয়ন আৰু বিচাৰৰ জৰিয়তে  মূল ভাষাৰ  মৌলিকতা, ঐতিহাসিক স্থিতি তথা বিস্তৃতি আদিৰ সহজে উমান ল’ব পাৰি। সেই হিচাপে অসমীয়া ভাষাৰ বিভিন্ন কথিত লোকভাষাই মূলভাষাৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰতি অৱদান যোগাই আহিছে। সেয়ে আনবোৰৰ লগতে এই লোকভাষাৰ প্ৰচলন ধৰি ৰখাটো প্ৰয়োজন। তাৰ বাবে মৰিগাঁও জিলা আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চল জুৰি যুগ যুগ ধৰি প্ৰচলিত মৰিগঞা লোকভাষাৰ সমলবোৰ অঞ্চলটোৰ ৰাইজে অৱহেলা নকৰি চৰ্চা কৰি যোৱা যুগুত। ওপৰত তুলি ধৰা আলোচনাৰ পৰা সহজে প্ৰতীয়মান হয় যে এই অঞ্চলত অতীজৰে পৰা প্ৰচলিত মৰিগঞা ভাষাটো নিজা বৈশিষ্ট্যৰ এক স্বকীয় লোকভাষা। অসমীয়া ভাষাৰ গৱেষক, পণ্ডিত সকলেও মৰিগঞা লোকভাষাক যথোচিত গুৰুত্ব প্ৰদান কৰি আগবঢ়াই নিয়া উচিত। নহ’লে অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ আন এক পৌৰাণিক লোকভাষাৰ বৈচিত্ৰ্যময় ৰূপ সময়ৰ সোঁতত বিলীন হৈ পৰিব।

(লেখাটো প্ৰস্তুত কৰোঁতে মূলত: হাতত পোৱাতে থকা গৱেষক, অধ্যাপক নাৰায়ন শইকীয়াৰ ‘মৰিগঞা উপভাষা’ নামৰ  বহুমুলীয়া নিবন্ধটোৰ সহায় লোৱা হৈছে। শব্দ সমূহৰ বেছি ভাগেই নিবন্ধটোৰ পৰা তুলি দিয়া। শইকীয়াদেৱলৈ এই ছেগতে কৃতজ্ঞতা জনাইছোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments