মৰম – ৰঞ্জু শৰ্মা

ৰাতিপুৱা শোৱাপাটি এৰিবৰে পৰা ল’ৰা-ছোৱালীহালৰ দুৰ্বাদল কাজিয়া৷ আজিহে নে, সদায় একেই কাহিনী৷ কাপোৰক লৈ কাজিয়া, খোৱা মেজত ডাঙৰ মাছডোখৰক লৈ কাজিয়া, আনকি ৰাতি মাকৰ লগত কোনজন শুব তাক লৈও কাজিয়া৷ উফ্ অসহ্য আৰু৷ আনদিনা হোৱা হ’লে হালেই ভালকৈ এজাউৰি পালেহেতেঁন৷

আজি পিছে মাকে একো নকয়, শেষবাৰৰ বাবে নয়নভৰি উপভোগ কৰি লৈছে ভায়েক-ভনীয়েকহালৰ মৰমসনা কাজিয়াবোৰ৷ কাইলৈ ৰাতিপুৱাই ছোৱালীজনীৰ জোৰোণ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!