মৰমে মৰম বিচাৰে (ৰূপাংকৰ চৌধুৰী)

ঢলপু্ৱাতে উঠি মহীধৰ বৰুৱা বাৰাণ্ডাখনত বহি আছে। যোৱা ৰাতি তেখেতৰ টোপনি নাহিল। হৰেক ৰকমৰ চিন্তা আৰু অতীতৰ স্মৃতিয়ে হেঁচা মাৰি ধৰিছিল বয়সৰ হেঁচাত সামান্য কুঁজা হৈ যোৱা ওখ-পাখ সভাশুৱনি ব্যক্তি মহীধৰ বৰুৱাক। এইদৰে বাৰাণ্ডাত বহি সন্মুখৰ ৰাস্তাইদি গৈ থকা পথিক সকলৰ ৰেহৰূপ চাই থকাটো বৰুৱাৰ বহুত পুৰণি চখ। বিশেষকৈ ৰাতিপুৱাৰ ব্যস্ততা ভৰা সময়খিনিত- কোনোবাই হাতত মোনা লৈ হাটলৈ গৈছে বা আন কোনোবাই প্ৰায় দৌৰি গৈছে টাউনলৈ যোৱা বাছখন ধৰিবলৈ। কিশোৰীৰ জাক এটা গৈছে হাতত কিতাপ-বহীলৈ, নীলা পাৰিৰ চাদৰ পিন্ধি। সিহঁতৰ ঠিক পিছে পিছে চেঙেলীয়াৰ জাক এটা গৈছে গাঁৱৰ হাইস্কুললৈ বগা চাৰ্ট আৰু নীলা লংপেন্ট পিন্ধি। কণ- কণ শিশু এজাক গৈ আছে কাষৰে প্ৰাইমাৰী স্কুললৈ, হাতত ষ্টীলৰ বাকচ আৰু বাঁহৰ ঢাৰি বা মৰাপাটৰ বস্তা। সৰুৰে পৰা মহীধৰ বৰুৱাৰ এই চখ- বিভিন্ন বয়সৰ মানুহক যিমান পাৰি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা, মানুহৰ মন অধ্যয়ন কৰা।

পিছে আজি সেইবোৰ একো চাবলৈ আগফালৰ বাৰাণ্ডাত বহা নাই মহীধৰ বৰুৱা। প্ৰকাণ্ড চোতালখনৰ সৈতে পিছপিনৰ বাৰীলৈকে প্ৰায় চাৰি বিঘাৰ বস্তি মাটি। মূল ঘৰৰ পৰা ইয়ালৈ উঠি আহিছিল মহীধৰ বৰুৱা। গাঁৱৰ মূল বজাৰৰ কাষতে বিয়াৰ আগে-আগে মাটি কিনিছিল আৰু বিয়াৰ পিছত ঘৰ বান্ধিছিল। বজাৰতে টেন্ট-হাউছৰ দোকান আছে বৰুৱাৰ। সেই অঞ্চলৰ প্ৰায় সকলো ৰাজহুৱা আৰু ব্যক্তিগত উৎসৱ-পাৰ্ৱণত বৰুৱাই টেন্ট-হাউছৰ সামগ্ৰী যোগান ধৰে। নাম থকা দোকান। সকলোৱে সমীহ কৰে বৰুৱাক। যেতিয়া বৰুৱাই বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰিছিল, তেতিয়া এম.এ. পাছ ব্যক্তিক হাতত ধৰি নি চাকৰি দিয়াৰ সময়। কিন্তু বৰুৱাই চাকৰি নকৰিলে। গাঁও এৰি যাবলৈ মন নাছিল বৰুৱাৰ। সেই সময়ত গাঁওৰ সৰু-সুৰা উৎসৱৰ বাবেও চহৰৰ পৰা টেণ্ট-হাউছৰ সামগ্ৰী ভাৰাত আনিব লগা হৈছিল। মহীধৰ বৰুৱাই টেন্ট-হাউছৰ ব্যৱসায় কৰিবলৈ মন কৰিলে। দেউতাকৰ পৰা কিছু ধন লৈ আৰু খেতি মাটি কিছু বন্ধকত ৰাখি আৰম্ভ কৰিছিল এই ব্যৱসায়। সময়ত ব্যৱসায় ঠন ধৰি উঠিছিল। সময়ত কথামতে দেউতাকৰ পৰা লোৱা ধন ঘূৰাই দিছিল আৰু বন্ধকত থকা খেতি-মাটি খিনিও উভতাই আনিছিল।

বাৰাণ্ডাত বহি পুৰণি দিনৰ কথাবোৰ ভাবি থাকোঁতে কেতিয়ানো চোতালত ৰ’দ পৰিল গমেই নাপালে বৰুৱাই। ঠিক তেনেকৈ গম নোপোৱাকৈয়ে গভীৰৰ পৰা গভীৰতম হৈ গৈছিল অনুৰ প্ৰতি থকা বৰুৱাৰ ভালপোৱা। এদিন সেই ভালপোৱাক স্থায়ী ঠিকনা দিয়াৰ উদ্দেশ্যে গাঁৱৰে নাতি দূৰত থকা বিষ্ণু-মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল মহীধৰ বৰুৱা আৰু অনুৰাধাই, ঘৰৰ অমতত। সেই সময়ৰ আৰ্থ-সামাজিক ব্যৱস্থাক বাধাৰ প্ৰাচীঁৰ ৰূপে থিয় কৰাইছিল মহীধৰৰ পিতৃৰ লগতে অঙহী-বঙহী সকলোৱে। মহীধৰৰে দুৰ্কপাল, কলেজত পঢ়ি থাঁকোতেই মাক সিপুৰী পাইছিল। গাঁৱলীয়া পৰিৱেশত থাকিও মাতৃ শীতলা বৰুৱাই পুৰণিকলীয়া সমাজ ব্যৱস্থাৰ বিৰুদ্ধে সময়ে-সময়ে মাত মাতি অহা মহীধৰে সৰুৰে পৰা দেখি আহিছিল। অনুৰাধাৰ ঘৰখন জাতত মহীধৰতকৈ সেই সময়ৰ সমাজ ব্যৱস্থামতে বহুত নিম্ন-স্তৰৰ আছিল। তাৰোপৰি বুজন হোৱাৰ আগতেই অনুৰাধাক ঘৰৰ মানুহে এজন আদবয়সৰ ব্যক্তিলৈ বিয়া দিছিল। বিধিৰ-বিপাক, বিয়াৰ দুমাহ পিছতেই অনুৰাধা স্বামীহাৰা হৈ নিজ ঘৰলৈ উভতি আহিছিল। মহীধৰ তেতিয়া নগৰৰ কলেজত পঢ়ি আছে। কলেজৰ বন্ধত এবাৰ ঘৰলৈ আহোতে দেখিলে এজনী সুন্দৰী কিশোৰী, পিন্ধনত বগা চাদৰ। মাকৰ লগত হাঁহি-ধেমালি কৰি ঢেকীত চাউল খুন্দি আছে। বিচাৰ-খোচাৰ কৰি মহীধৰে গম পালে অনুৰাধাৰ অতীত আৰু বৰ্তমান। দিন যোৱাৰ লগে-লগে বাঢ়ি গ’ল দুৰ্বলতা। ‘অনুৰাধা’ৰ সলনি মৰমত ‘অনু’ বুলি মাতিব পৰা হ’ল মহীধৰে। ‘মহীধৰ ককাই’ গুছি অনুৰাধাৰ মৰমৰ ‘মহী’ হ’ল।

বাৰাণ্ডাত বহি অতীতৰ স্মৃতি ৰোমন্থন কৰি থাকোতে পুত্ৰ অনিৰুদ্ধৰ ফোন আহিল ম’বাইলত। সিহঁতে ইতিমধ্যে নগৰৰ পৰা ওলাই আহিছে। নগৰৰ পৰা মহীধৰ বৰুৱাৰ গাঁৱৰ ঘৰলৈ প্ৰায় দুঘন্টাৰ বাট। আজি দেওবাৰ। ৰাস্তাত ‘জাম’ নাপায় বেছি। বৰুৱাই মনেৰে কিন্তু বিচাৰে, সিহঁতে যাতে ৰাস্তাত ট্ৰেফিক ‘জাম’ পায়। সিহঁতে দেৰিকে আহি পাওক। বৰুৱাই যাতে আৰু বেছি সময় পায়, বিলীন কৰি দিবলৈ নিজৰ মৰমৰ এই ঘৰখনত !

কিমান যে মৰম আৰু আগ্ৰহেৰে সাজিছিল এই ঘৰখন! অনু আৰু মহীৰ সপোনৰ ঘৰ। ‘আসাম টাইপ’ ঘৰটো অনুৰ দিহামতেই সজাইছিল মহীয়ে। ৰত্নে মহাজনৰ দিহা মতেই টাউনৰ পৰা বিহাৰী মিস্ত্ৰী আনিছিল। টাউনৰ বহুতো ধুনীয়া ধুনীয়া ‘আসাম টাইপ’ ঘৰ সজাৰ অভিজ্ঞতা থকা আনচাৰী মিস্ত্ৰীয়ে অনু আৰু মহীক বিমুখ কৰা নাছিল। শাল কাঠৰ মজবুত খুটাৰে ‘আসাম টাইপ’ৰ ঘৰটো নিৰ্মাণ কৰিছিল। মহীধৰ বৰুৱাই সাঁচতীয়া সমস্ত ধন খৰচ কৰিছিল আটোমটোকাৰিকৈ ঘৰটো সাজিবলৈ। পুৱা-সন্ধিয়া উপাসনা কৰিবলৈ সৰুকৈ এটি গোসাঁই-ঘৰ আগচোতালত। বিভিন্ন গছ-গছনিৰে ভৰা বাৰীখন – আম, কঠাল, জাম, মধুৰীআম, জলফাই, অমৰা, ঔ-টেঙা ইত্যাদি। বতৰৰ পাচলি কৰিবলৈ অনুৱে অলপ ঠাই বেৰ দি লৈছিল। বাৰীৰ এচুকত সৰুকৈ এটা পুখুৰী।

মহীধৰ বৰুৱা ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ঘৰৰ প্ৰতিটো কোঠাতেই অনুৰ স্মৃতিবোৰ ঠাহ খাই আছে। সেইটো তেওঁলোকৰ মূল শোৱনিঘৰ। তাতেই ড্ৰেছিং টেবুলখন। টেবুলখন বহুত বছৰ ধৰি পলিচ কৰা হোৱা নাই। ড্ৰেছিং আইনাখনত সৰু-ডাঙৰ বহুত কেইটা ৰঙা ফোঁট এতিয়াও আঠা লাগি আছে। ঠিক যেনেকৈ অনুৰ মৰমবোৰ তেওঁৰ সকলোবোৰ চিন্তাত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ড্ৰেছিং আইনাৰ এচুকত ভঙা চিনটো এতিয়াও তেনেকৈয়েই আছে। অনিৰুদ্ধৰ বয়স তেতিয়া তিনি বছৰ। বেলনাবাৰি মাৰি পঠিয়াইছিল আইনাত নিজৰ প্ৰতিচ্ছবি দেখি। মহীধৰ বৰুৱাই তেতিয়া সেইখন ঠিক কৰিব বিচাৰিছিল। অনুৱে মানা কৰিলে -সেয়া হেনো অনিৰুদ্ধৰ দুষ্টালিৰ স্মৃতি। চৰাঘৰৰ চোফা ছেট দক্ষিণ পাৰৰ পৰা আনিছিল। চেগুন কাঠৰ। সেয়াও অনুৰ দিহা মতে গঢ়োৱা হৈছিল। পুৰণি এই ডিজাইনটো আজি-কালি নতুনকৈ জনপ্ৰিয় হৈছে। সেইদিনা একেই ডিজাইনৰ চোফা ছেট নগৰৰ ডাঙৰ ফাৰ্নিচাৰৰ শ্বো-ৰূমৰ পৰা আনিছিল অনিৰুদ্ধ আৰু বোৱাৰীয়ে। সেইদিনা বৰুৱাৰ বৰকৈ অনুলৈ মনত পৰিছিল। বৰুৱাৰ দুচকুৰে অশ্ৰু নিগৰিছিল বহুপৰ।

অনু নাই। যোৱা সাত বছৰ ধৰি ‘অনু’হীন জীৱন কটাইছে মহীধৰ বৰুৱাই! বৰুৱাৰ মৰমৰ পত্নী অনুৰাধাক বহু চেষ্টা কৰিও বচাব নোৱাৰিলে চিকিৎসকে। নগৰৰ চিকিৎসকেও হাত দাঙি দিছিল। পুত্ৰ অনিৰুদ্ধই দিল্লী বা ভেল্লোৰলৈ নিয়াৰ কথা ভাৱিছিল। তাৰ আগতেই অনু সিপুৰী পালেগৈ। মহীধৰ বৰুৱা বহুদিনলৈ বাকৰূদ্ধ হৈ পৰিছিল। মৰিশালিৰ দৰেই নীৰৱতাই ছানি ধৰিছিল তেওঁলোকৰ মৰমৰ ঘৰখন। মাকৰ দহা-কাজ নিয়াৰিকৈ পালন কৰি অনিৰুদ্ধ চাকৰিত জইন কৰিবলৈ নগৰলৈ গৈছিল। দেউতাকৰ সমগ্ৰ দায়িত্ব লগুৱা ভদেৰ ওপৰত দি গৈছিল। ভদেয়ে সাজি দিয়া ভাতৰ কাঁহী তেনেকৈয়ে পৰি ৰৈছিল বৰুৱাৰ কোঠাত, নোখোৱাকৈ। পিতৃৰ এই মানসিক অৱস্থা সহ্য নহ’ল অনিৰুদ্ধৰ। একপ্ৰকাৰ জোৰ-জবৰদস্তিকৈ মহীধৰ বৰুৱাক লৈ গ’ল নগৰৰ ফ্লেটলৈ। অনিৰুদ্ধৰ এটাই ইচ্ছা- মৰম আকলুৱা দেউতাকক যেন কিছু হ’লেও মৰমৰ উমেৰে জীপাল কৰি ৰাখিব পাৰে।

বোৱাৰী, অনিৰুদ্ধ আৰু তেওঁলোকৰ একমাত্ৰ সন্তান ৰিচা। ৰিচা ক্লাছ নাইনত পঢ়ে নগৰৰ কনভেন্ট স্কুলত। মহীধৰ বৰুৱাৰ সেৱা-শুশ্ৰূষাত কোনো ধৰণৰ কৃপণালি নকৰে আটাই কেইজনে। অনুৰ মৰমৰ অভাৱ পূৰ কৰিবলৈ পুত্ৰ-বোৱাৰী আৰু নাতিনীয়েই অশেষ চেষ্টা কৰিছে বৰুৱাৰ লগত। বৰুৱাই খাই ভালপোৱা মাছৰ টেঙাৰ আঞ্জা ৰান্ধিছে বোৱাৰীয়ে। চিকিৎসকৰ বাধা সত্তেও খাহীৰ মাংসৰ তেলেৰে মাহৰ দালি ৰান্ধি খুৱাইছে। অনিৰুদ্ধই অফিচৰ কাৰোবাৰ হতুৱাই আনিছে বৰুৱাৰ প্ৰিয় এঠা দৈ। বন্ধৰ দিনত ফুৰিবলৈ লৈ গৈছে বিভিন্ন ধৰ্মীয় স্থানবোৰলৈ। মুঠতে যিমান পাৰে মৰম আৰু ভালপোৱাৰে ওপচাই ৰাখিছে পিতৃ মহীধৰ বৰুৱাক। বৰুৱাইও একপ্ৰকাৰ বিলাসী জীৱন-যাপন কৰিছে পুত্ৰৰ ফ্লেটত। কিন্তু তথাপি যেন কৰবাত কিবা এক খালি খালি অনুভৱ হয়। কৃত্ৰিমতাৰ প্ৰভাৱ বিচাৰি পায় কেনেবাকৈ বৃদ্ধত্বৰ বাবে চকুৰ শকতি কমি অহা মহীধৰ বৰুৱাই। মনে যেন উৰা মাৰে গাঁৱৰ ঘৰখনলৈ। বৰুৱা আৰু পত্নী অনুৰ মৰমৰ ঘৰখনলৈ!

বৰুৱা নগৰলৈ অহাৰ পিছত গাঁৱৰ ঘৰখন এৰাবাৰী হৈছে। মাজে-মাজে অনিৰুদ্ধই গৈ লগুৱা ভদেৰ হতুৱাই চাফা কৰায়। পত্নীৰ স্মৃতিয়ে বেদনা দিব বুলি ভাবিয়েই অনিৰুদ্ধই পিতৃক লগত লৈ নাহে গাঁৱৰ ঘৰলৈ। অনিৰুদ্ধৰ চিনাকী এজন ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে অনিৰুদ্ধহঁতৰ গাঁৱত ঘৰে-মাটিয়ে বিচাৰি আছিল। তাতে তেখেতে এটা কাৰখানা খুলিব। অনিৰুদ্ধহঁতৰ মানে মহীধৰ বৰুৱাহঁতৰ গাঁৱখন এতিয়া সৰু চহৰলৈ ৰূপান্তৰিত হৈছে। গাঁৱত এনেয়ে পৰি থকা ঘৰ-মাটিখিনি সেই ব্যৱসায়ীজনৰ তাত বিক্ৰী কৰি দিয়াৰ কথাটো পিতৃ মহীধৰ বৰুৱাৰ লগত আলোচনা কৰিছিল অনিৰুদ্ধই।

মহীধৰ বৰুৱা মান্তি হৈছিল এটা চুক্তিত। এটা দিন অকলে তেখেতক পাৰ কৰিবলৈ দিব লাগিব তেওঁৰ আৰু অনুৰ মৰমৰ ঘৰখনত। তেওঁ শেষবাৰলৈ তাত বিজড়িত হৈ থকা মৰমবোৰ ওচৰৰ পৰা জুখি চাব। জুখি চাব তেওঁ- পুত্ৰ-বোৱাৰী আৰু নাতিনীৰ মৰমৰ ভৰত কিবা কাৰণত কমি যোৱা নাইতো, অনুৰ প্ৰতি থকা তেওঁৰ ভালপোৱাবোৰ আৰু মৰমবোৰ!

যোৱাকালি সন্ধিয়াৰ পৰা অকলে আছে বৰুৱাই নিজৰ মৰমৰ ঘৰখনত, শেষবাৰৰ বাবে। অনিৰুদ্ধই থৈ যাম বুলি কোৱাত মানা কৰি নিজেই লাইন বাছত আহিছিল নগৰৰ পৰা। মাজতে ভদেয়ে নিজৰ ঘৰতে ৰান্ধি টিফিনত লৈ আহিছিল ভাত-দাইল-তৰকাৰী আৰু বৰালি মাছৰ আঞ্জা। চোতালত ভৰি দিয়াৰে পৰা বৰুৱাৰ দুচকু ভৰি আছে। নিগৰি গৈছে অশ্ৰু বেদনাৰ। ইমান দিনে চেপা মাৰি ধৰি ৰখা আবেগবোৰ বাহিৰ হৈ আহিছিল প্ৰতি টোপাল অশ্ৰুত। গোটেই নিশা উজাগৰে থাকিল মহীধৰ বৰুৱা। অনুৰ মৰমৰ ব্যাপকতাই মহীধৰ বৰুৱাৰ সমগ্ৰ সত্তাক আৱৰি আছে। এইঘৰ খন যেন অনু আৰু মহীৰ চেনেহৰ ঠিকনা! মৰম আকলুৱা মহীৰ মৰমে যেন এতিয়াও অনুৰেই মৰম বিচাৰে!

ঘৰৰ বাহিৰত গাড়ীৰ হৰ্ণৰ শব্দ। অনিৰুদ্ধ আৰু ব্যৱসায়ীজন আহিছে। ব্যৱসায়ীজনে সাজু কৰি অনা দলিলত চহী কৰি গ’ল দেখুৱাই যোৱা মতে, কঁপা কঁপা হাতেৰে মহীধৰ বৰুৱাই। শোৱনিঘৰৰ আলমিৰাত থকা অনু আৰু তেওঁৰ বিয়াৰ পিছ মূহুৰ্তৰ উৱলি যোৱা বন্ধা ফটো এখন বুকুত সাৱটি লৈ আহিল বৰুৱাই। ব্যৱসায়ীজনক অনুচ্চ স্বৰত ক’লে মহীধৰ বৰুৱাই- ‘ঘৰটো মৰমেৰে ৰাখিব। বহুত মৰমত সাজিছিলোঁ মই আৰু মোৰ পত্নী- দুয়ো মিলি।’

পুত্ৰ অনিৰুদ্ধক বৰুৱাই ক’লে- “ব’ল বোপা। ইয়াত বেছি দেৰি থাকিলে মোক ওভতাই নিব নোৱাৰিবি তই। এয়াইতো মোৰ আৰু অনুৰ মৰমৰ ঠিকনা। মোৰ মৰমে এতিয়াও তোৰ মাতৃৰ মৰম বিচাৰি ফুৰে য’তে-ত’তে!”

Top of Form

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments