মৰমী চেলুন (এক মিনিটৰ গল্প) – নিকুঞ্জ কাশ্যপ

বি.এ টো পাছ কৰিলোঁ৷ ইউনিভাৰ্ছিটিৰ মুখ দেখা নহ’ল৷ পিতাইয়ে কৈছিল মাটি ডৰাকে বন্ধকীত দে৷ মই মানা কৰিলোঁ৷

তহঁতক লঘোনত ৰাখি মই ডিগ্ৰী ডাল নলওঁ দে৷
মোৰ আকৌ সৰুৰেপৰাই বৰ লাজ৷ নহ’লেনো আব্দুল কালামৰ দৰে পেপাৰ বেছি পঢ়াৰ খৰচটো উলিয়াব নোৱাৰোনে? এইবোৰ চব বাহানা৷ ইচ্ছা থকা হ’লে মই ইউনিভাৰ্ছিটিৰ পঢ়াৰ খৰচ যিকোনো প্ৰকাৰে উলিয়াব পাৰিলো হয়৷
বাৰু যি কি নহওক চাকৰিৰ পিছতো দৌৰিলোঁ৷ মনৰ ধাৰণা চকিদাৰ, পিয়ন যিকোনো এটা পালেই হয় আৰু৷ পিছে নহ’ল৷ ইপিনে বামুণৰ ঘৰত জন্ম ল’লোঁ৷ নাঙলৰ মুঠিত ধৰিব নাপায়৷ পিতাইৰ বয়সো লাহে লাহে বাঢ়িল৷ ঘৰখনৰ অৱস্থাও কমজোৰ হ’ব ধৰিলে৷ এইদৰে থাকোঁতে থাকোঁতে লাজতে আধা জীৱন গ’ল৷ শেষত নিজৰ ওপৰতে প্ৰশ্ন উঠিল৷ আকৌ লাজ লাগিল এইবাৰ পিছে কৰ্মৰ ওপৰত নহয় নিজৰ ওপৰতহে৷
টাউনত গৈ সৰু ৰুম এটা ভাড়াত লৈ ল’লোঁ৷ মৰমীয়ে ক’লে কাম বিচাৰি নাপালা আৰু এতিয়া নাপিত হ’বা? তাইৰো বোধহয় লাজ লাগিল৷ মোৰ খঙ উঠিল৷ সেইদিনাই গ’ল ভালপোৱা৷ পিছে মোৰ লাজটো মৰিল৷ তাইৰ নামতেই চেলুনখনৰ নাম দিলোঁ “মৰমী চেলুন“৷ এতিয়া মোৰ উপাৰ্জনো যথেষ্ট ভাল৷ এটাৰ ডাঢ়ি- চুলি কাটিলেই পঞ্চাছ টকা পাওঁ৷ দিনত প্ৰায় চাৰিশৰ ৰ পৰা পাঁচশ থাকেগৈ৷ আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল মোৰ লাজটো যে মৰিল আৰু ঘৰখন বাচিল৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments