মৰমৰ অত্যাচাৰ (শাৰদা শ্ৰেষ্ঠ)

মৰমৰ অত্যাচাৰ

 

শাৰদা শ্ৰেষ্ঠ

 

আমি প্ৰত্যেকেই জীৱনত কেতিয়াবা কোনো কোনো ক্ষণত মৰমৰ অত্যাচাৰৰ বলি হ’বলগীয়া হয়। মই নিজেও কেইবাবাৰো এনে অত্যাচাৰৰ বলি হৈছোঁ। তেনেকুৱা পৰিস্থিতিৰ কথা মনত পৰিলে আজিও এক অজান পুলকত পুলকিত হৈ উঠে মন প্ৰাণ। মোৰ জীৱনত ঘটা তেনে দুটামান ঘটনা ব্যক্ত কৰিবলৈ ওলাইছোঁ।

আমাৰ চুবুৰিতে এগৰাকী শিক্ষয়ত্ৰী অকলে বাস কৰিছিল। তেখেত এগৰাকী সহকাৰী শিক্ষয়ত্ৰী আছিল। মোৰ সৰু মাহী তেখেতৰ সহকৰ্মী হোৱা হেতুকে তেখেতৰ লগত আমাৰ এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। মানুহগৰাকীক আমি জেঠাই বুলি মাতিছিলোঁ। জেঠাই কেতিয়াবা আমাৰ ঘৰলৈ আহিছিল আৰু আমিও কেতিয়াবা তেখেতৰ ঘৰলৈ গৈছিলোঁ। মহিলাগৰাকী যথেষ্ট পৰিপাটি আৰু নিয়মানুবৰ্ত্তী আছিল। তেখেতক তেখেতৰ স্কুলৰ ছাত্ৰীসকলে যথেষ্ট শ্ৰদ্ধা ভক্তি কৰিছিল। তেখেত ঘৰৰ বাহিৰত থকা দেখিলে, সেই বাটেৰে তেখেতৰ ছাত্ৰী সততে ঘূৰি ফুৰিবলৈ ভয় কৰিছিল। ধকধকীয়া বগা মেখেলা চাদৰেৰে তেখেতৰ কোমল অথচ দৃঢ় মুখাবয়ব মোৰ আজিও মনত আছে। মই তেতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী। বিধবা জেঠাইৰ দুজন পুত্ৰ যদিও জেঠাই অকলে থাকে। কেতিয়াবা অসুখ হলে, মই তেখেতৰ লগতে ৰাতি থাকি দিছিলোঁগৈ। তালৈকে কিতাপ পত্ৰও লৈ গৈ পঢ়িছিলোঁ, তেখেতে মোৰ পঢ়াখিনিও মাজে মাজে চাই দিবলৈ এৰা নাছিল। মই এদিন সন্ধিয়া জেঠাইৰ তালৈ গ’লো খবৰ কৰিবলৈ।জেঠাইৰ গা অসুখ বাবে এজনী দহ বাৰ বছৰীয়া ছোৱালী লগত ৰাখিছিল। মই গৈ দেখিলো তাই মাছ বাছি আছে, মাছটো ডাঙৰেই আছিল; বোধহয় ৰৌ মাছ, মই মাছ ভালকৈ চিনি নাপাওঁ, আজিও। মোক দেখি জেঠায়ে ক’লে-“তই আহিলি ভালেই হ’ল, পাৰ যদি তইয়েই ৰান্ধ আজি। কমলাক(সেই ছোৱালীজনীৰ নাম)মই পাকঘৰত কাম কৰিবলৈ এতিয়ালৈকে দিয়া নাই,তাই সৰু ছোৱালী। তাই তোক যোগাৰ বিলাক দিব তই ৰান্ধিলেই হ’ল’’। মই সৰুৰে পৰাই মাছ নেখাইছিলো, সেয়ে কোনোদিন মাছ ৰান্ধি পোৱা নাছিলোঁ, ৰান্ধি পোৱাটো দূৰৰে কথা, হাতেৰে নুচুইছিলোঁও। সঁচা কথা ক’বলৈ গ’লে আজিলৈকে ৰান্ধিও পোৱা নাই। জেঠাইৰ ঘৰত সেইদিনাই মাছ ৰন্ধা মোৰ জীৱনৰ প্ৰথম আৰু শেষ অভিজ্ঞতা। কিন্তু মই জেঠাইক মাছ ৰান্ধিব নাজানোঁ বুলি ক’ব নোৱাৰিলোঁ। ইমান আন্তৰিকতাৰে মোক দায়িত্ব এটা দিলে মই বাৰু কেনেকৈ নোৱাৰোঁ বুলি কওঁ! মাক মাছ ৰন্ধা দেখিছিলোঁ, কি কি যোগাৰ লাগে জানিছিলোঁ, গতিকে পাছ নোহোঁহকিলোঁ। কিন্তু মাছখিনি ভাজিবলৈ লৈ দেখিলো মাছৰ ওপৰৰ ছালখন এৰাই গৈ বগা হৈ পৰিল, মই সাংঘাটিক ভয় খালো সেয়া কি হ’ল বুলি। ভজা মাছবোৰ চোন মই ৰঙচুৱাহে হোৱা দেখোঁ, এয়া যে বগা পৰিছে! মই ওচৰতে থকা কমলাক সুধিলোঁ, “মাছবোৰৰ চালবোৰ এৰাই গৈছে যে কিয়?” তাই সহজভাৱেই ক’লে, “তেলত দিলে বাকলিখিনি এৰাই যায়েই।” তাই জানিয়েই তেনেকৈ কৈছিল নে নজনাকৈয়ে তেনেকৈ কৈছিল মই নাজানিলোঁ, তথাপি মোৰ সাধ্যানুসৰি ৰান্ধিলোঁ। মই পেটে পেটে বৰ ভয় খাইছিলোঁ, জেঠায়ে নিশ্চয় সোৱাদ নাপাই মোক বেয়া পাব, ৰান্ধিবও নাজানে বুলি। সিদিনা মই নিজে অৱশ্যে মাছ নাখালোঁ, গতিকে কেনে হ’ল তাক মই গম নাপালোঁ। কিন্তু মাছৰ আঞ্জা খাই সিদিনা জেঠাই বা কমলা কোনেও কোনো ধৰণৰ অসন্তুষ্টি নেদেখুৱালে। ময়ো ভয়তে নুসুধিলোঁ, কেনে হ’ল খাবলৈ বুলি। আকৌ আন এদিনৰ কথা, মই দুপৰীয়া ঘৰতেই ভাত পানী খাই আজৰি হৈ চিধাই জেঠাইৰ ঘৰ ওলালোগৈ, খবৰ লৈ আহোঁ বুলি । মোৰেই ভাগ্য নে দুৰ্ভাগ্য ক’ব নোৱাৰোঁ; জেঠায়ে কাঁহী দুখন উলিয়াই কমলা আৰু নিজলৈ বুলি ভাত বাঢ়িবলৈ লৈছিলহে, হাজিৰ হ’লোগৈ নহয় মই। মোক দেখি জেঠাই উৎসাহিত হৈ উঠিল ক’লে, “অ’, সাৰদা তই আহিলি, ভালেই হ’ল দে। তয়ো বহ ভাত খাহি। মই কলো, “মই এইমাত্ৰ ভাত খায়েই আহিছোঁ, আপোনালোকে খাওক।” নাই তেখেতে মোৰ কথা নুশুনেই, কাঁহী আৰু এখন আনি ভাত বাঢ়িবলৈ ল’লেই। আকৌ ৰান্ধিছে সিদিনাও মাছ! মাছ নহ’লে ভাত হেনো ডিঙিৰে নসৰকেই! মই মহা আপত্তি কৰিলোঁ, এফালে পেট ফুল তাতে আকৌ মাছৰে খাব লাগিব। মই বাৰে বাৰে নাখাওঁ নাখাওঁ কৰাত তেখেতে কান্দিয়েই পেলালে, ক’লে – “তই মোক বেয়া পাৱ! মোক ঘিণ কৰ!” “তেনেকৈ কিয়নো কয় আপুনি, মইনো বাৰু আপোনাক বেয়া পাম কিয়? আপোনাক বেয়া পালে আহোনে দৌৰি দৌৰি খবৰ কৰিবলৈ?” – মই ক’লো । তেখেতে কিন্তু নেৰিলে, ক’লে – “মই ৰন্ধা তেনেহ’লে তই কিয় নাখাৱ? খা একো নহয়, অলপ খাব পাৰিবি।” মই মহা বিমোৰত পৰিছিলোঁ, মানুহজনীক ভাত খোৱা পৰতে আহি অযথা কষ্ট দিলোঁ। উপায় নাপাই সিদিনা তেখেতৰ মৰমৰ অত্যাচাৰৰ ওচৰত হাৰ মানি, জীৱনত প্ৰথমবাৰৰ বাবে মাছেৰে ভাত খালোঁ। স্ফূৰ্তিত হাঁহিম নে খঙে দুখে কান্দিম ঠাৱৰ কৰিব পৰা নাছিলোঁ সেই মুহূৰ্ত্তত। মোৰ অৱস্থা কি হৈছিল সিদিনা, মোৰ বাহিৰে কিজানি কোনেও উপলব্ধি কৰিব নোৱাৰিব। জেঠাই আজি নাই, কিন্তু আজি জেঠাইৰ মৰমৰ অত্যাচাৰ বোৰ মনত পৰিলে এক বুজাব নোৱাৰা আনন্দত মন ভৰি উঠে।

আন এবাৰৰ ঘটনা। এইবাৰৰ ঘটনাৰ নায়ক কাহিলীপাৰাত থকা মোৰ মহা। মোৰ মহায়েও মানুহক খুৱাই বৰ ভাল পাইছিল। তেনেকৈ যে কেতিয়াবা মানুহক অত্যাচাৰো কৰা হয়, তাক তেখেতে কেতিয়াও ভাবি নাপাইছিল। এবাৰ মই গৈ ওলালোঁ, ৰাতিপুৱা। মাহীৰ ঘৰলৈ গ’লে সাধাৰণতে তাতেই ভাত সাজ খোৱা হয়। মহাই সাধাৰণতে পাকঘৰত কাম নকৰে। সেইদিনা মহাই নিজেই নিজৰ খুচিৰে ৰান্ধিছে ডাঠা শাক, বিলাহী আৰু সৰিয়হৰে নিজৰ পছন্দ মতে। মই খোৱা বোৱাত সৰুৰে পৰা বেয়া, ভালেমান শাক পাচলি মোৰ খোৱা লিষ্টৰ বাহিৰত। মই ভাত খাবলৈ বহিলোহে, মহাই মহা আনন্দেৰে বিলাহী-সৰিয়হ দি ৰান্ধা ডাঠা শাক ভজা লৈ আহি মোৰ পাতত দি ক’লে, “খাই চোৱা আজি মই ৰান্ধিছোঁ।” শাকভজা যে সোৱাদেই হৈছে, তাক তাৰ চেহেৰাই কৈছিল। কিন্তু ডাঠা শাক বুলিলেই মই সাত জাপ মাৰো…মোৰ যেন ডিঙি বেজবেজাই উঠে। মাহঁতৰ গালি খাই কেতিয়াবা সামান্য মুখত দিওঁ যদিও মোৰ ডিঙিৰে খুউব কষ্টেৰেহে সৰকিছিল। মহাই মহানন্দেৰে আগবঢ়াই দিয়া শাক ভজাখিনি দেখিয়েই মোৰ মূৰটো ঘূৰাই গ’ল। মই কৰুণ কাতৰ ভাবেৰে মহালৈ চাই ক’লো, “মই ডাঠাশাক নাখাওঁ, ভাল নালাগে”। মই কথাখিনি কৈ শেষ কৰিবই নোৱাৰিলো। মহাই ক’লে, ‘‘আৰে, এবাৰ খাই চোৱা। তাৰ পাছত কবা…হে হে হে…।’’ মহাৰ মুখত বিশ্বজয়ৰ হাঁহি। মহাৰ মৰমৰ অত্যাচাৰক আওকাণ কৰাৰ সাহসো মোৰ নাছিল।অগত্যা, খাবলৈ চেষ্টা কৰিলোঁ। বিশ্বজয়ৰ হাঁহি মুখত ওলোমাইলৈ মহাই মোক সুধিলে, “কেনে হৈছে….?” মহাৰ প্ৰশ্নৰ উত্তৰত ভাল হৈছে বুলি ক’বলৈ মই বাধ্য। পেটে পেটে মোৰ মহাৰ ওপৰত খংটো উঠিছিলেই নিজৰ ওপৰতো খং উঠি আহিছিল, বান্দৰেনো কি বুজে নাৰিকলৰ মোল! মহা এটা সময়ত আমাৰ কাষৰ পৰা উঠি গ’ল, সেই সুযোগৰ সদ্ ব্যৱহাৰ কৰি বাকী থকা শাকখিনি মোৰ ভনীজনীৰ পাতত দি দিলোঁ, মনে মনে বৰ শান্তি পালো….. বাচিলোঁ! অলপ পাছতে মহা আকৌ ঘূৰি আহিল, দেখিলে মোৰ পাতৰ শাক শেষ ! মহা বোধহয় উৎসাহিত হ’ল, তাৰমানে শাক নোখোৱা ছোৱালীয়ে খাই তৃপ্তি পাইছে! তাৰমানে তেখেতে ৰন্ধা শাক যথেষ্ট সোৱাদ হৈছে!! পলম নকৰি আকৌ আনি বাকি দিলে শাক অলপ মোৰ পাতত। সিদিনা মোৰ ব্যথা কেৱল মোৰ ভনীজনীয়েহে বুজিছিল, যদিও মনে মনে মোৰ অৱস্থালৈ চাই পৰম কৌতুক অনুভব কৰিছিল।

আকৌ আন এদিনৰ ঘটনা। তেতিয়া মই চাকৰিত সোমোৱা বেছি দিন হোৱা নাই। মোৰ কামত মই ব্যস্ত হৈ আছিলোঁ। এনেতে, মোৰ কাৰ্য্যালয়লৈ সোমাই আহিল মহা, মোৰ খবৰ ল’বলৈ। মহাৰ লগত তেখেতৰ বোৱাৰী মানে মোৰ বৌজনী আৰু মহাৰ কোলাত মোৰ অকণমাণি ভতিজী লীনা। মহাই জনালে, কিছু দিনৰ পৰা লীনাৰ জ্বৰ আৰু বমি হৈ আছে, সেয়ে তাইক ডক্তৰৰ ওচৰলৈ দেখুৱাবলৈ লৈ আহিছে। কুশল বাৰ্তা লৈ মহা যাবলৈ ওলাই মোক ক’লে – “ব’লা ৰেষ্টুৰেণ্টলৈ, চাহ খাই আহিবা।” মই টিফিন কৰা বেছি সময় হোৱা নাই। “মাত্ৰ খাই উঠিছোহে, আজি আৰু নাযাওঁ” – ক’লো, মই। কিন্তু মোৰ কথা মহাৰ একাণেদি সোমাই সিকাণেদি ওলাই গ’ল। ক’লে, “কিয়, বচলৈ ভয় কৰিছা নেকি? ঠিক আছে মই পাৰ্মিচন লৈ দি আছোঁ। মোৰ ছোৱালী, মই চাহ খুৱাবলৈ অকণ সময় লৈ যাব নোৱাৰিম নেকি?” কৈয়েই মহা চিধাই বচৰ কেবিন পালেগৈ, তাতে তেখেতৰ লগত নিজে চা চিনাকি হ’ল, আৰু মোক অলপ সময়ৰ কাৰণে বাহিৰলৈ লৈ যোৱাৰ অনুমতি বিচাৰিলে। মোৰ হাতত কোনো উপায় নাছিল, মহা আৰু বৌক অনুসৰণ কৰিলোঁ। মহাই বৌ আৰু মোক মহাৰ চিনাকি ৰেষ্টুৰেণ্ট এখনলৈ লৈ গ’ল। প্ৰথমেই এখন পৰঠাৰ অৰ্ডাৰ দিলে। কোনো আপত্তি নকৰি খালো। পৰঠা শেষ হ’বই নাপালে, বিলনীয়া ল’ৰাটোক মাতিলে – “ইফালে মলাই চমচম আৰু ৰসমিঠাই দুটাকৈ দিয়া” আৰু আমালৈ চাই ক’লে, “ইয়াৰ মলাই চমচম আৰু ৰসগোল্লা বৰ সোৱাদ। আমি আপত্তি কৰিলোঁ যদিও তেখেতে কোনো কেৰেপেই নকৰিলে। মিঠাই দুটা শেষ হ’ল কি নহ’ল এইবাৰ আকৌ বিলনীয়াটোক চিঞৰি ক’লে – “ঐ…ল’ৰা, ইফালে চিঙৰা দুটা দিবি।” আমি দুয়োজনীয়ে একেলগে চিঞৰি উঠিলো, “নাই নাই নালাগে নালাগে” বুলি, কিন্তু মহা এইবাৰো নাচোৰবান্দা খুৱাই হে এৰিব। ক’লে, “তোমালোকো কি ছোৱালীহে! এইখিনিকো খাব নোৱাৰা । পাৰিবা পাৰিবা, খোৱা একো নহয়। ইয়াৰ চিঙৰা আঃ কি যে সোৱাদৰ হয়…..।“ নিজে হ’লে একো নাখালে মাত্ৰ খা্দ্য বস্তু বোৰৰ প্ৰসংশা কৰি কৰি আমাক এটাৰ পিছত এটাকৈ খুৱাবলৈ লাগিল। বৌৱেও আপত্তি কৰিব নোৱাৰে, ময়ো বলে নোৱাৰোঁ মহাক। অগত্যা চিঙৰাও চোৱাবলৈ ল’লো। তেখেতে চিঙৰা খাই থাকোঁতে আকৌ ল’ৰাটোক মাতি ক’লে – “ঐ…ল’ৰা, দৈ আছেনে ?” এইবাৰো আমি আপত্তি কৰিলো, “দৈ নাখাওঁ পেট ওফন্দি উঠিছে আৰু খাব নোৱাৰিম।” তেখেতে ক’লে, “খোৱাৰ শেষত দৈ খাব লাগে, হজম হয়। দৈ খোৱা ভাল….খোৱা খোৱা, ভাল লাগিব।” ইতিমধ্যে ল’ৰাই আনি দৈ দুবাতি দি গ’লেই। অগত্যা আমি নিৰ্বিবাদে দৈ গলাধকৰণ কৰাত লাগিলোঁ। খাই খাই অৱস্থা মোৰ কাহিল হৈ গৈছিল। দৈ খাই শেষ কৰি উঠিব খুজিছিলোহে, মহাই আকৌ ক’লে – “বহাচোন বহা….ইমান কিহৰ খৰধৰ কৰিছা?” এইবাৰ পুনৰ ল’ৰাটোক মাতিলে – “ইফালে দুটা কচৌৰী দি যাবি। মই বৌলৈ চালো, কৰুণভাবে ক’লো, “বৌ আৰু নোৱাৰোঁ। খোৱাবোৰ টেটু পাইছেহি। বৌৱেও ক’লে, “ময়ো আৰু নোৱাৰোঁ। ল’ৰাটোৱে কচৌৰী দুটা আনি আমাৰ আগত থ’লেহি। মহাই আমাক খাবলৈ কৈ এইবাৰ বিল দিবলৈ বুলি কাউন্টাৰলৈ উঠি গ’ল। আমি এই সুযোগৰ সদব্যৱহাৰ কৰি কচৌৰী দুটা বৌৱে লীনাৰ বাবে লগত অনা সৰু পলিথিনৰ বেগত ভৰাই দিলোঁ। আমি লৰালৰিকৈ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলো। খৰখেদাতে বৌৰ হাতৰ পৰা টোপোলাটো সৰি পৰিল। য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়….কথাষাৰ আমাৰ ক্ষেত্ৰত সিদিনা ভালকৈয়ে ফলিয়াইছিল। টোপোলাটো সৰি পৰাৰ লগে লগে কচৌৰী দুটাও বেগৰ পৰা ওলাই লৰ মাৰিলে। টোপোলা সৰি পৰা দেখি মহাই ঘূৰি চাই কচৌৰী দুটা দেখিলে, বৌ আৰু মই দুয়ো দুয়োলৈ চালো, হাঁহিম নে কান্দিম অৱস্থা তেতিয়া আমাৰ দুয়োৰে। মহাই পিছে কচৌৰী দুটা দেখিও মুখেৰে একো নামাতি নেদেখা ভাও জুৰি আগুৱাই গ’ল। অহ্, বেয়া বাচিলো । বৌ আৰু মহাৰ পৰা বিদায় লৈ মই মোৰ কৰ্মক্ষেত্ৰলৈ আহিলো। এই কথা মনত পৰিলে মই আজিও বেছ কৌতুক অনুভব কৰোঁ । ইমানকৈ খালো যদিও সিদিনা কিন্তু একো নহ’ল মোৰ । মৰমৰ অত্যাচাৰতেই কিজানি হজম হৈ গ’ল সকলো ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!