মাতৃভাষা বিষয়ক মুকলি বাৰ্তালাপ

[সম্পাদকৰ টোকা: অকবৰ সদস্য জ্যোতি প্ৰকাশ নাথৰ “আপোনাৰ নিজৰ সন্তানে মাতৃভাষাত ক’ব, পঢ়িব আৰু লিখিব নজনাতো আপোনাৰ দোষ আৰু তাৰ বাবে আপুনি লজ্জিত হোৱা উচিত। ইয়াকে লৈ আপুনি গৌৰৱ কৰাটো হাস্যকৰ।” মন্তব্যটোৰ আঁত ধৰি অকবৰ মজিয়াত হোৱা আলোচনাখিনি সম্পূৰ্ণ অ-সম্পাদিত ৰূপত প্ৰকাশ কৰা হৈছে। মতামতখিনি সম্পূৰ্ণ ব্যক্তিগত। কাৰিকৰী অসুবিধাৰ বাবে যিসকলে ‘লাইক’ বা ‘থামছ্আপ্’ দিছিল, সেইখিনি প্ৰকাশ কৰিব পৰা হোৱা নাই।]

Jyoti Prakash Nath:আপোনাৰ নিজৰ সন্তানে মাতৃভাষাত কব, পঢ়িব আৰু লিখিব নজনাতো আপোনাৰ দোষ আৰু তাৰ বাবে আপুনি লজ্জিত হোৱা উচিত। ইয়াকে লৈ আপুনি গৌৰৱ কৰাটো হাস্যকৰ।

AfrujaAkhtarবহুতে এই লজ্জাকৰ কামটো কৰি লজ্জিত নহয়

ApurbaKalitaহয়

BikashSaikiaপিছে অত্যাধুনিক লৰা-ছোৱালীৰ আধুনিক পিতৃ-মাতৃয়ে কথাটো ওলোটাকৈ বুজিহে ভাল পায়…………..

AnupamaBorgohainবহু আধুনিক(?) পিতৃ- মাতৃয়ে এইটো নাজানে যে শিশুৰ লগত নিজৰ মাতৃভাষাত ভাবৰ আদান প্রদান কৰিলে শিশুৰ মানসিক উত্তৰণ বেছি হয় আৰু সেয়া বিজ্ঞানসন্মতো !!

Prodip Krনিজৰ মাতৃ আৰু মাতৃভাষা এটিক এৰি আনটিৰ কোনো মুল্য থাকিব নোৱাৰে ।

Prodip Krমেজ খন চফা কৰাৰ আগতে নিজৰ হত খন চফা কৰি লোৱা অতি প্রয়োজন । মোৰ মাৰ বাবে মই কি কৰিছো সেইটো হে দৰকাৰি কথা । আনে কি কৰিছে সেইটো পাচত চাম ।

Ractim Goswamiআধুনিকতাৰ সংজ্ঞা বুজোতে কৰা ভুলৰ বাবেই ‘লজ্জা’ আৰু ‘গৌৰৱ’ৰ মাজৰ বৃহৎ পাৰ্থক্যক পলকতে ধূলিসাৎ কৰে আমাৰ “অত্যাধুনিক”(??) মানসিকতাই। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ভোকোন্দি’ ‘ভোকেন্দ্র বৰুৱা’ হোৱাৰ অন্তৰালৰ মানসিকতাৰ লগত সামঞ্জস্য থকা কথা নহয় জানো এইবোৰ.. AnupamaBorgohainয়ে কোৱাৰ দৰে বৈজ্ঞানিকভাবে শিশুৰ মানসিক সৰ্বোউৎকৃষ্ট উত্তৰণৰ বাবে মাতৃভাষাৰ চৰ্চাই শ্রেষ্ঠ। এইবিষয়ক ইটিমধ্যোই যথেষ্ট সংখ্যক প্রমাণিত তথ্য ,’বৈজ্ঞানিক তত্ত্ব’ আৰু আলোচনা প্রতিষ্ঠিত ভাবে বিজ্ঞমহলত হৈ গৈছে।

Ractim Goswami UNESCO-ৰ “Mother Tounge Dilemma” নামৰ পত্রিকা এখনত পাতনিতে শিশুৰ মাতৃভাষা চৰ্চা সম্পৰ্কে এই বুলি লিখা হৈছে- (কথাখিনিৰ গুৰুত্বলৈ চকু ৰাখি হুবহু ইংৰাজীতে উৰ্ধকমাৰ ভিতৰত দিলো।) – “Years of research have shown that children who begin their education in their

mother tongue make a better start, and continue to perform better, than those for whom school starts with a new language. The same applies to adults seeking to become literate. This conclusion is now widely implemented, although we still hear of governments that insist on imposing a foreign language of instruction on young children, either in a mistaken attempt at modernity or to express the pre-eminence of a social dominant group.”

DwijenMahantaবৰ সঁচা কথাবোৰ লিখে ঔ ।

DebabrotGogoiঅৱশ্যে এইক্ষেত্ৰত পৰিৱেশ আৰু পৰিস্থিতিয়েও বিশেষ ভুমিকা লয় । যদিহে পৰিয়ালটোৰ ওচৰ-চুবুৰীয়া আন ভাষা-ভাষীৰ মানুহ হয় ,লগতে শিক্ষাৰ মাধ্যমও মাতৃভাষা নহৈ আন ভাষা হয় তেন্তে সেইসকল ল’ৰা-ছোৱালীয়ে মাতৃভাষা নজনাটো স্বাভাবিক । ইয়াৰ বাবে আমি মাক-দেউতাকক গালি পাৰি লাভ নাই ।

মই জনাত ইয়াৰ বাবে কোনেও গৌৰৱবোধ নকৰে । মনটোহে অলপ অলপ বেয়া লাগি থাকে । কি কৰিব ? মানুহ পৰিস্থিতিৰ দাস ।

Prodip Kr @DebabrotGogoiমন কৰিলেই চন । মই আপোনাৰ হৈতে একমত ন্হয় । মোৰ ছোৱালী ৫ বছৰৰ পৰাই বাহিৰত থকা আৰু সকলো প্রতিবেশীয়েই অনা অসমীয়া । মোৰ ঘৰত পিছে ১০০% অসমীয়া হে চলে । আনকি মোৰ কামকৰঅ অনা অসমীয়া ছোৱালী কেইজনীয়েও অসমিয়া কয় । মই সেই কথা গৌৰবেৰে কব পাৰো ।

 

DebabrotGogoi @ Prodip Kr এইক্ষেত্ৰত আপুনি হয়তো ব্যতিক্ৰম হব আৰু ইয়াৰ বাবে আপোনালৈ মোৰ শ্ৰদ্ধা জনালোকিন্ত আজিৰ জীৱন-জীৱিকাৰ ব্যস্ততাৰ মাজত বহুতে নিজৰ ল’ৰা-ছোৱালীক মাতৃভাষা শিকাবলৈ সময় নাপাবও পাৰে । তাতে যদি পৰিয়ালটো অসমৰ বাহিৰত থাকে তেন্তে অসুবিধা বেছিকৈ আহি পৰে ।

মোৰ মতে কোনো ব্যক্তিৰ যদি মাতৃভাষাটোৰ প্ৰতি শ্ৰদ্ধা থাকে আৰু মাতৃভাষাত অলপ অচৰ সাহিত্য চৰ্চা কৰে তেন্তে সেইয়াই যথেষ্ঠ ।

AnupamaBorgohain@DebabrotGogoiমোৰ দুয়োটা লৰা অসমৰ বাহিৰতে জন্ম হৈ অনাঅসমীয়া পৰিবেশতে থাকি ডাঙৰ দীঘল হৈছে । তথাপি সিহঁতি অন্য ভাষাৰ লগতে নিজৰ মাতৃভাষা অসমীয়া কব,পঢ়িব আৰু লিখিবও পাৰে । তাৰ বাবে আমি সিহঁতক বেলেগকৈপ্রশিসনো দিয়া নাই । মাত্র ঘৰখনৰ পৰিবেশটো অসমীয়া কৰি ৰাখিছোঅৰু নিজে নিজক সন্মান নকৰিলে আন কোনেও যে সন্মান নিদিয়ে তাক অনুভৱ কৰাইছো ! Prodip Kr ডাঙৰীয়াৰ মতক ময়ো সমৰ্থন কৰিলো মানুহ পৰিস্থিতিৰ দাস হোৱাটো দুৰ্ভাগ্যৰ কথা ।

AnupamaBorgohain@DebabrotGogoiযদি মাতৃভাষাটোৰ প্ৰতি শ্ৰদ্ধা থাকে আৰু মাতৃভাষাত অলপ সাহিত্য চৰ্চা কৰে তেন্তে সেইয়াই যথেষ্ঠ ??এয়া কেনেকৈ হব ! কোনে পঢ়িব সেই সাহিত্য যদি ভবিষ্যত প্রজন্মই সেই ভাষাই নাজানে !! নিজৰ সন্তানক নিজৰ মাতৃভাষা নিশিকালে সেইজনৰ ভাষাপ্রীতি কিমান নিৰ্মল সন্দেহ জন্মে । আমি আমাৰ ভাষাটো অনা অসমীয়াকো শিকাবলৈ খুজো ্ তেনে ক্ষেত্রত অসমীয়া নিজৰ সন্তানক নিজৰ মাতৃভাষা পঢ়া ,লিখা বাদ আন্ততঃকবলৈওনিশিকোৱাতো মই সমৰ্থন নকৰো ।

DebabrotGogoi @AnupamaBorgohainযিসকলৰ মাতৃভাষাটোৰ প্ৰতি শ্ৰদ্ধা থাকে সেইসকলে পঢ়িব ।

এনেকুৱা ব্যক্তিও আছে যিসকলে আগতে মাতৃভাষা জনা নাছিল কিন্ত পাছত হেঁপাহৰ বাবেই মাতৃভাষাটো সলসলীয়াকৈ শিকি পেলাইছে ।

Jyoti Prakash Nathঅলপ লিখিবলৈ থাকি গল……শুনিছো মাতৃভাষাত সাহিত্য চৰ্চা কৰা ধেৰ মানুহৰ সন্তানে মতৃভাষা বুজিয়ে নেপায়…..কিমাধিকতম

AnupamaBorgohain @DebabrotGogoiযিসকলে আগতে মাতৃভাষা জনা নাছিল কিন্ত পাছত হেঁপাহৰ বাবেই মাতৃভাষাটো সলসলীয়াকৈ শিকি পেলাইছে –আপোনাৰ এই আশাবাদী মতত ময়ো সমৰ্থন জনাইছো । কিন্তু আপোনাৰ কিছুমান লেখাই মোক ভাবিবলৈ বাধ্য কৰাইছিল যে আমাৰ ভাষাটো চহকী ভাষাৰ প্রকোপত জাহ যাব নেকি ??কোনে পঢ়িব আমাৰ ভাষা যদি আমাৰ নিজৰ সন্তানেই নপঢ়ে ১১ অধিক নকওঁ । কথাবোৰে মনটো ভাঙি দিলে !

DebabrotGogoi @AnupamaBorgohainআৰে আপুনি আকৌ কিয় মন ভাঙি দিছে ?আপুনি আপোনাৰ সন্তানক মাতৃভাষা শিকাইছে , নিজে সাহিত্য চৰ্চা কৰিছে , ইয়াতকৈ ভাল কথা কি হব পাৰে ? মোৰ কিছুমান লেখাই যদি আপোনাক আমাৰ ভাষাটোৰ ভৱিষ্যতৰ প্ৰতি শংকিত কৰি তুলিছে , তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী ।

 

বহুলোকে দুখেৰে কোৱা শুনো যে তেওঁৰ ল’ৰাটোৱে অসমীয়া ভালকৈ নাজানে । সেইসকলৰ কথা মনত পেলাইয়ে মই ওপৰৰ কথাখিনি লিখিছিলো ।

PradyutJyotiSaikiaJyotiদা

AnupamaBorgohainমোৰ মন এইকাৰণেই ভাঙিছে যে আমি কোৱা আৰু কৰা কামৰ মাজত বহু পাৰ্থক্য আছে !! “গ্লেমাৰ” বা যশস্যাৰ কাৰণে সাহিত্য চৰ্চা কৰি থকা যেন লাগিছে । সাহিত্য চৰ্চা কৰিবলৈ বাদ দিবই মন গৈছে !! মোৰ লৰাক মাতৃভাষা শিকোৱা বাবে মই প্রশংসালব বিচৰা নাই -এয়া হয়তো আমাৰ গোটত থকা অসমীয়া ভাল পোৱা বহুত অসমৰ বাহিৰত থকা মানুহে কৰিব/ছে ।এনেকোৱা এটা প্রসংগঅকবৰ দৰে মজিয়াতো আলোচনা হব লগা হোৱাত মৰ্মাহত হৈছো !..

MadhurimaGharphaliaমোৰ ঘৰত থকা ভাঁটৌ কেইটাই অসমীয়াহে বুজি পাই । পিছে সিহঁত হিন্দী ভাষী ভাঁটৌ হে আছিল । নিজৰ ঘৰত, নিজৰ লৰা-ছোৱালীক অসমীয়া শিকাবলৈ বেলেগকৈ পাঠশালা এখনৰ প্ৰয়োজন নাই । যি সকলৰ নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধাবোধ আছে সেইসকলে নিজৰ বাবে ঘৰখনত অসমীয়া ভাষাটো ৰাখিবই ।

DebabrotGogoiসাহিত্য চৰ্চা কৰিবলৈ বাদ নিদিব ,তাৰ সলনি বাস্তবৰ মুখামুখি হবলৈ শিকক । জ্যোতি প্ৰকাশে যিখিনি কথা কৈছে সেইখিনিও সত্য আৰু মই যিখিনি কথা লিখিছো সেইখিনিও সত্য আৰু সেইখিনিৰ মাজতেই আমি আমাৰ মৰমৰ ভাষাটোক জীয়াই ৰাখিব লাগিব ।

 

আপুনি সাহিত্য চৰ্চা বাদ দিয়া সলনি আন এটা কাম কৰিব পাৰে , অসমৰ বাহিৰত আপুনি চিনি পোৱা আৰু অসমীয়া বুজি নোপোৱা অসমীয়া মাক-দেউতাকৰ ল’ৰা-ছোৱালীবোৰক আপুনি অসমীযামাতৃভাষটো শিকাবলৈ লওক । ইয়াৰ পৰা সেই পিতৃ-মাতৃসকলেও কথাবোৰ উপলব্ধি কৰিব পাৰিব ।

MadhurimaGharphaliaদেৱদাদা,এইখিনিতে মই এটা কথা কওঁ যিসকলে নিজেই নিজৰ ল’ৰা-ছোৱালীক নিজৰ মাতৃভাষাটো শিকাবলৈ লাজ কৰিলে বা আমনি পালে বা তেওঁলোকৰ মতে সময় নাপালে তেওঁলোকৰ ল’ৰা –ছোৱালীক বেলেগে গৈ শিকাব নোৱাৰে ।

মাতৃভাষা সেইটো ভাষাক কোৱা হয় বোলে যিটো ভাষা সন্তানে নিজৰ মাকৰ পৰা শিকে । কোনোবা অসমীয়া লোকৰ সন্তানে যদি অসমীয়া ক’ব নোৱাৰে তাৰ অৰ্থ এইয়া হ’ল যে সেই সন্তান সকলে নিজৰ মাতৃভাষা হিচাপে আন এটা ভাষাক আকোৱালি লৈছে যিটো তেওঁলোকৰ মাক-দেউতাকে তেওঁলোকক উপহাৰ দিছে !

ParthaBijoy Thakurআমাৰ ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ালেই যে অসমীয়া ক’ব বা লিখিব নাজানিব সেইটো কেতিয়াও হ’ব নোৱাৰে….ঘৰ খনত পৰিবেশ আনিব লাগিব । কিন্তু আমাৰ কিছুমান অসমীয়া চাহাবে ঘৰৰ ল’ৰা ছোৱালী বা পত্নীৰ লগতো ইংৰাজীত কথা পতা দেখিছো…তেওঁলোক কিন্তু অসমীয়া মাধ্যমত পঢ়ি চাহাব হৈছে…কিয় বাৰু নিজৰ মাতৃ ভাষা ক’বলৈ বা লিখিবলে সংকোচ কৰে ?

DebabrotGogoiমাধুৰীমা তোমাৰ তেনেকুৱা পিতৃ-মাতৃৰ মুখামুখি হোৱাৰ সৌভাগ্য হৈছেনেকি?

AnupamaBorgohain @DebabrotGogoiহয় । আমি ৰাজামুন্দ্রিত এখন অসমীয়া স্কুল খুলিছিলো — কাকো উপদেশ নিদিও,কিন্তু আৰ্হি দেখুৱাও । কিন্তু আপুনি কোৱাৰ দৰে অসমৰ বাহিৰত মই/আপুনি চিনি পোৱা আৰু অসমীয়া বুজি নোপোৱা অসমীয়া মাক-দেউতাকৰ ল’ৰা-ছোৱালীবোৰক অসমীযামাতৃভাষটো শিকাবলৈ ললে আপোনাৰ দৰে ব্যক্তিয়েই ..” আজিৰ জীৱন-জীৱিকাৰ ব্যস্ততাৰ মাজত বহুতে নিজৰ ল’ৰা-ছোৱালীক মাতৃভাষা শিকাবলৈ সময় নাপাবও পাৰে । তাতে যদি পৰিয়ালটো অসমৰ বাহিৰত থাকে তেন্তে অসুবিধা বেছিকৈ আহি পৰে । ” বুলি কৈ তেওঁলোকক পৰোক্ষ ভাবে সমৰ্থন কৰিব। যিটো মই মুঠেই আশা কৰা নাছিলো !!!

DebabrotGogoi @AnupamaBorgohainআপুনি মন ভাঙি নিদিব । আপুনি এতিয়া থকা ঠাইখনতো তেনেকুৱা এখন বিদ্যালয় খোলক । এইবাৰ আপোনাৰ বিদ্যালয়লৈ বহুত অসমীয়া শিশু আহিব । কাৰণ অ.ক.বই এইবাৰ নিশ্চয় প্ৰভাৱ পেলাব

BibhaBoroআমাৰ প্ৰতিবেশী উত্তৰ-প্ৰদেশৰ পৰিয়ালটোৰ কণমাণিজনীৰ জন্ম অসমতেই । তাই সুন্দৰকৈ নিজৰ মাতৃভাষাটো কোৱাৰ উপৰিও অসমীয়াও ভঙা ভঙাকৈকব পাৰে লগতে সত্ৰীয়া নাচ শিকি আছে । তাইৰ খেলাৰ লগ মোৰ কণমাণিটোৰওপৰিও বাকীসকলো অসমীয়াভাষী শিশু আনহাতে তাই উত্তৰ-প্ৰদেশত থকা পৰিয়ালৰ আন সদস্যসকলকো খুব কমেই লগ পাই তথপিও তাই মাতৃভাষাটো নজনাকৈ থকা নাই ।

 

আচলতে সন্তানৰ ক্ষেত্ৰত সকলোবোৰ কথাই অভিভাৱকৰ ইচ্ছা-শক্তিৰ ওপৰত নিৰ্ভৰ কৰে ।

ApurbaKalitaহয় হয়

DhrubaJyotiআলোচনাৰ লগে লগে সাম্ভাব্য সমাধাৰ পথ বোৰৰ কথাও প্রত্যেকে জনালে ভাল হয় চোন…

Moon Upadhyayমোৰ বন্ধু এজনৰ মামা তেখেতৰ ঘৰ ৰঙিয়াত যদিও তেখেত ব্যবসাইৰ বাবে ১৫বছৰ মান দাৰ্জিলিংত আছে ।বৰ্তমান তেখেত তাৰ স্হায়ীবসিন্দা । মই এই খিনি কথা এই কাৰনে লিখিব লগা হ’ল কাৰন তেখেতৰ ল’ৰা গৌৰবে সলসলিয়াকৈ অসমীয়া পঢ়িব আৰু লিখিব পাৰে । তেখেতৰ মতে যদি মাতৃভাষাই নিশিকে তেনেহলে আমি আমি নিজকে কেনেকৈ অসমীয়া বুলি চিনাকী দিম ।তেখেতৰ এই মন্ত্যবত তেখেতৰ প্রতি মোৰ শ্রদ্বা আৰু বাঢ়ি গৈছিল ।

 

 

AnupamaBorgohainমোৰ দুগৰাকী আন্তৰংগ বান্ধবীJuriGogoiDihingiaআৰু PallaviTalukderআমেৰিকাৰ কেলিফৰ্নিয়া আৰু হিউষ্টনত থাকে আৰু তাৰেই নাগৰিকত্ব লৈছে । কিন্তু সিহঁতৰ সন্তানে সলসলীয়া অসমীয়া কব পাৰে – জুৰিৰ ছোৱালী ৰিহাই সুন্দৰ বিহু নাচিবও পাৰে । এটা কথা নিশ্চয় সকলোৱে স্বীকাৰ কৰিব যে দুয়ো কৰ্মৰতা পিতৃ মাতৃৰে আমেৰিকাৰ জীৱন ভাৰতৰ আন ঠাইতকৈয়ো বেছি ব্যস্ততাময় । তথাপিও নিজ সন্তানক অসমীয়া ভাষা শিকাবলৈ ‘সময়’ পাইছে । কিন্তু দুখৰ কথা আমাৰ ভাৰতত থকা অসমীয়া সকলেহে সময় আৰু ব্যস্ততাৰ অজুহাতত নিজ সন্তানসকলক নিজ ভাষা সংস্কৃতি তথা ‘আত্মসন্মানবোধ’ শিকাবলৈ পৰা নাই ।

Moon Upadhyayসাম্ভাব্য সমাধাৰ পথ আমি নিজে উলিয়াব লাগিব ।আমি যদি ভাবো আমাৰ সন্তানক মাতৃভাষা নিশিকাও তেনেহলেটো আৰু উপায় নাই ।

ApurbaKalitaহয় হয়

UddipTalukdarমাতৃভাষা শিকোৱাৰ প্ৰয়োজনেই নাই। ঘৰৰ মানুহে যি ভাষাত কথা পাতে, সেইখিনি শিশুৱে নিজেই শিকে। মাত্ৰ তাক ভাষাটো কোৱাৰ সময়ত নিৰুৎসাহ নকৰিলেই হ’ল। লিখা-পঢ়াটো বাৰু শিকাব লাগিব। আপেল বুলি ক’লে যদি এপল বুলি শুধৰাই দিয়া যায়, ‘এইফালে আহ’ৰ সলনি যদি ‘কাম হিয়াৰ’ শিকোৱা যায়, তেন্তে গণ্ডগোল লাগিবই। সেয়ে একেবাৰে বুনিয়াদী কথাটো হৈছে, নিজৰ সংস্কৃতি, পৰম্পৰা, ভাষা আদিক লৈ গৌৰৱ বোধ কৰাটো।

Bidya Dasহয় কোনো সমস্যা উদ্ভৱ হলে তাৰ সমাধানৰো পথ উলিওয়াটোপ্ৰয়োজন।নিজৰ সতি-সন্তানে নিজ মাতৃভাষা কব নোৱাৰাটোও পিতৃ-মাতৃৰ বাবে এটা ডাঙৰ সমস্যা, সেই পিতৃ-মাতৃ অসমতে থাকক লাগিলে অসমৰ বাহিৰতে থাকক। আমাৰ দেশে-বিদেশে থকা অভিভাবক সকল এই ক্ষেত্ৰত এতিয়াও সজাগ হৈ সন্তান সকলক গুৰুত্ব সহকাৰে মাতৃভাষা কবলৈ শিকালেই সমস্যা ওৰ পৰিব আৰু চাব আমাৰ সেই সন্তান সকলে এদিন গৈ খল-খলীয়াকৈ মাতৃভাষা কব পৰা হব। মনত ৰাখিব কুমলীয়া বাহ ভাঁজ দিবলৈ তেনেই সহজ,কিন্তু বুঢ়া বাহক ……….!

Prodip Kr @UddipTalukdarতুমি আচল কথা কলা । মাতৃভাষা শিকোৱাৰ প্ৰয়োজনেই নাই।!! ই হ’ব লাগে জীৱনৰ এক গতি, এক পৰিচয় ।

NirjuMoniএবাৰ অমৃতসৰ চহৰৰ মাজেৰে পাৰহৈ যাওঁতে দেখা পাইছিলো সকলো দোকান তথা নাম ফলক একমাত্র পাঞ্জাবী ভাষতলিথা আছে । তেতিয়া মনলৈ এটাই কথা আইছিল যদি অসমৰ সকালো নাম ফলক এনেদৰেই অসমীয়া হৈ যাই আৰু আমাৰ ছোৱালী জনীয়ে কোনোবা এখন ঠাই বিছাৰি আনক শুধিব লগা হয় তাইৰ বাৰু কেনে লাগিব ।

NilotpalSarmaপিছে “আই উইল স্পিক ইন ইংলিচ” বুলি এহেজাৰবাৰ লিখিবলৈ দি শাস্তি বিহা “টিচাৰ” বোৰক কি কৰিম ?

Prodip Kr @NilotpalSarma “টিচাৰ” বোৰক “টিচাৰ” নোবোলাই ভাল !!

ManabendraSahariaমোৰ ভাইটি কেন্দ্ৰীয় বিদ্যালয়ত ৯ মানত পঢ়ি আছে। তাত অসমীয়া শিকোৱা নহয়। কিন্তু মোৰ আৰু মা-দেউতাৰ প্ৰথমৰ পৰাই চেষ্টা আছিল তাক অসমীয়াটো প্ৰাইভেটকে পঢ়াবলৈ। সময়ৰ নাতনিৰ বাবে এতিয়াও বহুত বাকি আছে – কিন্তু সি ফলা খন জানে এতিয়া আৰু পেপাৰো ৮০% শতাংষএকুৰেচিত পঢ়িব পাৰে। এইটো খালি ২-৩ টাঠান্দাৰ বন্ধত ২০ দিনৰ টিউচন দি সম্ভৱ হৈছে। মোৰ কিমান বন্ধুৱে দুই মাহত ফৰাচী-জাৰ্মান শিকি লৈছে – নিজৰ ভাষা শিকাটো কিবা ইচ্চ্যু হ’ল নেকি ?

 

 

DhrubaJyotiআমি নহলে অ ক ব ৰ ফালৰ পৰা সকলো নাম ফলক অসমীয়া ভাষাত লিখিবলৈ চৰকাৰ ওচৰত দাবি তোলো গৈ বলক…

 

 

ApurbaKalitaকাৰোবাৰ দেউতা যদি অসমীয়া আৰু মা যদি ৰাচিয়ানহয় ,আৰু পৰিয়ালটো যদি তামিলনাডুত চৰকাৰী চাকৰি এটাত ৩০ বছৰ থাকিব লগা হয় । সেই পৰিয়ালটোৰ সন্তানৰ মাতৃভাষা কি হব ? ৰাছিয়ান , অসমীয়া , তামিল ??????????

 

 

MadhurimaGharphaliaধ্ৰুৱ ডাঙৰীয়াই কোৱা কথাটো ময়ো প্ৰায়েই ভাবো । যদি অকবৰ ফালৰ পৰাই অসমীয়া ভাষাৰ নাম ফলক লিখাৰ ওপৰতো জোৰ দিয়া হয় কেনে হ’ব ?

পিছে তাতো এটা কথা-যিটো কাম আজিলৈকে অসম সাহিত্য সভাই কৰিব নোৱাৰিলে বা কৰিবলৈ চেষ্টা নকৰিলে , যিটো কাম অসমৰ ছাত্ৰ সন্থাবোৰে গুৰুত্ব নিদিয়ে সেই কামটো অকবই কৰিব পাৰিব নে ?

সন্দেহ হয় !

সন্দেহ এইবাবেই হয় যে অকবৰ কিমান জন সদস্যৰ নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধাবোধ আছে ! কিমান জন সদস্যই নিজৰ ঘৰখনত নিজৰ ভাষাটো আলফুলে ৰাখিছে ?

কিমানজন সদস্যই বুকু ডাঠি ক’ব পাৰিব যে তেওঁলোকে গ্লেমাৰৰ বাবে অসমীয়া সাহিত্য চৰ্চা কৰা নাই ?

কিমান জন সদস্যই হাত দাঙি এই ঠাইতে দৃঢ়তাৰে ক’ব পাৰিব-মই মোৰ ভাষাটোক লৈ গৰ্ব কৰোঁ । মোৰ সন্তানেও কৰে ।

মই ভাবো তেনেই কম ব্যক্তি ওলাব ।

এইবাবেই , কেৱল এইবোৰ কাৰণতেই আমাৰ ভাষাটো আজিও ইমান পিছপৰা । আমাৰ বাবেই, আমাৰ নিজৰ ভাষাটোৰ প্ৰতি থকা ভণ্ডামিখিনিৰ বাবেই আমি আমাৰ ভাষাটোক আজি বিশ্ব দৰবাৰত থিয় কৰাব পৰা নাই ।

সকলোবোৰ সপোন । মাথো সপোন ।

 

 

HimjyotiTalukdar @ApurbaKalita, মই তেনেকুৱা পৰিয়াল লগ পাইছো। সন্তানে আটাইকেইটা ভাষা জানে (অৱশ্যে ৰাছিয়ান নহয়)। এয়া আগ্ৰহৰ কথা, অভিভাৱকৰ আগ্ৰহ। আমিনো কোন জোৰ জবৰদস্তি তিনিওটা ভাষাই জানিবই লাগিব বুলি ফটোৱা জাৰী কৰিবলৈ।

 

 

HimjyotiTalukdar @MadhurimaGharphalia, সজাগতা আমি এনেদৰেই আলোচনা, বিভিন্ন সৰু সুৰা কাৰ্যসূচী (যেনে অকব সাহিত্য আড্ডা) আদিৰ জৰিয়তে আনিব পাৰো। ৰাস্তাত ইয়াৰ বাবে আন্দোলন কৰা, স্মাৰক পত্ৰ প্ৰদান কৰা, ভাষণৰ ফুলজাৰি মৰাৰ দিন উকলিল। এই আলোচনাখিনি পঢ়ি যদি অকবৰ পোষ্ট পঢ়া অথবা আমি চিনি নোপোৱা দহটা পৰিয়ালেও নিজৰ সন্তানক অসমীয়া শিকাবলৈ লয়, সেয়াই আমাৰ বাবে ডাঙৰ সাফল্য।

 

 

Prodip Kr @ApurbaKalitaআপুনি কোৱাৰ দৰেই মোৰ এজন কানাডিয়ান বন্ধু আছে যাৰ পৰিবাৰ ৰাচিয়ান আৰু ল’ৰাৰ জন্ম হয় পেৰিচত । পিছে ল’ৰাই ৰাচিয়ান আৰু ইংৰাজী দুয়োতাইকব পাৰে ।

 

 

PratibhuDuttaমুল বিষয়ৰ পৰা অকনমানফালৰি কাটি —

মোৰ ছাত্ৰী এগৰাকী আছে ৷

মাক অসমীয়া, দেউতাক ৰাচিয়ান ৷

ঘৰত তেওঁলোকে মুলতঃ ইংৰাজীতে কথা পাতে ৷

কিন্তু ছাত্ৰী গৰাকীয়ে অসমীয়া ক’ব , লিখিব আৰু পঢ়িব জানে ৷

এদিন মই সুধিছিলো,‘তুমি ৰাচিয়ান জানা নে ?’

তাই ক’লে,‘মোৰ পাপাৰ ভাষা ৷ কিয় নাজানিম ?’

মোৰ বোধেৰে সৰু ল’ৰা-ছোৱালীবোৰে ভাষা অতি সোনকালে আয়ত্ব কৰিব পাৰে ৷

 

 

HimjyotiTalukdarসৰু ল’ৰা ছোৱালীয়ে ভাষা সোনকালে কেনেদৰে আয়ত্ব কৰে সেই কথা জানিবলৈ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক প্ৰাথমিক, প্ৰাথমিক শ্ৰেণী কেইটাৰ সেই সৰু সৰু ল’ৰা ছোৱালীকেইটাৰ ওচৰলৈ গ’লেই হ’ল। হিন্দী, সংস্কৃত, অসমীয়া, ইংৰাজী আদি আটাইকেইটা ভাষাই শিকি পেলায়। অৰ্থ সহ বুজাই দিবও পাৰে!!

 

 

PratibhuDuttaঅ.ক.বৰকৰণীয় বা অ.ক.ব.ৰ অৱদানৰ কথা ওলাইছে ৷ হিমজ্যোতি তালুকদাৰে কৈছে ‘ আমি চিনি নোপোৱা দহটা পৰিয়ালেও নিজৰ সন্তানক অসমীয়া শিকাবলৈ লয়, সেয়াই আমাৰ বাবে ডাঙৰ সাফল্য।’

 

সঁচাকৈয়ে অ.ক.ব. সফল হৈছে ৷

 

দুদিনমান আগৰ কথা ৷

সন্ধিয়া দুজন অ.ক.বৰ সদস্যৰ ভেটাপাৰাত আকস্মিক ভাবে দেখা দেখি হ’ল ৷

অ.ক.ব. অৱদানৰ কথা ওলাল ৷

এজনে কৈছে,‘বুজিছে মই ১৯৮৭চনত মেট্ৰিক অসমীয়া মাধ্যমতে পাছ কৰিলো ৷ তাৰ পাছত MIL অসমীয়া আছিল কাৰনে দুবছৰ অসমীয়া লিখিলো ৷ তাৰ পাছত দেউতালৈ লিখা চিঠিত অসমীয়া লিখিলো ৷ ১৯৯৩ চন মানত শেষ বাবৰ বাবে লিখিলো অসমীয়া ৷ লিখিবলৈতো একো কাৰনেই নাছিল ৷ এই অ.ক.ব.ই আকৌ শিকালে নিজৰ মাতৃভাষাত লিখিবলৈ ৷’

সেই সদস্যজনৰ দৰেই আৰু কেইবাজন সদস্যকো মই ব্যক্তিগতভাবে জানো যিসকলে অ.ক.ব. সদস্য হোৱাৰ পাছত পুনৰ অসমীয়াত লিখিবলৈ ল’লে ৷

 

তেওঁলোক দুজনে সেই দিনা অকল সেয়ে কথা পতা নাছিল ৷ কথা পাতিছিল আজি বিদেশত থকা কিমান অসমীয়াই আকৌ অ.ক.ব.ৰকাৰনেই অসমীয়াত লিখা মেলা নকৰিলেও অন্ততঃ পঢ়িবলৈ আৰম্ভ কৰিছে (বহু জনে লিখিবলৈকো আৰম্ভ কৰিছে) ৷

 

মই নিজে অষ্ট্ৰেলীয়া, চীনদেশ,বাহৰেইন,ওমান,চৌদি আৰব,দক্ষিণ আফ্ৰিকা,কানাডা,হলেন্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ভালে কেইজন বন্ধুক চিনি পাওঁ যিসকলে নিয়মীয়াকৈ অ.ক.ব. বা ফেছবুকত অসমীয়া অন্ততঃ পঢ়ি আছে ৷

 

 

Debabrat Borahহয় হয়। এয়া অ.ক.ব. ৰ সাফল্য। আৰু মই গৌৰৱ কৰো যে ময়ো এই সাফল্যৰ কিছু অংশীদাৰ। মোৰ পৰা অসমীয়া লিখিবলৈ শিকি এতিয়া কেইবাজনেও অসমীয়াত লেখা মেলা কৰিবলৈ আৰম্ভ কৰিছে।

 

 

PratibhuDuttaমোৰ কি অৱস্থা যোৱা ফাকুৱাৰ সময়ত !!!!

অসমীয়াত নোৱাৰো লিখিব !!!!!!!!!!!!!!!!

ইমেজ কৰি অ.ক.ব.তআপলোডকৰিলো, দিলে নহয় ডিলিট কৰি ৷

তাৰ পাছত PradyutJyotiSaikia, BanajitPathak, Mitali Barman, HimjyotiTalukdarকে আদি কৰি ভালে মানজনে সহায় কৰিলে ৷

মোৰ অ.ক.ব.ৰ প্ৰথম পোষ্টটো মিতালী বৰ্মনে টাইপ কৰি দিছিল ৷

বনজিৎ পাঠকে কিমান সময় মোৰ সৈতে ফোনত কটালে অসমীয়া শিকোৱা নামত তাৰ হিচাব নাই ৷

কিমানজনে মই ভুলে ভালে লিখা কথাবোৰকে পঢ়ি উৎসাহ যোগালে ৷

 

এটা দিন আছিল, ফেছবুকত আছো, ফেছবুক কৰো– এইবোৰ ক’বলৈকে লাজ লাগিছিল, সংকোচবোধকৰিছিলো ৷

 

আজি কিন্তু সগৌৰবে কওঁ – ফেছবুক কৰো মানে অ.ক.ব.ৰ লেখা বোৰ পঢ়ো, মাজে মাজেলিখো ৷ তুমি ফেছবুকত আছা বুজিলো, অ.ক.ব.ত নাই নেকি?

সিফালৰ পৰা যদি কয়,‘নাই৷!’

মই কওঁ,‘কিইইইইইইই? নাই ?? কিয়????’

 

সিদিনা দেবব্ৰত বৰাই কৈছে,‘অ.ক.ব এতিয়া এটা গ্ৰুপ (গোট) হৈ থকা নাই ৷ অ.ক.ব. এদিন জাতীয় জীৱনৰ অংগ হ’ব গৈ ৷’

 

মই তাৰে এটা ক্ষুদ্ৰ অংশ, এইটো মোৰ কাৰনে এটা গৌৰবৰ কথা !

 

 

AnkurDuttaসৰুতে প্ৰান্তিকৰ “পত্ৰালাপ”ত পঢ়া এখন চিঠিৰ বিষয়ে কব বিচাৰিছোঁ। উৰিচ্ছাৰ কোনোবা পাটনায়ক উপাধিৰ এজন ব্যক্তিয়ে অসমত চাকৰি কৰি আছিল। এদিন বিভাগীয় কামত কোনোবা এটা অফিচলৈ গৈছিল আৰু অসমীয়াতে সেইতো অফিচৰ কোনোবা এজন কৰ্মচাৰীৰ লগত কথা পাতিবলৈ চেষ্ঠা কৰিছিল। এইটো এটা গৌৰবৰ কথা যে বেলেগ ভাষিক এজন উচ্চপ্ৰ্দস্ত বিষয়াই অসমীয়া মানুহৰ লগত অসমীয়তে কথা পাতিব চেষ্ঠা কৰিছিল। কিন্তু সেই অসমীয়া কৰ্মচাৰীজনে কি ক’লে জানে?? – “চাৰ, আগৰ আপকৌআচামিছ নাহি আতা হাই ত’ চৌৰ দিজিয়েনা, হিন্দি মেই বাত কিজিয়ে, হামকৌ ভি হিন্দি আতা হেই…..হা হা” পাছ্ত মানুহ জনে লিখিছিল, সকলো অসমীয়া মানুহৰ মানষিকতা যদি এনেকোৱাই হয় তেনেহলে অসমীয়া ভাষাৰ বেয়া দিন খুব সোনকলে আৰম্ভ হ’ব। আপুনি কি ভাবে, সেই ব্যক্তি জনৰ সন্তানে অসমীয়া ক’ব জানে????

 

 

Prodip Krভালপোৱা আৰু সন্মান কৰা বেলেগ কথা কিন্তো এটাক এৰি আনটোৰ কোনো মুল্য নাই । নিজৰ ভাষাৰ প্রতি ভালপোৱা আৰু সন্মান অতি দৰকাৰি কথা ।

 

 

DigantaYadavSarmaদুই এজনক পাইছো সময়ত তেওঁলোকৰ সন্তানক মাতৃভাষাত জ্ঞান নিদি/ লিখিব-পঢ়িবলৈ সুবিধা নিদি হিন্যমন্যতাত ভুগিছে। পিছলৈ পঢ়া শুনা (ইংৰাজী মাধ্যমত) বেছিকৈ কৰিবলৈ হোৱাত সময় নহয়গৈ। গতিকে সময় থাকোতে কথাবোৰ ভাবিব লাগে। মই নিজে এই কথা মানি চলো বাবেই তৃ্তীয়শ্রেণীত পঢ়া মোৰ সন্তানে অসমীয়াত সুন্দৰ ভাবে পঢ়িব পাৰে/আগ্রহ আছে। তাইক মই কিয় ইংৰাজী মাধ্যমত পঢ়ুৱাইছো, সেই বিতর্কলৈ নাযাওঁ। প্রথমৰ পৰাই অভিভাবকে মাতৃভাষাত পঢ়া-শুনা কৰাৰ আগ্রহ মগজুত সোমোৱাই দিব লাগে। শিশু কালতে শিকা কথা/কামবোৰ নিশ্চয় দীর্ঘস্থায়ী হয়।

 

 

SubhashishGogoiঅতি যুক্তিসন্মত কথা কৈছে আপুনি। @জ্যোতি প্ৰকাশ নাথ

 

 

AnupamaBorgohainসৰুতে পঢ়া সাধু দুটা মনত পৰিছে ..আমাৰ আলোচনাৰ লগত সামঞ্জজ্য বিচাৰি পাব বিজ্ঞজনে : সাধু ১. এজনী কাউৰীয়ে ময়ুৰবোৰৰ ধুনীয়া পেখম আৰু সকলোৱে প্রসংশা কৰা শুনি নিজৰ কলা ৰঙ গুচাবলৈময়ুৰজাক থকা ঠাইৰ পৰা ময়ুৰৰ পাখি বিছাৰি আনি নিজৰ গাত খুচি বিন্ধি লগাই ললে । পিচে তাই যেতিয়া নিজৰ নতুন তথা আধাখনীয়া ভয়ংকৰ ৰূপ লৈ ময়ুৰ সমাজত মিলিবলৈ গল ময়ুৰবোৰে তাইক ঠাট্টা কৰি নিজৰ সমাজৰ পৰা উলিয়াই দিলে । মনৰ দুখত তাই নিজৰ কাউৰি সমাজত মিলিবলৈ গল – কিন্তু কাউৰিবোৰেও তাইক বহিষ্কাৰ কৰিলে জাতিভ্রষ্ট বুলি !!! সাধু ২. এজনী ঘনচিৰিকাইৰাজহঙ্খৰ সুন্দৰ খোজ কাটল দেখি সিহঁতৰ দৰেই খোজ কাঢ়িবলৈ দিনে নিশাই চেষ্টা কৰিলে । কিন্তু কতনো পাৰিব ঘনচিৰিকাইৰাজহঙ্খৰ খোজ দিবলৈ !! কিছুদিনৰ পিছত আমনি লাগি তাই নিজৰ দৰেই খোজ দিবলৈ চেষ্টা কৰিলে ! কিন্তু হায় ! তাই নিজৰ খোজটোও পাহৰি গ’ল !!!!!!!!!

 

 

PratibhuDuttaশিক্ষাৰ মাধ্যম আৰু অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধাৰ মাজত সকলো সময়তে পোনপতীয়া সম্বন্ধ নাথাকিবও পাৰে ৷

মই এনে বহু বন্ধুক জানো যি সকলে মোৰ সৈতে একে লগে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰিছিল আৰু এতিয়া অসমীয়াত কথা ক’বলৈ লাজ কৰে ৷

আন হাতে মোৰ এনে বন্ধুৰো অভাব নাই যিসকলে ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল, এতিয়া ছাকেও বিদেশত কিন্তু মোতকৈ ভালকৈ অসমীয়াত লিখা মেলা কৰে ৷ সেইয়াতো বাদেই মোৰ এনে দুজন বন্ধু আছে যাৰ মাতৃভাষা বাংলা, পঢ়া-শুনা কৰিছিল বাংলা ভাষাত কিন্তু অসমীয়াত সুন্দৰকৈ লিখা মেলা কৰে ৷ তেওঁলোক দুজনো ভাৰতৰ বাহিৰতে থাকে ৷

 

 

ApurbaKalita @AnupamaBorgohainটামামউদাহৰন দিলে দেই

 

 

BhagatLalDutta [অমুকাই এতিয়া মিচিকিয়ায়েই থৈ দিওঁ আৰু … মন্তব্য নিদিওঁ, যি হয় সময়ত দেখা যাব]

 

 

PratibhuDuttaউচ্ছতৰমাধ্যমিকত বিজ্ঞান শাখাত নাম লগাইছো ৷

ইংৰাজী মাধ্যমত ৷

কথাবোৰ বুজি পাওঁ ৷

চাৰসকলে কিবা এটা সুধিলে উত্তৰ দিওঁতে হাহাকাৰ লাগে ৷

মনৰ মাজেত অনুবাদ কৰিব লাগে ৷

অসুবিধা পাইছিলো, ভালেখিনি নোপোৱা নহয় ৷

কিন্তু এতিয়া মই ল’ৰা-ছোৱালীবোৰ পঢ়াই থাকোতেবুজো মাতৃভাষাত পঢ়িছিলো বাবে বহু কথাই (concept) সহজে বুজিছিলো ৷ এতিয়া দেখিছো তেনেই সাধাৰণ সাধাৰণ কথাবোৰ বুজি পাওঁতে ল’ৰা-ছোৱালীবোৰে অসুবিধা পায় ৷

 

 

Debabrat Borahমই এনে মানুহো(কম বয়সৰ) লগ পাইছো তেওঁলোকে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰিছিল। কিন্তু নিজা চেষ্টাৰে অসমীয়া কাকত আলোচনী পঢ়িব পৰা হৈছে। এতিয়া অকবৰ দৰে গোটৰ উদ্গনি পাই তেওঁলোকে হয়তো অসমীয়া লিখিবলৈও চেষ্টা কৰিব। মই ভাবো যদিহে মাক দেউতাকে অসমীয়াত কথা পাতে আৰু অসমীয়া কিতাপ পত্র পঢ়ে, তেনেহ’লে সন্তানো অসমীয়াৰ প্রতি আগহী হৈ উঠে।

 

 

AnupamaBorgohainকটন কলেজত বহু সংখ্যক শিক্ষকে ইংৰাজী ভাষাত পঢ়াশুনা কৰিবলৈ বেছি উৎসাহ দিছিল (অৱশ্যে তাৰ অৰ্থ এয়া নহয় যে নিজৰ ভাষা নপঢ়িবিলৈ কৈছিল । ) সেয়ে উচ্ছতৰমাধ্যমিকৰ পৰা সকলো বিষয় ইংৰাজীতে পঢ়িছো আৰু তাৰ সুফলো ভোগ কৰিছো । কিন্তু নিজৰ ভাষাক কোনোদিনেঅবহেলানকৰিছিলো;সেয়ে আজি অতযুগৰ পিছতো অসমীয়াত লিখিব পাৰিছো । মোৰ মতে সকলোৱে নিজৰ মাতৃভাষাক শ্রদ্ধা কৰিব লাগে ..এইটো অনস্বীকাৰ্য্য যে ভাষাৰ ভিন্নতাই বিভাজন আনে । কিন্তু বাস্তবএনেকুৱাই । গতিকে আমি সকলো ভাষাক শ্রদ্ধা কৰিব লাগে । মোৰ মাৰাঠি বান্ধবী জনীৰ অসমত জন্ম হৈ ১০বছৰৰ পিছত ইয়ালৈ বদলি হৈ অহা লৰাটোৱে অসমীয়া কব,পঢ়িব জানে । অথচ মাৰাঠিকব নোৱাৰে । ঘৰত হিন্দিত কথা পাতে পিতৃ মাতৃৰ লগত । এদিন মই তাইকো ধিক্কাৰ দিছিলো । অলপতে তাই মোক ফোন কৰি জনালে যে তাইৰ লৰা উৎকৰ্ষে মাৰাঠি ভাষা শিকাবলৈ সিহঁতক অতি জোৰ কৰি আছে …গতিকে মাতৃভাষা লৰাই কব নিবিচৰা বা নজনাটো মাক -দেউতাকৰে দোষ !!!

 

AnkurDuttaএইটোও আমি মানিব লাগিব যে, ইংৰাজী সৰ্বজনীন ভাষা, সকলোৱে শিকিব লাগে, সেইবুলি নিজৰ ভাষাটোক অবহেলা কৰিব নালগে। ভাষা এটা জাতিৰ দাপোন। মই নিজেই এইটো কথা কৈ গৰ্ব অনূভব কৰো যে দুটা অসমীয়া লগ হলেই অসমীয়াত কথা পাতোঁ লগত যিমানেই যি মানুহ নথাকক কিয়। কিন্তু বহুতেই লাজ পাই, ভাবে নিজৰ ইগ’ দাউন হ’ব। বেলেগলৈনো কিয় যাব লাগে মোৰ বন্ধুবৰ্গৰ মাজতে এনে উদাহৰণ আছে।

 

ApurbaKalitaভাষানো কি ডাঙৰ কথা ?ভাৱৰ আদান প্ৰদান কৰিবৰ বাবেহে ভাষা এটা লাগে । কোনোবা অসমীয়া অভিভাবকৰ সন্তানে হিন্দি বা ইংৰাজী ভাষাটোকেই যেনিবা আকোৱালি লৈছে একো ডাঙৰ কথা নহয় । কোন অসমীয়া অভিভাবকে নিজৰ সন্তানক অসমীয়া ভাষাটো শিকাবৰ চেষ্টা নকৰে ? মোৰ বোধেৰে সকলোৱে কৰে । কিন্তু সন্তানে যদি এই ভাষাটো শিকিব লাজ কৰে বা টান পায় অভিভাৱকৰ তাত কি দোষ ?

 

DebabrotGogoiঅৰ্পূব একেবাৰে সচাঁ কথা কলা । আচল দোষ সন্তানৰহে,আভিভাবকৰ নহয় ।

 

AnupamaBorgohainইয়াত থকা আমাৰ অকবৰ কিছুমান সদস্যৰ সন্তানে জন্ম হৈ হিন্দি বা ইংৰাজীতে কান্দিছিল নেকি বাৰু ????আমাৰ সন্তানবোৰে কিন্তু পৃথিৱীৰ সকলো মানুহে বুজি পোৱা ভাষাতেহে কান্দিছিল !! সেয়ে আমি কোৱা ভাষাটো কবলৈ লাজ নকৰে সিহঁতি !!! আৰু পৃথিৱীৰ যিকোনো ভাষা শিকিবলৈ আগ্রহো কৰে !!!

 

Debabrat Borahঅপূৰ্ব কলিতা ডাঙৰীয়াৰ কথাটো সম্পূৰ্ণ শুদ্ধ বুলি নাভাবো। কথা হ’ল আপুনি আপোনাৰ সন্তানক বাঘটো চিধাই টাইগাৰ বুলি শিকাব নে টাইগাৰ মানে বাঘ বুলি শিকাব।

 

DhrubaJyotiসমস্যাটোৰ এটা মনোবৈজ্ঞানিকবাখ্যাৰোপ্রয়োজন আছে চাগৈ…

PratimPratapBaruahনিজৰ সন্তানে অসমীয়া ভাষাতো কব, পঢ়িব আৰু লিখিব (সাধাৰণতে গোটেইকেইটা একেলগে নহয়, মানে লিখিব নোৱাৰিলেও কব আৰু পঢ়িব পাৰে, বা পঢ়িব-লিখিব নোৱাৰিলেও ভাষাটো কব পাৰে) নজনাটো কোনো অসমীয়া পিতৃ-মাতৃৰ বাবে গৌৰৱৰ কথা নহয়, হ’ব নোৱাৰে। পৰিবেশ, পৰিস্থিতিসাপেক্ষে অসমীয়া পিতৃ-মাতৃৰ সন্তানে নিজৰ মাতৃভাষাৰ আগতে বা মাতৃভাষাৰ সমানে সমানে আন ভাষাও শিকিব লগীয়া হয়। আন ভাষাত পঢ়িব, খেলা-ধুলা কৰিব, সমাজৰ সন্মুখত উপস্থিত থাকিব লগা হয়। তেনে পৰিস্থিতিত কোনোবা সন্তানৰ বাবে বহুসময়ত অসমীয়া ভাষাতকৈ এটা বা দুটা বেলেগ ভাষাহে বেছি প্ৰয়োগিক হৈ পৰে। ইয়াত অৰ্থ এইটো নহয় যে তেনে সন্তানসকলে অসমীয়া ভাষাটো বেয়া পায় বা শিকিব নিবিচাৰে।

অসমৰ বাহিৰত জন্ম হৈ অসমৰ বাহিৰতে অনা-অসমীয়া মানুহৰ মাজত পঢ়ি-শুনি ডাঙৰ দীঘল হোৱা সন্তানসকলে অসমীয়া ভাষাৰ প্ৰয়োগ ঘৰৰ চাৰিবেৰৰ মাজতে সীমাৱদ্ধ ৰাখিব লগা হয়। কিন্তু এই সন্তানসকলে অসমীয়া ভাষা কব পৰাৰ লগতে সমানে আন দুটা ভাষাও কব পৰা হয়। বহুত সৰুতেই সিহঁতে আন ভাষাৰ সাহিত্যৰো স্বাদ লব পৰা হয়।

আচলতে অসম, অসমীয়া ভাষা আৰু অসমীয়া জাতিক মনে-প্ৰাণে ভালপাবলৈ আমি আমাৰ সন্তানসকলক শিকাব লাগিব। “অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ” – এই কথাষাৰ সিহঁতক হৃদয়েৰে বিশ্বাস কৰিবলৈ শিকাব লাগিব। তাকে নকৰি মোৰ সন্তানে অসমীয়া ভাষা কব-পঢ়িব-লিখিব জানে বুলি কৈ থাকি একো লাভ নাই।

আৰু এটা কথা। অসমৰে হওক বা অসমৰ বাহিৰৰে হওক, ইংৰাজী ভাষাটোও সকলোৱে ভালকৈ জনা উচিত। ভাষাৰ সীমাবদ্ধতাৰ বাবেই অসমৰ ছাত্ৰ-ছাত্ৰীসকলে বহু সময়ত পাবলগীয়া সফলতা নোপোৱা নিজ চকুৰে দেখিছোঁ।

 

ApurbaKalita” মোৰ সন্তানে অসমীয়া ভাষা কব-পঢ়িব-লিখিব জানে বুলি কৈ থাকি একো লাভ নাই। ” — প্ৰতিম দাৰ উক্ত কথাষাৰৰ ওপৰত মোৰ কব লগা আছে । লাভ কিয় নহব? অসমৰ বাহিৰত থকা অসমীয়া পৰিয়াল এটাৰ সন্তানে যদি অসমীয়া লিখিব আৰু পঢ়িব জানে , য‘ত কিছুমান সেই একে অসমীয়া পৰিয়ালৰ মানুহৰ সন্তানে নাজানে , মোৰ বোধেৰে সেই অসমীয়া নজনা সন্তানবোৰক বা অভিভাৱকক অনুপ্ৰানিত কৰিব পাৰিব । অসমৰ বাহিৰত থাকিলে এনেও ইংৰাজী ভাষাটো জানিবই লাগিব সকলোৱে আৰু জানেও ।

 

AnupamaBorgohainস্বজন প্রশংসা কোনো সুস্থ মানুহে নকৰে । তথাপি পৰিস্থিতি সাপেক্ষে কৰিব লগা হয় । মোৰ লৰাই হিন্দি,অসমীয়া ,ইংৰাজী সকলো সমাজতে মিলিব পাৰে । ভদ্র ব্যৱহাৰ কৰিব জানে । দিল্লী আৰু নয়ডাত হোৱা বহুবোৰ ফাংচনত ডাঙৰটোৱে ইংৰাজীতে ‘ এংকৰিং” কৰিছে । সৰুটোৱেও কেতিয়াও কোনো সভাতে কথা কবলৈ সংকোচ নকৰে । সিদিনা অকবৰ আড্ডাত সৰুটোৱে ( যি মাত্র ৭ বছৰীয়া জীৱনত ৩বাৰ অসম গৈছে ) আমি অসমীয়া, নহওদুখীযা বুলি গৰ্বৰে গাইছিল । এইবাৰ গণতন্ত্রদিবসতো সিহঁতি আন ভাৰতীয় লৰাৰ লগত নিজেও হিন্দি নাট কৰিব । অনুষ্ঠানৰ আতো ধৰিব মোৰ ডাঙৰ লৰাই । ইচ্ছা কৰিলে চাবলৈ আহিব পাৰে । জি ডি গোৱেংকা স্কুলৰ “প্রিফেক্টো” মোৰ এই অসমীয়া লৰাটোৱেই আছিল । …ডাঙৰটোৱে দুখন ইংৰাজী উপন্যাসো লিখিছে । সিহঁত কিন্তু একো অসাধৰণবু্দ্ধিমত্তাৰ লৰা নহয় ্ সাধাৰণ লৰাই !!প্রতি দেওবাৰে হোৱা SGI নামৰ সংস্থাটোৰ মিটিঙত মোৰ সৰু লৰাটোৱেই নেতৃত্ব লয় ্ এই সংস্থাত এজনো অসমীয়া নাই ।

 

ApurbaKalitaশুনি ভাল পালো অনুপমা বৰগোহাঁই ডাঙৰীয়ানী । আপোনালোকৰ দৰে অসমৰ বাহিৰত থকা অভিভাবক সকলে নিশ্চয় আন আনপৰিয়ালসমুহক অনুপ্ৰেৰিত কৰিব ।

 

MadhurimaGharphaliaঅনুপমাবা, আপোনাৰ মন্তব্যটো হাজাৰবাৰ সমৰ্থন কৰিলোঁ । আশা কৰোঁ কেৱল নিজৰ প্ৰয়োজনত হে নিজকে অসমীয়া হিচাপে সজোৱা অসমীয়াসকলে যেন আপোনালোকক তেওঁলোকৰ আদৰ্শ হিচাপে লয় ।

 

PratimPratapBaruahঅপূৰ্ব, মোৰ কথাষাৰআধাডুখৰীয়াকৈ উত্থাপন কৰিলা। মই কৈছিলোঁ – “আচলতে অসম, অসমীয়া ভাষা আৰু অসমীয়া জাতিক মনে-প্ৰাণে ভালপাবলৈ আমি

One thought on “মাতৃভাষা বিষয়ক মুকলি বাৰ্তালাপ

  • April 4, 2013 at 9:09 pm
    Permalink

    সুন্দৰ…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!