মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য) : প্ৰথম খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল ।”  আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই  হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা  কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ;  কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই  উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ  বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী  www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে । এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ  বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে  অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত  প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে ।   ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয়  ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে  ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব । এইয়া  অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ ।

ধাৰাবাহিক আত্মজীৱনীখন  প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ  ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ”  কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ ।

আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে । সেইসকল হৈছে – অনুপমা বৰগোহাঁই ( নতুন দিল্লী ), স্যামন্ত কুমাৰ গোস্বামী ( দক্ষিণ কোৰিয়া ), মঞ্জিল কোঁৱৰ (গুৱাহাটী ), মনোজ মন কলিতা ( টাইৱান ) , ধ্ৰুৱজ্যোতি শৰ্ম্মা ( গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা ), সুৰজিত নেওগ (গুৱাহাটী)  আৰু আফটাৰ  হুছেইন চৌধুৰী ( চৌদি-আৰৱ ) ।

প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক  আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে  তেওঁলোকৰ  বহুমূলীয়া মন্তব্যও  যেন  অসমীয়া  বা ইংৰাজী ভাষাত ইয়াতে  আগবঢ়ায়  ।

বিনীত,

সাহিত্য.অৰ্গ

——————————————————————————————————


প্ৰথম খণ্ড

কোনোবা এজন কবিয়ে কৈছিল, ‘মোৰ শৈশৱ মোক ঘূৰাই দিয়া, তাৰ বাবে মই সকলো ত্যাগ কৰিবলৈ সাজু।’ শৈশৱৰ প্রতি এই আৱেগিক আকৰ্ষণ সকলো মানুহৰে থাকে, কিয়নো সেই সৰল আৰু নিষ্পাপ ৰূপ বয়সীয়া মানুহে হেৰুৱাই পেলায় আৰু সংবেদনশীলসকল বিষণ্ণ হয় । ময়ো এই বৃদ্ধ বয়সত বিষণ্ণবোধ কৰিছো। কিবা যেন হেৰুৱাই পেলাইছো, একৈশ শতিকাতো সময় ইতৰ হৈছে। অতীতৰ মিঠা সোঁৱৰণিয়ে এই ধ্বংস, অৱক্ষয়ৰ প্রবাহ ৰোধ কৰিব নোৱাৰে, কিন্তু আৱহমান কালৰ মাজত সি সৃষ্টিৰ ইংগিত দিব পাৰে বুলি মোৰ ধাৰণা হয়।

পৰিবেশ প্ৰতিকূল। মোৰ দৰে সাধাৰণ লেখকৰ ব্যক্তিগত কথা পঢ়িবলৈ কাৰ সময় আছে? টিভিৰ দৰ্শক হৈ পৰিছো, ৰিম’ট কন্ট্র্’ল হাতত লৈ ইচ্ছা কৰিলেই পৃথিৱীৰ বিভিন্ন ঠাই চাব পাৰিছো, বিৰক্তি পালেই দৃশ্য সলনি কৰিব পাৰিছো, কবিৰ কথা নুশুনি ফুটবল খেলাৰ উত্তেজনালৈ দৌৰিছো। ইয়াৰ অৰ্থ হ’ল আমি প্রত্যেকেই শক্তিমান। টিভিয়ে আমাৰ মন নিয়ন্ত্ৰণ কৰিছে। এই পৰিস্থিতিত পঢ়া-শুনা কমিছে, মানুহৰ মানসিক অৱক্ষয় বাঢ়িছে। সেইবাবেই কৈছো- সহৃদয় পাঠক ওলাব জানো?

সি যি কি নহওক এইবোৰ এনেয়ে ক’লো। এতিয়া আচল কথালৈ আহো।

আমাৰ উপৰিপুৰুষসকল ক’ৰ পৰা, কেনেকৈ আৰু কেতিয়া আহিছিল, সেই কথা এতিয়া নকওঁ, তাৰ বাবে তথ্য হাতত কম আৰু অনুসন্ধানৰ প্ৰয়োজন হ’ব। পিচত কেতিয়াবা ক’ম। সম্প্রতি আৰম্ভ কৰো আমাৰ ককাদেউতাৰ পৰা । তেওঁৰ নাম আছিল নাৰায়ণ ভট্টাচাৰ্য, ঘৰ আছিল যোৰহাটৰ তৰাজানত। তেওঁ যোৰহাটৰ পৰা বাৰ কিলোমিটাৰ পূবে থকা ঢেঁকীয়াখোৱা গাঁৱলৈ গুচি আহিল আৰু তাতে বিয়া বাৰু কৰাই নিগাজীকৈ থাকিবলৈ ল’লে। যোৰহাটৰ পৰা ককা গুছি অহাৰ কাহিনী দেউতাৰ মুখত শুনিছিলো। ককাহঁতৰ পাঁচজন ককাই-ভাইৰ ভিতৰৰ এজন হ’ল পণ্ডিত তোয়ধৰ শৰ্মা। তেওঁৰ এখন টোল আছিল। তেওঁ ভায়েক নাৰায়ণকো পঢ়ুৱাইছিল। এদিন পঢ়ুৱাই থাকোতে কিবা প্রশ্নৰ উত্তৰ দিব নোৱাৰাত ককায়েকে খঙত ওচৰৰ জুহালৰ জ্বলি থকা খৰিডালেৰেই ভায়েকৰ পিঠিত ুঁচি দিলে। ভায়েকে ককায়েকৰ প্রচণ্ড খং দেখি সেই টোল যে ত্যাগ কৰিলেই, তৰাজানৰ ঘৰখনো এৰিলে ।

অনাই-বনাই ঘুৰি ফুৰি শেষত ঢেঁকীয়াখোৱা গাঁৱত থাকিবলে ল’লে। বিয়া কৰালে গুণাই মুক্তিয়াৰ নামৰ এজন সম্ভ্রান্ত লোকৰ ছোৱালী ফুলেশ্বৰীক। ককাৰো পাঁচজন ল’ৰা; গোলাপ, কমল, শশী, ৰজনী আৰু কীৰ্তি। আমাৰ দেউতা হ’ল শশীধৰ। দেউতাই তৰাজানতে থাকি গোবিন্দ বেজবৰুৱাই (লক্ষ্ণীনাথ বেজবৰুৱাৰ ককায়েক) প্রতিস্থা কৰা বেজবৰুৱা হাইস্কুলৰ কেইশ্রেণীমান পঢ়িয়েই বিদ্যা শিক্ষাৰ অন্ত পেলালে। তাৰ পিছত সোণাৰীৰ ওচৰৰ চফ্রাই বাগানত সোমাল। গোলাপ বৰদেউতা কম বয়সতে ঢুকাল, তেওঁৰ ল’ৰা প্রমোদ। তেওঁ যোৰহাটৰ বঙালপুখুৰীত ঘৰ সাজিলে। কমল বৰদেউতা ঢেঁকীয়াখোৱাৰ ঘৰত থাকিল আৰু মাটি-বাৰী চম্ভালিলে। ৰজনী আৰু কীৰ্তি – এই দুজন দদাইদেৱে যোৰহাটৰ বেজবৰুৱা স্কুলতে দুশ্রেণী মান পঢ়ি চফ্রাই বাগানতে সোমালগৈ।

তৰাজানত আমাৰ বংশ-পৰিয়াল এতিয়াও আছে। তৰাজানৰ দুজন মানুহৰ কথা আটায়ে জানে। এজন পণ্ডিত লক্ষ্ণীনাথ শৰ্মা আনজন কৃষ্ণকান্ত ভট্টাচাৰ্য। পণ্ডিত লক্ষ্ণীনাথ শৰ্মা তোয়ধৰ শৰ্মাৰে পুতেক, তেখেত সেই সময়ৰ বিখ্যাত হেডমাষ্টৰ আছিল। গুৱাহাটীৰ কলেজিয়েত হাইস্কুলতো তেওঁ প্রধান শিক্ষক হিচাপে কাম কৰিছিল। আমাৰ দদাইদেউহঁতে সৰুতে আমাক তেওঁৰ কথা কয়। তেওঁ মানুহজন বৰ খঙাল আছিল। মানুহে তেওঁক ‘অগ্নিশৰ্মা’ বুলিছিল। দদাইদেউহঁতে কৈছিল যে তেওঁ অতিশয় ধাৰ্মিক আছিল, শিৱ পূজা সদায় কৰিছিল, আনহাতে কলিকতাত পঢ়ি সংস্কৃতত এম এ ডিগ্রী লৈ চাকৰি কৰা লোক হিচাপে তেওঁ বিদ্বান আৰু বংশৰো পদুম ফুল বুলি দদাইদেউহঁতে সদায় আমাক কাণ ছোৱাই থৈছিল। এই লক্ষ্ণীনাথ শৰ্মা ভাৰতীয় দৰ্শন সম্বন্ধে চিন্তা-চৰ্চা কৰোতা ৰাধানাথ ফুকনৰ নলে-গলে লগা বন্ধু আছিল। ফুকন বিজ্ঞানৰ ছাত্র, শৰ্মাৰ স’তে দুয়ো একেলগে থাকি কলিকতাত থাকি পঢ়া-শুনা কৰিছিল। পণ্ডিত তোয়ধৰে ল’ৰাহঁতে আন জাতিৰ মানুহৰ হাতে খোৱা-বোৱা কৰিবলগীয়া হ’ব পাৰে বুলি যোৰহাটৰ বামুণৰ ল’ৰা এজনক ৰান্ধনি হিচাপে লগত পঠিয়াইছিল। এবাৰ হেনো নিজে কলিকতালৈ গৈ ল’ৰাহঁতৰ খোৱা-বোৱা সম্পৰ্কে তেওঁ ভু-ভা লৈ আহিছিল। গুৱাহাটীৰ যিখন সভাত থলুৱা সুৰেৰে, মাটিৰ গোন্ধেৰে উদ্ভাসিত হৈ উঠা জ্যোতিপ্রসাদৰ ‘গছে গছে পাতি দিলে ফুলৰে শৰাই’ গীতটো (প্রফুল্ল বৰুৱাৰ সুৰাৰোপিত) গোৱা হৈছিল, সেই সভাত পণ্ডিত লক্ষ্ণীনাথ শৰ্মাও উপস্থিত আছিল। তেওঁ উঠি ঘোষণা কৰিছিল:  ‘এই প্রথম শুনিলো অসমীয়া গীত, শুনি আপ্লুত হৈছো।’ জ্যোতিপ্রসাদে নিজেও  সংকোচ কৰি আছিল, এই ঘোষণাত তেওঁৰো আশংকা দৰ হ’ল । উন্মোচন হ’ল তেওঁৰ অভিনৱ সাংস্কৃতিক প্রতিভাৰ । খঙাল লক্ষীনাথক ছাত্রসকলে বোধকৰো ভয় কৰিছিল ।  তেওঁ কোট , লংপেন্ট পিন্ধিছিল , কিন্তু মুৰত এডাল দীঘল টিকনি আছিল। সাহিত্যচাৰ্য অতুলচন্দ্র হাজৰিকাৰ “স্মৃতিলেখাত” কেইফাঁকিমান ধেমেলীয়া পদ পঢ়িছিলো । হাজৰিকা খুব সম্ভব তেতিয়া কলেজিয়েট স্কুলৰ ছাত্র আছিল । তেওঁ লিখিছে, আমিয়েই পদ কেইফাঁকি ৰচনা কৰিছিলো – পূৰ্বতে শুনা তেনেকুৱা পদৰ আৰ্হিৰে : পদ কেইফাঁকি হৈছে এনেকুৱা,

ৰাম স্বৰূপৰ কচুৰি

কুঞ্জ ঠাকুৰৰ খিচিৰি।

চুনি বাবুৰ গোসাঁনী

অগ্নি শৰ্মাৰ টিকনি ।।

এই আটাইকেইটা কথাৰে এটা বিশেষত্ব আছে । চেমনীয়া মনৰ ছবি এখন পদ কেইফাঁকিত পৰিস্ফুট হৈছে । ৰাম স্বৰূপৰ কচুৰি , কুঞ্জ ঠাকুৰৰ খিচিৰি , চুনী বাবুৰ গোসাঁনী আৰু অগ্নি শৰ্মাৰ টিকনিয়ে চঞ্চল কিশোৰ মনত আনন্দ দিছিল । চুনীবাবু কটন কলেজৰ অধ্যাপক আছিল , তেওঁ হেনো বিসৰ্জনৰ দিনা নীৰৱে চকুলো টুকিছিল । তেওঁৰ ঘৰৰ পূজা ভাগ চাই গুৱাহাটীৰ মানুহে তেতিয়া ভাল পাইছিল ।

‘অগ্নি শৰ্মা’ এই উপাধি উজনিৰ পৰা আহি নামনি পাইছিলহি । সাজপাৰত কোট -পেন্ট মুৰত দীঘল টিকনি – এই ৰূপটো সাধাৰণতে লৰাহঁতৰ অচিনাকি । সেইবাবেই লৰাহঁতে  এই শ্লোক ৰচি বাটে-পথে গাইছিল । এইজন বৰদেউতাক সৰুতে তৰাজানলৈ যাওঁতে এবাৰ নে দুবাৰ লগ পোৱা মনত আছে । এওঁৰ ভায়েক ঘনকান্ত ভট্টাচাৰ্য আৰু বিদ্যাধৰ শৰ্মা । প্ৰথমজনে , কৃষ্ণকান্ত ভট্টাচাৰ্যই  উলিওৱা “আসাম বিলাসিনী” কাকতৰ কিছুদিন সম্পাদনা কৰিছিল আৰু স্বাধীনতা আন্দোলনৰ অন্যতম নেতা আৰু অতিশয় বিদ্যোৎসাহী আছিল ।

এতিয়া কৃষ্ণকান্ত ভট্টাচাৰ্যৰ কথা অলপ ক’ব খুজিছো। তেওঁ যোৰহাটত ‘কৃষ্ণ পেস্কাৰ’ নামে জনাজাত আছিল। যোৰহাট কাছাৰীত তেওঁ পেস্কাৰৰ কাম কৰিছিল ।  এওঁ সৰবৰহী মানুহ আছিল । আমাৰ গাঁৱৰ আৰু দেউতাই কাম কৰা চফ্রাই বাগানৰ ঘৰলৈ তেওঁ গৈছিল। তেৱোঁ পণ্ডিত মানুহ আছিল। বিধি বিধান ( Rituals ) সম্পৰ্কে তেওঁৰ মতেই চূড়ান্ত বুলি গণ্য হৈছিল। যোৰহাটত  ‘কৃষ্ণ পেস্কাৰৰ মত ’ বুলি এটা কথাই আছিল । বেণুধৰ শৰ্মাই ক’ৰবাত এই বিষয়ে উল্লেখ কৰিছে। তেওঁ  ঘোৰ শাক্ত আছিল ,আৰু নিজৰ ঘৰতে দুৰ্গা পূজা পাতিছিল। কিন্তু এইজনা মানুহেই আউনীআটী সত্রৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ ধৰ্ম-প্রকাশ প্রেছটো কিনি আনি ঘৰতে বহুৱাই ‘আসাম-বিলাসিনী’ কাকতখন উলিয়াইছিল।   আউনীআটী সত্রৰ পৰা ওলোৱা ‘আসাম-বিলাসিনী’ ১৮৮৩ চনত বন্ধ হ’ল। পেস্কাৰে প্রায় ত্রিশ বছৰৰ পিচত ১৯১৩ চনত কাকতখন উলিয়াবলৈ ল’লে। তেওঁ চৰকাৰী কামত থকা বাবে ঘনকান্ত ভট্টাচাৰ্যক নামত সম্পাদক পাতি নিজেই কাম চলাইছিল। কাকতখনৰ জাতীয়তাবাদী  চৰিত্রই সেই সময়ৰ ইংৰাজ চৰকাৰক বহু কথাত থকা সৰকা কৰিছিল। ফলস্বৰূপে তেওঁৰ নাজল-নাথল অৱস্থা হৈছিল যদিও তালৈ তেওঁ কেৰেপ নকৰি কাকতৰ কাম চলাই গৈছিল। ‘আসাম-বিলাসিনী’ ৰ স্থান ‘অৰুণোদই’ৰ পিচতে, ইয়াৰ প্রতিবাদী আৰু সাহসী ভূমিকাৰ বাবে ইংৰাজ –চৰকাৰ শলঠেকত পৰিছিল,  কিয়নো এই কাকতৰ প্রচাৰৰ বাবে ৰাইজৰ মাজতো ইংৰাজৰ বিৰুদ্ধে অসন্তোষ বাঢ়ি আহিছিল। ইয়াৰ এটা “অসহযোগ সংখ্যা” ওলাইছিল, সেই কথা মন কৰিবলগীয়া। শেহলৈ ক্ষমতাত থকাসকলে কৃষ্ণ পেস্কাৰৰ লটি ঘটি কৰিলে আৰু মূৰকত চাকৰিটোও খালে। পিচলৈ তেওঁ দুখত কাল কটাব লগা হৈছিল। মূলতঃ তেওঁৰ প্রতিবাদী ভংগীটো মধ্যবিত্তসুলভ, কিন্তু  যুঁজত মধ্যবিত্তৰ অগ্রণী ভূমিকা অবাঞ্চনীয় নহয়। ১৯২৪ চনত ‘ আসাম বিলাসিনী’ৰ এই ২য় ৰূপটোৰো মৃত্যু ঘটিল। ১৯২১ চনৰ ১৮ আগষ্টত মহাত্মা গান্ধী অসমলৈ আহিছিল, তেওঁৰ আগমনে অসমতো অসহযোগ আন্দোলনৰ সূচনা কৰিছিল। কৃষ্ণকান্তৰ ‘আসাম বিলাসিনী’ৰ  অসহযোগী ভূমিকা সেই সময়ত বলিষ্ঠ হৈ উঠিছিল। এই স্মৰণীয় ব্যক্তিজনক মই প্ৰায়ে সোঁৱৰো আৰু উৎসাহিত হওঁ। শেহৰ ফালে তেওঁৰ ভৰি এটা ভাগিছিল। ভাল হ’ল যদিও আগৰ নিচিনাকৈ খোজ দিব নোৱাৰা হ’ল। এবাৰ এডাল শকত দীঘল লাখুটি লৈ তেওঁ আমাৰ ঘৰ ওলাইছিলহি। চেউনী আলিৰ পৰা গাঁৱলৈ প্রায় তিনি কিলোমিটাৰ; এই তিনি কিলোমিটাৰ  বাট তেওঁ দুপিয়াই দুপিয়াই গৈ আছিল আৰু  উভতিবৰ সময়ত মই লগতে আহি চেউনীত  উঠাই দিছিলো। তেতিয়া দুই –এখন বাছ চলিছিল। তাতে তেওঁ কোনো ৰকম উঠি যোৰহাট পালেগৈ। বাছ ষ্টেচনৰ পৰা আকৌ পদ যাত্রা। মই তেতিয়া কাকজান মাইনৰ স্কুলত পঢ়ো। তেনেই সৰু ল’ৰা। কিন্তু মানুহজনৰ মনোবলৰ উমান নোপোৱাকৈ থকা নাছিলো। মানুহজন ধাৰ্মিক আছিল ঠিকেই, কিন্তু তেওঁ আছিল সঁচা অৰ্থত ধাৰ্মিক, আজিৰ দৰে ত্রিশূল ধাৰণৰ ৰাজনীতি কৰা নাছিল।

‘আসাম বিলাসিনী’ৰ আৰম্ভণিৰ পৰ্বতে প্রথম মহাযুদ্ধও লাগিছিল। অসমীয়া মানুহক যুদ্ধৰ সৈনিক হবলৈ গৰ্ডন চাহাবে ‘ৰণৰ কুকুৰা ৰণত মৰে’ বুলি আহ্বান জনাইছিল। নকলেও হ’ব , ‘আসাম বিলাসিনী’ য়ে ইয়াৰ প্রতিবাদ কৰিছিল। দুখৰ বিষয় এইবোৰ মানুহ এতিয়া বিস্মৃত। আগতেই কৈছো, আমাৰ গাঁওখনৰ নাম ঢেঁকীয়াখোৱা। নামটোৰ আঁতি-গুৰি  আজিকালি কাকতে পত্রই ওলাইছে। কিম্বদন্তি মতে, আহোম ৰজাই হৰি জোঁৱাইক কাটি মাধৱদেৱক এৰি দিয়াৰ ঐতিহাসিক ঘটনাৰ পিছত শ্ৰান্ত–ক্লান্ত হৈ ঢেঁকীয়াখোৱাৰ মাজেদি ৰৈ যোৱা দিহা নৈ পাৰত এহাল বুঢ়া-বুঢ়ীৰ বহাত মাধৱদেৱ উপস্থিত হৈছিলহি। বুঢ়া-বুঢ়ীয়ে তেওঁক ঢেঁকীয়া শাকেৰে ভাত খুৱালে। মাধৱদেৱে সেই ঠাইতেই বন্তি জ্বলাই নামঘৰৰ ভেটি স্থাপন কৰিলে। নৈৰ পাৰৰ সেই ঠাইটুকুৰাতে  ঢেঁকীয়াখোৱা বৰনামঘৰ প্রতিষ্ঠা হ’ল। ঠাইটুকুৰাৰ প্রাকৃতিক দৃশ্যও সুন্দৰ , নিচেই কাষেদি বৈ যোৱা  দিহা নৈয়ে যেন এই ঐতিহাসিক ঐতিহ্যক আৱৰি ৰাখিছে। ওৰৰ ডাঙৰ ডাঙৰ গছ বিলাকত বুঢ়া ডাঙৰীয়া থাকে বুলি মানুহে তাহানি আমাক কৈছিল আৰু সন্ধিয়া সময়ত নামঘৰৰ ফালে যাবলৈ নিদিছিল। এতিয়া হয়তো এনেবোৰ বিশ্বাস কমি আহিছে। নামঘৰবোৰ যদি জ্ঞান সাধনাৰ কেন্দ্র স্বৰূপে গঢ় দিব পাৰি তেন্তে জাতিটোৰ মংগল হব। গাঁওবোৰৰ অৰ্থনীতি টনকিয়াল কৰি মানুহক উন্নততৰ বোধৰ অধিকাৰী কৰাত নামঘৰে সহায় কৰিব পাৰে।

ঢেঁকীয়াখোৱাৰ পশ্চিমে প্রায় দুই কিলোমিটাৰ আঁতৰত এখন গাঁও আছে। নাম মেলেং কাঠগাওঁ এইখন বৌটিহঁতৰ গাঁও। বৌটিৰ নাম  আছিল আইদেউ। মোৰ জন্ম হৈছিল এইখন গাঁৱতে। ১৯২১ চনৰ ৪ ডিচেম্বৰত মোৰ জন্ম। গাঁওখনলৈ যাওঁতে এটা লুংলুঙীয়া বাটেদি যাব লগা হৈছিল । গৈ প্রথমতে দিহা নৈ পাৰ হব লাগে। জাৰকালি নৈয়েদি নামি যাব পাৰি। তৰাং। বাৰিষা অহা-যোৱা কৰিবলৈও ৰাইজে এডাল সাঁকোৰ ব্যৱস্থা কৰিছিল। সাঁকোডাল তামোলৰ গা –গছৰ ,কেতিয়াবা বাঁহৰ দুডলীয়া কৈ দিয়া হয়। লগত হেতা মাৰিও থাকে। বকুল বনৰ কবি আনন্দচন্দ্র বৰুৱাৰ এটা বিখ্যাত গানৰ প্রথম শাৰীটো হৈছে: “দিহাৰ সাঁকো, ভাগো ভাগো হেতা মাৰিও নাই । পংক্তিটোত সাঁকোডাল হয়তো প্রতীক, কিন্তু  সাঁকোডালৰ ৰূপটো তাত সুন্দৰকৈ ফুটি উঠিছে । বৰুৱা আমাৰ গাঁৱৰ মানুহ । তেওঁৰ কথা পিছত ক’ম । সাঁকোডাল বৰ সাৱধানে আমি পাৰ হওঁ , কাৰণ তলত পানীৰ সোঁত । সাঁকো পাৰ হৈ এটা আলি পাওঁ । সেই আলিটোৰ কাষতে আছিল পুনীয়া সত্র । সত্রাধিকাৰ দত্তদেৱ গোস্বামী। তেওঁ কেইবাটাও ঢোল একেলগে বজাব পাৰিছিল। সত্ৰৰ দাঁতিয়েদি গৈ এটা বঙিয়া পোৱা যায়। দুয়োকাষে বহল ধাননি পথাৰ। পথাৰ অতিক্ৰম কৰি, এটা পুখুৰীৰ ওচৰত ওলাওঁগৈ। পুখুৰীটো পথাৰৰ মাজতে, তাত বহুত মাছ আছিল। মোমাইদেউহঁতৰ লগত তাত বৰশী বোৱা মনত পৰে। পুখুৰীটো এৰি এটা সুৰুকীয়া বাটেদি গৈ কাঠগাঁৱৰ ৰাস্তা ওলাওঁগৈ। পুখুৰীটো জখলাবন্ধা পুখুৰী নামে জনাজাত। মোমাইদেউহঁতৰ সত্ৰৰ নামো জখলাবন্ধা। দামোদৰীয়া বৈষ্ণৱ সত্ৰ। নগাঁৱৰ জখলাবন্ধা সত্ৰৰ লগত তেওঁবিলাকৰ সম্পৰ্ক আছিল। মোমাইদেউহঁতৰ ঘৰৰ মুখতে এটা বাটচ’ৰা আছিল। বাটচ’ৰাইদি অলপ দূৰ গ’লেই আমি মোমাইদেউহঁতৰ ঘৰ পাওঁগৈ। তেওঁবিলাকৰ বংশ-পৰিয়াল ওচৰে-পাঁজৰেই আছিল, সৰুতে আমি ঢেঁকীয়াখোৱাৰ পৰা কাঠগাঁৱলৈ অহা-যোৱা কৰিছিলোঁ। আমি মানে মই আৰু বীৰেন (ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)। আমি তেতিয়া কাকজান চৰকাৰী মাইনৰ স্কুলত পঢ়িছিলোঁ। দেউতা-বৌটিহঁত আছিল চফ্ৰাই বাগানত। আমাক ঢেঁকীয়াখোৱাৰ ঘৰত ৰাখি কাকজানৰ স্কুলত নাম লগাই দিছিল। বাগানৰ ওচৰে-পাঁজৰে তেতিয়া তেনেধৰণৰ স্কুল নাছিল। আনকি, পাঠশালা স্কুলো নাছিল। চফ্ৰাই ৰেল ষ্টেচনৰ ওচৰত লোকেল ব’ৰ্ডৰ অধীনত থকা পাঠশালা স্কুল এখনলৈ প্ৰায় পাঁচ মাইল বাটকুৰি বাই আমি যাবলগীয়া হৈছিল। কেতিয়াবা ষ্টেচনলৈ মাল আনিবলৈ যোৱা ট্ৰলীতে উঠি গৈছিলো।

এই প্ৰসংগৰ কথা পিচলৈ থৈ এতিয়া আমাৰ মাতামহসকলৰ এটা পৰিচয় দিওঁ। বৌটিৰ দেউতাকৰ নাম আছিল তগৰ। বৌটিৰ মাক আছিল জাঁজীৰ প্ৰেমনাথ শৰ্মাৰ ভনীয়েক। বৌটি আৰু ককায়েক চন্দ্ৰনাথ গোস্বামী – তগৰৰ এই দুটিয়েই ল’ৰা-ছোৱালী। তগৰৰ ভায়েক আছিল ক্ৰমে টংকেশ্বৰ আৰু মোক্ষেশ্বৰ। তগৰৰ অকাল মৃত্যু ঘটিল, টংকেশ্বৰ বিয়া-বাৰু নকৰোৱাকৈ দক্ষিণপাট সত্ৰৰ বৰভাগৱতী হ’লগৈ। মোক্ষেশ্বৰ কাঠগাঁৱৰ ঘৰতে থাকিল, তেওঁৰ ল’ৰা তিনিজন – প্ৰফুল্ল, লক্ষেশ্বৰ আৰু পুষ্পধৰ; ছোৱালী দুজনী – গুণবালা আৰু স্বৰ্ণপ্ৰভা। প্ৰথমাৱস্থাত এওঁলোক আটাইবোৰ একেলগেই আছিল। পিচত বেলেগে বেলেগে থাকিবলৈ ল’লে। মোমাইদেউ, চন্দ্ৰনাথ গোস্বামীয়ে ডিকমৰ ওচৰৰ ঠানাই বাগিচাত কাম কৰিছিল। পাচত কাকজানতে নিজাকৈ ঘৰ সাজিলে। গুৱাহাটীৰ ইষ্ট-এণ্ড নাৰ্ছিংহোমৰ গুৰি ধৰোঁতা ডা৹ দেৱীপ্ৰসাদ গোস্বামী তেওঁৰে ডাঙৰ ল’ৰা। প্ৰফুল্ল মামাহঁত গাঁৱৰ পৰা উঠি আহি চেউনী আলিৰ দাঁতিত ঘৰ সাজিলেহি।

সৰুতে মই আৰু বীৰেন প্ৰায়ে কাঠগাঁৱলৈ গৈছিলোঁ। কাৰণ হ’ল, আইতাহঁতৰ মৰম, মোমাইদেউহঁতৰ সান্নিধ্য আৰু সৰু ককা মোক্ষেশ্বৰৰ আদৰ-আশ্বাসে আমাক বৰ আনন্দ দিছিল। আমি গ’লে সৰু ককাৰ পকা চুলি উভালিব লাগে। এডালত একোটাকৈ পাতি পইচা দিম বুলি কয়, নিদিয়ে। তেওঁৰ ঘৰৰ পাচফালে থকা পুখুৰীটোৰ দাঁতিৰ পথাৰত সৰু সৰু গাঁত কিছুমান কৰি তাত জেং-জাবৰ দি থৈছিল। দুপৰীয়া ভাতসাজ খোৱাৰ আগতে তেওঁ গৈ সেই গাঁতবোৰৰ পানীবোৰ সিঁচি পেলায়। পানী তৰ পৰিলে বোকাবোৰ ওলাই পৰে। তাত দেধাৰ মাছ। আমাক তেওঁ মাছ ধৰিবলৈ কয়। কাৱৈ, মাগুৰ, শিঙৰা, পুঠি আদি মাছ ধৰি আমি বৰ স্ফুৰ্তি কৰো আৰু ওচৰতে থোৱা খালৈত ভৰাই যাওঁ। সেই মাছেৰে দুপৰীয়াৰ ভাতসাজ তৃপ্তিৰে খাওঁহক। পুখুৰীৰ এটা চুক কাটি বাৰিষা চেপা থৈ দিয়ে। তাতো বিভিন্ন ধৰণৰ মাছ লাগি থাকে। সেইবোৰ গোটোৱাও আমাৰ চখ আছিল। সৰু ককাৰ এই ধেমালিবোৰ আজিও মনত পৰে। বৌটিহঁতৰ গাঁও আৰু ঘৰখনৰ কথা এইখিনিতে উল্লেখ হে কৰিছোঁ। এইবোৰ কথাৰ পৰৱৰ্তী অংশ পিচলৈ থৈ এতিয়া মোৰ বিদ্যাৰম্ভৰ কাহিনী ক’ব খুজিছো। কাঠগাঁৱৰ পৰা দেউতাই কাম কৰা চফ্ৰাই বাগানলৈ গ’লো। এই বাগানখনতে ডাঙৰ-দীঘল হ’লো। মোৰ ভাই ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইখন বাগানতে ওপজিছিল। মোতকৈ সি আঢ়ৈ বছৰৰ সৰু। তাৰ পিচত ক্ৰমে ভনী পুতলী, গিৰীণ, অনিল, কামাখ্যা আৰু মা-মণি। মা-মণি সৰুতেই ঢুকাল। পুতলীৰ পঢ়া-শুনা নহ’ল, তাইক সোনকালেই বিয়া দিয়া হ’ল। আজিকালি হোৱা হ’লে এনে নহ’লহেঁতেন। পুষ্পিতা নৌহওঁতেই (তেতিয়া ব্ৰাহ্মণৰ তেনে নিয়ম আছিল) শিৱসাগৰৰ কুজিবালিৰ চন্দ্ৰেশ্বৰ ভট্টাচাৰ্য (মাখন) লৈ দেউতাই বিয়া দি দিলে। তাৰ এবছৰমানৰ পিচত তাই চফ্ৰাইৰ পৰা কুজিবালিৰ ঘৰলৈ গ’ল। তাইৰ বিয়াৰ সময়ত মই নৱম শ্ৰেণীৰ ছাত্ৰ। বিয়াখন চাবলৈ বাগানৰ চাহাবসকলো আহিছিল। বিয়া চাই উপভোগ কৰিছিল। চফ্ৰাই বাগান চিংলো টি কোম্পানী নামৰ এটা বৃটিছ কোম্পানীয়ে চলাইছিল। বাগানখন চেংলুং নামৰ পাহাৰ এটাৰ ওপৰত। তাত মণিৰাম দেৱানে চাহ গছ প্ৰথমতে ৰুইছিল বুলি আমি কোৱা শুনিছিলো। সম্ভৱতঃ মণিৰামে যেতিয়া বৃটিছৰ বিৰুদ্ধে থিয় দিলে, তেতিয়া বৃটিছে তেওঁৰ এই চাহ-বাগিচা বাজেয়াপ্ত কৰিছিল। চাহাবহঁতে চেংলুং পাহাৰকে ‘চিংলো’ বুলিছিল যেন অনুমান হয়। বাগানলৈ যিবোৰ চাহাব সেই সময়ত আহিছিল, সেইবোৰ উচ্চ শিক্ষিত নাছিল, কাচিৎহে দুই-এজন  বিদ্বান আৰু অনুসন্ধিৎসু লোক আছিল। ই এ গেইট, পি আৰ টি গৰ্ডন বা কটনৰ অধ্যক্ষ চুডমাৰ্চনৰ দৰে উচ্চ শিক্ষিত আৰু বিদ্যোৎসাহী নাছিল এই চাহাববোৰ। ইহঁতৰ কথা আছিল কোম্পানীক লাভ দিয়া আৰু প্ৰতিযোগিতাৰ বাবে উচ্চ মানৰ চাহ উৎপাদন কৰা। মানুহ তাত গৌণ। সেই কথা প্ৰমাণ কৰিছিল সেই সময়ৰ বনুৱাৰ দুৰৱস্থাই। সি যি কি নহওক পুতলীৰ বিয়াৰ কথা আকৌ দোহাৰো।

আমাৰ ঘৰত গোট খোৱা মিতিৰ-কুটুমৰ দুই-এজনে আৰু ওচৰৰ নাফুক বাগিচাৰ বৰকেৰেণী শিশুৰাম দত্তৰ দ্বিতীয় পুত্ৰ লীলাধৰ দত্তকে মুখ্য কৰি চফ্ৰাইৰ ডেকা ‘বাবু’সকলে দৰা আগচিবলৈ ঠিক কৰিলে। লীলাধৰে তেতিয়া কটনত পঢ়ি আছিল। তেওঁ সেই বয়সতে ওখ-পাখ দেখনিয়াৰ ল’ৰা আছিল। তেজে ফুটো ফুটো মুখ, কথা কোৱাত, তৰ্ক কৰাত ওস্তাদ। এইখিনিতে কৈ থওঁ, তেওঁ বি এ পঢ়ি থাকোতেই আৱাহনত কবিতা লিখিছিল।  ( ক্ৰমশঃ )

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Noni Kr Bhattacharyya
8 years ago

It is a tremendous effort on your part . Hope it will give more light & weight to the oxomia xahitya. One thing I would like to point out that Assamese font selection and its size is not at all suitable for readers. I think it should be simple plain and slightly bigger size font. It is purely my personal view , if you feel like to implement it than I think the site will give more satisfaction to readers.
with regards
Noni Kr Bhattacharyya

golap gogoi
7 years ago

It is a great work in Assamese literature.
thanks to all.

Tom
6 years ago

NIce effort….lots of thnx 2 give us an oprtunity 2 introduce with such a gr8 wrk

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক