মৌ-সনা সোঁৱৰণি (নলিনীধৰ ভট্টাচাৰ্য): অষ্টম খণ্ড

——– সাহিত্য.অৰ্গৰ ক’বলগীয়াখিনি ——-

ড° শিৱনাথ বৰ্মনে তেখেতৰ বিষয়ে এনেদৰে লিখিছে — “ তেওঁ যেন লগাতকৈয়ো বেছি সৰল, বেছি ভাল।”  আধুনিক অসমীয়া সাহিত্যৰ কবিতা, সমালোচনা, নিবন্ধ আৰু অনুবাদৰ জগতখনৰ এক বিশাল অংশ আৱৰি ৰখা এই ঋষিতুল্য ব্যক্তিজনেই  হ’ল সাহিত্যাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য। সময়ৰ জোখাৰে ৯২টা বছৰ পাৰ কৰা শ্ৰী ভট্টাচাৰ্যদেৱৰ বিষয়ে আমি কিবা  কবলৈ বা লিখিবলৈ যোৱা মানেই সেয়া হ’ব মাথোঁ ধৃষ্টতাৰ নামান্তৰ;  কিন্ত তেখেতৰ ঘটনাবহুল আৰু বৰ্ণাঢ্য জীৱনটোৰ বিষয়ে আত্মজীৱনীৰ ৰূপত পঢ়িবলৈ পালে আমাৰ দৰে বহুলোকেই অলপ হলেও উপকৃত হ’ব আৰু সেই  উদ্দেশ্যেই “ভাষা-সাহিত্য সন্মিলনী , অসমৰ” ফালৰ পৰা আমি তেখেতলৈ এই প্ৰস্তাৱটি আগবঢ়াইছিলো। ইণ্টাৰনেট জগতখনত অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি কৰা যৎসামান্য প্ৰচেষ্টাৰ  বিষয়ে জানিব পাৰি শ্ৰদ্ধাৰ ভট্টাচাৰ্যদেৱে একেষাৰতে আমাৰ মাহেকীয়া ই-আলোচনী   www.xahitya.org ত তেখেতৰ আত্মজীৱনীখন ধাৰাবাহিকভাৱে লিখিবলৈ সন্মতি প্ৰদান কৰে। এয়া আমাৰ বাবে আৰু ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা আনসকলৰ  বাবেও এক বৃহত প্ৰাপ্তি বুলি অনুভৱ কৰিছো। যদিও ভট্টাচাৰ্যদেৱৰ আত্মজীৱনীখন ধাৰাবাহিকভাবে  অসমৰ এখন অধুনালুপ্ত সাপ্তাহিক কাকতত  প্ৰকাশ পাইছিল, কিন্ত তেখেতৰ কৈশোৰৰ কথা বৰ্ণনা কৰা অৱস্থাতেই উক্ত কাকতখনৰ প্ৰকাশ বন্ধ হৈ পৰে।   ইণ্টাৰনেটত পোন-প্ৰথমবাৰৰ বাবে অসমৰ কোনো এজন স্বনামধন্য ব্যক্তিৰ আত্মজীৱনী ধাৰাবাহিকভাবে প্ৰকাশ হ’ব, অৰ্থাৎ শ্ৰদ্ধেয়  ভট্টাচাৰ্যদেৱৰ পূৰ্ণাংগ আত্মজীৱনীখনে প্ৰথমে  ছপা আখৰৰ ৰূপ নলৈ ডিজিটেল ৰূপহে ল’ব। এইয়া  অসমীয়া সাহিত্য জগতৰ বাবে এক অভিলেখ।ধাৰাবাহিক আত্মজীৱনীখন  প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহযোগ আগবঢ়োৱা নলিনীধৰ  ভট্টাচাৰ্যদেৱৰ পুত্ৰ ড° ৰাজীৱ ভট্টাচাৰ্য আৰু “সাতসৰীৰ”  কাৰ্য্যবাহী সম্পাদক দিগন্ত ওজাৰ ওচৰত আমি চিৰ-কৃতজ্ঞ।আত্মজীৱনীখনৰ ইউনিক’ড ৰূপান্তৰ কাৰ্যত আমাৰ দেশে-বিদেশে বাস কৰা বহুকেইজন সদস্য জড়িত হৈ আছে। সেইসকল হৈছে – অনুপমা বৰগোহাঁই (নতুন দিল্লী), স্যামন্ত কুমাৰ গোস্বামী (দক্ষিণ কোৰিয়া), মঞ্জিল কোঁৱৰ (গুৱাহাটী), মনোজ মন কলিতা (টাইৱান) , ধ্ৰুৱজ্যোতি শৰ্ম্মা (গুৱাহাটী), তিৰুজ্যোতি বৰা দাস (আমেৰিকা), সুৰজিত নেওগ (গুৱাহাটী)  আৰু আফটাৰ  হুছেইন চৌধুৰী (চৌদি-আৰৱ)। প্ৰিয় পঢ়ুৱৈসকললৈ অনুৰোধ, ধাৰাবাহিক আত্মজীৱনীখন একাদিক্ৰমে পঢ়াৰ লগে লগে  তেওঁলোকৰ  বহুমূলীয়া মন্তব্যও  যেন  অসমীয়া  বা ইংৰাজী ভাষাত ইয়াতে  আগবঢ়ায়  ।
বিনীত,সাহিত্য.অৰ্গ

 

মৌ সনা সোঁৱৰণি ( অষ্টম খণ্ড )

সুখ-দুখ আপেক্ষিক বস্তু। বাস্তৱৰ লগত ই ওতঃপ্ৰোতভাবে জড়িত। বৰ্হিজগতৰ ঘটনাৰ প্ৰভাব পৰি মনৰ পেণ্ডুলামে ক্ৰিয়া কৰে। শোক এটা অনুভূতি , ইয়াৰো উৎস বাস্তবেই। ভনীজনীৰ উপযুক্তভাৱে ৰোগ নিৰ্ণয় নহ’ল , চিকিৎসাও নহ’ল। ইয়াৰ কাৰণ আমি স্বাস্থ্য সম্বন্ধে সজাগ নহয়, তদুপৰি আৰ্থিক দৈন্যয়ো কিছু আহুকালত পেলায়। আনহাতে ঢুকি পোৱাতে চিকিৎসাৰ সু-ব্যৱস্থাও আমাৰ নাই। ভনীজনীৰ মৃত্যুত মানুহে অদৃষ্টৰ কথা কৈছিল। মোৰ বাবে আটাইতকৈ কৰুণতম ঘটনাটো হ’ল  বীৰেনৰ(বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ) মৃত্যু, মানুহে ক’লে, কাল আহিল। কাল মানে ইয়াত মৃত্যু। মৃত্যু আহিল ঠিকেই কিন্তু মোৰ কেতিয়াবা এনে লাগে যেন সেইসময়ত গুৱাহাটীত হৃদ ৰোগৰ আধুনিকতম চিকিৎসা পদ্ধতি সুলভ হোৱা হ’লে মৃত্যুৰ কবলৰ পৰা তাক ৰক্ষা কৰাৰ চেষ্টা  কৰিব পৰা গ’লহেঁতেন। ব্যৰ্থতাও তেতিয়া ৰমণীয় হ’লহেঁতেন! দেশ দুৰ্ভগীয়া ,ইয়াৰ কথা বেছি,কাম কম। সাধাৰণ মানুহ ইয়াত নিৰ্মমভাবে উপেক্ষিত। লাহে লাহে বয়স বাঢ়িল। তেতিয়া ১৯৪৬ চন বোধকৰো। পঁচিছ বছৰ পুৰ কৰিলো। দেউতাহঁতে ভাবিলে বিয়া কৰাবৰ বয়স হ’ল ল’ৰাৰ। বোধকৰো দেউতাহঁতে মোৰ যৌৱন-নিকুঞ্জত চৰাইৰ কাকলিৰ কিবা আভাস পাইছিল। তেতিয়া বিবাহ সম্পৰ্কীয় , ঠিক বিবাহ  সম্পৰ্কীয় নহয় –  যৌৱন ,যৌনতা বিষয়ক কথাবোৰ impure  বুলি ভাবিবলৈ লৈছিলো। তেনে এটা বোধ থাকিলেও যৌৱন সম্বন্ধে যে কৌতুহল নাছিল এনে নহয়। তেনে  কৌতুহলৰ সীমাতেই ঘুৰি ফুৰিছিলো। প্ৰেমৰ কথা নাছিল, কিন্তু ৰোমান্টিক প্ৰেমৰ কবিতা পঢ়ি একধৰণৰ sublimation হৈছিল যেন লাগে। সেই সময়ত গণেশ গগৈৰ ‘পাপৰি” প্ৰায় কন্ঠস্থ আছিল। দুৱৰা, দেৱকান্ত বৰুৱাৰ কবিতাত এটা বেলেগ সোৱাদ পাইছিলো। ৰবি ঠাকুৰৰ “তব কমল-কোমল পাণি … কেঢ়ে ৰেখেছিনু বক্ষে”। এই কথাষাৰেও শিহৰণ তুলিছিল। শব্দবোৰে মনটোক কোনোবা ৰোমাঞ্চকৰ দেশলৈ যেন হাতবাউল দি মাতিছিল। কিন্তু বাস্তৱত কথা আছিল বেলেগ। ৰুচি-নীতিৰ কথা, শোভন-অশোভনৰ ধাৰণা, অথচ সামাজিক অস্বস্তিৰ প্ৰশ্ন – এইবোৰে আমাক সংযত কৰি ৰাখিছিল। পাশ্চাত্যৰ দৰে আমাৰ দেশ মুক্ত নহয় ,মুক্ত হোৱাৰ বাবে কালাপাহাৰী ভূমিকাও মই লোৱা নাছিলো। আজি যৌনতা, সমকামিতা  ইত্যাদি বিষয়ে মুকলিকৈ আমাৰ ইয়াতো আলোচনা হোৱা দেখিছো। ইণ্টাৰনেট আৰু বিশ্বায়নৰ যুগত মধ্যবিত্তৰ এয়েই নিয়তি হ’ব বা ইতিমধ্যে হৈছেই। সি যি কি নহওক, বিয়াৰ কথা মোৰ কাণত পৰিলেহি। পৰম্পৰাকে মানি ল’লো। সন্মতিও দিলো। ছোৱালী ঠিক হ’ল। পীৰাকটাৰ মহেশ্বৰ বৰকটকীৰ জীয়ৰী বিমলী। বৰকটকীক আমি সৰুৰে পৰা জানো। বৰ নিষ্ঠাৱান স্বাধীনতা স্বাধীনতা যুঁজাৰু। সম্ভৱতঃ ১৯২১ চনৰে পৰাই তেওঁ আন্দোলনত নামিছিল। জেললৈও গৈছিল। এই ফালৰ পৰা সকলো ভালেই আছিল, কিন্তু ছোৱালীৰ শিক্ষাত তেওঁবিলাকে গুৰুত্ব নিদিছিল। পাঠশালাতেই শিক্ষা সাং কৰিবলগীয়া হৈছিল। মই তেতিয়া সেইবোৰ কথালৈ চকু নিদি দেউতাৰ নিৰ্দেশ মানি বিয়াত বহিলো। কন্যাকাল হোৱাৰ আগতেই তেতিয়া ব্ৰাহ্মণৰ ছোৱালীৰ বিয়া  হৈছিল। তাৰ  প্ৰায় এবছৰৰ পিচতহে কন্যা আহি আমাৰ ঘৰত প্ৰৱেশ কৰিছিলহি। জীৱনৰ এটা পৰ্ব এনেকৈয়ে, অতি গতানুগতিক ভাবেই শেষ হৈ গ’ল! ঘৰ-সংসাৰ আৰম্ভ হ’ল। সচ্ছলতা নাছিল, তথাপি কোনোমতে চলি গৈছিলো। দেউতা অৱশ্যে বৰ বেছি দিন ঘৰত নাথাকিল। আকৌ বাগানৰ কাম কৰিবলৈ মন মেলিলে। ঘৰুৱা অৱস্থাৰ বাবেই হয়তো তেনে সিদ্ধান্ত লৈছিল। শিক্ষকতা কৰি ময়ো বেছি পইচা পোৱা নাছিলো। কিছুদিন যোৰহাটৰ ওচৰৰ লেটেকুজান আৰু তাৰপিচত তিনিচুকীয়াৰ ওচৰৰ টেঙাখাট বাগানত কাম কৰিছিল। মুঠতে পঞ্চাশৰ বৰভূঁইকঁপৰ পিচলৈকে দেউতা বাহিৰতে থাকিল। তাৰপিচত যেতিয়া ঘুৰি আহিল, তেতিয়া স্বাস্থ্য পৰি আহিছিল। টেঙাখাটত থাকোতেই দেউতাৰ পেটৰ অসুখ হৈছিল। সেই অসুখৰ পিচতে দেউতা ঘৰ পালেহি। ইয়াৰ পিচত গুৱাহাটীলৈ আহিছিল। গুৱাহাটীত দেউতাৰ ভৰিবোৰ উখহিল। বীৰেনে ড: ভূৱনেশ্বৰ বৰুৱাক দেখুৱালে। দৰব-জাতি খাই অলপ  ভাল পাই
ঘৰ পালেহি। তেতিয়া কাকজানত ড: বীৰেন বৰঠাকুৰ (প্ৰীতি বৰুৱা আৰু হীৰেন ভট্টৰ মোমায়েক। তেখেতে চাই দৰব দিলে। কিছুদিন থকাৰ পিচত দেখা গ’ল পেটটো অলপ উখহিছে। বৰঠাকুৰ তেতিয়া ছুটিত আছিল। উপায় নাপাই বীৰেনহঁতৰ লগত পৰামৰ্শ কৰি যোৰহাটৰ খ্যাতনামা চিকিৎসক ডা:প্ৰসাদ বৰদলৈক অনা হ’ল। তেখেতে চাই আমাক কলে, “ উদৰী হৈছে। লিভাৰ সংকুচিত। এই বয়সত এনকুৱা হ’লে আৰগ্য কৰা টান। তথাপি আপোনালোকে যোৰহাটৰ চিভিলত দুদিনমান ৰাখক, ময়ো চাম”। বৰদলৈ চৰকাৰী ডাক্তৰ নাছিল। তেওঁৰ নিজা ফাৰ্মাচী আছিল। আজিকালিৰ দৰে নাৰ্চিং হ’ম তেওঁ খোলা নাছিল। তেতিয়া তাৰ প্ৰচলন নাছিল। ডা:বৰদলৈৰ পৰামৰ্শমতে যোৰহাটৰ চিভিল হস্পিতেলৰ পেয়িং কেবিন এটাত দেউতাক নি থ’লোগৈ। তাত এমাহমান আছিল। বৰ বিশেষ উন্নতি নহ’ল। সেইবাবে ঘৰলৈকে পুনৰ অনা হ’ল। তাৰ পিচতো কেইমাহমান দেউতা জীয়াই আছিল। ১৯৫২ চনত দেউতা ঢুকায়।
যোৰহাটত চিকিৎসা চলি থাকোতে দেউতাই কৈছিল, তহঁতে পলম কৰিলি, এই শুশ্ৰূষা যদি আগতে কৰিলিহেঁতেন, হয়তো ভাল হ’লহেঁতেন। দেউতাৰ এই কথাষাৰ মই এতিয়াও পাহৰা নাই। পিচত ভাবি চাইছোঁ, কথাটো সঁচা। মোৰ সজাগতা নাছিল। সৰু ভনী মা-মণি আৰু দেউতাৰ মৃত্যুৰ বাবে মই যেন অপৰাধী – এনে বোধ এটা মোৰ নিৰন্তৰ থাকি গ’ল। আগতে উল্লেখ কৰিছোঁ আমাৰ পৰিয়ালত বীৰেনৰ মৃত্যুও এটা শোকাৱহ ঘটনা। মানুহে ‘কাল আহিল’ বুলি কয় কিন্তু এই কথাত এটা সান্ত্বনাৰ সুৰহে আছে। সময়ত উপযুক্ত চিকিৎসা হ’লে মানুহ জীয়াই থকাও দেখিছোঁ। অৱশ্যে আৰ্থিক সামৰ্থ্যও এটা সমস্যা। আমাৰ দেশত কিছুমান ৰোগৰ চিকিৎসা অত্যন্ত ব্যয়বহুল। এইখিনিতে ডাঃ প্ৰসাদ বৰদলৈৰ বিষয়ে দু-আষাৰমান ক’বৰ মন গৈছে। মানুহজন গহীন-গম্ভীৰ যদিও সৰল, ভংভঙীয়া আছিল। তেওঁ দুখীয়া মানুহৰ ডাক্তৰ। শেষৰ ফালে তেওঁ পা-পইচা নোলোৱাকৈয়ে ৰোগী চাইছিল। মই জোৰকৈ তেওঁক পইচা দিছিলো। বাৰে বাৰে পইচা যচা মানুহক তেওঁ ভাল নাপাইছিল। প্ৰেছক্ৰিপশ্বন লৈ গৈ ৰোগীয়ে ঘূৰি আহি যদি দৰব খাই কেনে পাইছে নকয়, তেন্তে তেওঁ বৰ বেয়া পায় আৰু ৰোগীক টানকৈয়ে কথা কয়। যিসকলে এই কথা জানিছিল, তেওঁলোকে সেই ভুলটো কৰা নাছিল। ডাঃ বৰদলৈ যোৰহাটৰ প্ৰবাদ পুৰুষ। তেওঁৰ বিষয়ে বহুত লিজেণ্ড আছে। এদিন এজন দুখীয়া মানুহ তেওঁৰ ফাৰ্মাচী ওলালগৈ। তেওঁৰ খহু হৈছিল। বৰদলৈয়ে চাই ‘কণ্ডু দাবানল’ লিখি দিলে। দৰবটো সেই সময়ত বহুতেই ব্যৱহাৰ কৰিছিল। প্ৰেছক্ৰিপশ্বন লৈ মানুহজন ফাৰ্মাচীয়ে ফাৰ্মাচীয়ে ঘূৰিলে, কিন্তু ক’তো নাপালে। মানুহজন আকৌ বৰদলৈৰ ওচৰ পালেহি। বৰদলৈয়ে সুধিলে, ‘কি হ’ল?’ মানুহজনে কোনো ফাৰ্মাচীতে দৰবটো পোৱা নাই বুলি ক’লে। বৰদলৈয়ে কথাটো বুজি মানুহজনক ক’লে, ‘চক-বজাৰলৈ যাওক, তাতে পাব।’ মানুহজনে বোধকৰোঁ দৰবটো পালে, ঘূৰি আৰু নাহিল।       ( ক্ৰমশঃ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!