মৌন ওঁঠে বাকিব নোৱাৰে হৃদয়ৰ অস্থিৰতা – অনুৰাধা বৰুৱা

( ভালপোৱাবোৰ সেইদিনাই তোমাৰ নামত কৰিছিলো অৰুণাভ …. যিদিনাৰপৰা মই হালধীয়া ভালপাবলৈ শিকিছিলোঁ। অৰুণাভৰ বহল বুকুত মই সোমাই পৰিছিলোঁ নিঃসংকোচে। )
_______
স্কুলৰ পৰা ওলায়েই ইফালে সিফালে চালোঁ। ৰিক্সা এখনৰ আশাত। চিনাকি ৰিক্সাৱালাটো নাই। ঘৰলৈ গৈছে। মানুহগৰাকীৰ অসুখ। মই টকা দুশ দি পঠিয়ালোঁ। তাইলৈ কিবা এটা লৈ যাবলৈ। ঘেৰ-ঘেৰ কৰি যোৱা টেম্পোবোৰত গৈ বৰ অশান্তি পাওঁ, তাতে আকৌ এই গৰমত। এপ্ৰিল মাহতে ইমান গৰম। জুন জুলাই মাহ কেইটা আছেই। এতিয়াই গৰমত সিজি গৈ অমলেটৰ দৰে হ’বলৈ অলপ বাকী। স্কুলখনো টাউনৰপৰা অলপ আঁতৰত। তথাপি টেম্পো, ৰিক্সাবোৰ চলে বাবে আজিলৈকে অসুবিধা হোৱা নাই । মই অৱশ্যে সৰহভাগ সময় ৰিক্সাতে অহা যোৱা কৰোঁ। কিয় জানো ৰিক্সাখন বৰ আপোন। ৰিক্সাত উঠি চাৰিওফালৰ দৃশ্য উপভোগ কৰা আৰু গৰমৰ দিনত পাতল বতাহজাকৰ লগত উমলি যোৱাৰ আমেজেই সুকীয়া। তাক হয়তো কবিতাৰেও প্ৰকাশ কৰিব নোৱাৰিম যেন। তেনে লাগে।
: বাইদেউ যাব নেকি ?
হঠাৎ ৰিক্সাচালকৰ মাতত সম্বিত ঘুৰি আহিল ।
: অ’ বলা ।
খৰধৰকৈ ৰিক্সাখনত বহি ললোঁ ।
: বাইদেউ ক’ত যাব ?
: বজাৰৰ ফালে এপাক ব’লা ।
অলপ দূৰ গৈছোঁহে, চিনাকি ল’ৰা এজন চকুত পৰাৰ দৰে লাগিল। হাৰে এইটো দেখোন অৰুণাভ … । অই দাদা , ৰিক্সাখন ৰখোৱাচোন ৰখোৱা।
কিয় বাইদেউ বুলি কৈছিলহে মই ৰিক্সাৰপৰা নামিলোঁৱেই। অলপ ৰ’বা হা বুলি কৈ উভতি খোজ দিলোঁ।
ৰাস্তাটোৰ সিপাৰে একান্তমনে গৈ থকা অৰুণাভক একপ্ৰকাৰ চিঞৰিয়েই মাতিলোঁ।
: অই অৰুণাভ .. অই এইফালে চোৱা ।
সি তাৰ নামটো কোনোবাই মতাত ইফালে সিফালে চাইছিল।
: অই এইফালে চোৱা। মই হাত বাউল দিছিলোঁ ।
অৰুণাভ দুৱৰা। কানৈ কলেজৰ টপাৰ বয়। শান্ত-শিষ্ট মুখখনত অনবৰতে হাঁহি এটা লাগি থাকে। দেখাত কিবা এটা মৰমলগা। কিন্তু বেচ দেখনিয়াৰ নহলেও ছোৱালীবোৰে এবাৰ হ’লেও ঘুৰি চায়। আৰু অৰুণাভ … সি আক’ কাকোৱেই ঘুৰি নাচায়। অকল পঢ়া শুনাই তাৰ বাবে সকলো। কিন্তু সময় আৰু মন জানো একে হৈ থাকে নে? সিয়ো এদিন প্ৰেমত পৰিছিল। পূৱালীৰ প্ৰেমত। পূৱালীয়ে এদিন হয়তো তাক ভাল পাওঁ কৈছিল আৰু তেওঁলোকৰ প্ৰেম কলেজত বিয়পি পৰিছিল ।আৰু এনেকৈ জোৰদাৰ ভালপোৱা আগুৱাই গৈছিল। কলেজ কেন্টিন, খনিকৰ পাৰ্ক, ৰাধা কৃষ্ণ মন্দিৰ, যুৱৰাজ পাৰ্ক, বজাৰৰ অলিয়ে-গলিয়ে তাহাঁতৰ ভালপোৱাই হয়তো পূৰ্ণতা পাইছিল। আৰু পূৱালীৰ পৰাই মোৰ অৰুণাভৰ লগত চিনাকি। অৱশ্যে মোৰ কলেজ বেলেগ আছিল যদিও অৰুণাভক প্ৰায়ে লগ পাওঁ আৰু লাহে লাহে তাৰ প্ৰতি আকৰ্ষিতও হ’লোঁ। বিশেষকৈ তাৰ ব্যতিক্ৰমী মনটোৰ বাবে।
:আৰে অনুৰাধা !! বহু বছৰৰ মূৰত।
:ওম। পিছে তুমি ইয়াত যে। মই তোমাক ভালকৈ চিনিবই পৰা নাছিলোঁ।
চেহেৰা বেলেগ কৰি দিলা।
:হয় নে ? পিছে তুমি আগতকৈ ধুনীয়া হৈ গ’লা দেই অনুৰাধা ।
দুষ্টালি ভৰা মাতেৰে কথাষাৰ কৈছিল যদিও অৰুণাভৰ মাতত সেইটো ফুটি নুঠিল ।
:নকবা আৰু বুজিছা। পংকজ পাঠকৰ আৰ্হি লৈছো আক’। হিঃ হিঃ
:বাৰু এতিয়া কোৱা । তুমি ইয়াত কেনেকৈ??
:অলপ উশাহ লোৱা অৰুণাভ। কৈ আছোঁ কৈ আছোঁ। পিছে তুমিও ইয়াত যে! তোমাৰতো ঘৰ ইয়াত নহয়! প্ৰশ্নবোধক দৃষ্টিৰে তাৰ ফালে চাইছিলোঁ।
অৰুণাভ সলনি হ’ল। আগৰ সেই মৰমলগা মুখখনৰ ঠাইত এতিয়া দাড়িয়ে-গোঁফে ভোবোকাৰ হ’ল ।
আগৰ সেই মৰমলগা হাঁহিটো যেন তাৰ মুখত নাই। অৰুণাভৰ মুখখন দেখি খন্তেক সময়ৰ বাবে থমকি ৰলোঁ ।
:কোৱা আক’ ভেবা লাগি চাই আছা যে । এইবাৰ তাৰ মুখত নিৰৰ্থক হাঁহি এটাই খেলি গ’ল।
:মোৰ স্কুল ইয়াতে। টাউনতে ভাড়াঘৰ এটা লৈ আছোঁ। আৰু তুমি যে ইয়াত!
প্ৰশ্নবোধক দৃষ্টি আকৌ দিলোঁ। তাৰ মুখলৈ নাচাওঁ বুলি বাৰে বাৰে চাইছিলো। বৰ কষ্টত থকা যেন লাগিছে তাক। তাৰ উত্তৰলৈ বাট নাচাই মই ৰিক্সাখনৰ ফালে গৈ তাক পইচা দি বিদায় দিলো। সেইসময়ত মোৰ অৰুণাভৰ প্ৰতি উৎসুকতা বাঢ়িছিল। গৰম কৰবাত পলালে। কলেজ এৰাৰ পাছৰপৰা অৰুণাভক লগ পোৱা নাছিলোঁ। ফোন নম্বৰটো থকাৰ পিছতো তাক ফোন কৰা নাছিলোঁ। নম্বৰটো বাৰে বাৰে ডিলিট কৰো আকৌ বাৰে বাৰে অৰুণাভ নামেৰে চেভ কৰো। হয়তো সেই মুহূৰ্তত মোৰ মূৰৰ বিকৃতি ঘটিছিল। পিছত গম পালো অৰুণাভে নম্বৰ সলাইছে। কিন্তু আজি পাঁচ বছৰে তাৰ পুৰণি নম্বৰটো মোৰ ফোনত ৰাখি থৈছোঁ ।
:অই কি হ’ল ..!!
:হা অ…. এতিয়া কোৱা অৰুণাভ !
থতমত খাই কলোঁ ।
:এনেকৈ ৰাস্তাতে কথা পাতিবা নে? ব’লা আগলৈ যাওঁ ।
বহি লৈ ভালকৈ কথা পাতিম ।
:ওম বলা। মোৰ মুখৰ কথাই কাঢ়ি লৈছিল সি ।
দুয়ো খোজ ললো টাউনৰ ফালে। সৰু ঠাইখনৰ মানুহবোৰ দেখাত বৰ ব্যস্ত যেন লাগিল। তাতে বৰ গৰম পৰিছে। দুয়ো সৰু ৰেস্টোঁৰা এখনলৈ সোমাই গলোঁ। মানুহ বুলিবলৈ আমি দুটাই ।
:ব্যৱসায় সূত্ৰে মোৰ ইয়াত থকা আজি দুবছৰ পাৰ হ’ল। ঘৰলৈ যাবলৈ মন নাযায় । এনেকৈ যাযাবৰ জীৱন পাৰ কৰিছোঁ। কৃত্ৰিম হাঁহি এটাই দোলা দি গ’ল তাৰ মুখত ।
:কিয় নোযোৱা !!
:বাদ দিয়া এইবোৰ। পিছে ইয়াত তুমি অকলেই থাকা নে? নে আৰু বেলেগ কোনোবা থাকে।
:মই অকলেই থাকো অৰুণাভ ।
:মাজতে তোমাৰ বিয়াৰ কথা শুনিছিলোঁ।
অৰুণাভৰ কথাটোত মোৰ অলপ নিজকে আচহুৱা যেন লাগিল। কি কওঁ তাক …
:কোৱা মনে মনে ৰ’লা যে অনু ..!!
আহ! অনু … অৰুণাভৰ মুখত সদায় শুনিবলৈ ৰৈ থকা এটি নাম। পুৰণিকলীয়া বিষটোৱে বুকুত সজোৰে মাৰি থৈ গ’ল । ফুটো-নুফোটোকৈ মুখৰ পৰা ওলাইছে।
:অৰুণাভ … মোৰ বিয়া নহ’ল ।
:কি … কি কৈছা তুমি ??
:বহুত কথা অৰুণাভ ।
মনতে ভাবিলো কেনেকৈ বুজাও ….
কেনেকৈ কওঁ তোমাক অৰুণাভ …. মই যে তোমাৰ বাহিৰে কাকোৱেই ভাল পাব নোৱাৰিলোঁ। আজিও ভাল পাওঁ বহুত । জানো তুমি মোক কেতিয়াও ভাল নোপোৱাঁ …
:এতিয়া কোৱা সকলো কথা। অৰুণাভে মোৰ মুখলৈ চাইছিল।
:মই বিয়াত নবহিলোঁ। নিজৰ ইচ্ছাবোৰ জলাঞ্জলি দিবলৈ মন ন’গল। মোৰ বিয়া হোৱাৰ ইচ্ছা নাছিল। মাত্ৰ মা-দেউতাৰ মুখলৈ চাইহে বিয়াখনত সন্মতি দিছিলোঁ।
মোৰ বিয়াখন মোৰ অমতত সিদ্ধান্ত লোৱা হৈছিল। বিয়াৰ কেইদিনমানৰ আগত এপইণ্টমেন্ট লেটাৰখন নোপোৱা হলে হয়তো আজি আনৰ ঘৰৰ বোৱাৰী হৈ খাটি থাকিলোঁহেতেন। নাজানোঁ অৰুণাভ … বিয়া নোহোৱাৰ সিদ্ধান্ত লৈ ভুল কৰিছিলোঁ নে নিজক স্বাৰ্থপৰ কৰি তুলিছিলোঁ সেয়া এতিয়াও অজ্ঞাত মোৰ বাবে। মই বিয়াত নবহোঁ বুলি সেইদিনাই সকলোকে জনাই দিছিলো। মাহঁতে বহুত বুজাইছিল। কিন্তু মই শুনা নাছিলোঁ। মা-দেউতাৰ মনত বহুত দুখ দিছিলোঁ সেইদিনা। দেউতাই ঘৰৰপৰা ওলাই যাবলৈ কৈছিল মোক।
কিন্তু কেতিয়াবা দেখোন স্বাৰ্থপৰ হৈয়ো ভাল লাগে।
:ভুল কৰিলা অনু। কিয় কৰিলা এনে ??
:নাজানোঁ অৰুণাভ। কিন্তু মই এতিয়া সুখী নিজক লৈ … মাই এতিয়াও মোক বিয়াৰ কথা কৈ থাকে। মইহে পিছলৈ নি থাকোঁ। সময়ত সকলো হ’ব বুলি কওঁ।
:মিছা কিয় কোৱা অনুৰাধা। নোকোৱা কিয় তুমি মোক পাহৰিব পৰা নাছিলা বুলি।
:অৰুণাভ …. !!
:মই জানো অনু … তুমি মোক বহুত ভাল পোৱা হয়তো আজিও ভালপোৱা মোক। আৰু বিয়া নোহোৱাৰ কাৰণটো হয়তো মইয়েই চাগে। নিজকে দোষী দোষী লাগিছে আজি ।
:নাই তেনে একো কথা নহয় অৰুণাভ। এদিন তুমিয়েই কৈছিলা দেখোন। নিজৰ ইচ্ছা অনিচ্ছাবোৰৰ ওপৰত কথা কব লাগে বুলি.. ।
:কিন্তু মইতো তোমাৰ মা-দেউতাক দুখ দিবলৈ কোৱা নাছিলোঁ। হয় মই কৈছিলোঁ .. নিজকে কেতিয়াও সৰু কৰি নাৰাখিবা। সদায় নিজৰ ভাল লগা বেয়া লগাবোৰ উলিয়াই দিবা। কাৰণ সকলোৰে হেঁপাহ এটা থাকে। সকলোৰে নিজৰ স্বাধীনতা থাকে।
:অ বুজি পাওঁ এইবোৰ। মই সকলো বুজোঁ। কিন্তু ঘৰখনৰ একমাত্র ছোৱালী হলোঁ বুলিয়েই সকলো কথা শুনি যাম নেকি!!
:তথাপিও অনুৰাধা … এতিয়া কি কৰিম ভাবিছা?
:আছোঁ দেখোঁন এনেকৈ। সুখী এনেকৈ মই। তোমাৰ কোৱাচোন? ইমান দিন ক’ত কেনেক ?
:মোৰ কথা কি শুনিবা আৰু … কলেজ শেষ হোৱাৰ পিছত মানুহবোৰৰ লগত সম্বন্ধ নোহোৱাই হ’ল। মইয়েই সকলোৰে পৰা আঁতৰি আহিলোঁ। চিনাকি মানুহবোৰৰপৰা সদায় পলাই ফুৰোঁ। কিজানি কোনোবাই মোক বিশ্বাসঘাটক বুলি চিঞৰি দিয়াৰ ভয়তে। আজি তোমাক মোৰ সকলো কথাই কম । কিন্তু তাৰ আগতে তুমি মোক কথা দিব লাগিব ।
:নিশ্চয় দিম অৰুণাভ। কোৱা এতিয়া।
:মোৰ কথাবোৰ শুনি আঁতৰি নোযোৱাটো !! মোক ভুল নুবুজাতো!
:অৰুণাভ … তুমি কৈ যোৱা। মই তোমাৰ কাষত সদায় আছোঁ।
:অনু …. তুমি মোক এতিয়াও ভাল পোৱা !
:নাজানোঁ অৰুণাভ … কিন্তু মোৰ প্ৰতিটো সত্বাত তুমি এতিয়াও বিয়পি আছা।
:জানো মই …
:কেনেকৈ অৰুণাভ …
: সচাঁই কৈছোঁ অনু। তোমাৰ মনৰ কথা তেতিয়াই গম পাইছিলোঁ যিদিনা পূৱালীয়ে মোক এৰি গৈছিল। তুমি পূৱালীৰ বান্ধৱী হৈও তাইৰ সপক্ষে একো কোৱা নাছিলা আৰু মোৰ কাষত আছিলা। আৰু সেইদিনা যে মই হোষ্টেলত থাকোঁতে ভীষণ জ্বৰ হৈছিল তেতিয়াটো তুমিয়েই মোৰ কাষত আছিলা। পূৱালীয়ে মোৰ অসুখ বুলি জনাৰ পিছতো তোমাক এৰি গৈছিল মোৰ কাষত আৰু তাই চিনেমা চাই আছিলগৈ। কষ্ট পাইছিলো সেইদিনা। যাক বেছি ভালপাওঁ তাই মোৰ কাষত নাছিল আৰু যাক ভাল নাপাওঁ তাই মোৰ কাষত আছিল। সেই মুহূর্তত ভাবি ভালো লাগিছিল যে তুমি মোক বহুত ভালপোৱা। যি ভালপোৱাত কোনো স্বাৰ্থ নাই। বিনিময়ত মই একো দিবও নোৱাৰো বুলি জানিও তুমি মোৰ কাষত আছিলা। হয়তো কষ্ট হৈছিল তোমাৰ। কিন্তু সেই সময়ত পূৱালীৰ ভালপোৱাই মোক অন্ধ কৰি ৰাখিছিল। কিন্তু পিছত বুজিছিলোঁ তাই মোক কেৱল ব্যৱহাৰ কৰিছিল। তাইৰ মতে বহা , খোৱা , উঠা … এই সকলোবোৰ মোৰ বাবে অতিষ্ঠ হৈ পৰিছিল। ভাল পাব বিছাৰিছিলোঁ কিন্তু ইমান বান্ধোনত থাকি বিচৰা নাছিলোঁ। পূৱালীৰ পৰা আঁতৰি অহাৰ দুখ আৰু পূৱালীক ভাল পোৱাৰ আগতে বন্দনাক কৰা বিশ্বাসঘাটকতাই মোক একেবাৰে ভাঙি পেলাইছিল। বন্দনা মোৰ প্ৰথম ভালপোৱা আছিল। তাই আমাৰ গাৱঁৰে আছিল । যোৱা দুবছৰ আগতে তাইৰ বিয়া হৈ গৈছে । শেষবাৰৰ বাবে তাইক ক্ষমা খুজিবও নোৱাৰিলোঁ।
দীঘলকৈ উশাহ লৈছিল অৰুণাভে। মই মাত্ৰ তাৰ মুখলৈ চাই ৰ’লোঁ। অৰুণাভে আকৌ আৰম্ভ কৰিছিল।
:তুমি হয়তো নাজানা অনুৰাধা। আৰু তেনে অৱস্থাত তোমাৰ মনৰ সকলো কথা জানিও মই একো কোৱা নাছিলোঁ । কি কম কোৱা ..!! বন্দনা থাকোঁতেই মই পূৱালীক মোৰ জীৱনলৈ আনি লৈছিলোঁ। আৰু যিদিনা বন্দনাই কথাটো গম পাইছিল তেতিয়া তাই একো কোৱা নাছিল। কেৱল চলচলীয়া চকুৰে মোৰপৰা আঁতৰি গৈছিল। কিন্তু মোৰ তেতিয়া বেয়া লগা নাছিল। কাৰণ মোৰ কাষত পূৱালী আছিল। কিন্তু শেষত পূৱালীও আঁতৰি গৈছিল । তাই আঁতৰি গ’ল নে মই আতৰি আহিলোঁ নাজানোঁ সেইটো। মনটো বেলেগ হৈ গৈছিল। তোমাৰ ভালপোৱাবোৰ অনুভৱ কৰিছিলো কিন্তু সেই সময়ত মই ভয়াতুৰ হৈছিলোঁ। পূৱালী আৰু বন্দনাৰ দৰে তোমাক হেৰুৱাব বিচৰা নাছিলোঁ সেয়ে সকলোৰে পৰা আঁতৰি গৈছিলোঁ। কাকো একো নজনোৱাকৈ। ফোন নম্বৰটো সলনি কৰি দিছিলোঁ। তোমাৰ বিয়াৰ খবৰ দেৱাশীষে দিছিল। তেতিয়ালৈ সকলো সলনি হৈছিল। মই ঘৰত নথকাৰ দৰেই হৈছিল। আৰু এতিয়া এই সৰু চহৰখনত।
আৰু আজি হঠাতে এনেকৈ তোমাক লগ পাই গ’লো। সপোন সপোন লাগিছে নিজৰে ।
অৰুণাভৰ কথাবোৰ শুনি কান্দি পেলালো মই…
:সেইদিনা তোমাক সকলোবোৰ কথাই খুলি কৈছিলোঁ অৰুণাভ। আৰু সেইদিনাই তুমি আঁতৰি গৈছিলা মোক একো নজনোৱাকৈ । কিয় এনে কৰিলা নাজানোঁ। তোমাৰ ফোন নম্বৰ হয়তো সলাই দিছিলা । যোৱা পাঁচ বছৰে তোমাক বিচাৰি চলাথ কৰিছিলোঁ ।
দেউতাই বেয়া পাই বুলি ঘৰলৈও বেছি যোৱা নহয় ।
:হুম .. এতিয়া কাৰ লগত জীৱনটো কটাম বুলি ভাবিছা?
মই নিৰৱ হৈ ৰলো ।
: যদি বেয়া নোপোৱা। কথা এটা কওঁ নে !
:কোৱা। তালৈ আকুলতাৰে চাইছিলোঁ ।
:তুমি মোৰ হ’বা নে ?
:অৰুণাভ !! কি কৈছা এইবোৰ!
:সচাঁই কৈছোঁ অনুৰাধা … মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। থাকিবা মোৰ কাষত ….
:অৰুণাভ …
যিষাৰ কথাৰ বাবে যোৱা পাঁচটা বছৰে অপেক্ষা কৰিছিলোঁ .. সেয়া আজি হঠাৎ এনেকৈ। অৰুণাভৰ হাতখন খামুচি ধৰিলোঁ।
অৰুণাভে মোক তাৰ বুকুৰ মাজলৈ টানি লৈ গ’ল । মইও কুচিমুচিকৈ সোমাই গলোঁ । পৰম সুখত চকু যুৰি মুদি দিলোঁ । দূৰৈৰপৰা গান এটা ৰিণি ৰিণিকৈ শুনিলোঁ …
“”পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমত
মোৰ হিয়াৰ অপূৰ্ণ আশা….।।
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!