মানৱ প্ৰতিম (প্ৰতাপ বৰুৱা)

সকলো কথা সকলোকে কোৱা নাযায়। সকলো অনুভৱ প্ৰকাশ কৰা নাযায়। আনুভৱ-অনুভূতিখিনিও লাহে লাহে যেন কমি আহিছে। আচলতে এইখন চহৰত যিখিনি মানুহৰ মাজত সি দিনটোৰ বেছিখিনি সময় কটায় সেইখিনি মানুহৰ মাজত অনুভূতি বিচৰাটো হাঁহি উঠা কথা।

ৰাতিপুৱা ৮ বজাৰ আগতেই ঘৰৰ পৰা ওলাই প্ৰথমতে এছোৱা বাট খোজেৰে, তাৰ পিছৰছোৱা মেট্ৰ’ ৰেলেৰে, আৰু তাৰ পিছৰছোৱা চিটিবাছেৰে গৈ ইণ্ডাচট্ৰিয়েল এৰিয়াৰ ষ্টপেজত বাছৰপৰা নামি খৰধৰকৈ খোজকাঢ়ি অফিচ পায়গৈ মানে চাৰে ন’টা বাজিবৰ হয়। কেতিয়াবা চাৰে ন’ বাজি পাৰ হৈ যায়। অফিচলৈ সোমাই যোৱা মূল গেটখনতে লাগি আছে বায়’মেট্ৰিক এটেনডেন্স চিষ্টেমটো। পোন্ধৰ মিনিটৰ গ্ৰেছ আছে যদিও একেলেথাৰিয়ে দুদিনমান সেই গ্ৰেছ পিৰিয়দত অফিচ সোমালে চুপাৰভাইজাৰে বা মেনেজাৰে পেন্দোৱাকৈ চায়। তাতকৈ দেৰী হ’লে এবেলাৰ দৰমহা কটা যায়। দিনটো অফিচত কাম কৰি সন্ধিয়া ছয় বজাত ওলাই আকৌ সেই বাছে মেট্ৰ’ই ঠেলা-হেঁচা কৰি ঘৰ পায়গৈ মানে আঁঠ বাজিবৰ হয়। তাৰ পিছত ভাত খোৱালৈকে দুঘণ্টামান সময় চেনেল সলাই সলাই টিভিটোৰ সন্মুখত বহা আৰু পৰিয়ালৰ সদস্যকেইজনৰ সৈতে দুষাৰমান কথা পতাৰ বাদে আন কাম কৰিবলৈ ইচ্ছা নাথাকেগৈ। সপ্তাহত ছদিন অফিচ, মাহত এদিন কেজুৱেল লিভ। এদিনতকৈ বেছি খতি কৰিলে দৰমহা কটা যায়।

সিদিনা দুজন মানুহে কথা পাতোতে ওলাইছিল – কোনোবা এজনে হেনো নিজৰ ছোৱালীজনীক এদিন কিবা কাৰণত স্কুলৰ পৰা সোনকালে আনিবলৈ গৈছিল। স্কুললৈ গৈ তেওঁ পত্নীলৈ ফোন কৰি সুধি লৈছিল ছোৱালীজনী কোন চেকশ্যনত পঢ়ে।
মানৱৰ ৰুটিনখনো এই মানুহখিনিৰ সৈতে একেই। ইণ্ডাচট্ৰিয়েল এৰিয়া ভৰি থকা বিভিন্ন সৰু-ডাঙৰ ব্যক্তিগত কোম্পানীবোৰৰ কোনোবা এটাত সি ছিনিয়ৰ একাউন্টেন্ট। অফিচত সি মূৰ তুলিবলৈ সময় নাপায়। ফিল্ডৰ কামো থাকে। সিহঁতৰ কোম্পানীটোৱে চৰকাৰক আৰু আন কিছুমান কোম্পানীক আন-স্কীল্ড, চেমি-স্কীল্ড আৰু স্কীল্ড হিউমেন ৰিচৰ্ছৰ যোগান ধৰাৰ কাম কৰে। আমাৰ দেশত এই আন-স্কীল্ড, স্কীল্ড মেনপাৱাৰৰ কি যে এটা অদ্ভূৎ ডেফিনেশ্যন!

এই হিউমেন ৰিচৰ্ছ যোগান ধৰা কামটো দেখাত চিধা-চাধা। কোনোবা চৰকাৰী ডিপাৰ্টমেন্টে বা কোনোবা কোম্পানীয়ে নিবিদা আহ্বান কৰে – ১০০ জন ডাটা এন্ট্ৰি অপাৰেটৰ লাগে। এবছৰৰ বাবে। মিনিমাম কোৱালিফিকেশ্যন টুৱেলভ্‌ পাছ প্লাছ কম্পিউটাৰৰ ছমহীয়া কৰ্চৰ ডিপ্লমা। দিনে আঁঠ ঘণ্টা হিচাপত সপ্তাহত পাঁচ দিনকৈ কাম কৰিব লাগিব। কামত সন্তুষ্ট হ’লে এবছৰৰ কন্ট্ৰেক্টটো আৰু এবছৰৰ বাবে ৰিনিউ কৰা হ’ব। বিদ প্ৰাইচ পাৰ মান্থ, পাৰ হেড, পি এফ আৰু ই এছ আই ইন্‌ক্লুছিভ আৰু এজ পাৰ ৰুল হ’ব লাগিব।

ফাৰ্মবোৰে এপ্লাই কৰে, কোনোবা এখন ফাৰ্ম এই টেন্ডাৰত জয়ী হয়, কামটো পায়, এম অ’ ইউত চহী কৰে, ইন্টাৰভিউ পাতে, টুৱেলভ্‌ পাছ বিচাৰিলে গ্ৰেজুৱেট-প’ষ্টগ্ৰেজুৱেট আহে, ১০০ জন বিচাৰিলে এহেজাৰজন আহে, তাৰ মাজৰ পৰা ১২০ জন চিলেক্ট কৰে, তাৰে ১০০ জনক টেন্ডাৰমতে ছাপ্লাই কৰে, বাকীকেইজনক ৱেইটিং লিষ্টত ৰাখে, মাহে মাহে সেই ডিপাৰ্টমেন্টটো বা কোম্পানীটোৰ পৰা পেমেন্ট পায়, সেই পেমেন্টৰ পৰা নিজৰ কোম্পানীৰ লাভ, পি এফ আৰু ই এছ আই কাটি ৰাখি সেই ডাটা এন্ট্ৰি অপাৰেটৰখিনিক দৰমহা ৰিলিজ কৰে। নিয়মমতে দেখাত কামটো এনেকুৱাই।
কিন্তু কথাবোৰ সিমান চাধা-চিধা নহয়। কিছুমান বেকগ্ৰাউন্ড কথা আছে।

এই টেণ্ডাৰবোৰৰ সকলো কাম মানৱৰ দায়িত্বত হয়। সি এই বেকগ্ৰাউন্ড, ফ’ৰগ্ৰাউন্ড সকলোবোৰ কথা-কাম ভালকৈ বুজি বাজি লৈছিল। এটা চৰকাৰী বিভাগত মানৱৰ কোম্পানীটোৱে ৰিক্ৰুইট কৰা ৮৪ জন ডাটা এন্ট্ৰি অপাৰেটৰে যোৱা এবছৰ ধৰি কাম কৰি আছে। প্ৰতিজন ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবদ মাহে ১১ হাজাৰ পাঁচশকৈ টকা হিচাপত এই কন্ট্ৰেক্টটো সিহঁতে পাইছিল। পি এফ আৰু ই এছ আই ইন্‌ক্লুছিভ। কন্ট্ৰেক্টটো সিদিনা আৰু এবছৰৰ বাবে ৰিনিউ হৈছে। এই টেন্ডাৰখনত মানৱৰ কোম্পানীটো এল ওৱান হোৱাৰ পিছত ৱৰ্ক অৰ্ডাৰ দিয়াৰ দিনা সেই বিভাগটোৰ এজন উচ্চ-পদস্থ বিষয়াই মানৱক ফোন কৰি মাতি পঠাইছিল – মানৱ, কাইলৈ আফটাৰ লান্স আহিবা। ৱৰ্ক অৰ্ডাৰখন মই তোমাৰ হাততে দিম আৰু এম অ’ ইউখনৰ কেইটামান পইন্ট আলোচনা কৰি ঠিক কৰি লব লাগিব।

মানৱ পিছদিনা গ’ল। বিষয়াজনে ৱৰ্ক অৰ্ডাৰখন দি মানৱক ক’লে – চোৱা মানৱ, আজিকালি দিন-কাল বৰ বেয়া। এইবোৰ আউটচৰ্ছ কৰা কামবোৰত বহুত নিয়ম-কানুন আহি গৈছে। চৰকাৰে আউটচৰ্ছিং বন্ধই কৰি দিব পাৰে। বৰ কষ্ট কৰিহে এই কামটো তোমালোকক দিব পাৰিছো। আমাক ভাল এক্সপাৰ্ট লৰা-ছোৱালী দিবা।
মানৱে ৱৰ্ক অৰ্ডাৰখন হাত পাতি লৈ কৈছিল – বহুত ধন্যবাদ ছাৰ। আমি এক্সপেৰিয়েঞ্চ থকা ডি ই অ’ দিম আপোনালোকক।
– গুড। আৰু শুনা, মোৰ কেইজনমান কেণ্ডিডেট আছে, মই সিহঁতক তোমাৰ ওচৰলৈ যাবলৈ কম। তুমি সিহঁতক ৰিক্ৰুইট কৰি ইয়ালৈ পঠাবা। তোমালোকৰ পেমেন্টৰ কাৰণে কোনো চিন্তা নকৰিবা। বিল সময়মতে ছাবমিট কৰিবা। প্ৰতিমাহে পেমেন্ট হৈ থাকিব।
– ঠিক আছে ছাৰ। সেই কেণ্ডিডেটকেইজনক মোৰ মবাইল নাম্বাৰটো দি দিব ছাৰ। বায়ডাটাকেইখন মোলৈ মেইল কৰি দিলেও হ’ব।
– অ’ কে। তোমাৰ মেইল আই ডি মোৰ ওচৰত আছে।
– আৰু কিবা ছাৰ।
– আৰু একো নাই। কামবোৰ জলদি আৰম্ভ কৰি দিয়া। বাকী তোমালোকে কেনেকৈ কৰা?
– আপুনি যি কয় ছাৰ।
মানৱৰ চকুলৈ চাই সেই বিষয়াজনে কৈছিল – বিশেষ একো নাই। এতিয়া ফিফটি। পিছত মাহে পাৰ হেদ এককৈ দিবা। একাউন্টছৰ কথা লাম্প চাম তেওঁলোকে কব। সেইটোত মোৰ কবলগা নাই।
– ঠিক আছে ছাৰ। থেংক ইউ ছাৰ। কাইলৈ আপোনাক মই কল কৰিম।
আৰু এনেকৈয়ে সি ৱৰ্ক অৰ্ডাৰখন লোৱাৰদিনাই সকলোবোৰ ঠিক কৰি লৈছিল। বিনা আপত্তিৰে সকলো কথা মানি লৈ সি প্ৰকাৰন্তৰে নিশ্চিত কৰি পেলাইছিল যে এই কন্ট্ৰেক্টটো আৰু এবছৰৰ বাবে ৰিনিউ হ’বই।
তাৰ ওপৰৱালা মেনেজাৰজনে তাক সেইদিনা শলাগ লৈছিল – চাব্বাছ মানৱ। মোৰ হিচাপটোও ঠিক ৰাখিবা। আৰু এম অ’ ইউখন সোনকালে সাজু কৰি মোৰ চাইন কৰাই লৈ তাত জমা দি আহিবাগৈ। লগতে বেংক গেৰন্টিও লৈ যাবা। এপ্লাই কৰিলানে বেংক গেৰান্টি? নাইকৰা যদি আজিয়েই কৰি দিয়া।
মানৱে হিচাপ কৰি পাইছিল – অৱশেষত ডাটা এন্ট্ৰি অপাৰেটৰখিনিৰ দৰমহা হয়গৈ মাহে সাতহেজাৰ চাৰিশ। আপত্তি কাৰো নাই। সঁচাকৈয়ে নাই। কোনো পক্ষৰে কোনো আপত্তি নাই। সকলো সুখী।
দিনবোৰ তেনেকৈয়ে গৈ থাকে। নতুন কোম্পানীৰ পৰা কন্ট্ৰেক্ট আহে, নিবিদাৰ সংখ্যা বাঢ়ি যায়। চকীদাৰৰ চাপ্লায়েই সকলোতকৈ প্ৰফিটেবোল – সেয়ে এনে নিবিদাত কম্পিটিশ্যনো বেছি।

যোৱা ৭ বছৰ সি এই একেটা বাটেদি চিটিবাছত অহা-যোৱা কৰি আছে, একেটা কোম্পানীত একেখিনি কামেই কৰি আছে। এইটো ষ্টপেজতে সিফালৰ পৰা অহা বাছখনৰ যাত্ৰা শেষ হৈ ওলোটা যাত্ৰা আৰম্ভ হয়। বাছখন আহি ৰয়হি, উঠি অহা মানুহবোৰ নামিবলৈকে নাপায়, যাবলগীয়া মানুহবোৰ ঠেলা-হেঁচা কৰি সোমাই যায়। মানৱেও সদায় তেনেকৈয়ে ঠেলা-হেঁচা কৰে। প্ৰ্ৰায় ১ ঘন্টাৰ বাট। সেয়ে বহিবলৈ ছীট এটা পালে অলপ সুবিধা হয়। সহযাত্ৰীসকল প্ৰথমতে চকুৰ চিনাকি আছিল, আজিকালি তাৰে কেইজনমান মাতৰ চিনাকিও হৈ পৰিল। দুজনমান আছে বাছখনৰ সেই ঠেলা-হেঁচা সময়খিনিত সিজনে আগতে উঠিব পাৰিলে মানৱৰ কাৰণে কাষতে ছীটটো ৰাখি থয়, মানৱে আগতে উঠিব পাৰিলে সি ইজনৰ কাৰণে ছীটটো ৰাখি থয়। বাছখনত যাওঁতে সদায় ভীৰ হয়। অৱশ্যে সন্ধিয়া ঘূৰি আহোঁতে সিমান ভীৰ নহয়। মাজে মাজে ভীৰত এখন দুখন সৰু-সুৰা কাজিয়াও হয়। অৱশ্যে কাজিয়াবোৰ তৰ্কা-তৰ্কিতে সীমাৱদ্ধ হৈ থাকে। মাৰ-পিটলৈ নাযায়গৈ। বাছত মানৱে প্ৰায়ে কথা-বতৰা নপতাকৈ, মবাইলত গান শুনি যায়।

আজিও সি ঠেলা-হেঁচা কৰি বাচখনত উঠিয়েই মন কৰিলে শেষৰ শাৰীত ছীট এটাত নিজৰ বেগটো থৈ তাৰ চিনাকি মানুহ এজনে তাক হাত দাঙি মাতিছে। সি গৈ বহিল। “কি খবৰ, ভালে আছেনে?” – মানুহজনক সি এনেয়ে সুধিলে। তাৰ পিছত জেপৰপৰা ১৫ টকা উলিয়াই আগলৈ পাচ কৰিলে। টিকটটো অলপ সময়ৰ পিছত হাত বাগৰি আহি যাব। বাছ চলিল। ইতিমধ্যে মানুহে চিঞৰা আৰম্ভ কৰিছিল – ষ্টেন্ডিঙো ভৰি গ’ল, এতিয়া চলা ভাই। তইতো তোৰ ডিউটি কৰি আছ’, আমাক টাইমমতে ডিউটিত পহুচাই দে। ইত্যাদি।
‘পানী নাই, বৰ দিগদাৰ। এই জাত আন্দোলনটো৷’
‘হয় হে। আৰক্ষণ। ১০ বছৰৰ আৰক্ষণ আহি ৭০ বছৰ হ’লহি৷’
‘বহুত লোকচান কৰি দিছে চবতে৷’
‘আজিকালি চবতে গণ্ডগোল। এই কানাহাইয়া কুমাৰ। এটা দগাবাজ। পাকিস্থান জিন্দাবাদ কবলৈ আহিছে?’
‘কাশ্মীৰ লাগে, ইফালে মণিপুৰৰ আজাদীও লাগে। ইহঁতক জেলত ভৰাই থব লাগে৷’
বাছৰ ভিতৰৰ কথোপকথন। কোনোবাই এটা বিষয় উলিয়াই দিব লাগে, ওচৰে-পাজৰে থকা মানুহে ভাগ লবই। কথাবোৰৰ সোঁতটো সদায় একমুখী। মাজতে সোঁতটো সলনি হ’ব পাৰে, কিন্তু গতি সদায় একমুখী। মানৱে কাণত ইয়েৰফোন লগাই মবাইলত ছুফী গান এটা লগাই ললে।
ওচৰৰ চিনাকি মানুহজনেও কথাত ভাগ লৈছে। মানৱে কথাবোৰ শুনা নাই। এপাকত মানুহজনে তাক উদ্দেশ্য কৰি কিবা এটা কলে। সি এখন কানৰ পৰা ইয়েৰফোন আঁতৰাই মানুহজনক সুধিলে – কি কৈছে?
‘কানহাইয়া কুমাৰক এৰি দিব নালাগে। আৰু ওমৰ নে কোন সেইটো৷’
সন্মুখৰ পৰা কেইজনমান মানুহে তেওঁক সমৰ্থন কৰি কিবা কলে।
মানৱে একো নামাতি আকৌ ইয়েৰফোনদাল লগাব খোজোতেই সন্মুখৰ মানুহজনে পুনৰ কৈ উঠিল – আমাৰ পইচাৰে পঢ়ি আমাকে গালি দিছে। কাশ্মীৰ, মণিপুৰৰ অজাদীৰ কথা কৈছে।
মানৱৰ ওচৰৰ মানুহজনে কৈ উঠিল – কানহাইয়াক মাৰিছে, ঠিক কৰিছে।
এইবাৰ হঠাত মানৱে কৈ উঠিল – জে এন ইউত আচলতে কি হৈছিল?
‘আৰে, নাৰেবাজী হৈছিল, ভৰকাও ভাষণ হৈছিল৷’
‘সঁচাকৈ হৈছিলনে? আৰু কি কি হৈছিল? আচলতে কি কি ঘটনা হৈছিল কোনে জানে?’
সন্মুখৰ মানুহকেইজনমানে মানৱলৈ ঘূৰি চালে। এইবাৰ ওচৰৰ চিনাকি মানুহজনলৈ চাই মানৱে ক’লে – ‘বাৰু, জে এন ইউৰ বিষয়ে, কাশ্মীৰৰ বিষয়ে, মণিপুৰৰ বিষয়ে আমি কি জানো?’
অলপ সময় ৰৈ মানৱে পুনৰ কলে – হৰি সিঙৰ নামটোৰ বাদে কাশ্মীৰৰ বিষয়ে পুৰণা কথা আমি কি জানো? মনিপুৰ যে ১৯৪৯ চনতহে ভাৰতৰ লগ লাগিছিল সেইটোও আমি নাজানো। আফস্পা মানে কি কোনে কোনে জানে? – প্ৰশ্নটো কৰি মানৱ ৰৈ গ’ল। বুজি পোৱা গ’ল কাশ্মীৰ, মণিপুৰ, আফস্পা, কানহাইয়া, জাত আন্দোলন আদিৰ বিষয়ে কোনেও একো নাজানে। মূল কথাটো হ’ল দিল্লীত দুদিনমান পানীৰ চাপ্লাই নাই, অফিচলৈ যাবলৈ বাচত ঠেলা-হেঁচা, মূৰত বায়মেট্ৰিক এটেনডেন্সৰ চিন্তাটো লৈ সকলোৰে টাইম পাছ। লগতে যোগ হৈছে জীৱনত প্ৰতিদিনে গোটাই যোৱা হতাশাখিনি।
‘চব পলিটিক্স। চবে ফ্ৰীতে গৰম টেৱা এখন পাই নিজৰ নিজৰ ৰুটী সেকাত লাগি গৈছে৷’
‘ঠিক কৈছে। চব ৰাজনীতি৷’ – এইবুলি কৈ সন্মুখত বহি থকা এজন মানুহ উঠি গ’ল। তেওঁৰ নামিবৰ হ’ল। তেওঁৰ ছিটটিত বহিবলৈ ওচৰতে থিয় হৈ থকা মানুহজনে খৰখেদা কৰিলে।
মানৱে পুনৰ ইয়েৰপোনডাল কানত লগাই ল’লে।
এইবোৰ সময়তেই তাৰ হাঁহি উঠে। এমুখ দাড়িৰে ভৰা সেই শান্ত-শিষ্ট মানুহজনে কোৱা কথাবোৰলৈ মনত পৰে।
এই অফিচলৈ যোৱা যাত্ৰাটোতকৈ সন্ধিয়া উভতি অহা যাত্ৰাটো অলপ সহজ। আৰম্ভনিতে বাছখনত সিমান ভীৰ নাথাকে কাৰণে সি প্ৰায় সদায় বহিবলৈ ছীট এটা পায়।
আজিও বাচখনত উঠিয়েই সি ছীট এটা পালে। অলপ সময় চলাৰ পিছত বাছখন মানুহেৰে ভৰি গ’ল। মানুহবোৰো প্ৰায় একেখিনিয়েই। চকুৰ চিনাকি, মাতৰ চিনাকি মানুহবোৰে পুনৰ একেবোৰ কথাকে আৰম্ভ কৰিলে। মানৱে ইয়েৰফোনডাল লগাই ললে। এঠাইত বাছখন ৰ’ল। কেইজনমান মানুহ নামিল, কেইজনমান মানুহ উঠিল, আৰু মানৱে দেখিলে সেই মানুহজনো উঠি আহিল।

সেইজন এজন ছেলছমেন। এইজন মানুহক মাজে মাজে মানৱে এনেদৰে বাছতে লগ পায়। শকত, পেটুৱা মানুহজনৰ মাতটো অলপ ভঙা। তেওঁ কিবা হাজমা ঠিক কৰা দৰব এটা বিক্ৰী কৰে। এপেকেটত দহ টকা। তেওঁৰ ভঙা মাতটোৰে কয় – ‘মাত্ৰ দহ টকা। চব অসুখৰ শিপা লিভাৰ ভাইসকল। আপোনাৰ ভোক নালাগে, আপোনাৰ লৰা-ছোৱালীৰ ভোক নালাগে, এয়া আহি গ’ল হজম শক্তিৰ দৰৱ, লিভাৰ ঠিক কৰা দৰৱ। এপেকেটৰ দাম মাত্ৰ দহ টকা। যিজন ভাইৰ চাবৰ মন আছে চাব পাৰে, যাৰ কিনিবৰ মন আছে কিনিব পাৰে। এপেকেটত দহ টকা। চোৱাৰ বাবে কোনো দাম নাই৷’ কথাৰ মাজে মাজে তেওঁ বাচখনৰ এমূৰৰ পৰা সিমূৰলৈ আহি থাকে আৰু হাতত সেই দৰবৰ পেকেট এটা লৈ সেই পেকেটটোৰ পৰা সেউজীয়া ৰঙৰ সৰু সৰু, চন্দন গুটিটোৰ সমান বড়ি কিছুমান উলিয়াই মানুহক যাচে। মানুহবোৰে খায়। আচৰিত কথা – কি খাইছে সেইটোকে নজনাকৈ মানুহবোৰে সেই বড়িবোৰ হাত পাতি লৈ মুখলৈ নি চোবাই চোবাই খায়। মানুহজনে পুনৰ চিঞৰে – কোনে কোনে কিনিব? পুনৰ মানুহজনে হাতত কেইটামান পেকেট লৈ মানুহক যাচি ফুৰে। মানুহবোৰে প্ৰায়ে নিকিনে।
পিছৰ ষ্টপেজটোত মানুহজন নামি যায়।
মানৱৰ পুনৰ মনত পৰে সেই এমুখ দাড়িৰে ভৰা সেই মানুহজনলৈ।
সেই মানুহজনে এদিন কৈছিল – “ঈশ্বৰ-আল্লা, গীতা-কোৰাণ, কাগজ-কলম, নিয়ম-অনিয়ম আদিবোৰ সেইসকলৰহে অলংকাৰ যাৰ পেট ভৰি আছে। যিসকল ভোকত মৃতপ্ৰায় সেইসকলৰ ওচৰত এইবোৰৰ কি মূল্য আছে? মেৰে দোষ্ট, য়ে চেহেৰ তুম্‌হে মোবাৰক, মোঝে ত’ য়ে মিট্টি কে আছু অক্‌ছৰ বুলাতে ৰহ্‌তে হে।“
কিন্তু!! নাই একো লাভ নাই। সকলো কথা সকলোকে কোৱা নাযায়। সকলো অনুভৱ প্ৰকাশ কৰা নাযায়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments