অসমীয়া ৰাইজে নজনা এজন অসমীয়াঃ মৃণাল মিৰি (অমল গোস্বামী)

শীতৰ সেমেকা পুৱা।  কোমল ৰ’দৰ পৰশত লাহে লাহে উমাল হৈ উঠিছে ধৰিত্ৰীৰ বুকু।  কেইবাদিনোধৰি বলি থকা হাড় কঁপোৱা বতাহ জাক আজি নাই।  ঘৰৰ চোতালত বহি ৰ’দৰ উম লৈ লৈ দেশৰ ভিতৰতে সন্মানীয় ব্যক্তি হিচাপে পৰিচিত অসমৰ সু-সন্তানজনে আৰম্ভ কৰিছিল নিজৰ কথা…..মুকলি কৰি দিছিল স্মৃতিৰ টোপোলা।  কাজিৰঙা, শিৱসাগৰ, ঢকুৱাখনা, শ্বিলঙৰ পৰা আৰম্ভ কৰি কেম্বিজলৈকে….এক সুদীৰ্ঘ পৰিক্ৰমা।  মাজে মাজে ভাবুক হৈ পৰিছিল তেওঁ।  সম্ভৱত নষ্টালজিয়াত বুৰ গৈছিল।

” মই মাৰ গৰ্ভত থাকোঁতেই কাজিৰঙাত দেউতাৰ মৃত্যু ঘটিছিল।  মা শিক্ষিতই নহয় এগৰাকী অতিশয় ধৈৰ্যশীলা মহিলাও আছিল।  সৰু সৰু দুটা সন্তান বুকুত বান্ধি তেওঁ শ্বিলঙত থকা দেউতাকৰ ওচৰলৈ গুচি আহিছিল।  শ্বিলঙতে মোৰ জন্ম হৈছিল।  ককা আছিল শ্বিলঙৰ এজন আঢ্যৱন্ত লোক।  গতিকে আৰ্থিকভাৱে আমি কোনোধৰণৰ সমস্যাত পৰা নাছিলোঁ।  মোৰ পাঁচ বছৰমান বয়স হওঁতে মাই এডিনবাৰ্গ বিশ্ব বিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে এটা স্কলাৰশ্বিপ পালে।  তেতিয়া আমাক মাহীৰ লগত থৈ গ’ল।  মহা আছিল এজন সৰু চৰকাৰী আমোলা।  সঘনাই তেওঁৰ চাকৰি বদলি হৈছিল।  সপ্তমমান শ্ৰেণীলৈকে মই মহা-মাহীহঁতৰ লগত থাকিয়েই পঢ়া শুনা কৰিছিলোঁ।  এই সময়খিনিত মহাৰ চাকৰিৰ স্থান সলনি হৈ থকাৰ বাবে ময়ো সাতখনমান স্কুল সলাব লগীয়া হৈছিল।  ইয়াৰ পাছত শ্বিলঙত থকা মামাই মোক লৈ আনিলে।  অষ্টম,নৱম আৰু দশম শ্ৰেণী শ্বিলং গভমেন্ট হাইস্কুলত পঢ়ি মেট্ৰিক পাছ কৰাৰ অন্তত কলকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা দৰ্শন শাস্ত্ৰক অনাৰ্ছ হিচাপে লৈ বি এ পাছ কৰিলোঁ।  এম.এ পঢ়িলোঁ দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজত।  পঢ়াত ভাল আছিলোঁ বাবেই ১৯৬৩ চনত কেম্বিজলৈ যোৱাৰ সুবিধা পালোঁ।  তাত সাত বছৰ মান থাকিলোঁ।  আৰু তাতে পি এইছ ডি কৰি ১৯৭০ চনক ভাৰতলৈ ঘূৰি আহিলো। ”

কেম্ব্ৰিজৰ পৰা ঘূৰি অহাৰ পাছত অসমৰ প্ৰথমজন ফৰেষ্ট কনজাৰভেটৰ মহীচন্দ্ৰ মিৰি আৰু শিক্ষাবিদ ইন্দিৰা মিৰিৰ সুযোগ্য সন্তান মৃণাল মিৰিয়ে এসময়ত নিজেই পঢ়ি যোৱা দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজত দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৭৪ চনত ষ্টিফেন্স এৰি শ্বিলঙত থকা উত্তৰ পূব পাৰ্বত্য বিশ্ব বিদ্যালয় চমুকৈ নেহুত মিৰিয়ে যোগদান কৰে যদিও ইয়াত তেও বেছি দিন নাথাকিল কেন্দ্ৰীয় চৰকাৰে তেওঁক বিশ্বৰ ভিতৰতে সন্মানীয় প্ৰতিষ্ঠান হিচাপে বিবেচিত ছিমলাত থকা ইয়িান ইন্সিটিউট অব এডভান্স ষ্টাডিজৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে।  ছিমলাৰ এই শিক্ষা প্ৰতিষ্ঠানটোত সদায়ে বিশিষ্ট লোকসকলেহে কাম কৰাৰ সুবিধা লাভ কৰে।  এনে এটা প্ৰতিষ্ঠানত সঞ্চালক হিচাপে প্ৰায় ছবছৰ কাম কৰাৰ পাছত এইবাৰ মিৰিক শ্বিলঙত থকা উত্তৰ পূব পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হয়।  এই বিশ্ব বিদ্যালয়ৰ পৰাই ২০০৫ চনত অৱসৰ গ্ৰহণ কৰা বিশিষ্ট দাৰ্শনিকজন এতিয়া ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্য সভাৰ সাংসদ।  দেশৰ বিদ্বান সমাজৰ আটাইতকৈ সন্মানীয় অসমীয়া হিচাপে মিৰি পৰিচিত যদিও তেওঁক কিন্তু অসমৰ জনগণে বিশেষ নাজানে।  তাৰ পৰিবৰ্তে মিৰিৰ পিতৃ অথবা মাতৃৰ কথাহে ভালদৰে জানে অসমৰ ৰাইজে।  শিক্ষাবিদ জনৰ মতে ইয়াৰ কাৰণ হ’ল-

” সৰুৰে পৰা মই ৰাজ্যৰ বহিৰতেই কটালোঁ বুলি ক’ব পাৰি।  অষ্টম শ্ৰেণীলৈকে অসমত পঢ়িছিলোঁ যদিও ইয়াৰ পাছত সকলো শিক্ষাই ৰাজ্যৰ বাহিৰত গ্ৰহণ কৰিছিলোঁ।  শিক্ষা সমাপ্তৰ পাছতো কৰ্মজীৱন আৰম্ভ কৰিলোঁ বাহিৰতেই অৱসৰৰ অন্তত এতিয়া দিল্লীয়েই মোৰ স্থায়ী ঠিকনা।  অৱশ্যে অসমৰ লগত আজিও মোৰ সম্পৰ্ক অটুট আছে।  ককাইদেও উৎপল মিৰি গুৱাহাটীতে থাকে।  বাইদেউ স্বপ্না মিৰি ঢুকাল যদিও ভিনদেউহঁত ডিব্ৰুগড়তে থাকে।  গতিকে অসমৰ লগত মোৰ আহ-যাহ এতিয়াও আছে।  তাতে মই যিবোৰ বিষয়ত লিখামেলা কৰো সেইবোৰ প্ৰায় ভাগেই বাহিৰৰ জাৰ্ণেলত প্ৰকাশ পাই।  প্ৰকাশিত কিতাপ কেইখনো ইংৰাজী ভাষাৰে হ’ল।  তাতে সভা-সমিতিবোৰলৈকো মই নাযাওঁ।  গতিকে অসমৰ মানুহে মোক নজনাটো স্বাভাৱিক কথা।  কিন্তু মোৰ যে পিতৃ আৰু মাতৃৰ কথা অসমবাসীয়ে জানে অথবা তেওঁলোকৰ কথা যে সোঁৱৰে সেয়াই মোৰ বাবে ডাঙৰ কথা। ”

মাতৃৰ কথা ওলোৱাৰ লগে লাগেই উৎসাহিত হৈ পৰিছিল মিৰি।  এক মিঠা,আনন্দৰ হাঁহি বিৰিঙাই তেওঁ কৈছিল….”মা আছিল আছিল আচলতে এগৰাকী সাহসী,শিক্ষিত আৰু কৰ্মোদ্যমী মহিলা।  সেই সময়ত অসমৰ দৰে এখন ঠাইৰ পৰা এগৰাকী মহিলা এডিনবাৰ্গলৈ যোৱাটো আছিল বহুত ডাঙৰ কথা।  তাতে তেওঁ আছিল স্বামীক হেৰুওৱা সৰু সৰু তিনিটা সন্তানৰ মাতৃ।  এতিয়া ভাবিলে আচৰিত লাগি যায়।  এডিনবাৰ্গত উচ্চ শিক্ষা গ্ৰহণ কৰি ঘুৰি অহাৰ পাছতো তেওঁ চাকৰি কৰিছিলগৈ ক’ত…নেফাত।  বাট পথ নথকা নেফা আছিল তেতিয়া হাবি জংঘলেৰে পূৰ্ণ ঠাই।  অৰুণাচলৰ বহু ভিতৰুৱা অঞ্চললৈ গৈ তেওঁ শিক্ষাৰ প্ৰচাৰ চলাইছিল।  স্কুল স্থাপন কৰিছিল।  অসমৰ পৰা শিক্ষিত ডেকাসকলক নি তাত শিক্ষাৰ পোহৰ বিলোৱাৰ কামত নিয়োজিত কৰাইছিলগৈ।  মাৰ মুখত শুনিছিলোঁ কেনেকৈ তেওঁলোকে পিঠিত খাদ্যৰ সামগ্ৰী লৈ দিনৰ পাছত দিন খোজ কাঢ়ি গৈ ভিতৰুৱা ঠাইসমূহত স্কুল স্থাপন কৰিছিলগৈ।  আচৰিত লাগে এগৰাকী অসমীয়া ডেকা মহিলাই সেই সময়ত নেফাত কৰা কৰ্মৰাজিৰ কথা শুনিলে।  এতিয়াও নেফাৰ পুৰণি মানুহবোৰে মাৰ কথা কয়…..”

সময় আগবাঢ়িছিলে।  বেলিটোও মুৰৰ ওপৰ পাইছিলহি।  আমাৰ কথা বতৰাৰ বিষয়ো সলনি হৈছিল।  ৰাজনীতিৰ কথা ওলোৱাত মিৰিয়ে জনালে যে ৰাজনীতিৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ নাই।  ৰাজ্য সভালৈ তেওঁক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰাৰ বাবেহে তেওঁ সংসদলৈ যাবলগীয়া হৈছে।  ৰাষ্ট্ৰপতিয়ে মনোনীত কৰাটো এটা সন্মানৰ কথা।  সাহিত্য,শিক্ষা,সংগীত,খেল আদি বিভিন্ন ক্ষেত্ৰত দেশলৈ বিশেষ অৱদান আগবঢ়োৱা সকলকহে ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে।  ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত অসমীয়া সন্তানৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা। পিছে সংসদলৈ যোৱাৰ পাছত তেওঁ দেখিছে ইয়াৰ পৰা কৰিব পৰা কাম বহুত আছে।

সাংসদজনৰ মতে,” মই এতিয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ষ্টেংডিং কমিটিত আছো।  আচলতে মোৰ মন আছিল উচ্চ শিক্ষাৰ বাবে গঠিত ষ্টেডিং কমিটিত অন্তৰ্ভুক্ত হোৱাটো।  পিছে এতিয়া সেই কমিটিত খালি পদ নাই। পদ খালি হ’লে নিশ্চয় উচ্চ শিক্ষাৰ ষ্টেংডিং কমিটিখনত মই সোমাম।  কিয়নো এই ক্ষেত্ৰখনত কৰিব লগা কাম বহুত আছে।  ভাৰতত উচ্চ শিক্ষাৰ মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত মোৰো বহুত সপোন আছে।  যিহেতু ষ্টেডিং কমিটিয়ে এই ক্ষেত্ৰত সকলো নীতি নিৰ্ধাৰণ কৰে গতিকে এইখন কমিটিত অন্তভূক্ত হ’লে বহুত কাম কৰিব পাৰিম বুলি আশা কৰিছোঁ। ”

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যাক লৈ যথেষ্ঠ চিন্তিত মিৰি।  তেওঁৰ ভাবে যে, নিবনুৱা যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলতে দেশত উগ্ৰবাদকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে।  অৱশ্যে ইয়াৰ লগত দেশৰ আৰ্থ সমাজিক দিশটোও জড়িত হৈ আছে।  আজিৰ সমাজ ব্যৱস্থা এক জটিল সন্ধিক্ষণত উপনীত হৈছে।  দেশৰ অৰ্থনীতি সলনি হৈছে ঠিক তাৰ লগে লগে সলনি হৈছে চৰকাৰী নীতি সমূহো।  শিক্ষাৰ ক্ষেত্ৰতে ব্যক্তিগত খৰ অসংখ্য শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে।  যাৰ ফলত সমাজৰ আঢ্যবন্ত লোকসকলৰ সুবিধা বৃদ্ধি পোৱাৰ বিপৰীতে সমস্যাৰ সন্মুখীন হৈছে দুখীয়া শ্ৰেণীটোৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকল।  চৰকাৰী যিবোৰ শিক্ষানুষ্ঠান আছে তাত আজিও পুৰণি পাঠ্যক্ৰমসমূহেই প্ৰচলিত হৈ আছে।  চৰকাৰী পুঁজিৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবেই এনে শিক্ষানুষ্ঠানসমূহে নতুন নতুন পাঠ্যক্ৰম মুকলি কৰিব পৰা নাই।  মেধাবী ছাত্ৰ ছাত্ৰী হলেও তেওঁলোকে এতিয়া বুৰঞ্জী অথবা ইংৰাজী সাহিত্য পঢ়ি এটা ভাল চাকৰি পাব বুলি আশা কৰিব পৰা নাযায়।  আচলতে আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰেই পৰিবৰ্তন অতি জৰুৰী হৈ পৰিছে।  ৰাষ্ট্ৰই কি বিচাৰে, দেশক কিহৰ প্ৰয়োজন এই দিশসমূহৰ চালি জাৰি চাই যদি শিক্ষা ব্যৱস্থাটো পৰিবৰ্তন ঘটোৱা হয় তেনেহ’লে নিশ্চয় নিবনুৱা লোকৰ সংখ্যা হ্ৰাস পাব।

আনহাতে অসমত যি হাৰত উগ্ৰ জাতীয়তাবাদে দেখা দিছে তাক লৈ একেবাৰে সুখী নহয় অসম সন্তানজন। এনে ধৰণৰ আন্দোলনৰ আঁৰত ৰাজনৈতিক শক্তি জড়িত থাকে অৰু তেওঁলোকে নিজৰ স্বাৰ্থ সিন্ধিৰ বাবে সাধাৰণ জনগণক সদায়ে বলিৰ পাঠা সজায়।  ৰাজনৈতিক নেতাসকলে যদি ধন আৰু শক্তিৰ পাছত নদৌৰি সচাঁকৈয়ে দেশৰ অথবা সমাজৰ উন্নতিৰ কথা ভাবিলেহেঁতেন তেনেহ’লে দেশৰ যথেষ্ঠ উন্নতি হ’লহেঁতেন।  অৱশ্যে কিছু সংখ্যক এনে লোক আৰু জাতিও আছে যি সঁচাকৈয়ে বঞ্চিত।  এই বঞ্চিত লোকসকলে কিয়নো আন্দোলন কৰিছে তাৰ প্ৰকৃত তথ্য উদঘাটন কৰি সেই সমস্যা যদি সমাধান কৰিব পৰা যায় তেনেহ’লে নিশ্চয় সমস্যাৰ সমাধান হ’ব।  আনহাতে প্ৰতিজন লোকেই যদি কৰ্মসংস্থাপন লাভ কৰে তেনেহ’লে অস্ত্ৰ লোৱা অথবা আন্দোলন কৰা লোকৰ সংখ্যাও কমি যাব।  অৱশ্যে ইয়াৰ বাবে উপযুক্ত শিক্ষাৰ প্ৰয়োজন হ’ব বুলিও ভাবে দেশৰ সন্মানীয় দাৰ্শনিকজনে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মাত দিল্লী আহি নাপাইহি।  অসমৰ সমস্যা দিল্লীৰ বাবে কোনো সমস্যাই নহয়।  বহু বিষয়া আমোলাই ভাবে যে ক’লকতায়েই দেশৰ শেষ সীমা।  ক’লকতাৰ পাছত উত্তৰ পূৰ্বাঞ্চল নামৰ এটুকুৰা যে ঠাই আছে সেই কথা বহু আমোলা বিষয়াই নাভাবেই – অসম তথা উত্তৰ পূবাঞ্চলবাসীয়ে সততে উত্থাপন কৰি অহা এই অভিযোগৰ সত্যতা আছে ভাবেও ভাবে মিৰিয়ে।  অৱশ্যে আন দহজন লোকে ভবাৰ দৰে কথাবোৰ নাভাবে তেওঁ।  এনে ধৰণৰ অভিযোগ কিয় উঠিছে অথবা দিল্লীয়েনো উত্তৰ পূবাঞ্চলক কিয় গুৰুত্ব নিদিয়ে সেই কথাবোৰো চালি জাৰি চাইছে বিশিষ্ট শিক্ষাবিদজনে।  তেওঁৰ মতে, ”দেশৰ অৰ্থনীতিলৈ উত্তৰ পূবাঞ্চলে কিমান পৰিমাণৰ অৰিহণা আগবঢ়াইছে সেই কথা চাব লাগিব।  চাহ আৰু তেলৰ বাহিৰে দেশৰ অৰ্থনীতিলৈ অসমে কোনো অৱদান আগবঢ়া পৰা নাই।  একেদৰে ৰাজনৈতিক ক্ষেত্ৰখনতো অসম তথা উত্তৰ পূবাঞ্চলৰ অৱদান কম।  আমাৰ দেশত যিহেতু সংখ্যাৰ ৰাজনীতি হয় গতিকে আমাৰ সংখ্যা এনেও কম হয়।  যিকেইজন সাংসদ নিৰ্বাচিত হৈ আহে তেওঁলোকো বিভিন্ন দলৰ হয়।  নীতি আদৰ্শ মিল নথকাৰ বাবে সাংসদসকলো একত্ৰিত হ’ব নোৱাৰে।  সংখ্যাত কম হোৱাৰ লগতে আমাৰ সংসদসকলৰ ‘ভিজন’ৰো অভাব।  হেম বৰুৱাৰ দৰে সংসদ কঁপাব পৰা লোক নোহোৱা হৈছে।  অৰ্থনীতি আৰু ৰাজনীতি এই দুয়ো ক্ষেত্ৰতে উত্তৰ পূবাঞ্চলৰ অৱদান কম হোৱাৰ বাবে দিল্লীয়ে অঞ্চলটোক গুৰুত্ব কম দিয়ে বুলি মই ভাবোঁ।  অৱশ্যে গণতান্ত্ৰিক দেশ এখনত এনে হোৱাটো দুৰ্ভাগ্যজনক।  আৰু কেন্দ্ৰৰ এনে মনোভাৱৰ বাবেই অঞ্চলটোৰ সমস্যাসমূহ ক্ৰমে জটিল হৈ পৰিছে। ”

ৰাজ্যৰ বাহিৰত থাকিলেও মৃনাল মিৰিয়ে কিন্তু অসমৰ প্ৰতিটো সমস্যাৰ কথাই ভালদৰে জানে।  সেয়া লাগিলে বাংলাদেশী সমস্যাই হওক অথবা বৃহৎ নদী বান্ধৰ সমস্যাই হওক।  প্ৰতিটো সমস্যাই তেওঁ বিভিন্ন দিশৰ পৰা ফঁহিয়াই চায়, বিশ্লেষণ কৰে।  আন দহজন অসমীয়াৰ দৰে তেওঁ বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাটোক লৈও উদ্বিগ্ন।  খাবলৈ নাপাই ভাৰতলৈ অহা বাংলাদেশীসকল ক’লৈ যাব সেই কথাটোও চিন্তা কৰিছে তেওঁ।  কাৰণ তেওঁলোকো মানুহহে ধৰি বান্ধিটো সাগৰলৈ দলিয়াই দিব নোৱাৰি।  এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰি সেই কথা ভালদৰে অধ্যয়ন কৰি চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰে মিৰিয়ে।  কিয়নো এয়া হৈছে দেশৰ অখণ্ডতাৰ প্ৰতি অহা এক ভাবুকি।  আমাৰ কলা,সংস্কৃতিৰ প্ৰতি অহা এক ভাবুকি।  অতি স্পৰ্শ কাতৰ বিষয় হিচাপে বিবেচিত এই সমস্যাকলৈ কিন্তু ৰাজনৈতিক দলসমূহ সচেতন নহয়।  নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই ৰাজনৈতিক দলসমূহে এই সমস্যাটো সমাধান কৰা নাই বুলি কয় তেওঁ।  একেদৰে বৃহৎ নদী বান্ধক লৈ যথেষ্ট সচেতন অসমৰ সুসন্তানজন।  তেওঁৰ মতে,

” নদী বান্ধৰ ফলত বিদ্যুত উৎপাদন হব ঠিকেই ,কিন্তু বান্ধৰ ফলত নদীৰ নামনিত বিৰূপ প্ৰভাৱ পৰিব যে সেয়া নিশ্চিত।  এই কু প্ৰভাৱ ৰোধ কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা হাতত লৈছে লৈছে সেয়াহে ডাঙৰ কথা।  ইতিমধ্যে উৎপাদন কাৰ্য চলি থকা কিছুমান নদী বান্ধৰ পৰা নদীৰ নামনি অংশত বিৰূপ প্ৰভাৱ পৰা দেখা পোৱা গৈছে।  জনগণে বান্ধৰ ফলত সৃষ্টি হোৱা কুফলবোৰ দেখা পোৱাৰ বাবেই নদী বান্ধৰ বিৰোধীতা কৰিছে।  গতিকে নদীৰ নামনিত পৰিব পৰা কু প্ৰভাৱ ৰোধ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া উচিত।  কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে চৰকাৰ অথবা বান্ধ নিৰ্মাণকাৰী সংস্থা কোনেও এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই।  আনহাতে দিল্লীৰ পৰা অসম অথবা অৰুণাচল বহুত দূৰৈত।  গতিকে বান্ধৰ ফলত হোৱা ক্ষতিয়ে তেওঁলোকক সমস্যাত নেপেলাই।  তেওঁলোকক লাগে মাথো বিদ্যুতহে।  বান্ধৰ ফলত বনভূমি, জৈৱ বৈচিত্ৰ,আদিত পৰিব পৰা প্ৰভাৱসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। ”

বজাৰ আৰু বিক্ৰী সংস্কৃতিতো বিশ্বাসী নহয় দেশৰ এই সন্মানীয় অসমীয়াজন।  আমাৰ কলা-সংস্কৃতি,প্ৰকৃতি আদি বিক্ৰী কৰি ধন ঘটাটো নিবিচাৰে তেওঁ।  তেওঁৰ মতে, দেশৰ পৰ্যটন ক্ষেত্ৰখন এতিয়া এটা উদ্যোগলৈ পৰিণত হৈছে।  কিন্তু ব্যক্তিগত ভাবে মই এই উদ্যোগটোৰ কিছুমান কাম কাজ সমৰ্থন নকৰোঁ।  পৰ্যটনৰ যোগেদি ধন ঘটি ৰাজস্থান আদি ৰাজ্য আৰ্থিক ভাৱে লাভবানো হৈছে কিন্তু এনেদৰে আমাৰ কলা- সংস্কৃতি আন মানূহক দেখুৱাই ধন ঘটাটো মোৰ ভাল নালাগে।  অসমত তথা আমাৰ উত্তৰ পূৰ্বাঞ্চল এতিয়াও বজাৰ সংস্কৃতিৰ গ্ৰাসত পৰা নাই বাবেই পৰ্যটন উদ্যোগটো ঠন ধৰি উঠা নাই।  আন্তঃগাঁঠনিৰ লগতে অঞ্চলটোত থলুৱা পাৰদৰ্শী লোকৰো অভাৱ।  কিন্তু গোলকীকৰণৰ যি যুগ আহিছে তালৈ চাই অসম তথা উত্তৰ পূৰ্বাঞ্চলো শীঘ্ৰে বজাৰ সংস্কৃতিৰ মাজত সোমাই পৰিব যে সেয়া নিশ্চিত। ”

পৃথিৱীৰ বিদ্বান লোকসকলৰ শাৰীত থিয় হ’বলৈ সক্ষম হোৱা এই অসমীয়াজনে নিজকে ‘মানুহ’ হিচাপে চিনাকি দি ভাল পায়।  জাতি বৰ্ণ ধৰ্মৰ উৰ্ধত থাকি কাম কৰি যাব বিচাৰে সমাজৰ বাবে।  মিচিং,অসমীয়া, ভাৰতীয় আদিৰ পৰিৱৰ্তে নিজকে তেওঁ বিশ্ব মানৱ বুলি ভাবি ভাল পায়। এয়াই যেন তেওঁৰ বাবে সঠিক পৰিচয়।
শীতৰ সেমেকা ৰ’দ।  তাতে দিল্লীৰ ঘন কুঁৱলি ফালি ওলাই অহা সূৰুয।  এবাৰ ওলাইছে আকৌ কুঁৱলিৰ মাজত ঢাক খাই পৰিছে।  বিশ্বৰ দাৰ্শনিক সকলৰ সমাজত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসম সন্তান মৃণাল মিৰিৰ ওচৰৰ পৰা বিদায় মাগিবৰ সময়ত বেলিটো আকৌ কুঁৱলি ফালি ওলাই আহিল।  ঠিক মিৰিৰ হাঁহিটোৰ দৰেই সতেজ আৰু অনন্য হৈ…..।

মৃণাল মিৰিৰ জীৱন:
পিতৃ- মহিচন্দ্ৰ মিৰি
মাতৃ-ইন্দিৰা মিৰি
জন্ম-১ আগষ্ট ১৯৪০ চন
শিক্ষা- শ্বিলং চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক,কলকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা বিএ, দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজৰ পৰা এম এ আৰু কেম্বিজ ইউনিভাৰচিটিৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ

কৰ্ম জীৱন:
দিল্লীৰ ছেইন্ট ষ্টিফেন্স কলেজত দৰ্শনৰ অধ্যাপক হিচাপে যোগদান(১৯৭০-৭৪),উত্তৰ পূব পাৰ্বত্য বিশ্ব বিদ্যালয়ত অধ্যাপনা(১৯৭২-১৯৯৩) ,ইণ্ডিয়ান ইন্‌ষ্টিটিউট অৱ এডভান্স ষ্টাডিজৰ সঞ্চালক (১৯৯৩-১৯৯৯),ইণ্ডিয়ান কাউন্সিল অৱ ফিল’চ’ফিকেল ৰিচাৰ্চৰ অধ্যক্ষ(১৯৯৩-১৯৯৭,উত্তৰ পূব পাৰ্বত্য বিশ্ বিদ্যালয়ৰ উপাচাৰ্য(২০০০-২০০৫),ৰাজীৱ গান্ধী বিশ্ব বিদ্যালয়ৰ অধ্যক্ষ(২০০৭-২০১২), ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত ৰাজ্য সভাৰ সাংসদ(২০১২….)

সন্মান: পদ্ম ভূষণ সন্মান

ৰাপ: ফুটবল আৰু ক্ৰিকেট

প্ৰকাশিত গ্ৰন্থ:
Identity and the Moral life, Oxford University Press, 2002
Dharma: The Categorical Imperative (edited jointly with others),
Linguistic Situation in North East India, Concept Publishing, 2005,
Continuity and Change in Tribal Society, I.I.A.S., Shimla, 1993,
Five Essays on Kant (Ed), North Eastern Hill University, 1987
Philosophy of Psychoanalysis, Indian Institute of Advanced Study, Shimla, 1997.
The Partings, (translated from the Assamese novel Xeuji Pator Kahini by Rasha Barua) Sahitya Akademi, Delhi, 2004

মৃণাল মিৰিৰ পৰিয়াল:
সৰু,এটা সংস্কৃতিবান পৰিয়ালৰ গৰাকী মৃণাল মিৰি।  পত্নী,দুগৰাকী কন্যা আৰু চাৰিটা নাতি-নাতিনীৰে পূৰ্ণ তেওঁৰ সংসাৰ।  পত্নী সুজাতা মিৰি।  দিল্লীৰ ছোৱালী হোৱাৰ পাছতো সুজাতাই জানে অসমীয়া কলা-সংস্কৃতি।  ভাল পায় অসম তথা উত্তৰ পূৰ্বাঞ্চলক।  দিল্লীৰ শ্ৰীৰাম কলেজৰ পৰা দৰ্শন শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতে সুজাতাই পঢ়ি অহা কলেজখনতেই অধ্যাপনাৰ সুবিধা পায়।  ইয়াৰ পাছত কিছুদিন ছিমলাৰ ইণ্ডিয়ান ইন্‌ষ্টিটিউটত কাম কৰি তেওঁ শ্বিলঙত থকা উত্তৰ পূব পাৰ্বত্য বিশ্ব বিদ্যালয়ত দৰ্শন বিভাগত যোগদান কৰে।  দীৰ্ঘদিন ধৰি অধ্যাপনা কৰাৰ অন্তত এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।  জনজাতীয় কলা-সংস্কৃতি আৰু চিত্ৰ কলাত বিশেষ ৰাপ থকা মিৰিয়ে এতিয়ালৈকে জনজাতীয় সংস্কৃতি আৰু চিত্ৰ কলা সম্পৰ্কত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।  তেওঁ লিখা কিতাপসমূহ হ’ল-Ethics and Environment, Northeast India: Development, Communalism and Insu, A Book of Paintings on Themes from the North-east, Rationality and Tribal Thought, Introduction to Social and Political Philosophy, Stories and Legends of the Liangmai Nagas, Religion and Societ of North-East India, Communalism in Assam: A Civilizational Approach, Days and Nights,The Broken Circle।

প্ৰফেচৰ মৃণাল মিৰি আৰু সুজাতা মিৰিৰ দুটি সন্তান।  বিন্দু আৰু পূজা।  দিল্লী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰা বিন্দু এগৰাকী যুৱ দাৰ্শনিক।  যুৱ বিজ্ঞানী সঞ্জয় পুৰীৰ লগত বিবাহ পাশত আবদ্ধ হোৱা বিন্দুৰ কেইবাখনো কিতাপ প্ৰকাশ হৈছে।  একেদৰে তেওঁলোকৰ সৰু কন্যা পূজাৰো লিখা-মেলাত যথেষ্ঠ ৰাপ আছে।  পূজাই ৰচনা কৰা শিশু আৰু কিশোৰৰ উপযোগী কেইবাখনো কিতাপ প্ৰকাশ পাইছে।  দীৰ্ঘ দিনধৰি লণ্ডন আৰু ছিংগাপুৰত বাস কৰা পূজাৰ কিতাপ সমূহ শিশুসকলৰ মাজত যথেষ্ঠ জনপ্ৰিয়।

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
daradee disha das.
8 years ago

lLekhoni2 phohiaai saai aaji asomiya hisape shosakoi e gourobanitoo!!!!!!!!

Anonymous
8 years ago

অসমত পৰ্যটন উদ্যোগৰ ক্ষেত্ৰৰ প্ৰতি থকা তেখেতৰ দৃষ্টিভংগীক পুৰ্ণ সৰ্মথন জনাইছো । ইমান এটা ভাল লগা সাতক্ষাতকাৰ পঢ়িবলৈ দিয়াৰ বাবে সম্পাদক মহোদয়ক ধন্যবাদ জনাইছো ।

raj
8 years ago

Thanks for the article. -Raj/Dibrugarh