মৃত্যুৰ মিছিলত বিপ্লৱী কেপচুল (উচ্চজিৎ কলিতা)
খেতিয়কৰ মৃত্যুৰ মিছিলত
আমিবোৰ মে’ক ইন্ ইণ্ডিয়াৰ যাত্ৰী,
চিপজৰীত ওলমি ৰয় আদৰ্শ
গোবৰ-উৰ্বৰ মগজুৰ বাবে গোটাওঁ সাৰপানী
আমাৰ ধৰ্ণাকামী ৰাজনীতিত মৃতদেহে জন্ম দিয়ে ষ্ট্ৰেটেজী।
মৃত্যু মাথোঁ এটি শ্লোগান,
হীৰুদা, তুমি কোন ক’বলৈ শিল্প বুলি।
ঘেঁহুৰ লেছেৰি, বিলাহীৰ কলি আৰু কপাহৰ গুটি,
খেতিয়েকৰ বাবে দুবেলা-দুমুঠিৰ যোগাৰ
জীয়েকৰ যৌতুকৰ আধাৰ,
আৰু আমাৰ বাবে বিপ্লৱৰ কেপচুল এটি এটি।
খেতি শুকাওক, বেলি ডুবক
দেশক সাৰুৱা কৰি খেতিয়কো মৰক।
আমাৰ আকাল নহয়,
আমি খাম ৰাজনীতি আৰু প্ৰযুক্তিৰ সেণ্ডৱিচ্,
আমিবোৰ মে’ক ইন্ ইণ্ডিয়াৰ যাত্ৰী।
দুৰ্নীতি নিপাতে যাবলৈ
খেতিয়কৰ তেজ লাগে,
মন্ত্ৰীৰ অভিষেকত কপালত ফোঁট ল’বলৈ
খেতিয়কৰ তেজ লাগে,
খেতিত পলস পৰি পৰি
খেতিয়কৰ তেজ হয় ৰাষ্ট্ৰৰ জাহাজৰ ইন্ধন।
আমিবোৰ মে’ক ইন্ ইণ্ডিয়াৰ যাত্ৰী,
বচন মাতি মাতি বচন শুনি শুনি
বিপ্লৱ কৰোঁ আজিক বাদ দি কাইলৈৰ সপোন বেচি।