মূখা – ভাস্কৰজ্যোতি বৰা

 বোৱাৰী হৈ অহাৰ দিনাৰ পৰাই পাপৰিয়ে দেখিছে, প্ৰায় প্ৰত্যেক দিনাই সন্ধিয়া পৰত চুবুৰীয়া বুলু খুড়া তেওঁলোকৰ ঘৰলৈ আহে৷ প্ৰথম সাক্ষাতৰ দিনাৰ পৰাই বুলু খুড়াই পাপৰিক বিভিন্ন বিষয়ত উপদেশ দিয়া আৰম্ভ কৰিছিল৷ অৱশ্যে পাপৰিয়ে মানুহজনক বেয়া পোৱা নাছিল কোনোদিনে৷ ৰাগ জাল নাইকিয়া মানুহ৷ ক্ষন্তেক ওলাই আহি পাপৰিৰ শহুৰেকৰ লগত দুআষাৰ পাতে৷

পাপৰিৰ চাৰি বছৰীয়া ছোৱালী ৰিণিয়ে বুলু খুড়াক খুব ভাল পায়৷ খুড়া আহিলেই ককা বুলি মাতি বুলু খুড়াৰ কোলাত বহেগৈ৷ কিন্তু কেইদিনমানৰ পৰা পাপৰিয়ে লক্ষ্য কৰিছিল যে বুলু খুড়াই ওচৰলৈ মাতিলেও ৰিণি তেওঁৰ ওচৰ নচপা হৈছে৷ বৰঞ্চ খুড়াৰ মাত শুনিলেই ৰিণি নিজৰ কোঠালৈ দৌৰ মাৰে৷ পাপৰিয়ে প্ৰথম অৱস্থাত কথাটোত সিমান গুৰুত্ব দিয়া নাছিল৷ সৰু ছোৱালীজনীৰ কিবা কথাত ঠেহ লগা বুলিয়েই ভাবিছিল৷ কিন্তু কালি ৰিণিৰ এটা কথাই পাপৰিৰ ধাৰণা সলনি কৰি দিলে৷

কালি সন্ধিয়াৰ কথা৷ সদায় কৰাৰ দৰে ৰিণিয়ে স্কুলৰ ঘৰুৱা কাম কৰি আছিল৷ মাক পাপৰিও বহি আছিল ওচৰতে৷ হঠাতে ৰিণিয়ে মাকক সুধিলে, “মা বুলু ককানো আমাৰ ঘৰলৈ সদায় কিয় আহে? “
পাপৰিয়ে ক’লে, “আহে আৰু এনেয়ে আমাৰ ককাৰ ওচৰলৈ৷ তুমি বেয়া পোৱা নেকি? “
ৰিণিয়ে ক’লে, “আগতে বেয়া নাপাও৷ আজিকালি বেয়া পাওঁ৷ “
পাপৰিয়ে ক’লে, “কিয় বেয়া পোৱানো৷ ককাই দেখোন তোমাক খুব মৰম কৰে৷“
ৰিণিয়ে মুখেৰে একো নামাতিলে৷
সৰু ছোৱালীজনীৰ অভিমানৰ কাৰণটো জানিবলৈ মন গ’ল পাপৰিৰ৷
সেয়েহে পাপৰিয়ে ৰিণিক আকৌ সুধিলে, “কোৱাচোন সোণজনী বুলু ককাকনো কিয় বেয়া পালা?“
ৰিণিয়ে ক’লে, “নকওঁ৷ ক’লে তুমি মোকহে পিটিবা৷“
পাপৰিয়ে ক’লে, “তোমাক কিয় পিটিম আকৌ৷ নক’লেহে বেয়া পাম মই৷“
ৰিণিয়ে ক’লে, “বুলু ককাই মোৰ লাজ লগা ঠাইবোৰ চুই দিয়ে৷“

জীয়েকৰ আচম্বিত উত্তৰটোত পাপৰিৰ কাণ মূৰ গৰম হৈ গৈছিল মুহূৰ্ততে৷ নিজৰ জীয়েকৰ ওচৰতে লজ্জিত হৈছিল পাপৰি৷ অকণমানি ছোৱালীজনীক কি উত্তৰ দিব পাপৰিয়ে ভাবি পোৱা নাছিল৷ বাৰে বাৰে এটা কথাই পাকঘূৰণি খাইছিল পাপৰিৰ মনত, “কেতিয়া শেষ হ’ব এই সমস্যাবোৰ?“
বাহিৰৰ কোঠাত সেই সময়ত চৰকাৰৰ সমালোচনাৰে বুলু খুড়াৰ দীঘলীয়া ভাষণ চলি আছিল৷ ৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments