মুখা (নন্দিতা খাখলাৰী)

– ‘কথাবোৰ আচলতে তেনেকুৱাই’, প্ৰণৱে বিয়েৰৰ বটলটো হাতত লৈ ৰেখাৰ ফালে নোচোৱাকৈয়ে ক’লে।

– তেনেকুৱা মানে কেনেকুৱা?

– পুঁজিবাদৰ দৰেই আধুনিক প্ৰযুক্তিবিদ্যাই মানুহৰ মন আৰু চৰিত্ৰ দুয়োটাই বুজি পাই গৈছে।

-কি ক’ব খুজিছা?

-চোৱা, মানুহ যে চিৰন্তন ভাৱে সুবিধাবাদী, স্বাৰ্থপৰ আৰু মিথ্যাচাৰী সেই কথাটো আধুনিক প্ৰযুক্তিবিদ্যাই বুজি উঠিছে।

– তুমি চোন থমাছ হবছৰ দৰে সম্পূৰ্ণ নিগেটিভ থিয়ৰী এটা দিছা। মানুহৰ চৰিত্ৰৰ ধনাত্মক দিশো আছে।

– ধনাত্মক দিশ নাই, ধনাত্মক মুখা আছে।

– আস্! আৰ্ট মুভিৰ দৰে কথাবোৰ চালে বেৰে কোবাইছা কিয়?

– বাৰু, সস্তীয়া চিনেমাৰ দৰেই কৈছোঁ। ৰাতিপুৱা ঘৰলৈ অহা মাছ বেপাৰীটোৰ লগত তুমি পাঁচ টকাৰ কাৰণে ৰণাংগিনী হোৱা। অথচ গধূলি সেইজনী তুমিয়েই শ্বপিং ম’ললৈ গৈ বহুজাতিক কোম্পানীৰ আগত বিনাবাক্যে আত্মসমৰ্পণ কৰি আহা। অথবা নাইট ক্লাবলৈ গৈ পাঁচ হাজাৰ টকাত তিনিটা ককটেইল আৰু পাঁচ টুকুৰা গাহৰি খাই চ্যুট পিন্ধি চালাম মাৰা ৱেইটাৰক আভিজাত্যতা প্ৰদৰ্শন কৰিবলৈ এশ টকা টিপ দি আহা।

– ‘সেয়া সময়ৰ দাবী। আমি মিলাই চলিবই লাগিব’, দুৱাৰত মৃদুকৈ মৰা টোকৰটোৰ দৰে শব্দটোত মোবাইলটো লগে লগে হাতত তুলি লয় ৰেখাই।

– সময়ৰ দাবী? সেয়া হল তুমি পিন্ধা এখন মুখা। পাঁচ টকাৰ বাবে হাহাকাৰ কৰা তোমাৰ স্বাৰ্থপৰ মনটোৰ দীনতাক ঢাকি ৰখা এশ টকীয়া আভিজাত্যতাৰ মুখা।

– বাৰু অলপ সময়ৰ বাবে মানি ল’লোঁ তোমাৰ কথা। কিন্তু ইয়াত প্ৰযুক্তি বিদ্যাৰ কথাটো আহিল কৰ পৰা?

– যিহেতু সস্তীয়া চিনেমাৰ দৰেই বুজাব কৈছা গতিকে এটা সহজ উদাহৰণ, প্ৰযুক্তিবিদ্যাই ইণ্টাৰনেট দিছে, অত্যাধুনিক মোবাইল ফোন দিছে, হাজাৰটা চছিয়েল নেটৱর্কিং ছাইট দিছে। আটাইতকৈ জনপ্ৰিয় ফে’চবুকৰ কথাই ধৰা। কি ভাবা? – মাতত ফুটি উঠা শ্লেষৰ সুৰটো লুকাবলৈ চেষ্টা নকৰে প্ৰণৱে।

– মানে?

– ভাল নে বেয়া?

– নিশ্চিতভাৱে ভাল। পুৰণি বন্ধুবোৰক ঘূৰাই পাইছোঁ, সকলোৰে লগত সংযোগ ৰাখিছোঁ, বিপদে আপদে অনায়াসে খবৰ ৰাখিব পাৰিছোঁ। আগতে এইবোৰ সুবিধা কত আছিল?

– হাঃ হাঃ তেনেহলে তোমাৰ পুৰণি বান্ধৱীয়ে বিদেশ ভ্ৰমণত যোৱা ফটোবোৰ দেখি কিয় ঈৰ্ষাত জ্বলি উঠা?

– সেয়া নাৰীৰ সহজাত প্ৰবৃত্তি।

আকৌ বাজি উঠে দুৱাৰৰ মৃদু টোকৰ। ফোনটো লৈ নিমগ্ন হৈ যায় ৰেখা।

– বাৰু, পৰহি সিটো বিল্ডিঙৰ ব্ৰহ্মৰ মাক ঢুকাওতে তুমি খবৰ এটা ল’বলৈ নগ’লা? অথচ ফে’চবুকত লিখিলা RIP!

মোবাইলটো লৈ ৰেখা নিৰুত্তৰ। মাজে মাজে চেপি ৰাখিব খোজা চঞ্চল হাঁহিটো ওলাই পৰিছে তাইৰ। মুখত চোবাই থকা চিকেনৰ সোৱাদটো টেঙা হৈ পৰা যেন লাগে প্ৰণৱৰ। ঢোকঢোককৈ বাকী থকা বিয়েৰখিনি শেষ কৰি নতুন এটা বটল খুলি লয় সি। ৰেখাই মূৰ তুলি তালৈ চায় এইবাৰ।

– আস্! কোনখন দুনিয়াত আছা বাৰু তুমি? দেখা নাই, ছচিয়েল নেটৱৰ্কিং ছাইটবোৰেই পৃথিৱীত এতিয়া গণ বিপ্লৱ আনিছে- আৰব দেশবোৰত ৰাজতন্ত্ৰ গুছি গণতন্ত্ৰ আহিল, চাহ দোকানী প্ৰধানমন্ত্ৰী হল, নৈৰাজ্যবাদী গৈ মুখ্যমন্ত্ৰী হল। কিহৰ সহায়ত? কেৱল সেয়াই জানোঁ? ফে’চবুকত আমি অন্যায়ৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ, বিতৰ্ক কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ.. – অসাৱধানবশতঃ প্ৰণৱৰ চকুত ধৰা পৰি যোৱা চঞ্চলতাখিনি ঢাকিবলৈকে উশাহ নসলোৱাকৈ কৈ উঠে ৰেখাই।

এ চি ৰুমটোৰ বন্ধ খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালে প্ৰণৱে। উজ্জ্বলতা দেখিয়ে অনুমান কৰিব পাৰি ৰ’দৰ প্ৰখৰতা। হিচাপ মতে এই ৰদ নেওচি হলেও আজি সি ঘূৰি ফুৰিব লাগিছিল সেই উত্তপ্ত পদপথত। সমীক্ষা কৰিব লাগিছিল কিছুমান দুৰ্ভগীয়া জীৱনৰ। কিন্তু নাই নোৱাৰে সি, প্ৰখৰ ৰ’দৰ সন্মুখীন হোৱা সামৰ্থ্য কাহানিবাই হেৰুৱাই পেলাইছে।

– আচ্ছা, সিদিনা বজাৰৰ মাজতে ছোৱালীজনীক সেই লৰাটোৱে অশালীন ব্যৱহাৰ কৰাৰ পিছতো তুমি নাৰী হৈও কোনো প্ৰতিবাদ নকৰিলা যে? তেতিয়া এই প্ৰতিবাদী কণ্ঠবোৰ ক’ত ৰুদ্ধ হয়?

– পুলিচক মতা হৈ গৈছিল। সেইবোৰ কৰিবলৈ সমাজত ব্যৱস্থা আছে।

– আত্মসন্তুষ্টিৰ কাৰণে তুমি নিজক ফাঁকি দিছা। আচলতে সেইখনো এখন মুখা। ই-এক্টিভিষ্ট মানুহৰ কাপুৰুষালিক ঢকাৰ মুখা। ফে’চবুকত থকা তোমাৰ এহেজাৰ সাতশ বন্ধুৰ কেইজনৰ সুখত তুমি প্ৰকৃততে সুখী হৈছা? কেইজনৰ পৰচৰ্চা কৰি দাঁত নিকটাই আত্মতৃপ্তি লভিছা? কেইজনৰ বিপদত তুমি সঁচাকৈ ওচৰলৈ গৈ সহায় অথবা সমবেদনা জনাইছা? গাঁৱৰ ঘৰলৈ গৈ তোমাৰ আধুনিকতাৰ পোছাকযোৰ মলিন হয় বুলি ইছ্ আছ্ কৰিছা অথচ দুটা অৰ্থহীন বাহ্ বাহৰ লোভত তুমি আইতাৰ ক’লা ধোঁৱা ওলোৱা জুহালৰ কাষত বহি এলানি ফটো মাৰিছা। আচলতে কি কৰিছা বুলি ভাবা? মই কওঁ, তোমাৰ নগণ্যতাক ঢাকিবলৈ তুমি মহানতাৰ মুখা এখন পিন্ধি ঘূৰিছা। আৰু আধুনিক প্ৰযুক্তিবিদ্যাই এই মুখাবোৰক অত্যন্ত সহজলভ্য আৰু লোভনীয় কৰি মানুহক তাৰ মাজত চিৰ ব্যস্ত আৰু অভ্যস্ত কৰি তুলিছে। প্ৰযুক্তি বিদ্যাৰ ঐশ্বৰ্য্যৰ সমুখত একপ্ৰকাৰৰ ভৃত্য হৈ পৰিছোঁ আমি।

– যদি সেয়াই হয়, তেন্তে তুমিওতো তাৰ ব্যতিক্ৰম নোহোৱা?

খিৰিকী খনেৰে আকৌ এবাৰ বাহিৰলৈ চাই পঠিয়ালে প্ৰণৱে। ৰ’দ ক্ৰমশঃ লহিয়াইছে। ট্ৰেফিক ছিগনেলৰ ৰঙা লাইটটো জ্বলি উঠিল। এখন এখনকৈ গতিৰুদ্ধ হৈ ৰৈ গৈছে গাড়ীবোৰ। আৰু লগে লগে দৌৰি আহিছে গৃহহীন এজাক শিশু। কোনোটোৱে গাড়ী মচি দিছে, কোনোৱে ৰাস্তাত বাগৰি চাৰ্কাছ দেখুৱাইছে, কোনোৱে কিবা এটা বেচাৰ আপ্ৰাণ চেষ্টা চলাইছে। নাই, গাড়ীবোৰৰ খিৰিকী খোল নাখায়। সেউজীয়া লাইটৰ সংকেতত ধীৰে ধীৰে গুচি যায় গাড়ীবোৰ। প্ৰেতাত্মাৰ দৰে লগা জাক এটা ৰৈ যায় হতাশ হৈ। দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ।

ৰেখাৰ ফোনটো বাজি উঠিল দীঘলীয়াকৈ। কিছুদিনৰ পৰা এই বিশেষ ৰিংট’নটো বাজিলেই তাই চঞ্চল হৈ উঠে। পাহৰি পেলায় বয়স, সদ্যযৌৱনা কোনো ষোড়শীৰ দৰে। বেলকনিৰ পৰা ফুচফুচনিৰ দৰে তাইৰ মাতটো ভাহি আহিছে, “এতিয়াই যাব নোৱাৰিম পল.. এওঁ ঘৰত আছে। সন্ধিয়া ক’ৰবাত সভা এখন আছে চহৰৰ গৃহহীন সকলৰ জীৱনৰ ওপৰত… কিমান ক’লোঁ ওলাই গৈ সিহঁতৰ ৰিয়েল লাইফটো চাই আহা, মোৰো সুবিধা হ’লহেঁতেন… ঘৰত বহি ইণ্টাৰনেটত চাই আছে.. ছৰী বেবী…” ।

চকু দুটা পোৰা যেন লাগিল প্ৰণৱৰ। বুকুৰ ধপধপনিটো যেন ধুমুহাৰ দৰে বাঢ়ি আহিছে। হাতত থকা বটলটো প্ৰচণ্ড খঙেৰে ৱালত দলিয়াই ভাঙিবলৈ মন গল। কিন্তু নাই, নোৱাৰে সি সেইবোৰ একোৱেই কৰিব। গণ্য মান্য বুলি সমাজত নাম এটা আছে তাৰ। হাতঘড়ীটোলৈ চাই নিশব্দে চিগাৰেট এটা জ্বলাই ল’লে প্ৰণৱে। বেলি ডুব যাবলৈ বেছি পৰ নাই, ক্ৰমশঃ সন্ধিয়া নামি আহিছে চঞ্চল খোজেৰে। মুখাখন সলাই নতুন এখন মুখা পিন্ধিবৰ হ’ল।

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
5 years ago

খুব ভাল লাগিল। মুখা নহ’লে আজিকালি জীয়াই থকাই কঠিন।

Raju Upreti
5 years ago

Bohut bhaal laagil podi…

ৰঞ্জন
5 years ago

মুখা বিহিন সমাজ এক অবাস্তৱ কল্পনা |