সংগীতৰ নৃতাত্বিক আৰু জেনেটিক শিপা -( ড° পংকজ বৰা)

সংগীতৰ নৃতাত্বিক আৰু জেনেটিক শিপা

– ড° পংকজ বৰা

 

সংগীতৰ নৃতাত্বিক আৰু জেনটিক শিপা:

সংগীতে আধুনিক মানৱৰ জীৱনত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি লৈছে। দৈনন্দিন ভাৱে আমি সংগীত বিভিন্ন জেগাত শুনিবলৈ পাঁও, যেনে ঘৰ বা গাড়ীৰ ভিতৰত ‘মিউজিক ছিষ্টেম’, কোনো অ’ডিটৰিয়ামত,গান-বাজনাৰ ৰাজহুৱা অনুস্থানত, উৎসৱ-পাৰ্বনত, ধাৰ্মিক উপাসনাৰ অনুস্থানত, হোটেল-ৰেষ্টুৰেন্টত,আধুনিক শ্বপিং মলবোৰত ইত্যাদি। কিন্তু কেতিয়াবা চৌপাশৰ নীৰৱ নিস্তব্ধ পৰিৱেশতো মানুহৰ মনৰ ভিতৰত গানৰ অনুভূতি এটা বাজি উঠা যেন অনুভৱ হয়। সেই অনুভূতিটো ক’ৰ পৰা আহে? কিছু বৈজ্ঞানিকে শেহতীয়াভাৱে ধাৰণা কৰিছে যে ঠিয় হৈ খোজ কাঢ়িবলৈ শিকাৰ পৰা ভাষাৰ ব্যৱহাৰেৰে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ শিকাৰ দৰেই সংগীতো মানুহৰ মাজত একপ্ৰকাৰৰ বিৱৰ্তনীয়ভাৱে উৎপত্তি হোৱা জেনেটিক আচৰণ। বেছিভাগ নৃতাত্বিক বিশেষজ্ঞই সংগীতক সাংস্কৃতিক ভাৱে উদ্ভৱ হোৱা প্ৰবৃত্তি বুলিহে অভিহিত কৰে যিয়ে মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱন অধিক সুখদায়ক আৰু মনোৰম কৰি তুলিবলৈ সক্ষম হৈছে। কিন্তু জেনেটিক আচৰণবিদ সকলে ভাৱে যে সংগীতৰ এক জেনেটিক শিপা আছে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় কিছুমান ‘সংগীতৰ জিন’।
(জিন বংশগতিৰ একক। জীৱকোষৰ ক্ৰোমজ’মৰ নামৰ সূত্ৰিকাৰ এক নিদিৰ্ষ্ট ঠাইত অৱস্থিত ডি এন এ ৰ এক নিদিৰ্ষ্ট দৈৰ্ঘৰ সজ্জা, যি এক বিশেষ চৰিত্ৰ বহন কৰে।)

সংগীতৰ বিশ্বজননীতা আৰু বিৱৰ্তনীয় গতিধাৰা :
সংগীতৰ বিশ্বজননীতাই ইয়াক অনন্যতা প্ৰদান কৰে। উদাহৰণস্বৰূপে অসমৰ বিহুকে আদি কৰি আন নৃগোষ্ঠীয় লোক সংগীতৰ পৰা আৰম্ভ কৰি আমাজান উপতক্যাৰ জনজাতীয় নৃত্যলৈকে, বা আফ্ৰিকাৰ জনগোষ্ঠীয় সংগীতৰ পৰা স্কেণ্ডিনিভিয়াৰ চামি, ৰোমা বা ফিনিক লোকসংগীতলৈকে সংগীতৰ এক বিশ্বজনীন আৱেদন আছে। ভাষা বুজি নেপালেও হয়টো যিকোনো সংগীতৰ সুৰ শুনিলেই যিকোনো মানুহেই তাৰ তাল মান, লয় অনুভৱ কৰিব পাৰে। কেতিয়াবা তালে তাল মিলাই নাচিবলৈ চেষ্টা কৰে;সুৰত সুৰ মিলাই গাবলৈ চেষ্টা কৰে। পৃথিৱীৰ সকলো ভৌগোলিক স্থানতেই ঢোল বা ঢোলসদৃশ, তাল বা তাল সদৃশ আৰু বাঁহী/পেঁপাসদৃশ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি উল্লাসিত ভাৱে গান-বাজনা কৰাৰ লগতে নৃত্য কৰা দেখা যায়। লোকসংগীতৰ এই বিশ্বজননীনতাই প্ৰমাণ কৰে মানৱ প্ৰজাতিৰ বিৱৰ্ত্তনত প্ৰাথমিক অৱস্থাতেই সংগীতৰো সৃষ্টি হৈছিল। বিৱৰ্ত্তনীয় গতিত মানৱ সভ্যতা স্থান আৰু পৰিৱেশভেদে বহুমূখী দিশত বিকশিত হৈ বৰ্তমানৰ এক বৈচিত্ৰময় পৃথিৱীৰ জন্ম দিছে ; সংগীতৰ মূল উপাদান সমূহ কিন্তু একেই থাকি গ’ল।

ভাৰতৰ লগতে পৃথিৱীৰ যিকোনো ঠাইৰ পৌৰাণিক গুহা, শিল্প-ভাৰ্স্কৰ্য্য আদিত সাংগীতিক উপাদানৰ সম্ভেদ পোৱা যায়। শেহতীয়া ভাৱে চ’লভেনিয়াৰ এটা গুহাৰ পৰা আৱিষ্কৃত ‘Divje Babe flute’ নামৰ হাড়েৰে নিৰ্মিত বাঁহী সদৃশ বাদ্যযন্ত্ৰৰ অংশবিশেষৰ আনুমানিক বয়স প্ৰায় ৪০ হাজাৰ বছৰ বুলি বিশেষজ্ঞ সকলে নিৰ্দ্ধাৰণ কৰিছে [১]। এইটোৱেই সম্ভৱতঃ বৰ্তমানলৈকে জনা হোৱা সাংগীতিক বাদ্যযন্ত্ৰসমূহৰ ভিতৰত সবাতোকৈ পুৰণি। সেই সময়চোৱাত নিয়েন্দাৰঠেল নামৰ মানৱসদৃশ প্ৰজাতিৰ লগত আদিম মানুহে সমান্তৰালভাৱে এই পৃথিৱীত বসবাস কৰিছিল। সেইসময়ত ইউৰোপ আৰু উত্তৰ আমেৰিকাকে ধৰি পৃথীৱীৰ বহু অংশই বৰফত ডুব গৈ আছিল। এই সময়চোৱাকেই আধুনিক মানুহ আৰু মানৱ সভ্যতাৰ বিকাশৰ কাঁহিলীপুৱা বুলি গণ্য কৰা হয়। যদি উপলব্ধ হোৱা সবাতোকৈ পুৰণি সাংগীতিক বাদ্যযন্ত্ৰবিধৰ বয়স ৪০ হাজাৰ বছৰ পুৰণি বুলি গণ্য কৰা হৈছে, তেন্তে কণ্ঠসংগীতৰ ইতিহাস হয়টো তাতকৈ কেইবাগুণ পুৰণি হ’ব। গতিকে ইয়াৰ পৰা সংগীতৰ বিৱৰ্তনীয় গতিধাৰা মানৱ প্ৰজাতি বা সভ্যতাৰ ক্ৰমবিকাশৰ গতিধাৰাৰ লগত সমান্তৰাল ভাৱে চলি অহা বুলি ধাৰণা কৰিব পাৰি।
আধুনিক স্নায়ু বিজ্ঞানে কি কয় ?

আধুনিক চিকিৎসাবিজ্ঞানৰ আন কেতবোৰ গৱেষণাই সংগীতক মানুহৰ বিৱৰ্তনীয় অভিযোজন বুলি ভাৱিবলৈ বাধ্য কৰাইছে [২]। শেহতীয়া এক অধ্যয়নত দেখা গ’ল যে, কোনো দুৰ্ঘটনা আদিত মগজুৰ ‘right temporal lobe’ নষ্ট হোৱা ৰোগীক আগেয়ে জনা সংগীতৰ কলি বজায় শুনাঁওতে সঠিক গানটো মনত পেলাব নোৱাৰে[৩]। কিন্তু যেতিয়া গানটোৰ কথা তেখেতসকলক পঢ়িবলৈ দিয়া হৈছিল,তেতিয়া ২৫ টা গানৰ ভিতৰত ২৪ সঠিককৈ মনত পেলাব পাৰে। ম’ন্ট্ৰীল বিশ্ববিদ্যালয়ৰ গৱেষক ইছাবেল পাৰ্টেজে মগজুৰ আধুনিক আলোকচিত্ৰ লোৱা প্ৰযুক্তিৰ (brain mapping using functional magnetic resonance imaging) সহায়ত ধৰা পেলাইছে যে বেছিভাগ মানুহেই যেতিয়া গান শুনে, তেতিয়া মগজুৰ ‘right temporal lobe’ অংশটো সক্ৰিয় ভাৱে অধিক কাৰ্য্যক্ষম হৈ পৰে [৪]। অৱশ্যে মগজুৰ কোনো অংশৰ সক্ৰিয়তা বা নিস্ক্ৰিয়তাৰ লগত জৈৱিক আৰু ব্যৱহাৰিক কাৰ্য্যপ্ৰণালীৰ প্ৰতক্ষ্য নিৰ্ভৰশীলতা নিৰ্দ্ধাৰণ কৰাটো আজিৰ দিনত ১০০% সম্বৱ নহয়। তথাপিও, বৈজ্ঞানিক সকলে ভাৱে যে মানুহৰ জিন’মত বিৰ্ৱৰ্তনীয় ভাৱে সংগীতৰ জিনৰ ক্ৰমবিৱৰ্তন হৈ আহিছে। হয়টো জিন’ম প্ৰযুক্তিৰ দ্বাৰা অদূৰ ভৱিষ্যতে এই বিষয়ে কিছু সম্ভেদ পোৱা যাব।

গান গোৱা চৰাইৰো আছে নেকি বিশেষ জিন?

সকলো চৰাইয়ে গান গাব নোৱাৰে। কিন্তু আন কিছুমানে মন-প্ৰাণ জুৰোৱা সুমধুৰ সুৰৰ কল্লোল তুলিব পাৰে। মাত মাতিবলৈ শিকা মানৱ শিশুৰ দৰেই চৰাইৰ পোৱালি বোৰে সিঁহতৰ ডাঙৰবোৰক অনুকৰণ কৰি মাত মাতিবলৈ আৰম্ভ কৰে। শেহতীয়াভাৱে গৱেষক সকলে উদ্ঘাটন কৰিছে যে মানুহৰ ক্ষেত্ৰত ভাষা কোৱা বা শিকাৰ সক্ষমতাৰ লগত জড়িত ‘FOXP2’ নামৰ জিনটো থকা ‘স্নিপছ্’ য়ে জেব্ৰা ফিন্স নামৰ গান গোৱা চৰাই বিধৰ গানগোৱা পৰদৰ্শিতাক প্ৰভাৱিত কৰে[৫,৬]। গৱেষক সকলে আৱিষ্কাৰ কৰিছে যে মানুহ আৰু জেব্ৰাফিন্সৰ মগজুৰ একেই অংশতেই FOXP2 জিনটো সক্ৰিয় হয়। যিহেতু মানুহৰ দেহত এনেধৰণৰ গৱেষণা চলাব নোৱাঁৰি, সেয়ে জেব্ৰা ফিন্স নামৰ চৰাইবিধকেই আৰ্হি হিচাপে লৈ জাৰ্মানীৰ ‘মেক্স প্লাংক আণৱিক জৈৱ অনুসূত্ৰ প্ৰতিস্থান’ত এদল বিজ্ঞানীয়ে আণৱিক পৰ্য্যাৰ গৱেষণা চলাই। এই পৰীক্ষাৰ সময়ত ‘আৰ এন এ ইন্টাৰফেৰেন্স’ নামৰ প্ৰযুক্তিৰ সহায়ত জেব্ৰা ফিন্স চৰাইৰ ২৩ দিনীয়া পোৱালিবোৰৰ দেহত FOXP2 জিনটোক নিষ্ক্ৰিয়  (gene silencing) কৰি দিয়া হয়। উল্লেখযোগ্য যে পূৰ্বলব্ধ গৱেষণাৰ পৰা প্ৰমাণিত তথ্য যে জেব্ৰা ফিন্স চৰাইবোৰে ২৩ দিন মান বয়সৰ পৰা গান গাবলৈ শিকা আৰম্ভ কৰে। পৰৱৰ্ত্তী সময়ত FOXP2 জিনটোক নিষ্ক্ৰিয় কৰা জেব্ৰা ফিন্স পোৱালিকেইটাক গান গাব পৰা বয়সস্থ জেব্ৰা ফিন্সৰ লগত একেটা কোঠালিতে ৬০ দিন থাকিবলৈ দিয়া হৈছিল। তাৰ পিচত FOXP2 জিনটোক নিষ্ক্ৰিয় কৰা চৰাই পোৱালিবোৰ আৰু FOXP2জিনটোক নিষ্ক্ৰিয় নকৰা সাধাৰণ চৰাই পোৱালিবোৰৰ মাতবোৰৰ কম্পিউটাৰৰ সহায়ত শাব্দযান্ত্ৰিক অধ্যয়ন কৰা হৈছিল। ইয়াৰ পৰা দেখা পোৱা গৈছিল যে FOXP2 জিনটোক নিষ্ক্ৰিয় নকৰা চৰাই পোৱালিবোৰে সাধাৰণ ভােৱই গান বা স্বৰধ্বনি অনুকৰণ কৰিব পাৰিছিল কিন্তু FOXp2 জিনটোক নিষ্ক্ৰিয় পৰা চৰাই পোৱালিবোৰে গান বা স্বৰধ্বনি অনুকৰণ কৰাত বিফল হৈছিল [৭]। ইয়াৰ পৰা এই জিনটোৱে যে জেব্ৰাফিন্স চৰাইৰ ক্ষেত্ৰত সাংগিতীক বিকাশ নিয়ন্ত্ৰণ কৰে তাক প্ৰমাণিত কৰে। মানুহৰ দেহত ইয়াৰ প্ৰভাৱ একেই হোৱাৰ সম্ভাৱনীয়তা যথেষ্ট সবল।
*[ FOXP2 জিন আৰু স্নিপছ্ ৰ বিষয়ে অধিক জানিবৰ বাবে এই লেখকৰে আন এটি প্ৰবন্ধ চাব পাৰে: সাহিত্য ডট্ অৰ্গ (www.xahitya.org), সংখ্যা জানুৱাৰী ২০১৩;  প্ৰান্তিক, সংখ্যা: ফেব্ৰুৱাৰী ২০১৩ ]।

মিউজিক থেৰাপী: মানৱ দেহৰ জিনৰ ওপৰত সংগীতৰ প্ৰভাৱ:

আজিকালি সংগীতক বহু বেমাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰাটো এক মান্য চিকিৎসা পদ্ধতি। বিশেষকৈ বিভিন্ন মানসিক ৰোগ, উচ্চৰক্তচাপ, স্কিজ’ফ্ৰেনিয়া, আলজেইমাৰ, এপিলেপ্সী আদি ৰোগত ইয়াৰ ফলপ্ৰসূ প্ৰয়োগ হৈছে [৮][৯]। আদিম কালৰে ভাৰতীয় সমাজকে ধৰি আন বহু সমাজতো সংগীতক চিকিৎসাৰ উপায় হিচাপে ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। ঋষী-মুণি, সাধু-সন্ন্যাসী সকলে উপাসনাৰ বাবে ব্যৱহাৰ কৰা মন্ত্ৰোচাৰণ, প্ৰাৰ্থনা, ভক্তিমূলক গীত আদিৰো এনেধৰণৰ ধনাত্মক গুণ থকা বুলি বিশ্বাস কৰা হয় [১০]। পৌৰাণিক গ্ৰীক আৰু ৰোমান উপাখ্যানত এপল’ সংগীত আৰু চিকিৎসাৰ দেৱতা আছিল। এৰিষ্ট’টলে সংগীতক মন আৰু আত্মাৰ শুদ্ধিকৰণৰ মাজেৰে আৱেগক নিয়ন্ত্ৰণৰ মাধ্যম বুলি অভিহিত কৰি গৈছে। আধুনিক চিকিৎসাবিজ্ঞানৰ জনক হিপ’ক্ৰেটে খ্ৰীষ্টপূৰ্ব ৪০০ ত মানসিক ৰোগীৰ বাবে নিজে সংগীত বজাই শুনোৱা বুলি সম্ভেদ পোৱা যায়।
শেহতীয়া ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এদল গৱেষকে সংগীতৰ দ্বাৰা মানুহৰ দেহত জিনৰ কাৰ্য্যপ্ৰণালীৰ কিবা প্ৰভাৱ পৰেনেকি, সেই বিষয়ে আণৱিক পৰ্য্যায়ত পৰীক্ষা চলাইছিল। এই পৰীক্ষাত ৩২ জন মানসিক চাপত আক্ৰান্ত ৰোগীক বিশেষভাৱে প্ৰস্তুত কৰা সংগীত শুনাইছিল আৰু তেঁওলোকৰ দেহত ৪৫ বিধ ৰোগ প্ৰতিৰোধ তথা মানসিক ৰোগৰ লগত জড়িত জিনৰ কাৰ্য্যপ্ৰণালীৰ সক্ৰিয়তা আৰু নিষ্ক্ৰিয়তা  (Gene expression) অধ্যয়ণ কৰিছিল। ৪৫ টা জিনৰে ১৯ টা মানসিক চাপৰ বাবে দায়ী জিনৰ সক্ৰিয়তা সংগীতৰ প্ৰভাৱত কমি যোৱা বুলি পৰীক্ষাটোত ধৰা পৰে  [১১]।

মিউজিক জিন’ম প্ৰজেক্ট:

এই সহশ্ৰাব্দৰ  আদি ভাগতে প্ৰকাশিত হিউমেন জিন’ম প্ৰকল্পই মানুহৰ দেহৰ ভিতৰত প্ৰায় ৩০ হাজাৰ জিনৰ সাংগঠনিক উপস্থিতিৰ সম্ভেদ দিবলৈ সক্ষম হয়। এই জিনবোৰ আকৌ নামৰ ATGC চাৰিটা ক্ষাৰকৰ (বা সাধাৰণ ভাৱে আখৰ) সংৰচনাত্মক অৱস্থিতিৰে গঠিত হয় [প্ৰান্তিক, সংখ্যা: ফেব্ৰুৱাৰী ২০১৩] । এই জিনবোৰতে মানুহৰ জীৱনপ্ৰক্ৰিয়া সমূহ সাংকেতিক ভাৱে লিপিবদ্ধ থাকে, আৰু অতি সূক্ষ্ণ আণৱিক মেচিন কিছুমানে এই সংকেতবোৰৰ পাঠোদ্ধাৰ কৰি জীৱনপ্ৰক্ৰিয়া পৰিচালিত কৰে। ঠিক চিডি বা কেছেটৰ ৰীলত সংকেতাবদ্ধ গান, পুনৰায় ‘চিডি প্লেয়াৰ’ বা আন ‘মিউজিক প্লেয়াৰ’ত বজায় শুনাৰ নিচিনা। মানৱ জিন’মৰ এই ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ শেহতীয়া ভাৱে ৱিল গেলছাৰ আৰু টিম ৱেষ্টাৰগ্ৰেন নামৰ ব্যক্তি দুজনে ২০০০ চনত ‘মিউজিক জিন’ম প্ৰজেক্ট’ আৰম্ভ কৰে [১২]। এই প্ৰকল্পৰ অধীনত সংগীতৰ তৃণমূল পৰ্য্যায়ৰ গঠণাত্মক বৈশিষ্ট্য সমূহক চিনাক্তকৰণ কৰি জটিল গানিতীয় এলগ’ৰিথমৰ জৰিয়তে উপলব্ধ গানসমূহক শ্ৰেণীবিভাগ আৰু তালিকাভুক্ত কৰা। পৃথিৱীত উপলব্ধ গান সমূহ সম্পূৰ্ণ ভাৱে বৰ্ণনা কৰিবলৈ সৰ্বমুঠ ৪০০ ৰ পৰা ৪৫০ টা এনে গঠণাত্মক বৈশিষ্ট্য বা উপাদানৰ প্ৰয়োজন হয়। এই উপাদানসমূহক জীৱদেহত পোৱা জিনৰ লগত তুলনা কৰি তেঁওলোকে প্ৰকল্পটোক মিউজিক জিন’ম প্ৰকল্প বুলি নামাংকিত কৰিছে যদিও, এইলৈ তীব্ৰ সমালোচনাৰ সন্মূখীন হৈছে। কাৰণ সংগীতৰ সাংগঠনিক উপদান সমূহ জৈৱিক জিনৰ সাংগঠনিক উপাদান বা তাৰ কাৰ্য্যপ্ৰণালীৰ লগত সম্পূৰ্ণ পৃথক। যাইকি নহওক উল্লেখিত সংগীতৰ গঠণাত্মক বৈশিষ্ট্য সমূহৰ দ্বাৰা সংগীতৰ প্ৰণালীবদ্ধ শ্ৰেণীবিভাজন কৰা সহজ হয়। উদাহৰণ স্বৰূপে এই ধাৰণাৰ আধাৰত ৰক্ বা পপ গানসমূহত ১৫০ টা জিন থাকে, ৰেপ গানত ৩৫০ টা জিন থাকে, জাজ সংগীতত ৪০০ বিধ জিন থাকে। শাস্ত্ৰীয় সংগীতত ৩৫০-৪৫০ বিধ জিন থাকে। ইতিমধ্যে ‘মিউজিক জিন’ম প্ৰকল্প’টো পেণ্ড’ৰা মিডিয়া নামৰ প্ৰতিস্থানৰ [১৩] নামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পেটেন্ট লাভ কৰিছে। উল্লেখযোগ্য যে ‘পেণ্ড’ৰা ইন্টাৰনেট ৰেডিঅ’ ই বৰ্তমান এই প্ৰকল্পৰ পৰা সংগৃহীত তথ্যৰ আধাৰত শ্ৰোতাৰ মনপচন্দৰ গান স্বয়ংক্ৰিয়ভাৱে বজায় শুনায়। বৰ্তমানলৈকে ইয়াত ৮০ হাজাৰ শিল্পীৰ ৮ লাখ গান সংগৃহীত হৈ আছে আৰু ইয়াক ৮ কোটি শ্ৰোতাই শুনে।

সামৰণি:

সংগীত আজিৰ দিনত কেৱল আমোদ প্ৰমোদৰ উপাদান বা কাৰোবাৰ বাবে পেচাই হৈ থকা নাই৷ আহিবলগীয়া দিনবোৰত সংগীতৰ প্ৰযুক্তিগত অধ্যয়ন, সংগীত প্ৰতিভাৰ ওপৰত জিনৰ প্ৰভাৱ,সংগীতৰ দ্বাৰা মানুহৰ শৰীৰ তথা জিনৰ ওপৰত প্ৰভাৱ আদিবোৰ বিষয় উল্লেখযোগ্য গৱেষণাৰ

তথ্যসূত্ৰ:

১. Chase PG, Nowell A (1998) Taphonomy of a suggested Middle Paleolithic bone flute from Slovenia. Current Anthropology 39: 549-553.

২. Altenmuller E, Demorest SM, Fujioka T, Halpern AR, Hannon EE, et al. (2012) Introduction to The Neurosciences and Music IV: Learning and Memory. Neurosciences and Music Iv: Learning and Memory 1252: 1-16.

৩. Gosselin N, Peretz I, Hasboun D, Baulac M, Samson S (2011) Impaired recognition of musical emotions and facial expressions following anteromedial temporal lobe excision. Cortex 47: 1116-1125.

৪. Peretz I, Gosselin N, Nan Y, Caron-Caplette E, Trehub SE, et al. (2013) A novel tool for evaluating children’s musical abilities across age and culture. Frontiers in Systems Neuroscience 7.

৫. Lai CSL, Fisher SE, Hurst JA, Vargha-Khadem F, Monaco AP (2001) A forkhead-domain gene is mutated in a severe speech and language disorder. Nature 413: 519-523.

৬. Fisher SE, Vargha-Khadem F, Watkins KE, Monaco AP, Pembrey ME (1998) Localisation of a gene implicated in a severe speech and language disorder. Nat Genet 18: 168-170.

৭. Haesler S, Rochefort C, Georgi B, Licznerski P, Osten P, et al. (2007) Incomplete and inaccurate vocal imitation after knockdown of FoxP2 in songbird basal ganglia nucleus Area X. PLoS Biol 5: e321.

৮. Misic P, Arandjelovic D, Stanojkovic S, Vladejic S, Mladenovic J (2010) Music Therapy. European Psychiatry 25.

৯. Helgason C, Sarris J (2013) Mind-Body Medicine for Schizophrenia and Psychotic Disorders. Clin Schizophr Relat Psychoses: 1-29.

১০. Goyeche JR (1979) Yoga as therapy in psychosomatic medicine. Psychother Psychosom 31: 373-381.

১১. Bittman B, Berk L, Shannon M, Sharaf M, Westengard J, et al. (2005) Recreational music-making modulates the human stress response: a preliminary individualized gene expression strategy. Med Sci Monit 11: BR31-40.

১২. Joyce  J (2006) Pandora and the Music Genome Project. Scientific Computing 23 40-41.

১৩. http://www.pandora.com

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক