নাম যাৰ বিষাদ…..(অনামিকা বৰুৱা)

 

নাম যাৰ বিষাদ…..

অনামিকা বৰুৱা

 

 

 

এটা মচিব নোৱাৰা দাগ
নাম তাৰ বিষাদ……

উৰুখা পঁজাত চাউল নাই
খেতিয়কৰ পথাৰত সপোন নাই
বিষবাষ্পই ছানি ধৰা হিয়াত
এধানী মৰমো নাই……

জৰাজীৰ্ণ শৰীৰত ওলমি ৰয়
ভোক আৰু তৃষ্ণাৰ
চিৰন্তন নগ্ন ছবি
শুকান কলিজা ছিৰি বৈ আহে
এটা তপ্ত হুমুনিয়াহ
পৃথিৱীৰ বুকু শুকায়
মাতৃৰ বক্ষ শুকায়
মানৱতাৰ পুখুৰী শুকায়
ঘাতকৰ কঠিন আঘাতত
ভু-লুণ্ঠিত হয় চেতনা
আৰ্তনাদত বিলীন হয়
তেজে কৰাল মৰা
ইতিহাসৰ হেজাৰ পৃষ্ঠা……

(১)
ভাল লগা নাই একো ।  কিয় যে মানুহ হৈ জন্ম ল’লো! একোৱে কৰিব নোৱাৰিলোঁ কাৰো কাৰণে! অৰ্থহীন ভাবে মাথোঁ দৌৰি থাকিলোঁ মৰীচিকাৰ পাছে পাছে । …শিবুক ল’গ পালো কেইবা বছৰৰ পাছত ।  দাস দাৰ কথা সুধিলোঁ, গীতা দিদিৰ কথা সুধিলোঁ, গোপালৰ কথা সুধিলোঁ ।  গোপাল হেনো গুৱাহাটীত আছেগৈ তাৰ নিজৰ কিবা কামত ।  নতুনকৈ ঔষধ সৰবৰাহৰ ব্যৱসায়ত লাগিছে সি ।  শিবুৱে কোনোবা দোকান এখনত কাম কৰে আজিকালি ।  জীয়াই থকাৰ সংগ্ৰামত যুঁজি আছে গোপাল-শিবু দুয়োটা ।  দেউতাকৰ ষ্ট্ৰ’ক হৈ যোৱাৰ পাছত আগৰ দৰে তেওঁ দোকানত গৈ কাম কৰিব নোৱাৰা হ’ল এতিয়া ।  বৰ হেঁপাহেৰে মাতিলে শিবুৱে– খুৰী আহিবচোন কেতিয়াবা ।  বাবা-মামনিৰ কথা সুধিলে । …মনটো বেয়া লাগি গ’ল শিবুক দেখি ।  মনত পৰি গ’ল বৰগুৰিত একেলগে থকা দিনবোৰলৈ ।  আমি ভাৰাত থকা ঘৰটোৰ কাষতেই একে মালিকৰে দুচলীয়া টিন দিয়া দুটা কোঠাৰ ঘৰ এটাত এই গীতা দিদিৰ পৰিয়ালটো আছিল ।  মই বিয়াৰ পাছত মাৰ্ঘেৰিটাৰ পৰা আহিয়েই প্ৰথম তেওঁলোকক পাইছিলোঁ ।  আৰ্থিক অভাৱে জুৰুলা কৰা সৰু পৰিয়াল এটা ।  গোপাল-শিবু তেনেই সৰু সৰু তেতিয়া ।  স্কুললৈ গৈছে দুয়োটা ।  বংগীয় বিদ্যালয়ত পঢ়ে ।  গোপালে মাজে মাজে অংক নোৱাৰিলে মোৰ ওচৰলৈ শিকিবলৈ আহে ।  শিবুৱে দেওবাৰে টিভি চোৱাৰ বাহিৰে এনেই কিন্তু আমাৰ ঘৰলৈ ভুলতেও নাহে পঢ়াৰ কথা সুধিম বুলি ভয়তে ।  দিদিয়ে মাজে মাজে পূজা পাতিলে প্ৰসাদ দিয়ে-খিচিৰি, বাতাচা, মিঠাই এটা, ফলমূলদুটুকুৰামান… ।  শুকান মাছ ৰান্ধিলে মোক মনে মনে দিয়ে ।  এওঁলৈ লাজ কৰে ।  মই এনেই কেতিয়াবা কিবাকিবি দিওঁ ইহঁত দুটাৰ মৰমতে ।  বিহু খাবলৈ মাতো ।  পূজাত মিঠাই কিনি দিলে দিদিয়ে খুব ফুৰ্তি পায় ।  বিশেষকৈ জিলাপী ।  আমি দুয়োজন চাকৰিয়াল হ’লেও নিঃসংকোচে দিদিৰ ঘৰলৈ গৈ বহোঁ, যি দিয়ে তাকে খাওঁ. তেওঁলোকৰ লগত সম ব্যৱহাৰ কৰোঁ কাৰণে দিদিয়ে সুবিধা পালেই কয় আপোনালোকৰ নিচিনা চাফা মনৰ মানুহ আগত পোৱা নাই ।  আমি বৰগুৰিৰ পৰা আহি বৰদলৈ নগৰত ঘৰ লোৱাৰ পাছতেই হেৰাই গ’ল দিদিৰ পৰিয়ালটো ।  ইমানবোৰ বিপদ হৈ গ’ল মাত এষাৰ দিবলৈকো গমেই নাপালো!!!
(২)
কামৰ খাতিৰতে তললৈ নামি গ’লো ।  আৰতি বাইদেউৰ লগত এনেই কথা পাতি ৰৈ আছো ।  আচলতে মোৰ কাম আছিল পংকজৰ লগত ।  কিন্তু তাক প’ষ্টমেন কেইজনে তেতিয়াও বেঢ়ি থকাৰ কাৰণেহে ৰৈ আছিলোঁ ।  কথাই কথাই আৰতি বাইদেৱে বিয়া বাৰুৰ ক্ষেত্ৰত কোষ্ঠী মিলোৱা বা কিবা গণ মিলোৱাৰ কথা উলিয়ালে ।  মইতো এইবোৰ ভালকৈ নাজানো ।  আমাৰ বিয়াৰ সময়ত ৰাহি-জোৰা চোৱাইছিল বুলি শুনিছিলোঁ বাকী কোষ্ঠীৰ কথা মই নাজানো ।  আমাৰ কাৰো নাইও ।  স্বামীহীনা আৰতি বাইদেৱে চিন্তাত পৰিছিল জুৰিৰ বিয়াক লৈ ।  জুৰি সৰু হৈ থাকোঁতেই অসুখত পৰি দেউতাক ঢুকাইছিল ।  আৰতি বাইদেৱে মাক-দেউতাক-ভায়েকৰ সহযোগত জুৰিক অকলেই ডাঙৰ দীঘল কৰিলে ।  মাষ্টাৰ ডিগ্ৰী লোৱাৰ পাছত জুৰিয়ে এতিয়া মহিলা মহাবিদ্যালয়ত সোমাইছে ।  মাকৰ চিন্তা ছোৱালীক কেনেকৈ এজন সুপাত্ৰত বিয়া দিব পাৰে ।  খা-খবৰ কৰোঁতে এই কোষ্ঠী জাতীয় বিভেদটোৱে বাইদেউক বৰ আহুকালত পেলাইছে ।  টকা-পইচাৰ অসুবিধা নাই ।  জুৰি উচ্চ শিক্ষিত ।  দেখাতো ধুনীয়া ।  তথাপি মাকৰ দুঃচিন্তা নকমে ।
(৩)
খুৰীদেউহঁতৰ ঘৰলৈ গ’লো ।  সত্যনাৰায়ণৰ পূজা পাতিছে ।  চাকি এগছ জ্বলাই ধূপ এপেকেট জ্বলাই দিলোঁ ।  পুৰোহিতে পূজা কৰিলে, পাঞ্চালী পঢ়িলে ।  পূজা শেষ হোৱাত মই লুচি বেলি দিলোঁ ।  প্ৰসাদ-ভোগ খাই উঠি সকলোৱে মিক্সচব্জিৰে লুচি খালে ।  কথাৰ মাজতে খুৰীদেৱে অনি-ভনীৰ কথা ক’লে ।  সেই মহাৰাণী দুজনী নাই নহয় ।  পৰশুৰাম কুণ্ডলৈ গৈছে ।  মই ৰাতিপুৱা সিহঁতক মাতিবলৈ গৈছিলোঁ; জানাই নহয় সিহঁতক স্পেচিয়েলকৈ নামাতিলে নহয় ।  লগ নাপাই ফোন কৰোঁতেহে গম পালো তালৈ যোৱা বুলি ।  মই উত্তৰত একো নামাতিলোঁ ।  অৱশ্যে মই নাজানো সিহঁত ফুৰিবলৈ গৈছে বুলি ।  তথাপি মোৰ অলপ বেয়া লাগিল ।  অনি-ভনী দুজনী বয়সীয়াল আবিয়ৈ গাভৰু ।  মাক-দেউতাক নাই ।  ককায়েক-ভায়েকে যেনেকৈ ৰাখিছে তেনেকৈয়ে থাকে ।  আছে ।  কেতিয়াবা নিজে চিলাই কৰে, চুৱেটাৰ গুঁঠে ।  ভাৰাত দিয়া কোঠা দুটাৰ পৰা যি অলপ আৰ্জন হয় তাৰেই টুক-টাককৈ চলি থাকে ।  কিন্তু খুৰীদেউক যিমান দিন পাইছোঁ দেখিছোঁ সিহঁত দুজনীৰ প্ৰতি এটা বিৰূপ মনোভাৱ ।  কিয় সেইয়া নাজানো ।  অথচ তেওঁৰো তিনিজনীকৈ ছোৱালী ।  ডাঙৰজনী মানসিকভাৱে বাধাগ্ৰস্ত ।  বাকী দুয়োজনীক বিয়া দিছে ।  ল’ৰা নাই ।  দদাইদেউ-খুৰীদেউ দুয়োজনেই অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী ।  বয়সো হৈছে ।  অনি-ভনীক কোনোবাই বেয়াকৈ ক’লে মই বৰ দুখ পাওঁ ।  পূজাত-বিহুত, অকলশৰীয়া মুহূৰ্তত ক’ত দিন দুয়োজনীয়ে মোৰ ওচৰত কান্দিছে! নিচাদেউ ঢুকাওতে ইমানবোৰ মানুহৰ মাজতো থাকিও মোক দেখা পাইয়ে দুইজনীয়ে দৌৰি আহি মোক সাবটি ধৰি কন্দা এতিয়াও মনত আছে ।
(৪)
অফিচৰ পৰা আহি চাহকাপ খাবলৈ লৈছিলোঁ হে কৃষ্ণৰ মাক আহি ওলাল ।  বহিবলৈ দি তেওঁকো চাহ একাপ দিলোঁ ।  কওঁ-নকওঁকৈ তেওঁ ক’লে ৰেকাৰিঙৰ পাচবুক দুটা বন্ধ কৰি দিলে হেনো ।  গৰু এজনী ল’বলগীয়া হ’ল ।  তাকে ক’বলৈকে আহিছিল ।  কেইবছৰমানৰ আগতে ময়ে খুলি দিছিলোঁ পাচবুক দুটা ।  উপাৰ্জনৰ কোনো নিৰ্দিষ্ট পথ নথকা কৃষ্ণৰ দেউতাকে যি কাম পায় তাকে কৰে ।  ঘৰৰ ৰং দিয়াৰ পৰা আদি কৰি বাথৰুম-টয়লেট্‌ পৰিষ্কাৰ কৰালৈকে সকলো কামেই কৰে ।  তেওঁৰ কামবোৰো ভাল ।  সন্তান বুলিবলৈ এটা –কৃষ্ণ ।  তাৰ কথা চিন্তা কৰিয়েই এদিন মোক দুপইচা জমা কৰাৰ কথা সুধিছিল ।  মই বুজাই বঢ়াই এশ টকীয়া দুটা ৰেকাৰিংডিপ’জিতৰ পাচবুক খুলি দিছিলো ।  ডাকঘৰত ৰেকাৰিং পাচবুকত তিনিমাহৰ বেছি টকা জমা কৰিব নোৱাৰিলেই তাৰ পাছৰ মাহত বা ছমাহৰ ভিতৰত সমুদায় টকা জমা দিব লাগে ।  নহ’লে একাউণ্টটো বন্ধ হৈ যায় ।  মই ৰেকাৰিংকাউণ্টাৰত থকালৈকে চাৰিমাহ-পাঁচমাহ পাৰ হৈ গ’লেও মনে মনে এশ টকা পাচবুকত জমা কৰি দিছিলোঁ ।  সেই টকাকেইটাই তেওঁলোকৰ কিবা কামত অহাত ভাল লাগিছিল ।  আৰু তেওঁ পাচবুকটো বন্ধ কৰি দিয়া বুলিয়েই মোক ক’বলৈ আহিল!!!
(৫)
এনেই গ’লো কেণ্টিনলৈ কণী এটাকে খাওঁ বুলি ।  মোক দেখি অনিতা বাইদেৱে ক’লে আজি মাংস নাই নহয় তুমি আহিলা যে! কেণ্টিনত মাংস ৰন্ধাৰ দিনাই মই খাবলৈ যাওঁ দেখি মোক সকলোৱে জোকায় ।  অনিতা বাইদেউক মাইনাৰ কথা সুধিলোঁ ।  ভিনদেউৰ কথা সুধিলোঁ ।  ঘৰৰ আন খবৰ সুধিলোঁ ।  বাইদেৱে ক’লে এতিয়া ঘৰত অনবৰতে মানুহ (মানে ননদ/দেওৰেক) থাকে কাৰণে ঘৰৰ কথা বৰ এটা চিন্তা কৰিব নালাগে আৰু ঘৰত থাকিলে কিবাকৈ জেং হ’ব বুলিয়েই মই অফিচলৈকে গুচি আহোঁ ।  বাইদেউৰ কথা শুনি মনটো বহুত সময়লৈ সেমেকি থাকিল ।  অনিতা বাইদেউ-ভিনিদেউ দুয়োজন চাকৰিয়াল ।  মাইনা মানে তেওঁলোকৰ ল’ৰাটো তেওঁলোকৰ প্ৰথম সন্তান ।  প্ৰায় বাৰবছৰমানৰ ব্যৱধানত তেওঁলোকৰ ছোৱালী এজনী হৈছিল ।  জন্মতে ভালকৈয়ে জন্মগ্ৰহণ কৰা ছোৱালীজনীক হাস্পতালত থাকোঁতে ডাক্তৰে ভালকৈ নাচালে নেকি জানো ঘৰলৈ নিয়াৰ দ্বিতীয় দিনাত তাইৰ গাত জণ্ডিচৰ লক্ষণবোৰ ধৰা পৰিছিল ।  বাইদেৱে একো ধৰিব পৰা নাছিল যদিও ধাইগৰাকীয়ে জণ্ডিচ বুলি কোৱাৰ লগে লগে বাইদেউহঁতৰ হুৱাদুৱা লাগিছিল ।  ডাক্তৰৰ লগত যোগাযোগ কৰাত তত্ক্ষণাত্ তাইক ডিব্ৰুগড় মেডিকেললৈ লৈ যোৱাৰ পৰামৰ্শ দিছিল ।  কিন্তু সেইদিনা কিবা কাৰণত তিনিচুকীয়া বন্ধ আছিল ।  হাহাকাৰ লাগি গৈছিল বাইদেউহঁতৰ ।  বহুত খা-খবৰ কৰি গাড়ী এখন লৈ কণমানিজনীক ডিব্ৰুগড়লৈ লৈ গৈছিল ।  ডিব্ৰুগড়ত ক’লে সেই পাঁচ-ছয়দিনীযা অকণমানিজনীৰ গোটেই শৰীৰৰ তেজেই সলনি কৰিব লাগিব ।  ইতিমধ্যে সেইখিনি দূষিত হৈ গৈছে ।  সৰগ ভাগি পৰিছিল বাইদেউহঁতৰ মূৰত ।  ভিনিদেউ আৰু তাইৰ মোমায়েকৰ দুবটল তেজ লৈ তাইৰ সেই পিট্‌কলি দেহাটোত অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল ডাক্তৰে ।  মেডিকেলত বহুত দিন থকাৰ পাছত তাইক লৈ পাছত বাইদেউহঁত তিনিচুকীয়ালৈ উভতি আহিছিল ।  অপাৰেচন কৰাৰ পাছত ডাক্তৰে তাইক বৰকৈ মালিচ নকৰিবলৈ কৈছিল বুলিয়েই বাইদেউহঁতে ভয়তে তাইক একোৱে নকৰিলে ।  মই গৈছিলোঁ তাইক চাবলৈ ।  বগা গোল মুখৰ কণমানিজনী ইমান ধুনীয়া! দিন বাঢ়ি যোৱাৰ লগে লগেতাইয়ো বাঢ়ি আহিব লাগিছিল যদিও তাই বয়সানুপাতে নাবাঢ়িল ।  এবছৰৰ পাছতো তাই বহিব নোৱাৰা হওঁতেই বাইদেউহঁতে তাইৰ বাবে অন্য চিকিত্সাৰ ব্যৱস্থা কৰিব লাগিছিল যদিও তেওঁলোকে কিয় জানো লাহে লাহে সকলো ঠিক হৈ যাব বুলি ৰৈ আছিল! সেই সময়ত বাইদেউহঁতক চাওঁতা বা অলপ সহায় কৰি দিওঁতা কোনো নাছিল ।  তাতে ছোৱালীজনীক লৈ যথেষ্ট কষ্ট হৈছিল তেওঁলোকৰ ।  চাৰিবছৰমানৰ পাছত তাইক বাহিৰলৈ চিকিত্সাৰ বাবে নিছিল যদিও বহুত পলম হৈ গৈছিল ।  বাহিৰতেই শেষ নি:শ্বাস পেলাইছিল তাই ।  যিদিনা খবৰ কৰিবলৈ গৈছিলো কথাবোৰ কৈ কৈ বাইদেউ-ভিনিদেউ দুয়োজনেই কান্দিছিল ।  মাইনাই ভিতৰৰ পৰা উঠিয়েই নাহিল ।

…..যিমান দ্ৰুতহাৰত দিনবোৰ পাৰ হৈ গৈছে সেই হাৰত যেন মানুহৰ মনৰ পৰাও দুখ মৰম চেনেহ অনুকম্পা আদিৰ দৰে কোমল মনৰ ভাববোৰো অন্তৰ্হিত হৈ গৈছে ।  সকলো সলনি হৈছে ।  মইহে যেন একেঠাইত জঠৰ হৈ ৰৈ আছো! আজিকালিৰ মানুহৰ ধৈৰ্য-সহ্য আগতকৈ বহুত বেছি ।  কিমান নিৰ্বিকাৰভাৱে মানুহবোৰে আওকাণ কৰিব পাৰে সকলো কথাকাণ্ড! সকলোৱে মাত্ৰ নিজৰ সুখ-সুবিধাকে প্ৰাধান্য দিয়ে ।  দিবলৈ বাধ্য ।  কিন্তু সেইবুলি আনৰ বাবে অকণমান সহমৰ্মিতাও পোষণ কৰিব নোৱাৰেনে ? কিয় কোনেও কাকো ক’ব নোৱাৰে “মই আছো নহ্য়” বুলি? এষাৰ মাত দিলে অলপ মৰম দিলে কিনো যায়? অনিতা বাইদেউৰ ছোৱালীজনী নোহোৱা হওঁতে আমাৰ অফিচৰ মাত্ৰ দুজন নে তিনিজন মানুহহে গৈছিল খবৰ কৰিবলৈ ।  কংক্ৰিতৰ নগৰীত মানুহৰ মনবোৰো যেন শিল হৈ গৈছে! মানবীয় গুণবোৰো হেৰাই গৈছে ।  এইটো অনস্বীকাৰ্য যে সময় সলনি হৈছে ।  জীৱন ধাৰণৰ মান সলনি হৈছে ।  মানুহৰ প্ৰয়োজনবোৰো সলনি হৈছে ।  তাৰ লগত তাল মিলাই বিচাৰ-বুদ্ধিৰো সলনি হৈছে ।  ৰুচিবোধ সলনি হৈছ ।  জাগতিক জগতৰ লগতে বৌদ্ধিক জগতৰ পৰিসীমাও সলনি হৈছে ।  কিন্তু দুখ-সুখৰ উপলব্ধি জানো সলনি হয়? বিষাদৰ পৰিভাষা জানো সলনি হয়? কষ্টৰ ৰং জানো সলনি হয়? জীৱন সঁচা হোৱাৰ দৰে মৃত্যুওতো সঁচা ।  সকলোৱেতো এদিন মৃত্যুক আঁকোৱালি ল’ব ।  তেন্তে মৃত্যুৰ আগতেই কিয় নিঃস্বাৰ্থ ভাবে এবাৰ আনক আঁকোৱালি ল’ব নোৱাৰে? কিয় মানুহ হৈ মানুহৰ বাবে ভাবিব নোৱাৰে???

 

 

ছবিৰ উৎস: croquisdecrayon.wordpress.com

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক