নগাৰাজ্যৰ অপৰূপা পুষ্প উপত্যকা – হিমাদ্ৰী গোস্বামী

শিলগুটীয়া পথটো অতিক্ৰমী, থিয় পাহাৰটোৰ শেলুৱৈ ধৰা শিল আৰু গছৰ শিপাৰে নিৰ্মিত সৰ্পিল চিৰিটোৰে এশ গজও নৌ যাওতেই চাহু দা ফোপাই-জোপাই বহি পৰিল৷ কাষতে হিমাংশু৷ বয়সৰ লেখেৰে পুৰী-জগন্নাথ যাত্ৰাতহে যাবলগীয়া চাহুদাক এই জংঘলৰ মাজৰ দূৰ্গম পাহাৰ বগাবলৈ আনি ভুল কৰিলো যেন লাগিল৷ এতিয়াও আগলৈ তিনি-চাৰি ঘণ্টাৰ পথ যাবলৈ বাকী আছেই এথোন৷ অটব্য হাবিৰ মাজৰ এই থিয় পাহাৰটোত যদি আমাৰ কিবা এটা হয়! কাৰোবাৰ সঁহাৰি পাম বুলি মৰা উঁকিতো প্ৰতিধ্বনী হৈহে ঘূৰি আহিল৷ নাভাবো বুলিও কিছুমান আপদীয়া চিন্তাই আহি মনত ভয় সোমোৱালেহি৷ ওপৰৰ সেউজীয়া ডাল-পাতৰ চাদ খন ভেদি ৰদৰ পোহৰ নপৰা তলৰ গছৰ ডাল-শিপা-শিল সকলোতে ডাঠ শেলুৱৈৰ তৰপ৷ ডাৱৰে চৌদিশ চানি ধৰি পোহৰৰ মাত্ৰাও কমাই আনিছে৷ গায়ে-মূৰে ডাৱৰবোৰে চুই যোৱাত চেঁচা চেঁচা অনুভৱ এটাও হৈছে৷ গছৰ ডাঠ শেলুৱৈত লাগি থকা পানী টোপ টোপকৈ তলত পৰাৰ শব্দৰ বাদে বনৰীয়া বিহংগৰ মাত এটাও শুনিবলৈ নোপোৱা জয়াল পৰিবেশৰ শিলৰ সেমেকা চিৰিটোত অকলশৰে আমি চাৰিটা প্ৰাণী – ৰামেশ্বৰ চাহু দাদা, বন্ধু নৰেন, হিমাংশু আৰু মই৷ আমাৰ এডভেন্সাৰ ট্ৰেকিংৰ ভূত এই অজানা ঠাইত লোকেল গাইড অবিহনে হব পৰা বিপদৰ আশংকা উপলদ্ধি কৰি ইতিমধ্যেই পলাই পত্ৰং দিলে ৷
: আগলৈ নাযাও আৰু, ইয়াৰ পৰাই ঘূৰি যাওগৈ৷ — মই প্ৰস্তাৱ দিলো৷
ইয়াৰ পূৰ্বৰ এনে ট্ৰেকিং অভিযানৰ অভিজ্ঞতাৰ ফালৰ পৰা এইটো নিশ্চিত যে এই দূ্ৰ্গম পাহাৰ বগোৱাৰ আমাৰ টিমটোৰ শাৰীৰিক সক্ষমতাত সন্দেহ অমূলক৷
মোৰ দৰৱে কাম দিলে৷ চাহু দা একে জাপে থিয় হল৷
: নাই নহব, মিছন আধাতে এৰি ঘূৰি যোৱাৰ চিন্তা সমূলি নকৰিবা৷ জুকু ভেলী চাই হে যাম৷ বলা৷
পুনৰ নতুন উৎসাহেৰে গধুৰ বেকপেকটো পিঠিত লৈ যাত্ৰা আৰম্ভ হল৷
জুকু ভেলি (dzukou vally) নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলৰ উত্তৰ-পূব ভাৰতৰ এটা মনোৰম পুষ্প উপত্যাকা৷ কহিমা চহৰৰ পৰা প্ৰায় ত্ৰিশ কিঃমিঃ নিলগৰ সাগৰ পৃষ্ঠৰ পৰা ২৪৩৮মিঃ উচ্চতাত অৱস্থিত উপত্যাকাটোৰ সেউজীয়া সৰু-বৰ পাহাৰী টিলা বোৰ জুনৰ পৰা চেপ্তেম্বৰ মাহলৈ ৰংবিৰঙী ফুলেৰে সুশোভিত হৈ থাকে৷ ঘাঁহ আৰু আঠুমুৰীয়া সৰু বাঁহ গছেৰে সেউজবুলীয়া পাহাৰবোৰ যেন এখনী ফুটুকাফুটুকী চাদৰেৰে ঢাকি থোৱা আছে তেনে লাগে৷ বিশেষকৈ জুন মাহত ফুলা গুলপীয়া ৰঙৰ জুকু লিলী ফুলবিধ কেৱল এই উপত্যাকাতেই পোৱা যায়৷ প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি না-না ৰঙী বনৰীয়া ফুলৰ সমাহাৰেৰে জুকুৰ অনিন্দ্য সুন্দৰতাৰ বাবেই হয়তো স্থানীয় আংগামী আৰু মাও জনজাতীয় লোকবিশ্বাসত ইয়াক প্ৰেমৰ সৈতে সাঙুৰিছে৷ যেতিয়া হেনো কোনো সঁচা প্ৰেমিক প্ৰেমিকা জুকুলৈ আহে সমগ্ৰ ভেলী খনেই তেঁওলোকক স্বাগতম জনাই৷ আনকি নিশাৰ জোনেও হেনো বেলিৰ দৰে সমগ্ৰ ভেলী পোহৰাই তোলে৷ সৌভাগ্যবান জনক নিৰিবিলি মূহুত্বত বগাহাতীৰ এটা জাকেও দেখা দিয়ে বুলি জনবিশ্বাস আছে৷ আংগামী
ভাষাত dzo মানে পানী আৰু ko মানে চেঁচা৷ উপত্যাকাটোৰ মাজেদি বই যোৱা চেঁচা পানীৰ নিজৰাৰ হেনো ৰোগ নিৰাময়ৰ শক্তিও আছে৷
সেয়া ইং ২০১৪ চন৷ কহিমাত অনুষ্ঠিত হৰ্ণবিল মহোৎসৱতে ভাইটী জ্ঞানদীপে জুকু ভেলীলৈ যোৱাৰ প্ৰস্তাৱ দিছিল৷ প্ৰায় ১৭কিঃমিঃ পাহাৰীয়া ট্ৰেকিং৷ তাৰপাছত জুই আৰু পানীৰ বাদে আন একোৱেই সুলভ নোহোৱা স্থায়ী মানৱ বসতি বিহীন জুকু ভেলী৷ জ্ঞানদীপে kite manja নামেৰে উত্তৰ-পূব ভিত্তিক এটি পৰ্য্যটন সংস্থা চলাই৷ সেই সূত্ৰে kite manjaই জুকু ভেলীলৈ ট্ৰেকিংৰ সকলো আৱশ্যকীয় জা-যোগাৰ কৰি দিয়ে৷ পিছে সেই সময়ত যাব নোৱাৰিলো যদিও তালিকাত জুকু ভেলী নামটো তলহে পৰিছিল – বাদ পৰা নাছিল৷ হঠাৎ, ফেচবুকত অভিজিত কলিতা দাদাৰ জুকু ভেলী ভ্ৰমণৰ
বৰ্ণনাৰে লিখা জীৱন যত ফুল হৈ ফুলে পঢ়ি তাৰিখ আৰু গন্তব্যস্থানৰ বাদে আন কোনো পূৰ্ব পৰিকল্পনা নকৰাকৈ এটা অনিশ্চিত যাত্ৰাৰ বাবে আমাৰ টিম সাজু৷
: আপনিখান পাছ আনিছে কি নাই?
সেয়া দুপৰীয়া ১২: ৩০বজাত ডিমাপুৰ ৰেলৱে ষ্টেচনত নামি কহিমালৈ যাবলৈ বন্দোৱস্ত কৰা ট্ৰেক্সীৰ নেপালী ড্ৰাইভাৰ লামাৰ পোনপটীয়া প্ৰশ্ন আমালৈ৷
: নাই পাছ ত আনা নাই৷ আমিখান খালি ড্ৰাইভিং লাইচেঞ্চ আৰু আই ডি লৈ কিনে আহিছে৷
: পাছ নাথাকিলে না (অশ্লীল) নাগা পুলিচ খান বিছি ঝামেলা কৰে৷ হলে ভি এক্কো টেনচন নলব৷ মুই লাগা চব মেনেজ কৰি লম৷
গাড়ীৰ ষ্টীয়েৰিং পকাই লামাই কৈ গল পাছ নথকা ঝামেলাৰ পৰা হাত সৰাৰ নানা কিটিপ৷ লগতে পূৰ্বে সি এই ঝামেলাৰ পৰা বহুতক বচোৱাৰ কাহিনী৷ আইন শৃংখলা জনিত পৰিস্থিতি অথবা সন্দেহজনক কিবা নাথাকিলে নাগালেণ্ডত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা যথেষ্ট শিথিল৷ চেকগেটত হিমাংশুৰ লাইচেঞ্চ আৰু চাহু দাৰ শিক্ষকতাৰ পৰিচয় পত্ৰ খন দেখুৱাইয়ে লামাই কোৱা ঝামেলাটো দূৰ হল৷ পিছে আচল ঝামেলাটো আহিল তেতিয়াহে যেতিয়া গম পালো ৰাস্তা বেয়া বাবে ট্ৰেফিক জাম থকাত কহিমা পাঁওতে আমাৰ তিনি ঘণ্টা পলম হব৷ সন্ধিয়া ৬: ৩০ৰ আগত নাপাঁওগৈ আৰু কহিমাত ৬: ৩০মানে বহু দেৰি৷ ইফালে আমাৰ নিশা থকাৰ হোটেলৰো আগতীয়া বন্দোৱস্তি নাই৷ আকৌ কালিলৈ পুৱাই জুকু ভেলীলৈ ট্ৰেকিংত যাবৰ বাবে প্ৰয়োজনীয় বজাৰ সমাৰ ইত্যাদি আছেই৷ এনেবোৰ অনিশ্চয়তা আৰু চৰম উৎকণ্ঠাৰ মাজেদি পোৱা সফল পৰিসমাপ্তিৰ সোৱাদ অনন্য৷ পূৰ্বানুমান অনুযায়ীয়ে আমি কহিমা পাওঁগৈ মানে দোকান পোহাৰ বিলাক সামৰিবলৈ আৰম্ভ কৰিছে৷ হোটেল বিচাৰি সময় নষ্ট কৰাতকৈ চকুৰ আগতে দেখা পোৱা খনৰ দুৱাৰ বন্ধ হোৱাৰ আগতেই সোমাই গলো৷ হয়তো ভাগ্য আমাৰ ওপৰত সুপ্ৰসন্নই আছিল৷ পৰিষ্কাৰ-পৰিচ্ছন্ন হোটেল খনত থকাৰ লগতে সংলগ্ন ৰেষ্টুৰেণ্টত খোৱাৰ সুব্যৱস্থা হল৷ হোটেলৰ মেনেজাৰে ফোন যোগে পাছদিনাৰ বাবে গাড়ী এখনৰো যোগাৰ কৰি দিলে৷
চুক্তি — এইট হাণ্ড্ৰেড নিচিনা দিবি৷ গাড়ীটো যিমান পাৰা যাব তাতে ছাৰি কিনে আহিব৷
অথাৎ গাড়ীয়ে আমাক কিমান দূৰলৈ আগবঢ়াব পাৰিব তাৰ কোনো নিশ্চয়তা নাই৷ কালিলৈৰ এই যাত্ৰা যে কষ্টকৰ হব বুজি পালো৷
কহিমাৰ ব্যস্ততাই হয়তো তেতিয়াও শোৱাপাটী এৰিবৰ হোৱা নাই৷ নিজৰ ৱাগনৰ গাড়ীখন লৈ কা’থ নিৰ্ধাৰিত সময়তে হোটেল পালেহি৷ আমিও সাজু হৈয়েই আছিলোঁ৷ কালি ৰেষ্টুৰেণ্টত বাঁহ গাজ, শুকান মঙহ আৰু লাই শাকৰ চুপেৰে খোৱা নিশাৰ ভাত সাজ যিমান তৃপ্তি দায়ক আছিল তাতোকৈও ধুনীয়া আছিল সেয়া যতনাই দিয়া ৰান্ধনী নাগিনী ছোৱালী জনী৷ আজি আমি পুৱা ৬ বজাতে ৰাওনা হোৱাৰ কথা আৰু সেই ৰূপহী ডালিমী ইমান পুৱাই আহিব নোৱাৰে৷ সেয়ে মেনেজাৰে পুৱাৰ জলপান যোগাৰ দিব নোৱাৰি দুখ প্ৰকাশ কৰি হেপ্পী এণ্ড চেফ জাৰ্নী বুলি আমাক কালি নিশাই বিদায় জনাই থৈছে৷ গতিকে গাড়ীত উঠিয়ে কা’থক পোনতে আমাক কিবা এটা খোৱাই লবলৈ কলোঁ৷ দেওবাৰে কহিমা বন্ধৰ দিন৷ খাবলৈ হোটেল বিচাৰিও বহু ঘূৰিব লগা হল৷ প্ৰয়োজনীয় বস্তু দুই এটাও কিনি লৈ গাড়ী এইবাৰ কহিমা ইম্ফল হাইৱেৰ অপৰূপ নৈসৰ্গিক শোভাৰ মাজেদি আমাৰ লক্ষ্যস্থান ৱিশ্বামা ভিলেজ অভিমুখে আগবাঢ়িল৷ ৱিশ্বামাৰ পৰাই জুকু ভেলীলৈ আমাৰ ট্ৰেকিং আৰম্ভ হব৷ জুকু ভেলীলৈ যোৱাৰ তিনিটা পথ আছে আৰু তিনিওটা পথেৰেই খোজকাঢ়ি যোৱাৰ বাদে আন উপায় নাই৷ মণিপুৰৰ সেনাপতি জিলাৰ ইছি পৰ্বতৰ পৰা পাঁচ ঘণ্টাৰ ট্ৰেকিংৰে জুকুলৈ আহিব পাৰি৷ আন দুটা নাগালেণ্ডৰ জাখামা আৰু ৱিশ্বামাৰ পৰা৷ কহিমা-ইম্ফল হাইৱেৰে ২২কিঃমিঃ মান আগুৱালেই জাখামা৷ তাৰো অলপ আগলৈ ৱিশ্বামা৷ ৱিশ্বামালৈ কহিমাৰ পৰা দূৰত্ব প্ৰায় ৩৫কিঃমিঃ হব৷ জাখামাৰ পৰা জুকু ভেলীৰ পথটো হেনো অত্যন্ত কঠিন৷ সেয়ে দীঘলীয়া হলেও জুকু ভ্ৰমণকাৰীৰ পছন্দ ৱিশ্বামাৰ পথটিয়েই আৰু আমিও ইয়াৰ ব্যতিক্ৰম নহলো৷ (অৱশ্যে ওভতনি যাত্ৰা জাখামাৰ কঠিন পথেৰেই কৰি চালোঁ)৷ কা’থৰ মতে জাখামা হৈ জুকু ভেলী দুঘণ্টাৰ বাট আৰু ৱিশ্বামা হৈ কমেও চাৰি ঘণ্টাৰ —
: আপনি খান কেনেকা ৱাক কৰিবি টাইমটো তাৰ ওপৰতেহে ডিপেণ্ড কৰিব৷
গাড়ী হাইৱে এৰি সোঁহাতে শিলগুটীয়া হাবিতলীয়া ৰাস্তা এটাৰে সোমাই গল৷ ঠেক খলাবমা ৰাস্তাটোৰ এহাতে পাহাৰৰ দ খাৱৈ আনহাতে অটব্য অৰণ্য৷ ৱাগনৰৰ দৰে গাড়ী এখনেৰে এই পথেৰে যাত্ৰা কৰাটো আমাৰ মৰসাহ বুলিবই লাগিব৷ শত্ৰুৰ ছিন্ন মস্তকেৰে নিজৰ সৌষ্ঠৱ বৃদ্ধি কৰা কা’থ হঁতৰ বাবে এয়া দৈনন্দিন জীৱনচৰ্য্যা৷ গাড়ী খাৱৈৰ কাষ চাপি গলেই বুকুৰ ধপধপনি বাঢ়ি যায়৷ ক্ৰমান্বয়ে ওপৰলৈ হাবিবোৰো ডাঠ হৈ আহিল৷ প্ৰায় তিনি-চাৰি কিঃমিঃ যোৱাৰ পাছত ডাঙৰ শিল এটাত লাগি বিকট শব্দ কৰি গাড়ী খন ৰৈ গল৷ ইঞ্জিনৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে৷ আমিবোৰ জপিয়াই নমা দি গাড়ীৰ পৰা নামি দিলো৷
কা’থই গাড়ীখন নিৰীক্ষন কৰি জনালে গাড়ী আৰু আগলৈ নাযাব৷ আমি নিজেও গাড়ীত উঠি নাযাবলৈ ইতিমধ্যেই সিদ্ধান্ত কৰিলোঁৱেই৷ মায়া মোহত আবদ্ধ এই মানৱী জনমটো আবতৰতে বিদায় দিয়াৰ স্পৃহা এতিয়াও আমাৰ মনত জগা নাই৷ কা’থক সিমানতে বিদায় দি পদযাত্ৰা আৰম্ভ কৰিলো৷
ঘূৰি যোৱাৰ প্ৰস্তাৱ নাকচ কৰি যি উৎসাহেৰে যাত্ৰা পুনৰ আৰম্ভ হৈছিল কিছুদূৰ গৈয়েই আকৌ কেনা লাগিল৷ এইডোখৰতে চিৰিটো তিনিআলিৰ দৰে হৈ ওপৰলৈ দুফালে উঠি গৈছে৷
জনবিৰল এই পাহাৰৰ জংঘলৰ মাজত বাট হেৰুৱালে জীৱন্তে যে উদ্ধাৰ হম তাত সন্দেহ আছে৷ কা’থই বিদায় বেলিকা কৈয়েই পঠিয়াইছিল মবাইল ফোনবোৰ ইয়াত ফটো তোলাৰ বাদে আন কামত নাহে৷ সেয়া প্ৰমাণো হৈ গৈছে৷ কেনি যাম কেনি নাযাম এই সিদ্ধান্তৰ সংকটৰ মাজতে উপায় ওলাল৷ আমি ইতিমধ্যে বগাই অহা চিৰিবোৰত চকলেট আৰু বিস্কুটৰ কিছুমান খালী পলিথিনৰ পেকেট দেখা পাইছিলোঁ৷ ওপৰলৈ শিলৰ চিৰিটোত নহয় গছৰ শিপাৰ চিৰিটোত তেনে কিছুমান পেকেট পৰি থকা দেখা পাই সেই পেকেট বোৰকে পথপ্ৰদৰ্শক ৰূপে লৈ উঠি গলোঁ৷ চিৰিটো উঠিহে দেখিলোঁ প্ৰকাণ্ড শিল এটাৰ আঁৰত দুয়োটা চিৰিয়েই একেলগ হৈছেগৈ৷ থিয় শিলৰ চিৰিটো বগাবলৈ কষ্টকৰ হোৱাৰ বাবে কাষৰ শিপাৰ চিৰিটো ব্যৱহাৰ হৈ আহিছে৷
কাঞ্চনজংঘাত এনে ট্ৰেকিং অভিজ্ঞতাৰে পুষ্ট নৰেন আমাতকৈ আগবাঢ়িল৷ চকুৰ আঁতৰত যদিও মাজে মাজে চিঁঞৰ এটা মাৰি গম দি গৈছে৷ হিমাংশুৰ মতে সি হেনো সেয়া ভয়তহে চিঁঞৰিছে৷ কথাষাৰৰ ভিত্তিও নথকা নহয় অৱশ্যে৷ একেবাৰে শেষত চাহুদা যথেষ্ট কষ্ট কৰি আহিছে৷ ৰিস্ক নলওঁ বুলি কৰবাত মাটিত চুচৰিও ওপৰলৈ বগাইছে৷ পাঁচ মিনিট বগাই দহ মিনিট জিৰায়৷ সেই জিৰণীতে আকৌ মঃৰফি – ভূপেন
হাজৰিকাক গুণগুণাই মনৰ ভাগৰো দূৰ কৰে৷ হিমাংশোৱে শিলনিৰ ওপৰতে ইফালে সিফালে প’জ দিছে৷ আগতে এবাৰ বুঢ়া সন্যাসীৰ প্ৰৰোচনাত পৰি বনৰীয়া হাতীৰ পিঠিত উঠি অৰণ্য বিহাৰ কৰাৰ তাৰ প্ৰৱল ইচ্ছা জাগিছিল৷ পিছে তাৰ সেই পুৰণি ইচ্ছাটো এইবাৰো পূৰণ হোৱাৰ আশা নাই৷ কাৰণ কা’থই কোৱা মতে ইয়াত জংলী-জানোৱাৰ নাই৷ অৱশ্যে কা’থৰ এই কথাষাৰৰ কথন ভংগী আমাক আশ্বস্ত কৰিব পৰা বিধৰ মুঠেও নাছিল৷
ভৰি দুটাই লাহে লাহে অসহযোগৰ ভাবুকি দিবলৈ আৰম্ভ কৰিছে৷ পথছোৱাও আগতকৈ বেছি থিয় আৰু পিছল হৈ ভয়ঙ্কৰ হৈ পৰিল৷ চিৰি বোৰ শেষ হৈ মাজে মাজে মাত্ৰ এফুটীয়া বহল পাহাৰৰ গাতে কটা খাজ হে আছে৷ ঠায়ে ঠায়ে আকৌ সেই খাজটোৰো মাটি খহি যোৱাৰ চিন৷ থিয় খাৱৈ টোৰ ফালে কাটা তাঁৰ দুডাল মান ওলমি আছে৷ হয়তো খাৱৈটোৰ ফালে সাৱধান হবলৈ দিয়া ফেন্সিংৰ সেয়া অৱশিষ্ট ৰৈছেগৈ৷
কেনেবাকৈ কাষৰ কোমল মাটিত ভৰি পৰিলে খহি গৈ কেবাশ ফুট তলত পৰিবগৈ যে লাগিব সেয়া নিশ্চিত৷
আহি আহি পাহাৰৰ চূড়া টোৰ সমতল ঠাই এডোখৰ পালোঁহি৷ হঠাৎ এচমকা কলিয়া ডাৱৰে গোটেইখন ঢাকি ধৰিলে৷ মেঘৰ কুঁৱলীয়ে যেন আমাক জুকুলৈ স্ৱাগতমহে জনালে৷ জুকুৰ যাত্ৰীয়ে খন্তেক বহি ভাগৰ দূৰ কৰাৰ বাবে সেই সমতলতে এটা জিৰনী ঘৰ আছে৷ তাতে লগ পালোঁ ভেলীৰ পৰি ঘূৰি অহা তিনি যুৱকক৷ তেওঁলোক দিল্লীৰ পৰা আহিছে৷ এটা ছজনীয়া গ্ৰুপ৷ বাকী সদস্য তিনিজনৰ সৈতে তেওঁলোকৰ নগা গাইডজন পিচত আহি আছে৷ জুকুৰ বিষয়ে কৰা তেওঁলোকৰ মন্তব্য শুনি ইমানপৰে কৰা কঁণ্টকাকীৰ্ণ যাত্ৰাৰ সকলো দুখ ভাগৰ আঁতৰি গল৷ আমি তাত পলম নকৰি পুনৰ আগবাঢ়িলোঁ৷
চূড়াটোৰ পৰা থিয়কৈ অলপ নামি এটা জুৰি পোৱা যায়৷ জুৰিটোৰ সিপাৰৰ পৰাই প্ৰায় সমতল ৰাস্তা৷ একেবাৰে ভেলীলৈকে পাহাৰ বগোৱাৰ আৰু প্ৰয়োজন নাই৷ পিছে এই নামি যোৱা কনেই বৰ থিয় আৰু পিছলো ৷ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে অঘটন অৱশ্যম্ভাৱী৷
জুৰিটোৰ সিপাৰতে লগ পালোঁ দিল্লীৰ গ্ৰুপটোৰ বাকী কেইজনক৷ নগা গাইডৰ বাদে দিল্লীৱালা কেইজন গোটেই বোকাৰে লুটুৰি পুটুৰি৷ আমাকো সাৱধান কৰি কলে বাটটোত পাহাৰৰ পানী নামি অহা আৰু জোপোহাৰ আঁৰৰ ৰদ নপৰা ঠাইবোৰত বোকা আছে৷
প্ৰায় ডেৰ ঘণ্টা সময় খোজকাঢ়ি এই দূৰ্গম পাহাৰটোৰ শিখৰত উঠি এভাৰেষ্ট বিজয়ী হেন ফিলিংচ এটা আহিছে৷ এতিয়া আৰু সমতল ৰাস্তাৰ বোকাপানীলৈ কিহৰ ভয়৷
কঁকালৰ সমানকৈ থকা সৰু সৰু বাঁহ গছৰ মাজেদি কাটি উলিওৱা পাহাৰৰ কাষেৰে এফুটীয়া বহল লুংলুঙীয়া লিক এটা৷ ৰাস্তা সেয়াই৷ পাহাৰৰ হাবিয়নী খনত তাতোতকৈ উন্নত কিবা এটা আশা কৰাটোও অৱশ্যে মূৰ্খামি৷ লিকটো দূৰৰ পৰা দেখিবলৈ একা বেঁকা দীঘলীয়া আঁচ এডালৰ দৰে লাগে৷ চকুৰে ঢুকি পোৱালৈকে পাহাৰ বোৰত সৰু সৰু বাঁহ গছেৰে পৰিপূৰ্ণ বিস্তৃণ সেউজ ভূমি৷ ডাঙৰ গছ নাই বুলিবই পাৰি৷ বেলি
আৰু মেঘৰ ছাঁ পোহৰৰ ধেমালিত সেই ওখ চাপৰ সেউজ ভূমিয়ে ঘনে ঘনে ৰং সলাইছে৷ অতপৰে ওপৰৰ সেউজীয়া চালি খনৰ তলৰ জয়াল এন্ধেৰুৱা বাটেৰে খোজকাঢ়ি আহি এতিয়া ওপৰত মুকলি আকাশখন পাই মনটোও মুকলি লাগিল৷ ৰং ৰহইচেৰে যাত্ৰা চলি থাকিল যদিও, পাহাৰটোৰ ওপৰলৈ উঠি অহা পথটোতকৈ এতিয়াৰ পথটো বিপদ সঙ্কুল নহয় বুলিব নোৱাৰি৷ ক্ষণিকৰ অসাৱধানতাত চিৰদিনৰ বাবে স্তব্ধ হৈ যাব পাৰে কেৱল জুকু ভেলীৰ যাত্ৰাই নহয় সম্পূৰ্ণ জীৱন যাত্ৰা৷
আগলৈ চুটি চুটি বাঁহ গছবোৰ মানুহটোৰ মান ওখ হৈ আহিল৷ ঠাল পাত বোৰে কাণে মূৰে কোবাবলৈ ধৰিলে৷ ঠায়ে ঠায়ে জোপোহাৰ আঁৰত লিকটোও লুকাই যায়৷ দিল্লীৱালাই কোৱাৰ দৰেই পাহাৰটোৰ ওপৰৰ পৰা পানী বৈ আহা ঠাইবোৰ বোকা আৰু পিছল৷ পানীৰ সোঁতে লিকটোৰ চিনমোকামেই নাইকিয়া কৰিছে৷ মাজতে আকৌ এটা এঢলীয়া শিলৰ ওপৰেদি পাৰ হব লাগে৷ তললৈ দ খাৱৈ৷ পিঠিৰ গধুৰ বেগটোৰ সৈতে শিলটো সুকলমে পাৰ হৈ নিজকে কিবা বি্য়েৰ গ্ৰিলছৰ সমকক্ষ যেন লাগি গল৷ যদিও পথ দূৰ্গম ইয়াতেই লুকাই আছে এক অদ্ভুত নৈসৰ্গিক সৌন্দৰ্য্য আৰু সেয়া উপভোগেৰে নয়ন সাৰ্থক কৰিবলৈকে বাটকুৰি বাই আহিছোঁ৷ দূৰৈৰ পাহাৰত ৰিণিকি ৰিণিকি টিঙৰ ঘৰ এটা দেখা পালো৷ সেইটোৱেই জুকু ভেলীৰ গেষ্ট হাউচ৷ যত আজি আমি নিশাটোৰ আলহী হ’ম৷ নেদেখাক দেখাৰ নজনাক জনাৰ উছাহত খোজ বোৰো খৰ
হৈছে৷ যিমানে ওচৰ চাপিছোঁ সিমানে প্ৰতিভাসিত হৈছে স্বপ্নীল পুষ্প উপত্যাকাৰ ৰূপ মাধুৰী৷ প্ৰকৃতিৰ স্বসৃষ্ট এক অনুপম পৰিদৃশ্য৷
ইটোৰ পাছত সিটো পাহাৰ পাৰ হৈ গৈ গেষ্ট হাউচ পাওঁতে আমাক পাঁচ ঘণ্টাৰো অধিক সময় লাগিল৷ গেষ্ট হাউচত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীৰ ভিৰ দেখি আমি ততাতয়াকৈ তাৰ তত্ত্বাৱধায়ক জনক লগ কৰি নিশা
থকাৰ ব্যৱস্থা কৰি ললোঁ৷ টিঙৰ চালি, কাঠৰ মজিয়া আৰু বেৰেৰে হল ঘৰ দুটা আৰু কাষৰে আন এটা পাহাৰৰ টিলাৰ ওপৰত আন এটা ঘৰেৰে গেষ্ট হাউচটো৷ তাৰে এটা হল ঘৰত ৬৫জনীয়া কলেজীয়া ছাত্ৰ
ছাত্ৰীৰ দল কালিৰে পৰা আছেহি৷ কাষৰ টিলাটোৰ ঘৰটোতো কোঠা খালী নাই৷ বাকী ৰোৱা আনটো হল ঘৰতো তিনিটামান দলে ইতিমধ্যে কব্জা কৰিছেই৷ আমিও তাতে খনে পঞ্চাছ টকাকৈ ভাড়ালৈ পোৱা মেট্ৰেছ
চাৰি খন লৈ ঘৰটোৰ চুক এটা দখল কৰিলো৷ গেষ্ট হাউচটোৰ চোতালৰ পৰাই দেখা পোৱা তলৰ প্ৰায় আঢ়ৈ কিঃমিঃ জুৰি থকা জুকু ভেলীৰ সৌন্দৰ্য্যই তাৰ নিচেই কাষলে যাবলৈ মন উদ্বাউল কৰি তুলিছিল যদিও
দেহাই তাত হয়ভৰ নিদিলে৷ সেই কাৰ্যসূচী কালিলৈ পুৱালৈ থৈ পোহৰে পোহৰে লগত নিয়া টোপোলা খুলি কিবা এটা ৰান্ধি বাঢ়ি খাই বাগৰ দিয়াৰহে সিদ্ধান্ত হল৷
লাহে লাহে আন দুই চাৰিটা দলো পালেহি৷ তাৰে অধিক সংখ্যকেই নাগালেণ্ড আৰু মণিপুৰৰ ডেকা-ডেকেৰী৷ মুম্বাইৰ পৰা অহা নৱ দম্পতী এহালো লগ পালোঁ৷ তেওঁলোকে লগত লৈ অহা টেণ্ট তৰি নিশা তলৰ
ভেলীত কটাব৷ কেৱল তেওঁলোকেই নহয় উপত্যকাটোৰ বহু দূৰলৈকে ইতিমধ্যে কেইবাটাও বিভিন্ন ৰঙী টেণ্ট সাজু হৈ উঠিল৷
চোতালখনৰ এমুৰে ৰৈ দিগন্তত দুটা পাহাৰৰ মাজেদি নামি যাব খোজা লালিম বেলিটোৱে উপত্যকাটোত সিঁচি দিয়া ৰমণীয় দৃশ্যটো চাই থাকোতেই শুনিলোঁ সেই কলেজীয়া ছাত্ৰছাত্ৰীৰ দলটোৰ দুজনমানে হাতত গীটাৰ লৈ
গেষ্ট হাউচৰ মুকলি জিৰনী ঘৰটোত বহি গাই আছে সেই জনপ্ৰিয় গীত……
oh yeah / I’ll tell you something / I think you’ll understand /when i’ll say that
something / I want to hold your hand / I want to hold y……

চিকিৎসা বিজ্ঞানৰ গৱেষণা এটাত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ প্ৰতি পাঁচজন মানুহৰ মাজত এজনৰ নাসিকা গৰ্জনৰ সমস্যা আছে৷ পিছে সেই অধ্যয়নৰ তথ্যত থকা বিসঙ্গতিৰ উমান দি হ’লঘৰটোত শুই থকা সৰ্বমুঠ দুকুৰি মহিলা নাসিকা আৰু পুৰুষ নাসিকাৰ ভিতৰত প্ৰায় এক ডৰ্জনোধিক নাসিকাই ভিন ভিন লয়ত গৰ্জন কৰি আছে৷ দিনটো খোজ কঢ়াৰ ভাগৰত টোপনিয়ে হেঁচা মাৰি ধৰিছেহি যদিও নাসিকা অৰ্কেষ্টা পাৰ্টীৰ বিচিত্ৰানুষ্ঠানে ইকাটি সিকাটি কৰিহে থাকিব লগাত পেলালে৷ তাতে আকৌ মাজনিশালৈ ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি আহিল৷ ৰাকশ্কেটোৰ ওজন কমাবলৈ বুলি লগত নিয়া পাতল কম্বল খনে সেই ঠাণ্ডা প্ৰতিৰোধত অসৰ্মথ হৈছে৷
টোপনি নধৰাৰ অতবোৰ বাহানাৰ অন্তৰালত অৱশ্যে জুকু ভেলীৰ জনশ্ৰুতিৱেও ক্ৰিয়া নকৰা নহয়৷ বগা হাতী জাকৰ দৰ্শন পাব পৰাকৈ সৌভাগ্যবান নহও যদিও উপত্যাকাটোৰ আজিৰ আলহী এশ ডেৰশ ডেকা ডেকেৰীৰ মাজত এনে কোনো সঁচা প্ৰেমিক যুগল নোলাবনে যাৰ বাবে জোনেও বেলিৰ দৰে পোহৰ দিব! ! !
শুই থকা শিয়ালে জানো হাঁহ ধৰিব পাৰে…..!
সন্তৰ্পনে দুৱাৰ খন হেঁচুকি বাহিৰ ওলালোঁ৷ অচিনা ঠাইৰ নিশাৰ নিৰ্জনতাত চেঁচাই চল পাই গায়ে মূৰে ঘোপ মাৰি লোৱা কম্বল খন সৰকি শৰীৰ কঁপাই তুলিলে৷ কোবাকোবিকৈ গৈ চোতাল খনৰ পশ্চিম দিশে কাঠৰ বাতাম দুদালৰে সাজি থোৱা বেন্স খনৰ ওচৰতে ৰলোঁগৈ৷ চকু দুটা এবাৰ নহয় আকৌ এবাৰ মোহাৰি চালো…..এয়া নিদ্ৰাভিভূত মনঃকল্পিত কাহিনীৰ দৃশ্যপট নহয়টো! !
হাতৰ মবাইল ফোনটোৰ কেমেৰাৰে দৃশ্যটো ধৰি ৰখাৰ এটা বৃথা চেষ্টা চলালো৷
জোৎস্না বিধৌত উপত্যাকাটোত এক সৰগীয় দৃশ্য৷ চাৰিওকাষৰ ওখ ওখ পাহাৰ কেইটাৰ মাজৰ গোটেই উপত্যাকাটোৰ ওপৰত এখন শুকুলা আচ্ছাদন৷ জোনৰ পোহৰ পৰি সেই শুকুলা খিনি আৰু বেছি প্ৰজ্বোল হৈ উঠিছে৷ সীমনাত পাহাৰৰ চূড়াবোৰো ইয়াৰ পোহৰতে জকমকাই আছে৷ ৰাতিও দিনৰ দৰে উজ্জ্বল হৈ পৰিছে৷
সেই ঠাণ্ডাটো মোৰ কাষলতিৰ তলেদি ঘাম এসোঁতা বৈ আহিল৷
তলৰ উপত্যাকাটোও এনেদৰে উজ্জ্বলি উঠিছে নেকি বাৰু? খুব ইচ্ছা আছিল এবাৰ তললৈ নামি চোৱাৰ৷ কিন্তুু অকলশৰে মাজনিশাখন সাহসে নুকুলালে৷ শুই থাকিলোহি৷
পুৱাৰ পোহৰ এচমকা কেনিবাদি জলঙাৰে আহি চকুত পৰাত খকমককৈ উঠি আকৌ চোতাল খনৰ মুৰ পালোগৈ৷ তাত দেখোঁ নৰেন মোতকৈও আগতেই উঠি ফটো তোলাত ব্যস্ত৷ নিশাৰ বগা আচ্ছাদনখন তেতিয়াও আছে৷ যেন এখন শুকুলা ডাৱৰৰ সাগৰহে৷ নিশাৰ দৃশ্যটো কেনে আছিল সেয়া নৰেনক কল্পনা কৰি লবলৈ কোৱাৰ বাদে মই কৈ বুজাবলৈ অপাৰগ হলোঁ৷
সেইদিনা আছিল ১৫ আগষ্ট ২০১৬৷ দেশত ৭০সংখ্যক স্ৱাধীনতা দিৱস উদযাপনৰ উল্লাস৷ লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক কাশ্মীৰৰ বিছিন্নতাবাদক প্ৰোৎসাহন দিয়াৰ সমূচিত জবাব হিচাবে বেলুচিস্থানৰ বিছিন্নতাবাদৰ প্ৰসংগ উত্থাপনেৰে উদ্দাত্ত ভাষন দি থকাৰ সেই মূহুত্বত আমি ভাৰতৰ এনে এটা প্ৰান্তত উপস্থিত আছিলো যত উত্তৰ পূবৰ বিছিন্নতাবাদী ধাৰাটোৰ উৎস বুলিব পাৰি৷ ১৯৪৭ চনত দেশৰ স্ৱাধীনতা ঘোষণাৰ এদিন আগতেই অথাৎ ১৪ আগষ্টৰ দিনাই আংগামী নগা ফিজোৰ নেতৃত্বত দুৰ্দ্ধৰ্ষ নগা জাতিয়ে ভাৰতৰ লগত চামিল নোহোৱাৰ সিদ্ধান্তৰে বৃহত্তৰ নাগালিমৰ স্ৱাধীনতা ঘোষণা কৰিছিল৷ সেইদিন ধৰি তাৰ বিছিন্নতাবাদী গোট সমূহ আৰু ইয়াৰ সমৰ্থক নগা জনগনে ১৪ আগষ্টৰ দিনটো নাগালিমৰ স্ৱাধীনতা দিৱস হিচাপে পালন কৰি আহিছে৷ যোৱা দশক বোৰত বহু অশান্ত জৰ্জৰ পৰিস্থিতি পাৰ কৰি আজি নাগালেণ্ডলৈ শান্তি ঘূৰি আহিছে৷
ফিজোৰ পদানুসৰণকাৰী সকলৰ নেতৃত্বত নগা জাতিয়ে ইপ্সিত লক্ষ্যত উপনীত হব পাৰে নে নোৱাৰে সেয়া সময়ে কব৷ কিন্তুু আমি বহু কষ্ট অতিক্ৰমী ইতিমধ্যেই আমাৰ লক্ষ্যত উপনীত হলোহি৷ ভাৰতৰ প্ৰথম দহোটা দৰ্শনীয় স্থানৰ ভিতৰত নিশ্চিতকৈ এটা উত্তৰ-পূব ভাৰতৰ ভেলী অৱ ফ্লাৱাৰ -জুকু ভেলী ……নগাৰাজ্যৰ অপৰূপা পুষ্প উপত্যাকা৷
: ডাউনতে ফৰটি মিনিটচ আ’ৰ আপতে আহিবলে ৱান আৱাৰচ নিচিনা লাগিব৷
যোৱা নিশা আমাৰ কাঁহীৰ শুকান ভাতকেইটাৰ লগত খাবলৈ নিজৰ ভাগৰ দাইল নামেৰে মচুৰ মাহ তিউৱা গৰম পানী অকণ উপযাচি দিয়া নগা দোস্তী জনে কলে৷
সেউজীয়া ঘাঁহ আৰু ফুলেৰে পৰিপূৰ্ণ সৰু বৰ টিলা বোৰ বগাই তললৈ নামি গৈ আছো৷ যেনিয়ে চাওঁ সেইফালেই মাথো ফুল আৰু ঘাঁহ৷ বগা…..হালধীয়া বুটা কৰা অভিব্যাপ্ত সেউজ দলিচা এখন হেন৷ মাজেৰে বৈ গৈছে সৰু পাহাৰী নিজৰা এটিও৷
জুকু উপত্যাকাৰ সেই বিস্ময়াবহ সৌন্দৰ্য্যৰ ফটগ্ৰাফিক বৰ্ণনাৰে সজীৱ কৰি তোলাৰ জোখাৰে মই অনভিজ্ঞ৷
“ অনিৰ্বচনীয়, আধিবাস্তৱিক, অদ্ভুত! ! ”
সঁচাই! !
অভিজিৎ কলিতা দাদাৰ উপন্যাসোপম জুকু ভেলী ভ্ৰমণ কাহিনীত এই তিনিটা শব্দৰেই জুকুৰ গছ-ফুল-পাহাৰ-আকাশ-বতাহ-বেলি সকলোবোৰৰে এক সুন্দৰতম বৰ্ণনা দাঙি ধৰিছে৷

উপত্যকাতোত কেইবাটাও শিলৰ গুহা আছে৷ নিশা যাপনৰ বাবে স্থানীয় দৰ্শনাৰ্থী সকলে এই শৈল গহ্বৰ কেইটাও ব্যৱহাৰ কৰে৷ গোটেই বাৰিষা কালছোৱাতে ইয়াত ভিন্ন ৰঙী বনৰীয়া ফুলৰ পয়োভৰ ঘটে৷ বিশেষকৈ মে-জুন মাহত সৰু বৰ টিলা বোৰ গুলপীয়া ৰঙী জুকু লিলী ফুলেৰে ভৰি থাকে৷ কেৱল ফুল ফুলাৰ সময়তহে যে দৰ্শনাৰ্থী জুকুলৈ আহে তেনে নহয়৷ নাগালেণ্ডৰ দ্বিতীয় সৰ্ব্বোচ শিখৰ জাফু শৃঙ্গকে ধৰি কাষৰ পাহাৰবোৰ যেতিয়া বৰফেৰে ঢাক খাই থাকে সেই মনোৰম দৃশ্য চাবলৈও দেশী বিদেশী পৰ্য্যটকৰ জুকুলৈ লানি লাগে৷
খৰকৈ খোজ দিছোঁ যদিও বলি থকা জুৰ বতাহ জাকে ভাগৰুৱা হবলৈ দিয়া নাই৷
নিজৰাটোৰ পাৰত আহি ৰৈ জুকুক একেধ্যানে চাই ৰলো৷ হালি জালি থকা ৰং বিৰঙী ফুলবোৰ আৰু নিজৰাটোৰ ওপৰৰ কাঠৰ সাঁকো খনৰ সৈতে জুকুৰ অতুলনীয় ৰূপ মাধুৰী যেন কোনো ৰূপ কথাৰ পৰীৰ দেশৰ সুশোভিত ফুলনিখনহে৷ জুকুৰ এই অলৌকিক সুষমা একান্তই উপলদ্ধিৰ৷ দূৰণিৰ পৰা ইয়াক ভাষাৰে বা ফটোৰে বুজিব নোৱাৰি৷
বিচিত্ৰ কেশবিন্যাস আৰু পোছাকেৰে নগা ডেকা গাভৰু হতে সুবিশাল ফুলনিখনত উৎফুল্ল হৈ ঘূৰি ফুৰিছে৷ আনন্দতে নাচিছে গাইছে৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত কাৰেইবা মন উৎফুল্ল নহব! ! স্থানীয় লোকবিশ্বাসেও এই নন্দন-কাননক প্ৰেমৰ সৈতে সাঙুৰাৰ সেঁতু হয়তো সেয়াই! ! প্ৰেমাস্পদলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ ইয়াতকৈ সৰ্বোকিষ্ট ঠাই কিয়েইবা হব পাৰে! !
পিছে ৰাজনৈতিক কাৰচাজিত নাগালেণ্ড আৰু মণিপুৰৰ সীমামূৰিয়লীৰ এই সুন্দৰ ভূমিখণ্ড দুয়োখন ৰাজ্যৰ মাজত অসূয়া অপ্ৰীতি সৃষ্টিৰ কাৰকো হৈ পৰিছে৷
আমি সিদিনাই ঘূৰি যোৱাৰ কথা আৰু কা’থ আমাৰ বাবে দিনৰ দুই বজাত হাইৱেত অপেক্ষা কৰি থাকিব৷ সেয়ে অনিচ্ছাসত্বেও তাত আৰু পলম নকৰি ঘূৰি আহিলোঁ৷
ওভতনি যাত্ৰা জাখামা হৈ কৰাৰ হিমাংশুৰ প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হল৷ অহা ৰাস্তাৰে ঘূৰি যোৱাতকৈ নতুন ৰাস্তা এটাৰে যোৱাৰ হেঁপাহ৷ তদুপৰি এতিয়ালৈকে হোৱা যাত্ৰাৰ সফলতাই দলৰ আত্মবিশ্বাস তুঙ্গত তুলিছে৷ শৰীৰি ভাষাই কৈছে কঠিনতকৈ কঠিন ৰাস্তাৰে যাবলৈ দল সাজু৷
এটা পাহাৰ থিয়কৈ উঠি যাব লাগিব তাৰ পিছত নামি গৈ মাত্ৰ দুঘণ্টাতে হাইৱে৷ নগা দোস্তীয়ে যিমান সহজ কৈ কথাষাৰ কলে আমাৰ বাবে যে সিমান সহজ নহব কালিৰে পৰা গম পাই গৈছো৷ ইফালে আমাৰ খাদ্যৰ ভঁৰালতো মাথো বিস্কুটৰ পেকেট এটাহে ৰৈছেগৈ৷ সেইটোৰেই ভুৰি ভোজন কৰি দহ মান বজাত জুকুক বিদায় জনালোঁ৷
কালি অহা ৰাস্তাটোৰেই অলপ দূৰ গৈ পাহাৰ এটাৰ ওপৰলৈ খাজ কাটি চিৰি সাজি থোৱা আছে৷ সেইটোৱেই জাখামাৰ পথ৷ পোনে পোনে পাহাৰটোৰ কাষেদি গলে আমি কালি অহা ৱিশ্ৱামাৰ পথটো৷ চিৰিটোৱেদি ওপৰলৈ উঠি গৈয়ে গম পালো সিদ্ধান্তটো সঠিক নহল৷ চকুৰ আগত এইবাৰ জুকু লিলী ফুল নহয় সৰিয়হ ফুল দেখিলোঁ৷ ভৱিষ্যতৰ এনে যাত্ৰাপথত থমকিব লগীয়া নোহোৱাকৈ দেহৰ অংগবোৰ সক্ৰিয় কৰি ৰখাৰ কিছু শাৰীৰিক কছৰৎ ঘূৰি গৈয়েই আৰম্ভ কৰাৰ শপত বাক্য তৎমূহুত্বতে পাঠ হল৷
পাহাৰটোৰ থিয় চূড়াটোৰ পৰা ৱিশ্ৱামাৰ পথৰ দৰেই শিলৰ চিৰিয়েদি তললৈ নামি যাব লাগে৷ চিৰিবোৰ সৰ্পিল আকাৰৰে যদিও বেছি থিয়৷ উঠিবলৈ বৰ কষ্টকৰ হব! ! নামিবলৈো বৰ উজু হোৱা নাই৷ জাপ একোটাও মাৰিব লগীয়া হৈছে৷ সেয়ে চাগৈ জাখামাৰ পথ কঠিন বুলি কয়৷ কিন্তুু কঠিন হলেও সমগ্ৰ পথ চোৱা ৱিশ্ৱামাতকৈ কিবা এটা যেন পৃথক আৰু ধুনীয়া৷
হাবিখনো ইয়াত ডাঠ৷ ওখ ওখ গছবোৰৰপৰা লতা একোডাল হাতেৰে ঢুকি পোৱাকৈ তললৈ নামি আহিছে৷ ঠায়ে ঠায়ে শিলৰ চিৰিটোহঁতৰ ওপৰেদিয়ে পানী পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে৷ ক’ৰবাত দুটা শিলৰ ওপৰত গছৰ ঠালেৰে সজা সাঁকো একোখনো আছে৷ সাঁকোৰ তলখন শুকান যদিও বৰষুণ দিলে হয়তো পানী তীব্ৰ সোঁতেৰে নামি আহিব৷ আকৌ সেই দুৰ্ভাৱনা বোৰ মনলৈ আহিল৷ এতিয়া যদি এজাক বৰষুণ আহিবলৈ হয়.., , .! ! পাহাৰীয়া বৰষুণৰ কোনো সঞ্জাত নাই৷ বৰষুণত জাখামাৰ পথদি যাত্ৰা কঠিনেই নহয় মাৰাত্মক হৈ পৰিব পাৰে৷ অলপ নামনিলৈ এটা জুৰিও পথটোৰ ওপৰেদি বাগৰি গৈছে৷ এতিয়া পানীয়ে সৰু গাঁঠিহে চুই গৈছে কিন্তুু ভৰা পানীৰ জুৰিটো পাৰ হোৱাটো অসম্ভৱ৷ সোঁতে উটুৱাই নি কোনোবা ধুবুৰী পোৱাবগৈযে খাটাং৷ এই জুৰিটোৰ বাদে ওৰেটো পথ কেৱল শিলৰ চিৰি বগাই নামিব লাগে৷
সমতলৰ ৰাস্তা পাওঁগৈ মানে দুই বাজি গল৷ কালিৰে পৰা যথেষ্ট শাৰীৰিক পৰিশ্ৰম হৈছে যদিও সকলো দুখ ভাগৰ প্ৰকৃতিৰ সাহচৰ্য্যত যেন নোহোৱা হৈ গৈছে৷ তলৰ পৰা দূৰ্জয় পাহাৰটোলৈ ঘূৰি চাই নিজেই আচৰিত হৈ পৰিছোঁ৷ ইয়াকেই পদানত কৰি নামি আহিলোনে! ! হঠাৎ ফোনৰ ৰিং টনটো বাজিল৷ কা’থৰ ফোন৷ দেৰি হোৱা দেখি কিবা বিপদত পৰিছো নেকি শুধিলে৷ আমাৰ যাত্ৰা পথ সলনি হোৱাৰ কথা কৈ তাক জাখামালৈ আহিবলৈ কলো৷
“জুকু ভেলী“ দুৰতিক্ৰম্য কিন্তুু অপৰূপা এই পুষ্প উপত্যকা৷ বহুত বহুত ধুনীয়া৷ ইয়াক কৈ লিখি বা ফটো দেখুৱাই বুজাব নোৱাৰি৷ অবিস্মৰণীয় এই নৈসৰ্গিক শোভা উপভোগৰ বাবে জুকুলৈ যাবই লাগিব৷

■■■

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments