মিতভাষ’ৰ স্রষ্টাৰ সৈতে এক কথোপকথনঃ প্রসংগ মিতভাষ তথা অন্যান্য

Interview

অ’নলাইন ছ’চিয়েল মিডিয়াৰ জৰিয়তে সাহিত্য চৰ্চাৰ গোট ‘‘অসমীয়াত কথা-বতৰা’’ৰ প্রশাসকমণ্ডলী আৰু মাহেকীয়া বৈদ্যুতিন পত্রিকা ‘‘সাহিত্য ডট্ অৰ্গ’’ৰ এই মাহৰ সম্পাদক জয়ন্ত আকাশ বৰ্মনৰ সমূহীয়া সিদ্ধান্তযোগে প্রদান কৰা দায়িত্ব বহন কৰি পূৰ্বনিৰ্ধাৰিত সাক্ষাতৰ সময় অনুযায়ী যোৱা ১৭ জানুৱাৰী  ২০১৭ তাৰিখ, শিল্পী দিৱসৰ দিনা পুৱা ১০ বজাত উপস্থিত হৈছিলোঁগৈ ‘মিতভাষ’ৰ স্রষ্টা স্বনামধন্য সাহিত্যিক ড০ নগেন শইকীয়া ছাৰৰ বাসগৃহ ‘বৰ্ণমালা’ত। উদ্দেশ্য আছিল ‘‘মিতভাষ’’ সম্পৰ্কে যুগুতাবলগীয়া এক কথোপকথন। প্রাথমিক পৰিচয় পৰ্বৰ পিছতেই ছাৰৰ সৈতে বহিছিলোঁগৈ ছাৰৰ পুথিভঁৰাল সংলগ্ন কাৰ্যালয় তথা অধ্যয়ন কক্ষত। তাৰ পিছতেই ছাৰক তেখেতৰ অমূল্য সাহিত্য কৃতি তথা বৰ্ণাঢ্য জীৱন পৰিক্রমাৰ বাবে সাহিত্য ডট্ অৰ্গৰ সমূহ কৰ্মকৰ্তাৰ হৈ আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰিছিলোঁ আমাৰ বাৰ্তালাপ।
(সাহিত্য ডট অৰ্গৰ  হৈ এই সাক্ষাৎকাৰ গ্ৰহণ কৰিছে শ্ৰীমতী অনিতা গগৈয়ে)

______________________________________________________________

সাহিত্য ডট অৰ্গ: নমস্কাৰ ছাৰ। মিতভাষ সম্পৰ্কে  বিভিন্ন আলোচনা আৰু আপোনাৰ ৰচিত মিতভাষৰ সংকলন ‘মিতভাষ সমগ্র’ত সংযোজিত ‘অমিতভাষ’ পঢ়ি আমি  জানিব পাৰোঁ যে, ‘মিতভাষ’ক গল্প, কবিতা, কথা কবিতা , প্রৱন্ধ, উপন্যাস আদিৰ দৰে প্রথাসিদ্ধ কোনোটো ধাৰাতে সন্নিবিষ্ট কৰিব পৰা নাযায়। তেনেক্ষেত্রত আপোনাৰ দ্বাৰা সৃষ্ট স্বয়ংসম্পূৰ্ণ এক ধাৰা হিচাপে ‘মিতভাষ’ৰ নিৰ্দিষ্ট সংজ্ঞা কি? অথবা মিতভাষক সংজ্ঞাৱদ্ধ  কৰা সম্ভৱনে?

ড০ নগেন শইকীয়া: খুব সহজ কথাত ক’বলৈ হ’লে ‘মিতভাষ’ হ’ল  প্রকৃতি আৰু মানুহৰ সৌন্দৰ্য আৰু নশ্বৰতাই জীৱন আৰু জগত সম্পৰ্কে মোৰ মনৰ মাজত তোলা প্রতিটো আনুভূতিক আলোড়নে বিচৰা চমু আত্মপ্রকাশ। যতীন্দ্রনাথ দুৱৰাই ক’বৰ দৰে “সুখৰ সোঁতত ভাঁহে …/ দুখৰ নাৱত / ছয়াময়া ভিখাৰী।” জীৱন আৰু জগতে সেইবাবে প্রাপ্তিৰ আনন্দ আৰু প্রাপ্তি হেৰুওৱাৰ বিষাদ দুয়োটা কঢ়িয়াই আনে।

সাহিত্য ডট অৰ্গ: ছাৰ, যদি অধিকাংশ মিতভাষৰে নেপথ্যত অনুৰণিত হয় কাৰুণ্যবঞ্জিত অভিব্যক্তি, তথাপি মিতভাষসমূহ পঢ়ি যাওঁতে আমি অনুভৱ কৰোঁ হৃদয় ৰঞ্জিত কৰা অনিবৰ্চনীয় পুলকানুভূতি। মন মস্তিকক আলোড়িত কৰি আত্মাক প্রফুল্লিত কৰিব পৰা চেতনাসমৃদ্ধ ‘মিতভাষ’ৰ মূল উৎস কি? এইসমূহৰ শ্রেণীবিভাগ কেনেধৰণৰ?

ড০ নগেন শইকীয়া: ‘মিতভাষ’ক শ্রেণীবদ্ধ নকৰিবলৈকে ‘মিতভাষ’ নামটো মোৰ মনলৈ আহিছিল। মই ভাবোঁ যে লেখকসকলে নিজৰ ভাবানুভূতি প্রকাশ কৰিবলৈ আৰ্হি ল’বও পাৰে নল’বও পাৰে। মানুহে নিজৰ আনুভূতিক উপলব্ধি নিজৰ বাবেই সংৰক্ষণ কৰি থ’ব খোজে। একপ্রকাৰে এই কাম ব্যক্তিগত ডায়েৰীৰ একো একো পৃষ্ঠাৰ দৰে বা নিজেই নিজলৈ লিখা একোখন চিঠিৰ দৰে।

সাহিত্য ডট অৰ্গ: ছাৰ, ‘মিতভাষ’ অসমীয়া ভাষা সাহিত্যলৈ আপোনাৰ একক তথা অনুপম অৱদান। নিজস্ব গৰিমা আৰু স্বকীয় বৈশিষ্ট্যৰে মিতভাষসমূহ ভাৰতীয় সাহিত্যতে এক মৌলিক তথা নব্যতম সংযোজন। উচ্চ প্রমূল্যবোধ সম্পন্ন সাহিত্য গুণেৰে সমৃদ্ধ মিতভাষসমূহে যেনেদৰে প্রসাৰ, প্রচাৰ তথা জনপ্রিয়তাৰ শীৰ্ষত উপনীত হোৱাৰ সম্ভাৱনা বিদ্যমান, সেইধৰণে কিন্তু আজিকোপতি সম্ভৱ হৈ উঠা নাই। যাৰ মূলতে হয়তো আমাৰ অকাৰণ হীনমন্যতাবোধ তথা সৰ্বগ্রাসী অনীহাই দায়ী। ছাৰ, এইবিষয়ে আপোনাৰ অভিমত?

ড০ নগেন শইকীয়া: এই বিষয়ে মোৰ কোনো বক্তব্য বা প্রতিক্রিয়া নাই।

সাহিত্য ডট অৰ্গ: ছাৰ, ‘মিতভাষ’ৰ স্রষ্টা হিচাপে আপোনালৈ শ্রদ্ধা নিবেদি আমাৰ এই প্রশ্ন যে, আপোনাৰ অনুসৰণত যদি মিতভাষৰ বহুল চৰ্চা হয়, সেইবিষয়ে আপোনাৰ মনত কিবা অসন্তুষ্টি বা আপত্তি? আপোনাৰ ‘মিতভাষ‘ৰ শৈলী অনুসৰণ কৰি চৰ্চা কৰা সেইলানি লিখাৰ নাম ‘মিতভাষ’ হোৱা উচিত নে আন যিকোনো হ’ব পাৰে?

ড০ নগেন শইকীয়া: ‘মিতভাষ’ক  এটা শৈলী হিচাপে আপোন অনুভৱ প্রকাশ কৰিবলৈ কোনোবাই ব্যৱহাৰ কৰিলে অনৌচিত্য ঘটিব পাৰে বুলি মোৰ ভাব নহয়। কিন্তু কোনো এজনে এই ৰচনাশৈলী ব্যৱহাৰ কৰি লিখা ৰচনাসমূহৰ প্রতিটো এটা নামেৰে বা একোটি সংকলন একোটি বিশেষ নামেৰে নামকৰণ কৰিলে খেলি–মেলিৰ সম্ভাৱনা নাথাকিব।

সাহিত্য ডট অৰ্গ: মিতভাষৰ প্রতি আগ্রহান্বিত হৈয়ে অথবা ক্ষণিকৰ হৃদয়ানুভূতিৰ তাগিদাত সংখ্যাত কমকৈ হ’লেও এচাম লিখকে আপোনাৰ পদানুসৰণ কৰি মিতভাষ চৰ্চাৰ বাবে আগবাঢ়ি আহিছে যদিও পিছলৈ সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ প্রয়াস পৰিলক্ষিত নহয়। ছাৰ, এইক্ষেত্রত ‘মিতভাষ’ সম্বন্ধে প্রণালীবদ্ধ চৰ্চাৰ অভাৱ এক মুখ্য কাৰক হ’ব পাৰে নেকি? সেই সম্বন্ধে আপোনাৰ দিক্ নিৰ্দেশনা কেনেধৰণৰ?

ড০ নগেন শইকীয়া: শৈলীটো কোনো এজন লেখকে নিজৰ বাবে ব্যৱহাৰ উপযোগী বুলি গ্রহণ কৰিলে সেই শৈলীৰ চৰ্চা হ’ব, নহ’লে সেই শৈলী ব্যৱহৃত নহ’ব। এই বিষয়েও মোৰ কোনো বেলেগ বক্তব্য নাই।

সাহিত্য ডট অৰ্গ: মিতভাষৰ এচাম অনুৰাগীৰ বক্তব্য অনুসৰি শংকৰ-মাধৱ বিৰচিত ‘বৰগীত’সমূহ, অথবা জ্যোতিপ্রসাদৰ ‘জ্যোতিসংগীত’ আদিৰ দৰেই ‘মিতভাষো’ কেৱল স্রষ্টাতে সীমিত থকা উচিত। কিন্তু ছাৰ, মিতভাষ যিহেতু সাহিত্যৰ এক নব্য ‘ধাৰা’; তথা ‘বৰগীত’, ‘জ্যোতিসংগীত’ আদিৰ দৰে যিহেতু  এইসমূহৰ পাঠ অথবা গুৰু-শিষ্যৰ পৰম্পৰাৰে চৰ্চা তথা পৰিবেশনৰ কোনো নিৰ্দিষ্ট মঞ্চ অথবা সুবিন্যস্ত পৰিবেশ নাই, তেনেস্থলত স্বসাধনালব্ধ উপলব্ধিৰ কৰ্ষণ সমৃদ্ধ নিৰৱধি লিখিত চৰ্চাৰ অবিহনে ‘ধাৰা’ হিচাপে মিতভাষৰ প্রৱাহ কেনেদৰে সম্ভৱ?

ড০ নগেন শইকীয়া: ব্যক্তিভেদে দৃষ্টিভংগী পৃথক হ’ব পাৰে। মই মোৰ কোনো ধাৰণা কাৰো ওপৰত জাপি দিব নোখোজোঁ।

সাহিত্য ডট অৰ্গ: ছাৰ, মিতভাষ চৰ্চাৰ বাবে আগবাঢ়ি অহাসকলে মূল বিনষ্ট নোহোৱাকৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰি আগবঢ়া উচিত?

ড০ নগেন শইকীয়া: প্রত্যেক মানুহৰে অনুভূতিৰ মাত্রা আৰু প্রকৃতি একে হ’ব বুলি আশা কৰিব নোৱাৰি আৰু আশা কৰা উচিতো নহয়। শৈলীক আমি অন্তৰ্প্রকৃতিৰ লগত মিলা এটা আৱৰণ বুলিও ভাবিব পাৰোঁ কিন্তু আৱৰণৰ লগত ভাব আৰু ভাবানুষংগ পৃথক হ’লে আবৰণ কেতিয়াবা খাপ নাখাব পাৰে।

মিতভাষ-অনুৰাগীসকললৈ মোৰ প্রীতি আৰু শুভেচ্ছা জনালোঁ ।

 

সাহিত্য ডট অৰ্গ: ছাৰ, অন্য প্রসংগৰে আন এটা প্রশ্ন –বৰ্তমানে ছপা মাধ্যমৰ দৰেই বৈদু্তিন কাৰিকৰী প্রকাশ মাধ্যমো যথেষ্ট প্রভাৱশালী হৈ উঠিছে। ব্যক্তিগত চিন্তা তথা অভিমত প্রকাশৰ লগতে গঠনমূলক বিভিন্ন পদক্ষেপ গ্রহণৰ উপৰিও সাহিত্য তথা শিল্প-সংস্কৃতি চৰ্চাৰ এক নিৰ্ভৰযোগ্য মাধ্যম হিচাপে বিশেষকৈ নবপ্রজন্মৰ মাজত অত্যধিক জনপ্রিয়তা লভিছে। ইয়াৰ ফলত কেনেধৰণৰ ইতিবাচক অথবা নেতিবাচক প্রভাৱ পৰিব পাৰে?

ড০ নগেন শইকীয়া: বৈদ্যুতিন কাৰিকৰী প্রকাশ মাধ্যম সৰ্বব্যাপ্ত হৈ পৰাৰ লগে লগে এতিয়া ব্যক্তিগত যোগাযোগৰ উপৰি সীমিতভাবে হ’লেও সামাজিক যোগাযোগৰো ই মাধ্যম হৈ উঠিছে। এই মাধ্যম যিদৰে ব্যক্তিগত, সেইদৰে সীমা ভাঙি সমষ্টিগত জীৱনকো সামৰি ল’বলৈ ধৰিছে। এতেকে এই মাধ্যম ব্যৱহাৰত পাৰদৰ্শীসকলৰ মাজত সাহিত্য আৰু শিল্প সংস্কৃতি সম্পৰ্কীয় সৃষ্টিশীল, চিন্তাশীল আৰু ব্যক্তিগত ধ্যান-ধাৰণা প্রকাশৰ এটা জনপ্রিয় মাধ্যম হৈ উঠিছে। এতেকে এনে মাধ্যম ব্যৱহাৰত আপত্তিৰ কথা নুঠে। কিন্তু এই মাধ্যমৰ ব্যৱহাৰ দেশৰ জনসাধাৰণৰ অতি ক্ষুদ্র অংশইহে এই পৰ্যন্ত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। সময়ত হয়তো ই ব্যাপ্তি লাভ কৰিব।

সাহিত্য ডট অৰ্গ: আন্তৰিক কৃতজ্ঞতাসহ অশেষ ধন্যবাদ ছাৰ। আপোনাৰ দীৰ্ঘায়ু তথা মহত্তম জীৱনৰ শুভকামনা জনালোঁ।

————————-

 

One thought on “মিতভাষ’ৰ স্রষ্টাৰ সৈতে এক কথোপকথনঃ প্রসংগ মিতভাষ তথা অন্যান্য

  • February 11, 2017 at 2:20 pm
    Permalink

    Mitbhasar sostar spite kothupokothon bhal lagil

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!