আধ্যাত্মিক সংগীত: নামঘোষাৰ প্রার্থনা-গীত – (মৌচুমী বৰা)

আধ্যাত্মিক সংগীত: নামঘোষাৰ প্রার্থনা-গীত
– মৌচুমী বৰা
অসমীয়া সমাজৰ এক অনুপম বৈশিষ্ট হৈছে প্রার্থনা গীতসমূহ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু তেৰাৰ শিষ্য শ্রীশ্রীমাধৱদেৱ বিৰচিত কীর্ত্তন-ঘোষাৰ মাজে মাজে আপুৰুগীয়া ৰত্নৰ দৰে খচিত প্রার্থনাসমূহৰ সুৰ যুগে যুগে মানুহৰ মুখে মুখে প্রচলিত হৈ আহিছে।বিশেষকৈ মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ ৰচনা “নামঘোষা”ৰ প্রার্থনা কেইটিমানৰ আধাৰত এই লেখাটি আগবঢ়োৱাৰ এক নি:কিন প্রয়াস কৰা হৈছে।
প্রতি সন্ধিয়া নামঘৰৰ ডবাৰ শব্দেৰে আকাশ ৰজনজনাই যোৱাৰ সময়ত ঘৰে-ঘৰেমাটিৰ চাকি জ্বলি উঠে আৰু প্রার্থনাৰ সুৰীয়া সংগীতে অন্তৰাত্মা আপ্লুত কৰি তোলে।এনে কি আছে প্রার্থনাৰ সুৰত যাৰ বাবে গায়কক বর্ষযোৰা সংগীতৰ সাধনা অথবা এক সুমধুৰ কন্ঠস্বৰ অথবা অসংখ্য বাদ্যযন্ত্রৰ সমলয় নালাগে?
সংগীত আৰু আধ্যাত্মিকতাৰ ওত:প্রোত সম্পর্ক থকাৰ ক্ষেত্রত সম্ভৱত কোনো দ্বিমত নাই। ভাৰতীয় শাস্ত্রীয় সংগীতৰ গুৰু সকলে শিষ্যসকলক ৰাগ শিক্ষাৰ আৰম্ভনিতে এক বিশেষ জ্ঞানৰ উপলব্ধি কৰোৱাত গুৰুত্ব দিয়ে— গোৱাৰ আগতে এক শূণ্যাৱস্থা আহৰণ কৰাৰ চেষ্টা কৰিবলৈ। এই শূণ্যাৱস্থাই মাথোন শূণ্য সংখ্যা নুবুজাই,ইয়াৰ মাজত অন্তর্নিহিত হৈ আছে এক ভাৰশূণ্যতাৰ অনু্ভৱ অথবা এক সর্বব্যাপী পৰিপূর্ণতা। এনে এক আত্মিক অন্তৰংগতাৰপৰাই আৰম্ভ হয় প্রকৃত জ্ঞানৰ যাত্রা। দেখা যায় আধ্যাত্মিক সংগীতৰ ক্ষেত্রত এই অনুভূতি স্বত:স্ফূর্ত্তভাবে নিগৰি আহে। অকল অসমেই নহয়, পৃথিবীৰ বিভিন্ন ঠাইৰ বিভিন্ন ধর্মাৱলীৰ লোকে সংগীতৰ জৰিয়তে ঈশ্বৰৰ প্রতি নিজৰ ভক্তি প্রকাশ কৰে আৰু এই ভক্তিভাৱেই হ’ল এনে প্রার্থনাৰ আধাৰ যাৰ ভিত্তিত একোজন অনভিজ্ঞ ভক্তয়ো ঈশ্বৰৰ সৈতে নিজৰ অন্তৰংগতা অনুভৱ কৰিব পাৰে।
শংকৰী যুগৰপৰা অসমত প্রচলিত এই প্রার্থনা গীতসমূহ তালবদ্ধ নহয়; আনকি, হাতচাপৰিও দিয়া নাযায় কিন্তু সুৰ আৰু লয়ৰ ক্ষেত্রত এইয়া হৈছে অন্য এক অনুপম সংগীত যাৰ শ্রৱণে প্রশান্তি আনে।সৰহভাগ প্রার্থনা গীতৰ সাৰ‌মর্ম্ম হৈছে গভীৰ ভক্তিভাৱ। কিছু প্রার্থনাত আছে শংকৰগুৰুৰ গুণ-গান, কিছুমানত আছে বৈৰাগ্য অথবা নিষ্কাম সেৱাৰ প্রার্থনা।
“নামঘোষা”ৰ আৰম্ভনিতে থকা প্রার্থনাটিত ভকতে নিজৰ মনোকামনা প্রকাশ কৰিছে এনেদৰে—
মুক্তিতো নিস্পৃহ যিটো                           সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি।
সমস্ত মস্তকমণি                                   নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি।।
যিজন ভকতে ঈশ্বৰ-সেৱা কৰিবলৈ পাই মানৱ জন্মৰ দুখ-যাতনাৰপৰা মুক্তি পাবলৈও কামনা নকৰে, তেনেজন ভকত শ্রেষ্ঠ। ইফালে ঈশ্বৰো এনে ভকতৰ ভক্তি বুজিতেওঁৰ প্রতি কৰুণাময়।
পুনৰ, গুৰু মাধৱদেৱে একেটি প্রার্থনাতে ভক্তিৰ মহিমা বুজাইছে এনেদৰে—
যাৰ ৰাম-কৃষ্ণ নাম                     নাৱে ভৱসিন্ধু তৰি
পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন                    হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত।।
যিজনা প্রভুৰ নাম জপ কৰিয়ে এই কঠীন সাগৰহেন জীৱনযাত্রা সম্পূর্ণ কৰিব পাৰি, যিজনাৰ চৰণত ঠাই পাই পৰম পাপীজনো উদ্ধাৰ হয়, তেনেজন কৃষ্ণক যেন সদায় উপাসনা কৰিব পাৰো।
ঈশ্বৰ অবিহনে ভকত অস্তিত্বহীন কিয়নো সকলো মায়া দূৰ কৰি কৃপাময় কৃষ্ণইহে তেওঁক পথ দেখুৱাই।
তুমি চিত্তবৃত্তি মোৰ                     প্রৱর্ত্তক নাৰায়ন
তুমি নাথ মই নাথৱন্ত।
চৰণ-ছত্রৰ ছায়া                   দিয়া দূৰ কৰা মায়া
কৰা দায়া মোক ভগৱন্ত।।
প্রার্থনাৰ মূলভিত্তি হ’ল ভক্তি আৰু প্রকৃত ভক্তিৰ উৎস হ’ল সমর্পন। প্রভুৰ চৰণত নিষ্কাম সমর্পনেই হৈছে মহাপুৰুষ দুজনাৰ বৈষ্ণৱী নাম-ধর্ম্মৰ আধাৰ; একো কামনা নকৰাকৈ, ঈশ্বৰ সেৱাৰ মূল্য হিচাবে একো নিবিচৰাকৈ মাথোন গলে বস্ত্র বান্ধি শিৰ নত কৰি যেন জনমে জনমে ভক্তিৰ অমৃত পান কৰাৰ সুযোগ পাই মানৱে নিজকে ধন্য মানিব পাৰে। ঈশ্বৰ সেৱাত কোনো জটিলতাৰ স্থান নাই, নাই কোনো অনাহক বাহুল্যৰ প্রয়োজন; আছে যদি কেৱল অকৃত্রিমভাৱে প্রভুৰ চৰণত নিজকে সমর্পন কৰাৰ ইচ্ছা।
নাজানোহো আৱাহন                          নাজানোহোবিসর্জন
পূজা-মন্ত্র নাজানোকিঞ্চিত।
ঈশ্বৰ পৰম কৰুণাময়, ভকতৰ সকলো অপৰাধ তেওঁ মৰিষণ কৰি পাপৰ ভাৰো হৰিব পাৰে, যদিহে ভকতে সকলো অহংভাৱ ত্যাগ কৰি তেৰাৰ চৰণ-তলে ঠাই বিছাৰি আহে।
মই দুৰাচাৰ                   কেৱলে তোমাৰ
অপৰাধী নাৰায়ন।
ক্ষমিয়োক হৰি                       লয়ো দাস কৰি
পশিলো হেৰা শৰণ।।
আন এটি প্রার্থনাত নাম-ধর্ম্মৰ “এক দেৱ এক সেৱ” ভিত্তিৰ ধাৰণা পোৱা যায়।
কৃষ্ণ এক দেৱদুখহাৰী                       কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্রেষ্ঠ দেৱ নাহি নাহি আন।
সৃষ্টি স্থিতি অন্তকাৰী দেৱ                        তান্ত বিনা আন নাহি কেৱ
জানিবা বিষ্ণুহে সমস্ত জগত সাৰ।।
মায়াই ব্রহ্মাৰ দৰে দেৱকো নিস্তাৰ নিদিয়ে, মানৱ কোন কূটা— এই অচেতন, অর্ধচেতন, জড় জগতত মাথোন এজনেই চেতন, সার্ব্বজনীন আৰু সেয়া হৈছে ঈশ্বৰ।
ব্রহ্মা আদি কৰি জীৱ যত                   ৰাম ৰামৰাম ৰাম
মায়া শর্য্যা মাজে আছয় ঘুমতি যায়।
তুমি সি চৈতন্য সনাতন                      ৰাম ৰামৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই।।
গ্রাহৰূপী সংসাৰৰ কৱলত পৰি হাহাকাৰ কৰা হস্তিস্বৰূপ মনুষ্যই পথ বিছাৰি সকাহ পাই এনেদৰে—
দেখি সুবর্ণৰ পদ্ম ধৰি                    বোলে দুখে আর্তনাদ কৰি
নমো ভগৱন্ত মোক লয়ো দাস কৰি।।
মায়াত মগ্ন মানুহে ভগৱানক বিপদতহে বিছাৰি যায়, অথবা তুচ্ছ লোভ-মোহৰ আশাতহে পূজে। অস্থাৱৰ সুখৰ সপোন দেখি ভক্তিৰ মার্গ নাপাই ঘূৰি ঘূৰি দুখ-যাতনাৰ পাকচক্রত সোমাই আৰু নানান অকর্ম্মত লিপ্ত হয়। যেতিয়া অনুতাপে হৃদয় দগ্ধ কৰে, তেতিয়াই মুকলি হয় ঈশ্বৰৰ দ্বাৰ ক্ষমা প্রার্থনাৰে—
মই দুৰাচাৰ                   কেৱলে তোমাৰ
অপৰাধী নাৰায়ন।
ক্ষমিয়োক হৰি                       লৈয়ো দাস কৰি
পশিলো হেৰা শৰণ।।
ইয়াৰ বাদেও অসমীয়া সমাজত অন্যান্য ধর্ম্মীয় অনুষ্ঠান উপলক্ষে নানান প্রার্থনা গীত গোৱা হয়। বিশেষকৈ, লহ্মীপূজা, জন্মাষ্টমী, বিভিন্ন আইসবাহ, ইত্যাদিত আইনাম, লহ্মীচৰিত, কৃষ্ণ গোসাঁইৰ জন্মকাহিনী বর্ণোৱা প্রার্থনাৰ প্রচলন আছে।
সংগীত হিচাবে অসমৰ প্রার্থনা গীতসমূহৰ চর্চা হয়তো ইমান আকর্ষনীয় নহয়, কিন্তু এই গীতসমূহ আমাৰ ঐতিহ্য আৰু ধর্ম্ম-সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংশ আৰু উঠি অহা প্রজন্মই শুদ্ধৰূপত শিকিব পাৰিলে সুন্দৰ হ’ব।
 
***********
[email protected],com
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক