নাৰী দিৱসৰ চিন্তা- ধনমণি তালুকদাৰ

২০১৩ চন৷ চাকৰি গোৱালপাৰা জিলাৰ এখন নৈপৰীয়া গাঁৱত৷ মূল পথৰ পৰা ১ কি: মি: খোজকাঢ়িহে গন্তব্যস্থল পাওঁ! এই ১ কি: মি: নৈৰ পাৰে পাৰে খোজকাঢ়ি যাওঁ, মোৰ বাবে সম্পূৰ্ণ নতুন অভিজ্ঞতা! হঠাৎ এদিন দেখিলোঁ সেই পথচোৱাতে চাৰিটা বাহঁৰ খুটাত তেনেই সাধাৰণ দোকান এখন গঢ় লৈ উঠিছে, দোকানীৰ ৰূপত এজনী ১৬-১৭ বছৰীয়া শীৰ্ণকায় ছোৱালী৷ তাইৰ দোকানখন মূলতঃ চাহৰ দোকান৷ নৈৰ বালি তোলা মানুহখিনিয়েই তাইৰ “টাৰ্গেট কাষ্টমাৰ”! মই ৯ মান বজাত তাইৰ দোকানৰ সন্মুখেৰে পাৰ হৈ যাওঁ, তেতিয়া তাই ভীষণ ব্যস্ত! ! কিন্তু মৰমলগা ছোৱালীজনীয়ে মোক সদায় মাত এষাৰ লগায়, “বাইদেউ আহি পালে” বুলি! লাহে লাহে তাইৰ লগত মোৰ সৰু-সুৰা দুই এটা কথাৰ আদান প্ৰদান চলিব ধৰিল৷ তাইৰ নাম ৰাজু৷

সময় আগবাঢ়িল৷ ৰাজুৰ দোকানত মাজে মাজে সোমাওঁ আমি, আমি মানে আমাৰ ষ্টাফখিনি৷ আমি গ’লে তাই প্ৰয়োজনাধিক ব্যস্ত হৈ পৰে! তাইৰ সৰু দোকান খনত সম্পত্তি বুলিবলৈ এটি পুৰণি কিন্তু চিকচিকিয়া এলুমিনিয়ামৰ চাহ কৰা পাত্ৰ, পাপৰ ভাজি, বুট ভাজি আৰু পকৰি ভাজিবৰ বাবে এটা কেৰাহী আৰু Disposable গ্লাচ আৰু প্লেট কেইখন মান লগতে সস্তীয়া বিস্কুট কেইখনমানেৰে আইনাৰ ডাঙৰ পাত্ৰ কেইটামান৷ কিন্তু ৰাজুৰ দোকানৰ দুটা প্ৰধান বৈশিষ্ট্য্য আছিল৷ প্ৰথমটো হ’ল তাই বৰ চাফা৷ দোকানখনো বগা মাটিৰে মচি প্ৰায়েই চিকুনাই থৈছিল তাই আৰু দ্বিতীয় বৈশিষ্ট্য্য হ’ল তাইৰ হাতৰ চাহ কাপ৷ যিয়ে এবাৰ খাইছে সি হয়তো কেতিয়াও নাপাহৰে সীমিত ব্যয়ৰে কৰা সেই চাহৰ অপূৰ্ব সোৱাদ! ৰাজুৰ দোকানলৈ গৈ মই ভাল পাইছিলো, প্ৰধানতঃ তাইৰ হাতৰ চাহকাপৰ সোৱাদ আৰু তাই মোক বহিবলৈ দিয়া ঠাইখনৰ পৰা নৈ খন আৰু নৈৰ সিপাৰৰ পাহাৰখনৰ সৌন্দৰ্যই মোক বাৰে বাৰে আকৰ্ষিত কৰিছিল বাবে৷ ইয়াৰ উপৰি দুপৰীয়াৰ সেই সময়খিনিত তাই আজৰি আছিল৷ সেই সময়ত দোকানতো মানুহ সেৰেঙা, গতিকে দিনৰ ১২ বজাত তাই দিনটোৰ প্ৰথম কাপ চাহ মোৰ লগত বহি লৈ খায়৷

এদিন কথাৰ মাজত মই তাইক তাইৰ পৰিয়ালৰ কথা সুধিছিলো৷ ৰাজুৰ দোকানখন দিয়া প্ৰায় ৬ মাহ পাৰ হৈ গৈছিল কিন্তু তেতিয়ালৈ তাইৰ বাদে তাইৰ পৰিয়ালৰ আন মানুহ দোকানত এদিনৰ বাবেও দেখা নাছিলোঁ! ৰাজুৱে স্বভাৱসুলভ গাম্ভীৰ্যতাৰেই কৈ গৈছিল, তাইৰ দেউতাক মাক দুয়োগৰাকীয়েই জীৱিত৷ দেউতাকৰ অত্যধিক মদ খোৱা স্বভাবৰ বাবেই মাক আন এজন মানুহলৈ গুছি গৈছিল৷ এৰি গৈছিল ৰাজুৰ লগতে তাইৰ তলত এজন ভায়েক আৰু এজনী ভনীয়েকক৷ মাকৰ সেই সিদ্ধান্তই সলনি কৰিছিল ৰাজুৰ জীৱন চিৰদিনলৈ৷ কাৰণ মাক গুছি যোৱাৰ পিচত দেউতাকে কাম কাজ সম্পূৰ্ণ ৰূপে বাদ দিয়ে, দিনতো ঘৰত সোমাই থাকে আৰু যি অলপ সাঁচতীয়া ধন আছিল সেয়া মদ আৰু জুৱাত শেষ কৰে! পৰিস্থিতি ইমান বেয়া হৈছিল যে দুবেলা দুমুঠি ভাতৰ বাবে হাহাকাৰ কৰিব লগীয়াত পৰে সিহঁতে৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ এদিন নিশা মদৰ ৰাগীত দেউতাকৰ দুৰ্ঘটনা হয় আৰু চিকিৎসাৰ অভাৱত চিৰদিনৰ বাবে পংগু হৈ পৰে৷ সকলো দায়িত্ব আহি পৰে ১৪ বছৰীয়া ৰাজুৰ ওপৰত, কাৰণ ১০ বছৰীয়া ভনীয়েক আৰু ৫ বছৰীয়া ভায়েকৰ বুজিব পৰা বয়স হোৱাই নাছিল তেতিয়াও৷ তেতিয়াৰ পৰাই আৰম্ভ হয় ৰাজুৰ আন এক সংগ্ৰাম জীৱনৰ৷ প্ৰথমে মানুহৰ ঘৰত, তাৰ পাচত ইটাৰ ভাটাত কাম কৰি ঘৰ চলায় যায় তাই, তাইৰ শিক্ষা জীৱনৰ ইতি পৰে৷ ঘৰৰ সমস্ত খৰচ, দেউতাকৰ ঔষধৰ পৰা ভায়েক ভনীয়েকৰ পঢ়াৰ খৰচ উলিয়াই তাই, ইয়াৰ মাজতো তাই টকা সাঁচে৷ এখন দোকানৰ সপোন তাইৰ! প্ৰায় ৩ বছৰৰ কষ্টৰ মূৰত তাই এই দোকানখন দিয়ে৷ ভবিষ্যতে তাই আৰু ডাঙৰকৈ সাজিব তাইৰ সপোনৰ দোকানখন৷ টকা সাচিব আৰম্ভ কৰিছেই হেনো তাই৷ ভনীয়েকক মেট্ৰিক পাচ কৰায় মদ নোখোৱা মানুহ এজনৰ লগত বিয়া পাতি দিব! ভায়েকক পাৰে মানে পঢ়াই থাকিব আৰু তাই দোকান চলাব৷ কথাৰ মাজতে ষ্টাফৰ বাইদেউ এগৰাকীয়ে সুধিছিল তাইক, “আৰু তই বিয়া কেতিয়া হ’বি? ” ৰাজুৱে সাধাৰণ ভাবেই কৈছিল, “মুই বিয়া নহওঁ বাইদেউ, মুই বিয়া হোৱা মতা তা যদি খাৰাব হয়, ভাইটি ভণ্টিৰ দায়িত্ব কায় লব, বাবাক টো মুইয়ে চাব লাগ্ব না, বুলবা নৰা মানুহটাৰ মুই ন’হলে কি হ’ব? ” আমি নিথৰ হৈ ৰৈছিলোঁ৷ ৰাজুৰ নতুন কাষ্টমাৰ আহিছিল, তাই ব্যস্ত হৈ পৰে আকৌ একেই উদ্যমেৰে৷ ৷ ৰাজু বয়সত ১০ বছৰ মান সৰু হ’ব মোতকৈ কিন্তু সেইদিনা ৰাজুৱে মোক শিকাইছিল দায়িত্ব পালনৰ কৰুণতম দিশ৷

বুকুত এবোজা দুখ লৈ ঘূৰি আহিছিলো কৰ্মস্থলীলৈ৷ সিদিনা আৰু একো কামতেই মন বহুৱাব নোৱাৰিলো৷ তাৰ পিছদিনা ছুটী লৈছিলোঁ, গা মন ভাল লগা নাছিল সিদিনা৷ বতৰটোও জিপজিপিয়া বৰষুণ৷ টিভিটো অন কৰিছিলো, ব্ৰেকিং নিউজ আহি আছিল- গোৱালপাৰাৰ বলবলাত ডাৱৰ বিস্ফোৰণ, পানীত বুৰিল বলবলা, গৃহহীন লোকৰ বিননি আৰু চাৰিওফালে মৃত্যুৰ কিৰিলি৷ শ্বাস প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম হৈছিল মোৰ, বলবলা! মোৰ কৰ্মস্থলী! কণ কণ শিশুবোৰ৷ আহোতে যাওঁতে লগ পোৱা সহজ সৰল পেটেভাতে খাই থকা মানুহবোৰ, আছেনে কুশলে সকলো৷ মোৰ বিদ্যালয়খন৷ আহহ! ৰাজুৰ হেপাঁহৰ দোকানখন, তাইৰ সপোনটো৷ মুৰতো আচন্দ্ৰাই কৰিছিল মোৰ, স্কুলৰ বাইদেউক ফ’ন লগালো৷ বাইদেউহঁতে নাৱেৰে স্কুল চাই আহি আছিল! ক্ৰন্দৰতা বাইদেৱে কৈছিল, “সকলো শেষ ধনমণি৷ একো নাই ইয়াত৷ তীব্ৰবেগী পানীৰ সোঁতে সকলো শেষ কৰি দিছে৷ পাৰিলে আহিবি এপাক, চাই যাবিহি প্ৰকৃতিৰ ধ্বংসলীলা৷ “ সাহস হোৱা নাছিল মোৰ, সেয়ে ৫ দিন পাছত গৈছিলোঁ৷ হয় তাত একো নাছিল, ধ্বংসাৱশেষ আছিল মাথো, কোনোবাৰ সপোনৰ, কোনোবাৰ হেপাঁহৰ ঘৰখনৰ৷ মোৰ খোজবোৰ আগবঢ়া নাছিল, এঠাইত স্তব্ধ হৈ গৈছিল৷ হয়, ৰাজুৰ দোকানৰ একো চিন চাব নাছিল তাত৷ ৰাজুও নাছিল তাত, মোক হাঁহিৰে মাত লগাবৰ বাবে, তাত আছিল মাথোঁ এগৰাকী সংগ্ৰামী নাৰীৰ নিস্পাপ সপোনৰ চিতাভষ্ম৷ ৰাজুক আৰু লগ নাপালো কোনোদিনেই৷ এই দুৰ্যোগৰ কেইদিমান পিচতেই মোৰ ট্ৰেন্সফাৰ হয় আন এঠাইলৈ৷ মাজতে বাইদেৱে কৈছিল ৰাজুৱে একে ঠাইতে আকৌ আৰম্ভ কৰিছে তাইৰ দোকান৷ ধ্বংসাৱশেষতেই বীজ ৰুইছে নতুনত্বৰ৷ আজি আন্তৰ্জাতিক নাৰী দিৱস৷ বিভিন্ন ঠাইত জাক-জমকতাৰে চৰকাৰীভাবে নহলে বেচৰকাৰী ভাবেই বহু টকা খৰচ কৰি পালন কৰা হ’ব এই দিৱস৷ টিভিৰ পৰ্দাত দেখা পাম এচি কোঠাত বহি নাৰী দিৱসৰ ওপৰত সুন্দৰ বক্তৃতা দিয়া ক৷ জাকজমকতা, গ্লেমাৰৰ মাজত উৎযাপিত “নাৰী দিৱসত“ অসমৰ চুকে কোণে থকা হাজাৰজনী ৰাজুৰ সংগ্ৰামে হয়তো কোনোদিনেই স্পৰ্শ নকৰিব নাৰী দিৱসৰ তাৎপৰ্যক৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments