ঙুনৰাও- কন্দৰ্প কুমাৰ নাথ

ঙুনৰাওঁলৈ প্ৰথমবাৰ যোৱাৰ সময়ৰ কথা৷ নিশা ভাত পানী খাই বিছনাত বাগৰিছো৷ সেই সময়তে মোৰ ঘৰৰ কাষেৰে পাৰ হৈ যোৱা বাটৰুৱা এজনে মোক মাত লগালে –

: বাবু লাথিয়াহ !

কি উত্তৰ দিম ভাবি নাপালো৷ কি লঠিওৱাৰ কথা কয়নো? আনহাতে মই থিয় হৈ, বহি নে শুই আছো সি কেনেকৈ জানিলে? দোধোৰ মোধোৰ অৱস্থাৰেই শুই থাকিলো৷

পিছদিনা থেইৰিতক সুধিলো – লাথিয়াহ মানে কি?
তাই বুজাই দিলে –

: ‘থিয়াহ’ মানে শোৱা৷ আগত লা prefix টো লগাই দিলে present perfect tense হয়৷ অৰ্থাৎ বাবু শুলে নেকি?

তাই এবাৰ আন এঘৰলৈ মোক ফুৰাবলৈ লৈ গৈছে৷ গৃহস্থই ‘চং ন বাবু’ বুলি কলে৷ গৈ পোৱাৰ লগে লগেই কোনোবাই গান গোৱাৰ কথা কয়নে? মইতো গান গাবও নাজানো৷ থেইৰিতেহে ভুলটো শুধৰাই কলে –

: ‘চং ন বাবু’ মানে আমাৰ ভাষাত ‘বহক বাবু’৷

এনেকৈ কণমানি এটি শিশুৰ দৰে এদোপ দুদোপকৈ সিহঁতৰ ভাষাটো আয়ত্ব কৰোতে মোৰ ছমাহ সময় লাগিছিল৷ ছমাহত ভাষা এটা শিকাটো ইমান সহজসাধ্য কাম নাছিল৷ কাৰণ সিহঁতে অসমীয়াতো দূৰৈৰ কথা হিন্দী বা বাংলা আদিও নাজানিছিল৷ মই কিবা ক’লে সিহঁতে আন কিবা বুজে বা সিহঁতে কিবা ক’লে মই আন কিবাহে বুজো৷ স্কুলতেই হওক বা গাঁওলৈ ফুৰিবলৈ যাওতেই হওক ভাষাটোৰ বাবেই কিমান যে আহুকালৰ সন্মুখীন হব লগা হৈছিলো তাৰ সীমা-সংখ্যা নাই৷ সেয়েহে যিকোনো উপায়েৰে ভাষাটো আয়ত্ব কৰি লোৱাটো জৰুৰী হৈ পৰিল৷ কিন্তু কিদৰে শিকা যায় এতিয়া? স্কুলত ইংৰাজীতেই ছাত্ৰ-ছাত্ৰী বা লগৰ সহকৰ্মীৰ লগত কথা-বতৰা হয়৷ কিন্তু গাঁওৰ সাধাৰণ মানুহেতো ইংৰাজী বুজি নাপায়৷ মই লক্ষ্য কৰিছিলো যে গাঁওৰ সাধাৰণ মানুহবোৰে মোৰ সৈতে কথা-বতৰা পাতিবলৈ খুবেই আগ্ৰহী৷ আনহাতে সিহঁতেও নিজৰ মাজত কি বিষয়ে কথা পাতে মোৰো জানিবলৈ মন যায়৷

মোৰ সৌভাগ্য আছিল যে ভাষাটো শিকিবলৈ প্ৰয়োজনীয় সকলোখিনি সমলেই মোৰ আছিল৷ শিকিবলৈ মাধ্যম ভাষা হিচাবে ইংৰাজী আছিলেই আৰু শিকাবলৈ থেইৰিত আছিল৷ ঙুনৰাওঁৰ পৰিস্থিতিয়েও ভাষাটো শিকাৰ প্ৰতি মোৰ আগ্ৰহটোও বঢ়াই তুলিছিল য’ত সাধাৰণ মানুহৰ লগত মনৰ ভাৱ বিনিময়ৰ বাহিৰে আন কোনো বিনোদনৰ ব্যৱস্থা নাছিল৷

মই থকা বাসস্থানৰ কাষৰ জুপুৰীটোতে মালিকনী বুঢ়ীৰ ডাঙৰ জীয়েকৰ পৰিয়ালটো আছিল৷ তেওঁৰ ডাঙৰ ছোৱালীজনী হ’ল এই থেইৰিত৷ থেইৰিতেই মোক খাচী ভাষাটো সুন্দৰকৈ শিকাই দিছিল৷ মোক যথেষ্ট সন্মান কৰিছিল আৰু ভাল পাইছিল৷ তাই আছিল মোৰ ভাষা শিকোৱা শিক্ষয়িত্ৰী, মোৰ কাপোৰ-কানি, বাচন-বৰ্তন ধুই দিয়া সহায়কাৰী, মোৰ সৈতে গাঁওৰ ইঘৰ সিঘৰলৈ যোৱা, গীৰ্জাৰ প্ৰেয়াৰলৈ যোৱা সঙ্গী৷ পুৱা, আবেলি বা ৰাতি যেতিয়াই প্ৰয়োজন হয় মোৰ কয়লাৰ চুলাটো জ্বলাই দিয়াৰ পৰা পাচলি কুটি দিয়ালৈকে, চাপ্লাইৰ পানী আনি দিয়াৰ পৰা হাবিৰ ফলমূল আনি দিয়ালৈকে অনেক কামৰ সহায়কাৰী৷ কেৱল তায়েই নহয় সিহঁতৰ গোটেই পৰিয়ালটোৱেই বিভিন্ন কামত মোক সহায় কৰিছিল৷ তাইৰ অবিহনে যে মোৰ ঙুনৰাওঁৰ জীৱন সম্ভৱ নহ’লহেতেন সেয়া স্বীকাৰ কৰিবই লাগিব৷

তাই নৱম শ্ৰেণীত পঢ়ি থাকোতেই যুৱক এজনৰ সৈতে হোৱা প্ৰাক বৈবাহিক সম্পৰ্কৰ ফলত এজনী ছোৱালীৰ জন্ম হৈছিল৷ পিছে তাই ল’ৰাজনক বিয়া নকৰালে৷ সি মদপী আছিল হেনো৷ ছোৱালীজনী এতিয়া তাইৰ লগতেই আছে৷ ক্লাছ ফাইভ পাইছেগৈ৷ এজনী পত্নীয়ে নিজৰ গিৰীয়েকক ঘৰৰ পৰা খেদি পঠিওৱা কথাবোৰে প্ৰথমাৱস্থাত বৰ আচহুৱা যেন লাগিছিল৷ পিছলৈ গাঁওখনত তেনেকুৱাকৈ গিৰীয়েকক খেদি অকলশৰীয়াকৈ থকা বা প্ৰাক বৈবাহিক সম্পৰ্কৰ ফলত সন্তান জন্ম দি পিছলৈ বিয়া নকৰোৱাকৈ অকলশৰীয়া জীৱন কটোৱা অনেক উদাহৰণ দেখি সহজ হৈ পৰিছিলো৷

২০১২ চনত আন এজন ল’ৰাৰ সৈতে প্ৰেমৰ সম্পৰ্ক হয় আৰু এজনী ছোৱালীৰ জন্ম হয়৷ সেই ল’ৰাজনকো তাই বিয়া নকৰালে৷

: এই ল’ৰাজনক তই কিয় বিয়া নকৰালি?

: বাবু, মোক আৰু এটা সন্তানৰ প্ৰয়োজন বাবেহে তাক ভাল পাইছিলো৷ মাথো এনিশাৰ বাবে৷

কি আচৰিত এই প্ৰেমৰ সম্পৰ্ক! কি আচৰিত এই সমাজ ব্যৱস্থা! নাৰীৰ কি অবাধ স্বাধীনতা! আচলতে নাৰী প্ৰধান সমাজখনত ল’ৰা এজনক বিয়া কৰোৱা নকৰোৱাটো ছোৱালীজনীৰ নিজ ইচ্ছাৰ অধীন৷ মন গলেই বিয়া কৰাব পাৰে, মন গলেই খেদিও পঠাব পাৰে৷ আমাৰ পুৰুষ-প্ৰধান সমাজখনৰ দৰে কোনো নাৰীয়ে তাত বদনামী জীৱন, বৈধব্যৰ দুৰ্বিসহ জীৱন কটাবলগীয়া বা যৌতুকৰ বলি হ’বলগীয়া নহয়৷

২০০৯ চনৰ ডিচেম্বৰত মই ঙুনৰাওঁৰ পৰা এক ভগ্ন হৃদয় লৈ বিদায় লৈ আহোতে তাই মোক কৈছিল –

: আপোনাৰ পিন্ধা কাপোৰখিনিৰ বাহিৰে আন একো বস্তু আপুনি লৈ নাযাব৷ সেইবোৰ মই সংৰক্ষণ কৰি ৰাখিম৷ সেইবোৰ আমি ব্যৱহাৰ কৰিম বুলি নাভাবিব৷ আপুনি যেতিয়াই মন যায় ইয়ালৈ আহিব, আপুনি ব্যৱহাৰ কৰা কুকাৰ-চৰুতেই ৰান্ধিব, বাচন বৰ্তনত খাব, আপোনাৰ বিছনাত আপোনাৰ কানি কাপোৰেৰে শুব আৰু গুছি যাব৷ মুঠতে আমাক কেতিয়াও পাহৰি নাযাব৷

তাইৰ কথাত বুকুৰ কোনোবাখিনিত এক অবুজ বিষে মোক বাকহীন কৰি তুলিছিল৷ তাইৰ কথামতেই মই বয় বস্তুবোৰ এৰি থৈ আহিছিলো আৰু মোৰ ধৰ্মীয় আবেগক সন্মান জনাই এখন চামুচো হৰণ ভগন নোহোৱাকৈ মোৰ সেই বয় বস্তুবোৰ তাই এতিয়াও সংৰক্ষণ কৰি ৰাখিছে৷

২০১২ চনৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত সিহঁতৰ আকুল আহ্বানত ফুৰিবলৈ গৈছিলো৷ আবেলি ৪ বজাত পাইছিলোগৈ বন্ধু এজনৰ সৈতে৷ মই যোৱাত ওচৰ চুবুৰীয়া সকলো গোট খাইছিল মোৰ খবৰ লবলৈ৷ থেইৰিতে এপদ এপদ কৈ আগদিনাই ধুই আৰু ৰ’দাই থৈ দিয়া মোৰ বাচন বৰ্তন, কানি কাপোৰবোৰ উলিয়াই দিছিল৷ মই বাকৰুদ্ধ হৈ পৰিছিলো৷ একেই আছে মোৰ কুকাৰটো, মোৰ চৰুটো, মোৰ চচপেনটো, মোৰ কাপ প্লেট আনকি চামুচ খনো৷ নিশা বিছনালৈ গলো৷ আচৰিত, একেই আছে মোৰ বিছনাখন, মোৰ বিছনা চাদৰখন, একেই আছে মোৰ নিহালিখন৷ নষ্টালজিক হৈ পৰিছিলো৷ যান্ত্ৰিকতাই পিষ্ট কৰি দিয়া এই পৃথিৱীত আজিও যে এচাম মানুহ আছে যাৰ হৃদয়বোৰ নিজৰাৰ ফটফটীয়া পানীৰ দৰেই নিৰ্ভেজাল হৈ আছে, পাহাৰৰ সেউজীয়া বননিৰ দৰে বৰণীয়া হৈ আছে তাক মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো৷

ডিচেম্বৰ মাহটো কমলা টেঙাৰে উভৈনদীৰ হোৱা সময়৷ এই সময়চোৱাত মানুহবোৰে কমলা টেঙাৰেই পানীৰ চাহিদা পূৰণ কৰে৷ সেই সময়ছোৱাত চাপ্লাইৰ পানীৰ অভাৱ হয়৷ ল’ৰা-ছোৱালীবোৰৰ হাতে হাতে কমলা টেঙা৷ আমি গৈ পাওঁতে মানুহবোৰৰ উৎসাহ দেখি তভক মানিছিলো৷ প্ৰত্যেকে মোৰ আগমনৰ খবৰ পাই মোৰ খবৰ লবলৈ আহিছিল, কিন্তু সুদা হাতে অহা নাছিল৷ প্ৰত্যেকে হাতে হাতে কমলা টেঙাৰ টোপোলা লৈ আহিছিল৷ নিশা ১০/১১ বজালৈ মোৰ তালৈ মানুহৰ আহ-যাহ৷ মোৰ লগত যোৱা বন্ধু জনে সেই দৃশ্য দেখি বিস্ময়ত অভিভূত হৈ পৰিছিল৷ নিশালৈ কমলা টেঙা দুবস্তা গোট খাইছিল৷ পুৱতি নিশা ৩ বজাত তাৰ পৰা শ্বিলঙলৈ এখন গাড়ী আহে৷ আমি সেই গাড়ীখনতে গুচি অহাৰ সিদ্ধান্ত লৈছিলো৷ অন্যথা পিছদিনা দিনটো থাকিলে হয়তো কমলা টেঙাৰেই আমাক পুতি পেলালেহেঁতেন৷ সেইবোৰ এৰি থৈ আহিবও নোৱাৰি আনহাতে লৈ অনাটোও অসুবিধা৷ সেইমতেই আমি নিশাই গুচি আহিছিলো৷

সেই গাওঁখনৰ মানুহবোৰে আজিও মোৰ লগত যোগাযোগ ৰক্ষা কৰি আহিছে আৰু ময়ো সিহঁতলৈ মাজে মাজে ফোন কৰো৷ সৌ সিদিনা যোৱা আগষ্টত (২০১৬) বহুদিনৰ মূৰত কিয় জানো মনটো গ’ল থেইৰিতলৈ ফোন এটাকে কৰো বুলি ফোনটো ডায়েল কৰিলো৷ বহু সময় ধৰি ৰিং বাজি আছে ফোনটো ৰিচিভ কৰা নাই৷ অৱশেষত ৰিচিভ কৰিলে আৰু তাই হুক হুকাই কান্দি পেলালে৷ এনেকৈ চিঞৰি চিঞৰি কান্দিছে যে মই ইতস্ততঃ হৈ সুধিলো কি হল বুলি৷ কান্দি কান্দিয়েই তাই কলে –

: বাবু, খুন জঙা লাচাপ মিনষ্টেপ৷

ৰাতিপুৱা হেনো তাইৰ তিনি বছৰীয়া সৰু মৰম লগা ছোৱালীজনী ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু হৈছে৷

কি বুলি তাইক সান্তনা দিম ভাবি নাপালো৷ এটি প্ৰচণ্ড যন্ত্ৰণাই বুকুখন এনেদৰে চুৰমাৰ কৰি পেলালে যে সেই মুহূৰ্তত মোৰ তাইক বুজাবলৈ তাই শিকোৱা শব্দবোৰৰো যেন মৃত্যু ঘটিছিল৷ ফোনটো অজানিতেই সংযোগবিহীন হৈ গ’ল৷ কব নোৱাৰাকৈয়ে মোৰ দুগালেদি দুধাৰি লোটক বৈ আহিল৷

( ক্ৰমশঃ )

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!